মত-বিনিময়ৰ বিষয়বস্তু আছিল - আত্মনিৰ্ভৰতা আৰু গাঁথনিগত ৰূপান্তৰঃ বিকশিত ভাৰতৰ বাবে কাৰ্য্যপন্থা
২০৪৭-ৰ ভিতৰত উন্নত ভাৰতৰ দৃষ্টিভংগী এক গণ আকাংক্ষাত পৰিণত হৈছেঃ প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰীয়ে দীৰ্ঘ-ম্যাদী বিকাশ অক্ষুণ্ণ ৰাখিবলৈ ভিন্ন খণ্ডত মিছন-ম’ডত সংস্কাৰ সাধনৰ আহ্বান জনায়
অৰ্থনীতিবিদসকলে ২০২৫-ত ভিন্ন খণ্ডত সংস্কাৰ সাধনৰ অভূতপূৰ্ব তৎপৰতা সম্পৰ্কে আলোচনা আৰু খণ্ডসমূহৰ মাজত উৎপাদনশীলতা তথা প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি সন্দৰ্ভত অন্তৰ্দৃষ্টিৰ আদান-প্ৰদান কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আগবেলা নিটি আয়োগত বিশিষ্ট অৰ্থনীতিবিদ আৰু বিশেষজ্ঞসকলৰ সৈতে মত-বিনিময় কৰে। উক্ত মত-বিনিময় অনুষ্ঠানৰ বিষয়বস্তু আছিল ‘আত্মনিৰ্ভৰতা আৰু গাঁথনিগত ৰূপান্তৰঃ বিকশিত ভাৰতৰ বাবে কাৰ্য্যপন্থা (Agenda)’।

ইয়াত সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীয়ে ২০৪৭-ৰ অভিমুখে ভাৰতৰ যাত্ৰাৰ মূল স্তম্ভসমূহত আলোকপাত কৰে। বিকশিত ভাৰতক এটি ৰাষ্ট্ৰীয় আকাংক্ষা হিচাপে অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ২০৪৭-ৰ ভিতৰত এখনি উন্নত ভাৰতৰ দৃষ্টিভংগীয়ে চৰকাৰী নীতিক অতিক্ৰম কৰি ই এক প্ৰকৃত গণ আকাংক্ষাত পৰিণত হৈছে। এই পৰিৱৰ্তন শিক্ষা, উপভোগ আৰু বিশ্ব গতিশীলতাৰ বিৱৰ্তনশীল আৰ্হিত স্পষ্ট হৈ পৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ক্ৰমান্বয়ে আকাংক্ষী সমাজৰ প্ৰয়োজনীয়তাৰাজি পৰি-পূৰণ কৰিবলৈ প্ৰতিষ্ঠানিক ক্ষমতা বৃদ্ধি আৰু সক্ৰিয় আন্তঃগাঁথনি পৰিকল্পনাৰ প্ৰয়োজন।

প্ৰধানমন্ত্ৰীয়ে লগতে বিশ্বব্যাপী সামৰ্থ্য গঢ়ি তোলা আৰু বিশ্ব সংহতি লাভৰ বাবে মিছন-ম’ডত সংস্কাৰ সাধনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। দীৰ্ঘ-ম্যাদী বিকাশ অক্ষুণ্ণ ৰাখিবলৈ প্ৰধানমন্ত্ৰীয়ে ভিন্ন খণ্ডত মিছন-ম’ডত সংস্কাৰ সাধনৰ আহ্বান জনায়। তেওঁ কয় যে ভাৰতৰ নীতি নিৰ্ধাৰণ আৰু বাজেট যুগুত কাৰ্য্য ২০৪৭-ৰ বাবে দৃষ্টিভংগীৰ সৈতে সামঞ্জস্যপূৰ্ণ হৈ থাকিব লাগিব। লগতে তেওঁ ৰাষ্ট্ৰখন বিশ্বৰ কৰ্মশক্তি আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰসমূহৰ বাবে এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হৈ থকাটো নিশ্চিতকৰণৰ প্ৰয়োজনীয়তা সম্পৰ্কে কয়।

এই মত-বিনিময়ৰ সময়ত অৰ্থনীতিবিদসকলে সমগ্ৰ উৎপাদন আৰু সেৱা খণ্ডত উৎপাদনশীলতা আৰু প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি সন্দৰ্ভত কৌশলগত অন্তৰ্দৃষ্টিৰ আদান-প্ৰদান কৰে। আলোচনাত ঘৰুৱা সঞ্চয় বৃদ্ধি, ব্যাপক আন্তঃগাঁথনি উন্নয়ন আৰু অত্যাধুনিক প্ৰযুক্তিৰ অভিযোজনাৰ জৰিয়তে গাঁথনিগত ৰূপান্তৰক ত্বৰান্বিত কৰাত গুৰুত্ব আৰোপ কৰা হয়। তেওঁলোকে ভিন্ন খণ্ডৰ উৎপাদনশীলতাৰ ক্ষেত্ৰত অনুঘটক হিচাপে কৃত্ৰিম বুদ্ধিমত্তাৰ (AI) ভূমিকা অন্বেষণ কৰে আৰু ভাৰতৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি (DPI) ৰ অবিৰত বিকাশ সম্পৰ্কেও আলোচনা কৰে।

ইয়াত অংশগ্ৰহণকাৰীসকলে উল্লেখ কৰে যে ২০২৫-ত ভিন্ন খণ্ডত সংস্কাৰ সাধনৰ অভূতপূৰ্ব তৎপৰতা আৰু আগন্তুক বৰ্ষটোত ইয়াৰ অধিক একত্ৰীকৰণ কাৰ্য্যই ভাৰতে নিজৰ ভেটি সুদৃঢ় আৰু নতুন সুযোগসমূহ মুকলি কৰি দ্ৰুত বৰ্ধমান বিশ্ব অৰ্থনীতিসমূহৰ অন্যতম হিচাপে নিজৰ পথ নিৰ্ধাৰণ কৰাটো নিশ্চিত কৰিব।

এই আলোচনাত কেইবাগৰাকীও বিশিষ্ট অৰ্থনীতিবিদ আৰু বিশেষজ্ঞই অংশগ্ৰহণ কৰে। তেওঁলোক হৈছে শ্ৰী শংকৰ আচাৰ্য্য, শ্ৰী অশোক কে ভট্টাচাৰ্য্য, শ্ৰী এন আৰ ভানুমূৰ্তি, শ্ৰীমতী অমিতা বাট্ৰা, শ্ৰী জন্মেজয় সিনহা, শ্ৰী অমিত চন্দ্ৰ, শ্ৰীমতী ৰজনী সিনহা, শ্ৰী দীনেশ কানাবৰ, শ্ৰী বসন্ত প্ৰধান, শ্ৰী মদন সবনবী, শ্ৰীমতী অসীমা গোৱেল, শ্ৰী ধৰমকীৰ্তি যোশী, শ্ৰী উমাকান্ত দাস, শ্ৰী পিনাকী চক্ৰৱৰ্তী, শ্ৰী ইন্দ্ৰনীল সেন গুপ্ত, শ্ৰী সমীৰণ চক্ৰৱৰ্তী, শ্ৰী অভিমান দাস, শ্ৰী ৰাহুল বাজৰিয়া, শ্ৰীমতী মণিকা হালান আৰু শ্ৰী সিদ্ধাৰ্থ সান্যাল।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Rolls-Royce joins with HAL at the wheel to make India a major aerospace hub

Media Coverage

Rolls-Royce joins with HAL at the wheel to make India a major aerospace hub
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 15 মে’ 2026
May 15, 2026

Viksit Bharat Unleashed: PM Modi's Blueprint Delivers Energy Independence, Tech Boom, and Diplomatic Dominance