এক অনানুষ্ঠানিক পৰিৱেশত মুকলি মনেৰে বাৰ্তালাপত লিপ্ত হয়
শিশুসকলে তেওঁলোকে সন্মুখীন হোৱা প্ৰত্যাহ্বান সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ পৰা মাৰ্গদৰ্শন বিচাৰে
শিশুসকলে মানসিক স্বাস্থ্য, গৱেষণা আৰু উদ্ভাৱন, আধ্যাত্মিকতাকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনা কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ (পিএমআৰবিপি) প্ৰাপকসকলৰ সৈতে তেওঁৰ ৭ লোক কল্যাণ মাৰ্গস্থিত বাসগৃহত বাৰ্তালাপ কৰে।

প্ৰধানমন্ত্ৰীয়ে বঁটা বিজয়ীসকলক স্মৰণিকা প্ৰদান কৰে আৰু তেওঁলোকৰ সাফল্যৰ বিষয়ে এজনৰ পাছত আনজনৰ সৈতে আলোচনা কৰে আৰু পিছত আটাইকেইজনৰ সৈতে বাৰ্তালাপ কৰে। প্ৰধানমন্ত্ৰীয়ে এক অনানুষ্ঠানিক পৰিৱেশত মুকলি মনেৰে বঁটা বিজয়ীসকলৰ সৈতে বাৰ্তালাপত মিলিত হয়। শিশুসকলে তেওঁলোকক সন্মুখীন হোৱা প্ৰত্যাহ্বানবোৰ সন্দৰ্ভত বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰে আৰু বিভিন্ন বিষয়ত প্ৰধানমন্ত্ৰীৰ পৰামৰ্শ বিচাৰে।

প্ৰধানমন্ত্ৰীয়ে বঁটা বিজয়ীসকলক সৰু সৰু সমস্যা সমাধানেৰে, ক্ৰমান্বয়ে ক্ষমতা গঢ়ি তুলি, সামৰ্থ্য বৃদ্ধি কৰি জীৱনত আগবাঢ়ি যোৱাৰ লগতে ডাঙৰ সমস্যা সমাধানৰ বাবে আত্মবিশ্বাস বৃদ্ধিৰ পৰামৰ্শ দিয়ে। মানসিক স্বাস্থ্য আৰু শিশুসকলে সন্মুখীন হোৱা সমস্যাৰ বিষয়ে আলোচনা কৰি প্ৰধানমন্ত্ৰীয়ে এই সমস্যাটো দূৰ কৰা আৰু এনে বিষয়সমূহ মোকাবিলা কৰাৰ ক্ষেত্ৰত পৰিয়ালৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে মত ব্যক্ত কৰে। বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আন কেইবাটাও বিষয় সন্দৰ্ভতো আলোচনা কৰে, যাৰ ভিতৰত আছে দবা খেলাৰ উপকাৰিতা, কলা আৰু সংস্কৃতিক কেৰিয়াৰ হিচাপে গ্ৰহণ কৰা, গৱেষণা আৰু উদ্ভাৱন, আধ্যাত্মিকতা আদি।

ভাৰত চৰকাৰে শিশুসকলক উদ্ভাৱন, সমাজ সেৱা, শৈক্ষিক, ক্ৰীড়া, কলা আৰু সাহসিকতা-এই ছয়টা শ্ৰেণীত তেওঁলোকৰ অসাধৰণ সাফল্যৰ বাবে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰদান কৰি আহিছে। বঁটা প্ৰাপকক প্ৰতিটো শিশুক এটা পদক, নগদ ১ লাখ টকা আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। এই বছৰ, বাল শক্তি পুৰস্কাৰৰ বিভিন্ন শ্ৰেণীৰ অধীনত সমগ্ৰ দেশৰ পৰা ১১টি শিশুক পিএমআৰবিপি-২০২৩ৰ বাবে বাছনি কৰা হৈছে। বঁটা প্ৰাপ্ত সকলৰ ভিতৰত ১১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৬ জন ল'ৰা আৰু ৫ জনী ছোৱালী আছে। এইসকল হৈছে-আদিত্য সুৰেশ, এম গৌৰৱী ৰেড্ডী, শ্ৰেয়া ভট্টাচাৰ্য, সম্ভব মিশ্ৰ, ৰোহন ৰামচন্দ্ৰ বাহিৰ, আদিত্য প্ৰতাপ সিং চৌহান, ঋষি শিৱ প্ৰসন্ন, অনুষ্কা জলি, হানায়া নিছাৰ, কোলাগাটলা আলানা মীনাক্ষি আৰু শৌৰ্যজিত ৰঞ্জিতকুমাৰ খেৰে।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Government eases defence export SOP to help local manufacturers tap global market

Media Coverage

Government eases defence export SOP to help local manufacturers tap global market
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister extends greetings on National Sports Day
August 29, 2026

The Prime Minister, Shri Narendra Modi has extended his greetings to all sports lovers on National Sports Day. Shri Modi said that the dedication, passion and determination of sportspersons make the entire nation proud.

The Prime Minister also paid homage to the legendary Major Dhyan Chand Ji, whose brilliance and contribution to Indian hockey continue to inspire generations.

Shri Modi posted on X:

“To every sports lover…your dedication, passion and determination make everyone proud.

We also pay homage to the legendary Major Dhyan Chand Ji, whose brilliance inspires generations.

#NationalSportsDay”