গুজৰাট চৰকাৰৰ G-SAFAL আৰু G-MAITRI কাৰ্যসূচী আৰম্ভ প্ৰধানমন্ত্ৰীৰ
নাৰীৰ আশীৰ্বাদ মোৰ শক্তি, সম্পত্তি আৰু বৰ্ম: প্ৰধানমন্ত্ৰী
ভাৰতে এতিয়া মহিলা নেতৃত্বাধীন উন্নয়নৰ পথেৰে আগবাঢ়িছে: প্ৰধানমন্ত্ৰী
আমাৰ চৰকাৰে মহিলাৰ বাবে ‘সন্মান’ আৰু ‘সুবিধা’ক সৰ্বোচ্চ গুৰুত্ব দিয়েঃ প্ৰধানমন্ত্ৰী
গ্ৰাম্য মহিলাৰ সৱলীকৰণতেই আছে গ্ৰাম্য ভাৰতৰ আত্মা: প্ৰধানমন্ত্ৰী
প্ৰতিটো ভয় আৰু সন্দেহক অতিক্ৰম কৰি আগবাঢ়িছে নাৰী শক্তিঃ প্ৰধানমন্ত্ৰী
যোৱা দশকটোত আমি মহিলাৰ সুৰক্ষাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিছো: প্ৰধানমন্ত্ৰী

গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ভূপেন্দ্ৰ ভাই পেটেল জী, নৱছাৰীৰ সাংসদ আৰু কেন্দ্ৰীয় চৰকাৰৰ মোৰ সহযোগী, কেন্দ্ৰীয় মন্ত্ৰী ভাই চি আৰ পেটেল, মঞ্চত উপস্থিত পঞ্চায়তৰ সদস্যগণ আৰু লাখপতি দিদিসকল, অন্যান্য জনপ্ৰতিনিধিগণ আৰু ইয়ালৈ যিসকল বৃহৎ সংখ্যাত আহিছে, বিশেষকৈ মোৰ মাতৃ, ভগ্নী আৰু কন্যাসকল, আপোনালোক সকলোকে নমস্কাৰ!

কিছুদিন আগতে মহাকুম্ভত মা গংগাৰ আশীৰ্বাদ লাভ কৰিছিলোঁ। আৰু আজি মাতৃ শক্তিৰ এই মহাকুম্ভত মই আশীৰ্বাদ লাভ কৰিছোঁ। মহাকুম্ভত মাতৃ গংগাৰ আশীৰ্বাদ লাভ কৰিলোঁ আৰু আজি মাতৃ শক্তিৰ এই মহাকুম্ভত আপোনালোক সকলো মাতৃ-ভগ্নীৰ আশীৰ্বাদ লাভ কৰিলোঁ। আজি এই নাৰী দিৱসত, গুজৰাটৰ মোৰ মাতৃভূমি আৰু ইমান বৃহৎ সংখ্যক আপোনালোক সকলো মাতৃ, ভগ্নী আৰু কন্যাৰ উপস্থিতি, এই বিশেষ দিনটো আপোনালোকৰ এই মৰম, স্নেহ আৰু আশীৰ্বাদৰ বাবে মই মাতৃশক্তিৰ ওচৰত শিৰ নত কৰি নমন কৰিছোঁ। গুজৰাটৰ এই ভূমিৰ পৰা মই সকলো দেশবাসীক, দেশৰ সকলো মাতৃ-ভগ্নীক নাৰী দিৱসৰ শুভেচ্ছাও জনাইছোঁ। আজি ইয়াত গুজৰাট সফল আৰু গুজৰাট মৈত্ৰী নামৰ দুখন আঁচনিৰ শুভাৰম্ভও হৈছে। বহু আঁচনিৰ ধনো পোনপটীয়াকৈ মহিলাৰ বেংক একাউণ্টলৈও ট্ৰেন্সফাৰ কৰা হৈছে। মই ইয়াৰ বাবেও আপোনালোক সকলোকে অভিনন্দন জনাইছোঁ।

বন্ধুসকল,

আজিৰ দিনটো নাৰীৰ বাবে উৎসৰ্গিত, আমাৰ সকলোৰে বাবে নাৰীৰ পৰা প্ৰেৰণা লাভৰ দিন, নাৰীৰ পৰা কিবা শিকাৰ দিন আৰু আজিৰ এই পৱিত্ৰ দিনটোত মই আপোনালোক সকলোকে অভিনন্দনো জনাইছোঁ আৰু লগতে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি এই দিনটোত মই গৌৰৱেৰে ক’ব পাৰোঁ যে মই পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তি। মই যেতিয়া কওঁ নহয়, মই পৃথিৱীৰ আটাইতকৈ ধনী মানুহ, মই জানো বহুতৰ কাণ থিয় হৈ যাব, আজি গোটেই ট্ৰল সেনা খেলপথাৰত নামি যাব, কিন্তু মই তথাপিও দোহাৰিম যে মই পৃথিৱীৰ আটাইতকৈ ধনী মানুহ। মোৰ জীৱনৰ একাউণ্টত কোটি কোটি মাতৃ, ভগ্নী আৰু কন্যাৰ আশীৰ্বাদ আছে আৰু এই আশীৰ্বাদ নিৰন্তৰ বাঢ়ি গৈ আছে। আৰু সেইবাবেই মই কওঁ, মই পৃথিৱীৰ আটাইতকৈ ধনী মানুহ। মাতৃ, ভগ্নী আৰু কন্যাৰ এই আশীৰ্বাদ মোৰ আটাইতকৈ ডাঙৰ প্ৰেৰণা, আটাইতকৈ ডাঙৰ শক্তি, আটাইতকৈ ডাঙৰ সম্পদ, মোৰ সুৰক্ষা কৱচ।

 

বন্ধুসকল,

আমাৰ ইয়াত শাস্ত্ৰত নাৰীক নাৰায়ণী বুলি কোৱা হৈছে। নাৰীৰ প্ৰতি সন্মান এয়াই সমাজ আৰু দেশৰ উন্নয়নৰ প্ৰথম ঢাপ। সেয়ে উন্নত ভাৰত গঢ়িবলৈ, ভাৰতৰ দ্রুত উন্নয়নৰ বাবে আজি ভাৰতে নাৰী নেতৃত্বাধীন উন্নয়নৰ পথত অগ্ৰসৰ হৈছে। আমাৰ চৰকাৰে মহিলাৰ জীৱনত সন্মান আৰু সুবিধা দুয়োটাকে সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়ে। আমি কোটি কোটি মহিলাৰ বাবে শৌচাগাৰ সাজি তেওঁলোকৰ সন্মান বৃদ্ধি কৰিলোঁ, আৰু মোৰ উত্তৰ প্ৰদেশৰ কাশীৰ ভগ্নীসকলে তো এতিয়া শৌচালয় শব্দটো ব্যৱহাৰ নকৰে, তেওঁলোকে কয় এয়া তো মোদী জীয়ে সন্মানৰ ঘৰ সাজিছে। আমি কোটি কোটি মহিলাৰ বেংক একাউণ্ট খুলি তেওঁলোকক বেংকিং ব্যৱস্থাৰে সংযুক্ত কৰিলোঁ, আমি উজ্জ্বলা চিলিণ্ডাৰ যোগান ধৰি তেওঁলোকক ধোঁৱাৰ সমস্যাৰ পৰাও ৰক্ষা কৰিলোঁ। শ্ৰমিক মহিলাসকলে আগতে গৰ্ভাৱস্থাত মাত্ৰ ১২ সপ্তাহৰ ছুটী পাইছিল। চৰকাৰে এই পৰিমাণো ২৬ সপ্তাহলৈ বৃদ্ধি কৰিলে। ট্ৰিপল তালাকৰ বিৰুদ্ধে আইন আমাৰ মুছলমান ভগ্নীসকলে বছৰ বছৰ ধৰি দাবী কৰি আছিল। ট্ৰিপল তালাকৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰি আমাৰ চৰকাৰে লাখ লাখ মুছলমান ভগ্নীৰ জীৱন ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰিছে। যেতিয়া কাশ্মীৰত ৩৭০ অনুচ্ছেদ বলৱৎ আছিল, তেতিয়া তাত থকা ভগ্নী-কন্যা বহু অধিকাৰৰ পৰা বঞ্চিত হৈছিল। যদি তেওঁলোকে ৰাজ্যৰ বাহিৰৰ কাৰোবাক বিয়া কৰাইছিল তেতিয়া পূৰ্বপুৰুষৰ সম্পত্তি পোৱাৰ তেওঁলোকৰ অধিকাৰ হেৰুৱাবলগা হৈছিল। ৩৭০ অনুচ্ছেদৰ দেৱাল খহি পৰাৰ পিছত জম্মু-কাশ্মীৰতো মহিলাসকলে সেই সকলো অধিকাৰ লাভ কৰে যি ভাৰতৰ কন্যা-ভগ্নীয়ে পায়। ভাৰতৰ অংশ হোৱাৰ পিছতো কাশ্মীৰত মোৰ মাতৃ, ভগ্নী আৰু কন্যা ইয়াৰ পৰা বঞ্চিত হৈছিল আৰু সংবিধানৰ ঢোল বজাই থকাসকলে চকু মুদি বহি আছিল। নাৰীৰ ওপৰত হোৱা অন্যায় তেওঁলোকৰ বাবে চিন্তাৰ বিষয় নাছিল। সংবিধানক কেনেকৈ সন্মান কৰা হয়, মোদীয়ে ৩৭০ অনুচ্ছেদ আঁতৰাই দেশৰ চৰণত এই কথা উচৰ্গা কৰিলে।

বন্ধুসকল,

আজি সমাজৰ স্তৰত, চৰকাৰৰ স্তৰত, ডাঙৰ ডাঙৰ সংস্থাসমূহত মহিলাসকলৰ বাবে অধিক সুযোগৰ সৃষ্টি হৈছে। ৰাজনীতিৰ ক্ষেত্ৰেই হওক বা ক্ৰীড়াৰ ক্ষেত্ৰই হওক, ন্যায়পালিকা হওক বা আৰক্ষীৰ ক্ষেত্ৰই হওক, দেশৰ প্ৰতিটো খণ্ডতে, প্ৰতিটো ক্ষেত্ৰতে, প্ৰতিটো মাত্ৰাতে মহিলাৰ পতাকা উৰি আছে। ২০১৪ চনৰ পৰা দেশৰ গুৰুত্বপূৰ্ণ পদত মহিলাৰ অংশগ্ৰহণ দ্ৰুতগতিত বৃদ্ধি পাইছে। ২০১৪ চনৰ পিছতহে কেন্দ্ৰীয় চৰকাৰত সৰ্বাধিক মহিলা মন্ত্ৰী নিযুক্তি দিয়া হয়। সংসদতো মহিলাৰ উপস্থিতি যথেষ্ট বৃদ্ধি পালে। ২০১৯ চনত প্ৰথমবাৰৰ বাবে আমাৰ সংসদলৈ ৭৮গৰাকী মহিলা সাংসদ নিৰ্বাচিত হৈছিল। ১৮ নং লোকসভাত অৰ্থাৎ এইবাৰো ৭৪গৰাকী মহিলা সাংসদ লোকসভাৰ অংশ। আমাৰ আদালতত ন্যায়পালিকাতো মহিলাৰ অংশগ্ৰহণ একে পৰিমাণে বৃদ্ধি পাইছে। জিলা আদালতত মহিলাৰ উপস্থিতি ৩৫ শতাংশতকৈও অধিক হৈছেগৈ। বহু ৰাজ্যত দেৱানী ন্যায়াধীশ হিচাপে নতুনকৈ নিযুক্তি পোৱাসকলৰ ৫০ শতাংশ বা তাতকৈ অধিক আমাৰ কন্যা।

আজি ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম ষ্টাৰ্টআপ ইক’ছিষ্টেম। এই ষ্টাৰ্টআপসমূহৰ প্ৰায় আধাত কমেও এগৰাকী মহিলা পৰিচালক হিচাপে থাকে। মহাকাশ আৰু মহাকাশ বিজ্ঞানৰ ক্ষেত্ৰত ভাৰতে অসীম উচ্চতা স্পৰ্শ কৰিছে। তাতো প্ৰায়বোৰ ডাঙৰ মিছনৰ নেতৃত্ব দিয়ে মহিলা বিজ্ঞানীৰ দলে। আমি সকলোৱে গৌৰৱ অনুভৱ কৰোঁ যে আজি আমাৰ ভাৰতত বিশ্বৰ ভিতৰতে সৰ্বাধিক মহিলা পাইলট আছে। আমি ইয়াত নাৱছাৰীৰ এই অনুষ্ঠানতো নাৰী সবলীকৰণৰ শক্তি দেখিবলৈ পাওঁ। এই অনুষ্ঠানৰ সম্পূৰ্ণ দায়িত্ব লৈছে মহিলাসকলে। ইমান ডাঙৰ অনুষ্ঠানৰ নিৰাপত্তাৰ বাবে নিয়োজিত আৰক্ষী আৰু বিষয়া সকলো মহিলা। কনিষ্টবল, পৰিদৰ্শক, উপ পৰিদৰ্শক, ডি এছ পিৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠ বিষয়ালৈকে ইয়াত নিৰাপত্তাৰ ব্যৱস্থা মহিলাসকলে চম্ভালিছে। এয়া নাৰী শক্তিৰ সামৰ্থ্যৰে উদাহৰণ। মাত্ৰ অলপ আগতে মই ইয়াত আত্মসহায়ক গোটত জড়িত আপোনালোকৰ মাজৰ কিছু ভগ্নীৰ লগত কথাও পাতি আছিলোঁ। মোৰ ভগ্নীসকলৰ সেই কথা, আপোনালোক সকলোৰে এই উদ্যম, এই আত্মবিশ্বাসে দেখুৱাইছে যে ভাৰতৰ নাৰী শক্তিৰ সামৰ্থ্য কি! ইয়াৰ পৰাই বুজা যায় যে ভাৰতৰ নাৰী শক্তিয়ে কেনেদৰে দেশৰ প্ৰগতিৰ বাঘজৰী হাতত লৈছে। মই আপোনালোক সকলোকে লগ পালে মোৰ বিশ্বাস আৰু অধিক দৃঢ় হৈ উঠে যে এখন উন্নত ভাৰতৰ সংকল্প নিশ্চিতভাৱে পূৰণ হ’ব৷ আৰু এই সংকল্প লাভ কৰাত আমাৰ নাৰী শক্তিয়ে আটাইতকৈ ডাঙৰ ভূমিকা পালন কৰিব।

মাতৃ আৰু ভগ্নীসকল,

আমাৰ গুজৰাট মহিলা নেতৃত্বাধীন উন্নয়নৰ এক মহান নিদৰ্শন। গুজৰাটে দেশক সহযোগিতাৰ এক সফল আৰ্হি দিলে। আত্মসহায়ক গোটৰ সৈতে জড়িত আপোনালোক সকলো ভগ্নীয়ে জানে যে গুজৰাটৰ সমবায় আৰ্হিটো ইয়াৰ মহিলাসকলৰ শ্ৰম আৰু সামৰ্থ্যৰ দ্বাৰাই গঢ় লৈ উঠিছে। আজি সমগ্ৰ বিশ্বতে আমুলৰ চৰ্চা চলি আছে। গুজৰাটৰ প্ৰতিখন গাঁৱৰ লাখ লাখ মহিলাই গাখীৰ উৎপাদনক এক বিপ্লৱ কৰি তুলিলে। গুজৰাটৰ ভগ্নীসকলে নিজকে অৰ্থনৈতিকভাৱে সক্ষম কৰি তোলাই নহয়, বৰং গ্ৰাম্য অৰ্থনীতিকো নতুন শক্তি প্ৰদান কৰিলে। গুজৰাটী মহিলাসকলেই আৰম্ভ কৰিছিল লিজ্জত পাপড়। আজি লিজ্জত পাপড় নিজেই হৈ পৰিছে শ শ কোটি টকাৰ ব্ৰেণ্ড।

 

মাতৃ আৰু ভগ্নীসকল,

মোৰ মনত আছে, যেতিয়া মই ইয়াত মুখ্যমন্ত্ৰী হিচাপে আপোনালোকৰ সেৱাত আছিলোঁ, তেতিয়া আমাৰ চৰকাৰে ভগ্নী-কন্যাৰ স্বাৰ্থ মনত ৰাখি এনে বহু কাম কৰিছিল, যেনে- চিৰঞ্জীৱী যোজনা, বেটী বচাও অভিযান, মমতা দিৱস, কন্যা কেলৱনী ৰথ যাত্ৰা, কুঁৱৰবাই নু মামেৰু, সাত ফেৰা সমূহ লগ্ন যোজনা, অভয়ম হেল্পলাইন এনে কিমান যে কাম কৰিছিলোঁ। গুজৰাটে সমগ্ৰ দেশক দেখুৱাইছে যে নীতি সঠিক হ’লে মহিলা সবলীকৰণ কেনেদৰে বৃদ্ধি পায়। যেনেকৈ মই এই মাত্ৰ গাখীৰ সমবায়ৰ কথা ক’লোঁ! গুজৰাটে এই কথা আৰম্ভ কৰিছিল দুগ্ধ কামৰ লগত জড়িত এই মহিলাসকলৰ একাউণ্টত। আগতে এনেকুৱা নাছিল, হয় নগদ ধন দিয়া হৈছিল নহয় গাখীৰৰ মানুহে টকা লৈ গৈছিল। আমি তেতিয়া সিদ্ধান্ত লৈছিলোঁ যে ডেইৰীৰ পৰা গাখীৰৰ ধন ভগ্নীসকলৰ একাউণ্টতে জমা হ’ব, কোনেও চুব নোৱাৰিব, আৰু আমি টকাখিনি পোনে পোনে ভগ্নীসকলৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰিবলৈ ধৰিলোঁ। একেদৰেই আজি অসংখ্য আঁচনিৰ ধন পোনপটীয়াকৈ দেশৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত সোমাইছে। ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ, ডিবিটিৰ জৰিয়তে হাজাৰ হাজাৰ কোটি টকাৰ কেলেংকাৰী বন্ধ হৈ গৈছে আৰু দুখীয়াই সহায় লাভ কৰিছে।

বন্ধুসকল,

গুজৰাটতে যেতিয়া ভূজ ভূমিকম্পৰ পিছত ঘৰবোৰ পুনৰ নিৰ্মাণ কৰা হৈছিল, তেতিয়া আমাৰ চৰকাৰে সেই ঘৰবোৰো মহিলাৰ নামত কৰি দিছিল। অৰ্থাৎ আমি এই পৰম্পৰা আৰম্ভ কৰাৰ পিছৰে পৰাই, যে চৰকাৰে নিৰ্মাণ কৰা ঘৰবোৰ এতিয়া কেৱল ভগ্নীৰ নামতহে দিয়া হ’ব, আৰু আজি সমগ্ৰ দেশতে চলি থকা পিএম আৱাস যোজনা, এই সকলোবোৰ কাম সমগ্ৰ দেশতে কাৰ্যকৰী হ’ল। কেৱল এয়াই নহয়, ল’ৰা-ছোৱালীয়ে স্কুলত নামভৰ্তি লওঁতে তেওঁলোকৰ নামৰ পিছত কেৱল দেউতাকৰ নামহে আছিল, মই সিদ্ধান্ত লৈছিলোঁ যে মাতৃৰ নামো থাকিব লাগে। ২০১৪ চনৰ পৰা এতিয়ালৈকে প্ৰায় ৩ কোটি মহিলা ঘৰৰ গৰাকী হৈছে।

বন্ধুসকল,

আজি জল জীৱন মিছনৰ বিষয়েও সমগ্ৰ বিশ্বতে ব্যাপক চৰ্চা চলি আছে। আজি জল জীৱন মিছনৰ জৰিয়তে দেশৰ প্ৰতিখন গাঁৱলৈ পানী গৈ আছে। কেৱল যোৱা ৫ বছৰত লাখ লাখ গাঁৱৰ ১৫.৫ কোটি ঘৰত পাইপৰ পানী যোগান ধৰা হৈছে। ইমান ডাঙৰ মিছন এটা সফল কৰিবলৈ আমি মহিলা পানী সমিতি, মহিলাৰ পানী সমিতি আমি গুজৰাটত আৰম্ভ কৰিলোঁ। এতিয়া সমগ্ৰ দেশতে চলি আছে। জল সমিতিসমূহে ডাঙৰ ভূমিকা লৈছে। মহিলা জল সমিতিৰ এই আৰ্হিও গুজৰাটেই দিছে। আজি এই মডেলেই সমগ্ৰ দেশৰ পানীৰ সংকটৰ সমাধান কৰি আছে।

 

বন্ধুসকল,

আমি যেতিয়া পানীৰ সমস্যা সমাধানৰ কথা কওঁ, তেতিয়া পানী ৰাহি কৰা অৰ্থাৎ পানী সংৰক্ষণ কৰাটোও সমানেই গুৰুত্বপূৰ্ণ হৈ পৰে। আজি দেশজুৰি চলি আছে এক অভিযান – কেচ্চ দ্য ৰেইন! পানীৰ প্ৰতিটো টোপাল ধৰক, কেচ্চ দ্য ৰেইনৰ অৰ্থ হৈছে, বৰষুণৰ পানী য’তেই পৰে, সেয়া অপচয় হ’বলৈ দিব নালাগে। গাঁৱৰ সীমাৰ পানী গাঁৱতে আৰু ঘৰৰ পানী ঘৰতে থাকিব লাগে, সেই পানী সংৰক্ষণ কৰক! আৰু মই সুখী যে আজি এই অভিযান আমাৰ নৱছাৰীৰ সাংসদ চিআৰ পাটিল জীৰ নেতৃত্বত সমগ্ৰ দেশতে আগবাঢ়িছে। আৰু মোক কোৱা হৈছে যে নৱছাৰীৰ পৰা অহা আপোনালোক সকলো ভগ্নীয়েও এই দিশত বহুত ভাল কাম কৰিছে। বৰষুণৰ পানী সংৰক্ষণৰ বাবে নৱছাৰীৰ পুখুৰী, চেক ডেম, ব’ৰৱেল ৰিচাৰ্জ, কমিউনিটি ছ’ক পিট আদি ৫ হাজাৰৰো অধিক নিৰ্মাণ সম্পূৰ্ণ হৈছে। এখন জিলাত এইটো এটা ডাঙৰ কথা। এতিয়াও নৱছাৰীত জল সংৰক্ষণ সম্পৰ্কীয় শ শ কাম চলি আছে। এতিয়াই চিআৰে মোক কৈ আছিল যে যোৱা দু-তিনি দিনতে ১১০০টা আৰু কাম ইতিমধ্যে হৈছে। আজিও এদিনতে এহাজাৰ পাৰ্কলেচন পিট বনোৱাৰ কাম কৰিব লাগিব। নৱছাৰী জিলা ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং অৰ্থাৎ পানী সংৰক্ষণৰ ক্ষেত্ৰত গুজৰাটৰ অন্যতম আগশাৰীৰ জিলা। মই এই সাফল্যৰ বাবে নৱছাৰীৰ মাতৃ, ভগ্নী আৰু কন্যাসকলক বিশেষভাৱে অভিনন্দন জনাইছোঁ। আজি মই দেখি আছিলোঁ যে এখন জিলাৰ পৰাই এই লাখ লাখ মাতৃৰ মহাকুম্ভ আৰু মই দেখি আছিলোঁ যে যেতিয়া সন্তান ঘৰলৈ আহে তেতিয়া মাকৰ চেহেৰা কেনেকৈ উজ্জ্বলি উঠে। এনেকৈয়ে সকলোৰে মুখ আজি উজ্বলি উঠিছে আৰু এইজনেই সেই পুত্ৰ যাক আপোনালোকে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী পাতিছে, আপোনালোকৰ আশীৰ্বাদেৰে হৈছে আৰু সেয়েহে যেতিয়া পুত্ৰ ঘৰলৈ আহে আৰু মাতৃৰ মুখখন উজ্জ্বলি উঠে, এনেদৰেই আজি ইয়াত প্ৰতিগৰাকী মাতৃৰ মুখত  এই সন্তুষ্টিৰ অনুভূতি, এই আনন্দ আৰু এই আশীৰ্বাদৰ ভাবে মোৰ জীৱন ধন্য কৰি তুলিছে।

বন্ধুসকল,

গুজৰাটৰ মহিলাৰ সামৰ্থ্য, গুজৰাটৰ উদাহৰণ কোনো এটা ক্ষেত্ৰতে সীমাবদ্ধ নহয়। ইয়াত পঞ্চায়ত নিৰ্বাচনত মহিলাৰ বাবে ৫০ শতাংশ আসন সংৰক্ষিত কৰা হৈছে। যেতিয়া আপোনালোকে মোক প্ৰধান সেৱক হিচাপে দিল্লীলৈ পঠিয়ালে, মই সেই অভিজ্ঞতা, সেই দায়বদ্ধতাকে দেশৰ প্ৰতি লৈ গৈছিলোঁ। যেতিয়া দেশে নতুন সংসদ পালে, তেতিয়া আমি সবাতোকৈ প্ৰথম বিধেয়ক নাৰী শক্তিৰ বাবে গৃহীত কৰিলোঁ। এই সংসদৰ যি ভৱন নিৰ্মাণ হৈছে তাত আমি প্ৰথম কামটো কৰিলোঁ ভগ্নীসকলৰ বাবে আৰু ইয়েই মাতৃ আৰু ভগ্নীসকলৰ প্ৰতি মোদীৰ সমৰ্পণ দৰ্শায়। আৰু আপোনালোকে জানে, নাৰী শক্তি বন্দন অধিনিয়মৰ সৈতে জড়িত আটাইতকৈ গৌৰৱৰ কথাটো কি? এক সামান্য পটভূমি, এক আদিবাসী পৰিয়ালৰ পৰা অহা আমাৰ ৰাষ্ট্ৰপতি জীয়ে এই বিধেয়কখনত ষ্টাম্প মাৰি অনুমোদন জনাইছে। সেই দিনটো দূৰত নহয় যেতিয়া আপোনালোকৰ মাজৰে কোনোবা সাংসদ বা বিধায়ক হৈ এনে মঞ্চত বহি থাকিব।

বন্ধুসকল,

গান্ধীজীয়ে কৈছিল – দেশৰ আত্মা গ্ৰাম্য ভাৰতত বাস কৰে। আজি মই ইয়াত আৰু এটা শাৰী যোগ কৰিছোঁ। গ্ৰাম্য ভাৰতৰ আত্মা গ্ৰাম্য মহিলাৰ সবলীকৰণত নিহিত হৈ আছে। সেইবাবেই আমাৰ চৰকাৰে নাৰীৰ অধিকাৰ আৰু মহিলাৰ বাবে নতুন সুযোগক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিছে। আজি ভাৰত বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হৈছে। দেশৰ এই অৰ্থনৈতিক প্ৰগতিৰ ভেটি স্থাপন কৰিছে আপোনালোকৰ দৰে কোটি কোটি মহিলাই। ইয়াত গ্ৰাম্য অৰ্থনীতি আৰু মহিলা আত্মসহায়ক গোটৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। আজি দেশৰ ১০ কোটিৰো অধিক মহিলাই ৯০ লাখৰো অধিক আত্মসহায়ক গোট চলাই আছে। ইয়াৰে ৩ লাখৰো অধিক আত্মসহায়ক গোটে কেৱল গুজৰাটতে কাম কৰি আছে। দেশৰ অৰ্থনৈতিক প্ৰগতিৰ বাবে আমি এই কোটি কোটি মহিলাৰ আয় বৃদ্ধি কৰাৰ সংকল্প লৈছোঁ। আমি এই ভগ্নীসকলক লাখপতি দিদি বনাইছোঁ। প্ৰায় ডেৰ কোটি মহিলা লাখপতি দিদি হৈ পৰিছে। আগন্তুক ৫ বছৰত আমি মুঠ ৩ কোটি মহিলাক লাখপতি দিদি কৰাৰ সংকল্প লৈ আগবাঢ়িছোঁ। আৰু ভগ্নীসকলে যি বেগেৰে কাম কৰি আছে, এনে লাগে যে হয়তো আমি ইমান দিন অপেক্ষা কৰিব নালাগিব; তাৰ আগতেই হৈ যাব।

 

মাতৃ আৰু ভগ্নীসকল,

আমাৰ এগৰাকী ভগ্নী যেতিয়া লাখপতি দিদি হয় তেতিয়া গোটেই পৰিয়ালটোৰ ভাগ্য সলনি হৈ যায়। মহিলাসকলে গাঁৱৰ আন মহিলাসকলকো নিজৰ কামত জড়িত কৰে। আৰু মই বিশ্বাস কৰোঁ যে মাতৃ-ভগ্নীয়ে যি কাম হাতত নলওক কিয়, সেই কামৰ গৌৰৱো বাঢ়ি যায়। লাহে লাহে ঘৰৰ পৰা আৰম্ভ হোৱা কামবোৰ অৰ্থনৈতিক আন্দোলনত পৰিণত হয়। আত্মসহায়ক গোটৰ এই সম্ভাৱনা বৃদ্ধিৰ বাবে আমাৰ চৰকাৰে যোৱা ১০ বছৰত ৫গুণ বাজেট বৃদ্ধি কৰিছে। এই আত্মসহায়ক গোটসমূহক নিশ্চয়তা অবিহনে ২০ লাখ টকা পৰ্যন্ত ঋণ দিয়া হৈছে, ২০ লাখ টকা আৰু সেইটোও কোনো নিশ্চয়তা অবিহনে, নিশ্চয়তা অবিহনে উপলব্ধ। আত্মসহায়ক গোটৰ মহিলাসকলক নতুন দক্ষতা আৰু নতুন প্ৰযুক্তিৰ সৈতে সংযোগ স্থাপনৰ উপায়ো দিয়া হৈছে।

বন্ধুসকল,

আজি দেশৰ নাৰী শক্তিয়ে প্ৰতিটো ভয়ক পৰাস্ত কৰি প্ৰতিটো সন্দেহ পিছপেলাই আগবাঢ়িছে। আমি যেতিয়া ড্ৰোন দিদি আঁচনি আৰম্ভ কৰিছিলোঁ তেতিয়া বহুতে আশংকাত ভুগিছিল। ড্ৰোনৰ দৰে আধুনিক প্ৰযুক্তি আৰু গ্ৰাম্য মহিলাৰ সামঞ্জস্যক লৈ তেওঁলোকৰ সন্দেহ আছিল। তেওঁলোকে ভাবিছিল, নাই, নাই, এয়া কেনেকৈ কৰিব পাৰে। কিন্তু মোৰ আমাৰ ভগ্নী-কন্যাৰ প্ৰতিভা আৰু সমৰ্পণৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল। আজি নমো ড্ৰোন দিদি অভিযানৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতিত, খেতিত নতুন বিপ্লৱ হৈ আছে আৰু এই বিপ্লৱৰ নেতৃত্ব দিয়া ভগ্নীসকলে লাখ লাখ টকা উপাৰ্জন কৰি আছে, সমগ্ৰ গাঁৱতে তেওঁলোকৰ সন্মান সলনি হৈছে। ঘৰ, পৰিয়াল, আত্মীয়, গাঁৱে অতি গৌৰৱেৰে পাইলট দিদিক চাই আছে, ড্ৰোন দিদিক চাই আছে। একেদৰে বেংক সখী, বীমা সখী আদি আঁচনিয়ে গাঁৱে-ভূঞে মহিলাসকলক নতুন সুযোগ প্ৰদান কৰিছে। গ্ৰাম্য ভগ্নীসকলৰ সবলীকৰণৰ বাবে কৃষি সখী আৰু পশু সখী অভিযান আৰম্ভ কৰা হৈছে। ইয়াৰ সৈতে লাখ লাখ ভগ্নী জড়িত, তেওঁলোকৰ উপাৰ্জন বাঢ়িছে।

ভগ্নী-কন্যা,

চৰকাৰৰ এনে সকলো প্ৰচেষ্টাৰ সৰ্বোচ্চ সুবিধা যাতে গুজৰাটৰ মহিলাসকলৰ মাজলৈ যায় তাৰ বাবে গুজৰাট চৰকাৰে আৰু ১০ লাখ মহিলাক লাখপতি দিদি কৰাৰ অভিযান আৰম্ভ কৰিছে। মই ইয়াৰ বাবে ভূপেন্দ্ৰ ভাইক আৰু গুজৰাট চৰকাৰক অভিনন্দন জনাইছোঁ।

 

বন্ধুসকল,

মই প্ৰধানমন্ত্ৰী হোৱাৰ পিছত যেতিয়া লালকিল্লাৰ পৰা দেশক সম্বোধন কৰাৰ সুযোগ পাইছিলোঁ, তেতিয়া মোৰ প্ৰথম ভাষণত মই উদ্বেগ প্ৰকাশ কৰিছিলোঁ আৰু মই কৈছিলোঁ যে যেতিয়া এগৰাকী কন্যাই সন্ধিয়া দেৰিকৈ ঘৰলৈ আহে, তেতিয়া মাক আৰু দেউতাক দুয়োজনে তাইক বকাবকি কৰে, ক’লৈ গৈছিল? কিয় দেৰিকৈ আহিল? ক'ত আছিল? অনেক প্ৰশ্ন কৰে। আৰু মই এই প্ৰশ্নটো উত্থাপন কৰিছিলোঁ যে ছোৱালীবোৰ যদি বাহিৰৰ পৰা দেৰিকৈ ঘৰলৈ আহে তেন্তে শ শ প্ৰশ্ন কৰে কিন্তু যদি আপোনাৰ ল’ৰাটো কেতিয়াবা দেৰিকৈ ৰাতি ঘৰলৈ আহে তেন্তে কেতিয়াবা তাকো সোধক, বোপাই ক’লৈ গৈছিলা তুমি? কাৰ ওচৰত আছিলা? কি কৰি আছিলা?

নাৰীৰ বিৰুদ্ধে সংঘটিত অপৰাধ বন্ধ কৰিবলৈ, এখন উন্নত সমাজ গঢ়ি তুলিবলৈ এইটো অতি প্ৰয়োজনীয়। যোৱা দশকত আমি মহিলাৰ সুৰক্ষাক বৃহৎ অগ্ৰাধিকাৰ দিছোঁ। তেওঁলোকৰ বিৰুদ্ধে সংঘটিত অপৰাধ ৰোধ কৰিবলৈ আমি নিয়ম-কানুন আৰু অধিক কঠোৰ কৰিছোঁ। মহিলাৰ বিৰুদ্ধে হোৱা গুৰুতৰ অপৰাধৰ ক্ষিপ্ৰ বিচাৰ আৰু দোষীক ক্ষিপ্ৰ শাস্তি নিশ্চিত কৰাৰ বাবে ফাষ্ট ট্ৰেক আদালত গঠন কৰা হৈছে। এই পৰ্যন্ত সমগ্ৰ দেশতে প্ৰায় ৮০০খন এনে আদালত অনুমোদিত কৰা হৈছে আৰু ইয়াৰে অধিকাংশই কাৰ্যক্ষম হ’বলৈ আৰম্ভ কৰিছে। ইয়াৰে ধৰ্ষণ আৰু POCSO সম্পৰ্কীয় প্ৰায় ৩ লাখ গোচৰৰ শীঘ্ৰে সমাধান হৈছে। ভগ্নী আৰু শিশুৰ সৈতে জড়িত প্ৰায় ৩ লাখ এনে গোচৰত সিদ্ধান্ত লোৱা হৈছে। এইখন আমাৰ চৰকাৰ, যিয়ে ধৰ্ষণকাৰীক ধৰ্ষণ, মৃত্যুদণ্ডৰ দৰে গুৰুতৰ অপৰাধত ফাঁচী দিব লাগে বুলি আইন সলনি কৰিলে, আমি আইন সলনি কৰিলোঁ। আমাৰ চৰকাৰে ২৪x৭, ২৪ ঘন্টা, ৩৬৫ দিনৰ মহিলা হেল্পলাইন শক্তিশালী কৰিলে, মহিলাসকলৰ বাবে ৱান ষ্টপ চেণ্টাৰ আৰম্ভ কৰিলে। সমগ্ৰ দেশতে প্ৰায় ৮০০টা এনে কেন্দ্ৰ আৰম্ভ কৰা হৈছে। ইয়াৰ দ্বাৰা ১০ লাখৰো অধিক মহিলাক সহায় কৰা হৈছে।

বন্ধুসকল,

এতিয়া ভাৰতীয় ন্যায়িক সংহিতা দেশত কাৰ্যকৰী হ’ল, আমি ইংৰাজৰ ক’লা আইন আঁতৰাই দিলোঁ, দেশৰ স্বাধীনতাৰ ৭৫ বছৰৰ পাছত আপোনালোক সকলোৱে মোক এই পূণ্য কাম কৰাৰ সৌভাগ্য দিলে আৰু কি পৰিৱৰ্তন কৰিলোঁ? ইয়াত মহিলাৰ সুৰক্ষাৰ সৈতে জড়িত বিধানসমূহ আৰু অধিক শক্তিশালী কৰা হৈছে। ভাৰতীয় ন্যায়িক সংহিতাত মহিলা আৰু শিশুৰ বিৰুদ্ধে অপৰাধ সম্পৰ্কীয় এটা সুকীয়া অধ্যায় সংযোজন কৰা হৈছে। এইটো আছিল আমাৰ সকলোৰে, ভুক্তভোগী ভগ্নীসকলৰ, সমাজৰ অভিযোগ যে যেতিয়া কোনো অপৰাধ সংঘটিত হয় তেতিয়া কন্যাই ন্যায়ৰ বাবে বহু সময় অপেক্ষা কৰিবলগীয়া হয়। ভাৰতীয় ন্যায়িক সংহিতাত এই কথাও গুৰুত্ব দিয়া হৈছে। ধৰ্ষণৰ দৰে জঘন্য অপৰাধত ৬০ দিনৰ ভিতৰত অভিযোগ ফ্ৰেমৱৰ্ক কৰি ৪৫ দিনৰ ভিতৰত ৰায়দান দিয়াৰ ব্যৱস্থা কৰা হৈছে। পূৰ্বে থানালৈ আহি এফআইআৰ দাখিল কৰিবলগীয়া হৈছিল, তেওঁ থানালৈ যাবলগা হৈছিল। এতিয়া নতুন আইনৰ অধীনত যিকোনো ঠাইৰ পৰা ই-এফআইআৰ পঞ্জীয়ন কৰিব পাৰিব। ইয়াৰ ফলত আৰক্ষীয়েও তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰাত সহজ হৈ পৰে। শূন্য এফ আই আৰৰ ব্যৱস্থাৰ অধীনত যিকোনো মহিলাই নিৰ্যাতন চলিলে যিকোনো থানাত এফ আই আৰ পঞ্জীয়ন কৰিব পাৰে। আন এটা ব্যৱস্থা কৰা হৈছে যে এতিয়া আৰক্ষীয়ে ধৰ্ষণৰ বলি হোৱা মহিলাগৰাকীৰ বক্তব্য অডিঅ’-ভিডিঅ’ৰ জৰিয়তেও ৰেকৰ্ড কৰিব পাৰিব। ইয়াকো আইনী স্বীকৃতি দিয়া হৈছে। আগতে মেডিকেল ৰিপৰ্টতো বহুত সময় লাগিছিল। এতিয়া চিকিৎসা প্ৰতিবেদন ফৰৱাৰ্ড কৰিবলৈ চিকিৎসকৰ বাবে ৭ দিনৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ ফলত ক্ষতিগ্ৰস্ত মহিলাসকলে যথেষ্ট সহায় লাভ কৰিছে।

বন্ধুসকল,

ভাৰতীয় ন্যায়িক সংহিতাত যি নতুন ব্যৱস্থা কৰা হৈছে, তাৰ ফলাফলো দেখা যায়। চুৰাট জিলা ইয়াৰ উদাহৰণ। যোৱা বছৰৰ অক্টোবৰ মাহত এগৰাকী কন্যাক দলবদ্ধ ধৰ্ষণৰ এক কৰুণ ঘটনা সংঘটিত হৈছিল, ঘটনাটো গুৰুতৰ আছিল। ভাৰতীয় ন্যায়িক সংহিতাৰ পিছত এই গোচৰত মাত্ৰ ১৫ দিনৰ ভিতৰতে অভিযোগ ফ্ৰেমৱৰ্ক কৰা হৈছিল আৰু কেইসপ্তাহমানৰ আগতে দোষীসকলক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছিল। মাত্ৰ ১৫ দিনৰ ভিতৰতে আৰক্ষীয়ে নিজৰ কাম সম্পূৰ্ণ কৰিলে, ন্যায়িক প্ৰক্ৰিয়া আৰম্ভ হ’ল আৰু কম সময়ৰ ভিতৰতে যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি হ’ল। ভাৰতীয় ন্যায়িক সংহিতা কাৰ্যকৰী হোৱাৰ পিছত সমগ্ৰ দেশতে নাৰীৰ বিৰুদ্ধে অপৰাধৰ বিচাৰ দ্ৰুতগতিত বৃদ্ধি পাইছে। উত্তৰ প্ৰদেশৰ আলিগড়ৰ এখন আদালতে নাবালিকাক ধৰ্ষণৰ গোচৰত ২০ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে। ভাৰতীয় দণ্ডবিধিৰ অধীনত উত্তৰ প্ৰদেশত এইটোৱেই প্ৰথম দোষী সাব্যস্ত, য’ত অভিযোগনামা দাখিল কৰাৰ ৩০ দিনৰ ভিতৰত শাস্তি ঘোষণা কৰা হয়। সাত মহীয়া কিশোৰীক ধৰ্ষণ কৰাৰ গোচৰত অভিযুক্তক মৃত্যুদণ্ড প্ৰদান কৰিছে কলকাতাৰ আদালতে। অপৰাধৰ ৮০ দিনৰ ভিতৰত এই শাস্তি ঘোষণা কৰা হৈছে। দেশৰ বিভিন্ন ৰাজ্যৰ এই উদাহৰণসমূহে স্পষ্টকৈ দেখুৱাইছে যে ভাৰতীয় ন্যায় সংহিতা আৰু আমাৰ চৰকাৰে গ্ৰহণ কৰা অন্যান্য সিদ্ধান্তই কেনেদৰে মহিলাসকলৰ সুৰক্ষা বৃদ্ধি কৰিছে আৰু লগতে মহিলাসকলৰ ক্ষিপ্ৰ ন্যায় নিশ্চিত কৰিছে।

 

মাতৃ আৰু ভগ্নীসকল,

চৰকাৰৰ মুৰব্বী হিচাপে, আপোনালোকৰ সেৱক হিচাপে মই আপোনালোক সকলোকে আশ্বাস দিছোঁ যে মই আপোনালোকৰ সপোনৰ বাটত কোনো বাধা আহিবলৈ নিদিওঁ। এজন পুত্ৰই যি অনুভূতিৰে মাতৃৰ সেৱা কৰে, সেই ভাবেৰে মই ভাৰত মাতৃ আৰু মোৰ এই মাতৃ-ভগ্নীসকলৰ সেৱা কৰি আছোঁ। মোৰো সম্পূৰ্ণ ভৰসা আছে, আপোনালোক সকলোৰে এই শ্ৰম, এই নিষ্ঠা, এই আশীৰ্বাদেৰেই ২০৪৭ চনৰ ভিতৰত যেতিয়া ভাৰতৰ স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ হ’ব, ২০৪৭ত বিকশিত ভাৰতৰ আমাৰ যি লক্ষ্য, এই লক্ষ্য সম্পূৰ্ণ হ’বই। এই ভাবনাৰেই আপোনালোক সকলোকে, দেশৰ প্ৰতিগৰাকী মাতৃ, ভগ্নী-কন্যালৈ, পুনৰবাৰ নাৰী দিৱসৰ বহুত বহুত শুভকামনা জনাইছোঁ, বহুত অভিনন্দন জ্ঞাপন কৰিছোঁ। মোৰ লগত কওক, দূয়োখন হাত ওপৰলৈ তুলি কওক-

ভাৰত মাতা কী -জয়।

আজি নাৰীৰ কণ্ঠ তীব্ৰ হোৱা উচিত,

ভাৰত মাতা কী -জয়।

ভাৰত মাতা কী -জয়।

ভাৰত মাতা কী -জয়।

বন্দে মাতৰম।

বন্দে মাতৰম।

বন্দে মাতৰম।

বন্দে মাতৰম।

বন্দে মাতৰম।

বন্দে মাতৰম।

বন্দে মাতৰম।

আজি আমি বন্দে মাতৰম বুলি কওঁতে ভাৰত মাতৃৰ লগতে দেশৰ কোটি কোটি মাতৃৰ বাবেও - বন্দে মাতৰম, বন্দে মাতৰম, বন্দে মাতৰম। বহুত বহুত ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Semiconductors to clean energy: Inside PM Modi’s high-profile meeting with 16 Dutch CEOs in The Hague

Media Coverage

Semiconductors to clean energy: Inside PM Modi’s high-profile meeting with 16 Dutch CEOs in The Hague
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister and Prime Minster of Sweden exchange special gifts celebrating the shared cultural legacy of Rabindranath Tagore
May 17, 2026

The Prime Minister of Sweden, H.E. Mr. Ulf Kristersson and Prime Minister Shri Narendra Modi exchanged special commemorative gifts to celebrate the legacy of Nobel Laureate Gurudev Rabindranath Tagore.

The gift from Prime Minister Kristersson comprised a box containing two replicas of hand-written epigrams by Gurudev Rabindranath Tagore, accompanied by a small explanatory text and a photograph of Gurudev Tagore taken in 1921 during his visit to Uppsala University. The originals, recently discovered in the Swedish National Archives, were created by Gurudev Tagore during his visits to Sweden in 1921 and 1926.

Prime Minister Modi presented to Prime Minster Kristersson a set of collected works of Rabindranath Tagore, along with a specially handcrafted bag from Shantiniketan with motifs that Gurudev chose to empower local artisans. The bag symbolizes Tagore’s philosophy that art is not meant to be confined to galleries, but to breathe life into everyday objects, bridging the gap between the intellectual and the functional.

Although Gurudev Tagore could not travel to Sweden in 1913 to receive the Nobel Prize, he was received by King Gustav V when he visited Sweden in 1921. These gifts symbolize the shared cultural and intellectual heritage between India and Sweden, and pay tribute to the enduring legacy of Rabindranath Tagore. The exchange of gifts also coincides with the centenary of Gurudev’s historic visit to Sweden in 1926.