“বিশ্বজুৰি যোগাভ্যাস কৰা লোকৰ সংখ্যা বাঢ়িছে”
“যোগৰপৰা অনুভূত পৰিবেশ, শক্তি আৰু অভিজ্ঞতা আজি জম্মু-কাশ্মীৰত অনুভৱ হৈছে”
“আজি বিশ্বই এক নতুন যোগ অৰ্থনীতিৰ উত্থান দেখিবলৈ পাইছে”
“বিশ্বই যোগক বিশ্বৰ কল্যাণৰ এক প্ৰভাৱশালী উপায় হিচাপে গণ্য কৰিছে”
“যোগে আমাক বৰ্তমান মুহূৰ্তত জীয়াই থাকিবলৈ সহায় কৰে”
“যোগে সমাজত ইতিবাচক পৰিৱৰ্তন সাধনৰ নতুন পথ প্ৰশস্ত কৰিছে”
“যোগে আমাৰ কল্যাণ চৌপাশৰ জগতখনৰ কল্যাণৰে সংপৃক্ত হোৱাৰ কথাটো অনুভৱ কৰাইছে”
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত ১০ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ (IYD) কাৰ্য্যসূচী সম্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কাৰ্য্যসূচীৰ নেতৃত্ব প্ৰদান আৰু যোগাসনত অংশগ্ৰহণ কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত ১০ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ (IYD) কাৰ্য্যসূচী সম্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কাৰ্য্যসূচীৰ নেতৃত্ব প্ৰদান আৰু যোগাসনত অংশগ্ৰহণ কৰে।

ইয়াত ভাষণ প্ৰদানেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে যোগ আৰু সাধনাৰ ভূমি জম্মু-কাশ্মীৰত উপস্থিত থাকিবলৈ পোৱাত সন্তোষ প্ৰকাশ কৰে। “যোগৰপৰা অনুভূত পৰিবেশ, শক্তি আৰু অভিজ্ঞতা আজি জম্মু-কাশ্মীৰত অনুভৱ হৈছে”, শ্ৰী মোদীয়ে কয়। তেখেতে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে সকলো নাগৰিক আৰু বিশ্বৰ ভিন্ন প্ৰান্তত যোগাভ্যাস কৰাসকলক শুভেচ্ছা জ্ঞাপন কৰে।

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ ১০ম বৰ্ষপূৰ্তিৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে অভিলেখ সংখ্যক ১৭৭ খন দেশে ৰাষ্ট্ৰসংঘত ভাৰতৰ এই প্ৰস্তাৱলৈ সমৰ্থন জনাইছিল। তেখেতে এই দিৱসত ৰচনা কৰা অভিলেখ যেনেঃ ২০১৫ত কৰ্তব্য পথত ৩৫ হাজাৰ লোকে যোগাসন কৰা আৰু যোৱা বছৰ ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্য্যালয়ত প্ৰধানমন্ত্ৰীগৰাকীৰ নেতৃত্বত অনুষ্ঠিত যোগ কাৰ্য্যসূচীত ১৩০ খনৰো অধিক দেশে অংশগ্ৰহণ কৰাৰ কথা উল্লেখ কৰে। আয়ুষ মন্ত্ৰালয়ে গঠন কৰা যোগ প্ৰমাণীকৰণ ব’ৰ্ডে ভাৰতৰ ১০০ ৰো অধিক প্ৰতিষ্ঠান আৰু ১০ বিদেশী প্ৰতিষ্ঠানক স্বীকৃতি দিয়াত তেখেতে আনন্দ প্ৰকাশ কৰে।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে যে বিশ্বজুৰি যোগাভ্যাস কৰা লোকৰ সংখ্যা বৃদ্ধিৰ সমান্তৰালকৈ ইয়াৰ আকৰ্ষণ অহৰহ বৃদ্ধি পাইছে। তেখেতে যোগৰ উপযোগিতাকো ৰাইজে স্বীকৃতি দিছে বুলি উল্লেখেৰে কয় যে ভিন্ন আলোচনাৰ কালত যোগৰ বিষয়ে নোকোৱা বিশ্বনেতা প্ৰায় নায়েই। “মোৰ সৈতে হোৱা যোগাযোগৰ সময়ত সকলো বিশ্ব নেতাই যোগৰ প্ৰতি ব্যাপক আগ্ৰহ প্ৰকাশ কৰে”, তেখেতে কয়। তেখেতে দৃঢ়তাৰে কয় যে যোগ বিশ্বৰ প্ৰতিটো কোণতে দৈনন্দিন জীৱনৰ অংশ হৈ পৰিছে। বিশ্বজুৰি যোগৰ ক্ৰমবৰ্ধমান গ্ৰহণযোগ্যতাৰ ওপৰত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০১৫ত তুৰ্কমেনিস্তান ভ্ৰমণৰ সময়ত যোগ কেন্দ্ৰ উদ্বোধনৰ কথা স্মৰণ কৰে আৰু আজি দেশখনত যোগ অত্যন্ত জনপ্ৰিয় হৈ পৰিছে বুলি তেখেতে কয়। তেখেতে আৰু জনাই যে তুৰ্কমেনিস্তানৰ চিকিৎসা বিশ্ববিদ্যালয়ে যোগ চিকিৎসাক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছে, চৌদি আৰৱে ইয়াক তেওঁলোকৰ শিক্ষা ব্যৱস্থাৰ অংশ কৰি তুলিছে আৰু মংগোলীয় যোগ ফাউণ্ডেচনে বহু যোগাসন বিদ্যালয় স্থাপন কৰিছে। ইউৰোপত যোগৰ গ্ৰহণযোগ্যতাৰ বিষয়ে অৱগত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এতিয়ালৈকে ১.৫ কোটি জাৰ্মান নাগৰিক যোগ সাধক হৈ পৰিছে। লগতে, ভাৰতে এবাৰো ভাৰত ভ্ৰমণ নকৰাৰ পাছতো ১০১ বছৰীয়া ফৰাচী যোগ শিক্ষয়িত্ৰীক যোগৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে এইবাৰ পদ্মশ্ৰী প্ৰদান কৰিছে। তেখেতে আৰু কয় যে যোগ আজি গৱেষণাৰ বিষয় হৈ পৰিছে আৰু ইতিমধ্যে একাধিক গৱেষণা-পত্ৰ প্ৰকাশ পাইছে।

যোৱা ১০ বছৰত যোগৰ সম্প্ৰসাৰণৰ বাবে পৰিৱৰ্তিত ধাৰণাক স্পৰ্শেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে নতুন যোগ অৰ্থনীতিৰ কথা কয়। তেখেতে যোগ পৰ্যটনৰ প্ৰতি ক্ৰমবৰ্ধমান আকৰ্ষণ আৰু প্ৰামাণিক যোগ শিকিবলৈ ভাৰত ভ্ৰমণৰ ইচ্ছাৰ কথা উল্লেখ কৰে। তেখেতে যোগ ৰিট্ৰিট, ৰিজ’ৰ্ট, বিমানবন্দৰ আৰু হোটেলত যোগাসনৰ বাবে সমৰ্পিত সুবিধা, যোগৰ পোছাক আৰু আহিলা, ব্যক্তিগত যোগ প্ৰশিক্ষক, যোগ আৰু মননশীল সুস্থতা পদক্ষেপ গ্ৰহণ কৰা কোম্পানীসমূহৰ কথাও উল্লেখ কৰে। এই সকলোবোৰে যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ নতুন পথৰ সৃষ্টি কৰিছে বুলিও তেখেতে লগতে কয়।

 

এইবাৰ এই দিৱসৰ বিষয়বস্তু -‘নিজৰ আৰু সমাজৰ বাবে যোগাসন’ সন্দৰ্ভত বক্তব্য প্ৰদানেৰে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিশ্বই যোগক বিশ্বৰ কল্যাণৰ এক প্ৰভাৱশালী উপায় হিচাপে গণ্য কৰিছে আৰু ই আমাক বৰ্তমান মুহূৰ্তত জীয়াই থাকিবলৈ সহায় কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “যোগে আমাৰ কল্যাণ চৌপাশৰ জগতখনৰ কল্যাণৰে সংপৃক্ত হোৱাৰ কথাটো অনুভৱ কৰাইছে। আমাৰ অভ্যন্তৰ শান্ত হৈ থাকিলে আমিও বিশ্বত ইতিবাচক প্ৰভাৱ পেলাব পাৰোঁ।”

যোগৰ বৈজ্ঞানিক দিশসমূহত গুৰুত্ব আৰোপেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে অতিৰিক্ত বোজাৰে মোকাবিলা আৰু মনোযোগ অক্ষুণ্ণ ৰখাৰ বাবে ইয়াৰ গুৰুত্বত আলোকপাতেৰে কয় যে একাগ্ৰতাই হৈছে পৰম শক্তি। সেইবাবেই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সেনাবাহিনীৰপৰা আৰম্ভ কৰি ক্ৰীড়ালৈকে সকলো ক্ষেত্ৰতে যোগক আদৰি লোৱা হৈছে। মহাকাশচাৰীসকলকো যোগ আৰু ধ্যান-ধাৰণাৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। কাৰাগাৰসমূহতো যোগাসনৰ মাধ্যমেৰে কাৰাবাসীসকলৰ মাজত ইতিবাচক চিন্তাৰ উন্মেষ ঘটিছে। “যোগে সমাজত ইতিবাচক পৰিৱৰ্তন সাধনৰ নতুন পথ প্ৰশস্ত কৰিছে”, প্ৰধানমন্ত্ৰী মোদীয়ে কয়।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে যোগৰপৰা উদ্ভৱ হোৱা প্ৰেৰণাই এই প্ৰচেষ্টাক ইতিবাচক শক্তি প্ৰদান কৰিব বুলি আস্থা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে জম্মু-কাশ্মীৰৰ বিশেষকৈ শ্ৰীনগৰৰ জনসাধাৰণৰ যোগাসনৰ প্ৰতি থকা উৎসাহক প্ৰশংসাৰে কয় যে এই মনোভাৱে কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ পৰ্যটনৰ অগ্ৰগতিত উদ্দীপনা যোগাইছে। লগতে বৰষুণৰ বতৰতো ৰাইজ ওলাই আহি অংশগ্ৰহণৰ বাবে প্ৰশংসা কৰে। “জম্মু-কাশ্মীৰৰ এই যোগ কাৰ্য্যসূচীত ৫০,০০০ ৰপৰা ৬০,০০০ লোকৰ অংশগ্ৰহণ এক বিশাল সংযোগ”, তেখেতে লগতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতৰ ভাষণৰ সামৰণিত জম্মু-কাশ্মীৰৰ জনসাধাৰণক সহায় আৰু অংশগ্ৰহণৰ বাবে ধন্যবাদ জ্ঞাপনৰ লগতে বিশ্বৰ সকলো যোগ অনুৰাগীলৈ শুভেচ্ছা জ্ঞাপন কৰে।

পটভূমি

২০২৪ৰ ২১ জুনত ১০ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীগৰাকীৰ নেতৃত্বত শ্ৰীনগৰত এই দিৱস উদযাপিত হয়। এইবাৰৰ অনুষ্ঠানে যুৱ মন আৰু শৰীৰত যোগৰ গভীৰ প্ৰভাৱ সম্পৰ্কে আলোকপাত কৰিছে। এই উদযাপনৰ লক্ষ্য হৈছে হাজাৰ-হাজাৰ লোকক যোগৰ অনুশীলনত একত্ৰিত কৰা, বৈশ্বিকভাৱে স্বাস্থ্য আৰু সুস্থতাক প্ৰোৎসাহিত কৰা।

 

২০১৫ৰ পৰা প্ৰধানমন্ত্ৰীগৰাকীয়ে দিল্লী, চণ্ডীগড়, ডেৰাডুন, ৰাঁচী, লক্ষ্ণৌ, মহীশূৰ আনকি নিউয়ৰ্কস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্য্যালয়কে প্ৰমুখ্য কৰি ভিন্ন বিশেষ স্থানত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ নেতৃত্ব প্ৰদান কৰি আহিছে।

এইবাৰৰ বিষয়বস্তু ‘নিজৰ আৰু সমাজৰ বাবে যোগাসন’য়ে নিজস্ব আৰু সমাজৰ মংগল সাধনৰ দ্বৈত ভূমিকাক উজ্জ্বল কৰি তুলিছে। এই অনুষ্ঠানৰ মাধ্যমেৰে তৃণমূল পৰ্য্যায়ৰ অংশগ্ৰহণ আৰু গ্ৰামাঞ্চলসমূহত যোগৰ প্ৰসাৰক উৎসাহিতকৰণৰ প্ৰয়াস কৰা হয়।

 

 

Click here to read full text speech

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Chandrababu Naidu writes: 12 years on, leadership that endured, India that emerged

Media Coverage

Chandrababu Naidu writes: 12 years on, leadership that endured, India that emerged
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister highlights 12 years of the government dedicated to trust, development, and public welfare
June 09, 2026

Prime Minister Shri Narendra Modi today stated that the past 12 years of the government have been dedicated to trust, development, and public welfare. The Prime Minister noted that with the blessings of 140 crore countrymen and the spirit of Nation First, no stone has been left unturned in empowering the youth, women, and farmer brothers and sisters.

Shri Modi observed that it is the result of relentless efforts that today the country has gained a new identity across the world, from infrastructure to the digital revolution. To realize the resolution of a Viksit Bharat, the Prime Minister affirmed that the government will continue to move forward on this path of service, good governance, and prosperity.

The Prime Minister posted on X:

"हमारी सरकार के बीते 12 वर्ष विश्वास, विकास और जनकल्याण को समर्पित रहे हैं। 140 करोड़ देशवासियों के आशीर्वाद और राष्ट्र प्रथम की भावना से हमने युवाओं, महिलाओं और अपने किसान भाई-बहनों को सशक्त बनाने में कोई कोर-कसर नहीं छोड़ी है। यह हमारे अथक प्रयासों का ही परिणाम है कि इंफ्रास्ट्रक्चर से लेकर डिजिटल क्रांति तक आज देश को दुनियाभर में एक नई पहचान मिली है। विकसित भारत के संकल्प को साकार करने के लिए हम सेवा, सुशासन और समृद्धि के इसी पथ पर निरंतर आगे बढ़ते रहेंगे।

#12YearsOfSeva"