আমাৰ চৰকাৰে স্বচ্ছ শক্তিৰ অভিযানক জন আন্দোলনলৈ ৰূপান্তৰিত কৰিছে: প্ৰধানমন্ত্ৰী
আমি সমাজৰ সকলো শ্ৰেণীৰ লোকৰ কল্যাণৰ বাবে সেৱাৰ মনোভাৱেৰে কাম কৰি আছো: প্ৰধানমন্ত্ৰী
জনজাতীয় সম্প্ৰদায়সমূহে যাতে মৰ্যাদা আৰু আত্মসন্মানেৰে জীয়াই থাকে সেয়া নিশ্চিত কৰাটো আমাৰ প্ৰতিশ্ৰুতি: প্ৰধানমন্ত্ৰী

ৰাজস্থানৰ বনস্বৰাত ১,২২,১০০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ উদ্বোধন, আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। নৱৰাত্ৰিৰ চতুৰ্থ দিনা প্ৰধানমন্ত্ৰীয়ে বনস্বৰাৰ পবিত্ৰ ভূমি মা ত্ৰিপুৰা সুন্দৰী পৰিদৰ্শন কৰাৰ সৌভাগ্য লাভৰ কথাও তেওঁ  প্ৰকাশ কৰে। তেওঁ কয়  যে তেওঁ কনথাল আৰু ভগদৰ গংগা হিচাপে পূজনীয় মা মাহীকো প্ৰত্যক্ষ কৰাৰ সুযোগ পাইছে। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে মাহীৰ পানী  ভাৰতৰ জনজাতীয় সম্প্ৰদায়ৰ স্থিতিস্থাপকতা আৰু সংগ্ৰামৰ প্ৰতীক। তেওঁ মহাযোগী গোবিন্দ গুৰুজীৰ প্ৰেৰণাদায়ক নেতৃত্বৰ বিষয়ত আলোকপাত কৰে, যাৰ উত্তৰাধিকাৰ আজিও  অব্যাহত আছে, সেই মহান কাহিনীৰেই সাক্ষী বহন কৰিছে  মাহীৰ পবিত্ৰ পানীয়ে। শ্ৰী মোদীয়ে মা ত্ৰিপুৰা সুন্দৰী আৰু মা মাহীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু এই ভক্তি তথা  বীৰত্বৰ ভূমিৰ পৰা মহাৰাণা প্ৰতাপ আৰু ৰাজা বংছিয়া ভীলক শ্ৰদ্ধাঞ্জলি জনায়।

শ্ৰী মোদীয়ে মন্তব্য কৰে যে নৱৰাত্ৰিৰ সময়ত  দেশ খনে শক্তিৰ নটা ৰূপক পূজা কৰে আৰু আজিৰ বনস্বৰাত অনুষ্ঠিত হোৱা ডাঙৰ অনুষ্ঠানটো উৰ্জা শক্তি—শক্তি উৎপাদনৰ বাবে উৎসৰ্গিত। তেওঁ আলোকপাত কৰে যে ভাৰতৰ শক্তি খণ্ডৰ এক নতুন অধ্যায় ৰাজস্থানৰ মাটিৰ পৰা লিখা হৈছে। প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ ৰাজস্থান, মধ্যপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, আৰু মহাৰাষ্ট্ৰত ৯০,০০০ কোটি টকাৰো অধিক মূল্যৰ শক্তি প্ৰকল্প আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। তেওঁ কয় যে একেলগে এনে বৃহৎ পৰিসৰৰ প্ৰকল্প আৰম্ভ কৰাটোৱে শক্তি খণ্ডত ভাৰতৰ ত্বৰান্বিত অগ্ৰগতিকেই  প্ৰতিফলিত কৰিছে, ইয়াত দেশৰ প্ৰতিটো অঞ্চলে সক্ৰিয়ভাৱে অৰিহণা যোগাইছে আৰু সকলো ৰাজ্যকে অগ্ৰাধিকাৰ দিয়া হৈছে। ৰাজস্থানত স্বচ্ছ শক্তি প্ৰকল্প আৰু সংবহন লাইনৰ আধাৰশিলা স্থাপন কৰা হৈছে। শ্ৰী মোদীয়ে সৌৰশক্তি প্ৰকল্পসমূহো উদ্বোধন কৰাৰ লগতে বনস্বৰাত ৰাজস্থান পাৰমাণৱিক শক্তি প্ৰকল্প শুভাৰম্ভ কৰাৰ কথা ঘোষণা কৰে। তেওঁ কয় যে সৌৰ শক্তিৰ পৰা পাৰমাণৱিক শক্তিলৈকে ভাৰতে বিদ্যুৎ উৎপাদন ক্ষমতাৰ ক্ষেত্ৰত নতুন উচ্চতা বৃদ্ধি কৰিছে।

 

“আজিৰ প্ৰযুক্তি আৰু উদ্যোগৰ যুগত উন্নয়ন বিদ্যুতৰ শক্তিৰ ওপৰত চলি থাকে; বিদ্যুতে পোহৰ, গতি, অগ্ৰগতি, সংযোগ, আৰু বিশ্বব্যাপী প্ৰৱেশ আনে”, প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ পূৰ্বৰ চৰকাৰসমূহে বিদ্যুতৰ গুৰুত্বক অৱহেলা কৰা বুলি  শ্ৰী মোদীয়ে সমালোচনা কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ২০১৪ চনত তেওঁৰ চৰকাৰ ক্ষমতালৈ অহাৰ সময়ত ২.৫ কোটি পৰিয়ালত বিদ্যুতৰ সংযোগৰ অভাৱ আছিল  আৰু স্বাধীনতাৰ ৭০ বছৰৰ পাছতো ১৮ হাজাৰ গাঁৱে এটাও বিদ্যুতৰ খুঁটা দেখা নাছিল। তেওঁ আলোকপাত কৰে যে ডাঙৰ ডাঙৰ চহৰসমূহে ঘণ্টাৰ পিছত ঘণ্টা ধৰি বিদ্যুৎ কৰ্তনৰ সন্মুখীন হৈছিল  আৰু গাঁৱত আনকি ৪–৫ ঘণ্টা ধৰি বিদ্যুৎ কৰ্তন কৰা হৈছিল। বিদ্যুতৰ অনুপস্থিতিয়ে কাৰখানা পৰিচালনা আৰু নতুন উদ্যোগ স্থাপনত বাধাৰ সৃষ্টি কৰিছিল, যাৰ ফলত ৰাজস্থানৰ দৰে ৰাজ্য আৰু সমগ্ৰ দেশতে প্ৰভাৱ পৰিছিল। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে ২০১৪ চনত তেওঁৰ চৰকাৰে এই পৰিস্থিতি সলনি কৰাৰ সংকল্প লৈছিল। তেওঁ উল্লেখ কৰে যে প্ৰতিখন গাঁৱলৈ বিদ্যুৎ যোগান ধৰা হৈছিল আৰু ২.৫ কোটি পৰিয়ালে বিনামূলীয়া সংযোগ লাভ কৰিছিল। য’তেই বিদ্যুৎ পৰিবাহী তাঁৰ আহিল, তাতেই বিদ্যুৎ শক্তিও আহিল—জীৱন সহজ কৰি তুলিলে আৰু নতুন উদ্যোগৰ বৃদ্ধি সম্ভৱ কৰি তুলিলে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে যিকোনো দেশে  একবিংশ শতিকাত দ্ৰুত উন্নয়ন সাধন কৰিবলৈ হ’লে বিদ্যুতৰ  উৎপাদন বৃদ্ধি কৰিব লাগিব। তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে আটাইতকৈ সফল দেশসমূহ হ’ব স্বচ্ছ শক্তিৰ ক্ষেত্ৰত আগবাঢ়ি থকা দেশসমূহ। “আমাৰ চৰকাৰে স্বচ্ছ শক্তি অভিযানক জন আন্দোলনলৈ ৰূপান্তৰিত কৰিছে”, শ্ৰী মোদীয়ে কয়। তেওঁ কয় যে পি এম সূৰ্য্য ঘৰ মুফট বিজলী যোজনাৰ অধীনত চহৰ আৰু গ্ৰাম্য উভয় অঞ্চলৰ ছাদত সৌৰ পেনেল স্থাপন কৰা হৈছে। কৃষকৰ বাবে সুলভ মূল্যৰ বিদ্যুৎ সুনিশ্চিত কৰিবলৈ পি এম-কুসুম আঁচনিৰ জৰিয়তে কৃষি পথাৰত সৌৰ পাম্প স্থাপনৰ সুবিধা প্ৰদান কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে আজি ৰাজ্যখনত  কেইবাটাও সৌৰ প্ৰকল্প উদ্বোধন কৰা হৈছে, যাৰ ফলত প্ৰত্যক্ষভাৱে লাখ লাখ কৃষক উপকৃত হৈছে। তেওঁ পুনৰ কয় যে পি এম সূৰ্য্য ঘৰ আঁচনিখনে ঘৰৰ বাবে বিনামূলীয়া বিদ্যুৎ প্ৰদান কৰে, আনহাতে পি এম-কুসুম আঁচনিৰ জৰিয়তে পামৰ বাবে বিনামূলীয়া বিদ্যুৎ নিশ্চিত কৰা হয়। শ্ৰী মোদীয়ে পিএম-কুসুম আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে তেওঁৰ পূৰ্বৰ মত বিনিময়ৰ বিষয়ে ভাগ-বতৰা কৰে।  তেওঁ কয় যে সৌৰশক্তিচালিত বিনামূলীয়া বিদ্যুৎ তেওঁলোকৰ জীৱনত এক ডাঙৰ আশীৰ্বাদত পৰিণত হৈছে।

“ভাৰতে উন্নত ৰাষ্ট্ৰ হ’বলৈ তীব্ৰ গতিৰে কাম কৰি আছে, এই যাত্ৰাত ৰাজস্থানে উল্লেখযোগ্য ভূমিকা পালন কৰিছে”, শ্ৰী মোদীয়ে কয় । তেওঁ ৰাজস্থানৰ জনসাধাৰণৰ বাবে ৩০,০০০ কোটি টকাৰ অতিৰিক্ত প্ৰকল্প আৰম্ভ কৰাৰ কথা ঘোষণা কৰে, যাৰ লক্ষ্য হৈছে পানী, বিদ্যুৎ, আৰু স্বাস্থ্যসেৱাৰ সুবিধা উন্নত কৰা। প্ৰধানমন্ত্ৰীয়ে বন্দে ভাৰত সেৱাকে ধৰি তিনিখন নতুন ৰে’লৰ ফ্লেগ অফ কৰে। তেওঁ নতুন নিয়োগৰ সুযোগ সৃষ্টিৰ বাবে দেশজোৰা অভিযানৰ বিষয়ত আলোকপাত কৰে, যাৰ অধীনত ৰাজস্থানৰ ১৫ হাজাৰ যুৱকে আজি চৰকাৰী চাকৰিৰ বাবে নিযুক্তি পত্ৰ লাভ কৰিছে। শ্ৰী মোদীয়ে এই যুৱসকলক তেওঁলোকৰ জীৱনৰ এক নতুন অধ্যায়তভৰি দিয়াৰ সময়ত শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে এই উন্নয়নমূলক পদক্ষেপসমূহ আৰম্ভ কৰাৰ বাবে ৰাজস্থানৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰে।

 

ৰাজস্থানত তেওঁলোকৰ চৰকাৰে ৰাজ্যখনৰ উন্নয়নৰ দিশত সম্পূৰ্ণ সততাৰে কাম কৰি আছে বুলি সন্তুষ্টি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে অপশাসন আৰু শোষণৰ জৰিয়তে পূৰ্বৰ  শাসনে  ৰাজস্থানত যি ঘাঁ সৃষ্টি কৰিছিল, সেই ঘাঁসমূহ এতিয়া বৰ্তমানৰ প্ৰশাসনে সুস্থ কৰি তুলিছে। শ্ৰী মোদীয়ে অভিযোগ কৰে যে বিৰোধীৰ শাসনৰ অধীনত ৰাজস্থান প্ৰশ্নকাকত ফাদিলৰ কেন্দ্ৰ হৈ পৰিছে আৰু দুৰ্নীতিৰ ফলত জল জীৱন মিছনতো  আপোচ কৰা হৈছিল। তেওঁ আলোকপাত কৰে যে ৰাজ্য খনত  নাৰীৰ ওপৰত হোৱা অত্যাচাৰৰ শিখৰত উপনীত হৈছিল, অপৰাধীসকলক সুৰক্ষা প্ৰদান কৰা হৈছিল । তেওঁ আঙুলিয়াই দিয়ে যে বিৰোধীৰ কাৰ্যকালত বনস্বৰা, ডুংগৰপুৰ, প্ৰতাপগড় আদি অঞ্চলত অপৰাধ আৰু অবৈধ সুৰাৰ ব্যৱসায়ৰ উত্থান ঘটিছিল। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এবাৰ জনসাধাৰণে তেওঁলোকক সুযোগ দিয়াত  আইন-শৃংখলা শক্তিশালী হৈছে আৰু উন্নয়নৰ গতি ত্বৰান্বিত হৈছে । তেওঁ উল্লেখ কৰে যে এতিয়া বৃহৎ প্ৰকল্পসমূহ ৰূপায়ণ কৰা হৈছে, সমগ্ৰ ৰাজস্থানত ঘাইপথ আৰু এক্সপ্ৰেছৱেৰ নেটৱৰ্ক বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে তেওঁলোকৰ চৰকাৰে ৰাজস্থান বিশেষকৈ দক্ষিণ ৰাজস্থানক উন্নয়নৰ দ্ৰুত পথত আগুৱাই লৈ গৈছে।

 

দেশ খনক  অন্ত্যোদয়ৰ নীতি প্ৰদান কৰা পণ্ডিত দীনদয়াল উপাধ্যায়ৰ আজি জন্ম বাৰ্ষিকী বুলি উল্লেখ কৰি শ্ৰীযুত মোদীয়ে জোৰ দি কয় যে এই দৃষ্টিভংগী এতিয়া চৰকাৰৰ মিছন হৈ পৰিছে। তেওঁ উল্লেখ কৰে যে প্ৰশাসনে দৰিদ্ৰ, দলিত, পিছপৰা শ্ৰেণী, আৰু জনজাতীয় সম্প্ৰদায়ৰ কল্যাণৰ বাবে গভীৰ সেৱাৰ বোধেৰে কাম কৰি আছে।

 

জনজাতীয় সম্প্ৰদায়ক ধাৰাবাহিকভাৱে অৱহেলা কৰা আৰু তেওঁলোকৰ প্ৰয়োজনীয়তা বুজিব নোৱাৰাৰ বাবে বিৰোধী দলক সমালোচনা কৰি প্ৰধানমন্ত্ৰীয়ে  কয় যে তেওঁলোকৰ চৰকাৰেই এক নিষ্ঠাবান মন্ত্ৰালয় প্ৰতিষ্ঠা কৰি জনজাতীয় কল্যাণক অগ্ৰাধিকাৰ দিছে, প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীজীৰ চিন্তাক বাস্তৱ ৰূপ দি  জনজাতীয় বিষয়ৰ বাবে সুকীয়া মন্ত্ৰালয় গঠন কৰা হৈছিল। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে বিৰোধীৰ শাসনৰ সময়ত জনজাতীয় অঞ্চলত এনে বৃহৎ পৰিসৰৰ প্ৰকল্প বাস্তৱায়িত হোৱাটো কল্পনাতীত আছিল। তেওঁ দৃঢ়তাৰে কয় যে তেওঁলোকৰ চৰকাৰৰ অধীনত এই উন্নয়নসমূহ এতিয়া বাস্তৱত পৰিণত হৈছে। তেওঁ মধ্যপ্ৰদেশৰ ধৰত এখন বৃহৎ পি এম মিত্ৰ  উদ্যান মুকলি কৰাৰ কথা ঘোষণা কৰে, যিয়ে জনজাতীয় কৃষকসকলৰ বাবে উল্লেখযোগ্য সুবিধা কঢ়িয়াই আনিব।

তেওঁ লগতে উল্লেখ কৰে  যে তেওঁলোকৰ দলৰ প্ৰচেষ্টাতেই দৰিদ্ৰ জনজাতীয় পৰিয়ালৰ কন্যা শ্ৰীমতী শ্ৰীমতী দ্ৰৌপদী মুৰ্মু  ভাৰতৰ ৰাষ্ট্ৰপতি হৈ পৰিছে।  শ্ৰী মোদীয়ে আলোকপাত কৰে যে ৰাষ্ট্ৰপতিয়ে নিজেই সমাজৰ অতি প্ৰান্তীয় জনজাতীয় সম্প্ৰদায়ৰ বিষয়টো উত্থাপন কৰিছিল, যিয়ে পি এম জনমান যোজনাৰ আৰম্ভণিৰ বাবে অনুপ্ৰাণিত কৰিছিল। এই পদক্ষেপৰ অধীনত জনজাতীয় সমাজৰ ভিতৰত অতি বঞ্চিত শ্ৰেণীক বিশেষ অগ্ৰাধিকাৰ দিয়া হৈছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ধৰ্মীয় আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযানৰ জৰিয়তে জনজাতীয় গাঁওসমূহ আধুনিকীকৰণ কৰা হৈছে, যাৰ ফলত পাঁচ কোটিৰো অধিক জনজাতীয় লোক উপকৃত হৈছে। তেওঁ লগতে কয় যে সমগ্ৰ দেশতে শ শ একলব্য আদৰ্শ আৱাসিক বিদ্যালয় স্থাপন কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে চৰকাৰে বনবাসী আৰু অনুসূচিত জনজাতিসকলৰ বন অধিকাৰকো স্বীকৃতি দিছে।

 

“ভাৰতৰ জনজাতীয় সম্প্ৰদায়সমূহে হাজাৰ হাজাৰ বছৰ ধৰি বন সম্পদসমূহ বহনক্ষমভাৱে ব্যৱহাৰ কৰি আহিছে”, শ্ৰী মোদীয়ে কয়। এই সম্পদসমূহ তেওঁলোকৰ বাবে প্ৰগতিৰ মাধ্যম হিচাপে পৰিগণিত হোৱাটো নিশ্চিত কৰিবলৈ চৰকাৰে বন ধন যোজনা আৰম্ভ কৰিছে। তেওঁ আলোকপাত কৰে যে বনজ উৎপাদনৰ বাবে নূন্যতম সহায়ক মূল্য (এম এছ পি) বৃদ্ধি কৰা হৈছে আৰু জনজাতীয় সামগ্ৰীসমূহ বজাৰত প্ৰৱেশৰ সৈতে জড়িত কৰা হৈছে।  প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতে সমগ্ৰ দেশতে বনজ উৎপাদনৰ অভিলেখ বৃদ্ধিৰ সাক্ষী হৈছে।

 

জনজাতীয় সমাজে যাতে মৰ্যাদাৰে জীয়াই থাকে তাৰ বাবে চৰকাৰৰ দায়বদ্ধতাক দৃঢ় কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকৰ বিশ্বাস, আত্মসন্মান  আৰু সাংস্কৃতিক ঐতিহ্য ৰক্ষা কৰাটো চৰকাৰৰ  এক গুৰুত্বপূৰ্ণ সংকল্প। তেওঁ কয় যে যেতিয়া এজন সাধাৰণ নাগৰিকৰ জীৱন সহজ হৈ পৰে, তেতিয়া তেওঁলোকে নিজেই দেশৰ  প্ৰগতিৰ ক্ষেত্ৰত আগভাগ লয়। তেওঁ ১১ বছৰ পূৰ্বে বিৰোধীৰ শাসনৰ অধীনত হোৱা ভয়াৱহ পৰিস্থিতিৰ কথা স্মৰণ কৰি সেয়া  নাগৰিকৰ শোষণ আৰু ব্যৱস্থাগত লুণ্ঠনৰ কাৰণ বুলি কয়। তেওঁ আঙুলিয়াই দিয়ে যে সেই সময়ছোৱাত কৰ আৰু মুদ্ৰাস্ফীতিয়ে  অভিলেখ সৃষ্টি কৰিছিল। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে বিৰোধীৰ শোষণমূলক কাৰ্যকলাপৰ অন্ত পেলাবলৈ  জনসাধাৰণে তেওঁলোকৰ চৰকাৰক আশীৰ্বাদ দিছে ।

 

শ্ৰী মোদীয়ে উল্লেখ কৰে যে ২০১৭ চনত জি এছ টি ৰূপায়ণে দেশখনক কৰ আৰু টোলৰ জটিল জালৰ পৰা মুক্ত কৰিলে। তেওঁ আলোকপাত কৰে যে চলিত বৰ্ষৰ নৱৰাত্ৰিৰ প্ৰথম দিনটোত জি এছ টিৰ এক বৃহৎ সংস্কাৰ প্ৰৱৰ্তন কৰা হৈছে, যাৰ ফলত সমগ্ৰ ভাৰততে জি এছ টি  ৰাহি  মহোৎসৱ উদযাপন কৰা হৈছে । প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে প্ৰায়বোৰ দৈনন্দিন ব্যৱহৃত সামগ্ৰী অধিক সুলভ হৈ পৰিছে। উপস্থিত মহিলাসকলৰ বৃহৎ সমাৱেশক সম্বোধন কৰি তেওঁ দৃঢ়তাৰে কয় যে ঘৰুৱা পাকঘৰৰ খৰচ যথেষ্ট হ্ৰাস পাইছে, যাৰ ফলত দেশজুৰি মাতৃ-ভগ্নীসকলৰ বাবে প্ৰত্যক্ষ সকাহ হৈছে।

 

২০১৪ চনৰ আগতে দৈনিক প্ৰয়োজনীয় সামগ্ৰী যেনে চাবোন, চেম্পু, টুথপেষ্ট, আৰু টুথ পাউদাৰৰ বাবে ১০০ টকা খৰচ কৰাৰ ফলত বিৰোধী চৰকাৰৰ অধীনত অধিক কৰ আৰোপৰ বাবে মুঠ খৰচ ১৩১ টকা  হোৱা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে প্ৰতি ১০০ টকা ক্ৰয়ৰ ওপৰত বিৰোধীয়ে ৩১ টকা কৰ আৰোপ কৰিছিল। ২০১৭ চনত জি এছ টি কাৰ্যকৰী হোৱাৰ লগে লগে একে ১০০ টকা  মূল্যৰ সামগ্ৰীৰ মূল্য ১১৮, যাৰ ফলত তেওঁলোকৰ চৰকাৰৰ অধীনত ১৩ টকাৰ প্ৰত্যক্ষ ৰাহি হৈছিল । ২২ ছেপ্টেম্বৰত প্ৰৱৰ্তন কৰা জি এছ টি সংস্কাৰৰ পিছত খৰচ আৰু হ্ৰাস পাই ১০৫ টকা হৈছে, যাৰ ফলত পূৰ্বৰ সময়ৰ তুলনাত মুঠ ২৬ টকা ৰাহি হৈছে। প্ৰধানমন্ত্ৰীয়ে  কয় যে মাতৃ-ভগ্নীয়ে ঘৰৰ বাজেট নিখুঁতভাৱে পৰিচালনা কৰে  আৰু নতুন কৰ ব্যৱস্থাৰ অধীনত পৰিয়ালসমূহে এতিয়া প্ৰতিমাহে শ শ টকা ৰাহি  কৰি আছে।

 

জোতা সকলোৰে বাবে এক মৌলিক প্ৰয়োজনীয়তা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে পূৰ্বৰ   নিয়ম অনুসৰি ৭৫ টকা কৰৰ বোজাৰ বাবে ৫০০ টকাৰ জোতা ক্ৰয় কৰাৰ বাবে ৫৭৫ টকা খৰচ হৈছিল। জি এছ টি কাৰ্যকৰী হোৱাৰ লগে লগে এই কৰ ১৫ টকালৈ  হ্ৰাস পালে। শেহতীয়া জি এছ টি সংস্কাৰৰ পিছত এতিয়া একে জোতাৰ দাম ৫০ টকা  কমিছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ইয়াৰ পূৰ্বে ৫০০ টকাতকৈ অধিক মূল্যৰ জোতাবোৰৰ বাবে  আৰু অধিক কৰ দিবলগীয়া হৈছ্ল । তেওঁ কয় যে চৰকাৰে এতিয়া ২৫০০ টকা পৰ্যন্ত মূল্যৰ জোতাৰ ওপৰতো কৰ হ্ৰাস কৰিছে, যাৰ ফলত সাধাৰণ নাগৰিকৰ বাবে এনে জোতা  অধিক সুলভ হৈ পৰিছে।

 

শ্ৰী মোদীয়ে লগতে কয় যে স্কুটাৰ বা মটৰ চাইকেলৰ মালিক হোৱাটো প্ৰতিখন  ঘৰৰ সাধাৰণ আকাংক্ষা, কিন্তু বিৰোধীৰ শাসনৰ অধীনত এয়া  হাতেৰে ঢুকি পোৱাৰ  বাহিৰত আছিল। তেওঁ আলোকপাত কৰে যে বিৰোধীয়ে ৬০ হাজাৰ টকাৰ  মটৰ চাইকেলৰ ওপৰত ১৯ হাজাৰ টকাতকৈ অধিক কৰ আৰোপ কৰিছিল। ২০১৭ চনত জি এছ টি প্ৰৱৰ্তনৰ লগে লগে এই কৰ ২৫০০ টকা  হ্ৰাস কৰা হয়। ২২ ছেপ্টেম্বৰত কাৰ্যকৰী কৰা সংশোধিত হাৰৰ পিছত এতিয়া একেখন মটৰ চাইকেলে মাত্ৰ ১০,০০০ টকা  কৰ আকৰ্ষণ কৰে—যাৰ ফলত ২০১৪ চনৰ তুলনাত ৯,০০০ টকা  প্ৰত্যক্ষ লাভ হৈছে ।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে পূৰ্বৰ  নিয়মৰ অধীনত ঘৰ নিৰ্মাণ কৰাটো অতি  ব্যয়বহুল আছিল। তেওঁ আলোকপাত কৰে যে ৩০০ টকাৰ চিমেণ্টৰ বেগ এটাই ৯০ টকাতকৈ অধিক কৰ আকৰ্ষণ কৰিছিল। ২০১৭ চনত জি এছ টি প্ৰৱৰ্তনৰ লগে লগে এই কৰ প্ৰায় ১০ টকা  হ্ৰাস কৰা হয়। ২২ ছেপ্টেম্বৰত কাৰ্যকৰী হোৱা শেহতীয়া জি এছ টি সংস্কাৰৰ পিছত একেটা চিমেণ্টৰ বেগত এতিয়া মাত্ৰ ৫০ টকা  কৰ আৰোপ কৰা হৈছে— যাৰ ফলত ২০১৪ চনৰ তুলনাত প্ৰত্যক্ষভাৱে ৪০ টকা  ৰাহি হৈছে।

 

জি এছ টি  ৰাহি  মহোৎসৱৰ মাজতে এটা  কথাত গুৰুত্ব আৰোপ কৰি শ্ৰী মোদীয়ে কয় যে আমি আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্য পাহৰিব নালাগিব। তেওঁ লগতে কয় যে স্বদেশীৰ মন্ত্ৰ পাহৰিব নালাগিব।  শ্ৰী মোদীয়ে আহ্বান জনায় যে আমি যি বিক্ৰী কৰো সেয়া স্বদেশী হ’ব লাগে আৰু আমি যি কিনো সেয়াও স্বদেশী হ’ব লাগিব। তেওঁ নাগৰিকসকলক গৌৰৱেৰে ঘোষণা কৰিবলৈ উৎসাহিত কৰে যে, “এয়া স্বদেশী।” প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে যেতিয়া মানুহে স্বদেশী সামগ্ৰী ক্ৰয় কৰে তেতিয়া সেই ধন দেশৰ ভিতৰতে থাকে—সেয়া স্থানীয় শিপিনী, শ্ৰমিক, ব্যৱসায়ীসকলৰ ওচৰলৈ যায়। এই ধন বহিঃদেশলৈ  বৈ যোৱাতকৈ পোনপটীয়াকৈ ৰাষ্ট্ৰীয় উন্নয়নত অৰিহণা যোগায়, নতুন ঘাইপথ আৰু পথ নিৰ্মাণত সহায় কৰে। তেওঁ সকলোকে স্বদেশীক জাতীয় গৌৰৱৰ প্ৰতীক হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়। উৎসৱৰ বতৰত কেৱল স্বদেশী সামগ্ৰী ক্ৰয় কৰাৰ প্ৰতিশ্ৰুতি দিবলৈ নাগৰিকক আহ্বান জনাই প্ৰধানমন্ত্ৰীয়ে উন্নয়ন আৰু নিয়োগ সম্পৰ্কীয় প্ৰকল্প আৰম্ভ হোৱাৰ বাবে পুনৰবাৰ অভিনন্দন জ্ঞাপন কৰে।

 

উক্ত অনুষ্ঠানত ৰাজস্থানৰ ৰাজ্যপাল শ্ৰীযুত হৰিভাও কিষাণৰাও বাগাডে, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত ভজনলাল শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত প্ৰহ্লাদ যোশীৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

 

পৃষ্ঠভূমি

 

সকলোৰে বাবে সুলভ, নিৰ্ভৰযোগ্য, আৰু বহনক্ষম বিদ্যুৎ যোগান নিশ্চিত কৰিবলৈ ভাৰতৰ শক্তি খণ্ডক ৰূপান্তৰিত কৰাৰ প্ৰতিশ্ৰুতিৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে অনুশক্তি বিদ্যুত নিগম লিমিটেডৰ (ASHVINI) মাহী বনশ্বৰা ৰাজস্থান পাৰমাণৱিক শক্তি প্ৰকল্প (৪X৭০০ মেগাৱাট)ৰ আধাৰশিলা স্থাপন কৰে, যাৰ মূল্য প্ৰায় ৪২,০০০ কোটি টকা। ই দেশৰ অন্যতম বৃহৎ পাৰমাণৱিক উদ্যোগ হ’ব , যিয়ে নিৰ্ভৰযোগ্য ভিত্তিত শক্তি যোগান ধৰিব আৰু ই পৰিৱেশ পৰিচালনা তথা  বিকশিত পাৰমাণৱিক শক্তিৰ পৰিৱেশত ভাৰতৰ স্থান শক্তিশালী কৰিব। আত্মনিৰ্ভৰ ভাৰতৰ মনোভাৱক আগুৱাই নিয়াৰ বাবে মাহী বনশ্বৰা ৰাজস্থান পাৰমাণৱিক শক্তি প্ৰকল্পত উন্নত সুৰক্ষা বৈশিষ্ট্যৰ সৈতে চাৰিটা থলুৱা ৭০০ মেগাৱাট চাপযুক্ত গধুৰ জল ৰিয়েক্টৰ আছে, যিবোৰ এনপিচিআইএলে ডিজাইন আৰু বিকশিত কৰিছে। ই ভাৰতৰ  “ফ্লিট মোড” পদক্ষেপৰ অংশ, য’ত সমগ্ৰ ভাৰতত একেধৰণৰ ডিজাইন আৰু পৰিকল্পনাৰ অধীনত দহটা একেধৰণৰ ৭০০ মেগাৱাট ৰিয়েক্টৰ নিৰ্মাণ কৰা হৈছে। প্ৰকল্পটোৱে খৰচৰ দক্ষতা, দ্ৰুত নিয়োগ, আৰু একত্ৰিত কাৰ্য্যকৰী বিশেষজ্ঞতা নিশ্চিত কৰিব ।

 

ভাৰতৰ স্বচ্ছ শক্তিৰ আন্তঃগাঁথনিৰ এক বৃহৎ উত্থানৰ পথ প্ৰশস্ত কৰি প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানত প্ৰায় ১৯,২১০ কোটি টকাৰ সেউজ শক্তি প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। তেওঁ ফালোডী, জয়ছালমেৰ, জালৌৰ, ছিকাৰ আদিত সৌৰ প্ৰকল্পৰ শুভাৰম্ভ কৰে। লগতে বিকানেৰত সৌৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ উপৰি তেওঁ অন্ধ্ৰ প্ৰদেশৰ ৰামাগিৰিত এখন সৌৰ উদ্যানৰ আধাৰশিলাও স্থাপন কৰিব। এই প্ৰকল্পসমূহে ভাৰতৰ স্বচ্ছ শক্তি ক্ষমতাত যথেষ্ট অৰিহণা যোগাব, যথেষ্ট পৰিমাণৰ সেউজ শক্তি উৎপাদন কৰাৰ লগতে লাখ লাখ টন কাৰ্বন ডাই অক্সাইড নিৰ্গমন ৰোধ কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে ভাৰত চৰকাৰৰ নবীকৰণযোগ্য শক্তি মণ্ডল (REZ) পদক্ষেপৰ অধীনত ১৩,১৮০ কোটি টকাৰো অধিক মূল্যৰ তিনিটা শক্তি সঞ্চাৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে, যাৰ লক্ষ্য ২০৩০ চনৰ ভিতৰত আঠখন ৰাজ্যত ১৮১.৫ গিগাৱাট নবীকৰণযোগ্য শক্তিৰ ক্ষমতা বিকাশৰ লক্ষ্য। এই নবীকৰণযোগ্য শক্তিৰ লোড চেণ্টাৰৰ দিশত দক্ষ নিশ্চিত কৰিবলৈ আৰু গ্ৰীডৰ স্থিৰতা বৃদ্ধি কৰিবলৈ পাৱাৰগ্ৰিডে ৰাজস্থান আৰ ই জেডৰ বাবে মূল সংবহন ব্যৱস্থা ৰূপায়ণ কৰিছে।

 

ইয়াৰ ভিতৰত ৰাজস্থানৰ বেৱাৰৰ পৰা মধ্যপ্ৰদেশৰ মাণ্ডছৌৰলৈ ৭৬৫ কেভি ট্ৰেন্সমিছন লাইন আৰু সংশ্লিষ্ট উপকেন্দ্ৰৰ সম্প্ৰসাৰণ; ৰাজস্থানৰ ছিৰোহীৰ পৰা মাণ্ডছৌৰ আৰু মধ্যপ্ৰদেশৰ খাণ্ডৱালৈকে ছিৰোহি উপকেন্দ্ৰত ৰূপান্তৰ ক্ষমতা বৃদ্ধি আৰু মাণ্ডছৌৰ আৰু খাণ্ডৱা উপকেন্দ্ৰৰ সম্প্ৰসাৰণ; ৰাজস্থানৰ বিকানেৰৰ পৰা হাৰিয়ানাৰ ছিৱানী আৰু ফাতেহাবাদলৈ আৰু ইয়াৰ পৰা পঞ্জাৱৰ পাত্ৰনলৈ ৭৬৫ কেভি আৰু ৪০০ কেভি ট্ৰেন্সমিছন লাইনৰ লগতে বিকানেৰত উপকেন্দ্ৰ স্থাপন আৰু ছিৱানী উপকেন্দ্ৰৰ সম্প্ৰসাৰণ আদি আছে । এই প্ৰকল্পসমূহে ৰাজস্থানৰ উৎপাদন কেন্দ্ৰৰ পৰা সমগ্ৰ ভাৰতৰ ৰাজ্যসমূহৰ চাহিদা কেন্দ্ৰলৈ ১৫.৫ গিগাৱাট সেউজ শক্তিৰ নিৰৱচ্ছিন্ন স্থানান্তৰৰ সুবিধা প্ৰদান কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে জয়ছালমেৰ আৰু বিকানেৰত ২২০ কেভি আৰু সংশ্লিষ্ট লাইনকে ধৰি তিনিটা গ্ৰীড চাবষ্টেচন (জিএছএছ)ৰ আধাৰশিলা স্থাপন কৰে। লগতে বাৰমেৰ জিলাৰ শিৱত ২২০ কেভি জিএছএছ উদ্বোধন কৰে। ৪৯০ কোটিৰো অধিক মূল্যৰ এই প্ৰকল্পসমূহে অঞ্চলটোৰ শক্তি সুৰক্ষা নিশ্চিত কৰাত যথেষ্ট অৰিহণা যোগাব।

 

কৃষকক সৱলীকৰণৰ প্ৰতি থকা দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে পিএম-কুসুম (প্ৰধানমন্ত্ৰী কিষাণ উৰ্জা সুৰক্ষা ইভাম উত্তন মহাভিয়ান) আঁচনিৰ অধীনত ৰাজস্থান, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ আৰু কৰ্ণাটকত ১৬,০৫০ কোটিৰো অধিক মূল্যৰ ৩৫১৭ মেগাৱাট শক্তিৰ ফিডাৰ লেভেল সৌৰায়ন প্ৰকল্পৰ শুভাৰম্ভ কৰে (উপাদান গ)। বিদ্যুতৰ খৰচ কম, জলসিঞ্চনৰ খৰচ কমা, আৰু গ্ৰাম্য শক্তিৰ আত্মনিৰ্ভৰশীলতাক প্ৰসাৰিত কৰি লাখ লাখ কৃষকক উপকৃত কৰা সুলভ, নিৰ্ভৰযোগ্য, আৰু বহনক্ষম জলসিঞ্চন শক্তি নিশ্চিত কৰিবলৈ কৃষি ফিডাৰসমূহ সৌৰশক্তিকৰণ কৰা হৈছে।

 

ৰামজল সেতু লিংক প্ৰকল্পৰ এক বৃহৎ উত্থান আৰু জল সুৰক্ষাৰ দৃষ্টিভংগীক আগুৱাই নিবলৈ  প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানত ২০,৮৩০ কোটিৰো অধিক মূল্যৰ একাধিক জলসম্পদ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। তেওঁ ইছাৰদাৰ পৰা বিভিন্ন ফিডাৰ নিৰ্মাণ, আজমেৰ জিলাত মৰ সাগৰ কৃত্ৰিম জলাশয় নিৰ্মাণ আৰু চিত্তৰগড়ৰ পৰা ইয়াৰ ফিডাৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। আন আন কামৰ ভিতৰত বিশালপুৰ বান্ধত ইনটেক পাম্প হাউচ, খাৰী ফিডাৰ সজীৱ কৰি তোলা আৰু বিভিন্ন ফিডাৰ খালৰ কাম আদি আছে। ইয়াৰ উপৰি  প্ৰধানমন্ত্ৰীয়ে ইছাৰদা বান্ধ, ঢোলপুৰ লিফ্ট প্ৰজেক্ট, টকলি প্ৰজেক্ট আদি উদ্বোধন কৰে।

 

সকলোৰে বাবে নিৰাপদ আৰু বিশুদ্ধ খোৱাপানীৰ প্ৰতি থকা দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে অটল মিছন ফৰ ৰিজুভেনেচন এণ্ড আৰ্বান ট্ৰেন্সফৰ্মেচন (এএমআৰউটি) ২.০ৰ অধীনত বনস্বৰা, ডুংগাৰপুৰ, উদয়পুৰ, ছাৱাই মাধোপুৰ, চুৰু, আজমেৰ, ভিলৱাৰা জিলা আদিত ৫,৮৮০ কোটি টকাৰো অধিক মূল্যৰ বৃহৎ খোৱাপানী যোগান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।

 

পথ আন্তঃগাঁথনিৰ ক্ষেত্ৰত এক বৃহৎ উত্থানক প্ৰতিফলিত কৰি প্ৰধানমন্ত্ৰীয়ে ভৰতপুৰ চহৰত উৰণীয়া সেতু নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে, বানাছ নদীৰ ওপৰত এখন দলং, আৰু ১১৬ অটল প্ৰগতি পথ প্ৰকল্প নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। তেখেতে বাৰমেৰ, আজমেৰ, ডুংগৰপুৰ জিলাৰ লগতে অন্যান্য অঞ্চলত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথৰ সৈতে জড়িত একাধিক পথ প্ৰকল্পৰ উদ্বোধন আৰু দেশৰ  প্ৰতি উৎসৰ্গা কৰে। ২৬৩০ কোটি টকাৰো অধিক মূল্যৰ এই প্ৰকল্পসমূহে আঞ্চলিক পথ সংযোগৰ উন্নতি সাধন কৰিব, মসৃণ যাতায়ত সুনিশ্চিত কৰিব আৰু পথ সুৰক্ষা বৃদ্ধি কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে ভৰতপুৰত ২৫০খন বিছনাযুক্ত আৰ বি এম হাস্পতাল, জয়পুৰত আই টি ডেভেলপমেণ্ট এণ্ড ই-গভৰ্নেন্স চেণ্টাৰ, মকৰানা চহৰত ট্ৰিটমেণ্ট প্লাণ্ট আৰু পাম্পিং ষ্টেচনকে ধৰি নলা ব্যৱস্থা, মাণ্ডোৱা আৰু ঝুনঝুনু জিলাত নলা আৰু পানী যোগান প্ৰকল্পও উদ্বোধন কৰে।

 

ৰে'ল সংযোগৰ এক বৃহৎ উত্থানৰ বাবে প্ৰধানমন্ত্ৰীয়ে তিনিখন ৰে’ল, বিকানেৰ আৰু দিল্লী কেণ্টৰ মাজত বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল, যোধপুৰ আৰু দিল্লী কেণ্টৰ মাজত বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল আৰু উদয়পুৰ চহৰ – চণ্ডীগড় এক্সপ্ৰেছৰ ফ্লেগ অফ কৰে। এই ৰে’লসমূহে ৰাজস্থান আৰু অন্যান্য উত্তৰ ৰাজ্যৰ মাজত সংযোগৰ যথেষ্ট উন্নতি সাধন কৰিব।

 

সকলোৰে বাবে নিয়োগৰ দৃষ্টিভংগীক আগুৱাই নিয়াৰ বাবে ৰাজস্থানৰ চৰকাৰী বিভাগ আৰু সংগঠনসমূহত নতুনকৈ নিযুক্তি পোৱা যুৱক-যুৱতীসকলক ১৫ হাজাৰতকৈ অধিক নিযুক্তি পত্ৰ বিতৰণ কৰে। ইয়াৰ ভিতৰত আছে ৫৭৭০ জনতকৈ অধিক পশু পৰিচাৰক, ৪১৯০ জন কনিষ্ঠ সহায়ক, ১৮০০ জন কনিষ্ঠ প্ৰশিক্ষক, ১৪৬০ জন কনিষ্ঠ অভিযন্তা, ১২০০ জন তৃতীয় শ্ৰেণীৰ স্তৰ-২ শিক্ষক আদি।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
New e-comm rules in offing to spotlight ‘Made in India’ goods, aid local firms

Media Coverage

New e-comm rules in offing to spotlight ‘Made in India’ goods, aid local firms
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
His Majesty The Fourth King of Bhutan has played a pivotal role in strengthening India and Bhutan friendship: PM Modi in Thimphu
November 11, 2025
For centuries, India and Bhutan have shared a very deep spiritual and cultural bond, And so, it was India's commitment and mine to participate in this important occasion: PM
I come to Bhutan with a very heavy heart. The horrific incident that took place in Delhi yesterday evening has disturbed everyone: PM
Our investigating agencies will get to the bottom of the Delhi blast conspiracy. The perpetrators will not be spared, and all those responsible will be brought to justice: PM
India draws inspiration from its ancient ideal ‘Vasudhaiva Kutumbakam’, the whole world is one family, we emphasise on happiness for everyone: PM
The idea proposed by His majesty of Bhutan, "Gross National Happiness," has become an important parameter for defining growth across the world: PM
India and Bhutan are not just connected by borders, they are connected by cultures, Our relationship is one of values, emotions, peace and progress: PM
Today, Bhutan has become the world's first carbon-negative country, This is an extraordinary achievement: PM
Bhutan ranks among the world’s leaders in per-capita renewable energy and generates 100% of its electricity from renewable sources. Today, another major step is being taken to expand this capacity: PM
Connectivity Creates Opportunity, and Opportunity Creates Prosperity, May India and Bhutan continue on the path of Peace, Prosperity and Shared Progress: PM

Your Majesty The King Of Bhutan
Your Majesty The Fourth King
रॉयल फैमिली के सम्मानित सदस्यगण
भूटान के प्रधानमंत्री जी
अन्य महानुभाव
और भूटान के मेरे भाइयों और बहनों !

कुजूजांगपो ला !

आज का दिन भूटान के लिये, भूटान के राज परिवार के लिए और विश्व शांति में विश्वास रखने वाले सभी लोगो के लिये बहुत अहम है।

सदियों से भारत और भूटान का बहुत ही गहन आत्मीय और सांस्कृतिक नाता है। और इसलिए इस महत्वपूर्ण अवसर पर शामिल होना भारत का और मेरा कमिटमेंट था।

लेकिन आज मैं यहां बहुत भारी मन से आया हूं। कल शाम दिल्ली में हुई भयावह घटना ने सभी के मन को व्यथित कर दिया है। मैं पीड़ित परिवारों का दुख समझता हूं। आज पूरा देश उनके साथ खड़ा है।

मैं कल रात भर इस घटना की जांच में जुटी सभी एजेंसियों के साथ, सभी महत्वपूर्ण लोगों के साथ संपर्क में था। विचार विमर्श चलता था। जानकारियों के तार जोड़े जा रहे थे।

हमारी एजेंसियां इस षड्यंत्र की तह तक जायेंगी। इसके पीछे के षड्यंत्रकारियों को बख्शा नहीं जायेगा।

All those responsible will be brought to justice.

साथियों,

आज यहां एक तरफ गुरु पद्मसंभव के आशीर्वाद के साथ Global Peace Prayer Festival का आयोजन हो रहा है, दूसरी ओर भगवान बुद्ध के पिपरहवा अवशेषों के दर्शन हो रहे हैं। और इन सबके साथ हम सब His Majesty The Fourth King के सत्तर-वें जन्मदिन समारोह का साक्षी बन रहे हैं।

ये आयोजन, इतने सारे लोगों की गरिमामयी उपस्थिति, इसमें भारत और भूटान के रिश्तों की मजबूती नजर आती है।

साथियों,

भारत में हमारे पुरखों की प्रेरणा है- वसुधैव कुटुंबकम, यानि पूरा विश्व एक परिवार है।

हम कहते हैं- सर्वे भवंतु सुखिन: यानि इस धरती पर सभी सुखी रहें...

हम कहते हैं-
द्यौः शान्तिः
अन्तरिक्षम् शान्तिः
पृथिवी शान्तिः
आपः शान्तिः
ओषधयः शान्तिः

अर्थात संपूर्ण ब्रह्मांड, आकाश, अंतरिक्ष, पृथ्वी, जल, औषधियां, वनस्पतियां, और सभी जीवित प्राणियों में शांति व्याप्त हो। अपनी इन्हीं भावनाओं के साथ भारत भी आज भूटान के इस Global Peace Prayer Festival में शामिल हुआ है।

आज दुनिया भर से आए संत, एक साथ, विश्व शांति की प्रार्थना कर रहे हैं। और इसमें 140 करोड़ भारतीयों की प्रार्थनाएं भी शामिल हैं।

वैसे यहां बहुत लोगों को पता नहीं होगा, वडनगर, जहां मेरा जन्म हुआ, बौद्ध परंपरा से जुड़ी एक पुण्यभूमि रही है। और वाराणसी, जो मेरी कर्मस्थली है, वो भी बौद्ध श्रद्धा का शिखर स्थल है। इसलिए इस समारोह में आना विशेष है। मेरी प्रार्थना है कि शांति का ये दीप, भूटान के, विश्व के हर घर को आलोकित करे।

साथियों,

भूटान के His Majesty The Fourth King का, उनका जीवन, Wisdom, Simplicity, Courage, और राष्ट्र के प्रति सेल्फलेस सर्विस का संगम है।

उन्होंने 16 वर्ष की बहुत छोटी आयु में ही बड़ी जिम्मेदारी संभाली। अपने देश को एक पिता जैसा स्नेह दिया। और अपने देश को एक विजन के साथ आगे बढ़ाया। 34 वर्षों के अपने शासन काल में, उन्होंने भूटान की विरासत और विकास दोनों को साथ लेकर चले।

भूटान में लोकतांत्रिक व्यवस्थाओं की स्थापना से लेकर, बॉर्डर एरिया में शांति स्थापना कराने तक His Majesty ने एक निर्णायक भूमिका निभाई।

आपने, "Gross National Happiness” का जो विचार दिया है वो आज पूरी दुनिया में Growth को डिफाइन करने का एक अहम पैरामीटर बन चुका है। आपने दिखाया है कि नेशन बिल्डिंग केवल GDP से नहीं, बल्कि मानवता की भलाई से होती है।

साथियों,

भारत और भूटान की Friendship को मज़बूती देने में भी उनका बहुत बड़ा योगदान रहा है। आपने जो नींव रखी है, उस पर हम दोनों देशों की मित्रता निरंतर फल-फूल रही है।

मैं सभी भारतीयों की तरफ से His Majesty को शुभकामनाएं देता हूं, और उनके बेहतर स्वास्थ्य और दीर्घायु होने की कामना करता हूं।

साथियों,

भारत और भूटान, सिर्फ सीमाओं से नहीं, संस्कृतियों से भी जुड़े हैं। हमारा रिश्ता वैल्यूज़ का है, इमोशन्स का है Peace का है, Progress का है।

2014 में प्रधानमंत्री पद की शपथ लेने के बाद, मुझे अपनी पहली विदेश यात्रा में, भूटान आने का अवसर मिला था। मैं आज भी, उस यात्रा को याद करता हूं तो मन भावनाओं से भर जाता है। भारत और भूटान के संबंध इतने सशक्त और समृद्ध हैं। हम मुश्किलों में भी साथ थे, हमने चुनौतियों का सामना भी मिलकर किया, और आज जब हम प्रोग्रेस की, प्रॉस्पैरिटी की तरफ चल पड़े हैं, तब भी हमारा साथ और मज़बूत हो रहा है।

His Majesty, the King भूटान को नई ऊंचाइयों की ओर ले जा रहे हैं। भारत और भूटान के बीच विश्वास और विकास की जो साझेदारी है, वो इस पूरे रीजन के लिए बहुत बड़ा मॉडल है।

साथियों,

आज जब हम दोनों देश तेज़ी से आगे बढ़ रहे हैं, तो इस ग्रोथ को, हमारी एनर्जी पार्टनरशिप और गति दे रही है। भारत-भूटान हाइड्रो-पावर साझेदारी की नीव भी His Majesty the fourth king के नेतृत्व में रखी गई थी।

His Majesty Fourth King, और His Majesty Fifth king दोनों ने ही भूटान में Sustainable Development और Environment First का विजन आगे बढ़ाया है। आपके इसी विजन की नींव पर, आज भूटान विश्व का पहला कार्बन नेगटिव देश बना है। ये एक असाधारण उपलब्धि है। आज Per-capita री-न्यूएबल एनर्जी जनरेशन में भी, भूटान विश्व के सर्वोच्च देशों में से एक है।

साथियों,

भूटान आज अपनी इलेक्ट्रिसिटी सौ प्रतिशत renewable स्रोत से उत्पन्न करता है। इस क्षमता का विस्तार करते हुए, आज एक और बड़ा कदम उठाया जा रहा है। आज भूटान में एक हज़ार मेगावॉट से अधिक का एक नया Hydroelectric Project लॉन्च कर रहें हैं। जिससे भूटान की Hydropower Capacity में फोर्टी परसेंट की बढ़ोतरी हुई है। इतना ही नहीं लंबे समय से रुके हुए एक और Hydroelectric Project पर भी फिर से काम शुरु होने जा रहा है।

और हमारी ये पार्टनरशिप सिर्फ हाइड्रो-इलेक्ट्रिक तक सीमित नहीं है।

अब हम सोलर एनर्जी में भी एक साथ बड़े कदम उठा रहे हैं। आज इससे जुड़े अहम समझौते भी हुए हैं।

साथियों,

आज एनर्जी को-ऑपरेशन के साथ-साथ, भारत और भूटान की कनेक्टिविटी बढ़ाने पर भी हमारा फोकस है।

हम सभी जानते हैं

Connectivity Creates Opportunity

And Opportunity Creates Prosperity.

इसी लक्ष्य के साथ आने वाले समय में गेलेफु और साम्त्से शहरों को भारत के विशाल रेल नेटवर्क से जोड़ने का फैसला लिया गया है। इस प्रोजेक्ट के पूरा होने से यहां की इंडस्ट्री का भूटान के किसानों का भारत के विशाल मार्केट तक एक्सेस और आसान हो जाएगा।

साथियों,

रेल और रोड कनेक्टिविटी के साथ साथ, हम बॉर्डर इंफ्रास्ट्रक्चर पर भी तेजी से आगे बढ़ रहे हैं।

His Majesty ने जिस गेलेफु Mindfulness City के विजन पर काम शुरू किया है, भारत उसके लिए भी, हर संभव सहयोग कर रहा है। मैं आज इस मंच से एक और महत्वपूर्ण घोषणा कर रहा हूं। आने वाले समय में, भारत गेलेफु के पास Immigration Checkpoint भी बनाने जा रहा है, ताकि यहां आने वाले विजिटर्स और इन्वेस्टर्स को इससे और सुविधा मिल सके।

साथियों,

भारत और भूटान की प्रगति और समृद्धि एक दूसरे से जुड़े हुए हैं। और इसी भावना से भारत सरकार ने पिछले वर्ष भूटान के Five Year Plan के लिए, Ten Thousand Crore रुपीज के सहयोग की घोषणा की थी। ये फंड, रोड से लेकर एग्रीकल्चर तक, फाइनेंसिंग से लेकर हेल्थकेयर तक, ऐसे हर सेक्टर में उपयोग हो रहा है, जिससे भूटान के नागरिकों की Ease Of Living बढ़ रही है।

बीते समय में भारत ने ऐसे कई Measures लिए हैं, जिससे भूटान के लोगों को Essential Items की निरंतर सप्लाई मिलती रहे।

और अब तो यहां UPI Payments की सुविधा का भी विस्तार हो रहा है। हम इस दिशा में भी काम कर रहे हैं कि भूटान के नागरिकों को भी भारत आने पर UPI सुविधा मिले।

साथियों,

भारत और भूटान के बीच की इस मजबूत पार्टनरशिप का सबसे ज्यादा फायदा हमारे यूथ को हो रहा है। His Majesty नेशनल सर्विस, वॉलंटरी सर्विस और इनोवेशन को लेकर बेहतरीन काम कर रहे हैं। और His Majesty का यूथ को Empower करने का जो विजन है, उन्हें Tech Enabled बनाने की जो सोच है, उससे भूटान का युवा बहुत बड़े Level पर Inspire हो रहा है।

एजुकेशन, इनोवेशन, स्किल डवलपमेंट, स्पोर्ट्स, स्पेस, कल्चर, ऐसे अनेक सेक्टर्स में भारत-भूटान के युवाओं के बीच सहयोग बढ़ रहा है। आज हमारे युवा, साथ मिलकर, एक सैटलाइट भी बना रहे हैं। भारत और भूटान दोनों के लिए ये बहुत महत्वपूर्ण अचीवमेंट है।

साथियों,

भारत और भूटान के संबंधों की एक बड़ी शक्ति हमारे लोगों के बीच का आत्मिक संबंध है। दो महीने पहले भारत के राजगीर में Royal Bhutanese Temple का उद्घाटन हुआ है। अब इस प्रयास का भारत के अन्य हिस्सों में भी विस्तार हो रहा है।

भूटान के लोगों की इच्छा थी कि वाराणसी में भूटानीज़ टेंपल और गेस्ट हाउस बने। इसके लिए भारत सरकार आवश्यक Land उपलब्ध करा रही है। इन temples के द्वारा हम अपने बहुमूल्य और ऐतिहासिक सांस्कृतिक संबंधों को और सुदृढ़ बना रहें हैं।

साथियों,

मेरी कामना है, भारत और भूटान Peace, Prosperity और Shared Progress के रास्ते पर ऐसे ही चलते रहें। भगवान बुद्ध और गुरु रिनपोछे का आशीर्वाद हम दोनों देशों पर बना रहे।

आप सभी का फिर से बहुत-बहुत आभार।

धन्यवाद !!!