জিলা আদালতৰ পৰা স্বৰ্গেটলৈ পুনে মেট্ৰ' শাখা উদ্বোধন কৰে
‘বিড়কিন ঔদ্যোগিক এলেকা’ ৰাষ্ট্ৰ নামত উৎসৰ্গা কৰে
‘চোলাপুৰ বিমানবন্দৰ’ উদ্বোধন কৰে
ভিদেৱাড়াত ‘ক্ৰান্তিজ্যোতি’ সাবিত্ৰীবাই ফুলেৰ প্ৰথমখন বালিকা বিদ্যালয়ৰ স্মাৰকৰ আধাৰশিলা স্থাপন কৰে
"মহাৰাষ্ট্ৰত বিভিন্ন প্ৰকল্পৰ শুভাৰম্ভই নগৰ উন্নয়নত সহায় কৰিব আৰু জনতাৰ বাবে 'জীৱনধাৰণৰ সহজতা' যথেষ্ট বৃদ্ধি কৰিব"
"পুনে চহৰত জীৱন ধাৰণৰ সহজতা বৃদ্ধি কৰাৰ আমাৰ সপোনৰ দিশত আমি দ্ৰুত গতিত আগবাঢ়িছো"
"চোলাপুৰক পোনপটীয়া বিমান-সংযোগ প্ৰদানৰ বাবে বিমানবন্দৰ উন্নীতকৰণৰ কাম সম্পূৰ্ণ কৰা হৈছে"
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' কনফাৰেন্স’ ব্যৱস্থাৰ জৰিয়তে মহাৰাষ্ট্ৰত ১১,২০০ কোটি টকাৰ এলানি প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন তথা ৰাষ্ট্ৰৰ নামত উত্সৰ্গা কৰে।
তেওঁ লগতে কয় যে বিমানবন্দৰটোৱে ব্যৱসায়, উদ্যোগ আৰু পৰ্যটনক উৎসাহিত কৰিব আৰু আজিৰ উন্নয়নমূলক প্ৰকল্পৰ বাবে মহাৰাষ্ট্ৰৰ জনসধাৰণক তেওঁ অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' কনফাৰেন্স’ ব্যৱস্থাৰ জৰিয়তে মহাৰাষ্ট্ৰত ১১,২০০ কোটি টকাৰ এলানি প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন তথা ৰাষ্ট্ৰৰ নামত উত্সৰ্গা কৰে।

অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে দুদিন পূৰ্বে বেয়া বতৰৰ বাবে পুনেত অনুষ্ঠিত হোৱা অনুষ্ঠান বাতিল কৰিবলগীয়া হোৱা অনুষ্ঠানটোৰ কথা স্মৰণ কৰি আজৰ ‘ভাৰ্চুৱেল’ মাধ্যমেৰে অনুষ্ঠাত অনুষ্ঠানৰ বাবে প্ৰযুক্তিক কৃতিত্ব প্ৰদান কৰি কয় যে মহান ব্যক্তিত্বৰ অনুপ্ৰেৰণাৰ এই ভূখণ্ড মহাৰাষ্ট্ৰৰ উন্নয়নৰ এক নতুন অধ্যায়ৰ সাক্ষী হৈছে। শ্ৰী মোদীয়ে আজি ‘জিলা আদালতৰ পৰা স্বৰ্গেট’লৈকে ‘পুনে মেট্ৰ'ৰ শাখা’টো উদ্বোধন কৰাৰ লগতে ‘পুনে মেট্ৰ' পৰ্যায়-১’ৰ ‘স্বৰ্গেট-কাটৰাজ সম্প্ৰসাৰণ প্ৰকল্প’ৰ আধাৰশিলা স্থাপনৰ কথা উল্লেখ কৰে। তেওঁ ভিদেৱাড়াত ‘ক্ৰান্তিজ্যোতি’ সাবিত্ৰীবাই ফুলেৰ প্ৰথমখন বালিকা বিদ্যালয়ৰ স্মাৰকৰ আধাৰশিলা স্থাপন কৰাৰ লগতে পুনেত জীৱনধাৰণৰ সহজতা বৃদ্ধিৰ দিশত দ্ৰুত গতিত হোৱা অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰে।

 

চহৰখনলৈ পোনপটীয়া বিমান সংযোগ স্থাপনৰ বাবে ‘চোলাপুৰ বিমানবন্দৰ’ৰ উদ্বোধনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "ভগৱান বিথ্থলৰ ভক্তসকলেও আজি এক বিশেষ উপহাৰ লাভ কৰিছে"। তেওঁ জানিবলৈ দিয়ে যে ‘টাৰ্মিনেল’ৰ সামৰ্থ্য বৃদ্ধি পাইছে আৰু বৰ্তমানৰ বিমানবন্দৰটোৰ উন্নীতকৰণৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত যাত্ৰীসকলৰ বাবে নতুন সেৱা আৰু সুবিধা সৃষ্টি কৰা হৈছে, যাৰ ফলত ভগৱান বিথ্থলৰ ভক্তসকলৰ সুবিধা বৃদ্ধি পাইছে। তেওঁ লগতে কয় যে বিমানবন্দৰটোৱে ব্যৱসায়, উদ্যোগ আৰু পৰ্যটনক উৎসাহিত কৰিব আৰু আজিৰ উন্নয়নমূলক প্ৰকল্পৰ বাবে মহাৰাষ্ট্ৰৰ জনসধাৰণক তেওঁ অভিনন্দন জনায়।

"আজি মহাৰাষ্ট্ৰক নতুন প্ৰস্তাৱৰ সৈতে ডাঙৰ লক্ষ্যৰ প্ৰয়োজন", প্ৰধানমন্ত্ৰীয়ে পুনেৰ দৰে চহৰসমূহক প্ৰগতি আৰু নগৰ উন্নয়নৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰি মন্তব্য কৰে। পুনেৰ প্ৰগতি আৰু বৰ্ধিত জনসংখ্যাৰ চাপৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে উন্নয়ন আৰু সামৰ্থ্য বৃদ্ধিৰ বাবে এতিয়াই পদক্ষেপ লোৱাৰ প্ৰয়োজন আছে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই লক্ষ্য প্ৰাপ্ত কৰাৰ বাবে বৰ্তমানৰ ৰাজ্য চৰকাৰে পুনেৰ ৰাজহুৱা পৰিবহণৰ আধুনিকীকৰণ আৰু চহৰখনৰ সম্প্ৰসাৰণৰ লগে লগে যোগাযোগ বৃদ্ধিৰ দৃষ্টিভংগীৰে কাম কৰি আছে।

 

প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰে যে ‘পুনে মেট্ৰ' সম্পৰ্কে আলোচনা ২০০৮ চনত আৰম্ভ হৈছিল যদিও ২০১৬ চনত তেওঁৰ চৰকাৰে দ্ৰুত সিদ্ধান্ত লোৱাৰ পিচতহে ইয়াৰ আধাৰশিলা স্থাপন কৰা হৈছিল। প্ৰধানমন্ত্ৰীয়ে কয়, ইয়াৰ ফলস্বৰূপেহে আজি পুনে মেট্ৰ'ৰ গতি বৃদ্ধি আৰু সম্প্ৰসাৰণ ম্ভৱ হৈছে। আজিৰ প্ৰকল্পসমূহৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে এফালে ‘জিলা আদালতৰ পৰা স্বৰ্গেটলৈকে পুনে মেট্ৰ' শাখা উদ্বোধন কৰা হৈছে আনহাতে ‘স্বৰ্গেটৰ পৰা কাটৰাজ লাইন’লৈ সংযোগী পথছোৱাৰ আধাৰশিলাও স্থাপন কৰা হৈছে। তেওঁ এই বছৰৰ মাৰ্চ মাহত ‘ৰুবি হল ক্লিনিকৰ পৰা ৰামৱাড়ীলৈ মেট্ৰ' সেৱা উদ্বোধন কৰাৰ কথা স্মৰণ কৰে। প্ৰধানমন্ত্ৰীয়ে ২০১৬ চনৰ পৰা এতিয়ালৈকে ‘পুনে মেট্ৰ'ৰ সম্প্ৰসাৰণৰ বাবে কৰা কামৰ প্ৰশংসা কৰে, কিয়নো এই সন্দৰ্ভত দ্ৰুত সিদ্ধান্ত গ্ৰহণ কৰাৰ উপৰি এইক্ষেত্ৰত থকা বাধাসমূহ আঁতৰ কৰা হৈছে। তেওঁ আঙুলিয়াই দি কয় যে বৰ্তমানৰ চৰকাৰে পুনেত মেট্ৰ'ৰ এটা আধুনিক নেটৱৰ্ক প্ৰস্তুত কৰিছে, ইয়াৰ বিপৰীতে পূৰ্বৰ চৰকাৰে ৮টা বছৰত কোনোমতে মেট্ৰ'ৰ এটা স্তম্ভহে নিৰ্মাণ কৰিব পাৰিছিল।

শ্ৰী মোদীয়ে মহাৰাষ্ট্ৰৰ প্ৰগতি নিশ্চিত কৰাৰ ক্ষেত্ৰত উন্নয়ন-সঞ্চালিত শাসনত গুৰুত্ব আৰোপ কৰি কয় যে এই ধাৰাবাহিকতাত হব পৰা যিকোনো ব্যাঘাতে ৰাজ্যখনৰ গুৰুত্বপূৰ্ণ ক্ষতি কৰিব। তেওঁ মেট্ৰ'ৰ উদ্যোগৰ পৰা ‘মুম্বাই-আহমেদাবাদ বুলেট ট্ৰেইন’ আৰু কৃষকসকলৰ বাবে গুৰুত্বপূৰ্ণ জলসিঞ্চন প্ৰকল্পলৈকে বিভিন্ন পৰ্যায়ত স্তব্ধ হৈ থকা প্ৰকল্পসমূহৰ প্ৰসংগত আলোকপাত কৰে, যিবোৰ দ্বৈত ইঞ্জিন চৰকাৰৰ অহাৰ আগৰ সময়ছোৱাত বিলম্বিত হৈছিল।

প্ৰধানমন্ত্ৰীয়ে তদানীন্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফড়নৱিশৰ কাৰ্যকালত অৱধাৰণা প্ৰস্তুত কৰা ‘অৰিক চহৰ’-ৰ এক গুৰুত্বপূৰ্ণ উপাদান বিড়কিন ঔদ্যোগিক ক্ষেত্ৰৰ বিষয়ে উল্লেখ কৰে। ‘দিল্লী-মুম্বাই ঔদ্যোগিক কৰিডৰ’ত অৱস্থিত এই প্ৰকল্পটোৱে বাধাৰ সন্মুখীন হৈছিল, কিন্তু মুখ্যমন্ত্ৰী একনাথ চিন্দেৰ নেতৃত্বত দ্বৈত ইঞ্জিন চৰকাৰৰ উদ্যোগত পুনৰুজ্জীৱিত কৰা হৈছিল। শ্ৰী মোদীয়ে বিড়কিন ইণ্ডাষ্ট্ৰিয়েল নোড দেশলৈ উৎসৰ্গা কৰাৰ কথা ঘোষণা কৰে আৰু অঞ্চলটোলৈ গুৰুত্বপূৰ্ণ বিনিয়োগ আৰু নিযুক্তিৰ সুযোগ অনাৰ সম্ভাৱনাত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, "৮,০০০ একৰ জুৰি ‘বিড়কিন ঔদ্যোগিক এলেকা’ৰ বিকাশৰ লগে লগে মহাৰাষ্ট্ৰত হাজাৰ হাজাৰ কোটি টকাৰ পুঁজিৰ বিনিয়োগ প্ৰবাহিত হ'ব, যাৰ ফলত হাজাৰ হাজাৰ যুৱক-যুৱতীৰ চাকৰি সৃষ্টি হ'ব।" তেওঁ গুৰুত্ব আৰোপ কৰে যে বিনিয়োগৰ জৰিয়তে চাকৰি সৃষ্টিৰ মন্ত্ৰ আজি মহাৰাষ্ট্ৰত যুৱসকলৰ এক মুখ্য শক্তি হৈ উঠিছে। শ্ৰী মোদীয়ে পুনৰ কয় যে আধুনিকীকৰণ দেশৰ মূল মূল্যবোধ আধাৰিত হ'ব লাগে আৰু ভাৰতে আধুনিকীকৰণ আৰু বিকাশৰ লগতে ইয়াৰ সমৃদ্ধ ঐতিহ্যকো আগুৱাই নিয়াত গুৰুত্ব প্ৰদান কৰিব বুলি মন্তব্য কৰে। তেওঁ কয় যে ভৱিষ্যতৰ বাবে সাজু আন্তঃগাঁথনি আৰু প্ৰতিটো শাখাত উপনীত হোৱা উন্নয়নৰ লাভ দুয়োটাই মহাৰাষ্ট্ৰৰ বাবে সমানেই গুৰুত্বপূৰ্ণ আৰু যেতিয়া সমাজৰ প্ৰতিটো শ্ৰেণীয়ে দেশৰ উন্নয়নত অংশগ্ৰহণ কৰে তেতিয়া ই বাস্তৱত পৰিণত হয়েই বুলি উল্লেখ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে সামাজিক পৰিৱৰ্তনৰ ক্ষেত্ৰত মহিলাসকলৰ নেতৃত্বৰ গুৰুত্বপূৰ্ণ ভূমিকাত গুৰুত্ব আৰোপ কৰে। তেওঁ মহাৰাষ্ট্ৰৰ মহিলা সৱলীকৰণৰ উত্তৰাধিকাৰী, বিশেষকৈ সাবিত্ৰীবাই ফুলেৰ প্ৰচেষ্টাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে, যিয়ে প্ৰথম বালিকা বিদ্যালয় খুলি মহিলা শিক্ষাৰ আন্দোলন আৰম্ভ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে ‘সাবিত্ৰীবাই ফুলে স্মাৰক’ৰ আধাৰশিলা স্থাপন কৰে, য'ত এক দক্ষতা বিকাশ কেন্দ্ৰ, এটা পুথিভঁৰাল আৰু অন্যান্য অত্যাৱশ্যকীয় সা-সুবিধা অন্তৰ্ভুক্ত থাকিব। শ্ৰী মোদীয়ে বিশ্বাস ব্যক্ত কৰে যে এই স্মাৰকটোৱে সামাজিক সংস্কাৰৰ আন্দোলনৰ প্ৰতি এক স্থায়ী শ্ৰদ্ধাঞ্জলি হিচাপে কাম কৰাৰ লগতে ভৱিষ্যতৰ প্ৰজন্মসমূহক অনুপ্ৰাণিত কৰি থাকিব।

প্ৰধানমন্ত্ৰীয়ে স্বাধীনতা পূৰ্ব ভাৰতত মহিলাসকলে সন্মুখীন হোৱা অপৰিসীম প্ৰত্যাহ্বান, বিশেষকৈ শিক্ষা প্ৰাপ্তিৰ ক্ষেত্ৰত প্ৰসংগ উল্লেখ কৰি মহিলাসকলৰ বাবে শিক্ষাৰ দুৱাৰ মুকলি কৰাৰ বাবে সাবিত্ৰীবাই ফুলেৰ দৰে দূৰদৰ্শীসকলক প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে স্বাধীনতা লাভ কৰাৰ পিছতো দেশখনে অতীতৰ মানসিকতা সম্পূৰ্ণৰূপে আঁতৰাবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছিল আৰু বহুক্ষেত্ৰত মহিলাৰ প্ৰৱেশাধিকাৰ সীমিত কৰাৰ বাবে পূৰ্বৰ চৰকাৰসমূহলৈ আঙুলি টোৱায়। তেওঁ কয় যে বিদ্যালয়ত শৌচালয়ৰ দৰে মৌলিক আন্তঃগাঁথনিৰ অভাৱৰ ফলত ছোৱালীহঁতৰ ‘ড্ৰপআউট’ৰ হাৰ বাবে উচ্চ হৈছিল। শ্ৰী মোদীয়ে কয় যে বৰ্তমানৰ চৰকাৰে সৈনিক বিদ্যালয়সমূহত মহিলাৰ নামভৰ্তি আৰু সশস্ত্ৰ বাহিনীত ভূমিকাসহ পুৰণি প্ৰণালীসমূহৰ পৰিৱৰ্তন সাধন কৰিছে আৰু গৰ্ভৱতী মহিলাসকলে তেওঁলোকৰ কাম ত্যাগ কৰিব লগা হোৱা বিষয়টোৰো সমাধান সূত্ৰ উলিয়াইছে। প্ৰধানমন্ত্ৰীয়ে ‘স্বচ্ছ ভাৰত অভিযান’ৰ গুৰুত্বপূৰ্ণ প্ৰভাৱৰ কথা উল্লেখ কৰি কয় যে ইয়াৰ আটাইতকৈ ডাঙৰ হিতাধিকাৰী হৈছে কন্যা আৰু মহিলাসকল, যিসকলক মুকলিত শৌচ কৰাৰ কষ্টৰ পৰা মুক্ত কৰা হৈছে। তেওঁ এইটোও উল্লেখ কৰে যে বিদ্যালয়সমূহৰ অনাময় ব্যৱস্থাৰ উন্নয়নে ছোৱালীহঁতৰ ‘ড্ৰপআউট’ৰ হাৰ হ্ৰাস কৰিছে। শ্ৰী মোদীয়ে মহিলা আৰু নাৰী শক্তি বন্দন অধিনিয়মৰ সুৰক্ষাৰ বাবে কঠোৰ আইনসমূহৰ কথা উল্লেখ কৰে যিয়ে ভাৰতৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াত মহিলাসকলৰ নেতৃত্ব নিশ্চিত কৰেৰিছে। "যেতিয়া আমাৰ ছোৱালীহঁতৰ বাবে প্ৰতিটো খণ্ডৰ দুৱাৰ মুকলি হয়, তেতিয়াহে দেশৰ বাবে প্ৰগতিৰ প্ৰকৃত দুৱাৰ মুকলি হয়", শ্ৰী মোদীয়ে বিশ্বাস ব্যক্ত কৰি কয় যে সাবিত্ৰীবাই ফুলে স্মাৰকে এই প্ৰস্তাৱসমূহ আৰু মহিলা সৱলীকৰণ অভিযানক অধিক শক্তি প্ৰদান কৰিব।

 

ভাষণৰ সমৰণি মাৰিবলৈ গৈ প্ৰধানমন্ত্ৰীয়ে দেশবাসীক উন্নয়নৰ দিশত পথ প্ৰদৰ্শন কৰাত মহাৰাষ্ট্ৰৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ প্ৰতি তেওঁৰ বিশ্বাস পুনৰ ব্যক্ত কৰি কয়, "আমি একেলগে 'বিকশিত মহাৰাষ্ট্ৰ, বিকশিত ভাৰত'ৰ এই লক্ষ্য প্ৰাপ্ত কৰিম।

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী চি পি ৰাধাকৃষ্ণণ, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী একনাথ চিন্দে, মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফড়নৱিশ আৰু শ্ৰী অজিত পাৱাৰ আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকল ভাৰ্চুৱেল মাধ্যমেৰে উপস্থিত আছিল।

পটভূমি

প্ৰধানমন্ত্ৰীয়ে জিলা আদালতৰ পৰা স্বৰ্গেটলৈকে পুনে মেট্ৰ' শাখাৰ উদ্বোধন কৰে, যিয়ে ‘পুনে মেট্ৰ' ৰে'ল প্ৰকল্প’ (প্ৰথম পৰ্যায়) সম্পূৰ্ণ হোৱাটোকো চিহ্নিত কৰিব। জিলা আদালতৰ পৰা স্বৰ্গেটলৈ ভূগৰ্ভস্থ শাখাৰ ব্যয় আছিল প্ৰায় ১,৮১০ কোটি টকা। তদুপৰি, প্ৰধানমন্ত্ৰীয়ে প্ৰায় ২,৯৫৫ কোটি টকা ব্যয়েৰে বিকশিত হ'ব লগা ‘পুনে মেট্ৰ' পৰ্যায়-১’ৰ স্বৰ্গেট-কাটৰাজ অংশৰ সম্প্ৰসাৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। প্ৰায় ৫.৪৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ দক্ষিণ দিশে হব লগা এই সম্প্ৰসাৰণ সম্পূৰ্ণৰূপে ভূগৰ্ভস্থ হব আৰু ইয়াত মাৰ্কেট য়াৰ্ড, পদ্মাৱতী আৰু কাটৰাজ এই তিনিটা ষ্টেশ্যন অন্তৰ্ভুক্ত থাকিব।

 

প্ৰধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰৰ ছত্ৰপতি সম্ভাজীনগৰৰ পৰা ২০ কিলোমিটাৰ দক্ষিণে অৱস্থিত ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় ঔদ্যোগিক কৰিডৰ উন্নয়ন কাৰ্যসূচীৰ অধীনত ৭,৮৫৫ একৰ ভূমি সামৰি লোৱা এক পৰিৱৰ্তনকাৰী প্ৰকল্প ‘বিড়কিন ঔদ্যোগিক ক্ষেত্ৰ’কো ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত কৰে। ‘দিল্লী মুম্বাই ঔদ্যোগিক কৰিডৰ’ৰ অধীনত বিকশিত প্ৰকল্পটোৱে মাৰাঠৱাড়া অঞ্চলত এক উচ্চল অৰ্থনৈতিক কেন্দ্ৰ হিচাপে অপৰিসীম সম্ভাৱনা সৃষ্টি কৰিছে। কেন্দ্ৰীয় চৰকাৰে ৩ টা পৰ্যায়ত উন্নয়নৰ বাবে সামগ্ৰিক প্ৰকল্প ব্যয় ৬,৪০০ কোটি টকাৰ সৈতে এই প্ৰকল্পটো অনুমোদন জনাইছে।

প্ৰধানমন্ত্ৰীয়ে চোলাপুৰ বিমানবন্দৰৰো শুভাৰম্ভ ঘোষণা কৰে, যাৰ ফলত যোগাযোগৰ যথেষ্ট উন্নতি হ'ব, যাৰ ফলত চোলাপুৰ পৰ্যটক, ব্যৱসায়িক ভ্ৰমণকাৰী আৰু বিনিয়োগকাৰীসকলৰ বাবে অধিক সুলভ হৈ উঠিব। চোলাপুৰৰ বৰ্তমানে থকা ‘টাৰ্মিনেল ভৱন’টো বছৰি প্ৰায় ৪.১ লাখ যাত্ৰীক সেৱা আগবঢ়োৱাৰ বাবে পুনৰ নিৰ্মাণ কৰা হৈছে। তদুপৰি, প্ৰধানমন্ত্ৰীয়ে ভিদেৱাড়াত ‘ক্ৰান্তিজ্যোতি’ সাবিত্ৰীবাই ফুলেৰ প্ৰথম বালিকা বিদ্যালয়ৰ স্মৃতিসৌধৰো আধাৰশিলা স্থাপন কৰে।

 

Click here to read full text speech

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Shared commitment to eradicate terrorism': PM Modi as India, Belgium sign key MoUs

Media Coverage

'Shared commitment to eradicate terrorism': PM Modi as India, Belgium sign key MoUs
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Italian PM Giorgia Meloni on becoming the longest continuously serving Prime Minister in Italy's postwar history
September 04, 2026

Prime Minister Shri Narendra Modi today congratulated Italian Prime Minister Giorgia Meloni on becoming the longest continuously serving Prime Minister in Italy's postwar history.

The Prime Minister stated that this milestone is a reflection of the trust and confidence of the Italian people in her leadership. He further noted that her friendship has been instrumental in strengthening the India-Italy Special Strategic Partnership, adding that he looks forward to continuing their close cooperation to build a prosperous future for the people of both countries. He extended his best wishes for her continued success in the years ahead.

In a post on X, the Prime Minister shared:

"Congratulations to my friend Prime Minister Meloni on becoming the longest continuously serving Prime Minister in Italy's postwar history. This milestone is a reflection of the trust and confidence of the Italian people in her leadership.

Her friendship has also been instrumental in strengthening the India-Italy Special Strategic
Partnership and I look forward to continuing our close cooperation to build a prosperous future for the people of our countries.

My best wishes for her continued success in the years ahead.

@GiorgiaMeloni"