সমৰ্পিত ফ্ৰেইট কৰিডৰত নিউ খুৰ্জা - নিউ ৰেৱাৰীৰ মাজত ১৭৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বৈত লাইনৰ বিদ্যুৎচালিত অংশ উৎসৰ্গা কৰে
মথুৰা - পালৱাল অংশ আৰু চিপিয়ানা বুজুৰ্গ - দাদ্ৰী অংশক সংযোগ কৰা চতুৰ্থ লাইন উৎসৰ্গা
একাধিক পথ উন্নয়ন প্ৰকল্প উৎসৰ্গা
ইণ্ডিয়ান অইলৰ টুণ্ডলা-গাৱাৰিয়া পাইপলাইন উদ্বোধন
‘গ্ৰেটাৰ নয়ডাত সংহত ঔদ্যোগিক টাউনশ্বিপ’ (IITGN) উৎসৰ্গা
পুনৰ নিৰ্মাণ কৰা মথুৰা নলা আঁচনি উদ্বোধন
“কল্যাণ সিঙে ৰাম কাজ আৰু ৰাষ্ট্ৰ কাজ উভয়ৰে বাবে নিজৰ জীৱন উৎসৰ্গা কৰিলে”
“উত্তৰ প্ৰদেশৰ দ্ৰুত বিকাশ অবিহনে এখনি উন্নত ভাৰত গঢ়া সম্ভৱ নহয়”
“কৃষক আৰু দৰিদ্ৰসকলৰ জীৱন গঢ়ি তোলাটো ডাবল ইঞ্জিনযুক্ত চৰকাৰৰ অগ্ৰাধিকাৰ”
‘’প্ৰতিজন নাগৰিকে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰাটো মোদীৰ নিশ্চয়তা। আজি ৰাষ্ট্ৰখনে মোদীৰ নিশ্চয়তাক সকলো নিশ্চয়তা পূৰণৰ নিশ্চয়তা হিচাপে গণ্য কৰে”
“আপোনাসৱেই মোৰ পৰিয়াল। আপোনালোকৰ সপোন মোৰ সংকল্প”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বুলন্দচহৰত ১৯,১০০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। প্ৰকল্পসমূহ ৰেল, পথ, তেল আৰু গেছ তথা নগৰ উন্নয়ন আৰু গৃহ নিৰ্মাণৰ দৰে কেইবাটাও গুৰুত্বপূৰ্ণ খণ্ডৰে জড়িত।

সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে বুলন্দচহৰৰ জনসাধাৰণে বিশেষকৈ বিপুল সংখ্যক মাতৃ-ভগ্নীয়ে প্ৰদৰ্শন কৰা স্নেহ আৰু আস্থাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। শ্ৰী মোদীয়ে ২২ জানুৱাৰীত ভগৱান শ্ৰীৰামৰ দৰ্শন আৰু আজিৰ উপলক্ষে উত্তৰ প্ৰদেশৰ জনসাধাৰণৰ মাজত উপস্থিতি থাকিবলৈ পোৱাৰ বাবে সৌভাগ্যক ধন্যবাদ জ্ঞাপন কৰে। ৰেলৱে, ঘাইপথ, পেট্ৰলিয়াম পাইপলাইন, পানী, নলা-নৰ্দমা, চিকিৎসা মহাবিদ্যালয় আৰু উদ্যোগিক টাউনশ্বিপ আদি খণ্ডত আজিৰ ১৯,০০০ কোটি টকা মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ বাবে বুলন্দ চহৰৰ লগতে সমগ্ৰ পশ্চিম উত্তৰ প্ৰদেশবাসীক অভিনন্দন জ্ঞাপন কৰে। তেখেতে যমুনা আৰু ৰাম গংগা নদীৰ স্বচ্ছতা অভিযানৰ সৈতে জড়িত প্ৰকল্পসমূহ উদ্বোধনৰ কথাও উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই অঞ্চলে কল্যাণ সিঙৰ দৰে পুত্ৰক ৰাষ্ট্ৰখনলৈ আগবঢ়াই দিছে, যিয়ে ৰাম কাজ আৰু ৰাষ্ট্ৰ কাজ (ৰামৰ কাম আৰু ৰাষ্ট্ৰৰ কাম) উভয়ৰে বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে অযোধ্যা ধামত শ্ৰী কল্যাণ সিং আৰু তেওঁৰ দৰে লোকৰ সপোন পূৰণ কৰি আনন্দ প্ৰকাশ কৰে। “এখনি শক্তিশালী ৰাষ্ট্ৰ আৰু প্ৰকৃত সামাজিক ন্যায়ৰ তেখেতৰ সপোন বাস্তৱায়িত কৰিবলৈ আমি অধিক গতিৰে আগুৱাই যাব লাগিব”, প্ৰধানমন্ত্ৰী মোদীয়ে কয়।

 

অযোধ্যাত প্ৰাণ-প্ৰতিষ্ঠা অনুষ্ঠান সম্পূৰ্ণ হোৱাৰ কথা ব্যক্তৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ‘ৰাষ্ট্ৰ প্ৰতিষ্ঠা’ক অগ্ৰাধিকাৰ দিয়া আৰু ইয়াক নতুন শিখৰলৈ নিয়াত গুৰুত্ব আৰোপ কৰে। ২০৪৭ৰ ভিতৰত ভাৰতক এখনি বিকশিত ভাৰতলৈ ৰূপান্তৰিতকৰণৰ চৰকাৰৰ সংকল্পক আলোকপাত কৰে শ্ৰী মোদীয়ে। উচ্চ লক্ষ্যত উপনীত হোৱা সম্পৰ্কে ব্যক্তকৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে সবকা প্ৰয়াসৰ মনোভাৱৰ সৈতে প্ৰয়োজনীয় সকলো সম্পদ সংগ্ৰহত গুৰুত্ব আৰোপ কৰে। “এখনি বিকশিত ভাৰত গঢ়িবলৈ উত্তৰ প্ৰদেশৰ দ্ৰুতগতিত উন্নয়ন অতি প্ৰয়োজনীয়”, কৃষি, বিজ্ঞান, শিক্ষা, উদ্যোগৰ লগতে আন-আন খণ্ডসমূহক পুনৰ সজীৱ কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। “আজিৰ এই অনুষ্ঠান উক্ত দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ”, তেখেতে লগতে কয়।

স্বাধীনোত্তৰ ভাৰতৰ উন্নয়নৰ আঞ্চলিক ভাৰসাম্যহীনতাৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সৰ্বাধিক লোক থকা ৰাজ্য উত্তৰ প্ৰদেশক অৱহেলা কৰা হৈছিল সেই সময়ত। প্ৰধানমন্ত্ৰীগৰাকীয়ে ‘শাসক’ মানসিকতাক সমালোচনা কৰে আৰু পূৰ্বৰ সময়ৰ ক্ষমতাৰ স্বাৰ্থত সামাজিক বিভাজনৰ সৃষ্টিৰ ফলত ৰাষ্ট্ৰৰ ব্যাপক লোকচান হৈছিল। “দেশৰ সৰ্ববৃহৎ ৰাজ্যখন যদি দুৰ্বল হয়, তেন্তে ৰাষ্ট্ৰখন কেনেকৈ শক্তিশালী হ’ব?”, প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবুলি প্ৰশ্ন কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ২০১৭ত উত্তৰ প্ৰদেশত ডাবল ইঞ্জিনৰ চৰকাৰ গঠনৰ লগে-লগে ৰাজ্যখনে পুৰণি প্ৰত্যাহ্বানসমূহৰে মোকাবিলাৰ নতুন উপায় বিচাৰি উলিয়াইছে আৰু অৰ্থনৈতিক উন্নয়নক প্ৰেৰণা যোগাইছে আৰু আজিৰ এই অনুষ্ঠান চৰকাৰৰ এনে দায়বদ্ধতাৰ প্ৰমাণ। পশ্চিম উত্তৰ প্ৰদেশৰ শেহতীয়া উন্নয়নৰ উদাহৰণ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ দুটা প্ৰতিৰক্ষা কৰিডৰৰ ভিতৰত এটাৰ উন্নয়ন আৰু কেইবাটাও নতুন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কথা উল্লেখ কৰে। তেখেতে আধুনিক এক্সপ্ৰেছৱেৰ জৰিয়তে উত্তৰ প্ৰদেশৰ সকলো প্ৰান্তৰ যোগাযোগ ব্যৱস্থাৰ বৰ্ধন, প্ৰথম নমো ভাৰত ৰেল প্ৰকল্পৰ আৰম্ভণি, কেইবাখনো চহৰত মেট্ৰ’ সংযোগ আৰু ৰাজ্যখন পূব আৰু পশ্চিমৰ সমৰ্পিত ফ্ৰেইট কৰিডৰৰ কেন্দ্ৰ হিচাপে পৰিগণিত হোৱাত চৰকাৰৰ গুৰুত্ব সম্পৰ্কে আলোকপাত কৰে। “এই উন্নয়নমূলক প্ৰকল্পসমূহ আগন্তুক শতিকাজুৰি প্ৰভাৱশালী হৈ থাকিব”, তেখেতে কয়। প্ৰধানমন্ত্ৰী মোদীয়ে আৰু কয় যে জেৱাৰ বিমানবন্দৰ সম্পূৰ্ণৰ লগে-লগে অঞ্চলটোয়ে এক নতুন শক্তি লাভ কৰিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “আজি চৰকাৰৰ প্ৰচেষ্টাত পশ্চিম উত্তৰ প্ৰদেশ দেশৰ অন্যতম প্ৰধান নিয়োগ সৃষ্টিকাৰী অঞ্চলত পৰিণত হৈছে।” প্ৰধানমন্ত্ৰীগৰাকীয়ে অৱগত কৰে যে চৰকাৰে ৪ খন বিশ্বমানৰ ঔদ্যোগিক স্মাৰ্ট চহৰৰ কাম কৰি আছে। ইয়াৰে এখন চহৰ পশ্চিম উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়ডাত। ইয়াৰ ফলত উদ্যোগ আৰু অঞ্চলটোৰ ক্ষুদ্ৰ আৰু কুটিৰ ব্যৱসায়ীসকল উপকৃত হ’ব। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই টাউনশ্বিপে কৃষিভিত্তিক উদ্যোগৰ বাবে নতুন পথৰ সৃষ্টি কৰিব আৰু স্থানীয় কৃষক তথা শ্ৰমিকসকলক অপৰিসীম সুবিধা প্ৰদান কৰিব।

 

পূৰ্বৰ সময়ত যোগাযোগ ব্যৱস্থাৰ অভাৱে কৃষিৰ ওপৰত পেলোৱা বিৰূপ প্ৰভাৱত গুৰুত্ব আৰোপেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ সমাধান নতুন বিমানবন্দৰ আৰু নতুন সমৰ্পিত মালবাহী কৰিডৰে প্ৰদান কৰিব। কুঁহিয়াৰৰ মূল্য বৃদ্ধিৰ বাবে আৰু মেণ্ডিত উৎপাদিত সামগ্ৰী বিক্ৰী হোৱাৰ পিছত পোনপটীয়াকৈ কৃষকৰ একাউন্টত ক্ষীপ্ৰতাৰে ধন পৰিশোধ নিশ্চিতকৰণৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে দ্বৈত ইঞ্জিনৰ চৰকাৰখনক প্ৰশংসা কৰে। একেদৰে ইথানলত গুৰুত্ব আৰোপ কুঁহিয়াৰ খেতিয়কসকলৰ বাবে লাভজনক বুলি প্ৰমাণিত হৈছে।

“কৃষকৰ কল্যাণ চৰকাৰৰ শীৰ্ষ অগ্ৰাধিকাৰ”, শ্ৰী মোদীয়ে কয়। চৰকাৰে কৃষকসকলৰ বাবে সুৰক্ষা কৱচ সৃষ্টিৰ চেষ্টা চলোৱা বুলি উল্লেখেৰে ভাৰতীয় কৃষকৰ বাবে ব্যয় সাশ্ৰয়ী সাৰ উপলব্ধকৰণৰ বাবে কোটি-কোটি টকা ব্যয়ৰ কথা উল্লেখ কৰে। তেখেতে অৱগত কৰে যে ভাৰতৰ বাহিৰত ৩ হাজাৰ টকাৰ ইউৰিয়াৰ বেগ এটা কৃষকলৈ ৩০০ টকাৰো কম মূল্যত উপলব্ধ কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে নেন’ ইউৰিয়া সৃষ্টিৰ কথাও কয়। শ্ৰী মোদীয়ে জনোৱা মতে, চৰকাৰে পিএম কিষাণ সন্মান নিধি আঁচনিৰ অধীনত কৃষকৰ বেংক একাউন্টলৈ ২.৭৫ লাখ কোটি টকা হস্তান্তৰ কৰিছে।

কৃষি আৰু কৃষি অৰ্থনীতিৰ ক্ষেত্ৰত কৃষকৰ অৱদানৰ ওপৰত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে সমবায়ৰ পৰিসৰ নিৰন্তৰ সম্প্ৰসাৰণৰ কথা উল্লেখ কৰে। তেখেতে ক্ষুদ্ৰ কৃষকসকলক সুদৃঢ়কৰণৰ ব্যৱস্থা হিচাপে পিএচি, সমবায় সমিতি আৰু এফপিঅ’ৰ কথা উল্লেখ কৰে। বিক্ৰী, ক্ৰয়, ঋণ, খাদ্য সংসাধন বা ৰপ্তানিৰ বাবে সমবায় সংস্থাসমূহক উদ্দীপনা যোগোৱা হৈছে। শ্ৰী মোদীয়ে বিশ্বৰ বৃহত্তম ষ্ট’ৰেজ সম্পৰ্কীয় আঁচনিসমূহৰ কথাও উল্লেখ কৰে, যাৰ অধীনত সমগ্ৰ দেশতে শীতল ভঁড়ালৰ নেটৱৰ্ক গঢ়ি তোলা হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কৃষি খণ্ডক আধুনিকীকৰণৰ বাবে চৰকাৰৰ উদ্দীপনাৰ কথা পুনৰবাৰ উল্লেখেৰে নাৰী শক্তি ইয়াৰ বাবে এক বিশাল মাধ্যম হ’ব পাৰে বুলি আলোকপাত কৰে। তেখেতে নমো ড্ৰোন দিদি আঁচনিৰ কথা উল্লেখ কৰে য’ত মহিলা আত্মসহায়ক গোটসমূহক ড্ৰোন পাইলট হ’বলৈ প্ৰশিক্ষণ দিয়া হৈছে। “নমো ড্ৰোন দিদি ভৱিষ্যতে গ্ৰাম্য অৰ্থনীতি আৰু কৃষিৰ বাবে এক বৃহৎ শক্তি হৈ উঠিব”, তেখেতে লগতে কয়।

 

ক্ষুদ্ৰ কৃষক আৰু মহিলাসকলক সবলীকৰণৰ বাবে যোৱা ১০ বছৰত গ্ৰহণ কৰা জনকল্যাণমূলক আঁচনিসমূহৰ ওপৰত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কোটি-কোটি পকী ঘৰ, শৌচাগাৰ, টেপৰ পানীৰ সংযোগ, কৃষক আৰু শ্ৰমিকৰ বাবে পেঞ্চনৰ সুবিধা, পিএম শস্য বীমা আঁচনি, বিনামূলীয়া ৰেচন আঁচনি, আয়ুষ্মান ভাৰত আঁচনিৰ কথা কয়। “চৰকাৰৰ কোনো হিতাধিকাৰী যাতে চৰকাৰী আঁচনিসমূহৰপৰা বঞ্চিত হ’বলগীয়া নহয়, তাৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে আৰু ইয়াৰ বাবে উত্তৰ প্ৰদেশৰো প্ৰতিখন গাঁৱত মোদী কী গেৰান্টী বাহন উপস্থিত হৈছেগৈ আৰু লাখ-লাখ লোকক সামৰি লৈছে”, শ্ৰী মোদীয়ে লগতে কয়।

‘’প্ৰতিগৰাকী নাগৰিকে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰাটো মোদীৰ নিশ্চয়তা। আজি ৰাষ্ট্ৰখনে মোদীৰ নিশ্চয়তাক সকলো নিশ্চয়তা পূৰণৰ নিশ্চয়তা হিচাপে গণ্য কৰে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। ‘’আজি আমি চৰকাৰী আঁচনিৰ সুবিধা যাতে প্ৰতিজন হিতাধিকাৰীয়ে লাভ কৰে, তাৰ বাবে সকলো প্ৰচেষ্টা গ্ৰহণ কৰিছোঁ। সেইবাবেই মোদীয়ে চেচুৰেচনৰ নিশ্চয়তা দিছে। মোদীয়ে ১০০ শতাংশ হিতাধিকাৰীৰ কাষ চাপিবলৈ গুৰুত্ব আৰোপ কৰিছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। ইয়াৰদ্বাৰা বৈষম্য বা দুৰ্নীতিৰ সকলো সম্ভাৱনা দূৰ হয়। “এয়া প্ৰকৃত ধৰ্মনিৰপেক্ষতা আৰু সামাজিক ন্যায়”, তেখেতে লগতে কয়। তেখেতে কয় যে কৃষক, মহিলা, দৰিদ্ৰ আৰু যুৱক-যুৱতীসকলৰ সপোন প্ৰতিখন সমাজতে একে। তেখেতে কয় যে চৰকাৰৰ প্ৰকৃত প্ৰচেষ্টাৰ বাবে বিগত ১০ বছৰত ২৫ কোটি লোকে দৰিদ্ৰতাৰপৰা মুক্ত লাভ কৰিছে।

 

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ‘আপোনালোকেই মোৰ পৰিয়াল। আপোনাসৱৰ সপোন মোৰ সংকল্প”। তেখেতে আশ্বাস প্ৰদানেৰে কয় যে গাঁৱেই হওঁক, দৰিদ্ৰ, যুৱক, মহিলা বা কৃষকেই হওঁক, সকলোকে সবলীকৰণৰ অভিযান অব্যাহত থাকিব।

এই কাৰ্য্যসূচীত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দীবেন পেটেল, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ, উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী ব্ৰজেশ পাঠক, ভাৰতৰ পথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী জেনেৰেল (অৱসৰপ্ৰাপ্ত) ভিকে সিঙকে প্ৰমুখ্য কৰি গন্য-মান্য লোকসকল উপস্থিত থাকে।

 

পটভূমি

 

প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ডেডিকেটেড ফ্ৰেইট কৰিডৰ (ডিএফচি)ৰ নিউ খুৰ্জা - নিউ ৰেৱাৰীৰ মাজৰ ১৭৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বৈত লাইনৰ বিদ্যুৎচালিত অংশটো ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। এই নতুন ডিএফচি অংশটো গুৰুত্বপূৰ্ণ কাৰণ ই পশ্চিম আৰু পূবৰ ডিএফচিসমূহৰ মাজত গুৰুত্বপূৰ্ণ সংযোগ স্থাপন কৰে। তদুপৰি এই খণ্ডটো অভিযান্ত্ৰিকতাৰ উল্লেখযোগ্য কৃতিত্বৰ বাবেও পৰিচিত। এই সুৰংগটো ডাবল ষ্টেক কন্টেইনাৰ ৰেল নিৰৱচ্ছিন্নভাৱে চলাব পৰাকৈ ডিজাইন কৰা হৈছে। এই নতুন ডি এফ চি অংশই ডি এফ চি ট্ৰেকত মালবাহী ৰেল চলাচলৰ বাবে যাত্ৰীবাহী ৰেলৰ পৰিচালনা উন্নত কৰাত সহায় কৰিব।

প্ৰধানমন্ত্ৰীয়ে মথুৰা - পালৱাল অংশ আৰু চিপিয়ানা বুজুৰ্গ - দাদ্ৰী অংশ সংযোগ কৰা চতুৰ্থ লাইনটোও দেশৰ বাবে উৎসৰ্গা কৰে। এই নতুন লাইনসমূহে ৰাষ্ট্ৰীয় ৰাজধানীখনৰ দক্ষিণ পশ্চিম আৰু পূব ভাৰতৰ সৈতে ৰেল সংযোগ উন্নত কৰিব।

প্ৰধানমন্ত্ৰীয়ে একাধিক পথ উন্নয়ন প্ৰকল্প দেশৰ বাবে উৎসৰ্গা কৰে। প্ৰকল্পসমূহৰ ভিতৰত আলিগড়ৰ পৰা ভাদৱাছলৈ চাৰিলেনযুক্ত কাম পেকেজ-১ (৩৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ আলিগড়-কানপুৰ অংশৰ অংশ); মিৰাটৰ পৰা শ্বামলি হৈ কৰ্ণাল সীমান্তলৈ বহল কৰা (এইচ-৭০৯এ) আদি। এই পথ প্ৰকল্পসমূহে সংযোগৰ উন্নতি সাধন কৰিব আৰু অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়নত সহায় কৰিব।

এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ইণ্ডিয়ান অইলৰ টুণ্ডলা-গাৱাৰিয়া পাইপলাইনো উদ্বোধন কৰে। প্ৰায় ৭০০ কোটি টকা ব্যয়ৰে নিৰ্মিত এই ২৫৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পাইপলাইন প্ৰকল্পটো নিৰ্ধাৰিত সময়ৰ বহু আগতেই সম্পূৰ্ণ হৈছে। এই প্ৰকল্পই মথুৰা আৰু টুণ্ডলাত পাম্পিংৰ সুবিধা আৰু টুণ্ডলা, লক্ষ্ণৌ আৰু কানপুৰত ডেলিভাৰীৰ সুবিধাৰে টুণ্ডলাৰ পৰা বাৰাউনী-কানপুৰ পাইপলাইনৰ গাৱৰিয়া টি-পইন্টলৈ পেট্ৰলিয়াম সামগ্ৰী পৰিবহণত সহায় কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰলৈ ‘ইন্টিগ্ৰেটেড ইণ্ডাষ্ট্ৰিয়েল টাউনশ্বিপ এট গ্ৰেটাৰ নয়ডা’ (আই আই টি জি এন)ও উৎসৰ্গা কৰে। পিএম-গতিশক্তিৰ অধীনত আন্তঃগাঁথনি সংযোগ প্ৰকল্পৰ সংহত পৰিকল্পনা আৰু সমন্বিত ৰূপায়ণৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ইয়াক বিকশিত কৰা হৈছে। ১,৭১৪ কোটি টকাৰ এই প্ৰকল্পটো ৭৪৭ একৰ মাটিত বিস্তৃত আৰু দক্ষিণে ইষ্টাৰ্ণ পেৰিফেৰেল এক্সপ্ৰেছৱে আৰু পূবে দিল্লী-হাওৰা ব্ৰড গজ ৰেলপথৰ সৈতে ইষ্টাৰ্ণ আৰু ৱেষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেইট কৰিডৰৰ সংযোগস্থলৰ ওচৰত অৱস্থিত। আইআইটিজিএনৰ কৌশলগত অৱস্থানে অতুলনীয় সংযোগ নিশ্চিত কৰে কাৰণ বহু-মডাল সংযোগৰ বাবে অন্যান্য আন্তঃগাঁথনি এই প্ৰকল্পৰ ওচৰত আছে, যেনে- নয়ডা-গ্ৰেটাৰ নয়ডা এক্সপ্ৰেছৱে (৫ কিলোমিটাৰ), যমুনা এক্সপ্ৰেছৱে (১০ কিলোমিটাৰ), দিল্লী বিমানবন্দৰ (৬০ কিলোমিটাৰ), জেৱাৰ বিমানবন্দৰ (৪০ কিলোমিটাৰ), আজৈবপুৰ ৰেলৱে ষ্টেচন (০.৫ কিলোমিটাৰ) আৰু নিউ দাদ্ৰী ডিএফচিচি ষ্টেচন (১০ কিলোমিটাৰ)।

 

কার্যসূচীৰ সময়ত প্রধানমন্ত্রীয়ে প্রায় ৪৬০ কোটি টকা ব্যয় সাপেক্ষে নলা পৰিশোধন প্লান্ট (এছ টি পি) নির্মাণকে ধৰি সংস্কাৰ কৰা মথুৰা নলা আঁচনি উদ্বোধন কৰে। এই কামৰ ভিতৰত মাছানীত ৩০ এমএলডি এছটিপি নিৰ্মাণ, ট্ৰেন্স ইয়ামুনাত বৰ্তমানৰ ৩০ এমএলডি আৰু মাছানীত ৬.৮ এমএলডি এছটিপি পুনৰ্বাসন আৰু ২০ এমএলডি টিটিআৰঅ’ প্লান্ট (টৰ্চিয়েৰী ট্ৰিটমেন্ট এণ্ড ৰিভাৰ্ছ অস্মোছিছ প্লান্ট) নিৰ্মাণ কৰা আদি অন্তৰ্ভুক্ত। তেওঁ মোৰাদাবাদ (ৰামগংগা) নলা ব্যৱস্থা আৰু এছটিপি কাম (প্ৰথম পৰ্য্যায়) উদ্বোধন কৰে। প্ৰায় ৩৩০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰকল্পটোত মোৰাদাবাদৰ ৰামগংগা নদীৰ প্ৰদূষণ হ্ৰাসৰ বাবে ৫৮টা এমএলডি এছটিপি, প্ৰায় ২৬৪ কিলোমিটাৰ নলা-নৰ্দমা নেটৱৰ্ক আৰু ৯টা নলা-নৰ্দমা পাম্পিং ষ্টেচন আছে।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Stranded in Tehran, 50 Iranian Sikhs return safely to India

Media Coverage

Stranded in Tehran, 50 Iranian Sikhs return safely to India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Narendra Modi pays tributes to Freedom Fighter, Shri Pingali Venkayya on his 150th birth anniversary
August 02, 2026

The Prime Minister, Shri Narendra Modi, paid tributes to freedom fighter, Shri Pingali Venkayya on his 150th birth anniversary.

The Prime Minister remembered Pingali Venkayya for his invaluable role in giving the nation the Tricolour and said that his efforts continue to inspire people to serve the country with dedication and patriotic fervour.

Shri Modi said that the Tiranga fills every Indian heart with immense pride and inspires the nation to work towards nation-building.

The Prime Minister wrote on X;

“Tributes to Pingali Venkayya Ji on his 150th birth anniversary. He is remembered for his invaluable role in giving our nation the Tricolour. May his efforts always inspire people to serve our country with dedication and patriotic fervour.

The Tiranga fills every Indian heart with immense pride and inspires us to work towards nation building.”