অযোধ্যা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহে ১১,১০০ কোটিতকৈ অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ দ্বাৰা লাভৱান হ’ব
“২২ জানুৱাৰীৰ বাবে বিশ্ববাসীয়ে আগ্ৰহেৰে অপেক্ষা কৰি আছে, মইও ইয়াৰ বাবে আগ্ৰহী”
“অযোধ্যাৰ পৰা নতুন শক্তি লাভ কৰিছে বিকশিত ভাৰত অভিযানে”
“আজিৰ ভাৰত প্ৰাচীন আৰু আধুনিক দুয়োটাকে সামৰি লৈ আগবাঢ়িছে”
“কেৱল অৱধ অঞ্চলেই নহয়, অযোধ্যাই সমগ্ৰ উত্তৰ প্ৰদেশৰ উন্নয়নত নতুন দিশ দিব”
“মহৰ্ষি বাল্মিকীৰ ৰামায়ণ হৈছে জ্ঞানৰ পথ যিয়ে আমাক শ্ৰীৰামৰ সৈতে সংযোগ কৰে”
“দুখীয়াৰ সেৱাৰ অনুভূতি আধুনিক অমৃত ভাৰত ৰে’লৰ অন্তৰ্নিহিত দিশ”
“২২ জানুৱাৰীত প্ৰতিটো ঘৰত শ্ৰীৰাম জ্যোতিৰ আলোকিত হ’ব”
ইয়াৰ পিছত তেওঁ নতুনকৈ নিৰ্মাণ কৰা অযোধ্যা বিমানবন্দৰটোও উদ্বোধন কৰে। এই বিমানবন্দৰটোৰ নাম দিয়া হৈছে মহৰ্ষি বাল্মিকী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ।
এই প্ৰকল্পসমূহে অযোধ্যাক ৰাষ্ট্ৰীয় মানচিত্ৰত পুনৰ প্ৰতিষ্ঠা কৰিব বুলি তেওঁ গুৰুত্ব আৰোপ কৰে।
স্বয়ং মহৰ্ষি বাল্মিকিয়ে বৰ্ণনা কৰা অযোধ্যাৰ প্ৰাচীন গৌৰৱৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে সেই ভব্যতাক আধুনিকতাৰ সৈতে সংযোগ কৰি পুনৰ ঘূৰাই অনাৰ ইচ্ছাক পুনৰ দোঁহাৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অযোধ্যা ধামত ১৫,৭০০ কোটিতকৈ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ, ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। ইয়াৰ ভিতৰত অযোধ্যা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ উন্নয়নৰ বাবে প্ৰায় ১১,১০০ কোটি টকাৰ প্ৰকল্প আৰু সমগ্ৰ উত্তৰ প্ৰদেশৰ অন্যান্য প্ৰকল্পৰ সৈতে জড়িত প্ৰায় ৪৬০০ কোটি টকাৰ প্ৰকল্প আছে।

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে পুনৰুনিৰ্মিত অযোধ্যা ৰে’লৱে ষ্টেচন উদ্বোধন কৰাৰ লগতে নতুন অমৃত ভাৰত ৰে’ল আৰু বন্দে ভাৰত ৰে’লৰ শুভাৰম্ভ কৰে। তেওঁ আন কেইবাটাও ৰে’ল প্ৰকল্পও ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিছিল। ইয়াৰ পিছত তেওঁ নতুনকৈ নিৰ্মাণ কৰা অযোধ্যা বিমানবন্দৰটোও উদ্বোধন কৰে। এই বিমানবন্দৰটোৰ নাম দিয়া হৈছে মহৰ্ষি বাল্মিকী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ।

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে অযোধ্যা ধামত উপস্থিত হৈ আনন্দ প্ৰকাশ কৰাৰ লগতে তেওঁৰ ৰোডশ্ব’ৰ সময়ত পবিত্ৰ নগৰখনৰ উৎসাহ আৰু উদ্দীপনাৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয়, “বিশ্বই ২২ জানুৱাৰীলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে। মইও আগন্তুক ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোৰ বাবে ভাৰতৰ প্ৰতিটো কণা আৰু ব্যক্তিৰ ভক্ত দৰে আগ্ৰহী হৈ আছো।

 

১৯৪৩ চনৰ আন্দামানত আজিৰ দিনটোতে নেতাজী সুভাষ চন্দ্ৰ বসুৱে ত্ৰিৰংগা উন্মোচন কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ৩০ ডিচেম্বৰ দিনটোৰ তাৎপৰ্য বৰ্ণনা কৰে। বিকশিত ভাৰতৰ অভিযানে অযোধ্যাৰ পৰা নতুন শক্তি লাভ কৰা বুলি উল্লেখ কৰি উন্নয়নমূলক প্ৰকল্পৰ বাবে অযোধ্যাবাসীক অভিনন্দন জনায়। এই প্ৰকল্পসমূহে অযোধ্যাক ৰাষ্ট্ৰীয় মানচিত্ৰত পুনৰ প্ৰতিষ্ঠা কৰিব বুলি তেওঁ গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰীয়ে সজোৰে কয় যে ঐতিহ্যৰ যত্ন লোৱাটো উন্নয়নৰ নতুন মাত্ৰা বৃদ্ধিৰ এক অবিচ্ছেদ্য অংগ। “আজিৰ ভাৰতে প্ৰাচীন আৰু আধুনিক দুয়োটাকে সামৰি লৈ আগবাঢ়িছে” তেওঁ কয়। ৰাম লালাৰ ভব্য মন্দিৰক ৪ কোটি দৰিদ্ৰ নাগৰিকৰ বাবে পকী ঘৰৰ লগতে ডিজিটেল ইণ্ডিয়াত অগ্ৰগতিৰ সৈতে বিশ্বাসৰ স্থানসমূহৰ সংস্কাৰ; ৩০ হাজাৰৰো অধিক পঞ্চায়ত ভৱনৰ সৈতে কাশী বিশ্বনাথ ধাম; ৩১৫খনতকৈও অধিক চিকিৎসা মহাবিদ্যালয়ৰ সৈতে কেদাৰ ধামৰ পুনৰ নিৰ্মাণ; হৰ ঘৰ জলৰ সৈতে মহাকাল মহালোক; বিদেশৰ পৰা ঐতিহ্যমণ্ডিত সামগ্ৰী ঘূৰাই অনাৰ সৈতে মহাকাশ আৰু সাগৰত কৃতিত্ব লাভ কৰা কথাটো বিশদভাৱে উল্লেখ কৰে।

 

আগন্তুক প্ৰাণ প্ৰতিষ্ঠাৰ কথা উল্লেখ কৰি তেওঁ লগতে কয় ‘আজি ইয়াত প্ৰগতিৰ উদযাপন কৰা হৈছে, কিছুদিনৰ পাছত পৰম্পৰাৰ উৎসৱ হ’ব, আজি আমি উন্নয়নৰ ভৱিষ্যৎ দেখিবলৈ পাওঁ, কিছুদিনৰ পাছত আমি ঐতিহ্যৰ ঐশ্বৰিকতা অনুভৱ কৰিম। উন্নয়ন আৰু ঐতিহ্যৰ এই সামূহিক শক্তিয়ে একবিংশ শতিকাত ভাৰতক আগুৱাই লৈ যাব।” স্বয়ং মহৰ্ষি বাল্মিকিয়ে বৰ্ণনা কৰা অযোধ্যাৰ প্ৰাচীন গৌৰৱৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে সেই ভব্যতাক আধুনিকতাৰ সৈতে সংযোগ কৰি পুনৰ ঘূৰাই অনাৰ ইচ্ছাক পুনৰ দোঁহাৰে।

“কেৱল অৱধ অঞ্চলেই নহয়, অযোধ্যাই সমগ্ৰ উত্তৰ প্ৰদেশৰ উন্নয়নত নতুন দিশ দিব”, প্ৰধানমন্ত্ৰী মোদীয়ে কয়। ভব্য মন্দিৰৰ পিছত পবিত্ৰ চহৰখনলৈ অহা তীৰ্থযাত্ৰী আৰু পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ কথা উল্লেখ কৰি তেওঁ কয় যে চাহিদা পূৰণৰ বাবে আন্তঃগাঁথনি সংস্কাৰ কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে অযোধ্যা বিমানবন্দৰৰ নাম মহৰ্ষি বাল্মিকীৰ নামত ৰখাত সুখ প্ৰকাশ কৰে। তেওঁ কয় যে মহৰ্ষি বাল্মিকীৰ ৰামায়ণ হৈছে জ্ঞানৰ পথ যিয়ে আমাক শ্ৰীৰামৰ সৈতে সংযোগ কৰে। আধুনিক ভাৰতৰ মহৰ্ষি বাল্মীকি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে আমাক অযোধ্যা ধাম আৰু ঐশ্বৰিক-মহান-নতুন ৰাম মন্দিৰৰ সৈতে সংযোগ কৰিব। প্ৰথম পৰ্যায়ত বিমানবন্দৰটোৱে বছৰি ১০ লাখ যাত্ৰীক চম্ভালিব পাৰিব আৰু দ্বিতীয় পৰ্যায়ৰ পিছত মহৰ্ষি বাল্মিকী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে বছৰি ৬০ লাখ যাত্ৰীক সেৱা আগবঢ়াব। অযোধ্যা ধাম ৰে’লৱে ষ্টেচনে ১০ হাজাৰ লোকক চম্ভালে এতিয়া পুনৰ নিৰ্মাণ হোৱাৰ পাছত ই ৬০ হাজাৰ লোকক চম্ভালিবলৈ সক্ষম হ’ব বুলি তেওঁ জনায়। একেদৰে তেওঁ কয় ৰাম পথ, ভক্তি পথ, ধৰ্ম পথ আৰু শ্ৰীৰাম জন্মভূমি পথত গাড়ী পাৰ্কিং, নতুন চিকিৎসা মহাবিদ্যালয়, সৰযু নদীৰ প্ৰদূষণ ৰোধ, ৰাম কি পেডীৰ ৰূপান্তৰ, ঘাটসমূহৰ উন্নীতকৰণ, প্ৰাচীন কুণ্ডৰ সংস্কাৰ, লতা মংগেশকাৰ চ'কে অযোধ্যাক নতুন পৰিচয় দি পৱিত্ৰ নগৰত আয় আৰু কৰ্মসংস্থাপনৰ নতুন পথৰ সৃষ্টি কৰিছে।

প্ৰধানমন্ত্ৰীয়ে বন্দে ভাৰত আৰু নমো ভাৰতৰ পাছত নতুন ৰে’ল ছিৰিজ ‘অমৃত ভাৰত’ ৰে’লৰ বিষয়ে অৱগত কৰি প্ৰথমখন অমৃত ভাৰত ৰে’ল অযোধ্যাৰ মাজেৰে যোৱাত আনন্দ প্ৰকাশ কৰে। আজি এই ৰে’লসমূহ পোৱাৰ বাবে তেওঁ উত্তৰপ্ৰদেশ, দিল্লী, বিহাৰ, পশ্চিমবংগ আৰু কৰ্ণাটকৰ লোকসকলক অভিনন্দন জনায়। প্ৰধানমন্ত্ৰীয়ে আধুনিক অমৃত ভাৰত ৰে’লৰ অন্তৰ্নিহিত দৰিদ্ৰসকলৰ সেৱাবোধৰ ওপৰত আলোকপাত কৰে। “যিসকল লোকে নিজৰ কামৰ বাবে প্ৰায়ে বহু দূৰ যাত্ৰা কৰে আৰু যিসকলৰ ইমান আয় নাই, তেওঁলোকেও আধুনিক সুবিধা আৰু আৰামদায়ক ভ্ৰমণৰ অধিকাৰী। এই ৰে’লসমূহ দুখীয়াৰ জীৱনৰ মৰ্যাদাক মনত ৰাখি নিৰ্মাণ কৰা হৈছে”, তেওঁ লগতে কয়। ঐতিহ্যৰ সৈতে উন্নয়নৰ সংযোগ স্থাপনৰ ক্ষেত্ৰত বন্দে ভাৰত ৰে’লসমূহে যি ভূমিকা পালন কৰি আছে সেই বিষয়েও প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে। ‘কাশীৰ পৰা দেশৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল চলিছিল। আজি দেশৰ ৩৪টা পথত বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল চলি আছে। বন্দে ভাৰতে কাশী, কাট্ৰা, উজ্জয়িনী, পুষ্কৰ, তিৰুপতী, শিৰদী, অমৃতসৰ, মাদুৰাই এনে প্ৰতিটো ডাঙৰ বিশ্বাসৰ কেন্দ্ৰকে সংযোগ কৰে। ইয়াৰ লগতে সংগতি ৰাখি আজি অযোধ্যাই বন্দে ভাৰত ৰে’লৰ উপহাৰো পাইছে”, এই মন্তব্য প্ৰধানমন্ত্ৰী মোদীয়ে।

 

দেশৰ সকলো প্ৰান্তৰ ‘যাত্ৰা’ৰ প্ৰাচীন পৰম্পৰাৰ তালিকা প্ৰস্তুত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে অযোধ্যা ধামত সৃষ্টি হোৱা সা-সুবিধাই ধামলৈ ভক্তৰ যাত্ৰাক অধিক আৰামদায়ক কৰি তুলিব।

প্ৰধানমন্ত্ৰীয়ে ১৪০ কোটি ভাৰতীয় সকলোকে শ্ৰীৰাম জ্যোতি জ্বলাবলৈ আহ্বান জনায়। “এই ঐতিহাসিক মুহূৰ্তটো অতি সৌভাগ্যক্ৰমে আমাৰ সকলোৰে জীৱনলৈ আহিছে। আমি দেশৰ বাবে এটা নতুন সংকল্প লৈ নতুন শক্তিৰে ভৰাই তুলিব লাগিব”, প্ৰধানমন্ত্ৰী মোদীয়ে কয়। প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত সকলোৰে উপস্থিতি ইচ্ছাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰীয়ে ২২ জানুৱাৰীৰ কাৰ্যসূচীৰ পিছতহে অযোধ্যা ভ্ৰমণৰ পৰিকল্পনা কৰিবলৈও অনুৰোধ জনায় কাৰণ নিৰাপত্তা আৰু ব্যৱস্থাৰ দৃষ্টিকোণৰ পৰা ই গুৰুত্বপূৰ্ণ। তেওঁ সকলোকে ২৩ জানুৱাৰীৰ পিছত ভ্ৰমণৰ পৰিকল্পনা কৰিবলৈ কয়। “আমি ৫৫০ বছৰ অপেক্ষা কৰিলোঁ আৰু কিছু সময় অপেক্ষা কৰক”, তেওঁ অনুৰোধ কৰে।

ভৱিষ্যতে অগণন দৰ্শনাৰ্থীৰ বাবে অযোধ্যাবাসীক প্ৰস্তুত কৰি প্ৰধানমন্ত্ৰীয়ে স্বচ্ছতাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে অযোধ্যাক দেশৰ আটাইতকৈ পৰিষ্কাৰ চহৰ হিচাপে গঢ়ি তুলিবলৈ কয়।” মহান ৰাম মন্দিৰৰ বাবে ১৪ জানুৱাৰী অৰ্থাৎ মকৰ সংক্ৰান্তিৰ দিনটোৰ পৰা সমগ্ৰ দেশৰ তীৰ্থস্থানসমূহত স্বচ্ছতাৰ এক বিশাল অভিযান আৰম্ভ কৰা উচিত”, ভাৰতৰ নাগৰিকসকলক আহ্বান জনায় প্ৰধান মন্ত্ৰীয়ে।

 

প্রধানমন্ত্রীয়ে উজ্জ্বলা গেছ সংযোগৰ ১০ কোটি হিতাধিকাৰীৰ ঘৰলৈ যোৱাৰ অভিজ্ঞতাও বর্ণনা কৰে৷ তেওঁ সুখ প্ৰকাশ কৰে যে ২০১৬ চনৰ প্ৰথম মে’ৰ পৰা উত্তৰপ্ৰদেশৰ বালিয়া জিলাত আৰম্ভ হোৱা উজ্জ্বলা আঁচনিয়ে ইমান সংখ্যক মহিলাক ধোঁৱাৰ পৰা মুক্ত কৰাত সহায় কৰি তেওঁলোকৰ জীৱনক ৰূপান্তৰিত কৰিছে। ইয়াৰ পূৰ্বৰ ৫০-৫৫ বছৰত মাত্ৰ ১৪ কোটি সংযোগৰ বিপৰীতে বিগত ১০ বছৰত ১০ কোটি বিনামূলীয়া সংযোগকে ধৰি ১৮ কোটি গেছ সংযোগৰ ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে সৰ্বশক্তিৰে জনসাধাৰণৰ সেৱা কৰাৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে। ‘আজিকালি একাংশই মোক সুধিছে যে মোদীৰ নিশ্চয়তাত ইমান শক্তি কিয় আছে। মোদীৰ নিশ্চয়তাৰ ইমান শক্তি আছে কাৰণ মোদীয়ে যি কয় তাকেই কৰে। আজি মোদীৰ নিশ্চয়তাৰ ওপৰত দেশৰ বিশ্বাস আছে কাৰণ মোদীয়ে দিয়া নিশ্চয়তা পূৰণৰ বাবে সকলো চেষ্টা কৰে। এই অযোধ্যা নগৰখনো ইয়াৰ সাক্ষী। আৰু আজি মই আকৌ এবাৰ অযোধ্যাবাসীক আশ্বস্ত কৰি কও যে এই পবিত্ৰ স্থানৰ উন্নয়নত আমি কোনো ত্ৰুটি ৰখা নাৰাখো”,এই মন্তব্যৰে ভাষণ সামৰে।

প্ৰকল্পটোৰ সবিশেষ

অযোধ্যাত নাগৰিককেন্দ্ৰিক আন্তঃগাঁথনিৰ উন্নতি

আগন্তুক শ্ৰীৰাম মন্দিৰৰ সুলভতা বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰীয়ে অযোধ্যাৰ চাৰিটা নতুনকৈ পুনৰ উন্নীত, বহল আৰু সৌন্দৰ্য্যবৰ্ধন কৰা পথ-ৰামপথ, ভক্তিপথ, ধৰ্মপথ আৰু শ্ৰীৰাম জন্মভূমি পথ উদ্বোধন কৰে।

প্ৰধানমন্ত্ৰীয়ে অযোধ্যা আৰু ইয়াৰ আশে-পাশে থকা নাগৰিককেন্দ্ৰিক আন্তঃগাঁথনি শক্তিশালী কৰাৰ লগতে ৰাজহুৱা স্থানসমূহ সৌন্দৰ্য্যবৰ্ধন কৰিব পৰা কেইবাটাও প্ৰকল্প উদ্বোধন কৰি দেশৰ নামত উৎসৰ্গা কৰে। এই উদ্বোধনী প্ৰকল্পসমূহৰ ভিতৰত ৰাজৰ্ষী দশৰথ স্বায়ত্তশাসিত ৰাজ্যিক চিকিৎসা মহাবিদ্যালয়; অযোধ্যা-চুলতানপুৰ পথ-বিমানবন্দৰ সংযোগী ফ’ৰলেন পথ; ২৭নং ৰাষ্ট্ৰীয় ঘাইপথ বাইপাছ মহোবৰা বজাৰ হৈ তেধি বজাৰলৈ ফ’ৰলেন শ্ৰীৰাম জন্মভূমি; চহৰখনৰ কেইবাটাও সৌন্দৰ্যবৰ্ধন পথ আৰু অযোধ্যা বাইপাছ; ৩৩০ক ৰাষ্ট্ৰীয় ঘাইপথৰ জগদীশপুৰ-ফৈজাবাদ অংশ; মহোলী-বৰাগাঁও-দেওধি পথ আৰু জাসৰপুৰ-ভাউপুৰ-গংগাৰমণ-সুৰেশনগৰ পথ বহলীকৰণ আৰু শক্তিশালী কৰা; পঞ্চকোছি পৰিক্ৰমা মাৰ্গৰ বাডি বুয়া ৰে’লৱে ক্ৰছিঙত আৰ অ’ বি; পিখৰৌলী গাঁৱত কঠিন আৱৰ্জনা পৰিশোধন প্লাণ্ট; আৰু ডাঃ ব্ৰজকিশোৰ হোমিঅ’পেথিক কলেজ আৰু চিকিৎসালয়ত নতুন অট্টালিকা আৰু শ্ৰেণীকোঠা নিৰ্মাণ কৰাৰ লগতে আন কেতবোৰ প্ৰকল্প উল্লেখযোগ্য। প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰী নগৰ সৃজন যোজনাৰ কামৰ সৈতে জড়িত কাম আৰু পাঁচটা পাৰ্কিং আৰু বাণিজ্যিক সুবিধাও উদ্বোধন কৰে।

 

অযোধ্যাত নতুন প্ৰকল্পৰ আধাৰশিলা

প্ৰধানমন্ত্ৰীয়ে নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে যিয়ে অযোধ্যাৰ নাগৰিক সুবিধাসমূহৰ নতুন ৰূপত অধিক সহায় কৰাৰ লগতে চহৰখনৰ চহকী সাংস্কৃতিক ঐতিহ্যকো শক্তিশালী কৰিব। ইয়াৰ ভিতৰত অযোধ্যাৰ চাৰিখন ঐতিহাসিক প্ৰৱেশদ্বাৰ সংৰক্ষণ আৰু সৌন্দৰ্য্যবৰ্ধন; গুপ্তাৰ ঘাট আৰু ৰাজঘাটৰ মাজত নতুন পকী ঘাট আৰু পূৰ্বতে নিৰ্মিত ঘাটৰ পুনৰনিৰ্মাণ; নয়া ঘাটৰ পৰা লক্ষ্মণ ঘাটলৈকে পৰ্যটনৰ সুবিধাসমূহৰ উন্নয়ন আৰু সৌন্দৰ্য্যবৰ্ধন; ৰাম কি পেডিত দীপোৎসৱ আৰু অন্যান্য মেলাৰ বাবে দৰ্শনাৰ্থী গেলেৰী নিৰ্মাণ; ৰাম কি পেডিৰ পৰা ৰাজ ঘাট আৰু ৰাজঘাটৰ পৰা ৰাম মন্দিৰলৈ তীৰ্থযাত্ৰী পথ শক্তিশালী আৰু সংস্কাৰ সাধন আদি উল্লেখযোগ্য।

প্ৰধানমন্ত্ৰীয়ে অযোধ্যাত ২,১৮০ কোটিতকৈ অধিক ব্যয়ৰে গঢ়ি তোলা গ্ৰীণফিল্ড টাউনশ্বিপ আৰু প্ৰায় ৩০০ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া বশিষ্ঠ কুঞ্জ আৱাসিক আঁচনিৰ আধাৰশিলা স্থাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে ২৮নং ৰাষ্ট্ৰীয় ঘাইপথ (নতুন ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ) লক্ষ্ণৌ-অযোধ্যা অংশ; ৰাষ্ট্ৰীয় ঘাইপথ-২৮ (নতুন ৰাষ্ট্ৰীয় ঘাইপথ-২৭) বৰ্তমানৰ অযোধ্যা বাইপাছৰ শক্তিশালী আৰু পৰিৱৰ্তন; অযোধ্যাত চিপেট কেন্দ্ৰ স্থাপন আৰু পৌৰ নিগম অযোধ্যা আৰু অযোধ্যা উন্নয়ন প্ৰাধিকৰণৰ কাৰ্যালয়ৰ নিৰ্মাণ কামৰো আধাৰশিলা স্থাপন কৰে।

সমগ্ৰ উত্তৰ প্ৰদেশৰ বাবে স্থাপন কৰা অন্যান্য প্ৰকল্পসমূহ

ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ উত্তৰ প্ৰদেশৰ অন্যান্য উল্লেখযোগ্য প্ৰকল্পসমূহ উদ্বোধন কৰি দেশবাসীৰ নামত উৎসৰ্গা কৰে। ইয়াৰ ভিতৰত গোসাঁই কি বজাৰ বাইপাছ-বাৰানসী (ঘাঘৰা দলং-বাৰানসী) (ৰাষ্ট্ৰীয় ঘাইপথ ২৩৩) ফ’ৰলেন বহলীকৰণ; ৭৩০ নং ৰাষ্ট্ৰীয় ঘাইপথৰ খুটাৰক লখিমপুৰ অংশলৈ শক্তিশালী আৰু উন্নীত কৰা; আমেথি জিলাৰ ত্ৰিশুন্দিত এলপিজি উদ্যোগৰ ক্ষমতা বৃদ্ধি; পাংখাত ৩০ এমএলডি আৰু কানপুৰৰ জাজমৌত ১৩০ এমএলডিৰ নলা পৰিশোধন প্লাণ্ট; উন্নাও জিলাৰ নলা আৰু নলা পৰিশোধনৰ কামৰ বাধা আৰু ডাইভাৰচন; আৰু কানপুৰৰ জাজমৌত টেনাৰী ক্লাষ্টাৰৰ বাবে চিইটিপি আদি উল্লেখযোগ্য।

ৰেলৱে প্ৰকল্প

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুনৰ উন্নীতকৰণকৰা অযোধ্যা ৰে’ল ষ্টেচন উদ্বোধন কৰি নতুন অমৃত ভাৰত ৰে’ল আৰু বন্দে ভাৰত ৰে’লৰ ফ্লেগ অফ কৰে। তেওঁ আন কেইবাটাও ৰে’ল প্ৰকল্প দেশবাসীৰ নামত উৎসৰ্গা কৰে।

 

পুনৰ উন্নীতকৰণ কৰা অযোধ্যা ৰে’লৱে ষ্টেচনৰ প্ৰথম পৰ্যায়-অযোধ্যা ধাম জংচন ৰে’লৱে ষ্টেচন নামেৰে পৰিচিত-২৪০ কোটিৰো অধিক ব্যয়ৰে উন্নীত কৰা হৈছে। তিনিমহলীয়া আধুনিক ৰে’লৱে ষ্টেচন ভৱনটোত লিফ্ট, এস্কেলেটৰ, ফুড প্লাজা, পূজাৰ প্ৰয়োজনীয়তাৰ দোকান, ক্ল’ক ৰুম, চাইল্ড কেয়াৰ ৰুম, প্ৰেক্ষাগৃহ আদি সকলো আধুনিক সুবিধাৰে সজ্জিত। ষ্টেচন ভৱনটো ‘সকলোৰে বাবে সুলভ’ আৰু ‘আইজিবিচি প্ৰমাণিত সেউজ ষ্টেচন ভৱন’ হিচাপে পৰিগণিত হ’ব।

অযোধ্যা ধাম জংচন ৰে’লৱে ষ্টেচনত অনুষ্ঠিত এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে দেশৰ নতুন শ্ৰেণীৰ ছুপাৰফাষ্ট যাত্ৰীবাহী ৰে’ল- অমৃত ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ কৰে। অমৃত ভাৰত ৰে’লখন হৈছে এলএইচবি পুছ পুল ট্ৰেইন য’ত নন এয়াৰ কণ্ডিচনাৰ ডবা আছে। এই ৰে’লখনৰ দুয়ো মূৰত লোকো আছে যাতে উন্নত ত্বৰণ সম্ভৱ হয়। ইয়াত ৰে’ল যাত্ৰীসকলৰ বাবে উন্নত সুবিধা যেনে-সুন্দৰ আৰু আকৰ্ষণীয় ডিজাইনৰ আসন, উন্নত লাগেজ ৰেক, উপযুক্ত মোবাইল হোল্ডাৰৰ সৈতে মোবাইল চাৰ্জিং পইণ্ট, এলইডি লাইট, চিচিটিভি, ৰাজহুৱা তথ্য ব্যৱস্থা আদিৰ ব্যৱস্থা কৰা হৈছে। লগতে প্ৰধানমন্ত্ৰীয়ে ছখন নতুন বন্দে ভাৰত ৰে’লৰ ফ্লেগ অফ কৰে।

প্ৰধানমন্ত্ৰীয়ে অমৃত ভাৰতৰ দুখন নতুন ৰে’ল অৰ্থাৎ দাৰভংগা-অযোধ্যা-আনন্দ বিহাৰ টাৰ্মিনেল অমৃত ভাৰত এক্সপ্ৰেছ আৰু মালদা টাউন-ছাৰ এম বিশ্বেশ্বৰায় টাৰ্মিনাছ (বেংগালুৰু) অমৃত ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ কৰে।

প্ৰধানমন্ত্ৰীয়ে অমৃত ৰে’লৰ উদ্বোধনী যাত্ৰাত ভ্ৰমণ কৰা স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে।

 

লগতে প্ৰধানমন্ত্ৰীয়ে ছখন নতুন বন্দে ভাৰত ৰে’লৰ শুভাৰম্ভ কৰে। ইয়াৰ ভিতৰত শ্ৰীমাতা বৈষ্ণো দেৱী কাট্ৰা-নতুন দিল্লী বন্দে ভাৰত এক্সপ্ৰেছ; অমৃতসৰ-দিল্লী বন্দে ভাৰত এক্সপ্ৰেছ; কইম্বাটুৰ-বেংগালুৰু কেণ্ট বন্দে ভাৰত এক্সপ্ৰেছ; মাংগালুৰু-মাদগাঁও বন্দে ভাৰত এক্সপ্ৰেছ; জালনা-মুম্বাই বন্দে ভাৰত এক্সপ্ৰেছ আৰু অযোধ্যা-আনন্দ বিহাৰ টাৰ্মিনেল বন্দে ভাৰত এক্সপ্ৰেছ উল্লেখযোগ্য।

প্ৰধানমন্ত্ৰীয়ে অঞ্চলটোৰ ৰে’ল আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে ২৩০০ কোটি টকাৰ তিনিটা ৰে’ল প্ৰকল্পও দেশবাসীৰ নামত উৎসৰ্গা কৰে। প্ৰকল্পসমূহৰ ভিতৰত ৰুমা চাকেৰী-চাণ্ডেৰী তৃতীয়টো ৰে’ল লাইন প্ৰকল্প; জৌনপুৰ-তুলসী নগৰ, আকবৰপুৰ-অযোধ্যা, সোহাৱাল-পাত্ৰংগা আৰু চফদৰগঞ্জ-ৰসাউলি খণ্ডৰ জৌনপুৰ-অযোধ্যা-বৰাবাংকি দ্বৈতপথ প্ৰকল্প; আৰু মালহাউৰ-দলিগঞ্জ ৰে’ল বিভাগৰ দুগুণ আৰু বিদ্যুতীকৰণ প্ৰকল্প উল্লেখযোগ্য।

মহৰ্ষি বাল্মীকি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ অযোধ্যা ধাম

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুনকৈ নিৰ্মিত অযোধ্যা বিমানবন্দৰ উদ্বোধন কৰে। এই বিমানবন্দৰটোৰ নাম দিয়া হৈছে মহৰ্ষি বাল্মিকী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ।

অত্যাধুনিক বিমানবন্দৰৰ প্ৰথম পৰ্যায় ১,৪৫০ কোটি টকাতকৈ অধিক ব্যয়ৰে উন্নীত কৰা হৈছে। বিমানবন্দৰৰ টাৰ্মিনেল ভৱনটোৰ আয়তন ৬,৫০০ বৰ্গমিটাৰ হ’ব, যিটো বছৰি প্ৰায় ১০ লাখ যাত্ৰীক সেৱা আগবঢ়াব পৰাকৈ সজ্জিত কৰা হ’ব। টাৰ্মিনেল ভৱনৰ মুখাৱয়বত অযোধ্যাৰ আগন্তুক শ্ৰীৰাম মন্দিৰৰ মন্দিৰ স্থাপত্যৰ চিত্ৰ অংকন কৰা হৈছে। টাৰ্মিনেল ভৱনৰ ভিতৰৰ অংশ ভগৱান শ্ৰীৰামৰ জীৱনক চিত্ৰিত কৰা স্থানীয় শিল্প, পেইন্টিং আৰু মিউৰেলেৰে সজাই তোলা হৈছে। অযোধ্যা বিমানবন্দৰৰ টাৰ্মিনেল ভৱনতো বিভিন্ন বহনক্ষমতাৰ বৈশিষ্ট্য যেনে ইনচুলেটেড ছাদ ব্যৱস্থা, এলইডি লাইটিং, বৰষুণৰ পানী সংগ্ৰহ, ফোৱাৰাৰে লেণ্ডস্কেপিং, পানী পৰিশোধন প্লাণ্ট, নলা পৰিশোধন প্লাণ্ট, সৌৰশক্তি কেন্দ্ৰ আৰু এনে বহু বৈশিষ্ট্য পূৰণৰ ব্যৱস্থা কৰা হৈছে গৃহ-৫ ষ্টাৰ ৰেটিং আদি। এই বিমানবন্দৰটোৱে অঞ্চলটোৰ সংযোগৰ উন্নতি সাধন কৰিব, যাৰ ফলত পৰ্যটন, ব্যৱসায়িক কাৰ্যকলাপ আৰু কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধি পাব।

 

 

 

 

 

 

 

 

 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Tier 2 cities emerge as next frontiers for India's growing GCC ecosystem

Media Coverage

Tier 2 cities emerge as next frontiers for India's growing GCC ecosystem
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
India-Australia Roadmap for Sports Collaboration
July 10, 2026

Sports is a powerful bridge between India and Australia, bringing communities together and opening new pathways for collaboration.

Building on the 2023 MoU on Cooperation in Sports, the India-Australia Roadmap for Sports Collaboration sets out practical, future-focused priorities and opportunities to strengthen this cornerstone of our bilateral relationship.

Recognising the decade of opportunity ahead — including the 2030 Commonwealth Games in Ahmedabad, the Brisbane 2032 Olympic and Paralympic Games, and India’s ambition to host a future Olympic and Paralympic Games — this Roadmap identifies targeted areas of cooperation aligned to shared priorities, capabilities and resources.

Respecting differences in the governance of sport and the development of sport ecosystems in Australia and India, and recognising the leadership role of sporting bodies, businesses, state–level governments, universities and community groups in promoting elite and community sports, we are committed to facilitating engagement and supporting collaborative ways of working between relevant institutions, to encourage stronger sports partnerships at all levels that benefits both countries.

Implementation will be pragmatic and outcomes-focused, with activities prioritised in line with available resources and major event timelines.

Cooperation will be delivered through established partnerships, supported by flexible, demand-led arrangements, whereby responsibility for resourcing activities will be negotiated on a case-by-case basis. This approach ensures practical, sustainable and mutually beneficial outcomes.

In this context, the following have been identified as focus areas for collaboration under this Roadmap:

A. Capacity Building:

o Collaborate for sharing best practice in establishing and operating High-Performance Sports Centres in India in priority sports.

o Identify Para sport as a key priority and opportunity for collaboration, including Australian expertise in Para classification, coaching and performance support, with potential links between Indian and Australian universities where appropriate.

o Drawing on Australia’s coach development models, facilitate two-way exchanges that bring Indian coach and coach educators to Australia and Australian coaches and coach educators to India, using a Train the Trainer approach where appropriate.

o A physical education exchange programme between India and Australia may be introduced to facilitate mutual learning, sharing of best practices, and collaboration in areas such as school sports, sports science, and community participation in physical education.

o Recognising the physical and mental health benefits of yoga and the World Yogasana, the federation for yogasana sports based in India, identify opportunities to share knowledge, foster collaboration and encourage participation in yoga in Australia.

o Work with the Australian Sports Commission to build the capability of select Indian coaches as part of the India Australia High Performance Coach Development program.

o Explore opportunities through relevant non-government stakeholders such as sporting organisations and universities to support talented young Indian sportspersons as part of high-performance programs in Australia through student scholarships funded by Government of India.

B. Collaborative Sports Science and Technology Research:

o Encourage joint research and development projects between universities in India and Australia on athlete performance analytics, injury prevention, sports nutrition, wearable performance technology, recovery techniques and Para sport.

o Encourage partnerships between Indian and Australian universities to co-develop sports curriculums.

o Sport Integrity Australia and National Anti-Doping Agency India contribute to international anti-doping efforts by supporting World Anti-Doping Agency (WADA)-led capacity building programs through engagement with the WADA Asia/Oceania Office, and through representation on the UNESCO International Convention against Doping in Sport (Convention) Groups.

C. Major Sporting Events:

o Collaborate with Australian States and Territories, and National Sporting Organisations to exchange best practices for hosting large events.

o Explore opportunities to host exhibition matches and youth events in both countries to promote sports of mutual interest (such as Kabaddi and Kho Kho in Australia, and Australian Football League and basketball in India).

o Leverage the build-up to major sporting events such as Olympic, Paralympic and Commonwealth Games to establish formal, reciprocal arrangements between Indian and Australian sporting bodies for shared facilities, competitions and support networks during and in the build-up to major sporting events.

o Welcoming the inaugural Big Bash League match to be played in India in Chennai in December 2026, encourage Cricket Australia and the Board of Control for Cricket in India to work towards a commitment to host annual BBL matches in India.

D. Sports Industry and Investment Platform:

o Build on the Australia-funded Sports Industry Summit in Mumbai in December 2026 to promote collaboration between Indian and Australian companies on sports equipment manufacturing, sports media and broadcasting, event management, and sports start-ups.

o Facilitate Australian sports sector businesses in the Indian sports market through information sessions and vice-versa.

o Expand India’s export of high quality, competitively priced sports goods to Australia.

o Expand the export of Australian expertise in high performance sports, including coaching, coach development, strength and conditioning, athlete wellbeing, nutrition and psychology.

E. Women in Sports Partnership:

o Launch joint initiatives promoting women’s leadership, health, high performance and participation in sport, including bilateral tournaments for women athletes, drawing on the Australian Sports Commission’s flagship programs, recognising that sport is a powerful pathway for women’s economic empowerment, leadership, health and social inclusion.