'মিছন স্কুলচ অৱ এক্সিলেন্স' কাৰ্যসূচীৰ অধীনত ৪৫০০ কোটি টকাতকৈ অধিক মূল্যৰ একাধিক প্ৰকল্প আধাৰশিলা স্থাপন কৰে আৰু ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰে
‘বিদ্যা সমীক্ষা কেন্দ্ৰ ২.০’ আৰু অন্যান্য বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে
"আমাৰ বাবে দৰিদ্ৰ লোকৰ বাবে এটা ঘৰ মাথো এটা সংখ্যা নহয়, ই মৰ্যাদাৰ প্ৰতীক"
"আমাৰ লক্ষ্য জনজাতীয় অঞ্চলৰ যুৱক-যুৱতীসকলক সুযোগ প্ৰদান কৰি যোগ্যতাক উৎসাহিত কৰা"
তেওঁ সেই শিশুসকলক দেখি লাভ কৰা আনন্দৰ বিষয়ে মত ব্যক্ত কৰে, যিসকলে প্ৰথমবাৰৰ বাবে বিদ্যালয় দেখিছিল আৰু এতিয়া শিক্ষক আৰু অভিযন্তা হিচাপে জীৱনত ভাল প্ৰদৰ্শন কৰিছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ছোটা উদেপুৰৰ বোডেলীত ৫২০০ কোটি টকাতকৈ অধিক মূল্যৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰে। এই প্ৰকল্পত অন্তৰ্ভুক্ত আছে 'মিছন স্কুলচ অৱ এক্সিলেন্স' কাৰ্যসূচীৰ অধীনত ৪৫০০ কোটি টকাতকৈ অধিক মূল্যৰ একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা, 'বিদ্যা সমীক্ষা কেন্দ্ৰ ২.০' আৰু অন্যান্য বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা।

 

এই উপলক্ষে আয়োজিত অনুষ্ঠানত সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে অঞ্চলটোৰ সৈতে তেওঁৰ দীৰ্ঘদিনীয়া সম্পৰ্কৰ কথা স্মৰণ কৰে। তেওঁ আজি আৰম্ভ কৰা প্ৰকল্পসমূহ বা যিসমূহৰ আজি আধাৰশিলা স্থাপন কৰা হৈছে তাক লৈ আনন্দ প্ৰকাশ কৰে। তেওঁ কাৰ্যকৰ্তা হিচাপে তেওঁৰ দিনবোৰ আৰু অঞ্চলটোৰ গাওঁবোৰত তেওঁ কটোৱা সময়ৰ কথা সোঁৱৰণ কৰে। তেওঁ দৰ্শকৰ মাজত বহুতো চিনাকী মুখ দেখি আনন্দ প্ৰকাশ কৰে। তেওঁ কয় যে তেওঁ অঞ্চলটোৰ জনজাতীয় সম্প্ৰদায়ৰ পৰিস্থিতি আৰু জীৱনৰ সৈতে অতি ঘনিষ্ঠভাৱে পৰিচিত। তেওঁ সমবেত লোকসকলক কয় যে যেতিয়া তেওঁ চৰকাৰী দায়িত্ব গ্ৰহণ কৰিছিল তেতিয়াই তেওঁ অঞ্চলটো আৰু অন্যান্য জনজাতীয় অঞ্চলৰ বিকাশৰ সংকল্প লৈছিল । তেওঁ তেওঁৰ কাৰ্যকালত আৰম্ভ কৰা বহুতো আঁচনিৰ ইতিবাচক প্ৰভাৱ দেখি সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ সেই শিশুসকলক দেখি লাভ কৰা আনন্দৰ বিষয়ে মত ব্যক্ত কৰে, যিসকলে প্ৰথমবাৰৰ বাবে বিদ্যালয় দেখিছিল আৰু এতিয়া শিক্ষক আৰু অভিযন্তা হিচাপে জীৱনত ভাল প্ৰদৰ্শন কৰিছে।

 

বিদ্যালয়, ৰাস্তা, আৱাস আৰু পানীৰ উপলব্ধতাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এইবোৰ হৈছে সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ বাবে মৰ্যাদাপূৰ্ণ জীৱনৰ আধাৰ আৰু ইয়াৰ বাবে মিছন মোডত কাম কৰাটো তেওঁৰ প্ৰাথমিকতা। তেওঁ কয় যে দেশৰ দৰিদ্ৰ লোকসকলৰ বাবে ৪ কোটিতকৈও অধিক ঘৰ নিৰ্মাণ কৰা হৈছে। তেওঁ কয়, "আমাৰ বাবে দৰিদ্ৰ লোকৰ বাবে এটা ঘৰ কেৱল এটা সংখ্যা নহয়, ই হৈছে মৰ্যাদাৰ প্ৰতীক"। তেওঁ কয় যে এই ঘৰবোৰৰ নক্সা সম্পৰ্কে সিদ্ধান্ত হিতাধিকাৰীসকলৰ ওপৰত এৰি দিয়া হৈছে আৰু তেওঁ এই সত্যটোও উল্লেখ কৰে যে বেছিভাগ ঘৰ মহিলাৰ নামত আছে। একেদৰে, প্ৰতিটো পৰিয়ালে জীৱনৰ সহজতা নিশ্চিত কৰি পাইপযোগে পানী লাভ কৰি আছে। তেওঁ কয় যে জল জীৱন মিছনৰ অধীনত ১০ কোটি নতুন পানীৰ সংযোগ প্ৰদান কৰা হৈছে। তেওঁ সমবেত লোকসকলক কয় যে ৰাজ্যখনত কাম কৰাৰ সময়ত সংগ্ৰহ কৰা অভিজ্ঞতা ৰাষ্ট্ৰীয় পৰ্যায়তো কামত আহিছে। "আপোনাসৱ মোৰ শিক্ষক", তেওঁ কয়।

 

শৈক্ষিক খণ্ড সন্দৰ্ভত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজিৰ প্ৰকল্পসমূহ গুজৰাটক শীৰ্ষস্থানত ৰখাৰ দিশত এক বৃহৎ পদক্ষেপ আৰু ইয়াৰ বাবে তেওঁ মুখ্যমন্ত্ৰী ভূপেন্দৰ পেটেলৰ সমগ্ৰ দলটোক অভিনন্দন জ্ঞাপন কৰে। "মিছন স্কুল অৱ এক্সিলেন্স আৰু বিদ্যা সমীক্ষা ২.০-য়ে বিদ্যালয়ৰ শিক্ষাৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব", প্ৰধানমন্ত্ৰী মোদীয়ে কয়। বিদ্যা সমীক্ষা কেন্দ্ৰ সন্দৰ্ভত বিশ্ব বেংকৰ অধ্যক্ষৰ সৈতে হোৱা বাৰ্তালাপৰ কথা স্মৰণ কৰি শ্ৰী মোদীয়ে কয় যে অধ্যক্ষগৰাকীয়ে তেওঁক ভাৰতৰ প্ৰতিখন জিলাত বিদ্যা সমীক্ষা কেন্দ্ৰ স্থাপন কৰিবলৈ আহ্বান জনায় আৰু বিশ্ব বেংকে এই মহৎ উদ্দেশ্যক সহযোগ কৰিবলৈ সাজু। তেওঁ উল্লেখ কৰে যে এনেধৰণৰ পদক্ষেপে প্ৰতিভাশালী শিক্ষাৰ্থীসকলৰ লগতে সম্পদৰ অভাৱ থকা সকলক যথেষ্ট উপকৃত কৰিব। "আমাৰ লক্ষ্য জনজাতীয় অঞ্চলৰ যুৱক-যুৱতীসকলক সুযোগ প্ৰদান কৰি যোগ্যতাক উৎসাহিত কৰা",

 

প্ৰধানমন্ত্ৰীয়ে বিগত দুটা দশক ধৰি শিক্ষা আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত চৰকাৰৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। বিগত দুটা দশকৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত শিক্ষক আৰু অন্যান্য শৈক্ষিক সুবিধাৰ অভাৱৰ কথা উল্লেখ কৰে, যাৰ বাবে বৃহৎ সংখ্যক শিক্ষাৰ্থীয়ে আধাতে পঢ়া বাদ দিছিল। তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰীৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ সময়ত ৰাজ্যখনৰ জনজাতীয় বেল্ট অঞ্চলত এখনো বিজ্ঞান বিদ্যালয় নথকাৰ কথা কৈ দুখ প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয়, "চৰকাৰে পৰিস্থিতি সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰিছে"। তেওঁ কয় যে যোৱা দুটা দশকত ২ লাখ শিক্ষকক নিযুক্তি দিয়া হৈছে আৰু ১.২৫ লাখতকৈও অধিক শ্ৰেণীকোঠা নিৰ্মাণ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে জনজাতীয় অঞ্চলসমূহত বিগত দুটা দশকত বিজ্ঞান, বাণিজ্য আৰু কলা প্ৰতিষ্ঠানসমূহৰ এক সম্ভাৱনাপূৰ্ণ নেটৱৰ্ক দেখা গৈছে। তেওঁ জানিবলৈ দিয়ে যে চৰকাৰে জনজাতীয় অঞ্চলত ২৫,০০০ শ্ৰেণীকোঠা আৰু ৫খন নতুন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰিছে। তেওঁ গোবিন্দ গুৰু বিশ্ববিদ্যালয় আৰু বিৰচা মুণ্ডা বিশ্ববিদ্যালয়ৰ উদাহৰণ দিয়ে। তেওঁ উল্লেখ কৰে যে এই অঞ্চলসমূহত বহুতো দক্ষতা বিকাশ প্ৰতিষ্ঠানো গঢ়ি উঠিছে।

 

নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে মাতৃভাষাত শিক্ষাগ্ৰহণে জনজাতীয় শিক্ষাৰ্থীসকলৰ বাবে নতুন সুযোগ সৃষ্টি কৰিব আৰু তেওঁলোকক শক্তিশালী কৰিব। তেওঁ লগতে জনজাতীয় অঞ্চলত জীৱন পৰিৱৰ্তন কৰা ১৪ হাজাৰতকৈও অধিক প্ৰধানমন্ত্ৰী শ্ৰী বিদ্যালয় আৰু একলব্য আৱাসিক বিদ্যালয়ৰ কথাও উল্লেখ কৰে। অনুসূচীত জাতি/জনজাতি ছাত্ৰবৃত্তিয়ে শিক্ষাৰ্থীসকলক সহায় কৰি আছে। প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ ষ্টাৰ্টআপ পৰিস্থিতিতন্ত্ৰত জনজাতীয় যুৱক-যুৱতীসকলক উৎসাহিত কৰাৰ প্ৰয়াস কৰা হৈছে। দূৰৱৰ্তী বিদ্যালয়সমূহৰ অটল টিংকাৰিং পৰীক্ষাগাৰে জনজাতীয় শিক্ষাৰ্থীসকলৰ মাজত বিজ্ঞানৰ প্ৰতি আগ্ৰহ সৃষ্টি কৰিছে। আজি বিশ্বত দক্ষতাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কৌশল বিকাশ কেন্দ্ৰ আৰু কৌশল বিকাশ যোজনাৰ অধীনত লাখ লাখ যুৱক-যুৱতীৰ প্ৰশিক্ষণৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে মুদ্ৰা যোজনাৰ অধীনত বন্ধকী-মুক্ত ঋণৰ বিষয়েও কয় যিয়ে প্ৰথমবাৰৰ বাবে কোটি কোটি উদ্যোগী সৃষ্টি কৰিছে। বনধন কেন্দ্ৰসমূহেও ৰাজ্যখনৰ লাখ লাখ জনজাতীয় লোকক লাভান্বিত কৰিছে। তেওঁ জনজাতীয় সামগ্ৰী আৰু হস্তশিল্পৰ বাবে বিশেষ বিপনীসমূহৰ কথাও উল্লেখ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে ১৭ ছেপ্টেম্বৰত আৰম্ভ কৰা প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনাৰ বিষয়ে অৱগত কৰে। তেওঁ কয় যে নাই, দৰ্জী, ধোবি, কুমাৰ, লোহাৰ, চুনাৰ, সুতাৰ, মালাকাৰ, মুচী, ৰাজমিস্ত্ৰীৰ দৰে লোকসকলে কম সূতত ঋণ, সঁজুলি আৰু প্ৰশিক্ষণ লাভ কৰিব। তেওঁ কয় যে ই হৈছে এই দক্ষতা আৰু পৰম্পৰাবোৰ জীয়াই ৰখাৰ এক প্ৰয়াস। আঁচনিখনৰ অধীনত ঋণৰ বাবে কোনো গেৰাণ্টিৰ প্ৰয়োজন নাই, মোদীয়ে কয়।

 

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে দলিত, পিছপৰা শ্ৰেণী আৰু জনজাতীয় লোক আৰু এসময়ত বঞ্চিত লোকসকলে চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন আঁচনিৰ সহায়ত আজি উন্নয়নৰ শিখৰ স্পৰ্শ কৰিছে। শ্ৰী মোদীয়ে স্বাধীনতাৰ ইমান দশকৰ পিছত জনজাতীয় লোকসকলৰ গৌৰৱক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সুযোগ লাভৰ কথা উল্লেখ কৰে আৰু ভগৱান বিৰচা মুণ্ডাৰ জন্ম জয়ন্তীৰ কথা উল্লেখ কৰে, যাক এতিয়া জনজাতীয় গৌৰৱ দিৱস হিচাপে পালন কৰা হয়। তেওঁ বৰ্তমানৰ চৰকাৰে জনজাতীয় সম্প্ৰদায়ৰ বাবে বাজেট আগৰ তুলনাত ৫ গুণ বৃদ্ধি কৰাৰ বিষয়েও তেওঁ অৱগত কৰে।  

 

প্ৰধানমন্ত্ৰীয়ে নাৰীশক্তি বন্দন অধিনিয়মৰ বিষয়ে কয়, যি নতুন সংসদ ভৱনৰ পৰা গৃহীত হোৱা প্ৰথম আইন হিচাপে পৰিগণিত হৈছে। তেওঁ প্ৰশ্ন কৰে কিয় জনজাতীয় আৰু মহিলাসকলক ইমান দিন ধৰি তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত কৰি ৰখা হৈছিল। "মই ছোটা উদেপুৰকে ধৰি সমগ্ৰ জনজাতীয় অঞ্চলৰ মাতৃ আৰু ভগ্নীসকলক ক'বলৈ আহিছো যে আপোনাসৱৰ এই পুত্ৰই আপোনাসৱৰ অধিকাৰ সুনিশ্চিত কৰিবলৈ আহিছে", তেওঁ কয়।

 

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এতিয়া সকলো মহিলাই সংসদ আৰু বিধানসভাত অংশগ্ৰহণ কৰাৰ পথ মুকলি হৈছে। তেওঁ সংবিধানত অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি সম্প্ৰদায়ৰ বাবে সংৰক্ষণৰ ব্যৱস্থাৰ কথাও উল্লেখ কৰে। নতুন আইনখনত অনুসূচীত জাতি/জনজাতি শ্ৰেণীৰ মহিলাসকলৰ বাবে সংৰক্ষণৰ ব্যৱস্থাও আছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ প্ৰথম জনজাতীয় মহিলা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুজীয়ে এই আইনখনত হস্তাক্ষৰ কৰাৰ কাকতলীয় ঘটনাৰ ওপৰতো আলোকপাত কৰে।

 

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে এই বিশ্বাস ব্যক্ত কৰে যে অমৃত কালৰ সংকল্পসমূহ পূৰণ কৰা হ'ব, কিয়নো ইয়াৰ আৰম্ভণি আশ্চৰ্যজনক।

 

গুজৰাটৰ ৰাজ্যপাল শ্ৰী আচাৰ্য দেৱব্ৰত, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল, সংসদ সদস্য শ্ৰী চি আৰ পাটিল আৰু গুজৰাট চৰকাৰৰ মন্ত্ৰীসকল এই অনুষ্ঠানত উপস্থিত আছিল।

 

পৃষ্ঠভূমি

সমগ্ৰ গুজৰাটত বিদ্যালয়ৰ আন্তঃগাঁথনি যথেষ্ট বৃদ্ধি পাইছে, কিয়নো প্ৰধানমন্ত্ৰীয়ে দেশবাসীক সমৰ্পিত কৰাৰ লগতে 'মিছন স্কুল অৱ এক্সিলেন্স' কাৰ্যসূচীৰ অধীনত ৪৫০০ কোটি টকাতকৈ অধিক মূল্যৰ একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছে।  গুজৰাটৰ বিদ্যালয়সমূহত নিৰ্মাণ কৰা হাজাৰ হাজাৰ নতুন শ্ৰেণীকোঠা, স্মাৰ্ট শ্ৰেণীকোঠা, কম্পিউটাৰ পৰীক্ষাগাৰ, ষ্টেম (বিজ্ঞান, প্ৰযুক্তি অভিযান্ত্ৰিক আৰু গণিত) পৰীক্ষাগাৰ আৰু অন্যান্য আন্তঃগাঁথনি প্ৰধানমন্ত্ৰীয়ে দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰিব। তেওঁ এই অভিযানৰ অধীনত গুজৰাটৰ বিদ্যালয়সমূহত হাজাৰ হাজাৰ শ্ৰেণীকোঠাৰ উন্নতি আৰু উন্নীতকৰণৰ আধাৰশিলা স্থাপন কৰে।

 

প্ৰধানমন্ত্ৰীয়ে 'বিদ্যা সমীক্ষা কেন্দ্ৰ ২.০' প্ৰকল্পটোৰ আধাৰশিলাও স্থাপন কৰে। এই প্ৰকল্পটো 'বিদ্যা সমীক্ষা কেন্দ্ৰ'ৰ সফলতাৰ ওপৰত নিৰ্মাণ কৰা হ'ব যিয়ে গুজৰাটত বিদ্যালয়সমূহৰ নিৰন্তৰ নিৰীক্ষণ কৰাৰ লগতে শিক্ষাৰ্থীসকলৰ শিকাৰ ফলাফলৰ উন্নতি সুনিশ্চিত কৰিছে। বিদ্যা সমীক্ষা কেন্দ্ৰ ২.০'ৰ অধীনত গুজৰাটৰ সকলো জিলা আৰু খণ্ডত বিদ্যা সমীক্ষা কেন্দ্ৰ স্থাপন কৰা হ'ব।

 

এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে বদোদৰা জিলাৰ তালুকা চিনোৰত 'বদোদৰা দাভোই-চিনোৰ-মালচাৰ-আছা পথ'ত নৰ্মদা নদীৰ ওপৰত নিৰ্মাণ কৰা এখন নতুন দলঙকে ধৰি একাধিক উন্নয়নমূলক প্ৰকল্প দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰে। এইসমূহৰ ভিতৰত আৰু আছে চাব তালাভ পুনৰ-উন্নয়ন প্ৰকল্প, দাহোদত পানী যোগান প্ৰকল্প, বদোদৰাত আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে প্ৰায় ৪০০টা নতুনকৈ নিৰ্মিত ঘৰ, সমগ্ৰ গুজৰাটৰ ৭৫০০খন গাঁৱত ভিলেজ ৱাই-ফাই প্ৰকল্প; আৰু দাহোদত নৱনিৰ্মিত জৱাহৰ নবোদয় বিদ্যালয়।

 

প্ৰধানমন্ত্ৰীয়ে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ ভিতৰত আছে ছোটাউদেপুৰত পানী যোগান; গোধৰা,পঞ্চমহলত এখন উৰণীয়া সেতু;  আৰু দাহোদত এফএম ৰেডিঅ' ষ্টুডিঅ', যিটো কেন্দ্ৰীয় চৰকাৰৰ 'ব্ৰডকাষ্টিং ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড নেটৱৰ্ক ডেভেলপমেণ্ট (বিআইএনডি) আঁচনিৰ অধীনত নিৰ্মাণ কৰা হ'ব।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
e-Jagriti: Reimagining consumer justice for a Digital India

Media Coverage

e-Jagriti: Reimagining consumer justice for a Digital India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister greets President of the United States on the 250th anniversary of the United States' independence
July 04, 2026

The Prime Minister, Shri Narendra Modi, extended greetings to the President of the United States, Mr. Donald J. Trump, and the people of the United States on the historic occasion of the 250th anniversary of the country's independence. Shri Modi underscored the enduring strength of the India–United States partnership. He noted that the relationship between the two democracies extends beyond a strategic partnership and is anchored in shared values of democracy, the rule of law and faith in the limitless potential of their people.

The Prime Minister posted on X:

On behalf of 1.4 billion Indians, I extend my warmest congratulations to President Trump and the people of the United States on the historic 250th anniversary of your Independence.

India and the United States share more than a strategic partnership. Our shared belief in democracy, rule of law and the limitless potential of our people make our friendship a force for global good.

May the next 250 years bring even greater prosperity, peace and progress for America and take the India-US partnership to new heights.

@POTUS
@realDonaldTrump