ভাৰতীয় ইতিহাসত ৫ আগষ্ট এটা তাৎপৰ্য্যপূৰ্ণ তাৰিখ হৈ পৰিছে কিয়নো ইয়াৰ সৈতে ৩৭০ ৰ বিলোপসাধন আৰু ৰাম মন্দিৰ জড়িত হৈ আছেঃ প্ৰধানমন্ত্ৰী
আজি আমাৰ যুৱ সমাজে আমাৰ ৰাষ্ট্ৰীয় ক্ৰীড়া হকীৰ গৰিমা পুনৰ-প্ৰতিষ্ঠাত এটা বৃহৎ পদক্ষেপ গ্ৰহণ কৰিলেঃ প্ৰধানমন্ত্ৰী
আমাৰ যুৱ সমাজে জয়ৰ লক্ষ্যত উপনীত হোৱাৰ বিপৰীতে একাংশই ৰাজনৈতিক স্বাৰ্থৰ বাবে নিজা-লক্ষ্যক লৈ ব্যস্ত হৈ আছেঃ প্ৰধানমন্ত্ৰী
ভাৰতৰ যুৱ সমাজৰ গভীৰ বিশ্বাস আছে যে তেওঁলোক আৰু ভাৰত উভয়ে অগ্ৰসৰ হৈছেঃ প্ৰধানমন্ত্ৰী
এই মহান দেশে স্বাৰ্থপৰ আৰু ৰাষ্ট্ৰ-বিৰোধী ৰাজনীতিক প্ৰশ্ৰয় দিব নোৱাৰেঃ প্ৰধানমন্ত্ৰী
দ্বৈত ইঞ্জিনৰ চৰকাৰে উত্তৰ প্ৰদেশত দৰিদ্ৰ, নিপীড়িত, পাছপৰা, জনজাতীয় লোকসকলৰ বাবে প্ৰৱৰ্তন কৰা আঁচনিসমূহ ক্ষীপ্ৰতাৰে ৰূপায়ণ হোৱাটো নিশ্চিত কৰিছেঃ প্ৰধানমন্ত্ৰী
উত্তৰ প্ৰদেশক সদায়েই ৰাজনৈতিক দৃষ্টিৰে চাই অহা হৈছিল। বিশ্বাস এয়ে যে উত্তৰ প্ৰদেশ ভাৰতৰ বিকাশ ইঞ্জিনৰ পাৱাৰহাউছ হ’ব পাৰে যাৰ শেহতীয়া বছৰকেইটাত বৰ্ধন ঘটিছেঃ প্ৰধানমন্ত্ৰী
এই দশক হৈছে উত্তৰ প্ৰদেশৰ বাবে যোৱা ৭ দশকৰ অভাৱ পৰিপূৰণৰ দশকঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে উত্তৰ প্ৰদেশৰ প্ৰধান মন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় কৰে। এই কাৰ্য্যসূচীত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথো উপস্থিত থাকে।

এই কাৰ্য্যসূচী সম্বোধন কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ৫ আগষ্ট ভাৰতৰ বাবে অতি বিশেষ হৈ পৰিছে। ২ বছৰ পূৰ্বে ৫ আগষ্টৰ দিনা, দেশখনে ৩৭০ নং অনুচ্ছেদৰ বিলোপসাধনৰদ্বাৰা এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ উদ্দীপনা অধিক সুদৃঢ় কৰি জম্মু-কাশ্মীৰৰ প্ৰতিজন নাগৰিকৰ বাবে সকলো অধিকাৰ আৰু সুবিধা উপলব্ধ কৰি তুলিছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে, ৫ আগষ্টত, ভাৰতে শ-শ বছৰৰ পাছত এটি বৃহৎ ৰাম মন্দিৰ নিৰ্মাণৰ অৰ্থে ভাৰতীয়ই প্ৰথমটো পদক্ষেপ গ্ৰহণ কৰিছিল। আজি অযোধ্যাত তীব্ৰ গতিৰে ৰাম মন্দিৰ নিৰ্মাণ কৰি থকা হৈছে।

তাৰিখটোৰ তাৎপৰ্য্যৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি অলিম্পিকৰ পথাৰত দেশখনৰ যুৱ সমাজৰদ্বাৰা হকীত আমাৰ গৰিমাৰ পুনৰ-প্ৰতিষ্ঠাৰে কঢ়িয়াই অনা উৎসাহ আৰু উত্তেজনাৰ কথা কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে খেদ প্ৰকাশেৰে কয় যে আমাৰ দেশত এফালেদি আমাৰ যুৱ সমাজে ভাৰতৰ বাবে নতুন সফলতা লাভ কৰি আছে, তেওঁলোকে জয়ৰ লক্ষ্যত উপনীত হোৱাৰ বিপৰীতে, দেশখনৰ একাংশ লোকে ৰাজনৈতিক স্বাৰ্থৰ বাবে নিজা-লক্ষ্যক লৈ ব্যস্ত হৈ আছে। তেখেতে লগতে কয় যে দেশেখনে কি বিচাৰিছে, দেশখনে কেনে সফলতা অৰ্জন কৰিছে, দেশখন কিদৰে সলনি হৈ আছে, তাকে লৈ তেওঁলোক চিন্তিত নহয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই মহান দেশে এনে স্বাৰ্থপৰ আৰু ৰাষ্ট্ৰ-বিৰোধী ৰাজনীতিক প্ৰশ্ৰয় দিব নোৱাৰে। এই লোকসকলে কিদৰে দেশখনৰ উন্নয়নক ৰুদ্ধ কৰিবলৈ চেষ্টা কৰিছে, তাকে লৈ চিন্তিত হোৱাৰ প্ৰয়োজন নাই, এই দেশ তেওঁলোকৰদ্বাৰা চালিত নহয়। এই দেশে প্ৰতিটো ক্ষেত্ৰতে দ্ৰুতভাৱে আগবাঢ়ি গৈছে, প্ৰতিটো জটিলতাক প্ৰত্যাহ্বান জনাইছে বুলি তেখেতে কয়।

এই নতুন উদ্দীপনাৰ চিত্ৰণৰ অৰ্থে, প্ৰধানমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ বহু ৰেকৰ্ড আৰু ভাৰতীয়ৰ সফলতাৰ কথা উল্লেখ কৰে। অলিম্পিকৰ ওপৰিও, শ্ৰী মোদীয়ে তদুপৰি আগন্তুক লেণ্ডমাৰ্ক ৫০ কোটি টীকাকৰণ, অৰ্থনীতিৰ নতুন গতিৰ সংকেত প্ৰদানেৰে জুলাই মাহটোত ১ লাখ ১৬ হাজাৰ কোটি টকাৰ জিএছটি সংগ্ৰহৰ অভিলেখৰ কথা উল্লেখ কৰে। তেখেতে তদুপৰি আঢ়ৈ লাখ কোটি টকাৰো অধিক অভূতপূৰ্ব মাহিলী ৰপ্তানিৰ পৰিমাণৰ কথা উল্লেখ কৰে। এই পৰিমাণ হৈছে ভাৰতৰ স্বাধীনতাৰ পাছত সৰ্বাধিক, যিয়ে ভাৰতক শীৰ্ষ ১০ কৃষিজাত-ৰপ্তানিকাৰী দেশৰ মাজত প্ৰোথিত কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি প্ৰথম মেড ইন ইণ্ডিয়া এয়াৰক্ৰাফ্ট কেৰিয়াৰ বিক্ৰান্তৰ ট্ৰায়েল, লাডাখত বিশ্বৰ ভিতৰত সৰ্বোচ্চ মটৰ চলাৰ উপযোগী পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱা আৰু ই-ৰুপীৰ শুভাৰম্ভ কৰাৰ কথা উল্লেখ কৰে।

বিৰোধীক সমালোচনা কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে কেৱল নিজৰ স্থিতিক লৈ চিন্তা কৰাসকলে এতিয়া ভাৰতক ৰুদ্ধ কৰিব নোৱাৰে। পদক জয়েৰে নব্য ভাৰতে বিশ্বৰ বুকুত নিজকে প্ৰতিষ্ঠা কৰিছে, ৰেংকৰে নহয়। তেখেতে লগতে কয় যে নব্য ভাৰতত আগুৱাই যাবলৈ পথ পৰিয়ালৰ নামৰদ্বাৰা চিনাক্ত কৰিব পৰা নাযাব, কঠোৰ শ্ৰমৰেহে ই সম্ভৱ। ভাৰতৰ যুৱ সমাজৰ গভীৰ বিশ্বাস আছে যে তেওঁলোক আৰু ভাৰত উভয়ে অগ্ৰসৰ হৈছে।

মহামাৰীটো সন্দৰ্ভত ব্যক্ত কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে অতীতত, যেতিয়া এনে বৃহৎ সংকটে দেশখনক প্ৰভাৱিত কৰিছিল, তেতিয়া দেশখনৰ সকলো ব্যৱস্থা বেয়াকৈ অকামিলা হৈ পৰিছিল। তথাপি, আজি ভাৰতত, প্ৰতিজন নাগৰিকে এই মহামাৰীৰ বিৰুদ্ধে সৰ্ব শক্তিৰে যুঁজ দি আছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে শতিকাৰ এবাৰ সংকটটোৰ সৈতে মোকাবিলাৰ অৰ্থে গ্ৰহণ কৰা ব্যৱস্থাৰাজিৰ কথা উল্লেখ কৰে। মেডিকেল আন্তঃগাঁথনিৰ বৰ্ধন, বিশ্বৰ সৰ্ববৃহৎ বিনামূলীয়া টীকাকৰণ কাৰ্য্যক্ৰম, দুৰ্বল শ্ৰেণীসমূহৰ মাজত ক্ষুধা নিবাৰণৰ বাবে যুঁজৰ দৰে কাৰ্য্যক্ৰমণিকাসমূহত লাখ-লাখ কোটি টকা ব্যয় কৰা হৈছে আৰু এই ক্ষেত্ৰত ভাৰত সফলতাৰ দিশত অগ্ৰসৰ হৈছে। মহামাৰীটোৰ মাজতো ইনফ্ৰাচট্ৰাকচাৰ প্ৰডাক্টসমূহ ৰুদ্ধ হোৱা নাই যি কথা উত্তৰ প্ৰদেশৰ ঘাইপথ, এক্সপ্ৰেছৱে’ প্ৰকল্প, ডেডিকেটেড ফ্ৰেইট কৰিড’ৰ আৰু প্ৰতিৰক্ষা বুলনিয়ে প্ৰমাণিত কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, দ্বৈত ইঞ্জিনৰ চৰকাৰে দৰিদ্ৰনিপীড়িতপাছপৰাজনজাতীয় লোকসকলৰ বাবে প্ৰৱৰ্তন কৰা আঁচনিসমূহ ক্ষীপ্ৰতাৰে ৰূপায়ণ হোৱাটো নিশ্চিত কৰিছে। তেখেতে পিএম স্বনিধি যোজনাক ইয়াৰ উত্তম উদাহৰণ বুলি কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি মহামাৰীটোৰ সময়ছোৱাত পৰিস্থিতিটোৰ উপশম ঘটাবলৈ গ্ৰহণ কৰা ব্যৱস্থাৰাজিৰ কথা উল্লেখ কৰে। খাদ্য উপকৰণসমূহৰ মূল্য নিয়ন্ত্ৰণত ৰাখিবলৈ কাৰ্য্যকৰী কৌশল গ্ৰহণ কৰা হয়, কৃষকসকললৈ বীজ বা সাৰৰ যোগান অব্যাহত ৰাখিবলৈ এটা সুচল ব্যৱস্থা গ্ৰহণ কৰা হয় যাৰ ফলশ্ৰুতিত, কৃষকসকলে অভিলেখসংখ্যক উৎপাদন কৰে আৰু চৰকাৰখনেও এমএছপিৰ অধীনত অভিলেখসংখ্যক ক্ৰয় সম্পন্ন কৰে। তেখেতে লগতে উত্তৰ প্ৰদেশত এমএছপিত অভিলেখসংখ্যক ক্ৰয়ৰ বাবে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীজনক প্ৰশংসা কৰে। উত্তৰ প্ৰদেশত এমএছপিৰপৰা লাভান্বিত হোৱা কৃষকৰ সংখ্যা যোৱা বছৰৰ তুলনাত দুগুণ হয়। উত্তৰ প্ৰদেশত, কৃষকসকলৰ উৎপাদিত পণ্যৰ মূল্য হিচাপে ১৩ লাখ কৃষক পৰিয়ালৰ একাউন্টত ২৪ হাজাৰ কোটিৰো অধিক টকা পোনপটীয়াকৈ জমা হয়। উত্তৰ প্ৰদেশৰ ১৭ লাখ পৰিয়ালক গৃহ আবন্টন জনোৱা হৈছে, লাখ-লাখ দৰিদ্ৰ পৰিয়ালে টয়লেট লাভ কৰিছে, পঞ্চাশ হাজাৰে বিনামূলীয়া গেছ আৰু কেইবা লাখে বিদ্যুতৰ সংযোগ লাভ কৰিছে। ৰাজ্যখনৰ ২৭ লাখ গৃহস্থীয়ে পাইপেৰে পানীৰ যোগান লাভ কৰিছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে অৱগত কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে যোৱা দশককেইটাত, উত্তৰ প্ৰদেশক সদায়েই ৰাজনৈতিক দৃষ্টিৰে চাই অহা হৈছিল। উত্তৰ প্ৰদেশে কিদৰে দেশখনৰ উন্নয়নত এটি উন্নতৰ ভূমিকা পালন কৰিব পাৰে, আনকি তাৰো আলোচনাৰ অৱকাশ নাছিল। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে দ্বৈত ইঞ্জিনৰ চৰকাৰখনে আমি ঠেক দৃষ্টিৰে উত্তৰ প্ৰদেশৰ সম্ভাৱনাক চোৱাৰ পন্থা সলনি কৰি পেলাইছে। বিশ্বাস এয়ে যে উত্তৰ প্ৰদেশ ভাৰতৰ বিকাশৰ ইঞ্জিনৰ পাৱাৰহাউছ হৈ উঠিব পাৰে যিয়ে যোৱা বছৰকেইটাত এই সামৰ্থ্য আহৰণ কৰিছে বুলি তেখেতে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে সামৰণিত কয় যে এই দশক হৈছে উত্তৰ প্ৰদেশৰ বাবে যোৱা ৭ দশকৰ অভাৱ পৰিপূৰণৰ দশক। এই কাম উত্তৰ প্ৰদেশৰ যুৱ সমাজ, উত্তৰ প্ৰদেশৰ জীয়ৰী, দৰিদ্ৰ, নিপীড়িত আৰু পাছপৰাসকলৰ পৰ্য্যাপ্ত অংশগ্ৰহণ অবিহনে কৰিব পৰা নাযাব আৰু তেওঁলোকক উন্নতৰ সুযোগ প্ৰদান কৰাত সফলতা অৰ্জন কৰিব পৰা নহ’ব।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Gyan Bharatam Portal Houses Over 88,800 Manuscripts, Government Informs Lok Sabha

Media Coverage

Gyan Bharatam Portal Houses Over 88,800 Manuscripts, Government Informs Lok Sabha
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses delight as Sarnath is inscribed on the UNESCO World Heritage List
July 25, 2026

Prime Minister Shri Narendra Modi today expressed that it is a proud moment for every Indian, sharing his delight that Sarnath in Uttar Pradesh has been inscribed on the UNESCO World Heritage List.

He noted that Sarnath has a close association with Lord Buddha, whose timeless message of wisdom, compassion and harmony inspires the world.

Shri Modi highlighted that this recognition celebrates India’s profound civilisational and spiritual heritage. The Prime Minister observed that it will also inspire more people across the world to come to Sarnath and connect with the ideals of Lord Buddha.

In a post on X, the Prime Minister shared:

 "A proud moment for every Indian!

Delighted that Sarnath in Uttar Pradesh has been inscribed on the UNESCO World Heritage List.

Sarnath has a close association with Lord Buddha, whose timeless message of wisdom, compassion and harmony inspires the world.

This recognition celebrates India’s profound civilisational and spiritual heritage. It will also inspire more people across the world to come to Sarnath and connect with the ideals of Lord Buddha.

@UNESCO"