ভি.ও. চিদাম্বৰানাৰ বন্দৰত আউটাৰ হাৰ্বাৰ কণ্টেইনাৰ টাৰ্মিনেলৰ আধাৰশিলা স্থাপন কৰে
১০ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৭৫ টা লাইটহাউচত পৰ্যটন সুবিধা উৎসৰ্গা কৰে
ভাৰতৰ প্ৰথম থলুৱা সেউজীয়া হাইড্ৰজেন ইন্ধন কোষ আভ্যন্তৰীণ জলপথ জাহাজ মুকলি কৰে
বিভিন্ন ৰেল আৰু পথ প্ৰকল্প উৎসৰ্গা কৰে
"তামিলনাডুয়ে থুথুকুডিত প্ৰগতিৰ এক নতুন অধ্যায় লিখিছে"
"আজি দেশখনে 'চৰকাৰ সমগ্ৰ ' দৃষ্টিভংগীৰে কাম কৰি আছে"
"যোগাযোগ উন্নত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাই জীৱনধাৰণৰ সূচলতা বৃদ্ধি কৰিছে" "সামুদ্ৰিক খণ্ডৰ বিকাশৰ অৰ্থ হৈছে তামিলনাডুৰ দৰে এখন ৰাজ্যৰ বিকাশ"
"একেলগে 75 টা স্থানত উন্নয়ন, এয়া হৈছে নতুন ভাৰত"
প্ৰধানমন্ত্ৰীয়ে তামিলনাডুত প্ৰায় ৪,৫৮৬ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মিত চাৰিটা পথ প্ৰকল্প দেশৰ নামত উৎসৰ্গা কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ থুথুকুডিত ১৭,৩০০ কোটি টকাৰ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু দেশৰ নামত উৎসৰ্গা কৰে। প্ৰধানমন্ত্ৰীয়ে ভি.ও. চিদাম্বৰনাৰ বন্দৰত আউটাৰ হাৰ্বাৰ কণ্টেইনাৰ টাৰ্মিনেলৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে হৰিত নৌকা পদক্ষেপৰ অধীনত ভাৰতৰ প্ৰথমখন থলুৱা সেউজীয়া হাইড্ৰজেন ইন্ধন কোষ আভ্যন্তৰীণ জলপথ জাহাজৰো শুভাৰম্ভ কৰে। তেওঁ ১০ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৭৫ টা লাইট হাউচত পৰ্যটন সুবিধা উৎসৰ্গা কৰে। তেওঁ ভাঞ্চি মানিয়াচ্চি- তিৰুনেলভেলি অংশ আৰু মেলাপ্পালয়ম-আৰালভাইমোলি অংশকে ধৰি ভাঞ্চি মানিয়াচ্চি-নাগৰকইল ৰে'ল লাইন দ্বৈতকৰণৰ বাবে ৰেল প্ৰকল্প দেশৰ নামত উচৰ্গা কৰে। প্ৰধানমন্ত্ৰীয়ে তামিলনাডুত প্ৰায় ৪,৫৮৬ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মিত চাৰিটা পথ প্ৰকল্প দেশৰ নামত উৎসৰ্গা কৰে।

 

সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিকশিত ভাৰতৰ পৰিকল্পনাৰ অংশ হিচাপে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন তথা কিছুসংখ্যক প্ৰকল্প মুকলিৰ লগে লগে তামিলনাডুৰ থুথুকুডিত প্ৰগতিৰ এক নতুন অধ্যায় ৰচিত হৈছে। তেওঁ কয় যে আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহত এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ভাৱনা প্ৰত্যক্ষ কৰিব পাৰি। যদিও প্ৰকল্পসমূহ থুথুকুডিত এইসমূহে সমগ্ৰ ভাৰতৰ একাধিক স্থানত উন্নয়নত গতি প্ৰদান কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে বিকশিত ভাৰতৰ যাত্ৰাত তামিলনাডুৰ ভূমিকাৰ বিষয়ে দোহাৰে। তেওঁ ২ বছৰ আগতে তেওঁৰ ভ্ৰমণৰ কথা সোঁৱৰে যত তেওঁ চিদাম্বৰনাৰ বন্দৰ ক্ষমতা সম্প্ৰসাৰণৰ বাবে বহুতো প্ৰকল্পৰ শুভাৰম্ভ কৰিছিল আৰু ইয়াক জাহাজ চলাচলৰ এক মুখ্য কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে "সেই গেৰাণ্টি আজি পূৰণ কৰা হৈছে"। ভি.ও. চিদাম্বৰনাৰ বন্দৰত আউটাৰ হাৰ্বাৰ কণ্টেইনাৰ টাৰ্মিনেলৰ আধাৰশিলাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই প্ৰকল্পটোত ৭,০০০ কোটি টকাৰ বিনিয়োগ হ'ব। আজি ৯০০ কোটি টকাৰ প্ৰকল্প উৎসৰ্গা কৰা হৈছে আৰু ১৩ টা বন্দৰত ২৫০০ কোটি টকাৰ প্ৰকল্প আৰম্ভ কৰা হৈছে। এই প্ৰকল্পসমূহে তামিলনাডুক লাভান্বিত কৰিব আৰু ৰাজ্যখনত নিযুক্তিৰ পথ সৃষ্টি কৰিব বুলি তেওঁ প্ৰকাশ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে সোঁৱৰাই দিয়ে যে বৰ্তমান চৰকাৰে জনসাধাৰণৰ দাবী অনুসৰি উন্নয়নমূলক প্ৰকল্পসমূহ মুকলি কৰাৰ বিপৰীতে পূৰ্বৰ চৰকাৰসমূহে কেতিয়াও তেওঁলোকৰ প্ৰতি কোনো মনোযোগ দিয়া নাছিল। "মই অঞ্চলটোৰ সেৱাৰ বাবে আৰু ইয়াৰ ভাগ্য সলনি কৰিবলৈ তামিলনাডুলৈ আহিছো", প্ৰধানমন্ত্ৰীয়ে কয়।

হৰিত নৌকা পদক্ষেপ অধীনত ভাৰতৰ প্ৰথমহাইড্ৰজেন ইন্ধন কোষ আভ্যন্তৰীণ জলপথ জাহাজৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াক কাশীৰ বাবে তামিলনাডুৰ জনসাধাৰণৰ উপহাৰ বুলি অভিহিত কৰে। তেওঁ কয় যে তেওঁ কাশী তামিল সঙ্গমত তামিলনাডুৰ লোকসকলৰ উৎসাহ আৰু মৰম প্ৰত্যক্ষ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে ভি.ও. চিদাম্বৰনাৰ বন্দৰক দেশৰ প্ৰথম সেউজ হাইড্ৰজেন হাব বন্দৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে আন বিভিন্ন প্ৰকল্প উদ্বোধন কৰে। এই প্ৰকল্পবোৰৰ ভিতৰত আছে এক ডিচেলিনেচন প্ৰকল্প, হাইড্ৰজেন উৎপাদন, আৰু বাংকাৰিং সুবিধা। "বিশ্বই আজি অন্বেষণ কৰি থকা বিকল্পসমূহৰ ক্ষেত্ৰত তামিলনাডু বহুদূৰ আগবাঢ়িব", তেওঁ কয়। 

 

প্ৰধানমন্ত্ৰীয়ে আজিৰ ৰে'ল আৰু পথ উন্নয়ন প্ৰকল্পৰ ওপৰতো আলোকপাত কৰি কয় যে ৰে'ল লাইনৰ বৈদ্যুতিকীকৰণ আৰু দ্বৈতকৰণে দক্ষিণ তামিলনাডু আৰু কেৰালাৰ মাজত যোগাযোগ অধিক উন্নত কৰাৰ লগতে তিৰুনেলভেলি আৰু নাগৰকইল খণ্ডৰ ভিৰ হ্ৰাস কৰিব। তেওঁ আজি ৪,০০০ কোটি টকাৰ অধিক মূল্যৰ তামিলনাডুত পথৰ আধুনিকীকৰণৰ বাবে চাৰিটা মুখ্য প্ৰকল্পৰ কথাও উল্লেখ কৰে, প্ৰধানমন্ত্ৰীয়ে কয় যে ই যোগাযোগ উন্নত কৰাৰ লগতে ভ্ৰমণৰ সময় হ্ৰাস কৰাৰ উপৰি ৰাজ্যখনত বাণিজ্য আৰু পৰ্যটনক উৎসাহিত কৰিব।

 

নতুন ভাৰতৰ চৰকাৰ সমগ্ৰ দৃষ্টিভংগীৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তামিলনাডুত উন্নত যোগাযোগ আৰু উন্নত সুযোগ সৃষ্টিৰ বাবে পথ, ঘাইপথ আৰু জলপথ বিভাগে কাম কৰি আছে। সেয়েহে, ৰে'ল, পথ আৰু সামুদ্ৰিক প্ৰকল্পসমূহ একেলগে আৰম্ভ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে বহু-আৰ্হিযুক্ত পদ্ধতিয়ে ৰাজ্যখনৰ উন্নয়নত নতুন গতি প্ৰদান কৰিব।

প্ৰধানমন্ত্ৰীয়ে মন কি বাতৰ এটা খণ্ডত দেশৰ প্ৰধান লাইটহাউচসমূহক পৰ্যটন স্থলীলৈ বিকশিত কৰাৰ পৰামৰ্শৰ কথা স্মৰণ কৰে আৰু ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৭৫টা লাইটহাউচত পৰ্যটন সুবিধা উৎসৰ্গা কৰাৰ বাবে গৌৰৱ প্ৰকাশ কৰে। "একেলগে ৭৫টা স্থানত উন্নয়ন, এয়া নতুন ভাৰত" বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে অনাগত সময়ত এই ৭৫খন ঠাই বৃহৎ পৰ্যটন কেন্দ্ৰ হৈ পৰিব।

কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যোৱা ১০ বছৰত তামিলনাডুত ১৩০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে'ল প্ৰকল্প হাতত লোৱা হৈছে। লগতে ২০০০ কিলোমিটাৰ ৰে'ল বৈদ্যুতিকীকৰণ, উৰণ সেতু আৰু আণ্ডাৰপাছ নিৰ্মাণ আৰু বহুতো ৰে'ল ষ্টেচনৰ উন্নীতকৰণ কৰা হয়। তেওঁ কয় যে ৰাজ্যখনত বিশ্বমানৰ ভ্ৰমণৰ অভিজ্ঞতা উপলব্ধ কৰোৱাৰ বাবে ৫খন বন্দে ভাৰত ৰে'ল চলি আছে। ভাৰত চৰকাৰে তামিলনাডুৰ পথ আন্তঃগাঁথনিত ১.৫ লাখ কোটি টকা বিনিয়োগ কৰিছে। যোগাযোগ উন্নত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাই জীৱন ধাৰণৰ সূচলতা বৃদ্ধি কৰিছে বুলি তেওঁ কয়।

 

প্ৰধানমন্ত্ৰীয়ে কেইবা দশক ধৰি ভাৰতৰ জলপথ আৰু সামুদ্ৰিক খণ্ডৰ সৈতে হোৱা বৃহৎ প্ৰত্যাশাৰ কথা উল্লেখ কৰি কয় যে এই খণ্ডসমূহ আজি বিকশিত ভাৰতৰ ভেটি হৈ পৰিছে আৰু সমগ্ৰ দক্ষিণ ভাৰতৰ সৈতে তামিলনাডু ইয়াৰ জৰিয়তে সৰ্বাধিক উপকৃত হৈছে। প্ৰধানমন্ত্ৰীয়ে তামিলনাডুৰ তিনিটা মুখ্য বন্দৰ আৰু ১২ খনতকৈও অধিক সৰু বন্দৰ সন্দৰ্ভত আলোকপাত কৰে আৰু দক্ষিণৰ সকলো ৰাজ্যৰ সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। "সামুদ্ৰিক খণ্ডৰ উন্নয়নৰ অৰ্থ হৈছে তামিলনাডুৰ দৰে এখন ৰাজ্যৰ উন্নয়ন", প্ৰধানমন্ত্ৰীয়ে বিগত দশকত ভি.ও. চিদাম্বৰনাৰ বন্দৰত যান-বাহনৰ ৩৫ শতাংশ বৃদ্ধিৰ বিষয়ে অৱগত কৰি এইদৰে কয়। তেওঁ আৰু কৈছিল যে বন্দৰটোৱে যোৱা বছৰ ৩৮ নিযুত টন সামগ্ৰী সৰবৰাহৰ জৰিয়তে বাৰ্ষিক ১১ শতাংশ বৃদ্ধিৰ অভিলেখ সৃষ্টি কৰিছিল। "দেশৰ অন্যান্য মুখ্য বন্দৰসমূহতো একে ধৰণৰ ফলাফল দেখা যায়", প্ৰধানমন্ত্ৰী মোদীয়ে সাগৰমালাৰ দৰে প্ৰকল্পৰ ভূমিকাক প্ৰশংসা কৰি এইদৰে কয়।

প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে ভাৰতে জলপথ আৰু সামুদ্ৰিক খণ্ডত নতুন অভিলেখ সৃষ্টি কৰিছে। তেওঁ উল্লেখ কৰিছিল যে ৰছদপাতি প্ৰদৰ্শন সূচকত ভাৰতৰ স্থান ৩৮ নম্বৰলৈ উন্নীত হোৱাৰ লগতে বন্দৰৰ ক্ষমতা এটা দশকত দুগুণলৈ বৃদ্ধি হৈছে। তেওঁ লগতে কয় যে এই সময়ছোৱাত ৰাষ্ট্ৰীয় জলপথত আঠগুণ বৃদ্ধি হৈছে আৰু প্ৰমোদতৰীৰ যাত্ৰীৰ সংখ্যা চাৰিগুণ বৃদ্ধি পোৱাৰ উপৰি নাবিকসকলৰ সংখ্যা দুগুণ হৈছে। এই পদক্ষেপসমূহে তামিলনাডু আৰু আমাৰ যুৱপ্ৰজন্মক নিশ্চয় লাভান্বিত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। "মই নিশ্চিত যে তামিলনাডু উন্নয়নৰ পথত আগবাঢ়িব আৰু মই আপোনাক গেৰাণ্টি দিছো যে যেতিয়া ৰাষ্ট্ৰই আমাক তৃতীয়বাৰৰ বাবে সেৱা আগবঢ়োৱাৰ সুযোগ দিব তেতিয়া মই আপোনাক নতুন উৎসাহেৰে সেৱা আগবঢ়াম।"

 

বৰ্তমানৰ ভ্ৰমণকালত তামিলনাডুৰ বিভিন্ন অঞ্চলৰ লোকসকলৰ মৰম, ভালপোৱা, উৎসাহ আৰু আশীৰ্বাদৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে চৰকাৰৰ প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰি কয় যে তেওঁ ৰাজ্যখনৰ উন্নয়নৰ সৈতে জনসাধাৰণৰ স্নেহৰ সমন্বয় ঘটাব।

শেষত প্ৰধানমন্ত্ৰীয়ে সকলোকে তেওঁলোকৰ ফোনলাইট অন কৰিবলৈ কয় আৰু তামিলনাডু তথা ভাৰত চৰকাৰে উন্নয়নৰ উৎসৱ উদযাপন কৰাৰ ইংগিত দিয়ে।

তামিলনাডুৰ ৰাজ্যপাল শ্ৰী আৰ এন ৰবি, কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ড০ এল মুৰুগান এই অনুষ্ঠানত উপস্থিত থাকে।

 

 

পৃষ্ঠভূমি

প্ৰধানমন্ত্ৰীয়ে ভি.ও. চিদাম্বৰনাৰ বন্দৰত আউটাৰ হাৰ্বাৰ কণ্টেইনাৰ টাৰ্মিনেলৰ আধাৰশিলা স্থাপন কৰে। এই কণ্টেইনাৰ টাৰ্মিনেলটো ভি.ও.চিদাম্বৰানাৰ বন্দৰক পূব উপকূলৰ বাবে ট্ৰেন্সশিপমেণ্ট হাবলৈ ৰূপান্তৰ কৰাৰ দিশত এক পদক্ষেপ। এই প্ৰকল্পৰ লক্ষ্য হৈছে ভাৰতৰ দীঘল উপকূলীয় অঞ্চল আৰু অনুকূল ভৌগোলিক অৱস্থানৰ সুবিধা লোৱা আৰু বিশ্ব বাণিজ্য ক্ষেত্ৰত ভাৰতৰ প্ৰতিদ্বন্দ্বিতা শক্তিশালী কৰা। মুখ্য আন্তঃগাঁথনি প্ৰকল্পটোৱে অঞ্চলটোত নিযুক্তি সৃষ্টি আৰু অৰ্থনৈতিক বিকাশো সৃষ্টি কৰিব। প্ৰধানমন্ত্ৰীয়ে ভি.ও. চিদাম্বৰনাৰ বন্দৰক দেশৰ প্ৰথম সেউজ হাইড্ৰজেন হাব বন্দৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে আন বিভিন্ন প্ৰকল্প উদ্বোধন কৰে। এই প্ৰকল্পবোৰৰ ভিতৰত আছে ডিচেলিনেশ্যন প্ৰকল্প, হাইড্ৰজেন উৎপাদন, বাংকাৰিং সুবিধা ইত্যাদি।

 

প্ৰধানমন্ত্ৰীয়ে হৰিত নৌকা উদ্যোগৰ অধীনত ভাৰতৰ প্ৰথমখন থলুৱা সেউজীয়া হাইড্ৰজেন ইন্ধন কোষ আভ্যন্তৰীণ জলপথ জাহাজৰো শুভাৰম্ভ কৰে। জাহাজখন কোচিন শিপইয়ৰ্ডৰ দ্বাৰা নিৰ্মাণ কৰা হয় আৰু নিকা শক্তি বিকল্প গ্ৰহণ কৰা আৰু দেশত কাৰ্বন নিৰ্গমন শূণ্যলৈ হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতিৰ সৈতে সংগতি ৰখাৰ উদ্দশ্যে এক অগ্ৰণী পদক্ষেপ হিচাপে পৰিগণিত হৈছে। প্ৰধানমন্ত্ৰীয়ে ১০ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৭৫ টা লাইটহাউচত পৰ্যটন সুবিধাও উৎসৰ্গা কৰে।

এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ভাঞ্চি মানিয়াচ্চি-তিৰুনেলভেলি অংশ আৰু মেলাপ্পালয়ম-আৰালভাইমোলি অংশকে ধৰি ভাঞ্চি মানিয়াচ্চি-নাগৰকইল ৰে'ল লাইন দ্বৈতকৰণৰ বাবে ৰেল প্ৰকল্প দেশৰ নামত উচৰ্গা কৰে। প্ৰায় ১,৪৭৭ কোটি টকা ব্যয়েৰে বিকশিত এই দ্বৈতকৰণ প্ৰকল্পটোৱে কন্যাকুমাৰী, নাগৰকইল আৰু তিৰুনেলভেলীৰ পৰা চেন্নাই অভিমুখে যোৱা ৰেলসমূহৰ ভ্ৰমণৰ সময় হ্ৰাস কৰাত সহায় কৰিব।

প্ৰধানমন্ত্ৰীয়ে তামিলনাডুত প্ৰায় ৪,৫৮৬ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মিত চাৰিটা পথ প্ৰকল্প উৎসৰ্গা কৰে। এই প্ৰকল্পবোৰৰ ভিতৰত আছে ৮৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথ জিতন্দাহাল্লি-ধৰ্মপুৰী অংশ চাৰিশৰীয়া পথলৈ উন্নীতকৰণ, ৮১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেনুৰূপ্তি-চিদাম্বৰম অংশ দুশৰীয়া পথলৈ উন্নীতকৰণ, ৮৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অডনচাট্ৰাম-মাদাথুকুলাম অংশ চাৰিশৰীয়া পথলৈ উন্নীতকৰণ তথা নাগাপট্টিনম-থাঞ্জাৱুৰ অংশ দুশৰীয়া পথলৈ উন্নীতকৰণ। এই প্ৰকল্পসমূহৰ লক্ষ্য হৈছে যোগাযোগ উন্নত কৰা, ভ্ৰমণৰ সময় হ্ৰাস কৰা, আৰ্থ-সামাজিক বিকাশ বৃদ্ধি কৰা আৰু অঞ্চলটোত তীৰ্থভ্ৰমণৰ সুবিধা প্ৰদান কৰা।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi becomes first world leader to cross 100 million Instagram followers

Media Coverage

PM Modi becomes first world leader to cross 100 million Instagram followers
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Condoles the Passing of Shri Maroof Raza Ji
February 26, 2026

Prime Minister Narendra Modi has expressed grief over the passing of Shri Maroof Raza Ji, honoring his legacy in the fields of journalism.

The Prime Minister stated that Shri Maroof Raza Ji made a rich contribution to the world of journalism. He noted that Shri Raza enriched public discourse through his nuanced understanding of defence, national security, and strategic affairs.

Expressing his sorrow, the Prime Minister said he is pained by his passing and extended his condolences to his family and friends.
The Prime Minister shared on X:

“Shri Maroof Raza Ji made a rich contribution to the world of journalism. He enriched public discourse with his nuanced understanding of defence, national security as well as strategic affairs. Pained by his passing. Condolences to his family and friends”