2 Crore Rural houses built so far, efforts will be on to accelerate the speed of rural housing this year: PM
Key of the house opens doors of dignity, confidence, safe future, new identity and expanding possibilities : PM
Light House projects shows a new direction to the housing sector in the country : PM

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ছখন ৰাজ্যৰ ছটা ক্ষেত্ৰত গ্ল’ৱেল হাউছিং টেকনল’জি চেলেঞ্জ (GHTC) ৰ অধীনত লাইট হাউছ প্ৰজেক্ট (LHP) ৰ আধাৰশিলা স্থাপন কৰে। তেখেতে এফ’ৰডেবল চাচটেইনেবল হাউছিং এচিলাৰেটৰ্ছ- ইণ্ডিয়া (ASHA-India) ৰ অধীনত বিজয়ীসকলৰ নাম ঘোষণা কৰে আৰু প্ৰধান মন্ত্ৰী আৱাস যোজনা- নগৰীয়া (PMAY-U) অভিযান ৰূপায়ণত উৎকৃষ্টতাৰ বাবে বাৰ্ষিক বঁটাসমূহ প্ৰদান কৰে। তেখেতে তদুপৰি নৱৰীতি (ভাৰতীয় গৃহ নিৰ্মাণৰ অৰ্থে নতুন, সাশ্ৰয়ী, মান্য, গৱেষণা উন্নয়ন প্ৰযুক্তিসমূহ) শীৰ্ষক উদ্ভাৱনীমূলক নিৰ্মাণ প্ৰযুক্তি সন্দৰ্ভত এটি চাৰ্টিফিকেশ্যন পাঠ্যক্ৰম মুকলি কৰে। এই কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী হৰদ্বীপ সিং পুৰী, উত্তৰ প্ৰদেশ, ত্ৰিপুৰা, ঝাড়খণ্ড, তামিল নাডু, গুজৰাট, অন্ধ্ৰ প্ৰদেশ আৰু মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীসকল উপস্থিত থাকে।

এই কাৰ্যসূচীত ভাষণ প্ৰদান কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, আজিৰ দিনটো হৈছে নতুন শক্তিৰে আগুৱাই যোৱাৰ দিন, নতুন সংকল্প গ্ৰহণৰ দিন আৰু আজি দেশখনে দৰিদ্ৰ, মধ্য বিত্তৰ অৰ্থে গৃহ নিৰ্মাণ কৰিবলৈ নতুন প্ৰযুক্তি লাভ কৰিছে। তেখেতে কয়, কাৰিকৰী ভাষাত এই গৃহসমূহক লাইট হাউছ প্ৰজেক্ট বুলি কোৱা হয় কিন্তু এই ৬ প্ৰকল্প দৰাচলতে আলোকগৃহৰ দৰে যিয়ে দেশখনৰ গৃহ নিৰ্মাণ খণ্ডটোলৈ নতুন দিশৰ উন্মেষ ঘটাইছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এই লাইট হাউছ প্ৰজেক্ট হৈছে বৰ্তমানৰ চৰকাৰখনৰ প্ৰচেষ্টাৰ এটা উদাহৰণ। তেখেতে কয়, এটা সময়ত গৃহ নিৰ্মাণ আঁচনিসমূহ কেন্দ্ৰীয় চৰকাৰৰ ইমান অগ্ৰাধিকাৰৰ বিষয় নাছিল আৰু গৃহ নিৰ্মাণৰ সূক্ষ্মতা আৰু মানৰ কথা বিবেচনা কৰা নহৈছিল। আজি, দেশখনে এই প্ৰকল্পসমূহ ক্ষীপ্ৰতাৰে সমাপ্ত কৰিবলৈ এটা পৃথক প্ৰচেষ্টা বাছনি কৰিছে, এটা পৃথক পথ আৰু উন্নতৰ প্ৰযুক্তি গ্ৰহণ কৰিছে। তেখেতে গুৰুত্ব আৰোপ কৰি কয় যে এই ক্ষেত্ৰত চৰকাৰী মন্ত্ৰালয়সমূহে ডাঙৰ আৰু সুস্থ কাঠামোত নজৰ দিয়াৰ সমান্তৰালভাৱে ষ্টাৰ্টআপৰ দৰে ফিট হ’ব লাগে। তেখেতে সমগ্ৰ বিশ্বৰ ৫০ ৰোধিক উদ্ভাৱনীমূলক নিৰ্মাণ কোম্পানীৰ সক্ৰিয় অংশগ্ৰহণত সন্তোষ প্ৰকাশ কৰে। তেখেতে কয়, এই বিশ্ব প্ৰত্যাহ্বানে আমাক নতুন প্ৰযুক্তিৰে উদ্ভাৱন আৰু আৰোপণৰ সুযোগ প্ৰদান কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, একেটা প্ৰক্ৰিয়াৰ পৰৱৰ্তী পৰ্যায়ত, আজিৰেপৰা ভিন্ন ক্ষেত্ৰত ৬ লাইট হাউছ প্ৰজেক্টৰ কাম আৰম্ভ হৈছে। এই লাইট হাউছ প্ৰজেক্টসমূহ আধুনিক প্ৰযুক্তি আৰু উদ্ভাৱনীমূলক প্ৰক্ৰিয়াৰে নিৰ্মাণ কৰা হ’ব আৰু নিৰ্মাণ সময় হ্ৰাস কৰিব আৰু দৰিদ্ৰৰ বাবে অধিক প্ৰাণোচ্ছল, সাশ্ৰয়ী আৰু আৰামদায়ক গৃহ প্ৰশস্ত কৰি তুলিব। তেখেতে তদুপৰি ব্যক্ত কৰে যে নিৰ্মাণ প্ৰযুক্তিত এই লাইট হাউছসমূহ হৈছে উদ্ভাৱন। উদাহৰণস্বৰূপেঃ ইন্দোৰত এই প্ৰকল্পটোত ইটা আৰু মৰ্টাৰ ৱাল নাথাকিব, ইয়াৰ বিপৰীতে তেওঁলোকে প্ৰিফেব্ৰিকেটেড ছেণ্ডউইচ পেনেল চিষ্টেম ব্যৱহাৰ কৰিব। ৰাজকোটৰ লাইট হাউছসমূহ ফ্ৰান্সৰ প্ৰযুক্তি ব্যৱহাৰেৰে নিৰ্মাণ কৰা হ’ব আৰু টানেল ব্যৱহাৰেৰে মন’লিথিক কংক্ৰিট কনচট্ৰাকশ্যন টেকনল’জি থাকিব আৰু গৃহটি দুৰ্যোগসমূহক প্ৰতিহত কৰিবলৈ অধিক সামৰ্থ্যৱান হৈ পৰিব। চেন্নাইত, আমেৰিকা আৰু ফিনলেণ্ডৰ প্ৰযুক্তিৰে প্ৰিকাষ্ট কংক্ৰিট চিষ্টেম ব্যৱহাৰ কৰা হ’ব, যাৰ জৰিয়তে ক্ষীপ্ৰতাৰে আৰু কম ব্যয় সাপেক্ষে গৃহ নিৰ্মাণ কৰা হ’ব। ৰাঁচীৰ গৃহসমূহ জাৰ্মানীৰ থ্ৰীডি কনচট্ৰাকশ্যন চিষ্টেম ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হ’ব। প্ৰতিটো কোঠা পৃথকভাৱে নিৰ্মাণ কৰা হ’ব আৰু সমগ্ৰ গঠনটো লিগ’ ব্লকছ টইজৰ দৰে একে ধৰণেৰে সংযোজন কৰা হ’ব। তেখেতে কয়, আগৰতলাত নিৰ্মাণ কৰিবলৈ আগবঢ়া গৃহসমূহ নিউ জিলেণ্ডৰ প্ৰযুক্তি ব্যৱহাৰেৰে ষ্টীল ফ্ৰেমেৰে নিৰ্মাণ কৰা হ’ব যিয়ে গুৰু ভূমিকম্পৰ দুৰ্ভাৱনা হ্ৰাস কৰিব। লক্ষ্নৌত কানাডাৰ প্ৰযুক্তি ব্যৱহাৰ কৰা হ’ব, য’ত প্লাষ্টাৰ আৰু পেইন্টৰ প্ৰয়োজন নহ’ব আৰু ইতিমধ্যে সমগ্ৰ ৱাল সাজু হৈ উঠাৰ পৰিপ্ৰেক্ষিতত ক্ষীপ্ৰতাৰে গৃহ নিৰ্মাণ হৈ উঠিব। তেখেতে তদুপৰি কয় যে প্ৰতিটো স্থানতে ১২ মাহত কেইবা হাজাৰ গৃহ নিৰ্মাণ কৰা হ’ব যিয়ে ইনকিউবেশ্যন চেন্টাৰৰ ভূমিকা পালন কৰিব য’ত আমাৰ প্লেনাৰ, আৰ্কিটেক্ট, অভিযন্তা আৰু ছাত্ৰ-ছাত্ৰীসকলে নতুন প্ৰযুক্তি সন্দৰ্ভত শিকিব আৰু ইয়াৰ পৰীক্ষা-নিৰীক্ষা কৰিবলৈ সক্ষম হৈ উঠিব। তেখেতে ঘোষণা কৰে যে ইয়াৰ সমান্তৰালভাৱে, নিৰ্মাণ খণ্ডটোত নতুন প্ৰযুক্তি সম্পৰ্কত দক্ষতাৰ অগ্ৰগতি সাধনৰ অৰ্থে জনসাধাৰণলৈ এটা চাৰ্টিফিকেট পাঠ্যক্ৰম আৰম্ভ কৰা হ’ব, যাৰ জৰিয়তে গৃহ নিৰ্মাণৰ ক্ষেত্ৰখনত জনসাধাৰণে উন্নতৰ প্ৰযুক্তি আৰু সা-সামগ্ৰী লাভ কৰিব পাৰিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে দেশখনৰ ভিতৰত আধুনিক গৃহ নিৰ্মাণ প্ৰযুক্তি সম্পৰ্কীয় গৱেষণা আৰু ষ্টাৰ্টআপসমূহক প্ৰোৎসাহনৰ অৰ্থে আশা-ইণ্ডিয়া কাৰ্যক্ৰম আৰম্ভ কৰা হৈছে। ইয়াৰ জৰিয়তে, ভাৰতত নিজাকৈ ২১ শ শতিকাৰ গৃহসমূহ নিৰ্মাণৰ অৰ্থে নতুন আৰু সাশ্ৰয়ী প্ৰযুক্তিৰ বিকাশ সাধন হ’ব। তেখেতে কয়, এই অভিযানৰ অধীনত তদুপৰি পাঁচ উত্তম কৌশলক বাছনি কৰা হৈছে। তেখেতে কয় যে মহানগৰসমূহত বসবাস কৰা দৰিদ্ৰ বা মধ্য বিত্ত শ্ৰেণীৰ সৰ্ববৃহৎ সপোন হৈছে তেওঁলোকৰ এখন গৃহ নিৰ্মাণ কৰা। কিন্তু বিগত বছৰসমূহত, জনসাধৰণে তেওঁলোকৰ গৃহৰ ওপৰত থকা তেওঁলোকৰ বিশ্বাস হেৰুৱাই পেলাইছিল। তেখেতে কয়, আনকি সেই বিশ্বাস লাভৰ পাছতো, অধিক মূল্যৰ বাবে চাহিদা অৱনমিত হৈ পৰে। যিকোনো প্ৰসংগত গোচৰসমূহৰ বাবে জনসাধাৰণে আইনী প্ৰক্ৰিয়াৰ মুখামুখি হ’বলগীয়াৰ পৰিপ্ৰেক্ষিতত বিশ্বাস হেৰুৱাই পেলায়। বেংকৰ অধিক সুতৰ হাৰ আৰু লোন লাভৰ ক্ষেত্ৰত জটিলতাসমূহৰ বাবে, গৃহ এটি নিৰ্মাণ কৰাৰ আগ্ৰহ কমাই তোলে। যোৱা ৬ টা বছৰত সাধাৰণ লোকৰ এই বিশ্বাস ঘূৰাই আনি তেওঁলোকেও নিজা গৃহ নিৰ্মাণ কৰিব পৰাটো নিশ্চিত কৰি তুলিবলৈ গ্ৰহণ কৰা প্ৰচেষ্টাত সন্তুষ্টি প্ৰকাশ কৰে। প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ অধীনত, মহানগৰসমূহত অতি চমু সময়ৰ ভিতৰতে লাখ-লাখ গৃহ নিৰ্মাণ কৰা হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে স্থানীয় প্ৰয়োজনীয়তা আৰু গৃহৰ-গৰাকীসকলৰ প্ৰত্যাশা অনুসৰি উদ্ভাৱন আৰু ৰূপায়ণ উভয়তে পিএম আৱাস যোজনা নিৰ্মাণৰ গুৰুত্ব আৰোপ কৰা যায়। ই হৈছে এটা সম্পূৰ্ণ পেকেজ কিয়নো প্ৰতিটো ইউনিটতে বিদ্যুৎ-পানী-গেছ সংযোগৰে সমৃদ্ধ কৰা হৈছে। জিঅ’-টেগিং আৰু হিতাধিকাৰীসকললৈ প্ৰত্যক্ষ লাভ হস্তান্তৰ (DBT) ৰ দৰে প্ৰযুক্তিসমূহৰ জৰিয়তে স্বচ্ছতা নিশ্চিত কৰা হৈছে।

মধ্য বিত্ত শ্ৰেণীটোৰ বাবে লাভালাভ সন্দৰ্ভত ব্যক্ত কৰি, শ্ৰী মোদীয়ে কয়, তেওঁলোকৰ গৃহ ঋণৰ সুতত ৰেহাই লাভ কৰিছে। অসম্পূৰ্ণ গৃহ নিৰ্মাণ প্ৰকল্পসমূহৰ অৰ্থে ২৫ হাজাৰ কোটি টকাৰ এটা বিশেষ পুঁজি গঠন কৰা হৈছে, যিয়ে মধ্যবিত্ত শ্ৰেণীটোকো সহায় কৰিব। RERA ৰ দৰে ব্যৱস্থাৰাজিয়ে গৃহৰ গৰাকীসকলৰ বিশ্বাস ঘূৰাই আনিছে আৰু তেওঁলোকৰ কষ্ট উপাৰ্জিত ধনৰপৰা প্ৰতাৰিত নোহোৱাৰ বিশ্বাস প্ৰদান কৰে। RERA ৰ অধীনত ৬০ হাজাৰ প্ৰকল্প পঞ্জীয়ন কৰা হৈছে আৰু আইনৰ অধীনত হাজাৰ-হাজাৰ অভিযোগ নিষ্পত্তি কৰা হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এটা গৃহৰ চাবি লাভ কৰা মানে কেৱল বসবাসৰ স্থান  লাভ কৰাই নহয় বৰঞ্চ ই মৰ্যাদা, বিশ্বাস, সুৰক্ষিত ভৱিষ্যৎ, নতুন পৰিচয়ৰ দুৱাৰ মুকলি কৰিব আৰু সম্ভাৱনাসমূহ বৃদ্ধি কৰিব। ‘সকলোৰে বাবে গৃহ’ ৰ অৰ্থে সম্পন্ন কৰা সকলো স্তৰৰ কামে কোটি-কোটি দৰিদ্ৰ লোকৰ জীৱন আৰু মধ্য বিত্ত পৰিয়ালসমূহলৈ ইতিবাচক পৰিৱৰ্তন সঞ্চাৰ কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি ক’ৰোনা মহামাৰীটোৰ সময়ছোৱাত গ্ৰহণ কৰা নতুন আঁচনি যথাঃ এফ’ৰডেবল ৰেন্টিং হাউছিং কমপ্লেক্স স্কিমৰ কথা উল্লেখ কৰে। ভিন্ন ৰাজ্যৰপৰা ভিন্ন ৰাজ্যলৈ কামৰ বাবে অহা শ্ৰমিকসকললৈ ন্যায্য ভাৰাৰে গৃহ আগবঢ়াবলৈ চৰকাৰে উদ্যোগ আৰু আন বিনিয়োগকাৰীসকলৰ সৈতে কাম কৰি আছে। তেওঁলোকৰ গৃহৰ অৱস্থা প্ৰায়েই অস্বাস্থ্যকৰ আৰু অপৰিৱৰ্তিত। তেওঁলোকৰ কৰ্মস্থানৰ সমীপতে ন্যায্য ভাৰাত আশ্ৰয়স্থল আগবঢ়াবলৈ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। আমাৰ শ্ৰমিক বন্ধুসকলে মৰ্যাদা সহকাৰে জীয়াই থাকিবলৈ ব্যৱস্থা কৰাটো আমাৰ দায়িত্ব, শ্ৰী মোদীয়ে লগতে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি ৰিয়েল এষ্টেট খণ্ডটোক সহায় কৰিবলৈ শেহতীয়াভাৱে গ্ৰহণ কৰা ব্যৱস্থাৰাজিৰ উল্লেখ কৰে। এই ব্যৱস্থাৰাজিৰ ভিতৰত আছেঃ সস্তীয় গৃহসমূহৰ ক্ষেত্ৰত কৰ ৮ ৰপৰা ১ শতাংশলৈ হ্ৰাস, জিএছটি ১২ ৰপৰা ৫ শতাংশলৈ হ্ৰাস, চীপ লোনৰ অৰ্থে খণ্ডটোক যোগ্য কৰি তুলিবলৈ ইয়াক আন্তঃগাঁথনি খণ্ড হিচাপে স্বীকৃতি দিয়া কাৰ্যই কনচট্ৰাকশ্যন পাৰ্মিটৰ অৰ্থে আমাৰ ৰেংকিং ১৮৫ ৰপৰা ২৭ লৈ উন্নীত কৰে। ২০০০ ৰোধিক চহৰত অনলাইনত নিৰ্মাণ অনুমতিৰ অৰ্থে পদ্ধতি অৱলম্বন কৰা হৈছে, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি অৱগত কৰে যে গ্ৰামীণ ভাৰতত ২ কোটিৰো অধিক গৃহ নিৰ্মাণ কৰা হৈছে। এই বৰ্ষত গ্ৰামীণ গৃহ নিৰ্মাণৰ গতি ত্বৰান্বিত কৰিবলৈ প্ৰচেষ্টা গ্ৰহণ কৰা হ’ব।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From the lens of FM Nirmala Sitharaman: Weaving a fabric of enterprise on the loom of traditional skills

Media Coverage

From the lens of FM Nirmala Sitharaman: Weaving a fabric of enterprise on the loom of traditional skills
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays homage to the great revolutionary Mangal Pandey ji
July 19, 2026

Prime Minister Shri Narendra Modi today, paid tributes to the great revolutionary Mangal Pandey ji on his birth anniversary. Shri Modi remarked that his courageous life continues to fill every Indian with pride even today, and his saga of valor will keep inspiring every generation of the nation.

Shri Modi posted on X;

महान क्रांतिकारी मंगल पांडे जी को उनकी जयंती पर शत-शत नमन। मातृभूमि के स्वाभिमान और सम्मान की रक्षा के लिए उन्होंने अपना सर्वस्व न्योछावर कर दिया। उनका साहसिक जीवन आज भी हर भारतीय को गर्व से भर देता है। राष्ट्रभक्ति से ओतप्रोत उनकी शौर्यगाथा देश की हर पीढ़ी को प्रेरित करती रहेगी।