ইউনেস্কোৰ ক্ৰিয়েটিভ চিটিনেটৱৰ্কত কোজিকোডক 'সাহিত্যৰ চহৰ' আৰু গোৱালিয়ৰক 'সংগীতৰ চহৰ' হিচাপে অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশংসা কৰে। শ্ৰী মোদীয়ে এই উল্লেখযোগ্য সাফল্যৰ বাবে কোজিকোড আৰু গোৱালিয়ৰৰ জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰে।

 

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কোজিকোডৰ সমৃদ্ধ সাহিত্যিক উত্তৰাধিকাৰীৰ সৈতে ভাৰতৰ সাংস্কৃতিক প্ৰাণৱন্ততা বিশ্বৰ মঞ্চত অধিক উজ্জ্বল হৈ উঠিছে। তেওঁ কয় যে গোৱালিয়ৰে যি অংগীকাৰৰ সৈতে সংগীতৰ ঐতিহ্য সংৰক্ষণ আৰু সমৃদ্ধ কৰিছে, তাৰ প্ৰতিধ্বনি সমগ্ৰ বিশ্বতে শুনিবলৈ পোৱা গৈছে।

 

কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডীয়ে এক্সত কৰা পোষ্টৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে কয়;

"কোজিকোডৰ সমৃদ্ধ সাহিত্যিক উত্তৰাধিকাৰী আৰু আৰু গোৱালিয়ৰৰ সুমধুৰ ঐতিহ্য এতিয়া সন্মানীয় ইউনেস্কো ক্ৰিয়েটিভ চিটিজ নেটৱৰ্কত অন্তৰ্ভুক্ত হৈ পৰাত বিশ্বৰ মঞ্চত ভাৰতৰ সাংস্কৃতিক প্ৰাণৱন্ততা উজ্জ্বল হৈ পৰিছে।

 

এই উল্লেখযোগ্য সাফল্যৰ বাবে কোজিকোড আৰু গোৱালিয়ৰৰ লোকসকলক অভিনন্দন!

 

আমি এই আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি উদযাপন কৰাৰ লগে লগে, আমাৰ ৰাষ্ট্ৰই আমাৰ বৈচিত্ৰ্যময় সাংস্কৃতিক পৰম্পৰাৰ সংৰক্ষণ আৰু প্ৰচাৰৰ প্ৰতি ইয়াৰ অংগীকাৰ পুনৰ নিশ্চিত কৰিছে।

 

এই প্ৰশংসাবোৰে আমাৰ অনন্য সাংস্কৃতিক গাঁথাবোৰক প্ৰোত্সাহিত আৰু ভাগ বতৰা কৰাৰ বাবে সমৰ্পিত প্ৰতিজন ব্যক্তিৰ সামূহিক প্ৰচেষ্টাকো প্ৰতিফলিত কৰে।"

 

 

“യുനെസ്‌കോയുടെ 'സാഹിത്യ നഗരം' ബഹുമതി ലഭിച്ചതോടെ സാഹിത്യ കലയോടുള്ള കോഴിക്കോടിന്റെ അഭിനിവേശം ആഗോളതലത്തിൽ ഇടം നേടിയിരിക്കുന്നു. ഊർജ്ജസ്വലമായ സാഹിത്യ പാരമ്പര്യമുള്ള ഈ നഗരം പഠനത്തെയും കഥാകഥനത്തെയും പ്രതിനിധാനം ചെയ്യുന്നു. സാഹിത്യത്തോടുള്ള കോഴിക്കോടിന്റെ അഗാധമായ സ്നേഹം ലോകമെമ്പാടുമുള്ള എഴുത്തുകാരെയും വായനക്കാരെയും പ്രചോദിപ്പിക്കുന്നത് തുടരട്ടെ.”

“ग्वालियर और संगीत का बहुत खास रिश्ता है। UNESCO से इसे सबसे बड़ा सम्मान मिलना बहुत गर्व की बात है। ग्वालियर ने जिस प्रतिबद्धता के साथ संगीत की विरासत को संजोया और समृद्ध किया है, उसकी गूंज दुनियाभर में सुनाई दे रही है। मेरी कामना है कि इस शहर की संगीत परंपरा और उसे लेकर लोगों का उत्साह और बढ़े, ताकि आने वाली पीढ़ियों को इससे प्रेरणा मिलती रहे।”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
The entrepreneurs building a self-reliant India

Media Coverage

The entrepreneurs building a self-reliant India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 21 জুলাই 2026
July 21, 2026

Self-Reliance Is No Longer a Slogan — It’s Happening Across Engines, UPI, Vaccines & FDI Under the Leadership of PM Modi