আজি সমগ্ৰ বিশ্বই আমাৰ বিকশিত ভাৰতৰ সংকল্পক লৈ আলোচনা কৰিছে, যি সংকল্পই এখনি উন্নত ভাৰতৰ ভেটি গঢ়া বিশেষকৈ আন্তঃগাঁথনিগত পৰিৱৰ্তনক প্ৰতিফলিত কৰিছেঃ প্ৰধানমন্ত্ৰী
আমি এক ৰাষ্ট্ৰ, এক গেছ গ্ৰীডৰ দৃষ্টিভংগীৰে কাম কৰিছোঁ, প্ৰধানমন্ত্ৰী উৰ্জা গংগা পৰিযোজনা ৰূপায়ণ কৰিছোঁঃ প্ৰধানমন্ত্ৰী
আমি ২০৪৭-ৰ ভিতৰত ভাৰতক বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব লাগিব, আমাৰ পথ হ'ল - উন্নয়নৰ জৰিয়তে সবলীকৰণ, নিয়োগৰ জৰিয়তে আত্ম-নিৰ্ভৰতা আৰু সঁহাৰিৰ জৰিয়তে সুশাসন প্ৰৱৰ্তনঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগৰ দুৰ্গাপুৰত ৫,৪০০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ষ্টীল চিটি হিচাপে পৰিচিত দুৰ্গাপুৰ ভাৰতৰ শ্ৰমিক শক্তিৰো এক প্ৰধান কেন্দ্ৰ। তেখেতে ভাৰতৰ উন্নয়নৰ ক্ষেত্ৰত ইয়াৰ উল্লেখযোগ্য অৱদানক স্বীকাৰেৰে কয় যে আজি সেই ভূমিকাক অধিক সুদৃঢ়কৰণৰ অৰ্থে সুযোগৰ উন্মেষ ঘটিছে। শ্ৰী মোদীয়ে কয় যে আজি শুভাৰম্ভ কৰা প্ৰকল্পসমূহে অঞ্চলটোৰ যোগাযোগ ব্যৱস্থাৰ বৰ্ধন ঘটাব, গেছ-ভিত্তিক পৰিবহণ আৰু গেছ-ভিত্তিক অৰ্থনীতিক উদ্দীপনা যোগাব আৰু ষ্টীল চিটি হিচাপে দুৰ্গাপুৰৰ পৰিচয়ক সমৃদ্ধ কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে এই প্ৰকল্পসমূহ “মেক ইন ইণ্ডিয়া, মেক ফৰ দ্য ৱৰ্ল্ড” দৃষ্টিভংগীৰে সংগতিপূৰ্ণ আৰু ই পশ্চিম বংগক আগুৱাই যোৱাত সহায় কৰিব। তেখেতে দৃঢ়তাৰে কয় যে ইয়াৰ জৰিয়তে অঞ্চলটোৰ যুৱক-যুৱতীসকলৰ বাবে অসীম নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব। এই উন্নয়নমূলক প্ৰকল্পসমূহৰ বাবে তেখেতে সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজি সমগ্ৰ বিশ্বই আমাৰ বিকশিত ভাৰতৰ সংকল্পক লৈ আলোচনা কৰিছে, যি সংকল্পই এখনি উন্নত ভাৰতৰ ভেটি গঢ়া বিশেষকৈ আন্তঃগাঁথনিগত পৰিৱৰ্তনক প্ৰতিফলিত কৰিছে। শ্ৰী মোদীয়ে মূল কৃতিত্বৰাজিত আলোকপাতেৰে কয় যে দৰিদ্ৰ লোকসকলৰ বাবে ৪ কোটিৰো অধিক পকী ঘৰ, কোটি-কোটি শৌচাগাৰ, ১২ কোটিৰো অধিক টেপৰ পানীৰ সংযোগ, হাজাৰ-হাজাৰ কিলোমিটাৰ নতুন পথ আৰু ঘাইপথ, নতুন ৰেলপথ, সৰু চহৰতো বিমানবন্দৰ আৰু প্ৰতিখন গাঁও তথা ঘৰতে ব্যাপকভাৱে ইন্টাৰনেটৰ ব্যৱহাৰ হৈছে। তেখেতে দৃঢ়তাৰে কয় যে এই আধুনিক আন্তঃগাঁথনিয়ে পশ্চিম বংগকে প্ৰমুখ্য কৰি প্ৰতিখন ৰাজ্যকে উপকৃত কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে পশ্চিমবংগত ৰেল সংযোগৰ ক্ষেত্ৰত লাভ কৰা অভূতপূৰ্ব অগ্ৰগতিৰ কথা উল্লেখেৰে কয় যে বংগ গৰিষ্ঠ সংখ্যক বন্দে ভাৰত ৰেল চলাচল কৰা আগশাৰীৰ ৰাজ্যসমূহৰ অন্যতম। তেখেতে কলকাতা মেট্ৰৰ দ্ৰুত সম্প্ৰসাৰণ আৰু নতুন ৰেল লাইন, ট্ৰেকৰ দ্বৈতকৰণ আৰু বৈদ্যুতীকৰণৰ অৰ্থে অব্যাহত কাম-কাজত আলোকপাত কৰে। শ্ৰী মোদীয়ে আৰু কয় যে অসংখ্য ৰেল ষ্টেচনৰ আধুনিকীকৰণ কৰা হৈছে আৰু গৰিষ্ঠ সংখ্যক ৰেল অভাৰব্ৰীজ স্থাপন কৰা হৈছে। আজি পশ্চিম বংগত আৰু দুখন ৰেলৱে অভাৰব্ৰীজ উদ্বোধন কৰা হৈছে বুলি ঘোষণাৰে এই সকলোবোৰ প্ৰচেষ্টাই বংগবাসীৰ জীৱন-যাত্ৰাক যথেষ্ট সহজ কৰি তুলিব বুলি উল্লেখ কৰে।

 

অঞ্চলটোৰ বিমানবন্দৰক উড়ান আঁচনিৰ সৈতে একত্ৰিত কৰা হৈছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে বিগত এটা বছৰতে এই সুবিধাৰ জৰিয়তে ৫ লাখৰো অধিক যাত্ৰীয়ে যাত্ৰা কৰিছে। তেখেতে কয় যে এনে আন্তঃগাঁথনিয়ে কেৱল সুবিধাৰ সম্প্ৰসাৰণেই নহয়, বৰঞ্চ হাজাৰ-হাজাৰ যুৱক-যুৱতীৰ বাবে কৰ্মসংস্থাপনৰ সুযোগৰো সৃষ্টি কৰিছে। তেখেতে উল্লেখ কৰে যে এই প্ৰকল্পসমূহত ব্যৱহৃত কেঁচামালৰ উৎপাদনেও যথেষ্ট নিয়োগৰ সুযোগ সৃষ্টি কৰিছে।

বিগত ১০–১১ বছৰত ভাৰতে গেছ সংযোগৰ ক্ষেত্ৰত অভূতপূৰ্ব অগ্ৰগতি লাভ কৰিছে বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই দশকত এলপিজি সমগ্ৰ দেশৰে গৃহস্থীসমূহত উপনীত হৈ বৈশ্বিক স্বীকৃতি লাভ কৰিছে। তেখেতে কয়, আমি এক ৰাষ্ট্ৰ, এক গেছ গ্ৰীডৰ দৃষ্টিভংগীৰে কাম কৰিছোঁ, প্ৰধানমন্ত্ৰী উৰ্জা গংগা পৰিযোজনা ৰূপায়ণ কৰিছোঁ। এই পদক্ষেপৰ অধীনত পশ্চিম বংগকে প্ৰমুখ্য কৰি পূবৰ ছখন ৰাজ্যত গেছ পাইপলাইন স্থাপন কৰা হৈছে। ইয়াৰ জৰিয়তে এই ৰাজ্য কেইখনৰ উদ্যোগ আৰু পাকঘৰলৈ সুলভ মূল্যৰ পাইপ গেছ যোগানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে গেছ উপলব্ধ হ’লে বাহনসমূহ চিএনজি-ত চলাব পৰা যাব আৰু উদ্যোগসমূহ গেছ-ভিত্তিক প্ৰযুক্তিৰ অভিযোজনা কৰিবলৈ সক্ষম হ’ব। তেখেতে সন্তুষ্টি প্ৰকাশেৰে কয় যে দুৰ্গাপুৰৰ ঔদ্যোগিক অঞ্চলটো এতিয়া ৰাষ্ট্ৰীয় গেছ গ্ৰীডৰ অংশ হৈ পৰিছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই প্ৰকল্পই অঞ্চলটোৰ উদ্যোগসমূহক উপকৃত কৰিব আৰু পশ্চিম বংগৰ প্ৰায় ৩০ লাখ গৃহস্থীলৈ সুলভ মূল্যৰ পাইপ গেছ যোগান ধৰিব। তেখেতে দৃঢ়তাৰে কয় যে ইয়াৰ ফলশ্ৰুতিত লাখ-লাখ পৰিয়ালৰ জীৱন-যাত্ৰা বিশেষকৈ মাতৃ-ভগ্নীসকলৰ জীৱন-নিৰ্বাহ সহজ হৈ পৰিব আৰু হাজাৰ-হাজাৰ লোকৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে দুৰ্গাপুৰ আৰু ৰঘুনাথপুৰৰ বৃহৎ তীখা আৰু শক্তি কেন্দ্ৰসমূহক নতুন প্ৰযুক্তিৰে উন্নীত কৰা হৈছে, এই সুবিধাসমূহত প্ৰায় ১,৫০০ কোটি টকা বিনিয়োগ কৰা হৈছে বুলি উল্লেখ কৰে। তেখেতে কয় যে ইয়াৰ জৰিয়তে এই উদ্যোগসমূহ এতিয়া অধিক কাৰ্য্যক্ষম হৈ উঠিছে আৰু বিশ্বজুৰি প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলৈ সক্ষম হৈছে। এই প্ৰকল্পসমূহ লাভৰ বাবে তেখেতে বংগবাসীলৈ বিশেষ অভিনন্দন জ্ঞাপন কৰে।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ কাৰখানাতেই হওঁক বা ইয়াৰ ক্ষেত্ৰসমূহতেই হওঁক, গ্ৰহণ কৰা সকলো প্ৰচেষ্টা এটাই মাথোঁ সংকল্পৰে পৰিচালিত হৈছে— সেয়া হৈছে ২০৪৭-ৰ ভিতৰত ভাৰতক এখনি উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলা। শ্ৰী মোদীয়ে পশ্চিম বংগক ভাৰতৰ উন্নয়ন যাত্ৰাৰ এক শক্তিশালী ইঞ্জিন হিচাপে গঢ়ি তোলা হ’ব বুলি দৃঢ়তাৰে উল্লেখেৰে তেখেতৰ ভাষণৰ সামৰণি মাৰে।

এই কাৰ্য্যসূচীত পশ্চিম বংগৰ ৰাজ্যপাল ডঃ চি.ভি. আনন্দ বসু, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰী, শ্ৰী শান্তনু ঠাকুৰ, ডঃ সুকান্ত মজুমদাৰকে প্ৰমুখ্য কৰি বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।

পটভূমি

প্ৰধানমন্ত্ৰীয়ে তেল আৰু গেছ, শক্তি, পথ আৰু ৰেল খণ্ডৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে।

অঞ্চলটোৰ তেল আৰু গেছৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত এক বৃহৎ অগ্ৰগতি সাধনেৰে প্ৰধানমন্ত্ৰীয়ে পশ্চিম বংগৰ বাংকুৰা আৰু পুৰুলিয়া জিলাত প্ৰায় ১,৯৫০ কোটি টকা মূল্যৰ ভাৰত পেট্ৰলিয়াম কৰ্পৰেচন লিমিটেডৰ (BPCL) চিটি গেছ বিতৰণ (CGD) প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ জৰিয়তে গৃহস্থী, বাণিজ্যিক প্ৰতিষ্ঠান আৰু ঔদ্যোগিক গ্ৰাহকসকলক পিএনজি সংযোগ প্ৰদান কৰা হ’ব আৰু খুচুৰা বিপণীসমূহত চিএনজি প্ৰদান কৰা হ’ব। ইয়াৰ ফলশ্ৰুতিত অঞ্চলটোত কৰ্মসংস্থাপনৰ সুযোগো সৃষ্টি হ’ব।

প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী উৰ্জা গংগা (PMUG) প্ৰকল্প নামেৰেও জনাজাত অভিলাষী জগদীশপুৰ-হালদিয়া আৰু বোকাৰো-ধমৰা পাইপলাইনৰ অংশ হিচাপে সংস্থাপিত দুৰ্গাপুৰ-হালদিয়া প্ৰাকৃতিক গেছ পাইপলাইনৰ দুৰ্গাপুৰৰ পৰা কলকাতালৈ (১৩২ কিলোমিটাৰ) অংশও ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। ১,১৯০ কোটি টকাৰো অধিক মূল্যৰ দুৰ্গাপুৰৰ পৰা কলকাতা অংশ পশ্চিম বংগৰ পূব বর্ধমান, হুগলী আৰু নাদিয়া জিলাৰ মাজেৰে পাৰ হৈ গৈছে। এই পাইপলাইনে ইয়াৰ কাৰ্য্যকৰীকৰণ পৰ্য্যায়ত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰিছিল তথা এতিয়া অঞ্চলটোৰ লাখ-লাখ গৃহস্থীলৈ প্ৰাকৃতিক গেছৰ যোগানৰ সুবিধা প্ৰশস্ত কৰিব।

সকলোৰে বাবে বিশুদ্ধ বায়ু আৰু স্বাস্থ্য সুৰক্ষাৰ অংগীকাৰেৰে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে ১,৪৫৭ কোটি টকাৰো অধিক মূল্যৰ দুৰ্গাপুৰ ষ্টীল থাৰ্মেল পাৱাৰ ষ্টেচনৰ ৰেট্ৰফিটিং পলিউচন কন্ট্ৰল চিষ্টেম-ফ্লু গেছ ডিছালফাৰাইজেচন (FGD) আৰু দামোদৰ ভেলী কৰ্পৰেচনৰ ৰঘুনাথপুৰ থাৰ্মেল পাৱাৰ ষ্টেচন ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। এই প্ৰকল্পই স্বচ্ছ শক্তি উৎপাদনত সহায়েৰে অঞ্চলটোত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টিৰে অঞ্চলটোক উপকৃত কৰিব।

 

অঞ্চলটোৰ ৰেল আন্তঃগাঁথনিৰ অগ্ৰগতি সাধনেৰে প্ৰধানমন্ত্ৰীয়ে ৩৯০ কোটি টকাৰো অধিক মূল্যৰ পুৰুলিয়া – কোটশিলা ৰেল লাইনৰ (৩৬ কিমি) দ্বৈতকৰণৰ কামো ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। ইয়াৰ জৰিয়তে জামছেদপুৰ, বোকাৰো আৰু ধনবাদৰ পৰা ৰাঁচী আৰু কলকাতাৰ সৈতে উদ্যোগসমূহৰ মাজত ৰেল সংযোগৰ অগ্ৰগতি সাধন আৰু মালবাহী ৰেলৰ সুচল চলাচল, যাতায়াতৰ সময় হ্ৰাস আৰু উদ্যোগ তথা ব্যৱসায়ৰ বাবে লজিষ্টিক ব্যৱস্থাৰ বৰ্ধন ঘটিব।

প্ৰধানমন্ত্ৰীয়ে সেতু ভাৰতম কাৰ্য্যসূচীৰ অধীনত ৩৮০ কোটি টকাৰো অধিক মূল্যৰ দুখন ৰোড অ’ভাৰ ব্ৰীজ (ROB) উদ্বোধন কৰে। পশ্চিম বৰ্ধমানৰ টপছি আৰু পাণ্ডাবেশ্বৰত এয়া নিৰ্মাণ কৰা হৈছে। ই যোগাযোগ ব্যৱস্থাৰ অগ্ৰগতি সাধনৰ লগতে ৰেলৱে লেভেল ক্ৰছিঙত দুৰ্ঘটনা ৰোধত সহায় কৰিব।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
First multilingual Indian speech recognition model trained on 65 languages and dialects released

Media Coverage

First multilingual Indian speech recognition model trained on 65 languages and dialects released
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
President’s address on the eve of 80th Independence Day reflects the nation’s strength and inspires renewed determination for a Viksit Bharat: PM
August 14, 2026

Prime Minister Shri Narendra Modi today lauded the address delivered by President of India, Smt. Droupadi Murmu, on the eve of 80th Independence Day noting that it was motivating and thoughtful.

The Prime Minister observed that her thoughts reflect the strength of our nation and the aspirations of every Indian. He stated that her message inspires us all to work with renewed determination for a Viksit Bharat.

In a post on X, the Prime Minister shared:

"A motivating and thoughtful address by Rashtrapati Ji on the eve of Independence Day.

Her thoughts reflect the strength of our nation and the aspirations of every Indian.

Her message inspires us all to work with renewed determination for a Viksit Bharat.

@rashtrapatibhvn"