“ডবল ইঞ্জিন চৰকাৰে উপজাতি সম্প্রদায় আৰু মহিলাসকলৰ কল্যাণৰ বাবে সেৱাৰ মনোভাবেৰে কাম কৰিছে”
“আমি নিশ্চিত কৰা উচিত যে অগ্রগতিৰ যাত্রাত মাতৃ আৰু কন্যাসকল যেন পিছপৰি নাথাকে”
“ৰে'ল ইঞ্জিন নিৰ্মাণৰ মাধ্যমত দাহোদে মেক ইন ইণ্ডিয়া প্রচাৰত অৱদান ৰাখিব”

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি দাহোদত আদিজাতি মহাসন্মিলনত যোগ দিছিল। অনুষ্ঠানৰ পৰা তেওঁ প্রায় ২২ হাজাৰ কোটি টকা মূল্যৰ বিভিন্ন উন্নয়নমূলক প্রকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। আজি প্রধানমন্ত্রীয়ে ১৪০০ কোটি টকাৰো বেছি মূল্যৰ প্রকল্পৰ উদ্বোধন কৰে। তেওঁ আজি প্রায় ৮৪০ কোটি টকা মূল্যৰ নর্মদা নদীৰ অববাহিকাত নির্মিত দাহোদ দক্ষিণাঞ্চল আঞ্চলিক জল সৰবৰাহ প্রকল্পৰ উদ্বোধন কৰে। ই দাহোদ জিলা আৰু দেবগড় বাড়িয়া চহৰৰ প্রায় ২৮০খন গাঁৱৰ জল সৰবৰাহৰ চাহিদা পূৰাব। সমান্তৰালকৈ প্রধানমন্ত্রীয়ে আজি প্রায় ৩৩৫ কোটি টকা মূল্যৰ দাহোদ স্মার্ট চিটীৰ ৫টা প্রকল্পৰ উদ্বোধন কৰে। এই প্রকল্পসমূহৰ মাজত আছে ইন্টিগ্রেটেড কমান্ড এণ্ড কনট্রোল চেণ্টাৰ বিল্ডিং, ষ্ট্ৰম ৱাটাৰ ড্রেনেজ ছিষ্টেম, ছুৱাৰেজ ৱৰ্কছ, কঠিন বর্জ্য পৰিচালন ব্যৱস্থাপনা আৰু বৰষুণৰ পানী ধৰি ৰখাৰ ব্যৱস্থাপনা। প্রধানমন্ত্রী আৱাস যোজনাৰ আওতাত পঞ্চমহল আৰু দাহোদ জিলাৰ ১০ হাজাৰজন উপজাতিক ১২০ কোটি টকা মূল্যৰ সুবিধা পৌঁছাই দিয়া হৈছে। প্রধানমন্ত্রীয়ে ৬৬ কিলো ভোল্ট ঘোড়িয়া ছাব ষ্টেচন, পঞ্চায়ত ভৱন আৰু অঙ্গনৱাড়ী কেন্দ্রৰো উদ্বোধন কৰে।

প্রধানমন্ত্রীয়ে দাহোদত ৯ হাজাৰ অশ্ব শক্তি ক্ষমতা সম্পন্ন বৈদ্যুতিক ৰে'ল ইঞ্জিন নিৰ্মাণ কেন্দ্রৰ আধাৰশিলা স্থাপন কৰে। এই প্রকল্পৰ ব্যয় হ'ব প্রায় ২০ হাজাৰ কোটি টকা। ১৯২৬ চনত বাষ্পচালিত ৰে'ল ইঞ্জিন নিৰ্মাণৰ বাবে প্রতিষ্ঠিত দাহোদ ৱৰ্কশ্বপটোক পৰিকাঠামোগত উন্নতি সাধন কৰি বৈদ্যুতিক ৰে'ল ইঞ্জিন নিৰ্মাণৰ কেন্দ্রত পৰিণত কৰা হ'ব। ইয়াত ১০ হাজাৰ জনৰো বেছি মানুহৰ প্রত্যক্ষ আৰু পৰোক্ষ কর্মসংস্থানৰ ব্যৱস্থা হ'ব। প্রধানমন্ত্রীয়ে আজি ৰাজ্য চৰকাৰৰ ৫৫০ কোটি টকা মূল্যৰ একাধিক প্রকল্পৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ মাজত আছে ৩০০ কোটি টকা মূল্যৰ জল সৰবৰাহ প্রকল্প, ১৭৫ কোটি টকা মূল্যৰ দাহোদ স্মাৰ্টচিটী প্রকল্প। তদুপৰি ঘোড়িয়াত জিইটিচিঅ' ছাব ষ্টেচন প্রকল্প আছে। আজিৰ অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী শ্রী অশ্বিনী বৈষ্ণব, গুজৰাটৰ মুখ্যমন্ত্রী ভূপেন্দ্র ভাই পেটেল সহ গুজৰাট চৰকাৰৰ একাধিক মন্ত্রী উপস্থিত আছিল।

অনুষ্ঠানত  শ্রী মোদীয়ে স্থানীয় উপজাতি সম্প্রদায়ৰ সৈতে তেওঁৰ দীর্ঘ সম্পর্কৰ কথা স্মৰণ কৰে। দেশৰ সেৱা কৰাৰ বাবে তেওঁক অনুপ্রাণিত কৰিবলৈ এই সম্প্রদায়ে বিশেষ সহায় কৰিছে বুলি উল্লেখ করৰে তেওঁ। প্রধানমন্ত্রীয়ে কয়, তেওঁলোকৰ সমর্থন আৰু আশীৰ্বাদক সকলো সময়ত মূৰ দোঁৱাই গ্ৰহণ কৰিছে তেওঁ। উপজাতি সম্প্রদায়ৰ সকলো সমস্যা, বিশেষকৈ মহিলাসকলৰ সমস্যাসমূহৰ সমাধানত কেন্দ্র আৰু ৰাজ্যৰ ডবল ইঞ্জিন চৰকাৰে কাম কৰি গৈছে। তেওঁ কয়, আজি যি প্রকল্পসমূহৰ উদ্বোধন কৰা হৈছে তাৰ মাজত এটা হ'ল পানীয় জল প্রকল্প, আনটো হ'ল দাহোদক এখন স্মার্ট চহৰ হিচাপে গঢ়ি তোলাৰ প্রকল্প। ই এই অঞ্চলৰ মাতৃ আৰু কন্যাসকলৰ জীৱনলৈ স্বাচ্ছন্দ্য লৈ আহিব। তেওঁ কয় যে দাহোদত ৯ হাজাৰ অশ্ব শক্তি ক্ষমতা সম্পন্ন বৈদ্যুতিক ৰে'ল ইঞ্জিন নিৰ্মাণৰ কেন্দ্রই মেক ইন ইণ্ডিয়াৰ বিষয়ে প্রচাৰ চালাব। দাহোদৰ এই ৰে'লৱে অঞ্চলটোৰ কেনেকৈ ক্ষতি হৈছিল সেই কথাও স্মৃতিচাৰণ কৰে তেওঁ। সেয়ে এই এলেকাৰ পুনৰুজ্জীৱনত  উদ্যোগ লোৱা হৈছে বুলি জনায় শ্রী মোদীয়ে। তেওঁ কয় যে এই বিপুল বিনিয়োগে এলেকাৰ তৰুণ সম্প্রদায়ৰ কর্মসংস্থানৰ সুযোগ কৰি দিব। এই ধৰণৰ উন্নত ৰে'ল ইঞ্জিন নিৰ্মাণে দেশৰ ৰে'ল ক্ষেত্রত দক্ষতাৰ ইঙ্গিত বহন কৰে বুলিও উল্লেখ কৰে প্রধানমন্ত্রীয়ে। শ্রী মোদীয়ে কয়, “বিদেশত বৈদ্যুতিক ৰে'ল ইঞ্জিনৰ চাহিদা বাঢ়িছে। এই চাহিদা পূৰণত ডাঙৰ ভূমিকা ৰাখিব দাহোদে। ভাৰত এতিয়া বিশ্বৰ কেইখনমান দেশৰ ভিতৰত অন্যতম যি, ৯ হাজাৰ অশ্ব শক্তি ক্ষমতা সম্পন্ন ৰে'ল ইঞ্জিন নিৰ্মাণ কৰে।”

গুজৰাট প্রসঙ্গৰ পৰা আঁতৰি আহি প্রধানমন্ত্রীয়ে জনায় যে দেশৰ অগ্রগতিৰ যাত্রাত আমি মাতৃ আৰু কন্যাসকলক কেতিয়াও পিছপেলাই ৰখা উচিত নহ'ব। প্রধানমন্ত্রীয়ে কয় যে চৰকাৰৰ সকলো পৰিকল্পনাৰ কেন্দ্র বিন্দুত আছে নাৰীসকলৰ জীৱনযাত্রাত স্বাচ্ছন্দ্য আৰু ক্ষমতায়ণ। পানীৰ অভাবৰ উদাহৰণ তুলি ধৰি মহিলাসকলৰ সুবিধার্থে চৰকাৰে প্রতিটো ঘৰত নলেৰে পানী সৰবৰাহ কৰিবলৈ প্রতিশ্রুতিবদ্ধ বুলিও উল্লেখ কৰে তেওঁ। প্রধানমন্ত্রীয়ে কয় যে যোৱা কেইবছৰত ৬ কোটি পৰিয়ালে নলেৰে দিয়া কলৰ পানীৰ সুবিধা পাইছে। গুজৰাটৰ ৫ লাখ উপজাতি পৰিয়াল এই সুবিধাৰ আওতালৈ আহিছে বুলিও জনায় তেওঁ। অনাগত দিনত এই অভিযান আৰু জোৰদাৰ কৰা হৈছে। তেওঁ কয় যে মহামাৰী আৰু যুদ্ধৰ এই কঠিন সময়ত চৰকাৰে তপশীলি জাতি, উপজাতি, অ'বিচি আৰু পৰিযায়ী শ্ৰমিকসকলৰ দৰে দুর্বল সম্প্রদায়ৰ কল্যাণ নিশ্চিত কৰিছে। কোনো দৰিদ্র পৰিয়ালে যাতে অনাহাৰে নোশোৱে, তাৰবাবে ২ বছৰৰো বেছি সময় ধৰি ৮০ কোটিৰো বেছি মানুহক বিনামূলীয়া ৰেছন দিয়া হৈছে। প্রধানমন্ত্রীয়ে তেওঁৰ প্রতিশ্রুতি পূর্নব্যক্ত কৰি জনায়, প্রতিটো উপজাতিপরৰিয়ালত শৌচালয়, গেছ সংযোগ, বিদ্যুৎ, পানীৰ সংযোগ সহ পকা ঘৰৰ সুবিধা দিয়া হৈছে। গাঁৱত স্বাস্থ্য আৰু সুস্থতা কেন্দ্র, শিক্ষা, এম্বুলেন্স পৰিসেৱা আৰু পথ গঢ়ি তোলা হৈছে। কেন্দ্র আৰু ৰাজ্য চৰকাৰে এই লক্ষ্য অর্জনত নিৰন্তৰ পৰিশ্রম কৰি গৈছে বুলিও জনায় তেওঁ। প্রধানমন্ত্রীয়ে প্রাকৃতিক খেতিৰ বিষয়ে বিশেষ গুৰুত্ব আৰোপ কৰে।

আজাদী কা অমৃত মহোৎসৱ প্রসঙ্গত প্রধানমন্ত্রীয়ে কয় যে ইমানদিনে অনেক স্বাধীনতা সংগ্রামীয়ে উপযুক্ত সন্মান পোৱা নাই। ভগৱান বীৰছা মু্ণ্ডাৰ দৰে শ্রদ্ধেয় স্বাধীনতা সংগ্রামীসকলক স্বীকৃতি দিয়াৰ কথাও উল্লেখ কৰে প্রধানমন্ত্রীয়ে। তেওঁ স্থানীয় শিক্ষকসকলক দাহোদ গণহত্যা সম্পর্কে শিক্ষার্থীসকলক জনাবলৈ কয়। এই গণহত্যা জালিয়ান ৱালাবাগ হত্যাকাণ্ডৰ দৰেই। ইয়াত নতুন প্রজন্মই এই ধৰণৰ ঐতিহাসিক ঘটনাৱলী সম্পর্কে জানিব পাৰিব। তেওঁ কয় যে এতিয়া একাধিক নতুন মেডিকেল আৰু নাৰ্ছিং কলেজ প্রতিষ্ঠিত হৈছে। আনকি একলব্য মডেল বিদ্যালয়ো প্রতিষ্ঠা কৰা হৈছে। উপজাতি সম্প্রদায়ভুক্ত ছাত্রছাত্রীসকলৰ গৱেষণা প্রতিষ্ঠানৰ সংখ্যা উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে। ১০৮টা সুবিধা কেন্দ্রৰ আওতাত এতিয়া সাপৰ কামোৰৰ পৰা ৰক্ষা পোৱাৰ বাবে ইঞ্জেকচন পোৱা গৈছে বুলিও উল্লেখ কৰে প্রধানমন্ত্রীয়ে।

পৰিশেষত, তেওঁ আজাদী কা অমৃত মহোৎসৱ বছৰত বিভিন্ন জিলাত ৭৫টা সৰোবৰ নির্মাণৰ বাবে পুনৰায় অনুৰোধ জনায়।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways clears ₹755-crore project to build third line between Champa and Korba

Media Coverage

Indian Railways clears ₹755-crore project to build third line between Champa and Korba
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister hails India-UK Comprehensive Economic and Trade Agreement as a historic milestone for bilateral relations
June 17, 2026

The Prime Minister, Shri Narendra Modi, has expressed delight that the India-UK Comprehensive Economic and Trade Agreement will enter into force on 15 July 2026.

The Prime Minister said that the agreement will significantly boost bilateral trade and investment.

Shri Modi stated that the agreement will unlock numerous opportunities for Indian farmers, workers, MSMEs, startups and innovators and contribute meaningfully to the realisation of Viksit Bharat 2047.

The Prime Minister noted that both he and UK Prime Minister Keir Starmer, who are in Evian for the G7 Summit, are very happy with the significant momentum being added to India-UK economic ties.

The Prime Minister wrote on X;

“A historic milestone for India-UK relations.

Delighted to note that the India-UK Comprehensive Economic and Trade Agreement will enter into force on 15th July 2026.

This agreement will significantly boost our bilateral trade and investment.

It will also unlock numerous opportunities for Indian farmers, workers, MSMEs, startups and innovators and contribute meaningfully to the realisation of Viksit Bharat 2047.

Both PM Starmer and I, who are in Evian for the G7 Summit, are naturally very happy with the significant momentum being added to our economic ties.

@Keir_Starmer”