প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় সেউজ হাইড্ৰজেন অভিযানৰ অধীনত প্ৰথমটো গ্ৰীণ হাইড্ৰজেন হাবৰ আধাৰশিলা স্থাপন কৰে
অন্ধ্ৰ প্ৰদেশৰ বাবে এইটো এটা ডাঙৰ দিন কাৰণ আমি উল্লেখযোগ্য সেউজ শক্তিৰ পদক্ষেপ আৰু গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্প আৰম্ভ কৰিছোঁ: প্ৰধানমন্ত্ৰী
অন্ধ্ৰ প্ৰদেশৰ উন্নয়ন আমাৰ দৃষ্টিভংগী, অন্ধ্ৰ প্ৰদেশৰ জনসাধাৰণক সেৱা আগবঢ়োৱাটোৱেই আমাৰ প্ৰতিশ্ৰুতি: প্ৰধানমন্ত্ৰী
অন্ধ্ৰই ভৱিষ্যতৰ প্ৰযুক্তিৰ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিব: প্ৰধানমন্ত্ৰী
আমাৰ চৰকাৰে নগৰায়নক সুযোগ এটা হিচাপে চায়: প্ৰধানমন্ত্ৰী
আমি সাগৰ সম্পৰ্কীয় সুযোগসমূহ সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিবলৈ ব্লু ইকনমিক প্ৰসাৰিত কৰিছোঁ: প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত আজি ২ লাখ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰে। ভগৱান সিমহাচলম বৰাহা লক্ষ্মী নৰসিংহ স্বামীক যথাযথ সন্মান জনাই, শ্ৰী মোদীয়ে কয় যে ৬০ বছৰৰ ব্যৱধানৰ অন্তত ৰাইজৰ আশীৰ্বাদত দেশত একেৰাহে তৃতীয়বাৰৰ বাবে এখন কেন্দ্ৰীয় চৰকাৰ নিৰ্বাচিত হৈছে। তেওঁ লগতে কয় যে চৰকাৰ গঠনৰ পিছত অন্ধ্ৰ প্ৰদেশত এয়া তেওঁৰ প্ৰথম আনুষ্ঠানিক কাৰ্যসূচী। শ্ৰী মোদীয়ে, অনুষ্ঠানৰ পূৰ্বে ৰোডশ্ব’ৰ সময়ত তেওঁক জনোৱা এক বৃহৎ আদৰণিৰ বাবে ৰাইজক ধন্যবাদ জনায়। তেওঁ লগতে কয় যে শ্ৰী চন্দ্ৰবাবু নাইডুৰ ভাষণৰ সময়ত তেওঁৰ প্ৰতিটো শব্দ আৰু অনুভূতিৰ ভাবনাক তেওঁ সন্মান জনায়। প্ৰধানমন্ত্ৰীয়ে অন্ধ্ৰপ্ৰদেশ আৰু ভাৰতৰ জনসাধাৰণৰ সহযোগত শ্ৰী নাইডুৱে নিজৰ ভাষণত উল্লেখ কৰা সকলো লক্ষ্যত উপনীত হ’ব বুলি বিশ্বাস ব্যক্ত কৰে।

“আমাৰ অন্ধ্ৰ প্ৰদেশ সম্ভাৱনা আৰু সুযোগৰ এখন ৰাজ্য”, শ্ৰী মোদীয়ে ব্যাখ্যা কৰে। তেওঁ মন্তব্য কৰে যে যেতিয়া এই সম্ভাৱনাসমূহ বাস্তৱায়িত হ’ব, তেতিয়া অন্ধ্ৰ প্ৰদেশৰ বিকাশ হ’ব, আৰু ভাৰত এখন বিকশিত ৰাষ্ট্ৰত পৰিণত হ’ব। প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে অন্ধ্ৰ প্ৰদেশৰ উন্নয়ন আমাৰ দৃষ্টিভংগী আৰু অন্ধ্ৰ প্ৰদেশৰ জনসাধাৰণৰ সেৱা কৰাটো আমাৰ প্ৰতিশ্ৰুতি। শ্ৰী মোদীয়ে আলোকপাত কৰে যে ২০৪৭ চনৰ ভিতৰত অন্ধ্ৰ প্ৰদেশে ২.৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিত পৰিণত হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। তেওঁ মন্তব্য কৰে যে এই লক্ষ্যত উপনীত হ’বলৈ শ্ৰী চন্দ্ৰবাবু নাইডুৰ চৰকাৰে ‘স্বৰ্ণ অন্ধ্ৰ@২০৪৭’ পদক্ষেপ আৰম্ভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে প্ৰতিটো লক্ষ্য আহৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে অন্ধ্ৰ প্ৰদেশৰ সৈতে কান্ধত কান্ধ মিলাই কাম কৰি আছে আৰু লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে লাখ লাখ কোটি টকা মূল্যৰ প্ৰকল্পত অন্ধ্ৰপ্ৰদেশক বিশেষ অগ্ৰাধিকাৰ দিছে। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে আজি ২ লাখ কোটি টকাতকৈ অধিক মূল্যৰ প্ৰকল্প উদ্বোধন কৰা হৈছে আৰু এই উন্নয়নমূলক প্ৰকল্পসমূহৰ বাবে অন্ধ্ৰ প্ৰদেশৰ জনসাধাৰণ আৰু সমগ্ৰ দেশবাসীক অভিনন্দন জ্ঞাপন কৰে।

 

ইয়াৰ উদ্ভাৱনীমূলক প্ৰকৃতিৰ বাবে, অন্ধ্ৰ প্ৰদেশ তথ্য আৰু প্ৰযুক্তিৰ এক উল্লেখযোগ্য কেন্দ্ৰ বুলি উল্লেখ কৰি, প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে, “ভৱিষ্যতৰ প্ৰযুক্তিৰ কেন্দ্ৰ হ’বলৈ এতিয়া অন্ধ্ৰ প্ৰদেশৰ সময় আহি পৰিছে”। সেউজ হাইড্ৰজেনৰ দৰে উদীয়মান প্ৰযুক্তিত নেতৃত্ব দিয়াৰ গুৰুত্বৰ ওপৰত তেওঁ আলোকপাত কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ২০৩০ চনৰ ভিতৰত ৫ নিযুত মেট্ৰিক টন সেউজ হাইড্ৰজেন উৎপাদনৰ লক্ষ্যৰে, ২০২৩ চনত ৰাষ্ট্ৰীয় সেউজ হাইড্ৰজেন অভিযান আৰম্ভ কৰা হৈছিল। তেওঁ লগতে কয় যে প্ৰাৰম্ভিক পৰ্যায়ত দুটা সেউজ হাইড্ৰজেন হাব স্থাপন কৰা হ’ব, ইয়াৰে এটা হ’ব বিশাখাপট্টনমত। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বৃহৎ পৰিসৰৰ সেউজ হাইড্ৰ’জেন উৎপাদনৰ সুবিধা থকা বিশ্বৰ কেইখনমান চহৰৰ ভিতৰত বিশাখাপট্টনমো থাকিব। তেওঁ আলোকপাত কৰে যে এই সেউজ হাইড্ৰজেন হাবে অন্ধ্ৰ প্ৰদেশত অসংখ্য চাকৰিৰ সুযোগ সৃষ্টি কৰিব আৰু এক উৎপাদন পৰিৱেশ তন্ত্ৰ গঢ়ি তুলিব।

শ্ৰী মোদীয়ে মন্তব্য কৰে যে তেওঁ নাক্কাপল্লীত বাল্ক ড্ৰাগ পাৰ্ক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ সুযোগ লাভ কৰে আৰু উল্লেখ কৰে যে এনে পাৰ্ক প্ৰতিষ্ঠা হৈ থকা অন্ধ্ৰপ্ৰদেশ হৈছে দেশৰ তিনিখন ৰাজ্যৰ ভিতৰত অন্যতম। প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে এই উদ্যানখনে উৎপাদন আৰু গৱেষণাৰ বাবে উৎকৃষ্ট আন্তঃগাঁথনি প্ৰদান কৰিব, বিনিয়োগকাৰীৰ উৎসাহ আৰু আত্মবিশ্বাস বৃদ্ধি কৰাৰ লগতে স্থানীয় ফাৰ্মা কোম্পানীসমূহক উপকৃত কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে চৰকাৰে নগৰায়নক এটা সুযোগ হিচাপে চায় আৰু অন্ধ্ৰপ্ৰদেশক নতুন যুগৰ নগৰায়নৰ নিদৰ্শন হিচাপে গঢ়ি তোলাৰ লক্ষ্য ৰাখিছে। তেওঁ লগতে কয় যে এই দৃষ্টিভংগী বাস্তৱায়িত কৰিবলৈ আজি কৃষ্ণপট্টনম ঔদ্যোগিক এলেকাৰ আধাৰশিলা স্থাপন কৰা হয়, যাক ক্ৰীছ চিটি বুলিও কোৱা হয়। তেওঁ মন্তব্য কৰে যে এই স্মাৰ্ট চিটিখন চেন্নাই-বেংগালুৰু ঔদ্যোগিক কৰিডৰৰ অংশ হ’ব, যিয়ে হাজাৰ হাজাৰ কোটি বিনিয়োগ আকৰ্ষণ কৰিব আৰু অন্ধ্ৰপ্ৰদেশত লাখ লাখ ঔদ্যোগিক চাকৰিৰ সৃষ্টি কৰিব।

অন্ধ্ৰ প্ৰদেশে ইতিমধ্যে শ্ৰী চিটিৰ পৰা উৎপাদন কেন্দ্ৰ হিচাপে লাভৱান হৈ আহিছে বুলি মন্তব্য কৰি শ্ৰী মোদীয়ে এই কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰে যে ঔদ্যোগিক আৰু উৎপাদন খণ্ডত অন্ধ্ৰ প্ৰদেশক দেশৰ শীৰ্ষ ৰাজ্যসমূহৰ ভিতৰত অন্তৰ্ভুক্ত কৰাটোৱেই হৈছে লক্ষ্য। প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে চৰকাৰে প্ৰডাকচন লিংকড ইনচেণ্টিভ (পিএলআই) আঁচনিৰ দৰে পদক্ষেপৰ জৰিয়তে উৎপাদনক প্ৰসাৰিত কৰি আছে, যাৰ ফলত ভাৰতক বিভিন্ন সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত বিশ্বৰ শীৰ্ষ দেশৰ ভিতৰত গণ্য কৰা হৈছে।

 

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে দক্ষিণ উপকূল ৰে’লৱে মণ্ডলৰ মুখ্য কাৰ্যালয়ৰ আধাৰশিলা বিশাখাপট্টনমৰ নতুন চহৰত স্থাপন কৰা হৈছে। এক সুকীয়া ৰে’লৱে জ’নৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰি তেওঁ অন্ধ্ৰ প্ৰদেশৰ বাবে এই উন্নয়নৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে দক্ষিণ উপকূল ৰে’লৱে মণ্ডলৰ মুখ্য কাৰ্যালয় স্থাপনে অঞ্চলটোত কৃষি আৰু বাণিজ্যিক কাৰ্যকলাপ সম্প্ৰসাৰণ কৰিব, আৰু পৰ্যটন আৰু স্থানীয় অৰ্থনীতিৰ বাবে নতুন সুযোগ প্ৰদান কৰিব। সহস্ৰাধিক কোটি টকা মূল্যৰ সংযোগী প্ৰকল্পৰ উদ্বোধনী আৰু আধাৰশিলা স্থাপনৰ কথাও তেওঁ উল্লেখ কৰে। শ্ৰী মোদীয়ে কয় যে অন্ধ্ৰ প্ৰদেশ হৈছে ১০০% ৰে’লৱে বিদ্যুৎ সংযোগ থকা ৰাজ্যসমূহৰ ভিতৰত অন্যতম, আৰু অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ৭০টাতকৈও অধিক ৰে’ল ষ্টেচন উন্নিত কৰি থকা হৈছে। তেওঁ আলোকপাত কৰে যে অন্ধ্ৰ প্ৰদেশৰ জনসাধাৰণৰ যাতায়তৰ সুবিধাৰ বাবে ৭খন বন্দে ভাৰত ৰে’ল আৰু অমৃত ভাৰত ৰে’ল চলোৱা হৈছে।

“উন্নত সংযোগ আৰু সুবিধাৰ সৈতে অন্ধ্ৰ প্ৰদেশৰ আন্তঃগাঁথনি বিপ্লৱে ৰাজ্যখনৰ পৰিৱেশ ৰূপান্তৰিত কৰিব”, শ্ৰী মোদীয়ে কয়। তেওঁ মন্তব্য কৰে যে অন্ধ্ৰ প্ৰদেশৰ ২.৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ ভেটি গঠন কৰি, এই উন্নয়নে জীৱন-যাপনৰ সহজতা আৰু ব্যৱসায় কৰাত সহজতা বৃদ্ধি কৰিব।

 

বিশাখাপট্টনম আৰু অন্ধ্ৰপ্ৰদেশৰ উপকূল যুগ যুগ ধৰি ভাৰতৰ বাণিজ্যৰ দুৱাৰমুখ হৈ আহিছে আৰু উল্লেখযোগ্য গুৰুত্ব অব্যাহত ৰাখিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে সামুদ্ৰিক সুযোগসমূহ সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিবলৈ মিছন মোডত নীলা অৰ্থনীতিৰ প্ৰসাৰত গুৰুত্ব আৰোপ কৰে। তেওঁ মীন পালনৰ লগত জড়িতসকলৰ আয় আৰু ব্যৱসায় বৃদ্ধিৰ বাবে বিশাখাপট্টনম মাছ ধৰা বন্দৰ আধুনিকীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মাছমৰীয়াসকলক কিষাণ ক্ৰেডিট কাৰ্ডৰ দৰে সুবিধা প্ৰদানৰ লগতে সামুদ্ৰিক সুৰক্ষা নিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ কথা তেওঁ উল্লেখ কৰে।

উন্নয়নৰ সুবিধা যাতে সমাজৰ সকলো শ্ৰেণীৰ মাজলৈ যায় সেয়া নিশ্চিত কৰি প্ৰতিটো খণ্ডতে সমাৱেশী আৰু সৰ্বাংগীন উন্নয়নৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাৰ ওপৰত শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰে। তেওঁ এখন সমৃদ্ধিশালী আৰু আধুনিক অন্ধ্ৰপ্ৰদেশ গঢ়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সমৰ্পণৰ কথা পুনৰবাৰ উল্লেখ কৰে। ভাষণৰ সামৰণিত, প্ৰধানমন্ত্ৰীয়ে অন্ধ্ৰপ্ৰদেশৰ জনসাধাৰণৰ সমৃদ্ধি সুনিশ্চিত কৰি আজি উদ্বোধন কৰা প্ৰকল্পসমূহৰ বাবে সকলোকে অভিনন্দন জ্ঞাপন কৰে।

অনুষ্ঠানত অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীযুত এছ আব্দুল নাজিৰ, কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী শ্ৰী কিঞ্জাৰাপু ৰামমোহন নাইডু, অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰীযুত এন চন্দ্ৰবাবু নাইডু, উপ-মুখ্যমন্ত্ৰী শ্ৰীযুত পৱন কল্যাণৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

 

পৃষ্ঠভূমি

সেউজ শক্তি আৰু বহনক্ষম ভৱিষ্যতৰ প্ৰতি তেওঁৰ প্ৰতিশ্ৰুতিৰ দিশত আন এক গুৰুত্বপূৰ্ণ পদক্ষেপত প্ৰধানমন্ত্ৰীয়ে অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমৰ ওচৰৰ পুডিমাডাকাত অত্যাধুনিক এনটিপিচি গ্ৰীণ এনাৰ্জি লিমিটেড গ্ৰীণ হাইড্ৰজেন হাব প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে, যিটো ৰাষ্ট্ৰীয় সেউজ হাইড্ৰজেন অভিযানৰ অধীনত প্ৰথম গ্ৰীণ হাইড্ৰজেন হাব। প্ৰকল্পটোৰ বাবে প্ৰায় ১,৮৫,০০০ কোটি টকা বিনিয়োগৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ ভিতৰত আছে ২০ গিগাৱট নবীকৰণযোগ্য শক্তি ক্ষমতাত বিনিয়োগ, যাৰ ফলত গ্ৰীণ মিথানল, সেউজ ইউৰিয়া আৰু বহনক্ষম বিমান ইন্ধনকে ধৰি ১৫০০ টিপিডি গ্ৰীণ হাইড্ৰজেন আৰু ৭৫০০ টিপিডি গ্ৰীণ হাইড্ৰজেন ডেৰাইভেটিভ উৎপাদনৰ ক্ষমতাৰে ই ভাৰতৰ অন্যতম বৃহৎ সংহত সেউজ হাইড্ৰজেন উৎপাদন সুবিধা হিচাপে পৰিগণিত হ’ব, যিয়ে মূলতঃ ৰপ্তানি বজাৰক লক্ষ্য কৰি ল’ব। ২০৩০ চনৰ ভিতৰত ৫০০ গিগাৱটৰ ভাৰতৰ অজীৱাশ্ম শক্তি ক্ষমতাৰ লক্ষ্য লাভ কৰাত এই প্ৰকল্পটোৱে যথেষ্ট অৰিহণা যোগাব।

 

প্ৰধানমন্ত্ৰীয়ে লগতে অন্ধ্ৰ প্ৰদেশত ১৯,৫০০ কোটি টকাৰো অধিক মূল্যৰ বিভিন্ন ৰে'ল আৰু পথ প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰক উচৰ্গা কৰে। য’ত আছে বিভিন্ন প্ৰকল্পৰ লগতে বিশাখাপট্টনমত দক্ষিণ উপকূল ৰে’লৱে মুখ্য কাৰ্যালয়ৰ আধাৰশিলা স্থাপন। এই প্ৰকল্পসমূহে যানজঁট হ্ৰাস কৰিব, সংযোগ উন্নত কৰিব আৰু আঞ্চলিক সামাজিক আৰু অৰ্থনৈতিক বিকাশ বৃদ্ধি কৰিব।

সুলভ আৰু বহনক্ষম স্বাস্থ্যসেৱাৰ তেওঁৰ দৃষ্টিভংগীক আগুৱাই নি প্ৰধানমন্ত্ৰীয়ে আনকাপল্লী জিলাৰ নাক্কাপল্লীত বাল্ক ড্ৰাগ পাৰ্কৰ আধাৰশিলা স্থাপন কৰে। বিশাখাপট্টনম-চেন্নাই ঔদ্যোগিক কৰিডৰ (ভিচিআইচি) আৰু বিশাখাপট্টনম-কাকিনাদা পেট্ৰলিয়াম, কেমিকেল এণ্ড পেট্ৰ’কেমিকেল ইনভেষ্টমেণ্ট ৰিজিঅ’নৰ ওচৰত থকাৰ বাবে বাল্ক ড্ৰাগ পাৰ্কে অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰাত সহায় কৰাৰ লগতে হাজাৰ হাজাৰ চাকৰিৰ সৃষ্টি কৰিব।

প্ৰধানমন্ত্ৰীয়ে লগতে অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি জিলাৰ চেন্নাই বেংগালুৰু ঔদ্যোগিক কৰিডৰৰ অন্তৰ্গত কৃষ্ণপট্টনম ঔদ্যোগিক এলেকাৰ (KRIS City) আধাৰশিলা স্থাপন কৰে। ৰাষ্ট্ৰীয় ঔদ্যোগিক কৰিডৰ উন্নয়ন কাৰ্যসূচীৰ অধীনত ফ্লেগশ্বিপ প্ৰকল্প কৃষ্ণপট্টনম ঔদ্যোগিক এলেকা (KRIS City)ক গ্ৰীণফিল্ড ঔদ্যোগিক স্মাৰ্ট চিটি হিচাপে কল্পনা কৰা হৈছে। এই প্ৰকল্পটোৱে প্ৰায় ১০,৫০০ কোটি টকাৰ উল্লেখযোগ্য উৎপাদন বিনিয়োগ আকৰ্ষণ কৰিব আৰু ইয়াৰ উপৰিও প্ৰায় ১ লাখ প্ৰত্যক্ষ আৰু পৰোক্ষ চাকৰিৰ সৃষ্টি হ’ব, যাৰ ফলত জীৱিকা যথেষ্ট বৃদ্ধি পাব আৰু আঞ্চলিক অগ্ৰগতিৰ সূচনা হ’ব।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
500 ethanol pumps by year-end: Union minister Hardeep Singh Puri

Media Coverage

500 ethanol pumps by year-end: Union minister Hardeep Singh Puri
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
UK Foreign Secretary meets Prime Minister
June 04, 2026

UK Foreign Secretary Yvette Cooper today met Prime Minister Shri Narendra Modi.

The Prime Minister expressed his pleasure upon the meeting and appreciated the deepening of the India-UK partnership in recent times which has unlocked unprecedented growth opportunities for both countries.

The Prime Minister affirmed that the India-UK Vision 2035 will continue to guide the partnership and strengthen joint efforts for the global good.

The Prime Minister posted on X:

"Pleased to meet UK Foreign Secretary Yvette Cooper. Appreciated the deepening of the India-UK partnership in recent times that has unlocked unprecedented growth opportunities for both our countries.

India-UK Vision 2035 will continue to guide our partnership and strengthen our joint efforts for global good.@YvetteCooperMP"