Svanidhi Scheme launched to help the pandemic impacted street vendors restart their livelihood: PM
Scheme offers interest rebate up to 7 percent and further benefits if loan paid within a year : PM
Street Vendors to be given access to Online platform for business and digital transactions: PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্য় প্ৰদেশৰ পদ পথৰ ব্যৱসায়ীসকলৰ সৈতে ‘স্বনিধি সংবাদ’ত ভাগ লয়। ক’ভিড-১৯ৰদ্বাৰা প্ৰভাৱিত হোৱা পদ পথৰ দুখীয়া ব্যৱসায়ীসকলৰ জীৱিকাৰ কাম-কাজৰ পুনৰ আৰম্ভণিত সহায় কৰিবলৈ ভাৰত চৰকাৰখনে ১ জুন, ২০২০ত প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিৰ শুভাৰম্ভ কৰিছিল। মধ্য প্ৰদেশৰ ৪.৫ লাখ পদ পথৰ ব্যৱসায়ীয়ে পঞ্জীয়ন কৰাৰ বিপৰীতে ১.৪ লাখ পদ পথৰ ব্যৱসায়ীলৈ ১৪০ কোটি টকা অনুমোদন জনোৱা হৈছে।

এই কাৰ্যসূচীত ভাষণ প্ৰদান কৰি, প্ৰধানমন্ত্ৰীয়ে পুনৰাই কৰ্মত ধৰিবলৈ পদ পথৰ ব্যৱসায়ীসকলে গ্ৰহণ কৰা প্ৰচেষ্টাক প্ৰশংসা কৰে আৰু তেওঁলোকৰ আত্ম-বিশ্বাস, ঐকান্তিকতা আৰু কঠোৰ শ্ৰমৰ শলাগ লয়।

মহামাৰীৰ প্ৰভাৱৰ মাজতে ৪.৫ লাখৰো অধিক পদ পথৰ ব্যৱসায়ীক চিনাক্ত কৰি উলিওৱা আৰু ২ মাহৰ ভিতৰতে ইয়াৰে ১ লাখৰো অধিক ব্যৱসায়ীক লোন প্ৰদান কৰিবলৈ যাৱতীয় প্ৰক্ৰিয়া সম্পন্ন কৰি তোলাৰ বাবে মধ্য প্ৰদেশ চৰকাৰৰ প্ৰচেষ্টাৰ শলাগ লয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যিকোনো দুৰ্যোগত প্ৰথমতেই দুখীয়া লোকসকল প্ৰভাৱিত হয় আৰ তেওঁলোকৰ বৃত্তি, খাদ্য আৰু সঞ্চয়ত বিৰূপ প্ৰভাৱ পৰে।

গৰিষ্ঠসংখ্যক দুখীয়া অভিবাসী সকলে গাঁৱলৈ ঘূৰি অহাৰ জটিল সময়ছোৱাৰ কথা তেখেতে সদৰী কৰে।

শ্ৰী মোদীয়ে লকডাউনৰ আৰম্ভণিৰ দিনটোৰপৰাই দুখীয়া আৰু নিম্ন মধ্য শ্ৰেণীটোৱে মুখা-মুখি হোৱা জটিলতা আৰু মহামাৰীটোৰ প্ৰভাৱ দূৰ কৰিবলৈ চৰকাৰখনে কৰা চেষ্টাৰ উল্লেখ কৰে। তেওঁ কয়, প্ৰধান মন্ত্ৰী গৰীৱ কল্যাণ ৰোজগাৰ অভিযানৰ জৰিয়তে চৰকাৰখনে কৰ্মসংস্থাপনৰ ওপৰিও খাদ্য, ৰেচন, বিনামূলীয়া গেছ চিলিণ্ডাৰ আগবঢ়াবলৈ সকলো প্ৰচেষ্টা গ্ৰহণ কৰিছে।

প্ৰধান মন্ত্ৰীয়ে কয়, চৰকাৰখনে তদুপৰি অভাৱী শ্ৰেণী হিচাপে পদ পথৰ ব্যৱসায়ীসকলৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু তেওঁলোকে জীৱিকাৰ ব্যৱসায় পুনৰ আৰম্ভ কৰিব পৰাকৈ এনে ব্যৱসায়ীসকললৈ সস্তাতে মূলধন আগবঢ়াবলৈ পিএম স্বনিধি যোজনাৰ শুভাৰম্ভ কৰে। শ্ৰী মোদীয়ে কয় যে প্ৰথমবাৰৰ কাৰণে লাখ-লাখ পদ পথৰ ব্যৱসায়ীয়ে প্ৰত্যক্ষভাৱে চিষ্টেমটোৰ সৈতে সংযোজিত হৈছে যাৰ ফলত তেওঁলোকে লাভ আহৰণ আৰম্ভ কৰিবলৈ সক্ষম হৈ পৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, স্বনিধি যোজনাৰ লক্ষ্য হৈছে পদ পথৰ ব্যৱসায়ীসকলক স্বৰোজগাৰ, স্বাৱলম্বন আৰু স্বাভিমান প্ৰদান কৰা।

প্ৰতিজন পদপথৰ ব্যৱসায়ীকে এই আঁচনিখনৰ সৱিশেষ অৱগত কৰাত গুৰুত্ব আৰোপ কৰে। এই আঁচনিখন ইমান সুচলকৈ প্ৰৱৰ্তন কৰা হৈছে যে সকলো সাধাৰণ লোকে নিমিষতে ইয়াৰ সুবিধা লাভ কৰিব পাৰিব। তেওঁ কয় যে সমূহীয়া সেৱা কেন্দ্ৰ বা পৌৰ কাৰ্যালয়ত কোনোৱে এই আঁচনিখনত নিজৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব। ইয়াৰ বাবে তেওঁলোকে আৱেদন পত্ৰ আপল’ড কৰিব লাগিব আৰু ইয়াৰ বাবে তেওঁলোকে অপেক্ষা কৰি থাকিবলগীয়া নহয়। ইয়াৰোপৰি বেংকসমূহৰ বিজনেছ কৰেছপণ্ডেন্ট আৰু পৌৰ নিগমৰ কৰ্মচাৰী আহি পদ পথৰ ব্যৱসায়ীসকলৰপৰা আৱেদন পত্ৰসমূহ সংগ্ৰহ কৰিব পাৰিব।

তেওঁ কয়, এই আঁচনিখনে ৭ শতাংশ পৰ্যন্ত সুত ৰাহিৰ পথ প্ৰশস্ত কৰিব আৰু যদি কোনো এনে ব্যৱসায়ীয়ে ১ বছৰৰ ভিতৰতে বেংকৰপৰা লোৱা ধনৰ পৰিশোধ কৰে, তেতিয়া তেওঁ সুতৰ ক্ষেত্ৰত অধিক ৰেহাই লাভ কৰিব। তেওঁ লগতে কয় যে ডিজিটেল লেন-দেনত কেছ বেকো লাভ কৰিব। এই ধৰণেৰে, মুঠ সঞ্চয় মুঠ সুততকৈ অধিক হৈ পৰিব। তেওঁ কয় যে যোৱা ৩-৪ বছৰত দেশখনত ডিজিটেল লেন-দেনৰ প্ৰৱণতা দ্ৰুতভাৱে বৃদ্ধি পাইছে।

"এই আঁচনিখন ব্যৱসায়ীসকলক নতুনকৈ আৰম্ভ কৰা আৰু সহজ মূলধন লাভ কৰাত সহায় কৰিব। প্ৰথমবাৰৰ কাৰণে, প্ৰকৃতপক্ষে কেইবা নিযুত পদ পথৰ ব্যৱসায়ীৰ এটা নেটৱৰ্কক চিষ্টেমটোলৈ সংযোজিত কৰা হৈছে, তেওঁলোকে এটা পৰিচয় লাভ কৰিছে।"

"এই আঁচনিখনে ব্যৱসায়ীসকলক সুতৰ পৰা সম্পূৰ্ণৰূপে মুক্তি লাভত সহায় কৰিব। এই আঁচনিখনৰ অধীনত, যিকোনো উপায়েৰেই ৭% পৰ্যন্ত সুতত ৰেহাই প্ৰদান কৰা হ’ব। আমাৰ পদপথৰ ব্যৱসায়ীকল যাতে ডিজিটেল শ্বপ-কিপিঙৰপৰা দূৰত থাকিবলগীয়া নহয়, তাৰ নিশ্চিতিৰ অৰ্থে বেংক আৰু ডিজিটেল পেমেন্ট ফেচিলিটেটৰসকলৰ সহযোগত এটা নতুন আৰম্ভণি কৰা হৈছে," তেওঁ লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে কয়, ক’ৰোনাৰ সময়ত, গ্ৰাহকে নগদ লেন-দেনতকৈ ব্যাপক হাৰত ডিজিটেল লেন-দেন সম্পন্ন কৰিছে। তেওঁ পদপথৰ ব্যৱসায়ীসকলকো ডিজিটেল মাধ্যমেৰে লেন-দেন কৰিবলৈ আহ্বান জনায়।

শ্ৰী মোদীয়ে কয়, চৰকাৰখনে এটা অ’টিটি প্লেটফৰ্ম প্ৰৱৰ্তন কৰিবলৈ আগবাঢ়িছে যাৰ জৰিয়তে সকলো পদপথৰ ব্যৱসায়ীয়ে তেওঁলোকৰ ব্যৱসায়ৰ লেন-ডেন ডিজিটেলি সম্পন্ন কৰিব পাৰিব।

প্ৰধানমন্ত্ৰীয়ে কয়, পিএম স্বনিধি আঁচনিৰ হিচাধিকাৰীসকলে অগ্ৰাধিকাৰ ভিত্তিত উজ্জ্বলা গেছ আঁচনি, আয়ুষ্মান ভাৰত আঁচনি ইত্যাদিৰ সুবিধা লাভ কৰিবলৈ পাব।

তেওঁ কয় যে প্ৰধান মন্ত্ৰী জন ধন যোজনাৰ জৰিয়তে, ৪০ কোটিৰো অধিক দুখীয়া, নিম্ন মধ্য শ্ৰেণীৰ লোকৰ বেংক একাউন্ট খোলা হৈছিল আৰু এতিয়া তেওঁলোকে তেওঁলোকৰ এই বেংক একাউন্টৰ জৰিয়তে প্ৰত্য়ক্ষভাৱে লাভ ভোগ কৰি আছে আৰু ই তেওঁলোকে লোন লাভ কৰাত সহজ কৰি তুলিছে। তেখেতে ডিজিটেল স্বাস্থ্য অভিযান, প্ৰধান মন্ত্ৰী সুৰক্ষা বীমা যোজনা, প্ৰধান মন্ত্ৰী জীৱন জ্যোতি যোজনা আৰু আয়ুষ্মান ভাৰতৰ দৰে আন-আন অভিলাষী আঁচনিসমূহৰ সফলতাৰ কথা উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দেশখনত দুখীয়া লোকসকলৰ জীৱন-যাত্ৰা সুচল কৰি তুলিবলৈ যোৱা ছবছৰত বিভিন্ন ব্যৱস্থা ৰূপায়ণ কৰা হৈছে। তেওঁ কয়, মহানগৰ আৰু মূল চহৰসমূহত ব্যয়সাধ্য ভাড়াত আশ্ৰয়ৰ অৰ্থে চৰকাৰখনে এখন বলিষ্ঠ আঁচনিৰ শুভাৰম্ভ কৰিছে।

ওৱান নেশ্যন ওৱান ৰেচন কাৰ্ডৰ জৰিয়তে দেশখনৰ যিকোনো স্থানতে সকলোৱে ব্যয়সাধ্য ৰেচন লাভ কৰাৰ কথা তেখেতে উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি অহা ১০০০ দিনৰ ভিতৰত ৬ লাখ গাঁৱলৈ অপ্টিকেল ফাইবাৰ পাৰিতকৰণৰ অব্যাহত থকা কাৰ্যক্ৰমৰ কথা উল্লেখ কৰে। এই প্ৰসংগত, তেওঁ কয়, ইয়াৰ জৰিয়তে সমগ্ৰ গ্ৰামীণ ভাৰত ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰেৰে সংযোজিত হৈ পৰিব আৰু ফলশ্ৰুতিত গ্ৰামীণ জীৱিকাৰ মানদণ্ডৰ আশু উন্নতি সাধন হ’ব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে পদপথৰ ব্যৱসায়ীসকলক স্বচ্ছতা বজাই ৰাখিবলৈ আৰু ক’ভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰবলৈ আহ্বান জনায়। ইয়ে তেওঁলোকৰ ব্যৱসায়ৰ পৰিসৰ বৃদ্ধিত সহায় কৰিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

 

 

 

 

 

 

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India auto sales cross 24 lakh in July, exports rise 25% as industry enters festive season

Media Coverage

India auto sales cross 24 lakh in July, exports rise 25% as industry enters festive season
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister recalls the courage of those impacted by Partition on Partition Horrors Remembrance Day
August 14, 2026
PM shares Sanskrit Subhashitam highlighting the power of hard work and human endeavor

Prime Minister Shri Narendra Modi today stated that as we mark Partition Horrors Remembrance Day, we recall the courage of all those who were impacted by Partition. He noted that it was a moment in history that tore apart several lives, where families were uprooted, loved ones were lost, and immense suffering was endured.

The Prime Minister highlighted that at the same time, overcoming this, people rebuilt their lives from nothing, turned adversity into achievement, and contributed immensely to our nation’s progress. He observed that their life journeys remind us of the strength of the human spirit. Shri Modi expressed hope that this day may deepen our resolve to preserve harmony and brotherhood in our nation and collectively work towards building a Viksit Bharat.

The Prime Minister offered his heartfelt tributes to all those countrymen who, emerging from that horrific period, made invaluable contributions to the progress of the country. He stated that through their courage and capability, they showed how resolutions are accomplished even in adverse circumstances. Shri Modi called upon everyone to further strengthen the national spirit of goodwill and solidarity.

Sharing a Subhashitam, the Prime Minister emphasized that it is through hard work, enterprise, and dedicated effort that diverse arts, science, technological skills, craftsmanship, and innovations flourish, paving the way for success. He added that therefore, one should not remain dependent on fate; rather, one should move steadily towards one's goals with courage, diligence, and persistent effort, for it is human endeavor that shapes destiny.

In a series of posts on X, the Prime Minister wrote:

"Today we mark #PartitionHorrorsRemembranceDay. We recall the courage of all those who were impacted by Partition. It was a moment in history that tore apart several lives…families were uprooted, loved ones were lost and immense suffering was endured.

At the same time, overcoming this, people rebuilt their lives from nothing, turned adversity into achievement and contributed immensely to our nation’s progress. Their life journeys remind us of the strength of the human spirit.

May this day deepen our resolve to preserve harmony and brotherhood in our nation and collectively work towards building a Viksit Bharat."

"विभाजन विभीषिका स्मृति दिवस पर उन सभी देशवासियों का हृदय से नमन, जिन्होंने उस वीभत्स दौर से निकलकर देश की प्रगति में अमूल्य योगदान दिया। उन्होंने अपने साहस और सामर्थ्य से दिखाया कि कैसे विपरीत परिस्थितियों में भी संकल्पों को सिद्ध किया जाता है। आइए, सद्भावना और एकजुटता की राष्ट्रीय भावना को और सशक्त करें।

उद्यमस्य प्रसादेन दृश्यन्ते विविधाः कलाः।
कातरा एव जल्पन्ति यद् भाव्यं तद् भविष्यति॥”

It is through hard work, enterprise and dedicated effort that diverse arts, science, technological skills, craftsmanship and innovations flourish, paving the way for success. Therefore, one should not remain dependent on fate; rather, one should move steadily towards one's goals with courage, diligence and persistent effort, for it is human endeavor that shapes destiny.