Lays foundation stone of Sant Shiromani Gurudev Shri Ravidas ji Memorial to be constructed at a cost of more than Rs 100 crores
Lays foundation stone of two road projects to be developed at a cost of more than Rs 1580 crores
Dedicates doubling of Kota-Bina rail route to the nation developed at a cost of more than Rs 2475 crores
“Sant Shiromani Gurudev Shri Ravidas ji Memorial will have grandeur as well as divinity”
“Sant Ravidas ji provided strength to the society to fight oppression”
“Today, the nation is moving forward with the spirit of liberation and rejecting the mentality of slavery”
“In Amrit Kaal, we are trying to eradicate poverty and hunger from the country”
“I know the pain of hunger and self-respect of the poor. I am a member of your family and I don’t need to look into the books to understand your pain”
“Our focus is on welfare of the poor and empowerment of every section of society”
“Today, be it Dalit, deprived, backward or tribal, our government is giving them due respect and new opportunities”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ সাগৰত এলানি উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে বহুকেইটা নৱনিৰ্মিত প্ৰকল্প দেশবাসীলৈ উৎসৰ্গা কৰে। প্ৰকল্পসমূহৰ ভিতৰত আছে ১০০ কোটি টকাতকৈয়ো অধিক ব্যয়েৰে নিৰ্মাণ হ'ব লগা ‘সন্ত শিৰোমণি গুৰুদেৱ শ্ৰী ৰবিদাস জী স্মাৰক’ৰ আধাৰশিলা স্থাপন, ১৫৮০ কোটি টকাতকৈয়ো অধিক ব্যয়েৰে বিকশিত হ'ব লগা দুটা পথ প্ৰকল্প আৰু দেশৰ নামত উৎসৰ্গা কৰা ২৪৭৫ কোটি টকাতকৈয়ো অধিক ব্যয়েৰে দ্বৈতকৰণৰ দিহা কৰা ‘কোটা-বিনা ৰে'লপথ’ছোৱা।

 

এই অনুষ্ঠানত সমবেত সকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সাধুসকলৰ উপস্থিতি, সন্ত ৰবিদাসৰ আশীৰ্বাদ আৰু সমাজৰ বিভিন্ন শ্ৰেণীৰে গঠিত বিশাল জনসমাগমৰে আজি ‘সাগৰ’ৰ দেশত সম্প্ৰীতিৰ 'সাগৰ' (মহাসাগৰ) প্ৰত্যক্ষ কৰিব পাৰিব। তেওঁ উল্লেখ কৰে যে ৰাষ্ট্ৰৰ অংশীদাৰিত্বমূলক সমৃদ্ধিক আগবঢ়াই নিয়াৰ বাবে আজি সন্ত শিৰোমণি গুৰুদেৱ শ্ৰী ৰবিদাস জী স্মাৰকৰ আধাৰশিলা স্থাপন কৰা হয়। প্ৰধানমন্ত্ৰীয়ে আজি আগবেলা ঐশ্বৰিক স্মাৰকৰ 'ভূমি পূজন'ত অংশগ্ৰহণ কৰাৰ কথা উল্লেখ কৰে আৰু সাধুসকলৰ আশীৰ্বাদত কেইবছৰমানৰ ভিতৰত মন্দিৰটো সম্পূৰ্ণ হোৱাৰ পিছত তেওঁ উদ্বোধন কৰিবলৈ আহিব বুলি বিশ্বাস ব্যক্ত কৰে। বাৰাণসীৰ এজন সাংসদ হিচাপে প্ৰধানমন্ত্ৰীয়ে একাধিক বাৰ সন্ত ৰবিদাস জীৰ জন্মস্থান ভ্ৰমণ কৰাৰ বিষয়ে অৱগত কৰে আৰু আজি মধ্যপ্ৰদেশৰ সাগৰৰ পৰা তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।  

 

প্ৰধানমন্ত্ৰীয়ে কয় যে ‘সন্ত শিৰোমণি গুৰুদেৱ শ্ৰী ৰবিদাস জী স্মাৰক’ৰ জাকজমকতাৰ লগতে দৈৱত্বও সমাহিত হৈ থাকিব যি সন্ত ৰবিদাস জীৰ শিকণিৰ পৰা প্ৰবাহিত হ'ব। তেওঁ অৱগত কৰে যে স্মাৰকটো 'সম্ৰষ্টা'ৰ আবেগত আৱদ্ধ কিয়নো ইয়াত ২০০০০ তকৈয়ো অধিক গাঁও আৰু ৩০০ খন নদীৰ মাটি ব্যৱহাৰ কৰা হৈছে। মধ্য প্ৰদেশৰ পৰিয়ালবোৰে 'সম্ৰষ্ট ভোজ'ৰ বাবে খাদ্যদ্ৰব্য প্ৰেৰণ কৰিছে আৰু আজি সাগৰত পাঁচটা যাত্ৰাও সমাপ্ত হৈছে। "এই যাত্ৰাসমূহে সামাজিক সম্প্ৰীতিৰ এক নতুন যুগকে চিহ্নিত কৰে" বুলি প্ৰধানমন্ত্ৰীয়ে লগতে কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে যেতিয়া অনুপ্ৰেৰণা আৰু প্ৰগতি (প্ৰেৰণা আৰু প্ৰগতি) একত্ৰিত হয় তেতিয়া এক নতুন যুগৰ সূচনা কৰা হয়। তেওঁ প্ৰকল্পসমূহৰ, অৰ্থাৎ দুটা পথ প্ৰকল্প আৰু ‘কোটা-বিনা ৰে'লপথ’ দ্বৈতকৰণৰ দিহা কৰাৰ কথা উল্লেখ কৰি কয় যে এই উন্নয়নমূলক প্ৰকল্পসমূহে সাগৰ আৰু ওচৰ-পাজৰৰ অঞ্চলসমূহৰ লোকসকলক উন্নত সুবিধা প্ৰদান কৰিব।   

 

প্ৰধানমন্ত্ৰীয়ে লক্ষ্য কৰে যে ‘সন্ত ৰবিদাস জী স্মাৰক আৰু সংগ্ৰহালয়’ৰ আধাৰশিলা এনে এক সময়ত অনুষ্ঠিত হৈছে যিটো সময়ত ৰাষ্ট্ৰই স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰিছে আৰু ‘অমৃত কাল’ৰ পৰৱৰ্তী ২৫ বছৰ আমাৰ সন্মুখত আছে। তেওঁ আমাৰ অতীতৰ পৰা শিক্ষা লোৱাৰ লগতে দেশৰ ঐতিহ্যক আগুৱাই নিয়াত গুৰুত্ব আৰোপ কৰে। দেশখনে হাজাৰ বছৰৰ যাত্ৰা সম্পূৰ্ণ কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সমাজত অশুভ শক্তিৰ উদ্ভৱ হোৱাটো এক স্বাভাৱিক ঘটনা। তেওঁ উল্লেখ কৰে যে ভাৰতীয় সমাজৰ সামৰ্থ্যই হৈছে যে ৰবিদাস জীৰ দৰে একোগৰাকী সাধু বা মহাত্মা এনে ধৰণৰ দুষ্টতা প্ৰতিহত কৰিবলৈকে বাৰে বাৰে আবিৰ্ভাৱ হয়। তেওঁ কয় যে সন্ত ৰবিদাসজীৰ জন্ম এনে এটা যুগত হৈছিল যেতিয়া মোগলসকলে এই অঞ্চলত শাসন কৰিছিল আৰু সমাজে ভাৰসাম্যহীনতা, নিৰ্যাতন আৰু নিপীড়ণৰ সৈতে যুঁজি আছিল। তেওঁ উল্লেখ কৰে যে এনে সময়ত সন্ত ৰবিদাস জীয়েই সমাজৰ কুফল প্ৰতিহত কৰাৰ বাবে সজাগতা সৃষ্টিৰ লগতে আগবাঢ়ি যোৱাৰ পথ-নিৰ্দেশনা দিছিল। সন্ত ৰবিদাসজীৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে কয় যে এফালে মানুহে জাতি-ধৰ্মৰ মোকাবিলা কৰি আছে আনহাতে, অশুভ শক্তিয়ে ক্ৰমান্বয়ে মানৱতা হ্ৰাস কৰি আনিছে। প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে সন্ত ৰবিদাস জীয়ে সমাজত প্ৰচলিত অসদাচৰণৰ বিৰুদ্ধে মাত মাতিছিল আৰু ৰাষ্ট্ৰৰ আত্মাক পুনৰ জাগ্ৰত কৰিছিল। মোগল শাসনকালত সন্ত ৰবিদাস জীৰ সাহসিকতা আৰু দেশপ্ৰেমৰ কথা সুঁৱৰি প্ৰধানমন্ত্ৰীয়ে তেওঁৰ বাণীৰ উদ্ধৃতিৰে কয় যে নিৰ্ভৰশীলতা হৈছে আটাইতকৈ ডাঙৰ পাপ আৰু যিসকলে ইয়াক গ্ৰহণ কৰে আৰু ইয়াৰ বিৰুদ্ধে স্থিতি নলয় তেওঁলোকক কোনেও ভাল নাপায়। সন্ত ৰবিদাসজীয়ে সমাজক উৎপীড়নৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি প্ৰদান কৰে আৰু ছত্ৰপতি শিৱাজীয়ে ইয়াক ‘হিন্দাৱী স্বৰাজ্য’ৰ ভেটি স্থাপনৰ বাবে অনুপ্ৰেৰণা হিচাপে ব্যৱহাৰ কৰিছিল বুলি প্ৰধানমন্ত্ৰীয়ে অভিমত ব্যক্ত কৰে । তেওঁ কয় যে এই অনুভৱেই ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত লাখ লাখ সংগ্ৰামীৰ হৃদয়ত প্ৰৱেশ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে লগতে কয়, "আজি দেশখনে একেই মুক্তিৰ মনোভাৱৰে আগবাঢ়িছে আৰু দাসত্বৰ মানসিকতাক প্ৰত্যাখ্যান কৰিছে"। 

 

সামাজিক সমতা আৰু সকলোৰে বাবে সুবিধাৰ উপলব্ধতা সন্দৰ্ভত সন্ত ৰবিদাসৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে কয় যে অমৃত কালত আমি দেশৰ পৰা দাৰিদ্ৰ আৰু ক্ষুধা বিতাড়ণৰ প্ৰয়াস কৰি আছো। তেওঁ মহামাৰীৰ সময়ত দৰিদ্ৰ আৰু বঞ্চিত শ্ৰেণীৰ লোকসকলক খাদ্য যোগান ধৰাৰ বাবে গ্ৰহণ কৰা তেওঁৰ সংকল্পৰ কথা স্মৰণ কৰে। "মই দৰিদ্ৰ লোকসকলৰ ভোক আৰু আত্মসন্মানৰ বেদনা জানো। মই আপোনালোকৰ পৰিয়ালৰে এজন সদস্য আৰু আপোনালোকৰ বেদনা বুজিবলৈ মই কিতাপ চোৱাৰ প্ৰয়োজন নাই," শ্ৰী মোদীয়ে কয়। ‘প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা’ৰ অধীনত ৮০ কোটিৰো অধিক লোকৰ বাবে বিনামূলীয়া ৰেচন নিশ্চিত কৰা হৈছে, এই কৃতিত্বৰ বাবে প্ৰধানমন্ত্ৰীয়ে বিশ্বজোৰা প্ৰশংসা লাভ কৰিছে। 

দেশত চলি থকা গৰীব কল্যাণ আঁচনিসমূহৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে পূৰ্বৰ বিপৰীতে দেশখনে জীৱনৰ প্ৰতিটো পৰ্যায়ত দলিত, দৰিদ্ৰ, জনজাতীয় আৰু মহিলাসকলৰ সৈতে থিয় হৈ আছে। জন্মৰ সময়ত নৱজাতক শিশুৰ সামগ্ৰিক প্ৰতিষেধক সুৰক্ষাৰ বাবে ‘মাতৃ বন্দনা যোজনা’ আৰু ‘মিছন ইন্দ্ৰধনুষ’ ৰূপায়ণ কৰা হৈছে, য'ত ৫.৫ কোটিৰো অধিক মাতৃ আৰু শিশুৰ টীকাকৰণৰ দিহা কৰা হৈছে। তেওঁ জনাই যে ২০২৫ চনৰ ভিতৰত ভাৰতক যক্ষ্মা ৰোগৰ পৰা মুক্ত কৰাৰ অভিযানৰ লগতে ছিকল চেল এনিমিয়াৰ পৰা ৭ কোটি ভাৰতীয়ক ৰক্ষা কৰাৰ বাবেও অভিযান চলি আছে। শ্ৰী মোদীয়ে ‘ক’লা-জ্বৰ’ আৰু ‘এনকেফেলাইটিছ’ৰ ঘটনা হ্ৰাস হোৱা বুলিও উল্লেখ কৰে। ‘আয়ুষ্মান কাৰ্ড’ সন্দৰ্ভত মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "মানুহে কয় যে তেওঁলোকে মোডী কাৰ্ড পাইছে। ৫ লাখ টকালৈকে চিকিৎসাৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে আপোনালোকৰ পুত্ৰ (প্ৰধানমন্ত্ৰী) আপোনালোকৰ কাষত আছে"। 

 

জীৱনত শিক্ষাৰ গুৰুত্বৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে জনজাতীয় অঞ্চলৰ ৭০০ খন ‘একলব্য বিদ্যালয়’ত  কিতাপ-পত্ৰ, বৃত্তি আৰু এক মজবুত মধ্যাহ্ন ভোজন ব্যৱস্থাৰ কথা উল্লেখ কৰে। তেওঁ ছোৱালীৰ বাবে সুকন্যা সমৃদ্ধি যোজনা, অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অ'বিচি শিক্ষাৰ্থীৰ বাবে বৃত্তি, ‘মুদ্ৰা ঋণ’ৰ অধীনত বৃহৎ সংখ্যক অনুসূচিত জাতি, অনুসূচিত জনজাতি সম্প্ৰদায়ৰ সদস্যসকলক ঋণ আদিৰ দৰে পদক্ষেপসমূহৰ কথাও উল্লেখ কৰে। তেওঁ ‘ষ্টেণ্ডআপ ইণ্ডিয়া’ৰ অধীনত অনুসূচিত জাতি, অনুসূচিত জনজাতিৰ যুৱক-যুৱতীসকলক ৮ হাজাৰ কোটি টকাৰ সামগ্ৰিক বিত্তীয় সহায় আৰু বিদ্যুৎ, পানী আৰু গেছ সংযোগৰ সৈতে প্ৰধানমন্ত্ৰী আৱাসৰ ব্যৱস্থা কৰা, ৯০টা বনসামগ্ৰী ন্যূনতম সমৰ্থন মূল্যৰ অন্তৰ্ভুক্ত কৰাৰ কথাও উল্লেখ কৰে। "অনুসূচিত জাতি-জনজাতি সমাজৰ লোকসকলে আজি ভৰিৰ ওপৰত থিয় হবলৈ সক্ষম আছে। তেওঁলোকে সমতাৰ সৈতে সমাজত সঠিক স্থান লাভ কৰিছে," তেওঁ লগতে কয়।  

          

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে, "সাগৰ এনে এখন জিলা যাৰ নামত সাগৰ আছে আৰু ই ৪০০ একৰ জোৰা ‘লাখা বনজাৰা হ্ৰদ’ৰ নামেৰেও প্ৰসিদ্ধি লাভ কৰিছে"। তেওঁ অঞ্চলটোৰ সৈতে জড়িত লাখা বনজাৰাৰ বিষয়ে উল্লেখ কৰি কয় যে তেওঁ বহু বছৰ আগতেই পানীৰ গুৰুত্ব বুজি পাইছিল। প্ৰধানমন্ত্ৰীয়ে দুখ প্ৰকাশ কৰি কয় যে বিগত চৰকাৰসমূহে দৰিদ্ৰ লোকসকলক খোৱা পানী যোগানৰ নামত প্ৰহসনহে কৰিছিল আৰু আজি জল জীৱন মিছনৰ জৰিয়তে এই কাম সম্পূৰ্ণ কৰি থকাৰ কথা উল্লেখ কৰে। তেওঁ জানিবলৈ দিয়ে যে পাইপ জৰিয়তে আজি পানী দলিত বসতি, পিছপৰা অঞ্চল আৰু জনজাতীয় অঞ্চলসমূহত উপস্থিত হৈছেগৈ। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে লাখা বনজাৰাৰ পৰম্পৰাক আগুৱাই লৈ প্ৰতিখন জিলাতে ৭৫টাকৈ অমৃত সৰোবৰ নিৰ্মাণ কৰা হৈছে। "এই হ্ৰদসমূহ স্বাধীনতাৰ ভাৱনাৰ প্ৰতীক হৈ উঠিব, যি হৈছে সামাজিক সম্প্ৰীতিৰ কেন্দ্ৰ," শ্ৰী মোদীয়ে কয়।  

 

প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে চৰকাৰে দলিত, বঞ্চিত, পিছপৰা আৰু জনজাতীয় লোকসকলক উপযুক্ত সন্মান প্ৰদান কৰিছে আৰু নতুন সুযোগ প্ৰদান কৰিছে। "এই সমাজৰ লোকসকলতো দুৰ্বল নহয়েই, তেওঁলোকৰ ইতিহাসো নহয়", প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰি কয় যে সমাজৰ এই শ্ৰেণীসমূহৰ পৰা এজনৰ পিছত আনজন মহান ব্যক্তিত্বৰ আবিৰ্ভাৱ হৈছে যিসকলে ৰাষ্ট্ৰ নিৰ্মাণত এক অসাধাৰণ ভূমিকা পালন কৰিছে। সেয়েহে, প্ৰধানমন্ত্ৰীয়ে কয়, দেশখনে গৌৰৱেৰে তেওঁলোকৰ উত্তৰাধিকাৰিত্বক সংৰক্ষণ কৰি আছে। তেওঁ বেনাৰসৰ সন্ত ৰবিদাস জীৰ জন্মস্থানত মন্দিৰৰ সৌন্দৰ্যবৰ্ধন, সন্ত ৰবিদাসৰ নামেৰে ভূপালৰ গোবিন্দপুৰাত নিৰ্মাণ কৰা গোলকীয় দক্ষতা উদ্যান, পঞ্চ-তীৰ্থ হিচাপে বাবা চাহেবৰ জীৱনৰ সৈতে সম্পৰ্কিত গুৰুত্বপূৰ্ণ স্থান বিকশিত কৰা আৰু জনজাতীয় সমাজৰ গৌৰৱময় ইতিহাসক অমৰ কৰি ৰাখিবলৈ বহু ৰাজ্যত সংগ্ৰহালয়ৰ বিকাশৰ উদাহৰণ দাঙি ধৰে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ভগৱান বিৰচা মুণ্ডাৰ জন্ম জয়ন্তী ‘জনজাতীয় গৌৰৱ দিৱস’ হিচাপে উদযাপন কৰাৰ পৰম্পৰা আৰম্ভ কৰা হৈছে। মধ্য প্ৰদেশৰ হাবিবগঞ্জ ৰে’ল ষ্টেশ্যনৰ নাম ‘গণ্ড সম্প্ৰদায়’ৰ ‘ৰাণী কামলাপতি’ৰ নামেৰে ৰখা হৈছে আৰু পাটালপানী ষ্টেশ্যনৰ নাম তান্তিয়া মামাৰ নামেৰে ৰখা হৈছে। ভাষণৰ সামৰণি মাৰি প্ৰধানমন্ত্ৰীয়ে দেশত প্ৰথমবাৰৰ বাবে দলিত, পিছপৰা আৰু জনজাতীয় পৰম্পৰাসমূহক উপযুক্ত সন্মান লাভ কৰাৰ কথাত গুৰুত্ব আৰোপ কৰে। তেওঁ 'সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস'ক সাৰোগত কৰি দেশবাসীক আগবাঢ়ি যাবলৈ আহ্বান জনায় আৰু সন্ত ৰবিদাস জীৰ শিক্ষাই ভাৰতৰ নাগৰিকসকলক ইয়াৰ যাত্ৰাত ঐক্যবদ্ধ কৰি থাকিব বুলি বিশ্বাস ব্যক্ত কৰে।  

 

অনুষ্ঠানত মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰী মংগুভাই পেটেল, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী শ্ৰী প্ৰহ্লাদ সিং পেটেল, সংসদ সদস্য শ্ৰী ভি ডি শৰ্মা আৰু মধ্য প্ৰদেশ চৰকাৰৰ বিষয়ববীয়াসকল উপস্থিত আছিল।     

পটভূমি

বিশিষ্ট সাধু আৰু সমাজ সংস্কাৰকসকলক সন্মান জনোৱাটো প্ৰধানমন্ত্ৰীয়ে কৰা কামৰ এক বিশেষ বিশেষত্ব হৈ আহিছে। তেওঁৰ দৃষ্টিভংগীৰ দ্বাৰা চালিত সন্ত শিৰোমণি গুৰুদেৱ শ্ৰী ৰবিদাস জী স্মাৰক ১১.২৫ একৰতকৈয়ো অধিক এলেকাত আৰু ১০০ কোটিৰো অধিক টকাৰে নিৰ্মাণ কৰা হ'ব। ‘সন্ত শিৰোমণি গুৰুদেৱ’ শ্ৰী ৰবিদাস জীৰ জীৱন, দৰ্শন আৰু শিক্ষা প্ৰদৰ্শন ৰখাৰ বাবে এই সুন্দৰ স্মাৰকটোত এক আকৰ্ষণীয় কলা সংগ্ৰহালয় আৰু বিথিকা থাকিব। স্মাৰক দৰ্শন কৰা ভক্তসকলৰ বাবে ইয়াত ভক্ত নিৱাস, ভোজনলয় আদিৰো সুবিধা থাকিব।

 

‘কোটা-বিনা ৰে'লপথ’ছোৱাৰ দ্বৈতকৰণৰ কাম সম্পূৰ্ণ হোৱাৰ বাবে এই প্ৰকল্পটো দেশবাসীৰ নামত উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰীয়ে। আনুমানিক ২৪৭৫ কোটি টকাৰ অধিক ব্যয়েৰে নিৰ্মাণ কৰা এই প্ৰকল্পটো ৰাজস্থানৰ কোটা আৰু বাৰণ জিলাৰ মাজেৰে পাৰ হৈ গৈছে, আৰু মধ্য প্ৰদেশৰ গুণা, অশোকনগৰ আৰু সাগৰ জিলাৰ মাজেৰে পাৰ হৈ গৈছে। অতিৰিক্ত ৰে'ল লাইনটোৱে উন্নত গতিশীলতাৰ সামৰ্থ্য বৃদ্ধি কৰাৰ লগতে পথটোত ৰে’লৰ গতি উন্নত কৰাত সহায় কৰিব।

প্ৰধানমন্ত্ৰীয়ে ১৫৮০ কোটি টকাৰো অধিক ব্যয়েৰে নিৰ্মাণ হ’ব লগা দুটা পথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ ভিতৰত আছে ‘মৰিকোৰি-বিদিশা-হিনোটিয়া’ক সংযোগ কৰা ‘চাৰি লেন’ৰ পথ প্ৰকল্প আৰু হিনোটিয়াক মেহলুৱাৰ সৈতে সংযোগ কৰা এক পথ প্ৰকল্প।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India records highest-ever startup surge with 55,200 recognised in FY26

Media Coverage

India records highest-ever startup surge with 55,200 recognised in FY26
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Cabinet approves Continuation of Pradhan Mantri Gram Sadak Yojana-III till March 2028
April 18, 2026

The Union Cabinet, chaired by the Prime Minister Shri Narendra Modi, today has given its approval for the continuation of Pradhan Mantri Gram Sadak Yojana-III (PMGSY-III) beyond March 2025 upto March 2028. It involves consolidation of Through Routes and Major Rural Links connecting habitations to Gramin Agricultural Markets (GrAMs), Higher Secondary Schools and Hospitals. The revised outlay of the scheme will be Rs.83,977 crore.

The Cabinet further, amongst other things, approved the following:

  • Extension of timeline till March 2028 for completion of roads and bridges in plain areas and roads in hilly areas.
  • Extension of timeline till March 2029 for completion of bridges in hilly areas.
  • Works sanctioned before 31.03.2025 but un-awarded till now may be taken up for tender/award.
  • Long Span Bridges (LSBs) (161 Nos. with estimated cost of Rs.961 crore) pending for sanction but lying on the alignment of already sanctioned roads may be sanctioned and tendered/awarded.
  • Revision of outlay to Rs. 83,977 crore from original outlay of Rs.80,250 crore.

Benefits:

The extension of the timeline of PMGSY-III will enable the full realization of its intended socio-economic benefits by ensuring completion of targeted upgradation of rural roads. It will significantly boost the rural economy and trade by enhancing market access for agricultural and non-farm products, reducing transportation time and costs, and thereby improving rural incomes. Improved connectivity will facilitate better access to education and healthcare institutions, ensuring timely delivery of essential services, particularly in remote and underserved areas.

The continued implementation will also generate substantial employment opportunities, both directly through construction activities and indirectly by promoting rural enterprises and services. Overall, the extension will contribute to inclusive and sustainable development by bridging the rural-urban divide and advancing the vision of Viksit Bharat 2047.