এই কঠিন সময়ত কোনো পৰিয়াল যাতে ভোকাতুৰে নাথাকে, সেয়া চোৱাটো আমাৰ কর্তব্যঃ প্রধানমন্ত্রী
প্রধানমন্ত্রী গৰীৱ কল্যাণ অন্ন যোজনাৰ অধীনত ৮০ কোটি হিতাধিকাৰীলৈ আৰু দুমাহৰ বিনামূলীয়া খাদ্য-সামগ্ৰী, কেন্দ্রই এই আঁচনিৰ বাবে ২৬ হাজাৰ কোটিতকৈ অধিক টকাৰ ব্যয় কৰিছেঃ প্রধানমন্ত্রী
সকলো কেন্দ্রীয় নীতি আৰু উদ্যোগৰ মূল কেন্দ্রত আছে গাঁওসমূহঃ প্রধানমন্ত্রী
কেন্দ্রীয় চৰকাৰে পঞ্চায়তসমূহৰ বাবে ২.২৫ লাখ কোটি টকা আৱণ্টন কৰিছে, যাৰফলত পঞ্চায়তসমূহৰ কাম-কাজত আৰু অধিক স্বচ্ছতা আহিবঃ প্রধানমন্ত্রী

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে স্বামীত্ব আঁচনিৰ অধীনত আজি ভিডিঅ’ কনফাৰেন্সযোগে ই-সম্পত্তি কার্ড বিতৰণৰ শুভাৰম্ভ কৰে। এই উপলক্ষে ৪.৯ লাখ সম্পত্তিৰ মালিকানাধীন ব্যক্তিক ই-সম্পত্তি কার্ড প্ৰদান কৰা হয়। একেদৰে সমগ্ৰ দেশত আজিৰে পৰা স্বামীত্ব আঁচনিৰো শুভাৰম্ভ কৰা হৈছে। কেন্দ্রীয় মন্ত্রী শ্রী নৰেন্দ্র সিং তোমৰকে ধৰি কেইবাখনো ৰাজ্যৰ মূখ্যমন্ত্রী আৰু পঞ্চায়তীৰাজ মন্ত্রীসকল অনুষ্ঠানত উপস্থিত থাকে।

প্রধানমন্ত্রীয়ে কয় যে পঞ্চায়তীৰাজ দিৱস এনে এক উপলক্ষ য’ত গ্রামীণ ভাৰতৰ পুনৰুত্থানত আমি নিজকে আত্মনিয়োগ কৰাৰ বাবে শপথ লও৷ এই দিনটো আমাৰ গাঁও পঞ্চায়তসমূহৰ অসাধাৰণ কামৰ স্বীকৃতি জনোৱাৰ মুহূর্ত।

ক’ৰোনা মোকাবিলা কৰা আৰু মাৰাত্মক এই ভাইৰাছৰ সংক্রমণ প্রতিৰোধত গাঁও পঞ্চায়ত তথা স্থানীয় নেতৃবৃন্দৰ ভূমিকাৰ প্রশংসা কৰি প্রধানমন্ত্রীয়ে কয় যে এওঁলোকৰ সজাগতামূলক প্ৰচেষ্টাৰ বাবেই এই ভাইৰাছে গাঁওসমূহত বিয়পিব পৰা নাই৷ তেওঁ সজোৰে কয় যে মহামাৰীৰ এই বিভীষিকাৰ পৰা গ্রামীণ ভাৰতক আঁতৰাই ৰাখিব লাগিব৷ শ্রী মোদীয়ে পঞ্চায়ত প্রতিষ্ঠানসমূহক ক’ৰোনা সংকট মোকাবিলা কৰাৰ বাবে জাৰি কৰা নীতি-নির্দেশনাসমূহ উপযুক্তভাৱে কার্যকৰী কৰাৰ বাবে পৰামর্শ দিয়ে। তেওঁ কয় যে আমি এইটো সুনিশ্চিত কৰিব লাগিব যে গাঁৱৰ প্রতিগৰাকী মানুহে যেন ক’ৰোনাৰ টিকা লাভ কৰে আৰু প্রত্যেকেই যেন আগতীয়া সকলো সতর্কতামূলক ব্যৱস্থা মানি চলে৷

প্রধানমন্ত্রীয়ে কয় যে এই কঠিন সময়ত যাতে কোনো পৰিয়াল ভোকাতুৰে নাথাকে, সেয়া চোৱাটো আমাৰ কর্তব্য। তেওঁ কয় যে প্রধানমন্ত্রী গৰীৱ কল্যাণ যোজনাৰ জৰিয়তে প্রত্যেক দৰিদ্র মানুহক মে’ আৰু জুন মাহত বিনামূলীয়াকৈ খাদ্য সামগ্ৰী প্ৰদান কৰিব। এই আঁচনিৰ ফলত ৮০ কোটি হিতাধিকাৰী উপকৃত হ’ব আৰু কেন্দ্র চৰকাৰে এই শিতানত ২৬ হাজাৰ কোটিতকৈও অধিক টকা ব্যয় কৰিছে।

প্রধানমন্ত্রীয়ে জনায় যে এবছৰৰ ভিতৰত যি ৬খন ৰাজ্যত স্বামীত্ব আঁচনি ৰূপায়ণ কৰা হৈছিল তাৰ প্রভাৱ আৰম্ভ হৈছে। এই আঁচনিৰ অধীনত দ্রোণ প্রযুক্তিৰ মাধ্যমে সমগ্র গাঁৱৰ সম্পত্তিৰ সমীক্ষা কৰা হৈছে আৰু ইয়াৰ ভিত্তিত মালিকানাধীন ব্যক্তিসকলৰ সম্পত্তি কার্ড প্ৰদান কৰা হয়। আজি ৫ হাজাৰতকৈও অধিক গাঁৱৰ ৪ লাখ ৯ হাজাৰ ব্যক্তিক ই-সম্পত্তি কার্ড প্ৰদান কৰা হৈছে। এই আঁচনি ৰূপায়ণৰ ফলত গাঁওসমূহত নতুন বিশ্বাসৰ সঞ্চাৰ হৈছে। ই-সম্পত্তি কার্ড সম্পত্তিৰ যিকোনো বিবাদ মীমাংসাৰ ক্ষেত্রত ডাঙৰ ভূমিকা পালন কৰিব। একেদৰে দৰিদ্র জনসাধাৰণক শোষণ আৰু দুর্নীতিৰ পৰা ৰক্ষা কৰিব। সাধাৰণ মানুহে ই-সম্পত্তি কার্ডৰ ফলত সহজে ঋণ সাহাৰ্য লাভ কৰিব। এই আঁচনিয়ে দৰিদ্র জনসাধাৰণৰ সম্পত্তিৰ নিৰাপত্তা যিদৰে সুনিশ্চিত কৰিব, সেইদৰেই গাঁওসমূহৰ সুপৰিকল্পিত উন্নয়ন আৰু আর্থিক বিকাশ ত্বৰান্বিত হ’ব বুলি প্রধানমন্ত্রীয়ে মত প্রকাশ কৰে৷ শ্রী মোদীয়ে ৰাজ্যসমূহক ছার্ভে অফ ইণ্ডিয়াৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ পৰামর্শ দিয়ে যাতে সমীক্ষা পৰিচালনাৰ কামত প্রয়োজন সাপেক্ষে ৰাজ্যিক পৰ্যায়ত আইনসমূহক প্রয়োজনীয় সংশোধন কৰিব পৰা যায়। প্রধানমন্ত্রীয়ে বেংকসমূহক সম্পত্তি কার্ডৰ ফৰমেট অনুসৰি সহজে ঋণ প্ৰদানৰ সুবিধা চালি-জাৰি চোৱাৰ নির্দেশ দিয়ে৷

প্রধানমন্ত্রীয়ে পুনৰ কয় যে অগ্রগতি আৰু সংস্কৃতিৰ ক্ষেত্রত আমাৰ গাঁওসমূহে সদায় অগ্রণী ভূমিকা পালন কৰি আহিছে। সেইবাবে সকলো কেন্দ্রীয় নীতি আৰু উদ্যোগৰ মূল কেন্দ্রত গাঁওসমূহকে ৰখা হৈছে৷ প্রধানমন্ত্রীয়ে কয় যে আমাৰ উদ্দেশ্য হ’ল আধুনিক ভাৰতৰ গাঁওসমূহক সক্ষম আৰু আত্মনির্ভৰ কৰি তোলা।

পঞ্চায়ত প্রতিষ্ঠানসমূহৰ ভূমিকা সম্প্রসাৰণত গ্ৰহণ কৰা পদক্ষেপসমূহৰ কথা উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে এতিয়া পঞ্চায়তসমূহ অগ্রগতিৰ নতুন উচ্চতাত উপনীত হৈছে আৰু ফাইবাৰ নেট ব্যৱস্থাৰ জৰিয়তে পঞ্চায়তসমূহক জড়িত কৰা হৈছে। জল জীৱন মিচনৰ অধীনত প্রতিটো পৰিয়ালত নলসংযোগী খোৱাপানীৰ সুবিধা প্ৰদান কৰাৰ ক্ষেত্রত পঞ্চায়তসমূহ ভূমিকা উল্লেখযোগ্য৷ একেদৰে, প্রতিগৰাকী দৰিদ্র লোকৰ বাবে পকী গৃহৰ ব্যৱস্থা অথবা কর্মসংস্থাপনৰ সুবিধা প্রদানৰ ক্ষেত্রত পঞ্চায়তসমূহে গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে। প্ৰধানমন্ত্ৰীয়ে পঞ্চায়তসমূহক ক্রমৱর্ধমান আর্থিক স্বায়ত্ব শাসনৰ প্রসংগও উল্লেখ কৰে৷ এই প্রসংগত তেওঁ গাঁও পঞ্চায়তসমূহক ২.২৫ লাখ কোটি টকা মঞ্জুৰ দিয়া বুলি সদৰি কৰে৷ ইয়াৰ ফলত পঞ্চায়তসমূহৰ কাম-কজৰ হিচাপত স্বচ্ছতা আৰু অধিক বৃদ্ধি পাব৷ পঞ্চায়তীৰাজ মন্ত্ৰালয়ে ই-গাঁও স্বৰাজ আঁচনিৰ জৰিয়তে অনলাইন মাছুল পুৰণৰ ব্যৱস্থা আৰম্ভ কৰা বুলিও প্রধানমন্ত্রীয়ে অৱগত কৰে৷ ইয়াৰ ফলত গাঁও পঞ্চায়তৰ যিকোনো কাম-কাজত প্রাপ্য মাছুল পাৱলিক ফিনান্স মেনেজমেণ্ট ছিষ্টেম বা পিএফএমএছ ব্যৱস্থাৰ জৰিয়তে পুৰণ কৰা যাব। একেদৰে অনলাইন অডিট ব্যৱস্থা কার্যকৰী হ’লে আর্থিক স্বচ্ছতা আৰু অধিক বৃদ্ধি পাব। তেওঁ জনায় যে বহু পঞ্চায়তে ইতিমধ্যে পিএফএমএছ ব্যৱস্থাৰ সৈতে যুক্ত হৈছে। বাকী গাঁও পঞ্চায়তসমূহকোও তেওঁ যিমান পাৰি সোনকালে এই ব্যৱস্থাৰ সৈতে জড়িত হোৱাৰ পৰামর্শ দিয়ে।

ভাৰতৰ স্বাধীনতাৰ ৭৫তম বর্ষপূর্তিৰ কথা উল্লেখ কৰি প্রধানমন্ত্রীয়ে পঞ্চায়ত প্রতিষ্ঠানসমূহক প্ৰত্যাহ্বানকো নেওচি উন্নয়নৰ চকা গতিশীল কৰি ৰখাৰ পৰামর্শ দিয়ে। তেওঁ গাঁও পঞ্চায়তসমূহত লক্ষ্য আৰু পৰিকল্পনা স্থিৰ কৰি নির্দিষ্ট সময়সীমাৰ ভিতৰত সেয়া পূৰণত উদ্যোগী হ’বলৈ কয়৷

স্বামীত্ব আঁচনি সম্পর্কে

প্রধানমন্ত্রীয়ে ২০২০ৰ ২৪ এপ্রিল আর্থ-সামাজিক দিশত শক্তিশালী আৰু আত্মনির্ভৰ গ্রামীণ ভাৰত গঢ়ি তোলাৰ বাবে কেন্দ্রীয় পৰ্যায়ৰ প্রকল্প হিচাপে স্বামীত্ব আঁচনিৰ শুভাৰম্ভ কৰে৷ স্বামীত্ব আঁচনি হ’ল গাঁও এলেকাত আধুনিক প্রযুক্তিৰ জৰিয়তে গাঁৱৰ সমীক্ষা আু মানচিত্র নির্মাণ। আধুনিক প্রযুক্তিক কামত লগাই গ্রামীণ ভাৰতৰ ৰূপান্তৰত এই আঁচনিৰ যথেষ্ট সম্ভাৱনা আছে। গাঁওবাসীয়ে নিজৰ সম্পত্তিক আর্থিক সম্পদ হিচাপে কামত লগাই ঋণ আু অন্যান্য আর্থিক সা-সুবিধা গ্ৰহণ কৰিব পাৰিব৷ এই আঁচনিৰ জৰিয়তে ২০২১-২০২৫পর্যন্ত সমগ্ৰ দেশত ৬.৬২লাখ গাঁৱক অন্তর্ভুক্ত কৰাৰ পৰিকল্পনা লোৱা হৈছে।

উল্লেখ্য যে ২০২০-২১ত পৰীক্ষামূলকভাৱে এই কাৰ্যসূচী মহাৰাষ্ট্র, কর্ণাটক, হাৰিয়ানা, উত্তৰপ্রদেশ, উত্তৰাখণ্ড, মধ্যপ্রদেশ-এই ৬খন ৰাজ্যসহ পাঞ্জাৱ আৰু ৰাজস্থানৰ নির্দিষ্ট কেইখনমান গাঁৱত ৰূপায়ণ কৰা হয়।

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre allows 100% FDI in insurance via auto route

Media Coverage

Centre allows 100% FDI in insurance via auto route
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the loss of lives due to a fire mishap in Delhi’s Shahdara district
May 03, 2026
PM announces ex-gratia from PMNRF

Prime Minister Shri Narendra Modi has expressed deep grief over the loss of lives due to a fire mishap in Delhi’s Shahdara district.

The Prime Minister extended his condolences to those who have lost their loved ones in this tragic mishap and prayed for the speedy recovery of the injured.

Shri Modi announced that an ex-gratia of Rs. 2 lakh from the Prime Minister's National Relief Fund (PMNRF) would be given to the next of kin of each of those who lost their lives, and the injured would be given Rs. 50,000.

The Prime Minister posted on X:

"The loss of lives due to a fire mishap in Delhi’s Shahdara district is extremely distressing. Condolences to those who have lost their loved ones. Praying for the speedy recovery of the injured.
An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each of those who lost their lives. The injured would be given Rs. 50,000: PM"