প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সফলতাৰে ১০ বছৰ পূৰ্ণ কৰা ডিজিটেল ইণ্ডিয়া পদক্ষেপক প্ৰশংসা কৰিছে। তেখেতে কয় যে এটা দশকৰ পাছত আমি এনে এক যাত্ৰা প্ৰত্যক্ষ কৰিছোঁ, যিয়ে অগণন জীৱনক স্পৰ্শ আৰু সবলীকৰণৰ এক নতুন যুগৰ সূচনা কৰিছে। শ্ৰী মোদীয়ে কয়, “ভাৰতে ডিজিটেল পেমেন্টৰ ক্ষেত্ৰত বহু অগ্ৰগতি লাভ কৰিছে, ১৪০ কোটি ভাৰতীয়ৰ সামূহিক সংকল্পই ইয়াক চালিত কৰিছে।“
এক্স-ত মাইগভইণ্ডিয়া-ৰ এটা থ্ৰেড শ্বেয়াৰেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে লিখিছেঃ
"আজি হৈছে এটি ঐতিহাসিক দিন, কাৰণ আমি #10YearsOfDigitalIndia-ত উপনীত হৈছোঁ!
দহ বছৰ পূৰ্বে ডিজিটেল ইণ্ডিয়াৰ জৰিয়তে আমাৰ ৰাষ্ট্ৰখনক ডিজিটেলভাৱে সবল আৰু প্ৰযুক্তিগতভাৱে উন্নত সমাজলৈ ৰূপান্তৰিতকৰণৰ এক পদক্ষেপৰ সূচনা হৈছিল।
এটা দশকৰ পাছত আমি এনে এক যাত্ৰা প্ৰত্যক্ষ কৰিছোঁ, যিয়ে অগণন জীৱনক স্পৰ্শ আৰু সবলীকৰণৰ এক নতুন যুগৰ সূচনা কৰিছে। ভাৰতে ডিজিটেল পেমেন্টৰ ক্ষেত্ৰত বহু অগ্ৰগতি লাভ কৰিছে, ১৪০ কোটি ভাৰতীয়ৰ সামূহিক সংকল্পই ইয়াক চালিত কৰিছে। স্বাস্থ্য আৰু শিক্ষাৰ দৰে খণ্ডও এই পদক্ষেপৰ জৰিয়তে উপকৃত হৈছে।
এই থ্ৰেডে ৰূপান্তৰ আৰু ইয়াৰ পৰিসৰৰ আভাস দাঙি ধৰিছে!"
Today is a historic day as we mark #10YearsOfDigitalIndia!
— Narendra Modi (@narendramodi) July 1, 2025
Ten years ago, Digital India began as an initiative to transform our nation into a digitally empowered and technologically advanced society.
A decade later, we stand witness to a journey that has touched countless… https://t.co/gbngf6HcEk


