গুজৰাট চৰকাৰৰ G-SAFAL আৰু G-MAITRI কাৰ্যসূচী আৰম্ভ প্ৰধানমন্ত্ৰীৰ
নাৰীৰ আশীৰ্বাদ মোৰ শক্তি, সম্পত্তি আৰু বৰ্ম: প্ৰধানমন্ত্ৰী
ভাৰতে এতিয়া মহিলা নেতৃত্বাধীন উন্নয়নৰ পথেৰে আগবাঢ়িছে: প্ৰধানমন্ত্ৰী
আমাৰ চৰকাৰে মহিলাৰ বাবে ‘সন্মান’ আৰু ‘সুবিধা’ক সৰ্বোচ্চ গুৰুত্ব দিয়েঃ প্ৰধানমন্ত্ৰী
গ্ৰাম্য মহিলাৰ সৱলীকৰণতেই আছে গ্ৰাম্য ভাৰতৰ আত্মা: প্ৰধানমন্ত্ৰী
প্ৰতিটো ভয় আৰু সন্দেহক অতিক্ৰম কৰি আগবাঢ়িছে নাৰী শক্তিঃ প্ৰধানমন্ত্ৰী
যোৱা দশকটোত আমি মহিলাৰ সুৰক্ষাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিছো: প্ৰধানমন্ত্ৰী

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ নৱছাৰীত কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰে। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ অনুষ্ঠানত ভাষণ দি তেওঁ উপস্থিত বৃহৎ সংখ্যক মাতৃ, ভগ্নী, কন্যাসকলৰ পৰা পোৱা মৰম, মৰম আৰু আশীৰ্বাদৰ বাবে আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰি সমগ্ৰ দেশৰ মহিলাসকললৈ উষ্ম অভিনন্দন জনায়। তেওঁ কয় যে মহাকুম্ভৰ সময়ত তেওঁ মা গংগাৰ আশীৰ্বাদ লাভ কৰিছিল যদিও আজি তেওঁ "মাতৃশক্তিৰ মহাকুম্ভ"ত উপস্থিত থাকি ধন্য অনুভৱ কৰিছে। প্ৰধানমন্ত্ৰীয়ে গুজৰাটত G-SAFAL (Gujarat Scheme for Antyodaya Families for Augmenting Livelihoods) আৰু G-MAITRI (Gujarat Mentorship and Acceleration of Individuals for Transforming Rural Income) নামৰ দুখন গুৰুত্বপূৰ্ণ আঁচনিও গুজৰাটত আৰম্ভ কৰাৰ ওপৰত আলোকপাত কৰে। ইয়াৰ উপৰিও বিভিন্ন আঁচনিৰ ধন পোনপটীয়াকৈ মহিলাসকলৰ বেংক একাউণ্টলৈ স্থানান্তৰিত হোৱাৰ কথা উল্লেখ কৰি এই উল্লেখযোগ্য কৃতিত্বৰ বাবে সকলোকে অভিনন্দন জনায়।

শ্ৰী মোদীয়ে আজিৰ দিনটো মহিলাসকলৰ প্ৰতি উৎসৰ্গিত বুলি মন্তব্য কৰি সকলোকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ গৌৰৱেৰে উল্লেখ কৰে যে তেওঁ নিজকে পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তি বুলি গণ্য কৰে, সেয়া ধনৰ বাবে নহয়, কোটি কোটি মাতৃ, ভগ্নী, কন্যাৰ পৰা পোৱা আশীৰ্বাদৰ বাবে। তেওঁ কয়, “এই আশীৰ্বাদবোৰেই মোৰ সৰ্বোচ্চ শক্তি, মোৰ মূলধন আৰু মোৰ সুৰক্ষাৰ অভেদ্য বৰ্ম।”

সমাজ আৰু দেশৰ উন্নয়নৰ ভেটি হিচাপে নাৰীক সন্মান জনোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰি কয় যে, “দেশৰ ক্ষীপ্ৰ অগ্ৰগতিৰ বাবে ভাৰতে এতিয়া মহিলা নেতৃত্বাধীন উন্নয়নৰ পথেৰে আগবাঢ়িছে।” তেওঁ লগতে কয় যে চৰকাৰে মহিলাৰ জীৱন উন্নত কৰাৰ ক্ষেত্ৰত সন্মান আৰু সুবিধা দুয়োটাতে গুৰুত্ব আৰোপ কৰিছে। তেওঁ কোটি কোটি মহিলাৰ বাবে ‘ইজ্জত ঘৰ’ বা ‘মৰ্যাদাৰ ঘৰ’ বুলি কোৱা শৌচাগাৰ নিৰ্মাণৰ কথা আঙুলিয়াই দিয়ে, যিয়ে তেওঁলোকৰ মৰ্যাদা বৃদ্ধি কৰিছে। তেওঁ কোটি কোটি মহিলাক বেংকিং ব্যৱস্থাত একত্ৰিত কৰিবৰ বাবে বেংক একাউণ্ট খোলাৰ কথাও উল্লেখ কৰে। ইয়াৰ উপৰিও তেওঁ চিৰাচৰিত ধোঁৱাৰ কষ্টৰ পৰা মহিলাসকলক ৰক্ষা কৰিবলৈ উজ্জ্বলা চিলিণ্ডাৰৰ ব্যৱস্থাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। শ্ৰী মোদীয়ে আৰু কয় যে চৰকাৰে শ্ৰমিক মহিলাৰ প্ৰসূতিকালীন ছুটী ১২ সপ্তাহৰ পৰা ২৬ সপ্তাহলৈ বৃদ্ধি কৰিছে। লাখ লাখ মুছলমান ভগ্নীৰ জীৱন ৰক্ষাৰ বাবে চৰকাৰে কঠোৰ আইন প্ৰণয়ন কৰি মুছলমান মহিলাক ট্ৰিপল তালাকৰ পৰা মুক্ত কৰি আইন প্ৰণয়ন কৰাৰ কথাও উল্লেখ কৰে। তেওঁ লগতে উল্লেখ কৰে যে কেনেকৈ জম্মু-কাশ্মীৰত ৩৭০ নং অনুচ্ছেদৰ অধীনত মহিলাসকলে বহু অধিকাৰ হেৰুৱাইছিল, যেনে ৰাজ্যৰ বাহিৰৰ কাৰোবাক বিয়া কৰালে নিজৰ পূৰ্বপুৰুষৰ সম্পত্তি ধৰি ৰখাৰ ক্ষমতা। ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ লগে লগে জম্মু-কাশ্মীৰৰ মহিলাসকলে এতিয়া এই অধিকাৰসমূহ পুনৰ লাভ কৰিবলৈ সক্ষম হৈছে।

 

সমাজ, চৰকাৰী, আৰু বৃহৎ প্ৰতিষ্ঠানৰ বিভিন্ন খণ্ডত মহিলাসকলৰ বাবে বৃদ্ধি পোৱা সুযোগসমূহৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে, “ৰাজনীতি, ক্ৰীড়া, ন্যায়পালিকা, আইন প্ৰয়োগ আদি সকলো দিশতেই মহিলাসকলে পাৰদৰ্শিতা দেখুৱাইছে।” তেওঁ উল্লেখ কৰে যে ২০১৪ চনৰ পৰা প্ৰধান প্ৰধান পদবোৰত মহিলাসকলৰ অংশগ্ৰহণ যথেষ্ট বৃদ্ধি পাইছে। তেওঁ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে সৰ্বাধিক মহিলা মন্ত্ৰী দেখা পাইছে, সংসদতো মহিলাৰ উপস্থিতি বৃদ্ধি পাইছে। ২০১৯ চনত ৭৮ গৰাকী মহিলা সাংসদ নিৰ্বাচিত হৈছিল, আৰু বৰ্তমান ৭৪ গৰাকী মহিলা সাংসদ ১৮ নং লোকসভাৰ অংশ হৈ আছে। তেওঁ ন্যায়পালিকাত মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে জিলা আদালতত তেওঁলোকৰ প্ৰতিনিধিত্বই এতিয়া ৩৫% অতিক্ৰম কৰিছে। কেইবাখনো ৰাজ্যত দেৱানী ন্যায়াধীশ হিচাপে নতুনকৈ নিযুক্তি পোৱা ৫০% তকৈ অধিক মহিলা। শ্ৰী মোদীয়ে আৰু কয়, “ভাৰত হৈছে বিশ্বৰ তৃতীয় বৃহত্তম ষ্টাৰ্টআপ ইক’চিষ্টেম, য’ত প্ৰায় আধা সংখ্যক ষ্টাৰ্টআপত নেতৃত্বৰ ভূমিকাত আছে মহিলা।” তেওঁ বৃহৎ মহাকাশ অভিযানৰ নেতৃত্ব দিয়া মহিলা বিজ্ঞানীসকলৰ অৱদানক প্ৰশংসা কৰে আৰু বিশ্বজুৰি ভাৰতত সৰ্বাধিক মহিলা পাইলট থকাৰ বাবে গৌৰৱ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে নৱছাৰীত মহিলা আৰক্ষী জোৱান আৰু বিষয়াসকলে নিৰাপত্তা ব্যৱস্থা চম্ভালি এই অনুষ্ঠানৰ আয়োজন কৰাৰ বাবে আৰু নিৰাপত্তাৰ ক্ষেত্ৰত মহিলাসকলৰ প্ৰচেষ্টাক প্ৰসংশাৰে স্বীকাৰ কৰে। আত্মসহায়ক গোটৰ মহিলাসকলৰ সৈতে তেওঁৰ পূৰ্বৰ মত-বিনিময়ৰ কথা সোঁৱৰণ কৰি তেওঁলোকৰ উৎসাহ আৰু আত্মবিশ্বাসক ভাৰতৰ মহিলাসকলৰ শক্তি সামৰ্থ্যৰ এক শক্তিশালী প্ৰমাণ হিচাপে উল্লেখ কৰে। বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত হ’ব, এই লক্ষ্যত উপনীত হোৱাত মহিলাসকলে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলিও তেওঁৰ পুনৰ আস্থা প্ৰকাশ কৰে।

মহিলাসকলৰ কঠোৰ পৰিশ্ৰম আৰু শক্তি-সামৰ্থ্যৰ জৰিয়তে গঢ় লৈ উঠা ৰাজ্যখনৰ সফল সমবায় আৰ্হিৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে গুজৰাটক মহিলা নেতৃত্বাধীন উন্নয়নৰ এক প্ৰধান উদাহৰণ হিচাপে আলোকপাত কৰে। গুজৰাটৰ লাখ লাখ গ্ৰামীণ মহিলাই কেনেদৰে দুগ্ধ উৎপাদনক এক বৈপ্লৱিক আন্দোলনলৈ ৰূপান্তৰিত কৰিছে সেই কথাও উল্লেখ কৰি তেওঁ আমুলৰ বিশ্বব্যাপী স্বীকৃতিৰ কথা সোঁৱৰণ কৰে। তেওঁ লগতে কয় যে গুজৰাটী মহিলাসকলে কেৱল অৰ্থনৈতিকভাৱে নিজকে সবল কৰাই নহয়, গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। প্ৰধানমন্ত্ৰীয়ে লগতে গুজৰাটী মহিলাৰ উদ্যোগত লিজ্জত পাপড়ৰ সফলতাৰ কথাও উল্লেখ কৰে, যিটো এতিয়া শ শ কোটি মূল্যৰ ব্ৰেণ্ডলৈ পৰিণত হৈছে।

গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে থকা সময়ছোৱাৰ কথা স্মৰণ কৰি মোদীয়ে মহিলা আৰু ছোৱালীৰ কল্যাণৰ বাবে চৰকাৰে আৰম্ভ কৰা বিভিন্ন পদক্ষেপ যেনে- চিৰঞ্জীৱী যোজনা, বেটি বাচাও অভিযান, মমতা দিৱস, কন্যা কেলাৱনী ৰথ যাত্ৰা, কুঁৱৰবাই নু মামেৰু, সাত ফেৰা সমূহ লগ্না যোজনা, আৰু অভয়াম হেল্পলাইন আদিৰ কথা উল্লেখ কৰে। তেওঁ আৰু কয় যে গুজৰাটে সমগ্ৰ দেশৰ বাবে এক আদৰ্শ দাঙি ধৰিছে, সঠিক নীতিৰ জৰিয়তে নাৰী শক্তিক কেনেদৰে সৱলীকৰণ কৰিব পাৰি তাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে। তেওঁ দুগ্ধ ক্ষেত্ৰৰ সৈতে জড়িত মহিলাসকলৰ একাউণ্টলৈ ধন প্ৰত্যক্ষভাৱে হস্তান্তৰ কৰাৰ কথা উল্লেখ কৰে, যিটো প্ৰথা গুজৰাটৰ পৰা আৰম্ভ হৈছিল আৰু এতিয়া দেশজুৰি লাখ লাখ হিতাধিকাৰীলৈ সম্প্ৰসাৰিত হৈছে। শ্ৰী মোদীয়ে এই কথাও আলোকপাত কৰে যে প্ৰত্যক্ষ লাভ হস্তান্তৰ (ডিবিটি)এ হাজাৰ হাজাৰ কোটিৰ কেলেংকাৰী নিৰ্মূল কৰাত সহায় কৰিছে আৰু দৰিদ্ৰ লোকসকলক অতি প্ৰয়োজনীয় সাহায্য প্ৰদান কৰিছে।

 

শ্ৰী মোদীয়ে ভূজ ভূমিকম্পৰ পিছত পুনৰ নিৰ্মাণৰ সময়ত মহিলাসকলক তেওঁলোকৰ নামত ঘৰৰ ব্যৱস্থা কৰি সবলীকৰণৰ বাবে চৰকাৰৰ দায়বদ্ধতাক আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী আৱাস যোজনাতো একে পদ্ধতি অব্যাহত আছে, ২০১৪ চনৰ পৰা প্ৰায় ৩ কোটি মহিলা গৃহস্বত্বাধিকাৰী হৈ পৰিছে। তেওঁ দেশৰ বিভিন্ন গাঁৱলৈ সফলতাৰে পানী যোগান প্ৰদান কৰা জল জীৱন মিছনৰ বিশ্বব্যাপী স্বীকৃতিৰ বিষয়েও উল্লেখ কয়। বিগত পাঁচ বছৰত হাজাৰ হাজাৰ গাঁৱৰ ১৫.৫ কোটি ঘৰলৈ পাইপেৰে পানী যোগান ধৰা হৈছে। এই অভিযানৰ সফলতাত মহিলা জল সমিতিৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ উপৰিও তেওঁ উল্লেখ কৰে যে গুজৰাটৰ পৰা উৎপত্তি হোৱা এই আৰ্হিটো এতিয়া সমগ্ৰ দেশতে জল সংকট দূৰ কৰিবলৈ কাৰ্যকৰী কৰা হৈছে।

পানীৰ অভাৱ দূৰ কৰিবলৈ জল সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী শ্ৰী চি আৰ পাটিলৰ নেতৃত্বত দেশজোৰা "বৰষুণৰ পানী ধৰক" অভিযানৰ ওপৰত আলোকপাত কৰে। এই পদক্ষেপৰ লক্ষ্য হৈছে বৰষুণৰ পানী য’ত পৰে তাতেই সংৰক্ষণ কৰা, যাতে ইয়াক অপচয় হোৱাৰ পৰা ৰক্ষা কৰিব পাৰি। শ্ৰী মোদীয়ে নৱছাৰীৰ মহিলাসকলৰ প্ৰচেষ্টাক প্ৰশংসা কৰে, যিসকলে পুখুৰী, চেক ডেম, ব’ৰৱেল ৰিচাৰ্জ ব্যৱস্থা, আৰু কমিউনিটি ছ’ক পিটকে ধৰি ৫ হাজাৰৰো অধিক পানী সংৰক্ষণ প্ৰকল্প সম্পূৰ্ণ কৰিছে। তেওঁ উল্লেখ কৰে যে নৱছাৰীত এতিয়াও শ শ পানী সংৰক্ষণ প্ৰকল্প চলি আছে, যাৰ অভিলাষী লক্ষ্য হৈছে এদিনতে ১০০০ টা পাৰ্কিউলেচন পিট নিৰ্মাণ কৰা। প্ৰধানমন্ত্ৰীয়ে নৱছাৰী জিলাক বৰষুণৰ পানী সংগ্ৰহ আৰু জল সংৰক্ষণৰ ক্ষেত্ৰত গুজৰাটৰ অন্যতম আগশাৰীৰ জিলা হিচাপে স্বীকৃতি প্ৰদান কৰি নৱছাৰীৰ মাতৃ, ভগ্নী, কন্যা সন্তানক এই ক্ষেত্ৰত উল্লেখযোগ্য সাফল্যৰ বাবে বিশেষ অভিনন্দন জ্ঞাপন কৰে।

শ্ৰী মোদীয়ে গুৰুত্ব সহকাৰে কয় যে গুজৰাটৰ মহিলাসকলৰ শক্তি আৰু অৱদান বিভিন্ন খণ্ডত বিস্তৃত হৈ আছে। তেওঁ আলোকপাত কৰে যে ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ ৫০% আসন মহিলাৰ বাবে সংৰক্ষণ কৰা হৈছে। নিজৰ অভিজ্ঞতাৰ কথা সুঁৱৰি তেওঁ কয় যে যেতিয়া তেওঁ প্ৰধানমন্ত্ৰী হৈছিল তেতিয়া তেওঁ সেই একেটা সমৰ্পণ সমগ্ৰ দেশখনৰ প্ৰতি কঢ়িয়াই ফুৰিছিল। তেওঁ লগতে কয়, নতুন সংসদত গৃহীত হোৱা প্ৰথমখন বিধেয়ক আছিল নাৰী শক্তি বন্দন অধিনিয়ম, যাৰ লক্ষ্য আছিল মহিলা সবলীকৰণ। তেওঁ গৌৰৱেৰে উল্লেখ কৰে যে এই বিধেয়কখনে দৰিদ্ৰ জনজাতীয় পটভূমিৰ পৰা অহা ৰাষ্ট্ৰপতিগৰাকীৰ পৰা অনুমোদন লাভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে আস্থা প্ৰকাশ কৰে যে উপস্থিত মহিলাসকলৰ ভিতৰত এগৰাকীয়ে সাংসদ বা বিধায়ক হ’বলৈ উঠি এনে প্ৰতিষ্ঠিত মঞ্চত আসন গ্ৰহণ কৰিবলৈ বেছি দিন নালাগিব।

 

মহাত্মা গান্ধীৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে দেশৰ প্ৰাণ ভাৰতৰ গ্ৰামাঞ্চলত বাস কৰে বুলি কোৱাৰ লগতে উল্লেখ কৰে, “গ্ৰাম্য ভাৰতৰ আত্মা গ্ৰাম্য মহিলাৰ সবলীকৰণতে নিহিত হৈ আছে।” তেওঁ আৰু কয় যে চৰকাৰে মহিলাৰ অধিকাৰ আৰু সুযোগক অগ্ৰাধিকাৰ দিছে। বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থনীতি হিচাপে ভাৰতৰ উত্থানৰ ওপৰত আলোকপাত কৰি তেওঁ এই অৰ্থনৈতিক অগ্ৰগতিৰ কাৰণ উপস্থিতসকলৰ দৰে লাখ লাখ মহিলাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ বুলি কয়। এই বিকাশত গ্ৰাম্য অৰ্থনীতি আৰু মহিলা আত্মসহায়ক গোটসমূহৰ গুৰুত্বপূৰ্ণ অৱদানকো তেওঁ স্বীকাৰ কৰে। শ্ৰী মোদীয়ে কয় যে সমগ্ৰ দেশতে ১০ কোটিৰো অধিক মহিলাই ৯০ লাখতকৈ অধিক আত্মসহায়ক গোট পৰিচালনা কৰি আছে, কেৱল গুজৰাটতে ৩ লাখতকৈ অধিক মহিলাই কাম কৰি আছে। তেওঁ এই মহিলাসকলক “লাখপতি দিদি”লৈ ৰূপান্তৰিত কৰাৰ লক্ষ্যৰে আয় বৃদ্ধিৰ বাবে চৰকাৰৰ দায়বদ্ধতাক পুনৰ দোহাৰে। তেওঁ গৌৰৱেৰে উল্লেখ কৰে যে ইতিমধ্যে প্ৰায় ১.৫ কোটি মহিলাই “লাখপতি দিদি” হৈ পৰিছে, আৰু চৰকাৰৰ লক্ষ্য হৈছে অহা পাঁচ বছৰৰ ভিতৰত এই শ্ৰেণীৰ ৩ কোটি মহিলাৰ কাষ চাপিব পৰাটো।

শ্ৰী মোদীয়ে মন্তব্য কৰে যে যেতিয়া এগৰাকী নাৰী "লাখপতি দিদি" হয়, তেতিয়া ই তেওঁৰ সমগ্ৰ পৰিয়ালৰ সৌভাগ্যৰ ৰূপান্তৰ ঘটায়। তেওঁ লগতে কয় যে মহিলাসকলে নিজৰ গাঁৱৰ পৰা আন মহিলাসকলক নিজৰ কামলৈ আনে, ক্ৰমান্বয়ে ঘৰুৱা কাম-কাজক এক শক্তিশালী অৰ্থনৈতিক আন্দোলনলৈ ৰূপান্তৰিত কৰে। আত্মসহায়ক গোটসমূহৰ বিকাশত অধিক সহায় কৰিবলৈ চৰকাৰে বিগত দশকত তেওঁলোকৰ বাজেট পাঁচগুণ বৃদ্ধি কৰিছে। প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে এই গোটসমূহক এতিয়া ২০ লাখ টকা পৰ্যন্ত জামিনবিহীন ঋণ প্ৰদান কৰা হৈছে। ইয়াৰ উপৰিও আত্মসহায়ক গোটৰ মহিলাসকলক নতুন দক্ষতা আহৰণ আৰু আধুনিক প্ৰযুক্তিৰ সৈতে জড়িত হোৱাৰ সুযোগ দিয়া হৈছে, যাৰ ফলত তেওঁলোকৰ সম্ভাৱনা আৰু অধিক বৃদ্ধি পাইছে।

প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে দেশৰ মহিলাসকলে প্ৰতিটো সন্দেহ আৰু ভয়ক অতিক্ৰম কৰি আগবাঢ়িছে। তেওঁ স্মৰণ কৰি কয় যে যেতিয়া প্ৰথমবাৰৰ বাবে "দ্ৰোণ দিদি" আঁচনি প্ৰৱৰ্তন কৰা হৈছিল তেতিয়া বহুতে সন্দেহ প্ৰকাশ কৰিছিল যে দ্ৰোণৰ দৰে আধুনিক প্ৰযুক্তি গ্ৰাম্য মহিলাৰ লগত সামঞ্জস্যপূৰ্ণ হ'ব জানো? অৱশ্যে নাৰীৰ প্ৰতিভা আৰু নিষ্ঠাৰ প্ৰতি অদম্য আস্থা প্ৰকাশ কৰি কয় যে আজি "নমো দ্ৰোণ দিদি" অভিযানে কৃষি আৰু গ্ৰাম্য অৰ্থনীতিত এক বিপ্লৱৰ সূচনা কৰিছে, এই পৰিৱৰ্তনৰ নেতৃত্ব দিয়া মহিলাসকলৰ বাবে যথেষ্ট আয় কঢ়িয়াই আনিছে বুলিও তেওঁ লগতে কয়। শ্ৰী মোদীয়ে লগতে কয় যে "বেংক সখী" আৰু "বীমা সখী"ৰ দৰে পদক্ষেপে গাঁৱে-ভূঞে মহিলাসকলৰ বাবে ন ন সুযোগ মুকলি কৰিছে। গ্ৰাম্য মহিলাসকলক অধিক সবলীকৰণৰ বাবে "কৃষি সখী" আৰু "পশু সখী"ৰ দৰে অভিযানো আৰম্ভ কৰা হৈছে, যাৰ জৰিয়তে লাখ লাখ মহিলাক সংযোগ কৰা হৈছে আৰু তেওঁলোকৰ আয় বৃদ্ধি কৰা হৈছে। তেওঁ চৰকাৰৰ এই প্ৰচেষ্টাই গুজৰাটৰ যিমান পাৰি সিমান মহিলাক উপকৃত কৰিব লাগে বুলি গুৰুত্ব আৰোপ কৰে, আৰু শ্ৰী ভূপেন্দ্ৰভাই পেটেল আৰু গুজৰাট চৰকাৰক আৰু ১০ লাখ মহিলাক "লাখপতি দিদি" হিচাপে গঢ়ি তোলাৰ অভিযান আৰম্ভ কৰাৰ বাবে অভিনন্দন জনায়।

 

প্ৰধানমন্ত্ৰী হিচাপে লালকিল্লাৰ পৰা দিয়া প্ৰথম ভাষণৰ এটা কথা পুনৰাবৃত্তি কৰি শ্ৰীযুত মোদীয়ে কয় যে কেৱল কন্যাই নহয়, পুত্ৰ সন্তানকো নাৰীৰ বিৰুদ্ধে অপৰাধ প্ৰতিৰোধ আৰু এখন উন্নত সমাজ গঢ়াত ভূমিকা ল’বলৈ আহ্বান জনোৱাৰ গুৰুত্ব আছে। তেওঁ কয় যে যোৱা এটা দশকত চৰকাৰে মহিলাৰ বিৰুদ্ধে অপৰাধৰ বিৰুদ্ধে যুঁজিবলৈ কঠোৰ আইন প্ৰণয়ন কৰি মহিলাৰ সুৰক্ষাক শীৰ্ষ অগ্ৰাধিকাৰ দিছে। তেওঁ গুৰুতৰ অপৰাধৰ বাবে দ্ৰুত ন্যায় নিশ্চিত কৰিবলৈ দ্ৰুতগতিত আদালত সৃষ্টিৰ ওপৰতো আলোকপাত কৰে। এতিয়া দেশজুৰি প্ৰায় ৮০০খন এনে আদালতলৈ অনুমোদন জনোৱা হৈছে, যাৰ অধিকাংশই এতিয়া কাৰ্যক্ষম। এই আদালতসমূহে ধৰ্ষণ আৰু POCSO সম্পৰ্কীয় প্ৰায় তিনি লাখ গোচৰৰ নিষ্পত্তিৰ ক্ষেত্ৰত যথেষ্ট ত্বৰান্বিত কৰিছে। শ্ৰী মোদীয়ে লগতে আঙুলিয়াই দিয়ে যে চৰকাৰে ধৰ্ষণৰ দৰে জঘন্য অপৰাধৰ বাবে মৃত্যুদণ্ডৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছে। ইয়াৰ উপৰিও তেওঁ ২৪x৭ মহিলা হেল্পলাইন ব্যৱস্থা শক্তিশালী কৰা আৰু মহিলাসকলৰ বাবে ‘ৱান ষ্টপ কেন্দ্ৰ’ স্থাপনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, য’ত সমগ্ৰ দেশতে এতিয়া প্ৰায় ৮০০টা কেন্দ্ৰ কাৰ্যক্ষম হৈ আছে, যিয়ে ১০ লাখৰো অধিক মহিলাক সহায় আগবঢ়াইছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ঔপনিৱেশিক যুগৰ আইন বিলুপ্ত কৰা তথা নতুনকৈ কাৰ্যকৰী হোৱা ভাৰতীয় ন্যায় সংহিতাই মহিলাৰ সুৰক্ষাৰ সৈতে জড়িত বিধানসমূহ আৰু অধিক শক্তিশালী কৰিছে। তেওঁ লগতে কয় যে মহিলা আৰু শিশুৰ বিৰুদ্ধে হোৱা অপৰাধৰ বিষয়ে বিশেষভাৱে আলোচনা কৰিবলৈ এটা সুকীয়া অধ্যায় তাত অন্তৰ্ভুক্ত কৰা হৈছে। ভুক্তভোগীয়ে ন্যায় লাভ কৰাত প্ৰায়ে পলম হোৱাৰ অভিযোগ স্বীকাৰ কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰতীয় দণ্ডবিধিৰ দ্বাৰা এতিয়া নিৰ্দেশ দিয়া হৈছে যে ধৰ্ষণৰ দৰে জঘন্য অপৰাধৰ অভিযোগ ৬০ দিনৰ ভিতৰত ফ্ৰেমৱৰ্ক কৰিব লাগিব, আৰু ৪৫ দিনৰ ভিতৰত ৰায়দান দিব লাগিব। শ্ৰী মোদীয়ে আৰু জোৰ দি কয় যে নতুন আইন অনুসৰি যিকোনো ঠাইৰ পৰা ই-এফআইআৰ দাখিল কৰিব পৰা যায়, যাৰ ফলত আৰক্ষীয়ে ক্ষিপ্ৰ ব্যৱস্থা ল’ব পাৰে।জিৰো এফ আই আৰ বিধানৰ অধীনত যিকোনো মহিলাই অত্যাচাৰৰ সন্মুখীন হ’লে যিকোনো থানাত এফ আই আৰ দাখিল কৰিব পাৰে। তেওঁ লগতে আলোকপাত কৰে যে এতিয়া আৰক্ষীয়ে অডিঅ’-ভিডিঅ’ পদ্ধতি ব্যৱহাৰ কৰি ধৰ্ষণৰ বলি হোৱা লোকৰ বক্তব্য ৰেকৰ্ড কৰিব পাৰিব, যিবোৰ আইনগতভাৱে স্বীকৃতিপ্ৰাপ্ত হৈছে। ইয়াৰ উপৰিও তেওঁ উল্লেখ কৰে যে এতিয়া চিকিৎসকে ৭ দিনৰ ভিতৰত চিকিৎসা প্ৰতিবেদন প্ৰেৰণ কৰিব লাগিব, যাৰ ফলত ভুক্তভোগীসকলক যাৱতীয় সহায় আগবঢ়োৱা হৈছে।

ভাৰতীয় ন্যায় সংহিতাৰ নতুন বিধানসমূহে ইতিমধ্যে ইতিবাচক ফলাফল দিছে বুলি কৈ শ্ৰী মোদীয়ে যোৱা অক্টোবৰ মাহত চুৰাট জিলাত সংঘটিত হোৱা এক কৰুণ ঘটনাৰ কথা স্মৰণ কৰে। এই গোচৰত দলবদ্ধ ধৰ্ষণৰ অভিযোগ ১৫ দিনৰ ভিতৰত ফ্ৰেমৱৰ্ক কৰা হৈছিল আৰু কেইসপ্তাহমানৰ ভিতৰতে দোষীক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহা হৈছিল। তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে বিএনএছ কাৰ্যকৰী হোৱাৰ ফলত দেশজুৰি মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ শুনানি যথেষ্ট ক্ষিপ্ৰ হৈছে। তেওঁ আন আন উদাহৰণো আলোকপাত কৰে, যেনে উত্তৰ প্ৰদেশৰ আলিগড় কাণ্ড, য’ত আদালতে নাবালিকা ধৰ্ষণকাৰীক ২০ বছৰৰ কাৰাদণ্ড বিহিছে। উল্লেখ্য যে অভিযোগ দাখিল কৰাৰ ৩০ দিনৰ ভিতৰত বিএনএছৰ অধীনত প্ৰথমবাৰৰ বাবে দোষী সাব্যস্ত কৰা হৈছে। কলকাতাত সাত মহীয়া কেঁচুৱাক ধৰ্ষণ কৰাৰ অপৰাধত এজন দোষীক আদালতে মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে আৰু অপৰাধৰ ৮০ দিনৰ ভিতৰত ৰায়দান কৰিছে। প্ৰধানমন্ত্ৰীয়ে বিভিন্ন ৰাজ্যৰ এই গোচৰসমূহৰ উদ্ধৃতি দি বিএনএছ আৰু অন্যান্য চৰকাৰী কাৰ্য্যই মহিলাৰ সুৰক্ষাৰ উন্নতি সাধন কৰাৰ লগতে ন্যায়ৰ ক্ষিপ্ৰতা প্ৰদান সুনিশ্চিত কৰিছে বুলি উল্লেখ কৰে।

 

দেশৰ প্ৰতি থকা নিজৰ দায়বদ্ধতাৰ কথা দোহাৰি প্ৰধানমন্ত্ৰীয়ে আশ্বাস দিয়ে যে তেওঁলোকৰ সপোনৰ বাটত কোনো ধৰণৰ বাধা আহিব নিদিয়ে। তেওঁ প্ৰকাশ কৰে যে, পুত্ৰই যেনেকৈ মাতৃৰ সেৱা কৰে, ঠিক তেনেদৰেই তেওঁ ভাৰত মাতৃ আৰু ভাৰতৰ মাতৃ-কন্যাৰ সেৱা কৰি আছে আৰু কৰি যাব। সামৰণিত তেওঁ ৰাইজৰ কঠোৰ পৰিশ্ৰম, নিষ্ঠা, আশীৰ্বাদে ২০৪৭ চনৰ ভিতৰত এক বিকশিত ভাৰতৰ কাঙ্খিত লক্ষ্যত উপনীত হোৱাত সহায় কৰিব বুলি নিজৰ দৃঢ় বিশ্বাসৰ কথা ব্যক্ত কৰি শেষত সমগ্ৰ দেশৰ প্ৰতিগৰাকী মাতৃ, ভগ্নী, কন্যালৈ নাৰী দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

অনুষ্ঠানত গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ভূপেন্দ্ৰভাই পেটেল, কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী শ্ৰী চি আৰ পাটিলৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

 

পটভূমি

চৰকাৰৰ প্ৰচেষ্টাৰ কেন্দ্ৰীয় কেন্দ্ৰবিন্দু হৈ আহিছে মহিলা সবলীকৰণ। প্ৰধানমন্ত্ৰীৰ নিৰ্দেশনাত মহিলাসকলৰ সামগ্ৰিক বিকাশৰ দিশত পদক্ষেপ গ্ৰহণৰ বাবে চৰকাৰ নিষ্ঠাবান হৈ আছে। এই প্ৰতিশ্ৰুতিৰ লগত সংগতি ৰাখি ৮ মাৰ্চত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ সময়ত প্ৰধানমন্ত্ৰীয়ে নৱছাৰি জিলাৰ ভান্সি বৰছি গাঁৱত লাখপতি দিদি কাৰ্যসূচীত অংশগ্ৰহণ কৰে, য’ত তেওঁ লাখপতি দিদিসকলৰ সৈতে মত বিনিময় কৰে। ইয়াৰ উপৰিও পাঁচগৰাকী লাখপতি দিদিক তেওঁলোকৰ কৃতিত্ব আৰু অৱদানক স্বীকৃতি হিচাপে লাখপতি দিদিৰ প্ৰমাণ পত্ৰৰে সম্বৰ্ধনা জনায়।

গ্ৰাম্য জীৱিকাৰ বাবে অনুকূল পৰিৱেশ সৃষ্টিৰ বাবে কাম কৰা ষ্টাৰ্টআপসমূহক G-MAITRI আঁচনিৰ জৰিয়তে আৰ্থিক সাহায্য আৰু অন্যান্য সহায় আগবঢ়োৱা হ’ব।

G-SAFAL এ গুজৰাটৰ দুখন আকাংক্ষিত জিলা আৰু তেৰটা আকাংক্ষিত ব্লকৰ অন্ত্যোদয়া পৰিয়ালৰ আত্মসহায়ক গোটৰ মহিলাসকলক আৰ্থিক সাহায্য আৰু উদ্যোগীকৰণৰ প্ৰশিক্ষণ প্ৰদান কৰিব।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
GST 2.0 reforms boost India's economy amid global trade woes: Report

Media Coverage

GST 2.0 reforms boost India's economy amid global trade woes: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates space scientists and engineers for successful launch of LVM3-M6 and BlueBird Block-2
December 24, 2025

The Prime Minister, Shri Narendra Modi has congratulated space scientists and engineers for successful launch of LVM3-M6, the heaviest satellite ever launched from Indian soil, and the spacecraft of USA, BlueBird Block-2, into its intended orbit. Shri Modi stated that this marks a proud milestone in India’s space journey and is reflective of efforts towards an Aatmanirbhar Bharat.

"With LVM3 demonstrating reliable heavy-lift performance, we are strengthening the foundations for future missions such as Gaganyaan, expanding commercial launch services and deepening global partnerships" Shri Modi said.

The Prime Minister posted on X:

"A significant stride in India’s space sector…

The successful LVM3-M6 launch, placing the heaviest satellite ever launched from Indian soil, the spacecraft of USA, BlueBird Block-2, into its intended orbit, marks a proud milestone in India’s space journey.

It strengthens India’s heavy-lift launch capability and reinforces our growing role in the global commercial launch market.

This is also reflective of our efforts towards an Aatmanirbhar Bharat. Congratulations to our hardworking space scientists and engineers.

India continues to soar higher in the world of space!"

@isro

"Powered by India’s youth, our space programme is getting more advanced and impactful.

With LVM3 demonstrating reliable heavy-lift performance, we are strengthening the foundations for future missions such as Gaganyaan, expanding commercial launch services and deepening global partnerships.

This increased capability and boost to self-reliance are wonderful for the coming generations."

@isro