Launches Dharti Aaba Janjatiya Gram Utkarsh Abhiyan to benefit 63000 tribal villages in about 550 districts
Inaugurates 40 Eklavya Schools and also lays foundation stone for 25 Eklavya Schools
Inaugurates and lays foundation stone for multiple projects under PM-JANMAN
“Today’s projects are proof of the Government’s priority towards tribal society”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডৰ হাজাৰীবাগত ৮০,০০০ কোটি টকাৰো অধিক ব্যয় সাপেক্ষ বিভিন্ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। শ্ৰী মোদীয়ে ধৰতী আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযান মুকলি কৰে, ৪০খন একলব্য আদৰ্শ আৱাসিক বিদ্যালয় (ইএমআৰএছ) উদ্বোধন কৰাৰ লগতে ২৫খন ইএমআৰএছৰ আধাৰশিলা স্থাপন কৰে। শ্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী জনজাতি আদিবাসী ন্যায় মহা অভিযান (পিএম-জনমন)ৰ অধীনত কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে।

 

সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে ঝাৰখণ্ডৰ উন্নয়ন যাত্ৰাৰ অংশ হোৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ কিছুদিন পূৰ্বে জামছেদপুৰত উপস্থিত হৈ কেইবাশ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰাৰ কথা স্মৰণ কৰে। শ্ৰী মোদীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ঝাৰখণ্ডৰ হাজাৰ হাজাৰ দৰিদ্ৰ লোকক পকা ঘৰ গতাই দিয়াৰ কথা উল্লেখ কৰে। জনজাতীয় জনগোষ্ঠীৰ সৱলীকৰণ আৰু কল্যাণৰ সৈতে জড়িত আজিৰ ৮০,০০০ কোটি টকাতকৈ অধিক মূল্যৰ প্ৰকল্পৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে জনজাতীয় জনগোষ্ঠীৰ প্ৰতি চৰকাৰৰ অগ্ৰাধিকাৰৰ সাক্ষ্য এয়া। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে আজিৰ প্ৰকল্পসমূহৰ বাবে ঝাৰখণ্ড আৰু ভাৰতবাসীক অভিনন্দন জ্ঞাপন কৰে।

মহাত্মা গান্ধীৰ জন্ম জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে কয় যে জনজাতীয় কল্যাণৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী আৰু চিন্তা ভাৰতৰ পুঁজি। প্ৰধানমন্ত্ৰীয়ে কয় যে মহাত্মা গান্ধীয়ে বিশ্বাস কৰিছিল যে জনজাতীয় সমাজখন দ্ৰুতগতিত আগবাঢ়িলেহে ভাৰতৰ উন্নতি হ’ব পাৰে। শ্ৰী মোদীয়ে সন্তুষ্টি প্ৰকাশ কৰি কয় যে বৰ্তমানৰ চৰকাৰে জনজাতীয় উত্থানৰ প্ৰতি সৰ্বাধিক মনোযোগ দিছে আৰু আজি ধৰতী আবা জনজাতি গ্ৰাম উৎকৰ্ষ অভিযানৰ শুভাৰম্ভ কৰা হয়। এই অভিযানৰ অধীনত প্ৰায় ৮০,০০০ কোটি টকা ব্যয় সাপেক্ষে প্ৰায় ৫৫০খন জিলাত ৬৩,০০০ জনজাতীয় প্ৰধান গাঁৱৰ উন্নয়ন কৰা হ’ব। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কয় যে এই জনজাতীয় প্ৰধান গাঁওসমূহৰ আৰ্থ-সামাজিক জীৱন উন্নত কৰাৰ বাবে কাম কৰা হ’ব আৰু ইয়াৰ সুফল দেশৰ ৫ কোটিতকৈও অধিক জনজাতীয় ভাই-ভগ্নীৰ ওচৰলৈ যাব। তেওঁ কয়, "ঝাৰখণ্ডৰ জনজাতীয় সমাজো ইয়াৰ দ্বাৰা যথেষ্ট উপকৃত হ'ব।”

 

প্রধানমন্ত্রীয়ে প্ৰসন্নতা ব্যক্ত কৰি কয় যে ভগৱান বীৰছা মুণ্ডাৰ ভূমিৰ পৰা ধৰতী আবা জনজাতি গ্রাম উৎকর্ষ অভিযান আৰম্ভ কৰা হৈছে৷ প্ৰধানমন্ত্ৰীয়ে লগতে সোঁৱৰাই দিয়ে যে ভগৱান বীৰছা মুণ্ডাৰ জন্ম জয়ন্তীত ঝাৰখণ্ডৰ পৰা পিএম-জনমন যোজনা আৰম্ভ কৰা হৈছিল। তেওঁ ঘোষণা কৰে যে ভাৰতে ২০২৪ চনৰ ১৫ নৱেম্বৰত জনজাতীয় গৌৰৱ দিৱসত ভাৰতে পিএম-জনমন যোজনাৰ প্ৰথম বৰ্ষপূৰ্তি পালন কৰিব। তেওঁ কয় যে পিএম-জনমন যোজনাৰ জৰিয়তে উন্নয়নৰ সুফল দেশৰ সেই জনজাতীয় অঞ্চলসমূহলৈ গৈ আছে, যিবোৰ পিছ পৰি ৰৈ গৈছিল। শ্ৰী মোদীয়ে এই কথাৰ ওপৰত আলোকপাত কৰে যে আজি পিএম-জনমন যোজনাৰ অধীনত প্ৰায় ১৩৫০ কোটি টকাৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰা হয়। আঁচনিখনৰ বিষয়ে আলোচনা কৰি তেওঁ এই কথাৰ ওপৰত জোৰ দিয়ে যে অতি পিছপৰা জনজাতীয় অঞ্চলত উন্নত জীৱনৰ বাবে শিক্ষা, স্বাস্থ্য আৰু পথৰ দৰে সা-সুবিধা সৃষ্টি কৰা হ’ব।

ঝাৰখণ্ডত প্ৰথম বছৰতে পিএম-জনমন যোজনাৰ বহু প্ৰাপ্তিৰ বিষয়ে আলোচনা কৰি মোদীয়ে কয় যে ৯৫০খনতকৈও অধিক অতি পিছপৰা গাঁৱৰ প্ৰতিটো ঘৰতে পানী যোগান ধৰাৰ কাম সম্পূৰ্ণ হৈছে। তেওঁ কয় যে ৰাজ্যত ৩৫টা বনধন বিকাশ কেন্দ্ৰকো অনুমোদন দিয়া হৈছে। প্ৰধানমন্ত্ৰীয়ে দূৰৱৰ্তী জনজাতীয় অঞ্চলসমূহক মোবাইল সংযোগৰ দ্বাৰা সংযোগ স্থাপনৰ বাবে চলি থকা কামৰ ওপৰতো আলোকপাত কৰে, যিয়ে প্ৰগতিৰ সম সুযোগ প্ৰদান কৰি জনজাতীয় সমাজখনক ৰূপান্তৰিত কৰাত সহায় কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে এই কথাৰ ওপৰত জোৰ দিয়ে যে যেতিয়া জনজাতীয় যুৱক-যুৱতীসকলে শিক্ষা আৰু সুযোগ পাব তেতিয়া জনজাতীয় সমাজখন আগবাঢ়ি যাব। ইয়াৰ বাবে, শ্ৰী মোদীয়ে কয় যে চৰকাৰে জনজাতীয় অঞ্চলত একলব্য আৱাসিক বিদ্যালয় নিৰ্মাণৰ অভিযানত লিপ্ত হৈছে। আজি ৪০খন একলব্য আৱাসিক বিদ্যালয় উদ্বোধন আৰু ২৫খন নতুন বিদ্যালয়ৰ আধাৰশিলা স্থাপনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে একলব্য বিদ্যালয়সমূহ সকলো আধুনিক সা-সুবিধাৰে সজ্জিত হ’ব লাগে আৰু উচ্চ পৰ্যায়ৰ শিক্ষা প্ৰদান কৰিব লাগে। তেওঁ কয় যে ইয়াৰ বাবে চৰকাৰে প্ৰতিখন বিদ্যালয়ৰ বাজেট প্ৰায় দুগুণ বৃদ্ধি কৰিছে।

প্ৰধানমন্ত্ৰীয়ে এই কথাৰ ওপৰত জোৰ দিয়ে যে সঠিক প্ৰচেষ্টা হাতত ল’লে ইতিবাচক ফলাফল পোৱা যায়। জনজাতীয় যুৱক-যুৱতীসকল আগবাঢ়ি যাব আৰু তেওঁলোকৰ সামৰ্থ্যৰ দ্বাৰা দেশ উপকৃত হ’ব বুলি তেওঁ বিশ্বাস ব্যক্ত কৰে।

 

এই উপলক্ষে ঝাৰখণ্ডৰ ৰাজ্যপাল শ্ৰী সন্তোষ গংগৱাৰ আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰী শ্ৰীযুত জুৱেল ওৰামসহ অন্য লোক উপস্থিত আছিল।

পৃষ্ঠভূমি

সমগ্ৰ দেশৰ জনজাতীয় জনগোষ্ঠীসমূহৰ সৰ্বাংগীন আৰু সামগ্ৰিক উন্নয়ন সুনিশ্চিত কৰাৰ প্ৰতিশ্ৰুতিৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে মুঠ ৮০,০০০ কোটি টকাতকৈ অধিক ব্যয়ৰে ধৰতী আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযান আৰম্ভ কৰে। এই অভিযানে প্ৰায় ৬৩,০০০ গাঁও সামৰি ল’ব, যিয়ে ৩০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৪৯খন জিলা আৰু ২,৭৪০টা ব্লকৰ ৫ কোটিৰো অধিক জনজাতীয় লোকক উপকৃত কৰিব। ভাৰত চৰকাৰৰ বিভিন্ন ১৭টা মন্ত্ৰালয় আৰু বিভাগে ৰূপায়ণ কৰা ২৫টা কাৰ্য্যসূচীৰ জৰিয়তে সামাজিক আন্তঃগাঁথনি, স্বাস্থ্য, শিক্ষা আৰু জীৱিকাৰ জটিল ব্যৱধান দূৰ কৰাৰ লক্ষ্য লোৱা হৈছে।

 

 

জনজাতীয় জনগোষ্ঠীৰ শিক্ষাৰ আন্তঃগাঁথনি উন্নীত কৰিবলৈ, প্ৰধানমন্ত্ৰীয়ে ৪০খন একলব্য আদৰ্শ আৱাসিক বিদ্যালয় (ইএমআৰএছ) উদ্বোধন কৰাৰ লগতে ২,৮০০ কোটি টকাৰো অধিক ব্যয় সাপেক্ষে ২৫খন ইএমআৰএছৰ আধাৰশিলা স্থাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী জনজাতি আদিবাসী ন্যায় মহা অভিযান (পিএম-জনমন)ৰ অধীনত ১৩৬০ কোটি টকাতকৈ অধিক ব্যয় সাপেক্ষে কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। ইয়াৰ ভিতৰত আছে ১৩৮০ কিলোমিটাৰতকৈ অধিক পথ, ১২০টা অংগনৱাড়ী, ২৫০টা বহুমুখী কেন্দ্ৰ আৰু ১০টা বিদ্যালয়ৰ হোষ্টেল। ইয়াৰ উপৰিও, তেওঁ পিএম জনমনৰ অধীনত কেইবাটাও ঐতিহাসিক প্ৰাপ্তিও উন্মোচন কৰে, য'ত প্ৰায় ৩,০০০ গাঁৱত ৭৫,৮০০ৰো অধিক বিশেষভাৱে দুৰ্বল জনজাতীয় গোট (পিভিটিজি) পৰিয়ালক বিদ্যুৎ সংযোগ, ২৭৫টা ভ্ৰাম্যমাণ চিকিৎসা ইউনিটৰ সঞ্চালন, ৫০০টা অংগনৱাড়ী কেন্দ্ৰৰ সঞ্চালন, ২৫০টা বন ধন বিকাশ কেন্দ্ৰ স্থাপন আৰু ৫,৫৫০খনতকৈও অধিক পিভিটিজি গাঁৱক ‘টেপৰ পানী’ প্ৰদান কৰা।

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
With HPV vaccine rollout, AIIMS oncologist says it’s the beginning of the end for cervical cancer in India

Media Coverage

With HPV vaccine rollout, AIIMS oncologist says it’s the beginning of the end for cervical cancer in India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Jammu and Kashmir team on their first-ever Ranji Trophy victory
February 28, 2026

The Prime Minister has congratulated the Jammu and Kashmir team for their first-ever Ranji Trophy win.

The Prime Minister stated that this historic triumph reflects the remarkable grit, discipline, and passion of the team. Highlighting that it is a proud moment for the people of Jammu and Kashmir, he noted that the victory underscores the growing sporting passion and talent in the region.

The Prime Minister expressed hope that this feat will inspire many young athletes to dream big and play more.

The Prime Minister shared on X post;

"Congratulations to the Jammu and Kashmir team for their first ever Ranji Trophy win! This historic triumph reflects remarkable grit, discipline and passion of the team. It is a proud moment for the people of Jammu and Kashmir and it highlights the growing sporting passion and talent there. May this feat inspire many young athletes to dream big and play more."