কেন্দ্ৰ আৰু ৰাজ্যত থকা আমাৰ চৰকাৰে ওড়িশাৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ: প্ৰধানমন্ত্ৰী
আমি দুখীয়া, দলিত, পিছপৰা শ্ৰেণী, আৰু জনজাতীয় লোকক মৌলিক সুবিধা প্ৰদান কৰাত অধিক গুৰুত্ব দিওঁ: প্ৰধানমন্ত্ৰী
শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ওড়িশাৰ বাবে দুটা অৰ্ধপৰিবাহী ইউনিটৰ অনুমোদন দিছে: প্ৰধানমন্ত্ৰী
আত্মনিৰ্ভৰশীলতাৰ দিশত এক অতি বৃহৎ পদক্ষেপ হিচাপে বিএছএনএলে স্বদেশী থলুৱা ৪জি প্ৰযুক্তি প্ৰস্তুত কৰি ভাৰতক সম্পূৰ্ণ থলুৱা প্ৰযুক্তিৰে বিশ্বৰ শীৰ্ষ পাঁচখন দেশৰ ভিতৰত স্থান দি ৪জি সেৱা আৰম্ভ কৰিছে: প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশাৰ ঝাৰছুগুদাত ৬০ হাজাৰ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। সভাত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত উপস্থিত থকা সকলো বিশিষ্ট বিশিষ্ট ব্যক্তিক শ্ৰদ্ধাৰে শুভেচ্ছা জ্ঞাপন কৰে। বৰ্তমান নৱৰাত্ৰি উৎসৱ উদযাপন কৰা হৈছে বুলি উল্লেখ  কৰি শ্ৰী মোদীয়ে প্ৰকাশ কৰে যে এই শুভ দিনবোৰত তেওঁ মা ছামালেই আৰু মা ৰামচন্দিৰ পবিত্ৰ ভূমি ভ্ৰমণ কৰি তাত সমবেত লোকসকলক লগ পোৱাৰ সৌভাগ্য লাভ কৰিছে। তেওঁ অনুষ্ঠানত বৃহৎ সংখ্যক মাতৃ-ভগ্নীৰ উপস্থিতি লক্ষ্য কৰি তেওঁলোকৰ আশীৰ্বাদেই শক্তিৰ প্ৰকৃত উৎস বুলি উল্লেখ কৰে আৰু ৰাইজক প্ৰণাম জনায়।

ডেৰ বছৰ পূৰ্বে বিধানসভা নিৰ্বাচনৰ সময়ত ওড়িশাৰ জনসাধাৰণে এক নতুন প্ৰতিশ্ৰুতিৰে আগবাঢ়ি যোৱাৰ সংকল্প লৈছিল বুলি  উল্লেখ কৰি শ্ৰী মোদীয়ে লক্ষ্য কৰিছিল যে আজি কেন্দ্ৰ আৰু ৰাজ্যত তেওঁলোকৰ চৰকাৰৰ নেতৃত্বত ওড়িশা দ্ৰুতগতিত আগবাঢ়িছে। তেওঁ ওড়িশা আৰু দেশৰ উন্নয়নৰ বাবে হাজাৰ হাজাৰ কোটি টকাৰ প্ৰকল্প আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। শ্ৰী মোদীয়ে বিএছএনএলৰ স্বদেশী  ৪জি সেৱা আৰম্ভ কৰা উপলক্ষে বিএছএনএলৰ নতুন অৱতাৰ উন্মোচন কৰে। তেওঁ উল্লেখ কৰে যে বিভিন্ন ৰাজ্যত আই আই টিৰ সম্প্ৰসাৰণো আজিৰ পৰা আৰম্ভ হৈছে। ইয়াৰ উপৰি তেওঁ ওড়িশাত শিক্ষা, দক্ষতা বিকাশ, আৰু সংযোগৰ সৈতে জড়িত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধনীৰ বিষয়ে আলোকপাত কৰে। তেওঁ বেৰহামপুৰৰ পৰা চুৰাটলৈ যোৱা আধুনিক অমৃত ভাৰত ৰে’লখনৰ ফ্লেগ অফ কৰি ৰাইজৰ বাবে হোৱা বৃহৎ উপকাৰৰ কথা উল্লেখ কৰে । শ্ৰী মোদীয়ে গুজৰাটৰ চুৰাটৰ পৰা ভাৰ্চুৱেলি সংযোগ স্থাপন কৰা কেন্দ্ৰীয় ৰে’ল, তথ্য আৰু সম্প্ৰচাৰ, ইলেক্ট্ৰনিকছ আৰু আই টি মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱৰ উপস্থিতিৰো কথাও  স্বীকাৰ কৰে। এই সকলোবোৰ উন্নয়নমূলক পদক্ষেপৰ বাবে তেওঁ ওড়িশাৰ জনসাধাৰণলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে, “আমাৰ চৰকাৰে দৰিদ্ৰসকলক সেৱা আৰু সবলীকৰণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ, আমাৰ গুৰুত্ব দলিত, পিছপৰা শ্ৰেণী, আৰু জনজাতীয় সম্প্ৰদায়কে ধৰি অভাৱগ্ৰস্ত লোকসকলক মৌলিক সুবিধাসমূহ প্ৰদান কৰা”। তেওঁ উল্লেখ কৰে যে আজিৰ কাৰ্যসূচীয়ে এই প্ৰতিশ্ৰুতিৰ প্ৰমাণ হিচাপে থিয় দিছে। শ্ৰী মোদীয়ে কয়  যে তেওঁ অন্ত্যোদয় গৃহ যোজনাৰ অধীনত হিতাধিকাৰীক অনুমোদন পত্ৰ প্ৰদান কৰাৰ সুযোগ পাইছে । তেওঁ মন্তব্য কৰে যে যেতিয়া এটা দুখীয়া পৰিয়ালে পকা ঘৰ লাভ কৰে, তেতিয়া ই কেৱল তেওঁলোকৰ বৰ্তমানৰ নহয়, ভৱিষ্যত প্ৰজন্মকো ৰূপান্তৰিৰ পথেৰে আগুৱাই নিয়ে। তেওঁলোকৰ চৰকাৰে ইতিমধ্যে সমগ্ৰ দেশতে দৰিদ্ৰ পৰিয়ালসমূহক চাৰি কোটিতকৈ অধিক পকা ঘৰ যোগান ধৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ওড়িশাত হাজাৰ হাজাৰ ঘৰ দ্ৰুতগতিত নিৰ্মাণ কৰা হৈছে আৰু মুখ্যমন্ত্ৰী শ্ৰী মোহন মাঝি আৰু তেওঁৰ দলৱে  প্ৰশংসনীয় প্ৰচেষ্টা চলাইছে। প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে আজি প্ৰায় পঞ্চাশ হাজাৰ পৰিয়ালে নতুন ঘৰৰ বাবে অনুমোদন লাভ কৰিছে। পি এম জনমন যোজনাৰ অধীনত ওড়িশাত জনজাতীয় পৰিয়ালৰ বাবে চল্লিশ হাজাৰৰো অধিক ঘৰ অনুমোদন কৰা হৈছে, যিয়ে ইয়াৰ ভিতৰত আটাইতকৈ প্ৰান্তীয় লোকসকলৰ এক ডাঙৰ আকাংক্ষা পূৰণ কৰিছে। তেওঁ সকলো হিতাধিকাৰী পৰিয়াললৈ শুভেচ্ছা জ্ঞাপন কৰে।

ওড়িশাৰ জনসাধাৰণৰ সামৰ্থ্য আৰু প্ৰতিভাৰ প্ৰতি থকা চিৰস্থায়ী বিশ্বাস প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে প্ৰকৃতিয়ে ওড়িশাক প্ৰচুৰ আশীৰ্বাদ দিছে।ওড়িশাই দশক দশক ধৰি দৰিদ্ৰতা সহ্য কৰি আহিছে বুলি স্বীকাৰ কৰি তেওঁ দৃঢ়তাৰে কয় যে আগন্তুক দশকে ইয়াৰ জনসাধাৰণৰ বাবে সমৃদ্ধিৰ সূচনা কৰিব। ইয়াৰ বাবে চৰকাৰে ৰাজ্যখনলৈ বৃহৎ প্ৰকল্প আনিছে। তেওঁ ঘোষণা কৰে যে কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ ওড়িশাৰ বাবে দুটা অৰ্ধপৰিবাহী ইউনিটত অনুমোদন জনাইছে আৰু ওড়িশাৰ যুৱক-যুৱতীসকলৰ শক্তি তথা সম্ভাৱনাক কৃতিত্ব দি এখন অৰ্ধপৰিবাহী উদ্যানো স্থাপন কৰাৰ কথা আছে। শ্ৰী মোদীয়ে এনে ভৱিষ্যতৰ কল্পনা কৰিছে য’ত ফোন, টেলিভিছন, ফ্ৰীজ, কম্পিউটাৰ, গাড়ী আৰু আন বহুতো যন্ত্ৰত ব্যৱহৃত সৰু চিপো ওড়িশাত নিৰ্মাণ কৰা হ’ব।

 

প্ৰধানমন্ত্ৰীয়ে চৰকাৰৰ সংকল্পক পুনৰ দৃঢ় কৰি কয় —চিপৰ পৰা আৰম্ভ কৰি জাহাজলৈকে প্ৰতিটো ক্ষেত্ৰতে আত্মনিৰ্ভৰশীলতা অৰ্জন কৰাই আমাৰ লক্ষ্য ।তেওঁ উল্লেখ কৰে যে পাৰাদ্বীপৰ পৰা ঝাৰছুগুদালৈ এক বিশাল ঔদ্যোগিক কৰিডৰ গঢ়ি তোলা হৈছে। জাহাজ নিৰ্মাণৰ কৌশলগত গুৰুত্বৰ বিষয়ত আলোকপাত কৰি তেওঁ উল্লেখ কৰে যে অৰ্থনৈতিক শক্তিৰ আকাংক্ষিত যিকোনো জাতিয়ে এই খণ্ডত বিনিয়োগ কৰিব লাগিব, কিয়নো ইয়াৰ দ্বাৰা বাণিজ্য, প্ৰযুক্তি, আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দিশটো  লাভাৱান্বিত হয়। শ্ৰী মোদীয়ে ব্যাখ্যা কৰে যে থলুৱা জাহাজ থকাৰ ফলত বিশ্ব সংকটৰ সময়তো নিৰৱচ্ছিন্ন আমদানি-ৰপ্তানি কাৰ্য্যকলাপ নিশ্চিত হয়। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ চৰকাৰৰ এটা ডাঙৰ পদক্ষেপ ঘোষণা কৰিলে— ভাৰতত জাহাজ নিৰ্মাণৰ বাবে ৭০,০০০ কোটি টকাৰ পেকেজৰ ঘোষণা । তেওঁ প্ৰকল্প কৰিছিল যে ইয়াৰ ফলত ৪.৫ লাখ কোটি টকা বিনিয়োগ আকৰ্ষণ কৰা হ’ব, যিয়ে তীখা, যন্ত্ৰপাতি, ইলেক্ট্ৰনিকছ আৰু উৎপাদনৰ দৰে খণ্ডত শীৰ্ষত উপনীত হ’ব, বিশেষকৈ ক্ষুদ্ৰ আৰু কুটিৰ উদ্যোগসমূহক ই উপকৃত কৰিব। তেওঁ আলোকপাত কৰে যে ইয়াৰ ফলত লাখ লাখ নতুন চাকৰিৰ সৃষ্টি হ’ব আৰু ওড়িশাৰ উদ্যোগ তথা যুৱক-যুৱতীসকলৰ বাবে উল্লেখযোগ্য সুবিধা আহিব।

 

“ভাৰতে আত্মনিৰ্ভৰশীলতাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে”, শ্ৰী মোদীয়ে কয় যে যেতিয়া বিশ্বজুৰি ২জি, থ্ৰীজি, আৰু ৪জিৰ দৰে টেলিকম সেৱা প্ৰৱৰ্তন কৰা হৈছিল, তেতিয়া ভাৰত পিছ পৰি আছিল আৰু এই সেৱাসমূহৰ বাবে বিদেশী প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীল হৈয়েই আছিল। এনে পৰিস্থিতি দেশৰ বাবে গ্ৰহণযোগ্য নহয় বুলি তেওঁ গুৰুত্ব আৰোপ কৰে, যাৰ ফলত অত্যাৱশ্যকীয় টেলিকম প্ৰযুক্তিবিদ্যাসমূহ থলুৱাভাৱে বিকশিত কৰাৰ ৰাষ্ট্ৰীয় সংকল্প গ্ৰহণ কৰা হয়।  প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ ভিতৰতে বিএছএনএলে সম্পূৰ্ণ থলুৱা ৪জি প্ৰযুক্তি সফলতাৰে বিকশিত কৰাত গৌৰৱ প্ৰকাশ কৰে। এই মাইলৰ খুঁটিটো সৃষ্টি কৰাত বিএছএনএলৰ নিষ্ঠা, অধ্যৱসায় আৰু বিশেষজ্ঞতাক তেওঁ প্ৰশংসা কৰে। তেওঁ লগতে আলোকপাত কৰে যে ভাৰতীয় কোম্পানীসমূহে এতিয়া ভাৰতক ৪জি সেৱা আৰম্ভ কৰিবলৈ সম্পূৰ্ণ থলুৱা প্ৰযুক্তিৰ অধিকাৰী বিশ্বৰ নিৰ্বাচিত পাঁচখন দেশৰ ভিতৰত স্থান দিছে।

 

আজি বিএছএনএলে ২৫ বছৰীয়া জয়ন্তী উদযাপন কৰাৰ কাকতালীয়ভাবে  কথাও   প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।  এই ঐতিহাসিক অনুষ্ঠানত তেওঁ আলোকপাত কৰে যে বি এছ এন এল আৰু ইয়াৰ অংশীদাৰসকলৰ নিষ্ঠাবান প্ৰচেষ্টাৰ জৰিয়তে ভাৰতে বিশ্বব্যাপী টেলিকম উৎপাদন কেন্দ্ৰ হোৱাৰ দিশত আগবাঢ়িছে। তেওঁ কয় যে প্ৰায় এক লাখ ৪জি টাৱাৰেৰে গঠিত ঝাৰছুগুডাৰ পৰা বিএছএনএলৰ থলুৱা ৪জি নেটৱৰ্ক মুকলি কৰাটো ওড়িশাৰ বাবে গৌৰৱৰ বিষয়। এই টাৱাৰসমূহে দেশৰ দুৰ্গম অঞ্চলসমূহত সংযোগৰ এক নতুন যুগৰ সূচনা কৰিবলৈ সাজু হৈছে। শ্ৰী মোদীয়ে এই কথাত গুৰুত্ব আৰোপ কৰে যে ৪জি প্ৰযুক্তিৰ সম্প্ৰসাৰণে দেশজুৰি দুই কোটিৰো অধিক লোকক প্ৰত্যক্ষভাৱে উপকৃত কৰিব। তেওঁ লগতে কয় যে পূৰ্বতে দ্ৰুতবেগী ইণ্টাৰনেটৰ অভাৱ থকা প্ৰায় ত্ৰিশ হাজাৰ গাঁও এতিয়া এই পদক্ষেপৰ জৰিয়তে সংযোগ কৰা হ’ব।

 

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই ঐতিহাসিক দিনটোৰ সাক্ষী হ’বলৈ হাজাৰ হাজাৰ গাঁও কাৰ্যতঃ তীব্ৰবেগী ইণ্টাৰনেটৰ জৰিয়তে সংযুক্ত হৈ আছে। তেওঁ উল্লেখ কৰে যে কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী শ্ৰীযুত জ্যোতিৰাদিত্য সিন্ধিয়াো  অসমৰ পৰা এই কাৰ্যসূচীত  যোগদান কৰিছে।

বিএছএনএলৰ স্বদেশী ৪জি সেৱাই জনজাতীয় অঞ্চল, দুৰ্গম গাঁও, আৰু পাহাৰীয়া অঞ্চলসমূহক আটাইতকৈ বেছি উপকৃত কৰিব বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে এই অঞ্চলসমূহৰ লোকসকলে এতিয়া মানসম্পন্ন ডিজিটেল সেৱাৰ সুবিধা লাভ কৰিব। গ্ৰামাঞ্চলৰ শিশুসকলে অনলাইন ক্লাছত অংশগ্ৰহণ কৰিব পাৰিব, দূৰৈৰ  কৃষকসকলে শস্যৰ দাম পৰীক্ষা কৰিব পাৰিব, ৰোগীয়ে টেলিমেডিচিনৰ জৰিয়তে চিকিৎসকৰ পৰামৰ্শ লোৱাত সহজ হ’ব। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে এই পদক্ষেপে আমাৰ সশস্ত্ৰ বাহিনীৰ জোৱানসকলকো যথেষ্ট উপকৃত কৰিব, যাৰ ফলত তেওঁলোকে বৰ্ধিত সংযোগৰ জৰিয়তে সুৰক্ষিতভাৱে যোগাযোগ কৰিব পাৰিব।

 

ভাৰতে ইতিমধ্যে দ্ৰুততম ৫জি সেৱা আৰম্ভ কৰা বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে আজি উদ্বোধন কৰা বিএছএনএল টাৱাৰসমূহ ৫জি সেৱাকো সহায় কৰিব পৰাকৈ সজ্জিত কৰা হৈছে । এই ঐতিহাসিক কাৰ্যসূচী উপলক্ষে বি এছ এন এলৰ লগতে দেশৰ সকলো নাগৰিকলৈ তেওঁ আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

 

আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলাৰ বাবে এজন দক্ষ যুৱক আৰু এক শক্তিশালী গৱেষণা পৰিৱেশ তন্ত্ৰ অতি প্ৰয়োজনীয় বুলি  উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে তেওঁলোকৰ চৰকাৰৰ বাবে এয়া  এক ডাঙৰ অগ্ৰাধিকাৰ। তেওঁ ওড়িশাকে ধৰি সমগ্ৰ দেশতে শিক্ষা আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত অভূতপূৰ্ব বিনিয়োগৰ বিষয়ত  আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু পলিটেকনিকসমূহৰ আধুনিকীকৰণ কৰা হৈছে, আৰু এই প্ৰচেষ্টাক সমৰ্থন কৰিবলৈ মেৰিট (MERITE) নামেৰে এখন নতুন আঁচনি আৰম্ভ কৰা হৈছে । এই আঁচনিৰ অধীনত কাৰিকৰী শিক্ষানুষ্ঠানত হাজাৰ হাজাৰ কোটি টকা বিনিয়োগ কৰা হ’ব। তেওঁ মন্তব্য কৰে যে ইয়াৰ দ্বাৰা যুৱক-যুৱতীসকলে গুণগত কাৰিকৰী শিক্ষাৰ বাবে বৃহৎ চহৰলৈ প্ৰব্ৰজন কৰাৰ বাধ্যবাধকতা নাইকিয়া হ’ব। বৰঞ্চ তেওঁলোকে নিজৰ চহৰৰ ভিতৰতে আধুনিক লেব, বিশ্বব্যাপী দক্ষতা প্ৰশিক্ষণ, আৰু ষ্টাৰ্টআপৰ সুযোগ লাভ কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে দেশৰ প্ৰতিটো খণ্ড, প্ৰতিটো সম্প্ৰদায় আৰু প্ৰতিজন নাগৰিকৰ ওচৰলৈ সুবিধা যাতে পোৱা যায় তাৰ বাবে অভূতপূৰ্ব প্ৰচেষ্টা চলি আছে। তেওঁ আলোকপাত কৰে যে ইয়াক লাভ কৰিবলৈ অভিলেখ পৰ্যায়ৰ বিনিয়োগ কৰা হৈছে। অতীতৰ কথা স্মৰণ  কৰি তেওঁ মন্তব্য কৰে যে মানুহে পূৰ্বৰ পৰিস্থিতিৰ বিষয়ে ভালদৰেই জানে, বিৰোধীয়ে জনসাধাৰণক শোষণ কৰাৰ সুযোগ কেতিয়াও এৰি দিয়া নাছিল বুলি দৃঢ়তাৰে কয় প্ৰধানমন্ত্ৰীয়ে ।

 

শ্ৰী মোদীয়ে উল্লেখ কৰে যে ২০১৪ চনত যেতিয়া জনসাধাৰণে চৰকাৰক সেৱা আগবঢ়োৱাৰ সুযোগ অৰ্পণ কৰিছিল, তেতিয়া তেওঁলোকৰ প্ৰশাসনে বিৰোধীৰ শোষণমূলক ব্যৱস্থাৰ পৰা দেশখনক সফলতাৰে মুক্ত কৰিছিল। তেওঁ মন্তব্য কৰে যে তেওঁলোকৰ চৰকাৰৰ অধীনত দুগুণ সঞ্চয় আৰু দুগুণ উপাৰ্জনৰ নতুন যুগ আৰম্ভ হৈছে। তেওঁ অতীতৰ দিনবোৰৰ বিপৰীতে লক্ষ্য কৰে যে পূৰ্বৰ  অপশাসনৰ সময়ত কৰ্মচাৰী আৰু ব্যৱসায়ীয়ে ২ লাখ টকা পৰ্যন্ত আয়ৰ ওপৰতো কৰ দিবলগীয়া হৈছিল। ইয়াৰ বিপৰীতে তেওঁ এই কথাত  আলোকপাত কৰে যে আজি বছৰি ১২ লাখ টকা  পৰ্যন্ত উপাৰ্জন কৰা ব্যক্তিসকলে আয়কৰ হিচাপে এটকাও দিব নালাগে।

 

২০২৫ চনৰ ২২ ছেপ্টেম্বৰৰ পৰা ওড়িশাকে ধৰি দেশজুৰি নতুন জি এছ টি সংস্কাৰ ৰূপায়ণ হোৱাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এই সংস্কাৰক সকলোৰে বাবে ৰাহিৰ উপহাৰ বুলি অভিহিত কৰে, বিশেষকৈ পাকঘৰৰ খৰচ মাতৃ-ভগ্নীসকলৰ বাবে অধিক সুলভ কৰি তোলাৰ ক্ষেত্ৰত । তেওঁ উল্লেখ কৰে যে বেছিভাগ অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম যথেষ্ট হ্ৰাস পাইছে। এটা উদাহৰণ দি তেওঁ বুজাই দিয়ে  যে ওড়িশাৰ এটা পৰিয়ালে বছৰি গেলামাল আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবে ১ লাখ টকা খৰচ কৰি ২০১৪ চনৰ আগতে তেতিয়াৰ শাসকীয় চৰকাৰৰ অধীনত ২০,০০০–২৫,০০০ টকা কৰ পৰিশোধ কৰিছিল।২০১৭ চনত তেওঁলোকৰ চৰকাৰে জি এছ টি প্ৰৱৰ্তন কৰাৰ পিছত এই কৰ বহু  পৰিমাণে হ্ৰাস পাইছিল আৰু এতিয়া কৰৰ বোজা যথেষ্ট হ্ৰাস পাইছে, পৰিয়ালসমূহে বছৰি মাত্ৰ ৫, ০০০ – ৬,০০০ টকা  পৰিশোধ কৰিব লাগে । তেওঁ জোৰ দি কয় যে বিৰোধীৰ যুগৰ তুলনাত এতিয়া পৰিয়ালসমূহে এনে খৰচত বছৰি ১৫,০০০–২০,০০০ টকা  ৰাহি কৰে।

 

ওড়িশাক  কৃষকৰ ভূমি বুলি অভিহিত কৰি আৰু জি এছ টি  ৰাহি মহোৎসৱ তেওঁলোকৰ বাবে অতি উপকাৰী বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰে যে বিৰোধীৰ  যুগত কৃষকে ট্ৰেক্টৰ ক্ৰয় কৰাৰ সময়ত ৭০,০০০ টকা কৰ দিবলগীয়া হৈছিল। জি এছ টি প্ৰৱৰ্তনৰ লগে লগে কৰ হ্ৰাস পালে, আৰু নতুন জি এছ টি গাঁথনিৰ অধীনত এতিয়া কৃষকসকলে একেখন ট্ৰেক্টৰতে প্ৰায় ৪০,০০০ টকা  ৰাহি কৰিব পাৰিছে । তেওঁ লগতে কয় যে ধান ৰোপনৰ বাবে ব্যৱহাৰ কৰা মেচিনসমূহে এতিয়া ১৫ হাজাৰ টকা, পাৱাৰ টিলাৰত ১০ হাজাৰ টকা  আৰু থ্ৰেছাৰত  ২৫ হাজাৰ টকা পৰ্যন্ত ৰাহি কৰিব পাৰে। শ্ৰী মোদীয়ে কয় যে তেওঁলোকৰ চৰকাৰে অসংখ্য কৃষি সঁজুলি আৰু আন সঁজুলিৰ ওপৰত কৰ যথেষ্ট হ্ৰাস কৰিছে।

ওড়িশাত জীৱিকাৰ বাবে বনাঞ্চলৰ উৎপাদিত সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীল বৃহৎ জনজাতীয় জনসংখ্যাৰ বাসস্থান বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে ইতিমধ্যে কেন্দু পাত সংগ্ৰাহকসকলৰ বাবে কাম কৰি আহিছে আৰু এতিয়া ইয়াৰ ওপৰত জি এছ টি যথেষ্ট হ্ৰাস কৰি সংগ্ৰাহকসকলৰ বাবে উন্নত মূল্য নিশ্চিত কৰিছে। তেওঁ জোৰ দি কয় যে তেওঁলোকৰ চৰকাৰে নাগৰিকসকলৰ বাবে ধাৰাবাহিকভাৱে কৰ সকাহ আৰু ৰাহি  বৃদ্ধি কৰি আছে, একে সময়তে বিৰোধীক শোষণমূলক প্ৰথা অব্যাহত ৰখাৰ অভিযোগ উত্থাপন কৰে। শ্ৰী মোদীয়ে অভিযোগ কৰে যে বিৰোধী নেতৃত্বাধীন চৰকাৰসমূহে এতিয়াও জনসাধাৰণক লুণ্ঠন কৰাত  ব্যস্ত হৈ আছে। তেওঁ আলোকপাত কৰে যে যেতিয়া নতুন জি এছ টি হাৰ কাৰ্যকৰী হৈছিল তেতিয়া চিমেণ্টৰ ওপৰতো কৰ হ্ৰাস কৰি ঘৰ নিৰ্মাণ আৰু মেৰামতিৰ কাম অধিক সুলভ কৰি তুলিছিল। তেওঁ আঙুলিয়াই দিয়ে যে ২২ ছেপ্টেম্বৰৰ পিছত হিমাচল প্ৰদেশতো চিমেণ্টৰ মূল্য হ্ৰাস পাইছে। কিন্তু হিমাচলৰ শাসকীয় চৰকাৰে চিমেণ্টৰ ওপৰত অতিৰিক্ত কৰ আৰোপ কৰি মানুহক সুবিধাৰ পৰা বঞ্চিত কৰা বুলি অভিযোগ  কৰে। প্ৰধানমন্ত্ৰীয়ে বিৰোধী দলে য’তেই শাসন কৰে তাতেই শোষণ ঘটে বুলি মন্তব্য কৰে আৰু নাগৰিকসকলক দলটোৰ প্ৰতি সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায়।

 

শ্ৰী মোদীয়ে উল্লেখ কৰে যে জি এছ টি ৰাহি মহোৎসৱে মাতৃ আৰু ভগ্নীসকলৰ বাবে সৰ্বাধিক আনন্দ কঢ়িয়াই আনিছে। তেওঁ জোৰ দি কয় যে মহিলা আৰু কন্যাসকলৰ সেৱা কৰাটো চৰকাৰৰ  শীৰ্ষ অগ্ৰাধিকাৰ, তেওঁলোকৰ স্বাস্থ্যৰ বিষয়তো অধিক গুৰুত্ব দিয়া হৈছে । তেওঁ নিজৰ পৰিয়ালৰ বাবে মাতৃসকলে কৰা ত্যাগৰ কথা  স্বীকাৰ কৰে, তেওঁ লক্ষ্য কৰে যে তেওঁলোকে কেনেকৈ সন্তানক ৰক্ষা কৰিবলৈ  কষ্ট সহ্য কৰে আৰু প্ৰায়ে নিজৰ বেমাৰবোৰ লুকুৱাই ৰাখে , যাতে ঘৰখনত চিকিৎসাৰ খৰচৰ বোজা নপৰে। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে ঠিক এই কাৰণেই আয়ুষ্মান ভাৰত যোজনা আৰম্ভ কৰা হৈছে, যিয়ে ৫ লাখ টকা  পৰ্যন্ত বিনামূলীয়া চিকিৎসা প্ৰদান কৰি মহিলাসকলক যথেষ্ট উপকৃত কৰিছে।

 

এগৰাকী সুস্থ মাতৃয়ে এটা শক্তিশালী পৰিয়াল গঢ়ি তোলে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে ২০২৫ চনৰ ১৭ ছেপ্টেম্বৰৰ পৰা “স্বাস্থ্য নাৰী, সশক্ত পৰিবাৰ” অভিযানৰ দেশজোৰা আৰম্ভণিৰ বিষয়ত আলোকপাত কৰে। এই শিবিৰসমূহে ডায়েবেটিছ, স্তন কেন্সাৰ, যক্ষ্মা, ছিকেল চেল এনিমিয়া আদি ৰোগ নিৰ্ণয় কৰাত সহায় কৰিছে। তেওঁ ওড়িশাৰ সকলো মাতৃ, ভগ্নী আৰু কন্যাক স্বাস্থ্য পৰীক্ষা কৰাটো নিশ্চিত কৰিবলৈ আহ্বান জনায়।

 

প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে তেওঁলোকৰ চৰকাৰে সুবিধা আৰু সমৃদ্ধিৰ পথ প্ৰশস্ত কৰি দেশ  আৰু ইয়াৰ নাগৰিকসকলৰ শক্তি বৃদ্ধিৰ বাবে নিৰন্তৰ কাম কৰি আছে—সেয়া কৰ ৰেহাইৰ জৰিয়তেই হওক বা আধুনিক সংযোগৰ জৰিয়তেই হওক। তেওঁ উল্লেখ কৰে যে এই প্ৰচেষ্টাসমূহৰ পৰা ওড়িশাই যথেষ্ট লাভাৱান্বিত  হৈছে, ৰাজ্যখনত বৰ্তমান ছখন বন্দে  ভাৰত ৰে’ল চলি আছে আৰু প্ৰায় ষাঠিটা ৰে’ল ষ্টেচনৰ আধুনিকীকৰণ চলি আছে। তেওঁ লগতে কয় যে ঝাৰছুগুডাৰ বীৰ সুৰেন্দ্ৰ সাই বিমানবন্দৰ এতিয়া সমগ্ৰ ভাৰতৰ কেইবাখনো ডাঙৰ চহৰৰ সৈতে সংযুক্ত হৈছে। খনিজ আৰু খননৰ পৰাও ওড়িশাই যথেষ্ট বেছি ৰাজহ লাভ কৰিছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে সুভদ্ৰা যোজনাই ওড়িশাৰ মহিলাসকলক ধাৰাবাহিকভাৱে সহায় কৰি আছে। তেওঁ ওড়িশা দৃঢ়ভাৱে প্ৰগতিৰ পথত আগবাঢ়িছে বুলি দৃঢ়তাৰে কয় আৰু উন্নয়নৰ গতি তথা অধিক ত্বৰান্বিত হ’ব বুলি আশ্বাস দিয়ে।

 

উক্ত অনুষ্ঠানত ওড়িশাৰ ৰাজ্যপাল ডঃ হৰি বাবু কাম্ভমপতি, ওড়িশাৰ মুখ্যমন্ত্ৰী শ্ৰী মোহন চৰণ মাঝি, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত জুৱেল ওৰামৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। দেশৰ বিভিন্ন প্ৰান্তৰ কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী তথা  মুখ্যমন্ত্ৰীয়ে  ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে আজিৰ কাৰ্যসূচীৰ সৈতে সংযুক্ত  হয়।

 

পৃষ্ঠভূমি

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঝাৰছুগুদাত ৬০ হাজাৰ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। এই প্ৰকল্পসমূহে টেলিকমিউনিকেচন, ৰে’লৱে, উচ্চ শিক্ষা, স্বাস্থ্যসেৱা, দক্ষতা বিকাশ, গ্ৰাম্য গৃহ নিৰ্মাণ খণ্ড আদিৰ লগতে অন্যান্য বিষয়সমূহত  বিস্তৃত।

 

টেলিকম সংযোগৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে স্বদেশী প্ৰযুক্তিৰে প্ৰায় ৩৭,০০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ৯৭,৫০০ৰো অধিক মোবাইল ৪জি টাৱাৰৰ কাম আৰম্ভ কৰে। ইয়াৰ ভিতৰত বিএছএনএলৰ কমিচন দিয়া ৯২,৬০০ৰো অধিক ৪জি প্ৰযুক্তি ছাইট অন্তৰ্ভুক্ত। ডিজিটেল ভাৰত নিধিৰ অধীনত ১৮,৯০০ৰো অধিক ৪জি ছাইটৰ বাবে ধন আগবঢ়োৱা হৈছে যিয়ে দূৰৱৰ্তী, সীমান্ত, আৰু বাওঁপন্থী উগ্ৰবাদ প্ৰভাৱান্বিত  অঞ্চলৰ প্ৰায় ২৬,৭০০  দুৰ্গম গাঁৱক  সংযোগ কৰিব, ২০ লাখৰো অধিক নতুন গ্ৰাহকক সেৱা আগবঢ়াব। এই টাৱাৰসমূহ সৌৰশক্তিচালিত, যাৰ ফলত ই ভাৰতৰ সৰ্ববৃহৎ সেউজ টেলিকম ছাইটৰ ক্লাষ্টাৰ আৰু বহনক্ষম আন্তঃগাঁথনিৰ ক্ষেত্ৰত এক বিশেষ পদক্ষেপ।

প্ৰধানমন্ত্ৰীয়ে সংযোগ আৰু আঞ্চলিক বিকাশত সহায়ক হোৱা গুৰুত্বপূৰ্ণ ৰেল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু দেশৰ প্ৰতি উৎসৰ্গা কৰে । ইয়াৰ ভিতৰত আছে সম্বলপুৰ–ছাৰলাত ৰে'ল ফ্লাইঅভাৰৰ আধাৰশিলা, কোৰাপুট–বাইগুডা লাইন দুগুণ কৰাৰ জাতিলৈ উৎসৰ্গা, আৰু মনাবৰ–কোৰাপুট–গোৰাপুৰ লাইন। এই প্ৰকল্পসমূহে ওড়িশা আৰু চুবুৰীয়া ৰাজ্যসমূহত মালবাহী আৰু যাত্ৰী চলাচলৰ যথেষ্ট উন্নতি সাধন কৰিব, স্থানীয় উদ্যোগ আৰু বাণিজ্য শক্তিশালী কৰিব। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে বেৰহামপুৰ আৰু উধনা (ছুৰাট)ৰ মাজত অমৃত ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰিব, ৰাজ্যসমূহৰ মাজত সুলভ আৰু আৰামদায়ক সংযোগ প্ৰদান, পৰ্যটনক সমৰ্থন, কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি, আৰু গুৰুত্বপূৰ্ণ অৰ্থনৈতিক জিলাসমূহক সংযোগ কৰা।

 

প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১১,০০০ কোটি টকাৰ বিনিয়োগেৰে আঠখন  আই আই টি—তিৰুপতি, পলাক্কাড, ভিলাই, জম্মু, ধৰৱাদ, যোধপুৰ, পাটনা, আৰু ইন্দোৰ— সম্প্ৰসাৰণৰ আধাৰশিলা স্থাপন কৰে। এই সম্প্ৰসাৰণে অহা চাৰি বছৰত ১০,০০০ নতুন ছাত্ৰ-ছাত্ৰীৰ বাবে ক্ষমতা সৃষ্টি কৰিব আৰু আঠখন অত্যাধুনিক গৱেষণা উদ্যান স্থাপন কৰিব, যাৰ ফলত ভাৰতৰ উদ্ভাৱন পৰিৱেশ তন্ত্ৰ শক্তিশালী হ’ব আৰু গৱেষণা আৰু উন্নয়নক গতি প্ৰদান কৰিব।

প্ৰধানমন্ত্ৰীয়ে দেশৰ ২৭৫খন ৰাজ্যিক অভিযান্ত্ৰিক আৰু পলিটেকনিক প্ৰতিষ্ঠানত গুণগত মান, সমতা, গৱেষণা, আৰু উদ্ভাৱন উন্নত কৰাৰ বাবে ডিজাইন কৰা  মেৰিট(MERITE )আঁচনিখন মুকলি কৰে।

 

প্ৰধানমন্ত্ৰীয়ে  ওড়িশা দক্ষতা বিকাশ প্ৰকল্পৰ দ্বিতীয় পৰ্যায়ো শুভাৰম্ভ কৰে । ইয়াৰ অদীনত সম্বলপুৰ আৰু বেৰহামপুৰত বিশ্ব দক্ষতা কেন্দ্ৰ স্থাপন কৰিব, যিয়ে এগ্ৰিটেক, নবীকৰণযোগ্য শক্তি, খুচুৰা, সামুদ্ৰিক, আৰু আতিথ্যৰ দৰে উদীয়মান খণ্ডসমূহ সামৰি ল’ব। ইয়াৰ উপৰি  পাঁচটা আই টি আইক উৎকৰ্ষ  আই টি আইলৈ উন্নীত কৰা হ’ব, ২৫ খন  আই টি আইক চেণ্টাৰ অৱ এক্সেলেন্স হিচাপে গঢ়ি তোলা হ’ব আৰু নতুন প্ৰিচিচন ইঞ্জিনিয়াৰিং বিল্ডিঙে উন্নত কাৰিকৰী প্ৰশিক্ষণ প্ৰদান কৰিব।

 

ৰাজ্যত ডিজিটেল শিক্ষা বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰীয়ে ১৩০ খন উচ্চ শিক্ষানুষ্ঠানত ৱাই-ফাইৰ সুবিধা উচৰ্গা কৰে, যাৰ ফলত দৈনিক বিনামূলীয়া তথ্যৰ সুবিধা প্ৰদান কৰি ২.৫ লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰীক উপকৃত হ'ব ।

 

 

প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ সময়ত ওড়িশাৰ স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনিয়েও যথেষ্ট উত্থান লাভ কৰিব। তেওঁ বেৰহামপুৰৰ এম কে চি জি মেডিকেল কলেজ আৰু সম্ভলপুৰৰ ভিমছাৰক বিশ্বমানৰ ছুপাৰ স্পেচিয়েলিটি চিকিৎসালয়লৈ উন্নীত কৰাৰ আধাৰশিলা স্থাপন কৰে। উন্নীতকৃত সুবিধাসমূহৰ ভিতৰত থাকিব বিচনাৰ ক্ষমতা বৃদ্ধি, ট্ৰমা কেয়াৰ ইউনিট, দন্ত চিকিৎসা মহাবিদ্যালয়, মাতৃ আৰু শিশুৰ যত্ন সম্পৰ্কীয়  সেৱা, আৰু শৈক্ষিক আন্তঃগাঁথনি সম্প্ৰসাৰিত, যাৰ ফলত ওড়িশাৰ জনসাধাৰণৰ বাবে ব্যাপক স্বাস্থ্য সেৱা নিশ্চিত হ’ব।

 

ইয়াৰ উপৰি প্ৰধানমন্ত্ৰীয়ে অন্ত্যোদয় গ্ৰুহা যোজনাৰ অধীনত ৫০ হাজাৰ হিতাধিকাৰীক অনুমোদন পত্ৰ  বিতৰণ কৰে। এই আঁচনিখনে প্ৰতিবন্ধী, বিধৱা, মৃত্যুমুখী ৰোগত আক্ৰান্ত ব্যক্তি, আৰু প্ৰাকৃতিক দুৰ্যোগৰ বলি হোৱা ব্যক্তিকে ধৰি দুৰ্বল গ্ৰাম্য পৰিয়ালসমূহক পকা ঘৰ আৰু আৰ্থিক সাহায্য প্ৰদান কৰিব। এই পদক্ষেপে সমাজৰ অতি বঞ্চিত শ্ৰেণীৰ কল্যাণ আৰু মৰ্যাদা নিশ্চিত কৰাৰ বাবে চৰকাৰৰ দায়বদ্ধতাকে প্ৰতিফলিত কৰিছে ।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian scientists break a century-old limit on turning heat into electricity

Media Coverage

Indian scientists break a century-old limit on turning heat into electricity
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Italian PM Giorgia Meloni on becoming the longest continuously serving Prime Minister in Italy's postwar history
September 04, 2026

Prime Minister Shri Narendra Modi today congratulated Italian Prime Minister Giorgia Meloni on becoming the longest continuously serving Prime Minister in Italy's postwar history.

The Prime Minister stated that this milestone is a reflection of the trust and confidence of the Italian people in her leadership. He further noted that her friendship has been instrumental in strengthening the India-Italy Special Strategic Partnership, adding that he looks forward to continuing their close cooperation to build a prosperous future for the people of both countries. He extended his best wishes for her continued success in the years ahead.

In a post on X, the Prime Minister shared:

"Congratulations to my friend Prime Minister Meloni on becoming the longest continuously serving Prime Minister in Italy's postwar history. This milestone is a reflection of the trust and confidence of the Italian people in her leadership.

Her friendship has also been instrumental in strengthening the India-Italy Special Strategic
Partnership and I look forward to continuing our close cooperation to build a prosperous future for the people of our countries.

My best wishes for her continued success in the years ahead.

@GiorgiaMeloni"