“অতি কম সময়তে ১.২৫ কোটিৰো অধিক লোকে ‘মোদী কি গেৰাণ্টী’ বাহনৰ সৈতে সংযোগ স্থাপন কৰিছে”
“বিকশিত ভাৰত সংকল্প যাত্ৰাই চৰকাৰী সুবিধাসমূহ পৰিপূৰ্ণ কৰাত গুৰুত্ব আৰোপ কৰে, যাতে সমগ্ৰ ভাৰতবৰ্ষৰ নাগৰিকে সুবিধা লাভ কৰে”
“মানুহৰ বিশ্বাস আছে যে ‘মোদী কি গেৰাণ্টী’ মানে পুৰণৰ নিশ্চয়তা”
“বিকশিত ভাৰত সংকল্প যাত্ৰা এতিয়ালৈকে চৰকাৰী আঁচনিৰ সৈতে সংযোগ স্থাপন কৰিব নোৱাৰা লোকসকলৰ মাজলৈ যোৱাৰ এক মহান মাধ্যমত পৰিণত হৈছে”
“আমাৰ চৰকাৰ পিতৃ মাতৃৰ চৰকাৰ নহয়, বৰঞ্চ পিতৃ-মাতৃৰ বাবে সেৱা আগবঢ়োৱা চৰকাৰ”
“প্ৰতিজন দুখীয়া, মহিলা, যুৱক-যুৱতী আৰু কৃষক মোৰ বাবে ভিআইপি”
চৰকাৰৰ ধ্বজাবাহী আঁচনিসমূহৰ সুবিধা যাতে সকলো যোগ্য হিতাধিকাৰীয়ে লাভ কৰে, তাৰ বাবে সমগ্ৰ দেশতে বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰে। চৰকাৰৰ ধ্বজাবাহী আঁচনিসমূহৰ সুবিধা যাতে সকলো যোগ্য হিতাধিকাৰীয়ে লাভ কৰে, তাৰ বাবে সমগ্ৰ দেশতে বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে।

এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে প্ৰতিখন গাঁৱতে ‘মোদী কি গেৰাণ্টী’ বাহন চাবলৈ ওলাই অহা উল্লেখযোগ্য উৎসাহৰ কথা উল্লেখ কৰে। কিছু সময়ৰ পূৰ্বে হিতাধিকাৰীসকলৰ সৈতে হোৱা মত বিনিময়ৰ কথা সুঁৱৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই যাত্ৰাত ডেৰ লাখতকৈ অধিক হিতাধিকাৰীয়ে নিজৰ অভিজ্ঞতা লিপিবদ্ধ কৰিছে। তেওঁ লগতে স্থায়ী ঘৰ, নলসংযোগী খোৱা পানী, শৌচাগাৰ, বিনামূলীয়া চিকিৎসা, বিনামূলীয়া ৰেচন, গেছ সংযোগ, বিদ্যুৎ সংযোগ, বেংক একাউণ্ট খোলা, প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা, প্ৰধানমন্ত্ৰী স্বনিধি যোজনা আৰু স্বামীত্ব সম্পত্তিৰ কাৰ্ড আৰু অন্যান্য সুবিধাৰ কথা উল্লেখ কৰে। তেওঁ কয় যে সমগ্ৰ দেশৰ গাঁৱৰ কোটি কোটি পৰিয়ালে বাৰে বাৰে কোনো চৰকাৰী কাৰ্যালয়লৈ যোৱাৰ প্ৰয়োজন নোহোৱাকৈ চৰকাৰৰ কোনোবা নহয় কোনোবা আঁচনিৰ সুবিধা লাভ কৰিছে। তেওঁ কয় যে চৰকাৰে হিতাধিকাৰীসকলক চিনাক্ত কৰি তাৰ পিছত তেওঁলোকক সুবিধাসমূহ প্ৰদান কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰে। “সেইবাবেই মানুহে কয়, মোদী কি গেৰাণ্টী মানে পূৰণৰ নিশ্চয়তা”, তেওঁ লগতে কয়।

 

প্ৰধানমন্ত্ৰীয়ে কয়, “এতিয়ালৈকে চৰকাৰী আঁচনিৰ সৈতে সংযোগ স্থাপন কৰিব নোৱাৰা লোকসকলৰ কাষ চাপিবলৈ বিকশিত ভাৰত সংকল্প যাত্ৰা এক মহান মাধ্যমত পৰিণত হৈছে”৷ তেওঁ জনায় যে ভিবিএছৱাইৰ যাত্ৰা এমাহ নৌহওঁতেই ৪০ হাজাৰৰো অধিক গাঁও পঞ্চায়ত আৰু বহু চহৰত উপনীত হৈছে, য’ত ১.২৫ কোটিতকৈ অধিক লোকে ‘মোদী কি গেৰাণ্টী’ বাহনৰ সৈতে সংযোগ স্থাপন কৰিছে। ‘মোদী কি গেৰাণ্টী’ বাহনখনক আদৰণি জনোৱাৰ বাবে তেওঁৰ ৰাইজৰ কৃতজ্ঞতা স্বীকাৰ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কাৰ্যসূচী আৰম্ভ হোৱাৰ পূৰ্বে সম্পন্ন কৰা স্বচ্ছতা অভিযান, সজাগতা সৃষ্টিৰ বাবে প্ৰভাত ফেৰী উলিওৱা, বিদ্যালয়ত প্ৰাৰ্থনা সভাত শিশুসকলে উন্নত ভাৰতৰ বিষয়ে আলোচনা কৰা, ৰংগোলী তৈয়াৰ কৰা, প্ৰতিটো পৰিয়ালৰ ঘৰৰ দুৱাৰমুখত বন্তি প্ৰজ্বলন কৰা আদি কেইবাটাও কাৰ্যকলাপৰ কথা উল্লেখ কৰে৷ শ্ৰী মোদীয়ে পঞ্চায়তসমূহে বিশেষ সমিতি গঠন কৰি ভিবিএছৱাইক আদৰণি জনোৱাৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাত সুখ প্ৰকাশ কৰে। স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে বৃদ্ধসকলৰো অংশগ্ৰহণক প্ৰশংসা কৰি ভিবিএছৱাই দেশৰ চুকে-কোণে গৈ পোৱাত সন্তুষ্টি প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে এই যাত্ৰাক ওড়িশাৰ বিভিন্ন স্থানত পৰম্পৰাগত জনজাতীয় নৃত্যৰে আদৰণি জনোৱা আৰু ৱেষ্ট খাছী হিলছৰ ৰামব্ৰাইত স্থানীয় ৰাইজে সাংস্কৃতিক অনুষ্ঠান আৰু নৃত্যৰ আয়োজন কৰা কাৰ্যসূচীৰ কথা উল্লেখ কৰে। তেওঁ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, লাক্ষাদ্বীপ আৰু কাৰ্গিলত অনুষ্ঠিত হৈ থকা সাংস্কৃতিক অনুষ্ঠানসমূহৰ বিষয়েও উনুকিয়াই য’ত ভিবিএছৱাইক আদৰিবলৈ ৪ হাজাৰতকৈ অধিক লোক উপস্থিত থাকে। প্ৰধানমন্ত্ৰীয়ে এখন হাতপুথি প্ৰস্তুত কৰাৰ পৰামৰ্শ আগবঢ়ায়, য’ত ইয়াৰ কামসমূহ তালিকাভুক্ত কৰিব পৰা যাব আৰু ভিবিএছৱাই অহাৰ পূৰ্বে আৰু পিছত হোৱা অগ্ৰগতিৰ মাপকাঠি নিৰ্ণয় কৰিব পৰা যাব। “এইটোৱে সেই অঞ্চলৰ লোকসকলকো সহায় কৰিব য’ত এই গেৰাণ্টী বাহনখন এতিয়াও গৈ পোৱা নাই”, তেওঁ লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে চৰকাৰৰ প্ৰচেষ্টাক আলোকপাত কৰে যে গাঁৱৰ প্ৰতিজন ব্যক্তিয়ে ‘মোদী কি গেৰাণ্টী’ বাহনখন আহিলেই তাৰ ওচৰ পাব লাগিব, যাতে চৰকাৰী আঁচনিৰ পৰিপূৰকতাৰ সংকল্প পূৰণ কৰিব পৰা যায়। চৰকাৰৰ এই প্ৰচেষ্টাৰ প্ৰভাৱ প্ৰতিখন গাঁৱতে প্ৰত্যক্ষ কৰিব পৰা যায় বুলি পৰ্যবেক্ষণ কৰি শ্ৰী মোদীয়ে অৱগত কৰে যে উজ্জ্বলা আঁচনিৰ অধীনত প্ৰায় ১ লাখ নতুন হিতাধিকাৰীয়ে বিনামূলীয়া গেছ সংযোগৰ বাবে আবেদন কৰিছে, ৩৫ লাখৰো অধিক আয়ুষ্মান কাৰ্ডো থিতাতে দিয়া হৈছে, লাখ লাখ লোকৰ স্বাস্থ্য পৰীক্ষা চলি আছে আৰু বৃহৎ সংখ্যক লোকে এতিয়া আয়ুষ্মান আৰোগ্য মন্দিৰলৈ আৰু বিভিন্ন পৰীক্ষাৰ বাবে ৰাওনা হৈছে।

 

শ্ৰী মোদীয়ে কয় “কেন্দ্ৰীয় চৰকাৰ আৰু দেশৰ জনসাধাৰণৰ মাজত আমি এক প্ৰত্যক্ষ সম্পৰ্ক, আৱেগিক বান্ধোন গঢ়ি তুলিছো”৷ “আমাৰ চৰকাৰ পিতৃ-মাতৃ চৰকাৰ নহয়, বৰঞ্চ পিতৃ-মাতৃৰ বাবে সেৱা আগবঢ়োৱা চৰকাৰহে” বুলি উল্লেখ কৰি তেওঁ লগতে কয়, “মোদীৰ ভিআইপি হৈছে সেইসকল যিসকল দুখীয়া, বঞ্চিত আৰু যাৰ বাবে চৰকাৰী কাৰ্যালয়ৰ দুৱাৰো বন্ধ আছিল।” দেশৰ প্ৰতিজন দৰিদ্ৰ ব্যক্তি তেওঁৰ বাবে ভিআইপি বুলি তেওঁ গুৰুত্ব আৰোপ কৰে। ‘দেশৰ প্ৰতিগৰাকী মাতৃ, ভগ্নী আৰু কন্যা মোৰ বাবে ভিআইপি। দেশৰ প্ৰতিজন কৃষক মোৰ বাবে ভিআইপি৷ দেশৰ প্ৰতিজন যুৱক-যুৱতী মোৰ বাবে ভিআইপি”, প্ৰধানমন্ত্ৰী মোদীয়ে কয়৷

সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে নিৰ্বাচনৰ ফলাফলত মোদীৰ নিশ্চয়তাৰ বৈধতাৰ স্পষ্ট ইংগিত পোৱা গৈছে। লগতে মোদীৰ নিশ্চয়তা অৰ্পণ কৰা সকলো ভোটাৰক কৃতজ্ঞতা জ্ঞাপন কৰে।

চৰকাৰৰ বিৰুদ্ধে থিয় দিয়াসকলৰ প্ৰতি নাগৰিকৰ অনাস্থাৰ ওপৰত চিন্তা-চৰ্চা কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ ভুৱা দাবী কৰাৰ প্ৰৱণতাক আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে নিৰ্বাচন ছ’চিয়েল মিডিয়াত নহয়, ৰাইজৰ কাষ চাপিব লাগিব। “নিৰ্বাচনত জয়ী হোৱাৰ আগতে জনসাধাৰণৰ হৃদয় জয় কৰাটো প্ৰয়োজনীয়”, প্ৰধানমন্ত্ৰীয়ে ৰাইজৰ বিবেকক তুচ্ছজ্ঞান কৰাৰ তেওঁলোকৰ প্ৰৱণতাক আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে বিৰোধী দলসমূহে যদি ৰাজনৈতিক স্বাৰ্থৰ পৰিৱৰ্তে সেৱাৰ মনোভাৱক সৰ্বোচ্চ কৰি ৰাখিলেহেঁতেন তেন্তে দেশৰ জনসাধাৰণৰ এক বৃহৎ অংশ দৰিদ্ৰ হৈ নাথাকিলহেঁতেন আৰু আজিৰ মোদীৰ নিশ্চয়তা ৫০ বছৰ আগতে পূৰণ হ’লহেঁতেন।

 

মহিলা নেতৃত্বাধীন উন্নয়নৰ কেন্দ্ৰবিন্দুৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে বিকশিত ভাৰতৰ সংকল্প যাত্ৰাত বৃহৎ সংখ্যক নাৰীশক্তিয়ে অংশগ্ৰহণ কৰিছে। তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী আৱাস আঁচনিৰ অধীনত নিৰ্মাণ কৰা ৪ কোটি ঘৰৰ ভিতৰত ৭০ শতাংশ মহিলা হিতাধিকাৰীৰ নামত আছে। ১০গৰাকী মুদ্ৰাৰ হিতাধিকাৰীৰ ভিতৰত ৭গৰাকীয়েই মহিলা আৰু প্ৰায় ১০ কোটি মহিলা আত্মসহায়ক গোটৰ অংশ। দক্ষতা বিকাশৰ জৰিয়তে ২ কোটি মহিলাক লাখপতি দিদিলৈ ৰূপান্তৰিত কৰা হৈছে আৰু নমো ড্ৰোন দিদি অভিযানৰ অধীনত ১৫ হাজাৰ আত্মসহায়ক গোটে ড্ৰোন লাভ কৰিছে।

প্ৰধানমন্ত্ৰী মোদীয়ে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ প্ৰতি নাৰী শক্তি, যুৱ শক্তি, কৃষক আৰু দৰিদ্ৰ ৰাইজৰ সহযোগিতাৰ প্ৰশংসা কৰে। তেওঁ সন্তুষ্টি প্ৰকাশ কৰে যে এই যাত্ৰাত এক লাখৰো অধিক খেলুৱৈক পুৰস্কৃত কৰা হৈছে যিয়ে যুৱ খেলুৱৈসকলক আৰু অধিক উৎসাহিত কৰিব। প্ৰধানমন্ত্ৰীয়ে যুৱক-যুৱতীসকলে নিজকে ‘মোৰ ভাৰত স্বেচ্ছাসেৱক’ হিচাপে পঞ্জীয়ন কৰাৰ ব্যাপক উৎসাহৰ কথা উল্লেখ কৰি কয় যে ই উন্নত ভাৰতৰ সংকল্প শক্তিশালী কৰে। “এই সকলো স্বেচ্ছাসেৱকে এতিয়া ফিট ইণ্ডিয়াৰ মন্ত্ৰ গ্ৰহণ কৰি আগবাঢ়ি যাব”, প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক চাৰিটা কথাকে অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনাই কয়৷ সেয়া হৈছে পানী, পুষ্টি, ব্যায়াম বা ফিটনেছ আৰু শেষত পৰ্যাপ্ত নিদ্ৰা। ‘এটা সুস্থ শৰীৰৰ বাবে এই চাৰিটা অতি প্ৰয়োজনীয়। যদি আমি এই চাৰিটাৰ প্ৰতি গুৰুত্ব দিওঁ তেন্তে আমাৰ যুৱক-যুৱতীসকল সুস্থ হ’ব আৰু যেতিয়া আমাৰ যুৱক-যুৱতীসকল সুস্থ হ’ব তেতিয়া দেশখন সুস্থ হ’ব”, প্ৰধানমন্ত্ৰীয়ে কয়৷

 

প্ৰধানমন্ত্ৰীয়ে এই বিকশিত ভাৰত সংকল্প যাত্ৰাৰ সময়ত গ্ৰহণ কৰা শপতসমূহ জীৱনৰ মন্ত্ৰ হোৱা উচিত বুলি জোৰ দিয়ে। “চৰকাৰী কৰ্মচাৰীয়েই হওক, জনপ্ৰতিনিধিয়েই হওক বা নাগৰিকেই হওক, সকলোৱে সম্পূৰ্ণ ভক্তিৰে একত্ৰিত হ’ব লাগিব। সবকা প্ৰয়াসৰ জৰিয়তেহে ভাৰতৰ বিকাশ হ’ব”, এই মন্তব্যৰে শ্ৰী মোদীয়ে ভাষণ সামৰে।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Modi Govt’s 12 years are transformational for industry’

Media Coverage

‘Modi Govt’s 12 years are transformational for industry’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 জুন 2026
June 12, 2026

Breaking Barriers, Building Bharat: PM Modi’s Historic Push for Gender Equality and Inclusive Growth