সুদৰ্শন চক্ৰধাৰী মোহন আৰু যঁতৰধাৰী মোহনে দেখুওৱা পথ অনুসৰণ কৰি ভাৰত আজি শক্তিশালী হৈ উঠিছে: প্ৰধানমন্ত্ৰী
আজি সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ মাষ্টাৰমাইণ্ডক ৰেহাই দিয়া হোৱা নাই, তেওঁলোকে য'তেই লুকাই নাথাকক কিয়: প্ৰধানমন্ত্ৰী
আমাৰ চৰকাৰে ক্ষুদ্ৰ উদ্যোগী, কৃষক, বা পশুপালকসকলৰ কোনো ক্ষতি হ’বলৈ নিদিয়ে: প্ৰধানমন্ত্ৰী
আজি গুজৰাটৰ মাটিত সকলো ধৰণৰ উদ্যোগৰ সম্প্ৰসাৰণ ঘটিছেঃ প্ৰধানমন্ত্ৰী
নব্য মধ্যবিত্ত আৰু মধ্যবিত্ত শ্ৰেণী উভয়কে শক্তিশালী কৰাৰ আমাৰ নিৰন্তৰ প্ৰচেষ্টা অব্যাহত আছে: প্ৰধানমন্ত্ৰী
এই দীপাৱলীত ব্যৱসায়ী সমাজেই হওক বা আন পৰিয়ালেই হওক, সকলোৱে দুগুণ সুখৰ বোনাছ লাভ কৰিব: প্ৰধানমন্ত্ৰী
উৎসৱৰ বতৰত সকলো ক্ৰয় , ঘৰ সজাবলৈ অনা সামগ্ৰী , উপহাৰ আদিৰ মেড ইন ইণ্ডিয়া ক্ৰয় কৰক : প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ আহমেদাবাদত ৫৪০০ কোটি টকা মূল্যৰ প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন আৰু দেশৰ  উন্নয়নৰ নামত  উৎসৰ্গা কৰে। এই উপলক্ষ্যে আয়োজিত সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে সমগ্ৰ দেশ  বৰ্তমান গণেসোৎসৱৰ আনন্দত  নিমগ্ন হৈ আছে। তেওঁ এই বিষয়ত আলোকপাত কৰে যে গণপতি বাপ্পাৰ আশীৰ্বাদত আজি গুজৰাটৰ অগ্ৰগতিৰ সৈতে জড়িত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শুভ আৰম্ভণি কৰা হৈছে। তেওঁ ৰাইজৰ চৰণত একাধিক প্ৰকল্প উচৰ্গা কৰাৰ সৌভাগ্য লাভ কৰা বুলি উল্লেখ কৰি এই উন্নয়নমূলক পদক্ষেপসমূহৰ বাবে সকলো নাগৰিককে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

এই বাৰিষাত গুজৰাটৰ কেইবাটাও অঞ্চলত ধাৰাসাৰ বৰষুণ হোৱাৰ  লগতে  ভাৰতৰ কিছু স্থানত ডাৱৰ বিস্ফোৰণৰ ফলত প্ৰচণ্ড বৰষুণ হোৱাৰ কথা  উল্লেখ  কৰি শ্ৰী মোদীয়ে ক্ষতিগ্ৰস্ত সকলো পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। তেওঁ কয় যে প্ৰকৃতিৰ এই ক্ৰোধ সমগ্ৰ দেশৰ বাবে প্ৰত্যাহ্বান হৈ পৰিছে। প্ৰধানমন্ত্ৰীয়ে কেন্দ্রীয় চৰকাৰে সকলো ৰাজ্য চৰকাৰৰ সৈতে সমন্বয় সাধন কৰি সাহায্য তথা উদ্ধাৰ অভিযানত সক্ৰিয়ভাৱে নিয়োজিত হোৱাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰে ।

গুজৰাট দুজন মোহনৰ ভূমি বুলি উল্লেখ  কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰথমগৰাকীক  সুদৰ্শন চক্ৰৰ গৰাকী—দ্বাৰকাধীশ শ্ৰীকৃষ্ণ বুলি উল্লেখ কৰে। তেওঁ দ্বিতীয়গৰাকীক  যঁতৰৰ বাহক — সাবৰমতীৰ সন্ত পূজ্য বাপু বুলি  উল্লেখ কৰে। “সুদৰ্শন চক্ৰধাৰী মোহন আৰু যঁতৰধাৰী মোহনে দেখুওৱা পথ অনুসৰণ কৰি ভাৰত আজি শক্তিশালী হৈ উঠিছে”, শ্ৰী মোদীয়ে কয়। তেওঁ সুদৰ্শন-চক্ৰধাৰী মোহনে আমাক জাতি আৰু সমাজ ৰক্ষা কৰিবলৈ শিকাইছিল বুলি আলোকপাত কৰি লগতে কয় যে সুদৰ্শন চক্ৰ ন্যায় আৰু নিৰাপত্তাৰ ঢাল হৈ পৰিল—পাতালৰ গভীৰতাতো শত্ৰুক শাস্তি দিবলৈ ই  সক্ষম। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে এই মনোভাৱ আজি ভাৰতৰ সিদ্ধান্তৰ জড়িয়তে প্ৰতিফলিত হৈছে। তেওঁ দৃঢ়তাৰে কয় যে আজি ভাৰতে সন্ত্ৰাসবাদী বা তেওঁলোকৰ পৰিচালকসকলক  ৰেহাই নিদিয়ে, তেওঁলোকে য'তেই লুকাই নাথাকক কিয়। শ্ৰী মোদীয়ে কয় যে ভাৰতে কেনেকৈ পহলগাম আক্ৰমণৰ প্ৰতিশোধ ল’লে সেয়া বিশ্বই দেখিছে। তেওঁ অপাৰেচন সিন্দূৰক ভাৰতৰ সশস্ত্ৰ বাহিনীৰ বীৰত্ব আৰু সুদৰ্শন-চক্ৰধাৰী মোহনৰ পৰা অনুপ্ৰাণিত জাতিৰ সংকল্পৰ প্ৰতীক হিচাপে উল্লেখ কৰে।

 

স্বদেশীৰ জৰিয়তে ভাৰতক সমৃদ্ধিৰ পথ দেখুৱাই দিয়া যঁতৰধাৰী মোহনৰ উত্তৰাধিকাৰ—পূজ্য বাপুৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীয়ে কয়  যে বাপুৰ নামত দশক দশক ধৰি ক্ষমতা ভোগ কৰা দলটোৰ কৰ্ম আৰু নিষ্ক্ৰিয়তাৰ সাক্ষী হিচাপে সবৰমতী আশ্ৰম থিয় দি আছে । তেওঁ প্ৰশ্ন উত্থাপন কৰে যে সেই দলটোৱে বাপুৰ স্বদেশী মন্ত্ৰক জীপাল কৰি ৰাখিবলৈ  কি কৰিলে। ষাঠিৰ পৰা পয়ষষ্ঠি বছৰ ধৰি দেশত শাসন কৰা দলটোৱে দেশ খনক  বিদেশী ৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰশীল কৰিহে ৰাখিলে।  সেই  দলটোক সমালোচনা কৰি শ্ৰী মোদীয়ে অভিযোগ কৰে যে আমদানিকলৈ হেতালি খেলিবলৈ আৰু দুৰ্নীতিক সক্ৰিয়  কৰিবলৈ এই কাম কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে আজি ভাৰতে আত্মনিৰ্ভৰশীলতাক এখন উন্নত দেশ  গঢ়াৰ ভেটি হিচাপে গ্ৰহণ কৰিছে। ভাৰতে কৃষক, মাছমৰীয়া, পশুপালক আৰু উদ্যোগীসকলৰ শক্তিৰ দ্বাৰা এই পথত দ্ৰুতগতিত আগবাঢ়িছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে আলোকপাত কৰে যে গুজৰাটত বৃহৎ সংখ্যক পশুপালক আছে। তেওঁ কয় যে ভাৰতৰ দুগ্ধ খণ্ডই শক্তিৰ উৎস আৰু ই দেশখনক এই খণ্ডত আত্মনিৰ্ভৰশীল কৰি তুলিছে। আৰ্থিক স্বাৰ্থৰ দ্বাৰা পৰিচালিত ৰাজনীতিৰ প্ৰতি  বিশ্বই চকু ৰাখিছে বুলিও প্ৰধানমন্ত্ৰীয়ে সকীয়াই দিয়ে । আহমেদাবাদৰ মাটিৰ পৰা শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে তেওঁৰ বাবে ক্ষুদ্ৰ উদ্যোগী, দোকানী, কৃষক, পশুপালকসকলৰ কল্যাণ সৰ্বোচ্চ বিষয়। তেওঁ আশ্বাস দিয়ে যে তেওঁৰ চৰকাৰে ক্ষুদ্ৰ উদ্যোগী, কৃষক  বা পশুপালকসকলৰ স্বাৰ্থত  আঘাত হানিব পৰা কোনো কাম হ'বলৈ নিদিয়ে।

 

“আত্মনিৰ্ভৰ ভাৰত অভিযানত গুজৰাটে প্ৰচণ্ড গতি প্ৰদান কৰিছে। এই অগ্ৰগতি দুটা দশকৰ নিষ্ঠাবান প্ৰচেষ্টাৰ ফল”, শ্ৰী মোদীয়ে  কয়। তেওঁ লগতে কয় যে আজিৰ যুৱক-যুৱতীসকলে সেই দিনবোৰ প্ৰত্যক্ষ কৰা নাই যেতিয়া অঞ্চলটোত সঘনাই সান্ধ্য আইন জাৰি কৰা  হৈছিল। আগতে বাণিজ্য আৰু ব্যৱসায় চলোৱাটো অত্যন্ত কঠিন আছিল বুলি সোঁৱৰাই দি  প্ৰধানমন্ত্ৰীয়ে কয় যে পৰিৱেশটো অশান্তিকৰ আছিল। অৱশ্যে তেওঁ লগতে কয়  যে আজি আহমেদাবাদ দেশৰ আটাইতকৈ সুৰক্ষিত চহৰসমূহৰ ভিতৰৰে এখন,  এই পৰিৱৰ্তন সম্ভৱ কৰি তোলাৰ বাবে তেওঁ জনসাধাৰণক কৃতিত্ব দিয়ে। 

 

গুজৰাটত প্ৰতিষ্ঠিত শান্তি আৰু নিৰাপত্তাৰ পৰিৱেশে সমগ্ৰ ৰাজ্যতে ইতিবাচক ফলাফল দিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়  যে, “আজি গুজৰাটত সকলো ধৰণৰ উদ্যোগৰ সম্প্ৰসাৰণ ঘটিছে”। তেওঁ মন্তব্য কৰে যে গুজৰাটক উৎপাদন  কেন্দ্ৰ হিচাপে উত্থিত  কৰাৰ বিষয়কলৈ সমগ্ৰ ৰাজ্যখনে গৌৰৱ অনুভৱ কৰিছে। শেহতীয়াকৈ ৰে’ল কাৰখানাত শক্তিশালী বৈদ্যুতিক  ইঞ্জিন নিৰ্মাণ কৰা দাহোদ ভ্ৰমণৰ কথা স্মৰণ কৰি  শ্ৰী মোদীয়ে উল্লেখ কৰে যে গুজৰাটত নিৰ্মিত মেট্ৰ’ ডবা এতিয়া আন দেশলৈ ৰপ্তানি কৰা হৈছে। তেওঁ লগতে কয় যে গুজৰাটত মটৰ চাইকেল আৰু গাড়ী বৃহৎ পৰিসৰত  উৎপাদন হোৱা দেখা গৈছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ৰাজ্যখনত বৃহৎ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় কোম্পানীসমূহে কাৰখানা স্থাপন কৰি আছে। তেওঁ উল্লেখ কৰে যে গুজৰাটে ইতিমধ্যে বিভিন্ন বিমানৰ যন্ত্ৰাংশ  উৎপাদন তথা ৰপ্তানি কৰি আহিছে। তেওঁ ঘোষণা কৰে যে বদোদৰাই এতিয়া পৰিবহণত ব্যৱহৃত বিমানৰ নিৰ্মাণ আৰম্ভ কৰিছে। গুজৰাট বৈদ্যুতিক বাহন নিৰ্মাণৰ এক প্ৰধান কেন্দ্ৰত পৰিণত হোৱাৰ কথাত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কাইলৈ ​​হান্সালপুৰ ভ্ৰমণ কৰিব বুলি উল্লেখ কৰে।  য’ত বৈদ্যুতিক বাহন নিৰ্মাণৰ এক উল্লেখযোগ্য পদক্ষেপ আৰম্ভ কৰা হৈছে। অৰ্ধপৰিবাহী অবিহনে আধুনিক ইলেক্ট্ৰনিক যন্ত্ৰ নিৰ্মাণ কৰিব নোৱাৰি বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে গুজৰাট অৰ্ধপৰিবাহী খণ্ডত এক বিশিষ্ট নাম হিচাবে পৰিচিত  হ’বলৈ সাজু হৈছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে গুজৰাটে বস্ত্ৰ, ৰত্ন, গহনা আদিত নিজস্ব পৰিচয় প্ৰতিষ্ঠা কৰিছে। তেওঁ লগতে কয় যে ফাৰ্মাচিউটিকেল সামগ্ৰী  উৎপাদনৰ ক্ষেত্ৰত— বিশেষকৈ ঔষধ আৰু ভেকচিনকে ধৰি—দেশখনৰ প্ৰায় এক তৃতীয়াংশ ৰপ্তানি গুজৰাটৰ পৰাই হয়।

 

“ভাৰত সৌৰ, বতাহ আৰু পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত দ্ৰুতগতিত আগবাঢ়িছে আৰু এই অগ্ৰগতিৰ ক্ষেত্ৰত গুজৰাটৰ অৱদান সৰ্বোচ্চ”। গুজৰাটে সেউজ শক্তি আৰু পেট্ৰ’কেমিকেলৰ ক্ষেত্ৰতো  এক প্ৰধান কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ কয় যে দেশৰ পেট্ৰ’কেমিকেলৰ প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত গুজৰাটে উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে । প্লাষ্টিক উদ্যোগ, কৃত্ৰিম আঁহ, সাৰ, ঔষধ, ৰং উদ্যোগ  আৰু প্ৰসাধন সামগ্ৰী—এই সকলোবোৰ পেট্ৰ’কেমিকেল খণ্ডৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল বুলি উল্লেখ  কৰি শ্ৰী মোদীয়ে কয়  যে গুজৰাটত পৰম্পৰাগত উদ্যোগৰ সম্প্ৰসাৰণ ঘটিছে আৰু বহু নতুন উদ্যোগ প্ৰতিষ্ঠা হৈছে। এই সকলো প্ৰচেষ্টাই আত্মনিৰ্ভৰ ভাৰতৰ পদক্ষেপক শক্তিশালী কৰি তুলিছে বুলিও তেওঁ দৃঢ়তাৰে কয়। তেওঁ লগতে কয় যে এই বৃদ্ধিয়ে অবিৰতভাৱে গুজৰাটৰ যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰি আহিছে।

 

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে সেয়া উদ্যোগেই হওক, কৃষিয়েই হওক, পৰ্যটনেই হওক—সকলো খণ্ডৰ বাবে উৎকৃষ্ট সংযোগ অতি প্ৰয়োজনীয়। তেওঁ আলোকপাত কৰে যে বিগত ২০–২৫ বছৰত গুজৰাটৰ সংযোগ ক্ষেত্ৰখনত  লক্ষ্যণীয় পৰিৱৰ্তন ঘটিছে। তেওঁ লগতে  মন্তব্য কৰে যে আজি পথ আৰু ৰে’ল সম্পৰ্কীয় কেইবাটাও প্ৰকল্প উদ্বোধন আৰু  আধাৰশিলা স্থাপন কৰা হৈছে। চৰ্দাৰ পেটেল ৰিং ৰোড নামেৰে জনাজাত চাৰ্কুলাৰ ৰোডটো এতিয়া বহল কৰা হৈছে বুলি উল্লেখ  কৰি শ্ৰী মোদীয়ে কয় যে ইয়াক ছয় লেনযুক্ত পথলৈ উন্নীত কৰা হৈছে। তেওঁ দৃঢ়তাৰে কয় যে এই সম্প্ৰসাৰণে চহৰখনৰ আটাইতকৈ ভিৰ হোৱা অঞ্চলসমূহত যান-জঁট হ্ৰাস কৰাত সহায় কৰিব। তেওঁ লগতে কয় যে বিৰামগাম–খুদ্ৰাদ–ৰামপুৰা পথ বহল কৰাৰ ফলত অঞ্চলটোৰ কৃষক আৰু উদ্যোগসমূহ উপকৃত হ’ব৷ তেওঁ মন্তব্য কৰে যে নতুনকৈ নিৰ্মাণ কৰা আণ্ডাৰপাছ আৰু ৰে’লৱে অভাৰব্ৰীজে চহৰখনৰ সংযোগ আৰু অধিক উন্নত  কৰিব।

 

এটা সময় আছিল যেতিয়া অঞ্চলটোত কেৱল পুৰণি ৰঙা ৰঙৰ বাছ চলিছিল বুলিস্মৰণ কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে আজি বি আৰ টি এছ জনমাৰ্গ আৰু এ চি-ইলেক্ট্ৰিক বাছে আধুনিক সা-সুবিধা প্ৰৱৰ্তন কৰিছে। তেওঁ  লগতে কয়  যে মেট্ৰ’ ৰে’ল নেটৱৰ্কো দ্ৰুতগতিত সম্প্ৰসাৰিত হৈছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ইয়াৰ দ্বাৰা আহমেদাবাদৰ জনসাধাৰণৰ যাতায়তৰ সুবিধা উন্নত  হৈছে। তেওঁ মন্তব্য কৰে যে গুজৰাটৰ প্ৰতিখন চহৰক এটা ডাঙৰ উদ্যোগিক কৰিড’ৰেৰে আগুৰি আছে।  তেওঁ লগতে  আঙুলিয়াই দিয়ে যে দহ বছৰ আগলৈকে বন্দৰ আৰু এনে উদ্যোগিক ক্লাষ্টাৰৰ মাজত সঠিক ৰে'ল সংযোগৰ অভাৱ আছিল। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ২০১৪ চনত প্ৰধানমন্ত্ৰী হোৱাৰ পিছত তেওঁ গুজৰাটত এই বিষয়টোত গুৰুত্ব দিবলৈ  আৰম্ভ কৰিছিল। যোৱা এঘাৰ বছৰত সমগ্ৰ ৰাজ্যখনতে  প্ৰায় ৩ হাজাৰ কিলোমিটাৰ নতুন ৰে’লপথ নিৰ্মাণ কৰা হৈছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে গুজৰাটৰ সমগ্ৰ ৰে’ল নেটৱৰ্ক এতিয়া সম্পূৰ্ণৰূপে বিদ্যুৎ সংযোগ কৰা হৈছে। তেওঁ উল্লেখ কৰে যে আজি গুজৰাটৰ বাবে ঘোষণা কৰা ৰে’ল প্ৰকল্পসমূহে কৃষক, উদ্যোগ আৰু তীৰ্থযাত্ৰীসকলকো  উপকৃত কৰিব।

 

তেওঁৰ চৰকাৰ নগৰীয়া দৰিদ্ৰসকলৰ বাবে মৰ্যাদাপূৰ্ণ জীৱন নিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলি দৃঢ়তাৰে মন্তব্য কৰি শ্ৰী মোদীয়ে এই প্ৰতিশ্ৰুতিৰ প্ৰত্যক্ষ প্ৰমাণ হিচাপে ৰামপিৰ ন’ টেক্ৰ’ৰ কথা উল্লেখ কৰে। তেওঁ  এই কথা স্মৰণ কৰে  যে পূজ্য বাপুৱে সদায় দৰিদ্ৰ লোকৰ মৰ্যাদাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰিছিল আৰু সাবৰমতী আশ্ৰমৰ সমীপত নতুনকৈ নিৰ্মিত ঘৰসমূহ এই দৃষ্টিভংগীৰ জীৱন্ত  নিদৰ্শন হিচাপে থিয় দিছে বুলি তেওঁ কয়।  প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে দৰিদ্ৰ লোকক ১৫০০ টা স্থায়ী ঘৰ আবণ্টন দিয়াটোৱে  নতুন সপোনৰ ভেটি স্থাপন কৰিছে। তেওঁ মন্তব্য কৰে যে এই নৱৰাত্ৰি আৰু দীপাৱলীত এই ঘৰসমূহত বাস কৰাসকলৰ মুখত আনন্দ জিলিকনি বিয়পি পৰিব।তেওঁ লগতে কয় যে এই পদক্ষেপৰ সমান্তৰালভাৱে পূজ্য বাপুৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি হিচাপে বাপুৰ আশ্ৰমৰ সংস্কাৰ সাধনৰ  কামো চলি আছে।

 

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে চৰ্দাৰ বল্লভভাই পেটেলৰ প্ৰতিমূৰ্তি নিৰ্মাণ সফলভাৱে সম্পূৰ্ণ হৈছে। তেওঁ মন্তব্য কৰে যে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পিছৰে পৰা তেওঁ সবৰমতী আশ্ৰমৰ সংস্কাৰৰ কাম আগবঢ়াই নিবলৈ সক্ষম হৈছে। তেওঁ কয় যে ঐক্যৰ প্ৰতিমূৰ্তি যেনেকৈ দেশ  আৰু বিশ্বৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে, সবৰমতী আশ্ৰমৰ সংস্কাৰ সম্পূৰ্ণ হ’লেই ই শান্তিৰ সৰ্বশ্ৰেষ্ঠ বিশ্বব্যাপী প্ৰতীক হিচাপে পৰিগণিত হ’ব। শ্ৰী মোদীয়ে কয় যে সংস্কাৰ সম্পূৰ্ণ হ’লেই শান্তিৰ ক্ষেত্ৰত  বিশ্বৰ  প্ৰেৰণা হিচাপে সবৰমতী আশ্ৰমে আত্মপ্ৰকাশ কৰিব।

 

“শ্ৰমিক পৰিয়ালৰ বাবে উন্নত জীৱন নিশ্চিত কৰাটো তেওঁৰ চৰকাৰৰ এক মূল অভিযান হৈ আহিছে”, প্ৰধানমন্ত্ৰীয়ে লগতে কয়। । তেওঁ স্মৰণ কৰে যে কেইবাবছৰ পূৰ্বে গুজৰাটৰ বস্তিবাসীৰ বাবে স্থায়ী গেটেড ছ’চাইটি নিৰ্মাণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছিল। তেওঁ  কয়  যে বছৰ বছৰ ধৰি এনে অসংখ্য গৃহ নিৰ্মাণ প্ৰকল্প সম্পূৰ্ণ হৈছে, বস্তিৰ ঠাইত মৰ্যাদাপূৰ্ণ বাসস্থানৰ ব্যৱস্থা কৰা হৈছে আৰু এই অভিযান অব্যাহত থাকিব।

 

অৱহেলিতসকলক তেওঁ পূজা কৰে বুলি মন্তব্য শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে চহৰীয়া দৰিদ্ৰসকলৰ জীৱন উন্নত কৰাটো তেওঁৰ চৰকাৰৰ বাবে এক প্ৰধান অগ্ৰাধিকাৰৰ বিষয়। তেওঁ উল্লেখ কৰে যে পূৰ্বতে ৰাজপথৰ বিক্ৰেতা আৰু ফুটপাথৰ কৰ্মীসকলক অৱহেলা  কৰা হৈছিল। তেওঁলোকক সমৰ্থন কৰিবলৈ চৰকাৰে পি এম স্বনিধি আঁচনি আৰম্ভ কৰাৰ কথা প্ৰধানমন্ত্ৰীয়ে  উল্লেখ কৰে । তেওঁ লগতে কয় যে এই আঁচনিৰ অধীনত সমগ্ৰ দেশতে প্ৰায় সত্তৰ লাখ ৰাজপথৰ বিক্ৰেতা আৰু ঘোঁৰাগাড়ী চলোৱা  লোকে বেংকৰ পৰা আৰ্থিক সাহায্য লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ লগতে কয় যে এই পদক্ষেপৰ জৰিয়তে গুজৰাটৰ লাখ লাখ হিতাধিকাৰীয়ে সহায় লাভ কৰিছে।

 

প্ৰধানমন্ত্ৰীয়ে লগতে  আলোকপাত কৰে যে বিগত এঘাৰ বছৰত ২৫ কোটি লোকে দৰিদ্ৰতা অতিক্ৰম কৰিছে,  যিটো ভাৰতৰ বাবে গৌৰৱৰ বিষয় আৰু  ই বিশ্বৰ অৰ্থনৈতিক প্ৰতিষ্ঠানসমূহৰ মাজত আলোচনাৰ বিষয় হৈ পৰিছে। তেওঁ মন্তব্য কৰে যে এই ব্যক্তিসকলে দেশত এক নতুন মধ্যবিত্ত শ্ৰেণীৰ উত্থানত অৰিহণা যোগাইছে। “আমাৰ চৰকাৰে নব্য মধ্যবিত্ত আৰু পৰম্পৰাগত মধ্যবিত্ত শ্ৰেণী উভয়ৰে  সবলীকৰণৰ বাবে অহৰহ কাম কৰি আছে”, শ্ৰী মোদীয়ে কয়। তেওঁ কয় যে ১২ লাখ টকা  পৰ্যন্ত বাৰ্ষিক আয় কৰমুক্ত কৰা হৈছে। তেওঁ আৰু ঘোষণা কৰে যে চৰকাৰে এতিয়া জি এছ টি ব্যৱস্থাৰ সংস্কাৰৰ কাম হাতত লৈছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই সংস্কাৰে ক্ষুদ্ৰ উদ্যোগীসকলক সহায় কৰিব আৰু বহু সামগ্ৰীৰ ক্ষেত্ৰত  কৰ হ্ৰাস কৰিব। তেওঁ দৃঢ়তাৰে কয় যে এই দীপাৱলীত সমগ্ৰ দেশৰ ব্যৱসায়ী সমাজ আৰু পৰিয়াল উভয়ে  দুগুণ সুখৰ  বোনাছ লাভ কৰিব।

 

প্ৰধানমন্ত্ৰী সূৰ্য্য ঘৰ মুফট বিজলী যোজনাৰ অধীনত বিদ্যুতৰ বিল শূন্যলৈ হ্ৰাস কৰা হৈছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে গুজৰাটৰ প্ৰায় ছয় লাখ পৰিয়ালে ইতিমধ্যে এই আঁচনিত যোগদান কৰিছে। তেওঁ উল্লেখ কৰে যে কেৱল গুজৰাটতে  পৰিয়ালসমূহক চৰকাৰে ৩ হাজাৰ কোটিতকৈ অধিক ধন আগবঢ়াইছে। ইয়াৰ ফলত হিতাধিকাৰীসকলৰ মাহেকীয়া  বিদ্যুতৰ বিলত যথেষ্ট ৰাহি হোৱা বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে।

 

শ্ৰী মোদীয়ে উল্লেখ কৰে যে আহমেদাবাদ চহৰ এতিয়া সপোন আৰু সংকল্পৰ চহৰত পৰিণত হৈছে। এটা সময় আছিল যেতিয়া মানুহে আহমেদাবাদক “গৰ্দাবাদ” বুলি ঠাট্টা কৰিছিল, শ্ৰী মোদীয়ে বৰ্ণনা কৰে  যে কেনেকৈ উৰি থকা ধূলি আৰু মাটি চহৰখনৰ বাবে দুৰ্ভাগ্যত পৰিণত হৈছিল। তেওঁ সুখ প্ৰকাশ কৰে যে আজি আহমেদাবাদে স্বচ্ছতাৰ বাবে ৰাষ্ট্ৰীয় স্বীকৃতি অৰ্জন কৰিবলৈ সক্ষম হৈছে। তেওঁ এই সাফল্যৰ কৃতিত্ব আহমেদাবাদৰ প্ৰতিগৰাকী বাসিন্দাৰ সামূহিক প্ৰচেষ্টাৰ ফল  বুলি কয়।

 

আজিৰ যুৱক-যুৱতীসকলে  যেতিয়া সবৰমতী নদী শুকান নলাৰ দৰে হৈ পৰিছিল, সেই দিনবোৰৰ  সাক্ষী হোৱা নাই বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে আহমেদাবাদৰ জনসাধাৰণে এই পৰিস্থিতি সলনি কৰাৰ সংকল্প লৈছিল। তেওঁ মন্তব্য কৰে যে সবৰমতী নৈৰ পাৰে এতিয়া চহৰখনৰ গৌৰৱ বৃদ্ধি কৰিছে। শ্ৰী মোদীয়ে স্মৰণ কৰে যে কংকৰীয়া হ্ৰদৰ পানী আগতে অপতৃণৰ বাবে সেউজীয়া আৰু দুৰ্গন্ধযুক্ত হৈ আছিল, যাৰ বাবে ইয়াৰ কাষেৰে খোজ কাঢ়িবলৈও কঠিন হৈ পৰিছিল আৰু অঞ্চলটো অসামাজিক উপাদানৰ বাবে এই স্থান  পছন্দৰ স্থানত পৰিণত হৈছিল। তেওঁ কয় যে আজি এই হ্ৰদটোৱে অন্যতম উন্নত বিনোদন স্থানলৈ ৰূপান্তৰিত হৈছে। তেওঁ হ্ৰদটোত নাওঁ চলোৱা আৰু কিডছ চিটিক শিশুৰ বাবে আনন্দ তথা শিক্ষণৰ একত্ৰিত স্থান হিচাপে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে এই সকলো উন্নয়নে আহমেদাবাদৰ পৰিৱৰ্তনত সহায় কৰিছে।  তেওঁ লগতে কয় যে কংকৰীয়া কাৰ্নিভাল এতিয়া মহানগৰীৰ এক নতুন পৰিচয়ত পৰিণত হৈছে।

 

আহমেদাবাদে যে এক প্ৰধান পৰ্যটন কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ হৈছে সেই বিষয়ত  গুৰুত্ব আৰোপ কৰি শ্ৰী মোদীয়ে আলোকপাত কৰে যে আহমেদাবাদে ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য নগৰ হিচাপে স্বীকৃতি লাভ কৰিছে। তেওঁ কয় যে সেয়া ঐতিহাসিক প্ৰৱেশদ্বাৰেই হওক, সবৰমতী আশ্ৰমেই হওক বা চহৰখনৰ চহকী ঐতিহ্যই হওক— আহমেদাবাদ এতিয়া বিশ্বৰ মানচিত্ৰত জিলিকি উঠিছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে মহানগৰীখনত  পৰ্যটনৰ আধুনিক আৰু অভিনৱ ৰূপ দ্ৰুতগতিত বিকশিত হৈছে। তেওঁ কয় যে আহমেদাবাদ কনচাৰ্ট অৰ্থনীতিৰ বাবে এক উল্লেখযোগ্য কেন্দ্ৰত পৰিণত হৈছে। শেহতীয়াকৈ চহৰখনত অনুষ্ঠিত হোৱা কল্ডপ্লে কনচাৰ্টৰ কথা মনত পেলাই তেওঁ ই বিশ্বজুৰি চৰ্চা লাভ কৰিছিল বুলি কয় । শ্ৰী মোদীয়ে লগতে কয় যে এক লাখ লোকৰ বহাৰ ক্ষমতা থকা আহমেদাবাদৰ ষ্টেডিয়ামখন এক প্ৰধান আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। তেওঁ দৃঢ়তাৰে কয় যে ইয়াৰ দ্বাৰা আহমেদাবাদে বৃহৎ পৰিসৰৰ কনচাৰ্টৰ লগতে ডাঙৰ ডাঙৰ ক্ৰীড়া অনুষ্ঠান আয়োজন কৰাৰ ক্ষমতা অৰ্জন কৰিছে।

 

উদযাপনৰ বতৰৰ বিষয়ে পুনৰবাৰ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় কয় যে  দেশখনে এতিয়া নৱৰাত্ৰি, বিজয়া দশমী, ধনতেৰাছ আৰু দীপাৱলী আদি  উদযাপনৰ  বাবে সাজু হৈছে।  শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে এই উৎসৱসমূহ কেৱল সাংস্কৃতিক উদযাপনেই নহয়, আত্মনিৰ্ভৰশীলতাৰ উৎসৱ হিচাপেও ইয়াক  গণ্য কৰা উচিত। প্ৰধানমন্ত্ৰীয়ে পুনৰবাৰ নাগৰিকসকলক আহ্বান জনায় যে উৎসৱৰ বতৰত ঘৰলৈ অনা সকলো বস্তু , উপহাৰ আৰু সজাবলৈ ব্যৱহাৰ কৰা সামগ্ৰী যাতে মেড ইন ইণ্ডিয়া হয়। তেওঁ সকলোকে সোঁৱৰাই দিলে যে প্ৰকৃত উপহাৰ হ’ল ভাৰতত নিৰ্মিত—ভাৰতীয় নাগৰিকৰ হাতেৰে প্ৰস্তুত সামগ্ৰী ক্ৰয় কৰা।  তেওঁ বিক্ৰেতাসকলক ভাৰতত নিৰ্মিত সামগ্ৰী গৌৰৱেৰে বিক্ৰী কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই সৰু সৰু অথচ অৰ্থপূৰ্ণ প্ৰচেষ্টাৰ জৰিয়তে এই উৎসৱসমূহ ভাৰতৰ সমৃদ্ধিৰ ভৱিষ্যৎ উদযাপন  হিচাবে পৰিগণিত হৈ  পৰিব। তেওঁ উন্নয়নৰ পদক্ষেপৰ বাবে সকলো নাগৰিকক অভিনন্দন জ্ঞাপন কৰি ভাষণৰ  সামৰণি অন্ত পেলায়।

 

অনুষ্ঠানত গুজৰাটৰ ৰাজ্যপাল শ্ৰী আচাৰ্য দেৱব্ৰত, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ভূপেন্দ্ৰভাই পেটেল, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী চি আৰ পাটিল ডাঙৰীয়াৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলো  উপস্থিত থাকে।

 

পৃষ্ঠভূমি

 

বিশ্বমানৰ আন্তঃগাঁথনি আৰু সংযোগৰ প্ৰতি থকা দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে ১৪০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক ৰে’ল প্ৰকল্প ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰে। ইয়াৰ ভিতৰত আছে ৫৩০ কোটি টকাৰো অধিক মূল্যৰ ৬৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ মহেছানা-পালনপুৰ ৰে’ল লাইন দুগুণ কৰা, ৩৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ কালোল-কাডী-কাটোছান ৰোড ৰে’ল লাইন আৰু ৪০ কিলোমিটাৰ বেচৰাজী-ৰানুজ ৰে’ল লাইনৰ গেজ ৰূপান্তৰ, যাৰ মূল্য ৮৬০ কোটি টকাৰো অধিক। ব্ৰড-গেজ ক্ষমতা সংযোজনৰ ফলত এই প্ৰকল্পসমূহে অঞ্চলটোত অধিক মসৃণ, সুৰক্ষিত আৰু অধিক নিৰৱচ্ছিন্ন সংযোগ নিশ্চিত কৰিব। ইয়াৰ দ্বাৰা দৈনিক যাতায়ত, পৰ্যটক আৰু ব্যৱসায়ীসকলৰ বাবে ভ্ৰমণ যথেষ্ট সহজ হ’ব, একে সময়তে আঞ্চলিক অৰ্থনৈতিক সংহতিৰ প্ৰসাৰ ঘটিব। তদুপৰি, কাটোছান ৰোড আৰু সবৰমতিৰ মাজত যাত্ৰীবাহী ৰে’লৰ  ফ্লেগ অফ কৰিলে ধৰ্মীয় গন্তব্যস্থানলৈ উন্নত যাতায়াতৰ সুবিধা হ’ব আৰু তৃণমূল পৰ্যায়ত অৰ্থনৈতিক কাৰ্যকলাপক উদ্দীপিত হ’ব। বেছৰাজীৰ পৰা মালবাহী ৰে’ল সেৱাই ৰাজ্যৰ উদ্যোগিক কেন্দ্ৰসমূহৰ সৈতে সংযোগ বৃদ্ধি কৰিব, লজিষ্টিক নেটৱৰ্ক শক্তিশালী কৰিব আৰু কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব।

সংযোগ উন্নত, যাতায়তৰ সুৰক্ষা বৃদ্ধি, আৰু আঞ্চলিক উন্নয়ন ত্বৰান্বিত কৰাৰ বাবে তেওঁৰ দৃষ্টিভংগীক আৰু আগুৱাই লৈ গৈ প্ৰধানমন্ত্ৰীয়ে বিৰামগাম–খুদাদ–ৰামপুৰা পথ বহল কৰা কামৰ   শুভাৰম্ভ কৰে। লগতে আহমেদাবাদ–মেহছানা–পালনপুৰ পথত ছয় লেনযুক্ত বাহন আণ্ডাৰপাছ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে; আহমেদাবাদ–বিৰামগাম পথৰ ৰেলৱে অভাৰব্ৰীজ আদিৰ ইয়াত সন্নিবিষ্ট হৈ আছে । সামূহিকভাৱে এই পদক্ষেপসমূহে ঔদ্যোগিক বৃদ্ধিত সহায় কৰিব, পৰিবহণৰ দক্ষতা আৰু অঞ্চলটোত অৰ্থনৈতিক সুযোগ উন্নত কৰিব।

 

ৰাজ্যখনৰ বিদ্যুৎ খণ্ডৰ এক বৃহৎ উত্থানৰ বাবে  প্ৰধানমন্ত্ৰীয়ে উত্তৰ গুজৰাট ভিজ কোম্পানী লিমিটেডৰ অধীনত আহমেদাবাদ, মেহছানা আৰু গান্ধীনগৰত বিদ্যুৎ বিতৰণ প্ৰকল্পৰ শুভাৰম্ভ কৰে, যাৰ লক্ষ্য হৈছে লোকচান হ্ৰাস কৰা, নেটৱৰ্কৰ আধুনিকীকৰণ কৰা আৰু পুনৰ সংশোধিত বিতৰণ খণ্ড আঁচনিৰ অধীনত আন্তঃগাঁথনি শক্তিশালী কৰা। ১০০০ কোটি টকাৰো অধিক মূল্যৰ এই প্ৰকল্পসমূহে প্ৰতিকূল বতৰৰ সময়তো বিদ্যুৎ বিচ্ছিন্নতা হ্ৰাস কৰিব, জনসাধাৰণৰ সুৰক্ষা, ট্ৰেন্সফৰ্মাৰৰ সুৰক্ষা আৰু বিদ্যুৎ যোগান নেটৱৰ্কৰ নিৰ্ভৰযোগ্যতা উন্নত কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে পিএমএৱাই (ইউ)ৰ ইন চিটু বস্তি পুনৰ্বাসন উপাদানৰ অধীনত ৰামাপিৰ ন’ টেক্ৰ’ৰ ছেক্টৰ-৩ত অৱস্থিত বস্তিৰ উন্নয়নৰ শুভাৰম্ভ কৰে। তেওঁ আহমেদাবাদৰ কাষৰীয়া চৰ্দাৰ পেটেল ৰিং ৰোডত যান-বাহনৰ চলাচল  সহজ আৰু সংযোগ উন্নত কৰাৰ বাবে ৰূপায়িত হৈ থকা বৃহৎ পথ বহল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। তেওঁ পানী আৰু নলা ব্যৱস্থাপনা ব্যৱস্থা শক্তিশালী কৰাৰ বাবে আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।

 

প্ৰশাসনিক দক্ষতা আৰু জনসেৱা প্ৰদান ব্যৱস্থাক  শক্তিশালী কৰি প্ৰধানমন্ত্ৰীয়ে গুজৰাটত মূল আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। নাগৰিককেন্দ্ৰিক সেৱা উন্নত কৰাৰ লক্ষ্যৰে আহমেদাবাদ পশ্চিমত নতুন ষ্টাম্প এণ্ড  ৰেজিষ্ট্ৰেছন  ভৱন নিৰ্মাণ তথা সমগ্ৰ গুজৰাটত সুৰক্ষিত তথ্য ব্যৱস্থাপনা আৰু ডিজিটেল শাসন ক্ষমতা বৃদ্ধিৰ বাবে আৰ্হি প্ৰস্তুত কৰা  গান্ধীনগৰৰ ৰাজ্যিক পৰ্যায়ৰ তথ্য সংৰক্ষণ কেন্দ্ৰ স্থাপন কৰা হ’ব।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Tariff cut to open door wider for exports, lift rupee, fund inflows: Nirmala Sitharaman

Media Coverage

Tariff cut to open door wider for exports, lift rupee, fund inflows: Nirmala Sitharaman
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Congratulates Newly Sworn-in Chief Minister and Ministers of Manipur
February 04, 2026

The Prime Minister, Shri Narendra Modi, today extended congratulations to Shri Yumnam Khemchand Singh Ji on taking oath as the Chief Minister of Manipur.

The Prime Minister also conveyed his best wishes to Smt. Nemcha Kipgen Ji and Shri Losii Dikho Ji on assuming office as the Deputy Chief Ministers of the state. He further congratulated Shri Konthoujam Govindas Singh Ji and Shri Khuraijam Loken Singh Ji on being sworn in as Ministers in the Manipur Government.

Expressing confidence in the new leadership, Shri Narendra Modi stated that they will work diligently towards furthering development and prosperity for the sisters and brothers of Manipur.

In a post on X, Shri Modi said:

“Congratulations to Shri Yumnam Khemchand Singh Ji on taking oath as the Chief Minister of Manipur.

I would like to congratulate Smt. Nemcha Kipgen Ji and Shri Losii Dikho Ji on taking oath as the Deputy Chief Ministers of the state and Shri Konthoujam Govindas Singh Ji as well as Shri Khuraijam Loken Singh Ji on being sworn in as Ministers in the Manipur Government.

I’m confident they will work diligently towards furthering development and prosperity for my sisters and brothers of Manipur.”