আমাৰ চৰকাৰে স্বচ্ছ শক্তিৰ অভিযানক জন আন্দোলনলৈ ৰূপান্তৰিত কৰিছে: প্ৰধানমন্ত্ৰী
আমি সমাজৰ সকলো শ্ৰেণীৰ লোকৰ কল্যাণৰ বাবে সেৱাৰ মনোভাৱেৰে কাম কৰি আছো: প্ৰধানমন্ত্ৰী
জনজাতীয় সম্প্ৰদায়সমূহে যাতে মৰ্যাদা আৰু আত্মসন্মানেৰে জীয়াই থাকে সেয়া নিশ্চিত কৰাটো আমাৰ প্ৰতিশ্ৰুতি: প্ৰধানমন্ত্ৰী

মা ত্ৰিপুৰা সুন্দৰী কি জয়, বেনেশ্বৰ ধাম কি জয়, মংগড় ধাম কি জয়, জয় গুৰু আপোনালোক সকলোলৈ! ৰাম-ৰাম! মাননীয় ৰাজ্যপাল শ্ৰীযুত হৰিভাও বাগাড়ে জী, জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভজনলাল শৰ্মা জী, প্ৰাক্তন মুখ্যমন্ত্ৰী ভগ্নী বসুন্ধৰা ৰাজে জী, কেবিনেটত মোৰ সহকৰ্মী প্ৰহ্লাদ যোশী জী, গজেন্দ্ৰ সিং শেখাৱত জী আৰু যোধপুৰৰ পৰা আমাৰ লগত যোগদান কৰা অশ্বিনী বৈষ্ণৱ জী,  , বিকানেৰৰ পৰা আমাৰ সৈতে যোগদান কৰা শ্ৰী অৰ্জুন ৰাম মেঘৱাল জী,  উপ-মুখ্যমন্ত্ৰী প্ৰেম চান্দ বৈৰৱা জী আৰু দিয়া কুমাৰী জী, বিজেপিৰ ৰাজ্যিক সভাপতি শ্ৰীযুত মদন ৰাথোৰ জী, ৰাজস্থান চৰকাৰৰ মন্ত্ৰীসকল, ইয়াত উপস্থিত থকা অন্যান্য বিশিষ্ট ব্যক্তিসকল, ভাই-ভনীসকল।

 

নৱৰাত্ৰিৰ এই চতুৰ্থ দিনটোত মা ত্ৰিপুৰা সুন্দৰীৰ ভূমি বনস্বৰালৈ অহাৰ সৌভাগ্য হৈছে। মোৰো সৌভাগ্য  আছিল মা মাহীৰ দৰ্শনৰ , যাক কনথাল আৰু বগদৰ গংগা বুলি গণ্য কৰা হয়। মাহী নদীৰ পানী আমাৰ জনজাতীয় ভাই-ভনীসকলৰ সংগ্ৰাম আৰু স্থিতিস্থাপকতাৰ প্ৰতীক। মহান বীৰ গোবিন্দ গুৰু জীৰ প্ৰেৰণাদায়ক নেতৃত্বই এক নতুন চেতনা জাগ্ৰত কৰিলে আৰু সেই মহাকাব্যিক কাহিনীৰ সাক্ষী মাহীৰ পবিত্ৰ জল। মা ত্ৰিপুৰা সুন্দৰী আৰু মা মাহীক শ্ৰদ্ধাৰে প্ৰণাম জনাইছো।

 

বন্ধুসকল,

 

ভক্তি আৰু বীৰত্বৰ এই ভূমিৰ পৰা মহাৰাণা প্ৰতাপ আৰু ৰাজা বনছিয়া ভীলক শ্ৰদ্ধাঞ্জলি আৰু প্ৰণাম জনাইছো।

 

বন্ধুসকল,

 

আমি নৱৰাত্ৰিৰ সময়ত শক্তিৰ নটা ৰূপক পূজা কৰো আৰু আজি ইয়াত শক্তিৰ শক্তি অৰ্থাৎ বিদ্যুৎ উৎপাদনৰ সৈতে জড়িত এনে এক বৃহৎ অনুষ্ঠান চলি আছে। বিদ্যুৎ খণ্ডত ভাৰতৰ সম্ভাৱনাৰ এক নতুন অধ্যায় আজি ৰাজস্থানৰ মাটিৰ পৰা লিখা হৈছে। আজি ৰাজস্থান, মধ্যপ্ৰদেশ, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, আৰু মহাৰাষ্ট্ৰত ৯০ হাজাৰ কোটিতকৈ অধিক টকা মূল্যৰ বিদ্যুৎ প্ৰকল্প আৰম্ভ কৰা হৈছে। একে সময়তে ৯০ হাজাৰ কোটি টকাতকৈও অধিক মূল্যৰ প্ৰকল্প আৰম্ভ কৰি  দেশখন শক্তিৰ গতিবেগেৰে আগবাঢ়িছে আৰু দেশৰ প্ৰতিটো অংশই এই গতিত অংশগ্ৰহণ কৰিছে। প্ৰতিখন ৰাজ্যকে অগ্ৰাধিকাৰ দিয়া হৈছে।  ৰাজস্থানতো স্বচ্ছ শক্তি প্ৰকল্প আৰু সংবহন লাইনৰ আধাৰশিলা স্থাপন কৰা হৈছে। বনস্বৰাত ৰাজস্থান পাৰমাণৱিক শক্তি প্ৰকল্পৰ শুভাৰম্ভ কৰা হৈছে। ইয়াত এটা সৌৰশক্তি প্ৰকল্পও আৰম্ভ কৰা হৈছে। অৰ্থাৎ দেশখনে সৌৰশক্তিৰ পৰা পাৰমাণৱিক শক্তিলৈ নিজৰ বিদ্যুৎ উৎপাদন ক্ষমতাক নতুন উচ্চতালৈ লৈ গৈছে।

 

বন্ধুসকল,

 

আজি প্ৰযুক্তি আৰু উদ্যোগৰ যুগত কেৱল বিদ্যুতৰ দ্বাৰাহে উন্নয়নৰ বাহন চলি আছে। বিদ্যুৎ থাকিলেহে পোহৰ থাকে! বিদ্যুৎ থাকিলে গতি থাকে! বিদ্যুৎ থাকিলে অগ্ৰগতি হয়! বিজুলী থাকিলে দূৰত্ব সংকুচিত হয়! আৰু যদি বিদ্যুৎ আছে তেন্তে পৃথিৱীখন আমাৰ হাতৰ মুঠিত।

 

মোৰ ভাই-ভনীসকলে,

 

আমাৰ দেশৰ কংগ্ৰেছ চৰকাৰে কেতিয়াও বিদ্যুতৰ গুৰুত্বৰ প্ৰতি গুৰুত্ব দিয়া নাছিল। আপোনালোকে  যেতিয়া মোক সেৱাৰ সুযোগ দিছিল আৰু মই ২০১৪ চনত দায়িত্ব লৈছিলো, তেতিয়া দেশৰ ২.৫ কোটি ঘৰত বিদ্যুতৰ সংযোগ নাছিল। স্বাধীনতাৰ ৭০ বছৰৰ পাছতো দেশৰ ১৮ হাজাৰ গাঁৱত বিদ্যুতৰ খুঁটাও নাছিল৷ আগতে ডাঙৰ চহৰত ঘণ্টাৰ পিছত ঘণ্টা ধৰি বিদ্যুৎ কৰ্তন হৈছিল। গাঁৱে-ভূঞে ৪–৫ ঘন্টা বিদ্যুৎ পোৱাটো এটা ডাঙৰ কথা বুলি গণ্য কৰা হৈছিল। সেই সময়ত মানুহে ধেমালি কৰিছিল যে খবৰটো বিদ্যুৎ নোহোৱা হ’লে নহয়, খবৰটো বিদ্যুৎ আহিলেহে৷ এঘণ্টাৰ বাবেও বিদ্যুৎ থাকিলে মানুহে ইজনে সিজনক অভিনন্দন জনাইছিল। সেয়াই আছিল পৰিস্থিতি। বিদ্যুৎ অবিহনে কাৰখানা চলিব নোৱাৰিছিল আৰু নতুন উদ্যোগ স্থাপন কৰিব নোৱাৰিছিল। ৰাজস্থানৰ লগতে সমগ্ৰ দেশতে এনে পৰিস্থিতি আছিল।

 

ভাই-ভনীসকল,

 

২০১৪ চনত আমাৰ চৰকাৰে এই  ছবিসমূহ সলনি কৰাৰ সংকল্প লৈছিল। আমি দেশৰ প্ৰতিখন গাঁৱলৈ বিদ্যুৎ আনিছিলো। আমি ২.৫ কোটি পৰিয়ালক বিনামূলীয়া বিদ্যুৎ সংযোগ দিলোঁ। আৰু য’তেই তাঁৰবোৰ  গৈ পালে, তাতেই বিদ্যুৎ পালে, জীৱনবোৰ সহজ হৈ পৰিল, নতুন উদ্যোগৰ কথাও আহিল।

 

বন্ধুসকল,

 

একবিংশ শতিকাত যিখন দেশে দ্ৰুতগতিত বৃদ্ধি পাব বিচাৰে, সেইখন দেশৰ বিদ্যুৎ উৎপাদন বৃদ্ধি কৰিব লাগিব। আৰু আটাইতকৈ সফল হ’ব সেইবোৰ দেশ যিবোৰে স্বচ্ছ শক্তিৰ ক্ষেত্ৰত আগবাঢ়ি আছে। সেইবাবেই আমাৰ চৰকাৰে স্বচ্ছ শক্তি অভিযানক জন আন্দোলনলৈ ৰূপান্তৰিত কৰিছে৷ আমি আৰম্ভ কৰিলোঁ প্ৰধানমন্ত্ৰী সূৰ্য্য ঘৰঃ মুফট বিজলী যোজনা। এই আঁচনিৰ অধীনত চহৰ আৰু গাঁও উভয়তে ছাদত সৌৰ পেনেল স্থাপন কৰা হৈছে। আমাৰ কৃষকসকলক সস্তাতে বিদ্যুৎ যোগানৰ বাবে পিএম-কুসুম যোজনাৰ অধীনত পথাৰত সৌৰ পাম্প স্থাপন কৰা হৈছে। আজি বহু ৰাজ্যত  সৌৰ প্ৰকল্পৰ শুভাৰম্ভ কৰা হৈছে। এই প্ৰকল্পসমূহৰ দ্বাৰা লাখ লাখ কৃষক প্ৰত্যক্ষভাৱে উপকৃত হ’ব। অৰ্থাৎ ঘৰত বিনামূলীয়া বিদ্যুতৰ বাবে পি এম সূৰ্য্য ঘৰ যোজনা, আৰু পামত বিনামূলীয়া বিদ্যুতৰ বাবে পি এম-কুসুম যোজনা। মাত্ৰ অলপ সময়ৰ আগতে মহাৰাষ্ট্ৰৰ কৃষককে ধৰি পি এম-কুসুম যোজনাৰ কেইবাজনো কৃষক হিতাধিকাৰীৰ সৈতে কথা পাতিছিলো আৰু তেওঁলোকে ভাগ কৰা অভিজ্ঞতাবোৰ অতি উৎসাহজনক আছিল। সৌৰশক্তিৰ পৰা বিনামূলীয়া বিদ্যুৎ লাভ তেওঁলোকৰ বাবে এক বৃহৎ আশীৰ্বাদ হিচাপে প্ৰমাণিত হৈছে।

 

বন্ধুসকল,

 

আজি ভাৰতে বিকশিত হ’বলৈ দ্ৰুত গতিত কাম কৰি আছে, আৰু ইয়াত ৰাজস্থানৰো ডাঙৰ ভূমিকা আছে। আজি ইয়াত ৰাজস্থানৰ জনসাধাৰণৰ বাবে ৩০ হাজাৰ কোটি টকাৰ প্ৰকল্পও আৰম্ভ কৰা হৈছে। পানী, বিদ্যুৎ, আৰু স্বাস্থ্যৰ সৈতে জড়িত এই প্ৰকল্পসমূহে আপোনালোক সকলোৰে বাবে সুবিধা বৃদ্ধি কৰিব। বন্দে ভাৰতকে ধৰি তিনিখন নতুন ৰে’লৰো ফ্লেগ অফ কৰিছো। এই সময়ত সমগ্ৰ দেশতে নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টিৰ বাবেও এক বৃহৎ অভিযান চলি আছে। এই প্ৰচেষ্টাৰ অংশ হিচাপে আজি ৰাজস্থানৰ ১৫,০০০ যুৱকে চৰকাৰী চাকৰিৰ বাবে নিযুক্তি পত্ৰ লাভ কৰিছে। এই সকলো যুৱক-যুৱতীলৈ তেওঁলোকৰ জীৱনৰ এই নতুন যাত্ৰাৰ বাবে মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে এই উন্নয়নমূলক প্ৰকল্পসমূহৰ বাবে ৰাজস্থানৰ ৰাইজক অভিনন্দন জনাইছো।

 

বন্ধুসকল,

 

মই সুখী যে আজি ৰাজস্থানৰ বিজেপি চৰকাৰে ৰাজ্যখনৰ উন্নয়নৰ বাবে সম্পূৰ্ণ সততাৰে কাম কৰি আছে। ৰাজস্থানক লুণ্ঠন কৰি কংগ্ৰেছে যি ঘাঁ দিলে সেয়া আমাৰ চৰকাৰে সুস্থ কৰি তুলিছে। কংগ্ৰেছ চৰকাৰৰ দিনত প্ৰশ্নকাকত ফাদিলৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল ৰাজস্থান। আনকি জল জীৱন মিছনকো দুৰ্নীতিৰ বেদীত বলিদান দিয়া হৈছিল। নাৰীৰ বিৰুদ্ধে অপৰাধৰ শিখৰত উপনীত হৈছিল আৰু ধৰ্ষণকাৰীক সুৰক্ষা দিয়া হৈছিল। বনস্বৰা, ডুংগৰপুৰ, প্ৰতাপগড় আদি অঞ্চলত কংগ্ৰেছৰ শাসনকালত অপৰাধ আৰু অবৈধ সুৰাৰ ব্যৱসায় বৃদ্ধি পোৱা দেখা গৈছিল। কিন্তু আপোনালোকে  ইয়াত বিজেপিক সুযোগ দিলে ,আমি আইন-শৃংখলা শক্তিশালী কৰিলোঁ, আঁচনি ত্বৰান্বিত কৰিলোঁ, ডাঙৰ ডাঙৰ প্ৰকল্প আৰম্ভ কৰিলোঁ। আজি সমগ্ৰ ৰাজস্থানত ঘাইপথ আৰু এক্সপ্ৰেছৱে স্থাপন কৰা হৈছে। আজি বিজেপি চৰকাৰে ৰাজস্থান বিশেষকৈ দক্ষিণ ৰাজস্থানক দ্ৰুত উন্নয়নৰ পথত আগুৱাই লৈ গৈছে।

 

বন্ধুসকল,

 

আজি পণ্ডিত দীনদয়াল উপাধ্যায় জীৰ জন্ম বাৰ্ষিকী। তেওঁ আমাক অন্ত্যোদয়ৰ নীতি দিছিল। অন্ত্যোদয় মানে সমাজৰ শেষ খোজত থিয় হৈ থকা ব্যক্তিজনৰ উত্থান। তেওঁৰ দৃষ্টিভংগী আজি আমাৰ মিছন হৈ পৰিছে। আমি সেৱাৰ মনোভাৱেৰে দৰিদ্ৰ, দলিত, পিছপৰা শ্ৰেণী, আদিবাসীৰ কল্যাণৰ বাবে কাম কৰি আছো। ‘সবকা সাথ, সবকা বিকাশ’ মন্ত্ৰৰ দ্বাৰা পৰিচালিত হৈ আমি আগবাঢ়িছো।

 

বন্ধুসকল,

 

কংগ্ৰেছে সদায় জনজাতীয় সমাজক আওকাণ কৰি আহিছে আৰু তেওঁলোকৰ প্ৰয়োজনীয়তা কেতিয়াও বুজি পোৱা নাই। বিজেপি চৰকাৰেই জনজাতীয় কল্যাণক অগ্ৰাধিকাৰ দি তাৰ বাবে সুকীয়া মন্ত্ৰালয়ৰ সৃষ্টি কৰিছিল। অটল জীৰ চৰকাৰ আহোতেই প্ৰথমবাৰৰ বাবে জনজাতীয় মন্ত্ৰালয় প্ৰতিষ্ঠা হ’ল। তাৰ আগতে দশক দশক পাৰ হৈ গৈছিল, মহান নেতা আহিছিল আৰু গৈছিল, কিন্তু জনজাতীয় সম্প্ৰদায়ৰ বাবে কোনো সুকীয়া মন্ত্ৰালয় নিৰ্মাণ কৰা হোৱা নাছিল। অটল জী আহোতেহে বিজেপি চৰকাৰৰ দিনত সেয়া হৈছিল। কংগ্ৰেছৰ দিনত জনজাতীয় অঞ্চলত ইমান ডাঙৰ প্ৰকল্পৰ কথা কোনেও কল্পনাও কৰিব পৰা নাছিল! কিন্তু বিজেপি চৰকাৰৰ দিনত এই সকলোবোৰ সম্ভৱ হৈ উঠিছে। শেহতীয়াকৈ আমি মধ্যপ্ৰদেশৰ ধৰত এখন বিশাল পি এম মিত্ৰ পাৰ্ক মুকলি কৰিলোঁ, যিটোও জনজাতীয় অঞ্চল। ইয়াৰ দ্বাৰা জনজাতীয় কৃষক, বিশেষকৈ কপাহ খেতি কৰা কৃষকসকল যথেষ্ট উপকৃত হ’ব।

 

বন্ধুসকল,

 

বিজেপিৰ এই প্ৰচেষ্টাৰ বাবেই আজি এটা দৰিদ্ৰ জনজাতীয় পৰিয়ালৰ কন্যা সন্মানীয় দ্ৰৌপদী মুৰ্মু জী দেশৰ ৰাষ্ট্ৰপতি হৈ পৰিছে। ৰাষ্ট্ৰপতি মুৰ্মুয়েই  আটাইতকৈ বঞ্চিত জনজাতীয় সম্প্ৰদায়ৰ বিষয়টো উত্থাপন কৰিছিল। তেওঁৰ পৰা অনুপ্ৰাণিত হৈ আমি পিএম জনমন যোজনা আৰম্ভ কৰিলোঁ। এই আঁচনিৰ অধীনত অতি প্ৰান্তীয় জনজাতীয় গোটকো অগ্ৰাধিকাৰ দিয়া হৈছে। আজি ধৰ্মীয় আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ অভিযানৰ অধীনত জনজাতীয় গাঁওসমূহৰ আধুনিকীকৰণ কৰা হৈছে। মানুহে ভগৱান বীৰছা মুণ্ডাক ধৰ্তি আবা বুলি জানে। এই অভিযানে ৫ কোটিৰো অধিক জনজাতীয় লোকক উপকৃত কৰিব। সমগ্ৰ দেশতে শ শ একলব্য আদৰ্শ আৱাসিক বিদ্যালয় মুকলি কৰা হৈছে। বননিবাসী আৰু অনুসূচিত জনজাতিৰ বন অধিকাৰকো আমি স্বীকৃতি দিছো।

 

বন্ধুসকল,

 

আপোনালোকে  জানে যে আমাৰ জনজাতীয় ভাই-ভনীসকলে হাজাৰ হাজাৰ বছৰ ধৰি বনজ সম্পদ ব্যৱহাৰ কৰি আহিছে। এই বনজ সম্পদ যাতে তেওঁলোকৰ প্ৰগতিৰ মাধ্যম হৈ পৰে তাৰ বাবে আমি বন ধন যোজনা আৰম্ভ কৰিলোঁ। আমি বনজ উৎপাদিত সামগ্ৰীৰ বাবে এম এছ পি বৃদ্ধি কৰিলোঁ। আমি জনজাতীয় সামগ্ৰীকো বজাৰৰ সৈতে সংযোগ কৰিলোঁ। ফলত সমগ্ৰ দেশতে বনাঞ্চলৰ উৎপাদিত সামগ্ৰীয়ে অভিলেখ সৃষ্টি কৰিছে।

 

বন্ধুসকল,

 

জনজাতীয় সমাজে মৰ্যাদাৰে জীৱন যাপনৰ সুযোগ লাভ কৰাটো আমাৰ প্ৰতিশ্ৰুতি। তেওঁলোকৰ বিশ্বাস, তেওঁলোকৰ আত্মসন্মান, আৰু তেওঁলোকৰ সংস্কৃতিক ৰক্ষা কৰাটো আমাৰ গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি।

 

বন্ধুসকল,

যেতিয়া সাধাৰণ নাগৰিকৰ জীৱন সহজ হৈ পৰে, তেতিয়া তেওঁ নিজেই দেশৰ প্ৰগতিৰ ক্ষেত্ৰত আগভাগ লয়। আপোনালোকৰ মনত আছেনে, ১১ বছৰ আগতে কংগ্ৰেছৰ দিনত পৰিস্থিতি কিমান বেয়া আছিল আৰু কিয় বেয়া আছিল? কাৰণ কংগ্ৰেছ চৰকাৰে দেশৰ জনসাধাৰণকে শোষণ, দেশৰ নাগৰিকক লুণ্ঠন কৰা কামত নিয়োজিত আছিল। সেই সময়ত কৰ আৰু মুদ্ৰাস্ফীতি দুয়োটা আকাশলংঘী আছিল। আপোনালোকে যেতিয়া মোদীক আশীৰ্বাদ দিছিল তেতিয়া আমাৰ চৰকাৰে কংগ্ৰেছৰ লুটপাতৰ অন্ত পেলাইছিল।

 

বন্ধুসকল,

 

আৰু ঠিক এই কাৰণেই তেওঁলোকে মোৰ ওপৰত ইমান খং কৰে।

 

বন্ধুসকল,

 

২০১৭ চনত জি এছ টি কাৰ্যকৰী কৰি আমি দেশক কৰ আৰু টোলৰ জটিলতাৰ পৰা মুক্ত কৰিলোঁ। এই নৱৰাত্ৰিৰ প্ৰথম দিনাৰ পৰাই পুনৰ জি এছ টিত এক বৃহৎ সংস্কাৰ সাধন কৰা হৈছে। ফলত আজি সমগ্ৰ দেশত জি এছ টি ‘বচট’ (ৰাহি) মহোৎসৱ উদযাপন কৰা হৈছে। ঘৰত ব্যৱহাৰ কৰা দৈনন্দিন সামগ্ৰীৰ অধিকাংশই সস্তা হৈ পৰিছে। ইয়াত ইমানবোৰ মাতৃ-ভগ্নী গোট খাইছে। জীপেৰে ইয়ালৈ আহি থাকোঁতে আটাইকেইগৰাকীমান  মাতৃ- ভগ্নীয়ে আশীৰ্বাদৰ বৰষুণ দিছিল। মাতৃ আৰু ভগ্নীৰ ঘৰুৱা খৰচ কমিছে।

 

বন্ধুসকল,

 

২০১৪ চনৰ আগতে যদি আপুনি ১০০ টকাৰ দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী যেনে চাবোন, চেম্পু, টুথপেষ্ট, বা টুথ পাউদাৰ কিনিছিল,  তেন্তে আচলতে ১৩১ টকা দিব লাগিছিল। বস্তুবিধৰ  দাম ১০০ টকা, কিন্তু ১৩১ টকা দিব লাগিছিল। ২০১৪ চনৰ আগৰ সময়ৰ কথা কৈছোঁ, যেতিয়া আজিৰ তথাকথিত “বিবৃতি যোদ্ধা” সকলে সকলো ধৰণৰ মিছা কথা বিয়পাইছিল। কংগ্ৰেছ চৰকাৰে ১০০ টকাত বস্তু  ক্ৰয় কৰিলে ৩১ টকা কৰ আদায় কৰিছিল। ২০১৭ চনত যেতিয়া আমি প্ৰথমবাৰৰ বাবে জি এছ টি কাৰ্যকৰী কৰিছিলো, সেই একেটা ১০০ টকীয়া বস্তু মাত্ৰ ১১৮ টকাত উপলব্ধ হৈছিল। অৰ্থাৎ কংগ্ৰেছ চৰকাৰৰ তুলনাত বিজেপি চৰকাৰৰ দিনত প্ৰতি ১০০ টকাৰ ওপৰত মানুহে ১৩ টকা ৰাহি কৰিছিল। এতিয়া ২২ ছেপ্টেম্বৰত আমি প্ৰৱৰ্তন কৰা জি এছ টি সংস্কাৰৰ পিছত আগতে ১৩১ টকাৰ সেই একেটা ১০০ টকীয়া বস্তু এতিয়া মাত্ৰ ১০৫ টকা হৈছে। মাত্ৰ ৫ টকা কৰ! ৩১ টকীয়া কৰৰ পৰা মাত্ৰ ৫ টকীয়া কৰলৈ! অৰ্থাৎ কংগ্ৰেছৰ যুগৰ তুলনাত আজি আপোনালোকে  প্ৰতি ১০০ টকা খৰছত ২৬ টকা ৰাহি কৰি আছে। মাতৃ আৰু ভগ্নীয়ে মাহেকীয়া বাজেট সযতনে পৰিচালনা কৰিছে। এই হিচাপত এতিয়া আপোনালোকে প্ৰতিমাহে শ শ টকা ৰাহি কৰিব পাৰিব।

বন্ধুসকল,

 

জোতা সকলোৰে প্ৰয়োজনীয় সামগ্ৰী। কংগ্ৰেছৰ শাসনত ৫০০ টকাৰ জোতা এযোৰ কিনিলে আগতে ৫৭৫ টকা খৰচ হৈছিল। অৰ্থাৎ ৫০০ টকীয়া জোতাৰ ওপৰত কংগ্ৰেছে ৭৫ টকা কৰ সংগ্ৰহ কৰিছিল। আমি যেতিয়া জি এছ টি কাৰ্যকৰী কৰিছিলো তেতিয়া ১৫ টকাকৈ কৰ হ্ৰাস পাইছিল। এতিয়া নতুন জি এছ টি সংস্কাৰৰ পিছত একেযোৰ জোতাতে আপুনি আৰু ৫০ টকা ৰাহি কৰিব পাৰিব। ইয়াৰ পূৰ্বে ৫০০ টকাৰ ওপৰৰ জোতাই আৰু অধিক কৰ আকৰ্ষণ কৰিছিল। আমি সেই ৫০০ টকীয়া স্লেব আঁতৰাই দিলোঁ৷ এতিয়া মাত্ৰ ৫০০ পৰ্যন্ত কৰ দিয়াৰ পৰিৱৰ্তে আমি ২৫০০ টকাৰ জোতালৈকে কৰ স্লেব কমাই দিলোঁ।

 

বন্ধুসকল,

 

এটা সাধাৰণ পৰিয়ালে স্কুটাৰ বা মটৰ চাইকেল থকাৰ সপোন দেখে। কংগ্ৰেছৰ শাসনত এয়াও  হাতেৰে ঢুকি পোৱাৰ  বাহিৰত আছিল। ৬০ হাজাৰ টকীয়া বাইকত কংগ্ৰেছে ১৯ হাজাৰ টকাৰো ওপৰত কৰ আদায় কৰিছিল। কল্পনা কৰকচোন! ৬০ হাজাৰ টকাৰ ওপৰত ১৯ হাজাৰতকৈ অধিক টকা কৰ হিচাপে সংগ্ৰহ কৰাৰ কথা। ২০১৭ চনত আমি যেতিয়া জি এছ টি আনিছিলো তেতিয়া এই কৰ ২০০০–২৫০০ টকা হ্ৰাস কৰা হৈছিল। আৰু এতিয়া ২২ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হোৱা নতুন জি এছ টি হাৰৰ  পিছত ৬০ হাজাৰ টকীয়া বাইকৰ কৰ  ১০ হাজাৰ টকালৈ হ্ৰাস কৰা হৈছে। ২০১৪ চনৰ তুলনাত ইয়াৰ অৰ্থ হ’ল প্ৰায় ৯ হাজাৰ টকাৰ সুবিধা।

 

বন্ধুসকল,

 

কংগ্ৰেছৰ শাসনকালত ঘৰ নিৰ্মাণো অতি ব্যয়বহুল আছিল। ৩০০ টকীয়া চিমেণ্টৰ বেগ  এটাৰ ওপৰত কংগ্ৰেছ চৰকাৰে ৯০ টকাৰো অধিক কৰ আদায় কৰিছিল। ২০১৭ চনত জি এছ টি অহাৰ পিছত এই পৰিমাণ প্ৰায় ১০ টকা হ্ৰাস পালে। আৰু এতিয়া ২২ ছেপ্টেম্বৰত আমি কৰা সংস্কাৰৰ লগে লগে একেটা চিমেণ্টৰ বেগত  জি এছ টি প্ৰায় ৫০ টকা হৈছে। অর্থাৎ ২০১৪ চনৰ তুলনাত আজি প্রতিটো চিমেণ্টৰ বেগত ৪০ টকা ৰাহি হৈছে৷ মুঠতে কংগ্ৰেছৰ দিনত য'ত কেৱল লুটপাত হৈছিল, বিজেপি চৰকাৰৰ অধীনত আজি কেৱল ৰাহি হৈছে। সেইবাবেই সমগ্ৰ দেশত জি এছ টি ৰাহি  মহোৎসৱ উদযাপন কৰা হৈছে।

 

ভাই-ভনীসকল,

 

জি এছ টি ৰাহি  মহোৎসৱ চলি থকাৰ সময়ত আমাৰ আন এটা লক্ষ্যও আছে আৰু সেয়া হ’ল ‘আত্মনিৰ্ভৰ ভাৰত’। আমি আনৰ ওপৰত নিৰ্ভৰশীল হৈ নথকাটো এতিয়া অতি প্ৰয়োজনীয়, আৰু ইয়াৰ পথ স্বদেশী মন্ত্ৰত নিহিত হৈ আছে। গতিকে স্বদেশীৰ মন্ত্ৰ কেতিয়াও পাহৰিব নালাগে। আপোনালোক সকলোকে, আৰু মোৰ কথা শুনি থকা সমগ্ৰ ৰাজস্থান আৰু দেশৰ চুক-কোণে থকা মানুহবোৰলৈ, বিশেষকৈ মোৰ দোকানী আৰু ব্যৱসায়ী বন্ধুসকললৈ আহ্বান জনাইছো: আমি যি বিক্ৰী কৰো সেয়া স্বদেশী হ’ব লাগে, আৰু মোৰ সতীৰ্থ নাগৰিকসকললৈ আহ্বান জনাইছো: আমি যি কিনিছো সেয়াও স্বদেশী হ’ব লাগে। আমি দোকানীজনক সুধিব লাগে, “কোৱা ভাই, এয়া  স্বদেশী হয় নে নহয়?”  মোৰ স্বদেশীৰ সংজ্ঞা অতি সহজ: কোম্পানীটো যিকোনো দেশৰ হ’ব পাৰে, ব্ৰেণ্ডটো যিকোনো দেশৰ হ’ব পাৰে, কিন্তু সামগ্ৰীবিধ ভাৰতত নিৰ্মিত হ’ব লাগিব, আমাৰ যুৱক-যুৱতীসকলৰ কঠোৰ পৰিশ্ৰমৰ দ্বাৰা সৃষ্টি কৰা হ’ব লাগিব, আমাৰ মানুহৰ ঘাম  মিহলি হৈ থকা হ’ব লাগিব আমাৰ মাটিৰ সাৰমৰ্ম থাকিব লাগিব। মোৰ বাবে সেয়াই স্বদেশী। সেইবাবেই মই সকলো ব্যৱসায়ীকে কওঁ: আপোনালোকৰ দোকানত বৰ্ড এখন লগাই দিয়ক য’ত গৌৰৱেৰে লিখা থাকে: “এইয়া স্বদেশী।” স্বদেশী বস্তু  কিনিলে সেই টকা আমাৰ নিজৰ দেশৰ এগৰাকী শিপিনী, শ্ৰমিক, ব্যৱসায়ীৰ হাতলৈ যায়। সেই টকা বিদেশলৈ নাযায়; সেই ধন  দেশখনৰ উন্নয়নৰ বাবে আমাৰ দেশতেই  থাকে। সেই ধনেৰে  নতুন ঘাইপথ, নতুন পথ, বিদ্যালয়, চিকিৎসালয়, দুখীয়াৰ ঘৰ নিৰ্মাণ কৰা হয়। গতিকে বন্ধুসকল, আমি স্বদেশীক আমাৰ গৌৰৱ কৰি তুলিব লাগিব। এই উৎসৱৰ বতৰত আপোনালোক সকলোকে আহ্বান জনাইছো যে কেৱল স্বদেশী সামগ্ৰী ক্ৰয় কৰাৰ প্ৰতিশ্ৰুতি লওক। এই প্ৰতিশ্ৰুতিৰে আকৌ এবাৰ আপোনালোক সকলোকে উন্নয়ন আৰু নিয়োগ সম্পৰ্কীয় বহু প্ৰকল্পৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আপোনালোকক অশেষ ধন্যবাদ! মোৰ লগত সম্পূৰ্ণ শক্তিৰে কওক- ভাৰত মাতা কি জয়! হাত দাঙি মা ভাৰতীক প্ৰশংসা কৰক। ভাৰত মাতা কি জয়! ভাৰত মাতা কি জয়! ভাৰত মাতা কি জয়! আপোনালোকক অশেষ ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PLI schemes attract ₹2 lakh crore investment till September, lift output and jobs across sectors

Media Coverage

PLI schemes attract ₹2 lakh crore investment till September, lift output and jobs across sectors
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Pays Tribute to the Martyrs of the 2001 Parliament Attack
December 13, 2025

Prime Minister Shri Narendra Modi today paid solemn tribute to the brave security personnel who sacrificed their lives while defending the Parliament of India during the heinous terrorist attack on 13 December 2001.

The Prime Minister stated that the nation remembers with deep respect those who laid down their lives in the line of duty. He noted that their courage, alertness, and unwavering sense of responsibility in the face of grave danger remain an enduring inspiration for every citizen.

In a post on X, Shri Modi wrote:

“On this day, our nation remembers those who laid down their lives during the heinous attack on our Parliament in 2001. In the face of grave danger, their courage, alertness and unwavering sense of duty were remarkable. India will forever remain grateful for their supreme sacrifice.”