অসম, উত্তৰ পূৰ্বাঞ্চলৰ প্ৰগতি, উন্নয়ণ আৰু সংযোগ হৈছে চৰকাৰৰ প্ৰাথমিকতা : প্ৰধানমন্ত্ৰী
ৰো-পাক্স সেৱাই ভাবিব নোৱাৰা ধৰণে কমাব দূৰত্ব : প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমত ‘মহাবাহু-ব্ৰহ্মপুত্ৰ’ প্ৰকল্পৰ শুভাৰম্ভ ঘোষণা কৰাৰ লগতে দুখন দলঙৰ আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত কেন্দ্ৰীয় স্থলপথ পৰিবহণ আৰু ঘাইপথ বিভাগৰ মন্ত্ৰী নীতীন গাড়কাৰী, কেন্দ্ৰীয় আইন আৰু ন্যায়, যোগাযোগ আৰু ইলেক্ট্ৰনিক্স তথা তথ্য প্ৰযুক্তি বিভাগৰ মন্ত্ৰী শ্ৰী ৰবীশংকৰ প্ৰসাদ , বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ বিভাগৰ স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী, অসম আৰু মেঘালয়ৰ মুখ্য মন্ত্ৰীদ্বয়েও অংশগ্ৰহণ কৰে।

‘মহাবাহু-ব্ৰহ্মপুত্ৰ’ প্ৰকল্পৰ শুভাৰম্ভ উপলক্ষে তেওঁ নীমাতি-মাজুলী, গুৱাহাটী-উত্তৰ গুৱাহাটী আৰু ধুবুৰী-হাটশিঙিমাৰীৰ মাজত চলিবলগীয়া ‘ৰো-পাক্স ভেছেল’ সেৱাৰো আনুষ্ঠানিক ভাবে শুভ উদ্বোধন কৰে। একেটা অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে যোগীঘোপাত স্থাপন হ’বলগীয়া আভ্যন্তৰীণ জল পৰিবহণৰ এটা টাৰ্মিনেল আৰু ব্ৰহ্মপুত্ৰ নদত বহুকেইটা ‘টুৰিষ্ট জেট্টী’ৰ লগতে ‘স্বাচ্ছন্দ্যৰে বাণিজ্য সম্ভৱ কৰা’ৰ বাবে আগবঢ়োৱা ডিজিটেল সমাধান প্ৰকল্পও মুকলি কৰে।

এই উপলক্ষে প্ৰদান কৰা ভাষণত প্ৰধানমন্ত্ৰীয়ে কালি অনুষ্ঠিত হৈ যোৱা কৃষিৰে বিজড়িত মিছিং জনগোষ্ঠীৰ উত্সৱ ‘আলি-আয়ে-লৃগাং’ উপলক্ষে সকলোলৈকে শুভ কামনা জ্ঞাপন কৰে। তেওঁ কয় এই পবিত্ৰ নদীখনে সহস্ৰ বছৰ ধৰি এই অঞ্চলৰ সামাজিকীকৰণ আৰু যোগাযোগ ব্যৱস্থাৰ সমাৰ্থকতা প্ৰকাশ কৰি আহিছে। বিগত সময়ছোৱাত নদীখনত বহু সম্ভাৱনীয়তা থকাৰ পিচতো কিন্তু যোগাযোগৰ সু-প্ৰবন্ধন সম্ভৱ কৰিব পৰাকৈ বিশেষ কাম-কাজ হোৱা নাছিল বুলি তেওঁ আক্ষেপ প্ৰকাশ কৰে। কেৱল এই কাৰণৰ বাবেই অসমৰ অভ্যন্তৰৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ অন্য অঞ্চলসমূহৰ সৈতে যোগাযোগ এক প্ৰত্যাহ্বান হৈয়ে আহিছিল বুলি তেওঁ উল্লেখ কৰে। পিচে এতিয়া এই সমগ্ৰ অঞ্চলটোৰ সৈতে ভৌগলিক আৰু সাংস্কৃতিক ভাবে দূৰত্ব হ্ৰাস কৰাৰ বাবে গ্ৰহণ কৰা প্ৰকল্পসমূহ দ্ৰুতগতিৰে সম্পূৰ্ণ কৰাৰ উদ্যোগ গ্ৰহণ কৰা হৈছে বুলি কয় প্ৰধানমন্ত্ৰীয়ে। শেহতীয়া বছৰ চেৰেকত অসম তথা উত্তৰ পূৰ্বাঞ্চল ভৌতিক আৰু সাংস্কৃতিক একতা শক্তিশালী কৰি তোলাৰ প্ৰয়াস চলোৱা হৈছে বুলিও তেওঁ উল্লেখ কৰে।

তেওঁ কয় ‘ড০ ভূপেন হাজৰিকা সেঁতু’, ‘বগীবিল দলং’, শৰাইঘাটৰ দলঙৰ দৰে প্ৰকল্পসমূহে অসমৰ জনজীৱন এতিয়া সহজসাধ্য কৰি তুলিছে। ইয়ে দেশৰ সুৰক্ষা ব্যৱস্থাক শক্তিশালী কৰি তোলাৰ লগতে সেনা বাহিনীৰ আহ-যাহৰ ক্ষেত্ৰতো সুবিধা প্ৰদান কৰিছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলক সংযোজিত কৰাৰ বাবে আৰম্ভ কৰা অভিযানটোৱে আজি আৰু এঢাপ আগবঢ়াৰ অৱকাশ পালে বুলিও তেওঁ মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে নদীদ্বীপ মাজুলীত ৰাজ্যৰ প্ৰথমটো ‘হেলি-পৰ্ট’ স্থাপন কৰাৰ লগতে মাজুলীবাসীৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনাই কলিবাৰী ঘাটক যোৰহাটৰে সংযোজিত কৰি স্থাপন কৰিবলগীয়া ৮কিলোমিটাৰ দৈৰ্ঘ্যৰ দলংখনৰ ভূমি পূজনৰে দ্ৰুত আৰু নিৰাপদ স্থলপথ সংযোগৰ বিকল্প লাভৰ আৰম্ভণী হোৱা বাবে অসমৰ মুখ্য মন্ত্ৰী আৰু তেওঁৰ চৰকাৰখনে গ্ৰহণ কৰা ভূমিকাৰ শলাগ লয়। তেওঁ ‘এইখন সুবিধা আৰু সম্ভাৱনাৰ দলং হিচাপে পৰিগণিত হ’ব’ বুলিয়ে আশা প্ৰকাশ কৰে।

সেইদৰে, ১৯কিলোমিটাৰ দৈৰ্ঘ্যৰ ধুবুৰীৰ পৰা মেঘালয়ৰ ফুলবাৰীক সংযোজিত কৰি স্থাপন কৰিবলগীয়া দলংখনে বৰাক উপত্যকাৰে পথ যোগায়োগ ব্যৱস্থাক উন্নত কৰাৰ লগতে সামগ্ৰিক ভাবে মেঘালয়, মণিপুৰ, মিজোৰাম আৰু অসমৰ মাজৰ দূৰত্ব হ্ৰাস কৰিব। প্ৰধানমন্ত্ৰীয়ে আঙুলীয়াই দি কয় যে স্থলপথৰে মোঘালয় আৰু অসমৰ মাজৰ দূৰত্ব প্ৰায় ২৫০ কিলোমিটাৰ, পিচে উল্লিখিত দলংখন সম্পূৰ্ণ হৈ উঠিলে এই দূৰত্ব ১৯-২০ কিলোমিটাৰলৈ হ্ৰাস পাব।

‘মহাবাহু-কাৰ্যক্ৰম’ সন্দৰ্ভত মন্তব্য কৰি শ্ৰী মোদীয়ে কয় যে, ই ব্ৰহ্মপুত্ৰৰ জৰিয়তে সংযোগ ব্যৱস্থাটোক শক্তিশালী কৰি তোলাৰ লগতে বন্দৰ-ভিত্তিক উন্নয়ণকো ত্বৰান্বিত কৰিব। আজি মুকলি কৰা তিনিটাকৈ ‘ৰো-পাক্স সেৱা’ই অসমক দেশৰ ভিতৰতে এনে সেৱাৰে সংযোজিত অগ্ৰণী ৰাজ্য হিচাপে পৰিগণিত কৰালে। এই তিনিটা সেৱাৰ লগতে চাৰিখন ‘পৰ্যটক জেট্টী’য়ে উত্তৰ পূৰ্বাঞ্চলৰ সৈতে অসমৰ সংযোগ ব্যৱস্থাটোক লক্ষণীয় ভাবে উন্নত কৰিব।

তেওঁ কয়, যদি সাধাৰণ মানুহৰ সুবিধা প্ৰাথমিকতা হয় আৰু বিকাশৰ লক্ষ্য অটল হয় তেতিয়া নতুন পথৰো সৃষ্টি হয়। মাজুলী আৰু নিমাতীৰ মাজত ‘ৰো-পাক্স সেৱা’ এনে ধৰণৰ উদাহৰণ। আপুনি পথেৰে প্ৰায় ৩২৫ কিলোমিটাৰ ঘূৰি ফুৰিব নালাগে। আপুনি এতিয়া ৰো-পাক্সৰ জৰিয়তে মাত্ৰ ১২ কিলোমিটাৰতেই আপোনাৰ চাইকেল, স্কুটাৰ, বাইক বা গাড়ীখন জাহাজলৈ লৈ যাব পাৰে। এই পথত চলি থকা ২খন জাহাজে এবাৰত প্ৰায় ১৬০০ যাত্ৰী আৰু ডজনসংখ্যক বাহন বহন কৰিবলৈ সক্ষম হ'ব। এতিয়া গুৱাহাটীৰ লোকসকলকো একেধৰণৰ সুবিধা প্ৰদান কৰা হ'ব। এতিয়া, উত্তৰ আৰু দক্ষিণ গুৱাহাটীৰ মাজৰ দূৰত্ব ৪০ কিলোমিটাৰৰ পৰা মাত্ৰ ৩ কিলোমিটাৰলৈ হ্ৰাস হ'ব। একেদৰে, ধুবুৰী আৰু হাটশিঙিমাৰীৰ মাজৰ দূৰত্ব প্ৰায় এশ পঁচিশ কিলোমিটাৰৰ ৰ পৰা ৩০ কিলোমিটাৰলৈ হ্ৰাস হ'ব।

আমাৰ চৰকাৰে কেৱল জলপথ তৈয়াৰ কৰাই নহয়, সেইবোৰ ব্যৱহাৰ কৰা লোকসকলক সঠিক তথ্য প্ৰদান কৰাটো নিশ্চিত কৰিবলৈ আজি এই ই-পোৰ্টেল আৰম্ভ কৰা হৈছে। ‘কাৰ-ডি প’ৰ্টেলে’ প্ৰকৃত সময়ত ৰাষ্ট্ৰীয় জলপথৰ সকলো কাৰ্গো আৰু ক্ৰুজ সম্পৰ্কীয় ট্ৰেফিক তথ্য দখল কৰাত সহায় কৰিব। একেদৰে, পানী পৰ্টেলে নেভিগেছনৰ উপৰিও জলপথৰ আন্তঃগাঁথনিৰ বিষয়েও তথ্য প্ৰদান কৰিব। জিআইএছ-আধাৰিত ভাৰত মেপ প’ৰ্টেলে এনে লোকসকলক সহায় কৰে যিসকলে চৌদিশে ভ্ৰমণ কৰিবলৈ বিচাৰে অথবা ব্যৱসায়ৰ বাবে আহিবলৈ বিচাৰে। আত্মনিৰ্ভৰ ভাৰতৰ বাবে বহুমুখী সংযোগ বিকশিত কৰা হৈছে, অসম তাৰে ভিতৰত সৰ্বশ্ৰেষ্ঠ উদাহৰণ হ'বলৈ ধৰিছে।

ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কয়, অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ সংযোগ ব্যৱস্থাৰ উত্তৰণৰ বাবে জলপত, ৰেলপথ, ঘাইপথৰ লগতে ইণ্টাৰনেটৰ সংযোগো সমানেই গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰা প্ৰধানমন্ত্ৰীয়ে এই ক্ষেত্ৰত নিৰন্তৰ কাম কৰি থকা হৈছে। অচিৰেই কেইবাশ কোটি টকা বিনিয়োগৰে গুৱাহাটীত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ডাটা চেণ্টাৰ স্থাপন কৰা হব বুলি তেওঁ ঘোষণা কৰে। এই কেন্দ্ৰটোৱে উত্তৰ পূৰ্বাঞ্চলৰ ৮খন ৰাজ্যৰ তথ্য কেন্দ্ৰ প্ৰাণকেন্দ্ৰ হিচাপে ভূমিকা পালন কৰিব আৰু অসমকে ধৰি উ্ত্তৰ পূৰ্বাঞ্চলত স্থাপিত হবলগীয়া তথ্য প্ৰযুক্তি সেৱা ভিত্তিক উদ্যোগ, বিপিঅ আৰু ষ্ট্ৰটআপসমূহক ই-গভাৰনেন্সৰ জৰিয়তে শক্তিশালী কৰি তোলাত সহায় কৰিব।

প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে ‘সব কা সাথ, সব কা বিকাশ আৰু সব কা বিশ্বাস’ৰ মন্ত্ৰ সাৰোগত কৰি উত্তৰ পূৰ্বাঞ্চলকে ধৰি দেশৰ কামত অগ্ৰসৰ হৈছে বুলি মন্তব্য কৰে। তেওঁ মাজুলীৰ সাংস্কৃতিক মহত্ব আৰু চহকী ঐতিহ্য, অসমীয়া সংস্কৃতি আৰু স্থানীয় জৈৱ-বৈচিত্ৰ্যৰো বিশেষ ভাবে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে সাংস্কৃতিক বিশ্ববিদ্যালয় স্থাপন কৰা, মাজুলীলীলৈ জৈৱ বৈচিত্ৰ্য ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি, তেজপুৰ-মাজুলী-শিৱসাগৰক লৈ ঐতিহ্য চক্ৰ স্থাপন কৰা, নমামী ব্ৰহ্মপুত্ৰ, নমামী বৰাকৰ দৰে পদক্ষেপসমূহৰ প্ৰসংগও তেওঁৰ ভাষণত উল্লেখ কৰে। এইসমূহ প্ৰকল্পই অসমৰ পৰিচিতিক অধিক সমৃদ্ধি প্ৰদান কৰিছে বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ আজি মুকলি কৰা প্ৰকল্পসমূহৰ জৰিয়তে অসমে পৰ্যটনৰ জগতখনত নিজৰ স্থিতি অধিক সুদৃঢ় কৰাৰ লগতে অদূৰ ভৱিষ্যতে ‘ক্ৰুজ টুৰিজম’ৰ এক গুৰুত্বপূৰ্ণ লক্ষ্যস্থান হিচাপে পৰিচিতি লাভ কৰিবলৈ সক্ষম হব বুলিও আশা প্ৰকাশ কৰে। ‘অসম তথা উত্তৰ পূৰ্বাঞ্চলক আত্মনিৰ্ভৰ ভাৰতৰ এক শক্তিশালী স্তম্ভ হিচাপে গঢ়ি তুলিবলৈ আমি একেলগ হৈ কাম কৰিব লাগিব’ বুলি অভিমত প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণৰ সামৰণি মাৰে।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre allows 100% FDI in insurance via auto route

Media Coverage

Centre allows 100% FDI in insurance via auto route
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates GalaxEye on the successful launch of Mission Drishti
May 03, 2026

Prime Minister Shri Narendra Modi has congratulated the founders and the entire team of GalaxEye on the successful launch of Mission Drishti.

The Prime Minister noted that Mission Drishti by GalaxEye marks a major achievement in India's space journey. Shri Modi highlighted that the successful launch of the world’s first OptoSAR satellite and the largest privately-built satellite in India is a testament to the youth’s passion for innovation and nation-building. He also extended his heartiest congratulations and best wishes to the founders and the entire team of GalaxEye.

The Prime Minister posted on X:

"Mission Drishti by GalaxEye marks a major achievement in our space journey. The successful launch of the world’s first OptoSAR satellite and the largest privately-built satellite in India is a testament to our youth’s passion for innovation and nation-building.

Heartiest congratulations and best wishes to the founders and the entire team of GalaxEye."