আজি ভাৰত এখনি উন্নত ৰাষ্ট্ৰ হোৱাৰ দিশত ধাৱমান হোৱাৰ লগে-লগে বংগৰ অংশগ্ৰহণ প্ৰত্যাশিত আৰু অপৰিহাৰ্য্য উভয়েঃ প্ৰধানমন্ত্ৰী
এই উদ্দেশ্যেৰে কেন্দ্ৰীয় চৰকাৰে ইয়াত আন্তঃগাঁথনি, উদ্ভাৱন আৰু বিনিয়োগক অহৰহভাৱে নতুন গতি প্ৰদান কৰিছেঃ প্ৰধানমন্ত্ৰী
বংগৰ উন্নয়ন হৈছে ভাৰতৰ ভৱিষ্যতৰ আধাৰঃ প্ৰধানমন্ত্ৰী
চিটি গেছ বিতৰণ প্ৰকল্পটো কেৱল এক পাইপলাইন প্ৰকল্পই নহয়, বৰঞ্চ ই দুৱাৰদলিতে চৰকাৰী আঁচনিৰ উপলব্ধতাৰ উদাহৰণঃ প্ৰধানমন্ত্ৰী
আমি এনে এখনি ভাৰতৰ দিশে আগবাঢ়িছোঁ, য’ত শক্তি সুলভ, স্বচ্ছ আৰু সহজে উপলব্ধঃ প্ৰধানমন্ত্ৰী

ভাৰতৰ চিটি গেছ বিতৰণ (CGD) নেটৱৰ্কৰ সম্প্ৰসাৰণৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগৰ আলিপুৰদুৱাৰত চিজিডি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে ঐতিহাসিক ভূমি আলিপুৰদুৱাৰৰ পৰা পশ্চিম বংগবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে। তেখেতে অঞ্চলটোৰ চহকী সাংস্কৃতিক তাৎপৰ্য্যত আলোকপাতেৰে কয় যে কেৱল ইয়াৰ সীমাৰেখাৰ বাবেই নহয়, বৰঞ্চ ইয়াৰ বদ্ধমূল পৰম্পৰা আৰু সংযোগৰেও মহীয়ান হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আলিপুৰদুৱাৰে ভূটানৰ সৈতে নিজৰ সীমাৰেখা ভাগ কৰে, আনহাতে অসমে ইয়াক আদৰণি জনাইছে। বংগৰ ঐতিহ্য আৰু ঐক্যত ইয়াৰ ভূমিকাত আলোকপাতেৰে তেখেতে এই সমৃদ্ধিশালী ভূমি ভ্ৰমণ কৰিবলৈ পাই সন্তোষ প্ৰকাশ কৰে।

“আজি ভাৰত এখনি উন্নত ৰাষ্ট্ৰ হোৱাৰ দিশত ধাৱমান হোৱাৰ লগে-লগে বংগৰ অংশগ্ৰহণ প্ৰত্যাশিত আৰু অপৰিহাৰ্য্য উভয়ে” বুলি উল্লেখেৰে অঞ্চলটোত আন্তঃগাঁথনি, উদ্ভাৱন আৰু বিনিয়োগক ত্বৰান্বিতকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা নিৰন্তৰ প্ৰচেষ্টাৰাজিত আলোকপাত কৰে। “বংগৰ উন্নয়ন হৈছে ভাৰতৰ ভৱিষ্যতৰ আধাৰ” বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে আজি সেই যাত্ৰাত আন এক শক্তিশালী মাইলৰ খুঁটি স্থাপন হৈছে। তেখেতে আলিপুৰদুৱাৰ আৰু কোচ বিহাৰত চিটি গেছ বিতৰণ প্ৰকল্প আৰম্ভ হোৱাৰ কথা ঘোষণা কৰে, যিয়ে ২.৫ লাখৰো অধিক গৃহস্থীক স্বচ্ছ, নিৰাপদ আৰু সুলভ মূল্যৰ পাইপযোগে গেছ যোগান ধৰিব। শ্ৰী মোদীয়ে কয় যে এই পদক্ষেপে এলপিজি চিলিণ্ডাৰ ক্ৰয়ৰ চিন্তা দূৰ কৰিব, গৃহস্থীসমূহক সুৰক্ষিত গেছৰ যোগান নিশ্চিত কৰিব। ইয়াৰ উপৰিও চিএনজি ষ্টেচনৰ সম্প্ৰসাৰণে সেউজ ইন্ধনৰ সুবিধাৰ বৰ্ধন ঘটাব, ইয়াৰ ফলশ্ৰুতিত ব্যয় ৰাহি হ’ব আৰু পৰিবেশৰ সুবিধা হ’ব। এই নতুন আৰম্ভণিৰ বাবে তেখেতে আলিপুৰদুৱাৰ আৰু কোচবিহাৰৰ নাগৰিকসকলক অভিনন্দন জ্ঞাপন কৰে। “চিটি গেছ বিতৰণ প্ৰকল্পটো কেৱল এক পাইপলাইন প্ৰকল্পই নহয়, বৰঞ্চ ই দুৱাৰদলিতে চৰকাৰী আঁচনিৰ উপলব্ধতাৰ উদাহৰণ” বুলি তেখেতে কয়।

শক্তি খণ্ডত ভাৰতৰ উল্লেখযোগ্য অগ্ৰগতি লাভ কাৰ্য্যত গুৰুত্ব আৰোপেৰে গেছ ভিত্তিক অৰ্থনীতিৰ দিশত দেশখনৰ দ্ৰুত পৰিৱৰ্তনত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ২০১৪-ত চিটি গেছ সেৱা মাত্ৰ ৬৬ খন জিলাতে উপলব্ধ আছিল, ইয়াৰ বিপৰীতে আজি সমগ্ৰ দেশৰ ৫৫০ খনৰো অধিক জিলালৈ চিটি গেছ বিতৰণ নেটৱৰ্কৰ সম্প্ৰসাৰণ ঘটিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এই নেটৱৰ্ক এতিয়া গাঁও আৰু সৰু চহৰসমূহত উপনীত হৈ লক্ষ-লক্ষ গৃহস্থীত পাইপেৰে গেছৰ সুবিধা নিশ্চিত কৰিছে। তেখেতে কয় যে চিএনজিৰ ব্যাপক অভিযোজনাই ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ ৰূপান্তৰ ঘটাইছে, যিয়ে প্ৰদূষণৰ মাত্ৰা যথেষ্ট হ্ৰাসত অৰিহণা যোগাইছে। তেখেতে কয় যে এই পৰিৱৰ্তনে নাগৰিকৰ স্বাস্থ্যৰ অগ্ৰগতি সাধনেই নহয়, বৰঞ্চ আৰ্থিক বোজাও লাঘৱ কৰিছে।

 

প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাই গেছ-ভিত্তিক অৰ্থনীতিৰ দিশত ভাৰতৰ পৰিৱৰ্তনক ত্বৰান্বিত কৰিছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে ২০১৬-ত আৰম্ভ হোৱা এই আঁচনিখনে ধোঁৱাৰে ভৰা পাকঘৰৰ পৰা সকাহ প্ৰদানেৰে মহিলাসকলৰ স্বাস্থ্যৰ অগ্ৰগতি সাধনেৰে ঘৰুৱা ৰন্ধন স্থানত মৰ্য্যাদা বৃদ্ধিৰে লাখ-লাখ দৰিদ্ৰ মহিলাৰ জীৱন যাত্ৰাক ৰূপান্তৰিত কৰিছে। শ্ৰী মোদীয়ে লগতে কয় যে ২০১৪-ত দেশত ১৪ কোটিৰো কম এলপিজিৰ সংযোগ আছিল, ইয়াৰ বিপৰীতে আজি এই সংখ্যাই ৩১ কোটি অতিক্ৰমেৰে সৰ্বজনীন গেছ লাভৰ দৃষ্টিভংগীক বাস্তৱত পৰিণত কৰিছে। তেখেতে কয় যে চৰকাৰে দেশজুৰি গেছ বিতৰণ নেটৱৰ্কক সুদৃঢ় কৰিছে, দেশৰ প্ৰতিটো প্ৰান্তলৈ ইয়াৰ প্ৰসাৰ নিশ্চিত কৰিছে। শ্ৰী মোদীয়ে আৰু কয় যে এলপিজি বিতৰকৰ সংখ্যা দুগুণৰো অধিক বৃদ্ধি পাইছে, তেখেতে কয় যে ২০১৪-ৰ পূৰ্বে ভাৰতত ১৪ হাজাৰৰো কম এলপিজি বিতৰক আছিল, ইয়াৰ বিপৰীতে আজি এই সংখ্যা ২৫ হাজাৰৰো অধিক হৈছে। তেখেতে কয় যে এতিয়া গ্ৰামাঞ্চল সমূহতো গেছ চিলিণ্ডাৰ সহজে উপলব্ধ হৈছে, ইয়াৰ ফলশ্ৰতিত সমগ্ৰ দেশৰ গৃহস্থীলৈ স্বচ্ছ ৰন্ধন ইন্ধনৰ যোগান সুলভ হৈ পৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উৰ্জা গংগা প্ৰকল্পৰ তাৎপৰ্য্যত গুৰুত্ব আৰোপৰে ইয়াক গেছ-ভিত্তিক অৰ্থনীতিৰ দিশত এক বৈপ্লৱিক পদক্ষেপ বুলি অভিহিত কৰে। তেখেতে কয় যে এই পদক্ষেপৰ অধীনত ভাৰতৰ পূবৰ ৰাজ্যসমূহক সংযোগ কৰিবলৈ গেছৰ পাইপলাইনৰ সম্প্ৰসাৰণ কৰা হৈছে, ইয়াৰ ফলশ্ৰুতিত পশ্চিম বংগ আৰু আন-আন অঞ্চলত গেছৰ সুলভতা যথেষ্ট বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে কেন্দ্ৰীয় চৰকাৰৰ এই প্ৰচেষ্টাসমূহে শক্তিৰ সুবিধাৰ সম্প্ৰসাৰণেই নহয়, বৰঞ্চ সমগ্ৰ চহৰ আৰু গ্ৰামাঞ্চলত নতুন কৰ্মসংস্থাপনৰ সুযোগো সৃষ্টি কৰিছে। তেখেতে কয় যে পাইপলাইন নিৰ্মাণৰ পৰা গেছ যোগানলৈকে একাধিক স্তৰত নিয়োগৰ সৃষ্টিৰ বৰ্ধন ঘটিছে, ইয়াৰ ফলশ্ৰুতিত গেছ-ভিত্তিক উদ্যোগৰ ওপৰত নিৰ্ভৰশীল ঔদ্যোগিক ব্যৱস্থা সুদৃঢ় হৈছে। “আমি এনে এখনি ভাৰতৰ দিশে আগবাঢ়িছোঁ, য’ত শক্তি সুলভ, স্বচ্ছ আৰু সহজে উপলব্ধ”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

 

পশ্চিম বংগ ভাৰতৰ সংস্কৃতি, জ্ঞান, বৈজ্ঞানিক অগ্ৰগতিৰ এক প্ৰধান কেন্দ্ৰ হৈ আহিছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে বংগৰ বিকাশ অবিহনে এখনি উন্নত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত হ’ব নোৱাৰে। তেখেতে উল্লেখ কৰে যে এই কথা অনুধাৱনেৰে কেন্দ্ৰীয় চৰকাৰে বিগত দশকত হাজাৰ কোটি টকা মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰিছে। তেখেতে পূৰ্ব এক্সপ্ৰেছৱে’, দুৰ্গাপুৰ এক্সপ্ৰেছৱে’, শ্যামা প্ৰসাদ মুখাৰ্জী বন্দৰৰ আধুনিকীকৰণ, কলকাতা মেট্ৰ’ৰ সম্প্ৰসাৰণ, নিউ জলপাইগুৰি ষ্টেচনৰ ৰূপান্তৰ সাধন আদি মূল আন্তঃগাঁথনি প্ৰকল্পসমূহত আলোকপাত কৰে— এই সকলোবোৰ প্ৰচেষ্টাৰ লক্ষ্য হৈছে বংগৰ অগ্ৰগতিক ত্বৰান্বিতকৰণ। “নতুনকৈ আৰম্ভ কৰা প্ৰকল্পটো কেৱল এক পাইপলাইনেই নহয়, বৰঞ্চ প্ৰগতিৰ আয়ুসৰেখাহে” বুলি উল্লেখেৰে তেখেতে নাগৰিকসকলৰ জীৱন যাত্ৰাক সহজ কৰি তোলা আৰু বংগৰ উজ্জ্বল ভৱিষ্যৎ নিশ্চিতকৰণৰ ক্ষেত্ৰত চৰকাৰৰ অংগীকাৰৰ কথা দোহাৰে। ভাষণৰ সামৰণিত তেখেতে পশ্চিম বংগ উন্নয়নৰ দিশত আগবাঢ়ি যাব বুলি আশা প্ৰকাশেৰে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰে।

 

এই কাৰ্য্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী ডঃ সুকান্ত মজুমদাৰ, পশ্চিমবংগ বিধানসভাৰ বিৰোধী দলপতি শ্ৰী সুৱেন্দু অধিকাৰী, আলিপুৰদুৱাৰৰ সাংসদ শ্ৰী মনোজ টিগ্গাকে প্ৰমুখ্য কৰি আন-আন বিশিষ্ট লোকসকলে অংশগ্ৰহণ কৰে।

পটভূমিঃ

১০১০ কোটি টকাৰো অধিক মূল্যৰ চিটি গেছ বিতৰণ (CGD) প্ৰকল্পৰ লক্ষ্য হৈছে ন্যূনতম কৰ্ম কাৰ্য্যসূচীৰ (MWP) লক্ষ্য অনুসৰি প্ৰায় ১৯ টা চিএনজি ষ্টেচন স্থাপনেৰে ভেহিকুলাৰ ট্ৰেফিকক সংকুচিত প্ৰাকৃতিক গেছলৈ (CNG) ৰূপান্তৰিতকৰণৰ উপৰিও ২.৫ লাখৰো অধিক গৃহস্থী, ১০০ ৰো অধিক বাণিজ্যিক প্ৰতিষ্ঠান আৰু উদ্যোগক পাইপড প্ৰাকৃতিক গেছ (PNG) যোগান ধৰা। এই ব্যৱস্থাই সুবিধাজনক, নিৰ্ভৰযোগ্য, পৰিবেশ অনুকূল আৰু ব্যয়বহুল ইন্ধন যোগানৰ সুবিধা প্ৰশস্তৰ লগতে অঞ্চলটোত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Join sports, playgrounds more important than PlayStation: PM to youth

Media Coverage

Join sports, playgrounds more important than PlayStation: PM to youth
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister highlights transformative impact of Jan Dhan Yojana
August 28, 2026

The Prime Minister, Shri Narendra Modi, has highlighted the unprecedented scale and transformative outcomes of the Pradhan Mantri Jan Dhan Yojana in last 12 years. Shri Modi said that Jan Dhan Yojana has had an unparalleled impact, playing a significant role in advancing financial inclusion and empowering people across the country.

The Prime Minister posted on X:

Unprecedented scale and transformative outcomes!

Jan Dhan Yojana has had an unparalleled impact.

#12YearsOfJanDhan