অযোধ্যা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহে ১১,১০০ কোটিতকৈ অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ দ্বাৰা লাভৱান হ’ব
“২২ জানুৱাৰীৰ বাবে বিশ্ববাসীয়ে আগ্ৰহেৰে অপেক্ষা কৰি আছে, মইও ইয়াৰ বাবে আগ্ৰহী”
“অযোধ্যাৰ পৰা নতুন শক্তি লাভ কৰিছে বিকশিত ভাৰত অভিযানে”
“আজিৰ ভাৰত প্ৰাচীন আৰু আধুনিক দুয়োটাকে সামৰি লৈ আগবাঢ়িছে”
“কেৱল অৱধ অঞ্চলেই নহয়, অযোধ্যাই সমগ্ৰ উত্তৰ প্ৰদেশৰ উন্নয়নত নতুন দিশ দিব”
“মহৰ্ষি বাল্মিকীৰ ৰামায়ণ হৈছে জ্ঞানৰ পথ যিয়ে আমাক শ্ৰীৰামৰ সৈতে সংযোগ কৰে”
“দুখীয়াৰ সেৱাৰ অনুভূতি আধুনিক অমৃত ভাৰত ৰে’লৰ অন্তৰ্নিহিত দিশ”
“২২ জানুৱাৰীত প্ৰতিটো ঘৰত শ্ৰীৰাম জ্যোতিৰ আলোকিত হ’ব”
ইয়াৰ পিছত তেওঁ নতুনকৈ নিৰ্মাণ কৰা অযোধ্যা বিমানবন্দৰটোও উদ্বোধন কৰে। এই বিমানবন্দৰটোৰ নাম দিয়া হৈছে মহৰ্ষি বাল্মিকী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ।
এই প্ৰকল্পসমূহে অযোধ্যাক ৰাষ্ট্ৰীয় মানচিত্ৰত পুনৰ প্ৰতিষ্ঠা কৰিব বুলি তেওঁ গুৰুত্ব আৰোপ কৰে।
স্বয়ং মহৰ্ষি বাল্মিকিয়ে বৰ্ণনা কৰা অযোধ্যাৰ প্ৰাচীন গৌৰৱৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে সেই ভব্যতাক আধুনিকতাৰ সৈতে সংযোগ কৰি পুনৰ ঘূৰাই অনাৰ ইচ্ছাক পুনৰ দোঁহাৰে।

অযোধ্যাজীৰ সকলো ৰাইজক মোৰ প্ৰণাম! আজি সমগ্ৰ বিশ্বই আগ্ৰহেৰে অপেক্ষা কৰি আছে ২২ জানুৱাৰীৰ ঐতিহাসিক মুহূৰ্তলৈ। এনে পৰিস্থিতিত অযোধ্যাবাসীৰ মাজত এই উত্তেজনা আৰু উৎসাহ অতি স্বাভাৱিক। মই ভাৰতৰ মাটিৰ প্ৰতিটো কণা আৰু ভাৰতবাসীৰ উপাসক আৰু আপোনালোকৰ দৰেই মইও সমানেই আগ্ৰহী। আমাৰ সকলোৰে এই উৎসাহ আৰু উত্তেজনা অলপ সময়ৰ আগতে অযোধ্যাজীৰ ৰাজপথত সম্পূৰ্ণৰূপে দেখা গৈছিল। এনে লাগিছিল যেন গোটেই অযোধ্যা চহৰখন ৰাজপথলৈ ওলাই আহিল। এই মৰম আৰু আশীৰ্বাদৰ বাবে আপোনালোক সকলোকে মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোৰ লগত কওক - সিয়াৱৰ ৰাম চন্দ্ৰ কী...জয়। সিয়াৱৰ ৰাম চন্দ্ৰ কী...জয়। সিয়াৱৰ ৰাম চন্দ্ৰ কী...জয়।

উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দী বেন পেটেল, ইয়াৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী,

মন্ত্ৰীসভাৰ মোৰ সহযোগী জ্যোতিৰাদিত্য জী, অশ্বিনী বৈষ্ণৱ জী, ভি কে সিং জী, উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য জী, ব্রিজেশ পাঠক জী, ইউপি চৰকাৰৰ অন্যান্য মন্ত্রীগণ, সকলো সাংসদ আৰু বিধায়কগণ, আৰু বিশাল সংখ্যাত অহা মোৰ পৰিয়ালৰ সদস্যসকল!

দেশৰ ইতিহাসত ৩০ ডিচেম্বৰৰ এই তাৰিখটো অত্যন্ত ঐতিহাসিক হৈ পৰিছে। আজিৰ দিনটোতে, ১৯৪৩ চনত নেতাজী সুভাষ চন্দ্ৰ বসুৱে আন্দামানত পতাকা উত্তোলন কৰি ভাৰতৰ স্বাধীনতা ঘোষণা কৰিছিল। স্বাধীনতা আন্দোলনৰ সৈতে জড়িত এনে এক শুভ দিনত আজি আমি স্বাধীনতাৰ অমৃতকালৰ সংকল্পক আগুৱাই লৈ গৈছোঁ। আজি এখন বিকশিত ভাৰত নিৰ্মাণক গতি দিয়াৰ অভিযানে অযোধ্যা চহৰৰ পৰা নতুন শক্তি লাভ কৰিছে। আজি ইয়াত ১৫ হাজাৰ কোটি টকাতকৈও অধিক মূল্যৰ উন্নয়নমূলক কামৰ শিলান্যাস আৰু লোকাৰ্পণ কৰা হৈছে। আন্তঃগাঁথনিৰ সৈতে জড়িত এই কামসমূহে পুনৰবাৰ আধুনিক অযোধ্যাক গৌৰৱেৰে দেশৰ মানচিত্ৰত প্ৰতিষ্ঠা কৰিব। কৰোণাৰ দৰে বিশ্বব্যাপী মহামাৰীৰ মাজত অযোধ্যাবাসীৰ অক্লান্ত কষ্টৰ ফল এই কাম। মই এই প্ৰকল্পসমূহৰ বাবে অযোধ্যাৰ সকলো ৰাইজক অভিনন্দন জনাইছোঁ।

 

মোৰ পৰিয়ালৰ সদস্যসকল,

পৃথিৱীৰ যি দেশেই নহওক, যদি উন্নয়নৰ নতুন উচ্চতাত উপনীত হ’ব লাগে, তেন্তে ইয়াৰ ঐতিহ্যৰ যত্ন ল’বই লাগিব৷ আমাৰ ঐতিহ্যই আমাক অনুপ্ৰাণিত কৰে, সঠিক পথ দেখুৱায়। সেয়ে আজিৰ ভাৰতে পুৰণি আৰু নতুন দুয়োটাকে আত্মসাৎ কৰি আগবাঢ়িছে। এটা সময় আছিল যেতিয়া এই অযোধ্যাতে ৰাম লালা টেণ্টত বিৰাজমান আছিল। আজি পকা ঘৰ কেৱল ৰাম লালাকেই নহয় বৰং পকা ঘৰ দেশৰ চাৰি কোটি দৰিদ্ৰ লোকেও পাইছে। আজি ভাৰতে নিজৰ তীৰ্থস্থানৰো সৌন্দৰ্য্যবৰ্ধন কৰিছে, একেদৰে ডিজিটেল প্ৰযুক্তিৰ জগততো আমাৰ দেশ বিশিষ্ট। আজি কাশী বিশ্বনাথ ধাম পুনৰ নিৰ্মাণৰ সমান্তৰালকৈ ভাৰতে দেশত ৩০ হাজাৰৰো অধিক পঞ্চায়ত ভৱন নিৰ্মাণ কৰি আছে। আজি দেশত কেৱল কেদাৰ ধামকে পুনৰুজ্জীৱিত কৰাই নহয়, ৩১৫খনতকৈও অধিক নতুন চিকিৎসা মহাবিদ্যালয়ো নিৰ্মাণ কৰা হৈছে। আজি দেশত কেৱল মহাকাল মহালোক নির্মাণ হোৱাই নহয়, প্রতিটো ঘৰত পানী যোগান ধৰিবলৈ ২ লাখৰো অধিক পানীৰ টেংকিও নির্মাণ কৰা হৈছে৷ চন্দ্ৰ, সূৰ্য্য আৰু সাগৰৰ গভীৰতা জুখি থকাৰ সময়তে আমি আমাৰ পৌৰাণিক মূৰ্তিবোৰো অভিলেখ সংখ্যক ভাৰতলৈ ঘূৰাই আনিছোঁ। আজিৰ ভাৰতৰ মেজাজ ইয়াত অযোধ্যাত স্পষ্টকৈ দেখা গৈছে। আজি প্ৰগতিৰ উদযাপন, কিছুদিনৰ পাছত পৰম্পৰাৰ উদযাপনো হ'ব। আজি ইয়াত উন্নয়নৰ ভৱিষ্যৎ দেখা গৈছে, আৰু কিছুদিনৰ পাছত ইয়াত ঐতিহ্যৰ ভৱিষ্যৎ আৰু ঐশ্বৰিকতা দৃশ্যমান হ’বলৈ গৈ আছে। এয়া ভাৰত। উন্নয়ন আৰু ঐতিহ্যৰ এই ভাগ-বতৰা শক্তিয়ে একবিংশ শতিকাত ভাৰতক আগস্থানলৈ লৈ যাব।

 

মোৰ পৰিয়ালৰ সদস্যসকল,

প্ৰাচীন কালত অযোধ্যা কেনে আছিল সেই বিষয়ে মহৰ্ষি বাল্মিকীয়ে নিজেই বিতংভাৱে বৰ্ণনা কৰিছে। তেওঁ লিখিছে: कोसलो नाम मुदितः स्फीतो जनपदो महान्। निविष्ट सरयूतीरे प्रभूत-धन-धान्यवान्। অৰ্থাৎ, বাল্মিকীয়ে আমাক কৈছে যে মহান অযোধ্যাপুৰী ধন-সম্পত্তিৰে ভৰা আছিল, সমৃদ্ধিৰ শিখৰত আছিল, আৰু আনন্দৰে ভৰা আছিল। অৰ্থাৎ, অযোধ্যাত বিজ্ঞান আৰু বৈৰাগ্য তো আছিলেই, তাৰ বৈভৱো তুংগত আছিল। অযোধ্যা নগৰীৰ সেই পুৰাতন পৰিচয়ক আমি আধুনিকতাৰ সৈতে সংযুক্ত কৰি ঘূৰাই আনিব লাগিব।

বন্ধুসকল,

অনাগত সময়ত অযোধ্যা নগৰীয়ে কেৱল অৱধ অঞ্চলেই নহয়, বৰং সমগ্ৰ ইউপিৰ বিকাশক এই আমাৰ অযোধ্যাই দিশ দিব। অযোধ্যাত শ্ৰীৰামৰ ভব্য মন্দিৰ নিৰ্মাণৰ পিছত ইয়ালৈ অহা লোকৰ সংখ্যা ব্যাপকভাৱে বৃদ্ধি পাব। এই কথা মনত ৰাখি আমাৰ চৰকাৰে, অযোধ্যাত হাজাৰ হাজাৰ কোটি টকাৰ উন্নয়নমূলক কাম কৰি আছে আৰু অযোধ্যাক স্মাৰ্ট কৰি তুলিছে। আজি অযোধ্যাত পথ বহল কৰা হৈছে, নতুন পদপথ নিৰ্মাণ হৈ আছে ছে। আজি অযোধ্যাত নতুন নতুন উৰণীয়া সেতু আৰু নতুন দলং নিৰ্মাণ হৈ আছে। অযোধ্যাক আশে-পাশে থকা জিলাসমূহৰ সৈতে সংযোগ কৰিবলৈ পৰিবহণ ব্যৱস্থাও উন্নত কৰি থকা হৈছে।

 

বন্ধুসকল,

আজি মই অযোধ্যা ধাম বিমানবন্দৰ আৰু অযোধ্যা ধাম ৰে'ল ষ্টেচন লোকাৰ্পণ কৰাৰ সৌভাগ্য লাভ কৰিছোঁ। মই সুখী যে অযোধ্যা বিমানবন্দৰৰ নাম মহৰ্ষি বাল্মিকীৰ নামেৰে ৰখা হৈছে। মহৰ্ষি বাল্মিকীয়ে আমাক ৰামায়ণৰ জৰিয়তে ভগৱান শ্ৰীৰামৰ ৰচনাৰ সৈতে পৰিচয় কৰাই দিলে। ভগৱান শ্ৰীৰামে মহৰ্ষি বাল্মিকীক কৈছিল - "तुम त्रिकालदर्शी मुनिनाथा, विस्व बदर जिमि तुमरे हाथा।" অৰ্থাৎ, হে মুনীনাথ! তুমি ত্ৰিকালদৰ্শী। গোটেই পৃথিৱীখন তোমাৰ হাতৰ তলুৱাত ৰখা জামুৰ সমান। এনে ত্ৰিকালদৰ্শী মহৰ্ষি বাল্মিকী জীৰ নামেৰে অযোধ্যা ধাম বিমানবন্দৰৰ নাম ৰখাটোৱে এই বিমানবন্দৰলৈ অহা প্ৰতিজন যাত্ৰীক আশীৰ্বাদ দিব। মহৰ্ষি বাল্মিকীৰ দ্বাৰা ৰচিত ৰামায়ণ হৈছে সেই জ্ঞানৰ পথ যিয়ে আমাক ভগৱান শ্ৰীৰামৰ সৈতে সংযোগ কৰে। আধুনিক ভাৰতৰ মহৰ্ষি বাল্মিকী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে আমাক অযোধ্যা ধাম, দিব্য-ভব্য-নব্য ৰাম মন্দিৰৰ সৈতে সংযোগ কৰিব। নিৰ্মাণ হৈ থকা এই নতুন বিমানবন্দৰটোত প্ৰতি বছৰে ১০ লাখ যাত্ৰীক সেৱা আগবঢ়োৱাৰ ক্ষমতা আছে। এই বিমানবন্দৰৰ দ্বিতীয় পর্যায়ৰ কামো সম্পূর্ণ হ’লে প্রতি বছৰে ৬০ লাখ যাত্রীয়ে মহর্ষী বাল্মিকী আন্তর্জাতিক বিমানবন্দৰলৈ যাব পাৰিব৷ বৰ্তমান অযোধ্যা ধাম ৰে'ল ষ্টেচনত প্ৰতিদিনে ১০-১৫ হাজাৰ লোকক সেৱা আগবঢ়োৱাৰ ক্ষমতা আছে। ষ্টেচনটোৰ সম্পূৰ্ণ উন্নয়নৰ পিছত প্ৰতিদিনে ৬০ হাজাৰ লোকে অযোধ্যা ধাম ৰে'লৱে ষ্টেচনলৈ অহা-যোৱা কৰিব পাৰিব।

বন্ধুসকল,

আজি ইয়াত বিমানবন্দৰ আৰু ৰে'ল ষ্টেচনৰ উপৰিও বহু পথৰো লোকাৰ্পণ কৰা হৈছে। ৰামপথ, ভক্তিপথ, ধৰ্মপথ আৰু শ্ৰীৰাম জন্মভূমি পথৰ জৰিয়তে যাতায়ত সহজ হৈ পৰিব। আজি অযোধ্যাত গাড়ী পাৰ্কিং স্থানৰো লোকাৰ্পণ কৰা হৈছে। নতুন চিকিৎসা মহাবিদ্যালয়খনে ইয়াত স্বাস্থ্য সুবিধাসমূহ আৰু অধিক সম্প্ৰসাৰণ কৰিব। সৰযু জীৰ যাতে নিৰ্মলতা অটুট থাকে তাৰ বাবেও ডবল ইঞ্জিন চৰকাৰ সম্পূৰ্ণৰূপে সমৰ্পিত। সৰযুজীত পৰিবলগা দূষিত পানী বন্ধ কৰাৰ কামো আৰম্ভ হৈছে। ৰাম কি পেইড়ীক এটা নতুন ৰূপ দিয়া হৈছে। সৰযুৰ পাৰত নতুন নতুন ঘাটৰ বিকাশ হৈ আছে। ইয়াৰ সকলো প্ৰাচীন পুখুৰীৰো পুনৰুদ্ধাৰ কৰি থকা হৈছে। লতা মংগেশকাৰ চক হওক বা ৰামকথা স্থল হওক, এইবোৰে অযোধ্যাৰ পৰিচয় বৃদ্ধি কৰিছে। অযোধ্যাত নিৰ্মাণ হ’বলগীয়া নতুন টাউনশ্বিপখনে ইয়াৰ জনসাধাৰণৰ জীৱন সহজ কৰি তুলিব। বিকাশৰ এই কামসমূহে অযোধ্যাত নতুন কৰ্মসংস্থাপন আৰু স্বনিয়োজনৰ সুযোগো সৃষ্টি কৰিব। ইয়াৰ ফলত ইয়াৰ টেক্সি চালক, ৰিক্সা চালক, হোটেলৰ মালিক, ধাবাৰ গৰাকী, প্ৰসাদ বিক্ৰেতা, ফুল বিক্ৰেতা, পূজা সামগ্ৰী বিক্ৰেতা, আমাৰ সৰু সৰু দোকানী ভাই, সকলোৰে আয় বৃদ্ধি পাব।

 

মোৰ পৰিয়ালৰ সদস্যসকল,

আজি ইয়াত আধুনিক ৰে'লপথ নিৰ্মাণৰ দিশত আৰু এটা ডাঙৰ পদক্ষেপ দেশে গ্ৰহণ কৰিছে। বন্দে ভাৰত আৰু নমো ভাৰতৰ পিছত আজি দেশে আৰু এখন আধুনিক ৰে'ল লাভ কৰিছে। এই নতুন ৰে'ল শৃংখলাৰ নাম দিয়া হৈছে অমৃত ভাৰত ৰে'ল। বন্দে ভাৰত, নমো ভাৰত আৰু অমৃত ভাৰত ৰে'লৰ এই ত্ৰিশক্তিয়ে ভাৰতীয় ৰে'লৱেৰ কায়াকল্প কৰিবলৈ গৈ আছে। ইয়াতকৈ আৰু আনন্দৰ কথা কি হ’ব পাৰে যে এইখন প্ৰথম অমৃত ভাৰত ৰে'ল অযোধ্যাৰ মাজেৰে পাৰ হৈ যাব। দিল্লী-দৰভংগা অমৃত ভাৰত এক্সপ্ৰেছ ৰে’লে দিল্লী-ইউপি-বিহাৰৰ ৰাইজৰ ভ্ৰমণ আধুনিকীকৰণ কৰিব। ইয়াৰ দ্বাৰা বিহাৰৰ ৰাইজে ভৱিষ্যৎ ৰাম মন্দিৰত বাস কৰিবলৈ যোৱা ৰামলালাৰ দৰ্শন লাভ কৰাত সহজ হৈ পৰিব। এই আধুনিক অমৃত ভাৰত এক্সপ্ৰেছ ৰে’লসমূহে বিশেষকৈ আমাৰ দুখীয়া পৰিয়াল, শ্ৰমিক সহকৰ্মীসকলৰ বাবে যথেষ্ট সহায় কৰিব। গোস্বামী তুলসীদাস জীয়ে শ্ৰীৰাম চৰিত মানসত কৈছে – पर हित सरिस धरम नहीं भाई। पर पीड़ा सम नहिं अधमाई। অৰ্থাৎ, আনৰ সেৱা কৰাতকৈ আন কোনো ডাঙৰ ধৰ্ম, আৰু আন কোনো কৰ্তব্য নাই। দুখীয়াৰ সেৱাৰ এই মনোভাৱেৰেই আধুনিক অমৃত ভাৰত ৰে’ল আৰম্ভ কৰা হৈছে। যিসকল লোকে নিজৰ কামৰ বাবে প্ৰায়ে বহু দূৰ যাত্ৰা কৰে, আৰু যিসকলৰ ইমান উপাৰ্জন নাই, তেওঁলোকো আধুনিক সা-সুবিধা আৰু আৰামদায়ক ভ্ৰমণৰ অধিকাৰী। দুখীয়াৰ জীৱনৰো মৰ্যাদা আছে, এই উদ্দেশ্যৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই ৰে'লগাড়ীবোৰৰ ডিজাইন কৰা হৈছে। আজিয়েই পশ্চিমবংগ আৰু কৰ্ণাটকৰ বন্ধুসকলেও তেওঁলোকৰ ৰাজ্যৰ প্ৰথমখন অমৃত ভাৰত এক্সপ্ৰেছ ৰে'ল পালে। মই এই ৰাজ্যসমূহকো অমৃত ভাৰত ৰে'লৰ বাবে অভিনন্দন জনাম।

 

মোৰ পৰিয়ালৰ সদস্যসকল,

বিকাশ আৰু ঐতিহ্যক সংযোগ কৰাৰ ক্ষেত্ৰত বন্দে ভাৰত এক্সপ্ৰেছে বহুত ডাঙৰ ভূমিকা পালন কৰিছে। দেশৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল কাশী অভিমুখে চলিছিল। আজি দেশৰ ৩৪টা পথত বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল চলি আছে। বন্দে ভাৰতে কাশী, বৈষ্ণো দেৱীৰ বাবে কাতৰা, উজ্জয়িনী, পুষ্কৰ, তিৰুপতি, শিৰদী, অমৃতসৰ, মাদুৰাই, প্ৰত্যেকটো এনে ডাঙৰ বিশ্বাসৰ কেন্দ্ৰক সংযোগ কৰি আছে। এই প্ৰক্ৰিয়াতে আজি অযোধ্যাইও লাভ কৰিছে বন্দে ভাৰত ৰে'লৰ উপহাৰ। আজি অযোধ্যা ধাম জংচন - আনন্দ বিহাৰ বন্দে ভাৰত আৰম্ভ কৰা হৈছে। ইয়াৰ উপৰিও, আজি কাট্ৰাৰ পৰা দিল্লী, অমৃতসৰৰ পৰা দিল্লী, কইম্বাটুৰ-বাংগালুৰু, মঙলদৈ-মদগাঁও, জালনা-মুম্বাই এই চহৰসমূহৰ মাজতো বন্দে ভাৰতৰ নতুন সেৱা আৰম্ভ হৈছে। বন্দে ভাৰতত গতিও আছে, বন্দে ভাৰতত আধুনিকতাও আছে আৰু বন্দে ভাৰতত আত্মনিৰ্ভৰ ভাৰতৰ গৌৰৱো আছে। অতি কম সময়ৰ ভিতৰতে বন্দে ভাৰতেৰে ১.৫ কোটিৰো অধিক যাত্ৰীয়ে যাত্ৰা কৰিছে। বিশেষকৈ, নৱপ্ৰজন্মই এই ৰে'লখন বৰ ভাল পাইছে।

বন্ধুসকল,

আমাৰ দেশত অতীজৰে পৰা তীৰ্থযাত্ৰাৰ নিজস্ব গুৰুত্ব আৰু গৌৰৱময় ইতিহাস আছে। বদ্ৰী বিশালৰ পৰা সেতুবন্ধ ৰামেশ্বৰমলৈ যাত্ৰা, গংগোত্ৰীৰ পৰা গংগাসাগৰলৈ যাত্ৰা, দ্বাৰকাধিশৰ পৰা জগন্নাথপুৰীলৈ যাত্ৰা, দ্বাদশ জ্যোতিৰ্লিংগৰ যাত্ৰা, চাৰ ধামৰ যাত্ৰা, কৈলাশ মানসসৰোৱৰ যাত্ৰা, কাঁৱৰ যাত্ৰা, শক্তিপীঠৰ যাত্ৰা, পন্ধৰপুৰ যাত্ৰা, আজিও ভাৰতৰ চুকে-কোণে কিবা নহয় কিবা যাত্ৰাৰ আয়োজন কৰা হয়, মানুহে বিশ্বাসেৰে সংযুক্ত হৈ থাকে। তামিলনাডুতো বহুতো যাত্ৰা বিখ্যাত। শিৱস্থল পদ যতীৰাই হওক, মুৰুগ্নুক্কু কাৱদী যতীৰাই হওক, বৈষ্ণৱ তিৰুপা-পদি যতীৰাই হওক, আম্মান তিৰুত্তল যতীৰাই হওক, কেৰেলাৰ সবৰীমালা যাত্ৰা হওক, অন্ধ্ৰ-তেলেংগানাৰ মেদাৰামত সম্মক্কা আৰু সৰক্কালৈ যাত্ৰা হওক, নগোবা যাত্ৰা হওক, এইবোৰত লাখ লাখ ভক্তৰ সমাগম হয়। ইয়াত অতি কম সংখ্যক লোকেহে গম পাব যে কেৰালাত ভগৱান ৰাম আৰু তেওঁৰ ভাতৃ ভৰত, লক্ষ্মণ আৰু শত্ৰুঘনৰ বাসস্থানলৈও তীৰ্থযাত্ৰা হয়। এই যাত্ৰাক নলম্বলাম যাত্ৰা বুলি জনা যায়। ইয়াৰ উপৰিও, দেশত বহু পৰিক্ৰমাও অব্যাহত আছে। গোবৰ্ধন পৰিক্ৰমা, পঞ্চকোষী পৰিক্ৰমা, চৌৰশিকোষী পৰিক্ৰমা, এনে যাত্ৰা আৰু পৰিক্ৰমাৰে প্ৰতিজন ভক্তৰ ভগৱানৰ সৈতে সম্পৰ্ক সুদৃঢ় হয়। বৌদ্ধ ধৰ্মত ভগৱান বুদ্ধৰ লগত জড়িত স্থান, গয়া, লুম্বিনী, কপিলবস্তু, সাৰ্নাথ, কুশীনগৰ ভ্ৰমণ আছে। বৌদ্ধ অনুগামীৰ পৰিক্ৰমা ৰাজগীৰ বিহাৰত সংঘটিত হয়। জৈন ধৰ্মত পৱগড়, সমমেদ শিখাৰ্জী, পলিতানা, কৈলাশ যাত্ৰা হওক, শিখসকলৰ বাবে পঞ্চ তখ্ত যাত্ৰা আৰু গুৰু ধাম যাত্ৰা হওক, অৰুণাচল প্ৰদেশৰ উত্তৰ-পূৰ্বাঞ্চলত পৰশুৰাম কুণ্ডৰ বিশাল যাত্ৰা হওক, ইয়াত ভাগ ল'বলৈ ভক্তসকলে পূৰ্ণ বিশ্বাসেৰে একত্ৰিত হয়। দেশজুৰি যুগ যুগ ধৰি হৈ থকা এই যাত্ৰাসমূহৰ বাবে এনেয়েও উপযুক্ত ব্যৱস্থা কৰা হয়। এতিয়া অযোধ্যাত হৈ থকা এই নিৰ্মাণ কাৰ্য্যই ইয়ালৈ অহা প্ৰতিজন ৰামভক্তৰ বাবে অযোধ্যা ধাম যাত্ৰা আৰু ভগৱানৰ দৰ্শন সহজ কৰি তুলিব।

 

বন্ধুসকল,

এই ঐতিহাসিক মুহূৰ্তটো, অতি সৌভাগ্যক্ৰমে, আমাৰ সকলোৰে জীৱনলৈ আহিছে। আমি দেশৰ বাবে নতুন সংকল্প ল’ব লাগিব, নিজক নতুন শক্তিৰে ভৰাই ল’ব লাগিব৷ ইয়াৰ বাবে ২২ জানুৱাৰীত আপোনালোক সকলোৱে নিজৰ ঘৰে ঘৰে, মই সমগ্ৰ দেশৰ ১৪০ কোটি দেশবাসীক অযোধ্যাৰ এই পৱিত্ৰ ভূমিৰ পৰা প্ৰাৰ্থনা কৰিছোঁ, অযোধ্যাৰ ভগৱান ৰামৰ নগৰীৰ পৰা প্ৰাৰ্থনা কৰিছোঁ, মই ১৪০ কোটি দেশবাসীক হাতযোৰ কৰি প্ৰাৰ্থনা কৰিছোঁ যে আপোনালোকে ২২ জানুৱাৰীত যেতিয়া অযোধ্যাত ভগৱান ৰাম বিৰাজমান হ'ব, তেতিয়া আপোনালোকে নিজৰ ঘৰতো শ্ৰীৰাম জ্যোতি জ্বলাই দীপাৱলী উদযাপন কৰক। ২২ জানুৱাৰীৰ সন্ধিয়া সমগ্ৰ ভাৰতবৰ্ষত জিলিকি থকা উচিত। কিন্তু একে সময়তে, মোৰ সকলো দেশবাসীৰ বাবে আৰু এটা কৰযোৰ প্ৰাৰ্থনা, ২২ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানটোৰ সাক্ষী হ’বলৈ সকলোৱে নিজে অযোধ্যালৈ আহিব বিচাৰে, কিন্তু আপোনালোকেও এইটো জানে যে সকলোৰে অহাটো সম্ভৱ নহয়। সকলোৰে বাবে অযোধ্যা পোৱাটো অতি কঠিন আৰু সমগ্ৰ দেশৰ সকলো ৰামভক্তক, দেশৰ ৰামভক্তসকলক, বিশেষকৈ উত্তৰ প্ৰদেশৰ ৰামভক্তসকললৈ মোৰ হাতযোৰ কৰি প্ৰাৰ্থনা। মোৰ অনুৰোধ যে ২২ জানুৱাৰীত এবাৰ বিধিপূৰ্বক কাৰ্যসূচী সম্পন্ন হোৱাৰ পিছত, ২৩ তাৰিখৰ পিছত, নিজৰ সুবিধা অনুসৰি তেওঁলোক অযোধ্যালৈ আহক। অযোধ্যালৈ অহাৰ মন ২২ তাৰিখে নকৰক। ভগৱান ৰামজীয়ে কষ্ট পোৱা কাম আমি ভক্তই কেতিয়াও কৰিব নোৱাৰোঁ। ভগৱান ৰাম জী আহি আছে, গতিকে আমিও কেইদিনমান অপেক্ষা কৰোঁ, ৫৫০ বছৰ অপেক্ষা কৰিলোঁ, আৰু কেইদিনমান অপেক্ষা কৰোঁ। আৰু সেইবাবে নিৰাপত্তাৰ দৃষ্টিকোণৰ পৰা, ব্যৱস্থাৰ দৃষ্টিকোণৰ পৰা আপোনালোক সকলোকে বাৰে বাৰে অনুৰোধ কৰিছোঁ যে অনুগ্ৰহ কৰি, কাৰণ এতিয়া অযোধ্যাৰ নব্য, ভব্য, দিব্য মন্দিৰ অনাগত যুগ যুগ ধৰি দৰ্শনৰ বাবে উপলব্ধ। আপোনালোক জানুৱাৰী মাহত আহক, ফেব্ৰুৱাৰী মাহত আহক, মাৰ্চ মাহত আহক, এবছৰৰ পিছত আহক, দুবছৰৰ পিছত আহক, মন্দিৰ আছেই। আৰু সেইবাবেই ২২ জানুৱাৰীত ইয়াত উপস্থিত হ’বলৈ আপোনালোকে ভিৰ পৰিহাৰ কৰিব লাগে যাতে ইয়াৰ ব্যৱস্থা, মন্দিৰৰ প্ৰশাসক, মন্দিৰৰ যি ট্ৰাষ্ট, তেওঁলোকে আমাৰ বাবে ইমান পৱিত্ৰ কাম কৰিছে, তেওঁলোকে ইমান কষ্ট কৰি কৰিছে, যোৱা ৩-৪ বছৰ ধৰি দিনে ৰাতিয়ে কাম কৰিছে, তেওঁলোকে যাতে আমাৰ ফালৰ পৰা কোনো সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয়, আৰু সেয়েহে মই আপোনালোকক বাৰে বাৰে অনুৰোধ কৰিছোঁ যে ২২ তাৰিখে ইয়াত উপস্থিত হ'বলৈ চেষ্টা নকৰিব। মাত্ৰ কেইজনমান মানুহক নিমন্ত্ৰণ কৰা হৈছে, তেওঁলোকেই আহিব আৰু ২৩ তাৰিখৰ পিছত সকলো দেশবাসীৰ বাবে অহাটো অতি সহজ হৈ পৰিব।

 

বন্ধুসকল,

আজি মোৰ অযোধ্যাৰ ভাই-ভনীসকলৰ প্ৰতি এটা অনুৰোধ আছে। আপোনালোকে দেশৰ লগতে বিশ্বৰ অগণন অতিথিৰ বাবে প্ৰস্তুত হ'ব লাগিব। এতিয়া দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ প্ৰতিদিনে অযোধ্যালৈ আহি থাকিব, লাখে লাখে মানুহ আহিব। তেওঁলোকৰ নিজৰ নিজৰ সুবিধা অনুযায়ী আহিব, কোনোবা এবছৰত আহিব, কোনোবা দুবছৰত আহিব, কোনোবা দহ বছৰত আহিব, কিন্তু লাখ লাখ মানুহ আহিব। আৰু এই ক্ৰম অনন্তকাললৈ চলি থাকিব, অনন্তকাললৈকে চলি থাকিব। সেই বাবেই অযোধ্যাৰ ৰাইজ, আপোনালোকেও এক সংকল্প লব লাগিব। আৰু এই সংকল্প হৈছে- অযোধ্যা চহৰক ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ চহৰ হিচাপে গঢ়ি তোলা। এই নিকা অযোধ্যাৰ দায়িত্ব অযোধ্যাবাসীৰ। আৰু ইয়াৰ বাবে আমি প্ৰতিটো খোজ একেলগে ল’ব লাগিব। মই আজি দেশৰ সকলো তীৰ্থস্থান আৰু মন্দিৰলৈ মোৰ আকৌ অনুৰোধ কৰিম। সমগ্ৰ দেশৰ জনসাধাৰণৰ প্ৰতি মোৰ অনুৰোধ। ভব্য ৰাম মন্দিৰ নিৰ্মাণৰ স্বাৰ্থত এসপ্তাহ আগতে ১৪ জানুৱাৰী, মকৰ সংক্ৰান্তিৰ দিনৰে পৰা সমগ্ৰ দেশৰ সকলো সৰু-সৰু তীৰ্থস্থানত স্বচ্ছতাৰ এক বিশাল অভিযান চলাব লাগে। প্ৰতিটো মন্দিৰ, হিন্দুস্তানৰ চুকে-কোণ আমি তাৰ স্বচ্ছতাৰ অভিযান মকৰ সক্ৰান্তি ১৪ জানুৱাৰীৰ পৰা ২২ জানুৱাৰীলৈ আমি চলাব লাগে। ভগৱান ৰাম সমগ্ৰ দেশৰ আৰু যেতিয়া ভগৱান ৰাম জী আহিব তেতিয়া আমাৰ এটাও মন্দিৰ, আমাৰ এটাও তীৰ্থস্থান আৰু ইয়াৰ চৌহদৰ অঞ্চল অপৰিষ্কাৰ হ’ব নালাগে, লেতেৰা হ’ব নালাগে।

 

বন্ধুসকল,

এতিয়াৰ পৰা কিছু সময়ৰ আগতে মই অযোধ্যা চহৰতে আন এক সৌভাগ্য লাভ কৰিলোঁ। আজি মই এই কথা ক'বলৈ পাই সুখী যে উজ্জ্বলা গেছ কানেকচনৰ ১০ কোটিতম হিতাধিকাৰী ভগ্নীৰ ঘৰত গৈ চাহ খোৱাৰ সুযোগ পালোঁ। ২০১৬ চনৰ ১ মে’ত আমি যেতিয়া ইউপিৰ বলিয়াৰ পৰা উজ্জ্বলা যোজনা আৰম্ভ কৰিছিলোঁ, তেতিয়া এই আঁচনিখনে যে সফলতাৰ ইমান উচ্চতাত উপনীত হ’ব, সেই কথা কোনেও কল্পনা কৰিব পৰা নাছিল। এই আঁচনিখনে কোটি কোটি পৰিয়াল, কোটি কোটি মাতৃ-ভগ্নীৰ জীৱন চিৰদিনৰ বাবে সলনি কৰি পেলাইছে, তেওঁলোকক খৰিৰ ধোঁৱাৰ পৰা মুক্তি দিছে।

 

বন্ধুসকল,

আমাৰ দেশত গেছ সংযোগ প্ৰদানৰ কাম ৬০-৭০ বছৰ আগতে আৰম্ভ হৈছিল। অৰ্থাৎ ৬-৭ দশকৰ আগত। কিন্তু ২০১৪ চনলৈকে পৰিস্থিতি এনেকুৱা আছিল যে ৫০-৫৫ বছৰত মাত্ৰ ১৪ কোটি গেছ সংযোগহে দিয়া হৈছিল। অৰ্থাৎ, পাঁচ দশকত ১৪ কোটি। আনহাতে, আমাৰ চৰকাৰে এটা দশকত ১৮ কোটি নতুন গেছ সংযোগ দিছে। আৰু এই ১৮ কোটিৰ ভিতৰত ১০ কোটি গেছ সংযোগ বিনামূলীয়াকৈ দিয়া হৈছে...উজ্জ্বলা আঁচনিৰ অধীনত। যেতিয়া দুখীয়াৰ সেৱা কৰাৰ অনুভৱ হয়, যেতিয়া উদ্দেশ্য ভাল হয়, তেতিয়া কামটো এনে ধৰণেৰে কৰা হয় আৰু এনে ধৰণেৰে ফলাফল পোৱা যায়। আজিকালি কিছুমানে মোক সোধে যে মোদীৰ গ্যাৰাণ্টীত ইমান শক্তি কিয় আছে। মোদীৰ গ্যাৰাণ্টীত ইমান শক্তি আছে কাৰণ মোদীয়ে যি কয় তাক কৰিবলৈ জীৱনটো সঁপি দিয়ে। আজি দেশৰ বিশ্বাস মোদীৰ গ্যাৰাণ্টীৰ ওপৰত...কাৰণ, মোদীয়ে যি গ্যাৰাণ্টী দিয়ে তাক পূৰণ কৰিবলৈ দিন ৰাতি একাকাৰ কৰি দিয়ে। এই অযোধ্যা নগৰখনো ইয়াৰ সাক্ষী। আৰু আজি মই আকৌ এবাৰ অযোধ্যাবাসীক আশ্বাস দিম যে আমি এই পৱিত্ৰ ধামৰ উন্নয়নত চেষ্টাৰ কোনো ত্ৰুটি নাৰাখোঁ। শ্ৰীৰামে আমাৰ সকলোকে আশীৰ্বাদ কৰক, এই কামনাৰে মোৰ ভাষণৰ সামৰণি মাৰিছোঁ। ভগৱান শ্ৰীৰামৰ চৰণত প্ৰণাম কৰিছোঁ। আৰু আপোনালোক সকলোকে উন্নয়নমূলক কামৰ বাবে অভিনন্দন জনাইছোঁ। মোৰ লগত কওক -

 

জয় সিয়াৰাম!

জয় সিয়াৰাম!

জয় সিয়াৰাম!

ভাৰত মাত কী জয়!

ভাৰত মাত কী জয়!

ভাৰত মাত কী জয়!

বহুত বহুত ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India-New Zealand elevate ties to strategic partnership; Scripts 2030 roadmap, $20bn investment & Indo-Pacific security

Media Coverage

India-New Zealand elevate ties to strategic partnership; Scripts 2030 roadmap, $20bn investment & Indo-Pacific security
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the passing of Father Amir of State of Qatar HH Sheikh Hamad bin Khalifa Al Thani
July 12, 2026

The Prime Minister, Shri Narendra Modi, has expressed deep grief over the passing of the Father Amir of the State of Qatar, HH Sheikh Hamad bin Khalifa Al Thani.

The Prime Minister described him as a visionary leader who led Qatar to great levels of development and prosperity. Shri Modi also remembered him as a true friend whom he had the honour of meeting during his visit to Qatar in February 2024.

The Prime Minister conveyed his sincere condolences to the Amir of Qatar, HH Sheikh Tamim bin Hamad Al Thani, the entire royal family and the people of Qatar.

The Prime Minister wrote on X;

“We deeply mourn the passing of Father Amir of State of Qatar, HH Sheikh Hamad bin Khalifa Al Thani. A visionary leader who led Qatar to great levels of development and prosperity, we remember him also as a true friend whom I had the honour of meeting during my last visit to Qatar in February 2024. I convey my sincere condolences to the Amir of Qatar, HH Sheikh Tamim bin Hamad Al Thani and the entire royal family and people of Qatar. May the departed soul rest in eternal peace.

@TamimBinHamad”