ভাৰত হৈছে বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা বৃহৎ অৰ্থনীতিঃ প্ৰধানমন্ত্ৰী
ভাৰতৰ বিকাশৰ তথ্যপত্ৰখন হৈছে সংস্কাৰ-কাৰ্য্য-পৰিৱৰ্তন মন্ত্ৰৰ সফলতাৰ কাহিনী: প্ৰধানমন্ত্ৰী
বিশ্বজুৰি বৃহৎ অনিশ্চয়তাৰ সময়ত ভাৰতে উল্লেখযোগ্য নিশ্চয়তাৰে অগ্ৰসৰ হৈছে : প্ৰধানমন্ত্ৰী
আন্তঃগাঁথনিৰ সমান্তৰালকৈ উদ্যোগৰ প্ৰয়োজনীয়তাৰ বাবে সাজু কৰ্মশক্তি আজিৰ আটাইতকৈ ডাঙৰ প্ৰয়োজন : প্ৰধানমন্ত্ৰী
আজিৰ ভাৰত দ্ৰুতগতিত উন্নত ৰাষ্ট্ৰ হোৱাৰ দিশত আগবাঢ়িছে, আৰু এই লক্ষ্যত উপনীত হোৱাত ৰিফৰ্ম এক্সপ্ৰেছে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে : প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ৰাজকোটত কুচ্ছ আৰু সৌৰাষ্ট্ৰ অঞ্চলৰ বাবে ভাইব্ৰেণ্ট গুজৰাট আঞ্চলিক সন্মিলন উদ্বোধন কৰে। এই উপলক্ষে সভাত ভাষণ দি শ্ৰী মোদীয়ে মন্তব্য কৰে যে ২০২৬ চনৰ আৰম্ভণিৰ পিছত এয়া তেওঁৰ প্ৰথম গুজৰাট ভ্ৰমণ। তেওঁ আলোকপাত কৰে যে ইয়াৰ পূৰ্বে পুৱা তেওঁৰ ভগৱান সোমনাথৰ ঐশ্বৰিক দৰ্শন হৈছিল আৰু এতিয়া ৰাজকোটত অনুষ্ঠিত হোৱা বৃহত অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। তেওঁ উল্লেখ কৰে যে “বিকাশ ভি, বিৰাসত ভি” মন্ত্ৰ সকলোতে প্ৰতিধ্বনিত হৈছে। প্ৰধানমন্ত্ৰীয়ে ভাইব্ৰেণ্ট গুজৰাট আঞ্চলিক সন্মিলনত অংশগ্ৰহণ কৰিবলৈ দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সকলো অংশগ্ৰহণকাৰীক আদৰণি আৰু শুভেচ্ছা জ্ঞাপন কৰে।

ভাইব্ৰেণ্ট গুজৰাট সন্মিলনৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে যেতিয়াই এই সন্মিলনৰ মঞ্চ নিৰ্ধাৰণ কৰা হয়, তেতিয়াই তেওঁ ইয়াক কেৱল এক অনুষ্ঠান হিচাপে নাভাবে। তেওঁৰ বাবে এয়া একবিংশ শতিকাৰ আধুনিক ভাৰতৰ গৌৰৱময় যাত্ৰা, যি এক সপোনেৰে আৰম্ভ হৈছিল আৰু এতিয়া অদম্য বিশ্বাসৰ শিখৰত উপনীত হৈছে। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে বিগত দুটা দশকত ভাইব্ৰেণ্ট গুজৰাট বিশ্বৰ মাপকাঠীত পৰিণত হৈছে। তেওঁ কয় যে এতিয়ালৈকে অনুষ্ঠিত হোৱা দহটা সংস্কৰণে শীৰ্ষ সন্মিলনখনৰ সুনামক নতুন উচ্চতালৈ উন্নীত কৰাই নহয়, বিশ্ব মঞ্চত ইয়াৰ ভূমিকাও অহৰহ শক্তিশালী কৰি তুলিছে।

প্ৰথম দিনাৰ পৰাই তেওঁ ভাইব্ৰেণ্ট গুজৰাট শীৰ্ষ সন্মিলনৰ দৃষ্টিভংগীৰ সৈতে জড়িত হৈ থকাৰ কথা স্মৰণ কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে প্ৰাৰম্ভিক পৰ্যায়ত গুজৰাটৰ সম্ভাৱনাৰ বিষয়ে বিশ্ববাসীক সচেতন কৰা, মানুহক আহি বিনিয়োগ কৰিবলৈ আমন্ত্ৰণ জনোৱা আৰু তাৰ দ্বাৰা ভাৰতৰ লগতে বিশ্ব বিনিয়োগকাৰীকো উপকৃত কৰাটোৱেই ইয়াৰ লক্ষ্য আছিল। তেওঁ গুৰুত্ব সহকাৰে কয় যে আজি এই সন্মিলনে বিনিয়োগৰ ঊৰ্ধ্বলৈ গৈ বিশ্ব উন্নয়ন, আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু অংশীদাৰিত্বৰ এখন শক্তিশালী মঞ্চত পৰিণত হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আঙুলিয়াই দিয়ে যে বছৰ বছৰ ধৰি বিশ্বব্যাপী অংশগ্ৰহণকাৰীৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে, যিটো শীৰ্ষ সন্মিলনৰ সৰ্বাংগীন প্ৰকৃতিৰ এক বৃহৎ সাক্ষ্য। শ্ৰী মোদীয়ে কয় যে আজি এই মঞ্চই কৰ্পৰেট গোট, সমবায়, এম এছ এম ই, ষ্টাৰ্টআপ, বহুপক্ষীয় আৰু দ্বিপাক্ষিক সংস্থা আৰু আন্তঃৰাষ্ট্ৰীয় বিত্তীয় প্ৰতিষ্ঠানসমূহক একত্ৰিত কৰে। তেওঁলোকে কেৱল মত বিনিময় আৰু আলোচনা কৰাই নহয়, গুজৰাটৰ উন্নয়ন যাত্ৰাত কান্ধত কান্ধ মিলাই অগ্ৰসৰ হৈছে।

 

প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য কৰে যে বিগত দুটা দশকত ভাইব্ৰেণ্ট গুজৰাট সন্মিলনে ধাৰাবাহিকভাৱে নতুন আৰু বিশেষ কিবা এটা প্ৰৱৰ্তন কৰি আহিছে, আৰু ভাইব্ৰেণ্ট গুজৰাট আঞ্চলিক সন্মিলন এই পৰম্পৰাৰ আন এক উদাহৰণ হৈ পৰিছে। তেওঁ আলোকপাত কৰে যে এই আঞ্চলিক সন্মিলনৰ কেন্দ্ৰবিন্দু হৈছে গুজৰাটৰ বিভিন্ন প্ৰান্তৰ অনাবৃত সম্ভাৱনাক কৰ্মক্ষমতালৈ ৰূপান্তৰ কৰা। শ্ৰী মোদীয়ে উল্লেখ কৰে যে কিছুমান অঞ্চলত বিশাল উপকূলীয় শক্তি আছে, কোনো কোনো অঞ্চলত দীঘলীয়া জনজাতীয় পটি আছে, কোনো কোনো অঞ্চলত ঔদ্যোগিক থুপৰ বৃহৎ পৰিৱেশতন্ত্ৰ আছে, আনহাতে কিছুমানে খেতি আৰু পশুপালনৰ চহকী পৰম্পৰা কঢ়িয়াই লৈ ফুৰে। তেওঁ দৃঢ়তাৰে কয় যে গুজৰাটৰ প্ৰতিটো অঞ্চলৰ নিজস্ব স্বকীয়তা আছে, আৰু এই আঞ্চলিক সন্মিলনে এই স্থানীয় সম্ভাৱনাসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি উন্নয়নৰ দিশত আগবাঢ়িছে।

দেশৰ অৰ্থনৈতিক অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে একবিংশ শতিকাৰ এক চতুৰ্থাংশ পাৰ হৈ গ’ল, আৰু যোৱা কিছু বছৰত ভাৰতে যি দ্ৰুত অগ্ৰগতি লাভ কৰিছে তাত গুজৰাট আৰু ইয়াৰ জনসাধাৰণে উল্লেখযোগ্য ভূমিকা পালন কৰিছে। তেওঁ আত্মবিশ্বাসেৰে কয় যে ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে, আৰু তথ্যই স্পষ্টভাৱে প্ৰমাণ কৰে যে ভাৰতৰ পৰা গোলকীয় আশা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। শ্ৰী মোদীয়ে এই কথাটোৰ ওপৰত আলোকপাত কৰে যে ভাৰত বৰ্তমান বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা বৃহৎ অৰ্থনীতি। দেশৰ সাফল্যৰ খতিয়ান দি তেওঁ কয় যে মুদ্ৰাস্ফীতি এতিয়া সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত আছে, আৰু কৃষি উৎপাদনত নতুন অভিলেখ গঢ়ি তুলিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে গৌৰৱেৰে উল্লেখ কৰে যে ভাৰত বিশ্বৰ এক নম্বৰ গাখীৰ উৎপাদনকাৰী দেশ। তদুপৰি জেনেৰিক ঔষধ উৎপাদনৰ ক্ষেত্ৰত ভাৰতে প্ৰথম স্থান লাভ কৰি বিশ্বৰ সৰ্ববৃহৎ ভেকচিন উৎপাদনকাৰী দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে।

“ভাৰতৰ বিকাশৰ তথ্যপত্ৰখন হৈছে সংস্কাৰ, পৰিৱেশন আৰু ৰূপান্তৰ মন্ত্ৰৰ সফলতাৰ কাহিনী”, শ্ৰী মোদীয়ে লগতে কয় যে বিগত ১১ বছৰত ভাৰত মোবাইল ডাটাৰ বিশ্বৰ সৰ্ববৃহৎ গ্ৰাহক হৈ পৰিছে, আৰু ইউপিআয়ে বিশ্বৰ প্ৰথম স্থানৰ ৰিয়েল টাইম ডিজিটেল লেনদেন মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰিছে। তেওঁ স্মৰণ কৰে যে পূৰ্বে দহটা মোবাইলৰ ভিতৰত ৯টা মোবাইল ফোন আমদানি কৰা হৈছিল যদিও আজি ভাৰত বিশ্বৰ দ্বিতীয় বৃহত্তম মোবাইল ফোন নিৰ্মাতা দেশ। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ভাৰত এতিয়া বিশ্বৰ তৃতীয় বৃহত্তম ষ্টাৰ্ট-আপ পৰিৱেশতন্ত্ৰ, সৌৰ শক্তি উৎপাদনৰ ক্ষেত্ৰত শীৰ্ষ তিনিখন দেশৰ ভিতৰত স্থানপ্ৰাপ্ত, তৃতীয় বৃহত্তম বিমান বজাৰ আৰু বিশ্বজুৰি শীৰ্ষ তিনিটা মেট্ৰ’ নেটৱৰ্কৰ ভিতৰত অন্যতম।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিশ্বৰ প্ৰতিজন বিশেষজ্ঞ আৰু প্ৰতিষ্ঠান আজি ভাৰতক লৈ অত্যন্ত উৎসাহিত। তেওঁ উল্লেখ কৰে যে আই এম এফে ভাৰতক বিশ্বৰ বিকাশৰ ইঞ্জিন বুলি গণ্য কৰে, এছ এণ্ড পিয়ে আঠাইশ বছৰৰ পাছত ভাৰতৰ ৰেটিং উন্নীত কৰিছে আৰু ফিচ ৰেটিঙে ভাৰতৰ সামষ্টিক অৰ্থনৈতিক স্থিতিশীলতা আৰু বিত্তীয় বিশ্বাসযোগ্যতাক প্ৰশংসা কৰিছে। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে ভাৰতৰ প্ৰতি এই গোলকীয় আস্থাৰ কাৰণ, অপৰিসীম বিশ্বজোৰা অনিশ্চয়তাৰ সময়ত ভাৰতে এক অভূতপূৰ্ব নিশ্চয়তাৰ যুগৰ সাক্ষী হৈআছে। তেওঁ কয় যে ভাৰতত ৰাজনৈতিক স্থিতিশীলতা, নীতিৰ ধাৰাবাহিকতা আৰু এটা উদীয়মান নতুন মধ্যবিত্ত শ্ৰেণী আছে যাৰ ক্ৰয় ক্ষমতা অহৰহ বৃদ্ধি পাইছে। এই কাৰণেই ভাৰত আজি সীমাহীন সম্ভাৱনাৰ দেশত পৰিণত হৈছে। লালকিল্লাৰ পৰা “এইটোৱেই সময়, সঠিক সময়” বুলি কোৱা কথাষাৰ স্মৰণ কৰি শ্ৰী মোদীয়ে এই কথাত গুৰুত্ব আৰোপ কৰে যে দেশ আৰু বিশ্বৰ প্ৰতিজন বিনিয়োগকাৰীৰ বাবে ভাৰতৰ সম্ভাৱনাৰ সুবিধা লোৱাৰ এইটোৱেই সঁচাকৈয়ে সঠিক সময়। তেওঁ আৰু কয় যে ভাইব্ৰেণ্ট গুজৰাট আঞ্চলিক সন্মিলনেও সকলো বিনিয়োগকাৰীলৈ একেটা বাৰ্তা প্ৰেৰণ কৰিছে যে সৌৰাষ্ট্ৰ-কুচ্ছত বিনিয়োগৰ বাবে এইটোৱেই সময়, সঠিক সময়।

প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য কৰে যে সৌৰাষ্ট্ৰ আৰু কুচ্ছ গুজৰাটৰ এনে অঞ্চল যি আমাক শিকাইছে যে যিমানেই ডাঙৰ প্ৰত্যাহ্বান নহওক কিয়, যদি কোনোবাই সততা আৰু কঠোৰ পৰিশ্ৰমেৰে অধ্যৱসায় কৰে তেন্তে সফলতা নিশ্চিত। অতীতৰ সংগ্ৰামৰ কথা স্মৰণ কৰি তেওঁ কয় যে এই শতিকাৰ আৰম্ভণিতে এক ভয়াৱহ ভূমিকম্পৰ সন্মুখীন হোৱা একেখন সৌৰাষ্ট্ৰ, আৰু বছৰ বছৰ ধৰি খৰাং পৰিস্থিতিৰ সন্মুখীন হোৱা একেখন সৌৰাষ্ট্ৰ, য’ত মাতৃ-ভগ্নীয়ে খোৱাপানীৰ বাবে কেইবা কিলোমিটাৰ খোজ কাঢ়িবলগীয়া হৈছিল, বিদ্যুৎ অনিশ্চিত আছিল আৰু সকলোতে অসুবিধাৰ সৃষ্টি হৈছিল। তেওঁ লক্ষ্য কৰিছিল যে আজিৰ ২০–২৫ বছৰীয়া যুৱক-যুৱতীসকলে সেই সময়ৰ কাহিনীহে শুনিছে, যেতিয়া মানুহে কুচ্ছ বা সৌৰাষ্ট্ৰত বেছিদিন থাকিবলৈ অনিচ্ছুক আছিল, আৰু এনে লাগিছিল যেন সেই পৰিস্থিতিবোৰ কেতিয়াও সলনি নহ’ব। তেওঁ কয় যে ইতিহাস সাক্ষী যে সময় সলনি হয়, আৰু সঁচাকৈয়ে এয়া পৰিৱৰ্তন হৈছে। সৌৰাষ্ট্ৰ আৰু কুচ্ছৰ জনসাধাৰণে নিজৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে নিজৰ ভাগ্য সলনি কৰিছে।

 

সৌৰাষ্ট্ৰ আৰু কুচ্ছৰ ঔদ্যোগিক শক্তিক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজি এই অঞ্চলসমূহ কেৱল সুযোগৰ ক্ষেত্ৰ নহয় বৰঞ্চ ভাৰতৰ উন্নয়ন যাত্ৰাৰ মূল ভেটি হৈ পৰিছে। তেওঁ কয় যে এই অঞ্চলসমূহ আত্মনিৰ্ভৰ ভাৰত অভিযানক ত্বৰান্বিত কৰি মূল কেন্দ্ৰ হৈ পৰিছে আৰু ভাৰতক বিশ্বব্যাপী উৎপাদন কেন্দ্ৰ হিচাপে গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এই বৃদ্ধি সম্পূৰ্ণৰূপে বজাৰ-চালিত, বিনিয়োগকাৰীৰ মাজত এক নতুন আস্থা জগাই তোলা। ৰাজকোটৰ ঔদ্যোগিক বৈচিত্ৰ্যৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে ব্যাখ্যা কৰে যে কেৱল ৰাজকোটত ২ লাখ ৫০ হাজাৰৰো অধিক অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আছে। ইয়াৰ বিভিন্ন ঔদ্যোগিক ক্লাষ্টাৰত স্ক্ৰু ড্ৰাইভাৰৰ পৰা আৰম্ভ কৰি বাহনৰ যন্ত্ৰাংশ, মেচিন টুল আৰু বিলাসী গাড়ীৰ লাইনাৰলৈকে সকলো নিৰ্মাণ কৰা হয়। তদুপৰি এতিয়া ইয়াত বিমান, যুঁজাৰু বিমান, ৰকেটৰ বাবে উপাদান নিৰ্মাণ কৰা হৈছে। তেওঁ আঙুলিয়াই দিয়ে যে অঞ্চলটোৱে কম খৰচী উৎপাদনৰ পৰা আৰম্ভ কৰি উচ্চ নিখুঁত আৰু উচ্চ প্ৰযুক্তিৰ উৎপাদনলৈকে সমগ্ৰ মূল্য শৃংখলটোক সমৰ্থন কৰে। তদুপৰি ইয়াৰ গহনা উদ্যোগটো বিশ্বজুৰি বিখ্যাত, যি স্কেল, দক্ষতা আৰু গোলকীয় সংযোগৰ এক উত্তম উদাহৰণ প্ৰদৰ্শন কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে আলঙত বিশ্বৰ সৰ্ববৃহৎ জাহাজ নিৰ্মাণ কৰা য়াৰ্ড আছে, য’ত বিশ্বৰ এক তৃতীয়াংশ জাহাজ পুনঃব্যৱহাৰ কৰা হয়, যিটোৱে চক্ৰাকাৰ অৰ্থনীতিত ভাৰতৰ নেতৃত্বৰ সাক্ষ্য বহন কৰে। তেওঁ উল্লেখ কৰে যে ভাৰত টাইলছৰ সৰ্বাধিক উৎপাদনকাৰী দেশসমূহৰ ভিতৰত অন্যতম, মৰ্বি জিলাই এইক্ষেত্ৰত সৰ্বাধিক অৱদান আগবঢ়াইছে, য’ত উৎপাদন কেৱল ব্যয়-প্ৰতিযোগিতামূলক নহয়, ইয়াৰ গোলকীয় মানদণ্ডও বিদ্যমান। শ্ৰী মোদীয়ে স্মৰণ কৰি কয়, "মই এবাৰ কৈছিলো যে মই এনে এটা সময় দেখোঁ যেতিয়া মৰ্বি, জামনগৰ, আৰু ৰাজকোটে একত্ৰিত হৈ এটা ত্ৰিভুজ গঠন কৰিব যাক 'মিনি জাপান' বুলি কোৱা হ'ব।" তেওঁ মন্তব্য কৰে যে সেই সময়ত বহুতে তেওঁৰ বক্তব্যক উপহাস কৰিছিল যদিও আজি তেওঁ সেই দৃষ্টিভংগীক তেওঁৰ চকুৰ সন্মুখতে বাস্তৱলৈ পৰিণত হোৱা দেখিবলৈ পাইছে।

আধুনিক উৎপাদনৰ এক প্ৰধান কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰা ধোলেৰা বিশেষ বিনিয়োগ অঞ্চলক লৈ গৌৰৱ কৰি শ্ৰী মোদীয়ে কয় যে ভাৰতৰ প্ৰথমটো অৰ্ধপৰিবাহী নিৰ্মাণ প্ৰকল্প ধোলেৰাত স্থাপন কৰা হৈছে, যাৰ ফলত অঞ্চলটোক ভৱিষ্যতৰ প্ৰযুক্তিৰ ক্ষেত্ৰত আগতীয়াকৈ আগবাঢ়ি যোৱাৰ সুবিধা প্ৰদান কৰা হৈছে। তেওঁ বিনিয়োগকাৰীসকলক আশ্বস্ত কৰে যে কেৱল আন্তঃগাঁথনি সাজু হোৱাই নহয়, আমাৰ নীতিসমূহো সুস্থিৰ আৰু ভৱিষ্যদ্বাণীযোগ্য, আৰু আমাৰ দৃষ্টিভংগী দীৰ্ঘম্যাদী।

শ্ৰী মোদীয়ে মন্তব্য কৰে যে সৌৰাষ্ট্ৰ আৰু কুচ্ছ অঞ্চলে ভাৰতৰ সেউজ বৃদ্ধি, সেউজ গতিশীলতা আৰু শক্তি সুৰক্ষাৰ প্ৰধান কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। তেওঁ আলোকপাত কৰে যে কুচ্ছত ৩০ গিগাৱাট ক্ষমতাসম্পন্ন নবীকৰণযোগ্য শক্তি উদ্যান গঢ়ি তোলা হৈছে, যি পেৰিছ চহৰতকৈ পাঁচগুণ ডাঙৰ বিশ্বৰ সৰ্ববৃহৎ হাইব্ৰিড শক্তি উদ্যান হ’ব। তেওঁ কয় যে এই অঞ্চলত স্বচ্ছ শক্তি কেৱল প্ৰতিশ্ৰুতি নহয় বৰঞ্চ বাণিজ্যিক পৰ্যায়ৰ বাস্তৱ। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে কুচ্ছ আৰু জামনগৰ সেউজ হাইড্ৰজেন উৎপাদনৰ প্ৰধান কেন্দ্ৰ হৈ পৰিছে, আৰু নবীকৰণযোগ্য শক্তিৰ সমান্তৰালভাৱে গ্ৰীডৰ স্থিৰতা আৰু নিৰ্ভৰযোগ্যতা নিশ্চিত কৰিবলৈ কুচ্ছত এটা বৃহৎ বেটাৰী শক্তি সংৰক্ষণ ব্যৱস্থাও স্থাপন কৰা হৈছে।

 

সৌৰাষ্ট্ৰ আৰু কুচ্ছৰ আন এক বৃহৎ শক্তি ইয়াৰ বিশ্বমানৰ বন্দৰসমূহত নিহিত হৈ আছে, যাৰ মাজেৰে ভাৰতৰ ৰপ্তানিৰ বৃহৎ অংশ পাৰ হৈ যায়, সেই কথা আঙুলিয়াই দি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে পিপাভাভ আৰু মুন্দ্ৰা বন্দৰসমূহ অটোম’বাইল ৰপ্তানিৰ প্ৰধান কেন্দ্ৰত পৰিণত হৈছে, যোৱা বছৰ গুজৰাটৰ বন্দৰৰ পৰা প্ৰায় ১.৭৫ লাখ বাহন ৰপ্তানি কৰা হৈছিল। তেওঁ গুৰুত্ব সহকাৰে কয় যে লজিষ্টিকছৰ বাহিৰেও বন্দৰ নেতৃত্বাধীন উন্নয়নৰ প্ৰতিটো দিশতে বিনিয়োগৰ অন্তহীন সুযোগ আছে। শ্ৰী মোদীয়ে কয় যে গুজৰাট চৰকাৰে মীন খণ্ডক বিশেষ অগ্ৰাধিকাৰ দিছে। ইয়াৰ বাবে বৃহৎ পৰিসৰত আন্তঃগাঁথনি গঢ়ি তোলা হৈছে আৰু সাগৰীয় খাদ্য প্ৰক্ৰিয়াকৰণৰ ক্ষেত্ৰত বিনিয়োগকাৰীৰ বাবে এক শক্তিশালী পৰিৱেশ তন্ত্ৰৰ সৃষ্টি কৰা হৈছে।

দক্ষতা বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আন্তঃগাঁথনিৰ লগতে আজিৰ দিনত আটাইতকৈ ডাঙৰ প্ৰয়োজন হৈছে উদ্যোগৰ বাবে সাজু কৰ্মশক্তি। তেওঁ বিনিয়োগকাৰীসকলক আশ্বস্ত কৰে যে গুজৰাটে এই ফ্ৰণ্টত সম্পূৰ্ণ নিশ্চয়তা প্ৰদান কৰে, কিয়নো ই শিক্ষা আৰু দক্ষতা বিকাশৰ বাবে এক উৎকৃষ্ট আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ তন্ত্ৰৰ গৌৰৱ কৰে। প্ৰধানমন্ত্ৰীয়ে বুজাই দিয়ে যে কৌশল দক্ষতা বিশ্ববিদ্যালয়ে অষ্ট্ৰেলিয়া আৰু ছিংগাপুৰৰ বিশ্ববিদ্যালয়ৰ সহযোগত যুৱক-যুৱতীসকলক ভৱিষ্যতৰ প্ৰয়োজনীয়তাৰ বাবে সাজু কৰি তুলিছে। পথ, ৰেলৱে, বায়ু, জলপথ, আৰু লজিষ্টিক খণ্ডৰ বাবে দক্ষ জনশক্তি প্ৰস্তুত কৰা দেশৰ প্ৰথমখন ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা বিশ্ববিদ্যালয় আৰু গতিশক্তি বিশ্ববিদ্যালয়ৰ কথাও উল্লেখ কৰে। শ্ৰী মোদীয়ে কয় যে গুজৰাটত বিনিয়োগ কৰাৰ অৰ্থ হ’ল নিশ্চিত প্ৰতিভাৰ সংযোগ। তেওঁ কয় যে আজি বহু বিদেশী বিশ্ববিদ্যালয়ে ভাৰতত সুযোগ বিচাৰিছে, আৰু গুজৰাট তেওঁলোকৰ প্ৰথম পছন্দ হৈ পৰিছে। ইতিমধ্যে অষ্ট্ৰেলিয়াৰ দুখন আগশাৰীৰ বিশ্ববিদ্যালয়ে ৰাজ্যখনত কেম্পাছ স্থাপন কৰিছে, আৰু ভৱিষ্যতে আৰু বহুতো সন্মানীয় প্ৰতিষ্ঠানেও ইয়াৰ পিছত আহিব বুলি আশা কৰা হৈছে।

গুজৰাটৰ পৰ্যটন সম্ভাৱনাৰ বিষয়ে আলোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজ্যখন প্ৰকৃতি, দুঃসাহসিক, সংস্কৃতি, আৰু ঐতিহ্যৰ এক অনন্য সংগম, যিয়ে পৰ্যটকসকলক এক সম্পূৰ্ণ অভিজ্ঞতা প্ৰদান কৰে। ভাৰতৰ ৪৫০০ বছৰীয়া সামুদ্ৰিক ঐতিহ্যৰ প্ৰতীক লোথালৰ কথা উল্লেখ কৰি তেওঁ বুজাই দিয়ে যে ইয়াত বিশ্বৰ আটাইতকৈ পুৰণি মানৱসৃষ্ট ডকয়াৰ্ড আছে, য’ত এতিয়া ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য চৌহদ গঢ়ি তোলা হৈছে। ৰান অব কুচ্ছ উৎসৱৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তাত থকা টেণ্ট চিটিখনে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকক এক আচৰিত অভিজ্ঞতা প্ৰদান কৰে। বন্যপ্ৰাণী প্ৰেমীৰ বাবে তেওঁ গিৰ বনাঞ্চলৰ ওপৰত আলোকপাত কৰে, য’ত প্ৰতি বছৰে ৯ লাখৰো অধিক পৰ্যটকে এছিয়াৰ সিংহ চাবলৈ যায়। বিল পৰ্যটনৰ বিষয়ে আলোচনা কৰি শ্ৰী মোদীয়ে কয় যে ব্লু ফ্লেগ প্ৰমাণিত শিৱৰাজপুৰ বিচৰ লগতে মাণ্ডৱী, সোমনাথ, আৰু দ্বাৰকাত পৰ্যটনৰ অপৰিসীম সম্ভাৱনা আছে। তেওঁ লগতে আঙুলিয়াই দিয়ে যে ওচৰৰ ডিউ জল ক্ৰীড়া আৰু বিচ্চ খেলৰ বাবে এক প্ৰধান গোলকীয় গন্তব্যস্থান হিচাপে আত্মপ্ৰকাশ কৰিছে।

 

সৌৰাষ্ট্ৰ আৰু কুচ্ছক অপৰিসীম সম্ভাৱনা থকা অঞ্চল বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে সমগ্ৰ বিশ্বৰ বিনিয়োগকাৰীসকলক এই সুযোগসমূহৰ সম্পূৰ্ণ সুবিধা ল’বলৈ আহ্বান জনায়। তেওঁ দৃঢ়তাৰে কয় যে সৌৰাষ্ট্ৰ আৰু কুচ্ছত কৰা প্ৰতিটো বিনিয়োগে গুজৰাটৰ উন্নয়ন ত্বৰান্বিত কৰাই নহয়, ৰাষ্ট্ৰখনৰ সামগ্ৰিক অগ্ৰগতিৰ বাবেও গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ’ব।

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে আজিৰ ভাৰতে এখন উন্নত ৰাষ্ট্ৰ হোৱাৰ লক্ষ্যৰ দিশত দ্ৰুতগতিত কাম কৰি আছে, এই যাত্ৰাত “সংস্কাৰ এক্সপ্ৰেছ”-এ মুখ্য ভূমিকা পালন কৰিছে। তেওঁ ব্যাখ্যা কৰে যে ৰিফৰ্ম এক্সপ্ৰেছে প্ৰতিটো খণ্ডতে পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰৰ সূচনা কৰে, শেহতীয়াকৈ পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰ ৰূপায়ণৰ উদাহৰণ দিয়ে, যি সকলো খণ্ডতে ইতিবাচক প্ৰভাৱ পেলাইছে, বিশেষকৈ এম এছ এম ইসমূহক উপকৃত কৰিছে। তেওঁ আলোকপাত কৰে যে ভাৰতে ১০০ শতাংশ প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ অনুমতি দি বীমা খণ্ডত এক বৃহৎ সংস্কাৰ হাতত লৈছে, যাৰ ফলত নাগৰিকসকলক সাৰ্বজনীন বীমা কভাৰেজ প্ৰদানৰ অভিযান ত্বৰান্বিত হ’ব। তেওঁ উল্লেখ কৰে যে প্ৰায় ছয় দশকৰ পাছত আয়কৰ আইনখন আধুনিকীকৰণ কৰা হৈছে, যাৰ ফলত লাখ লাখ কৰদাতা উপকৃত হৈছে। তেওঁ কয় যে ভাৰতে ঐতিহাসিক শ্ৰম সংস্কাৰো ৰূপায়ণ কৰিছে, মজুৰি, সামাজিক সুৰক্ষা আৰু উদ্যোগক এক ঐক্যবদ্ধ কাঠামো দিছে, যাৰ ফলত শ্ৰমিক আৰু উদ্যোগ উভয়কে উপকৃত হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে যে ভাৰতে তথ্য-চালিত উদ্ভাৱন, এ আই গৱেষণা আৰু অৰ্ধপৰিবাহী নিৰ্মাণৰ গোলকীয় কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। তেওঁ কয় যে ভাৰতৰ শক্তিৰ চাহিদা বৃদ্ধিৰ লগে লগে দেশৰ বাবে নিশ্চিত শক্তি যোগান অতি গুৰুত্বপূৰ্ণ, আৰু এই লক্ষ্যত উপনীত হোৱাৰ বাবে পাৰমাণৱিক শক্তি এক মূল উপায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে অৱগত কৰে যে পাৰমাণৱিক শক্তি খণ্ডতো পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰ আৰম্ভ কৰা হৈছে। তেওঁ বিশেষভাৱে "শান্তি আইন"ৰ কথা উল্লেখ কৰে, যিয়ে নাগৰিক পাৰমাণৱিক শক্তি খণ্ডক ব্যক্তিগত অংশগ্ৰহণৰ বাবে মুকলি কৰে। শ্ৰী মোদীয়ে কয় যে এই ঐতিহাসিক পদক্ষেপে এই খণ্ডত বিনিয়োগকাৰীৰ বাবে গুৰুত্বপূৰ্ণ আৰু উল্লেখযোগ্য সুযোগৰ সৃষ্টি কৰিব।

শ্ৰী মোদীয়ে অনুষ্ঠানত উপস্থিত থকা সকলো বিনিয়োগকাৰীক আশ্বাস দিয়ে যে ভাৰতৰ সংস্কাৰ এক্সপ্ৰেছ বন্ধ নহ’ব, আৰু দেশৰ সংস্কাৰ যাত্ৰা প্ৰতিষ্ঠানিক ৰূপান্তৰৰ দিশত আগবাঢ়িছে। তেওঁ মন্তব্য কৰে যে অংশগ্ৰহণকাৰীসকল ইয়াত কেৱল বুজাবুজি চুক্তিৰে নহয়, বৰঞ্চ সৌৰাষ্ট্ৰ-কুচ্ছৰ উন্নয়ন আৰু ঐতিহ্যৰ সৈতে সংযোগ স্থাপনৰ বাবেহে আহিছে। সামৰণিত তেওঁ ইয়াত বিনিয়োগ কৰা প্ৰতিটো টকাই উৎকৃষ্ট লাভৰ আশ্বাস দি সকলোকে শুভেচ্ছা জনায় আৰু ধন্যবাদ জ্ঞাপন কৰে।

 

ৰাজকোটৰ প্ৰখ্যাত উদ্যোগপতি তথা জ্যোতি চিএনচি অটোমেচনৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক শ্ৰী পৰক্ৰমসিং জি জাডেজাই এই অনুষ্ঠানত নিজৰ চিন্তা ব্যক্ত কৰে। ভাষণত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসাধাৰণ দৃষ্টিভংগী আৰু নেতৃত্বক প্ৰশংসা কৰে আৰু ভাইব্ৰেণ্ট গুজৰাটৰ পদক্ষেপৰ জৰিয়তে তেওঁ কেনেকৈ গুজৰাটক ভাৰতৰ বিকাশৰ ইঞ্জিনলৈ ৰূপান্তৰিত কৰিছে সেই বিষয়ে ব্যাখ্যা কৰে। তেওঁ গুৰুত্ব সহকাৰে কয় যে প্ৰধানমন্ত্ৰীৰ নিৰ্দেশনাত ভাৰতে গোলকীয় ‘ভিইউচিএ’ পৰিৱেশ—অস্থিৰতা, অনিশ্চয়তা, জটিলতা, আৰু অস্পষ্টতাক দৃষ্টিভংগী, বুজাবুজি, স্পষ্টতা, আৰু চঞ্চলতালৈ ৰূপান্তৰিত কৰি বিশ্বৰ কঠিন পৰিস্থিতিৰ মাজতো দেশত স্থিতিশীলতা নিশ্চিত কৰিছে। শ্ৰী জাডেজাই এটা ডাঙৰ ঘোষণা কৰি কয় যে জ্যোতি চিএনচিয়ে অহা পাঁচ বছৰত উৎপাদন, অনুসন্ধান আৰু দক্ষতা বিকাশত ১০,০০০ কোটি টকাতকৈ অধিক বিনিয়োগ কৰিব। তেওঁ প্ৰধানমন্ত্ৰীৰ নেতৃত্বই উদ্ভাৱন আৰু দক্ষতা বিকাশৰ ওপৰত গুৰুত্ব দিয়াৰ বাবে ভাৰতক উৎপাদন ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে স্থান দিয়াৰ বাবে কৃতিত্ব দিয়ে। তেওঁ আত্মনিৰ্ভৰ ভাৰত আৰু বিকশিত ভাৰত ২০৪৭ৰ দৃষ্টিভংগীক চৰকাৰ, উদ্যোগ, প্ৰতিষ্ঠান, আৰু সমাজৰ এক ভাগ-বাটোৱাৰা কৰা দায়িত্ব বুলিও অভিহিত কৰে। তেওঁৰ ভাষণত শ্ৰী মোদীৰ নীতি আৰু সংস্কাৰে বৃহৎ পৰিসৰৰ বিনিয়োগ, প্ৰযুক্তিগত উন্নতি আৰু বিশ্ব প্ৰতিযোগিতামূলক ক্ষমতাৰ বাবে এক অনুকূল পৰিৱেশ সৃষ্টি কৰিছে, যিয়ে ৰাষ্ট্ৰীয় প্ৰগতিত যথেষ্ট অৰিহণা যোগাব বুলি থকা বিশ্বাস দৃঢ় কৰিছে।

ভাষণত আদানী বন্দৰ আৰু এছ ই জেডৰ পৰিচালন সঞ্চালক শ্ৰী কৰণ আদানীয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৰিৱৰ্তনশীল নেতৃত্বৰ ওপৰত আলোকপাত কৰে, যিয়ে ভাৰতৰ পৰিসৰ আৰু মানসিকতাক সম্পূৰ্ণৰূপে ৰূপান্তৰিত কৰিছে। তেওঁ কয় যে মোদী ডাঙৰীয়াই ৰাষ্ট্ৰক দীৰ্ঘম্যাদী চিন্তা কৰিবলৈ শিকাইছে, প্ৰতিষ্ঠান গঢ়ি তুলিবলৈ শিকাইছে, আৰু উন্নয়নক এক সভ্যতামূলক অভিযান হিচাপে চাবলৈ শিকাইছে, য’ত দৃষ্টিভংগী আৰু নিষ্পাদন নিখুঁতভাৱে মিলি গৈছে। মোদী ডাঙৰীয়াৰ নিৰ্দেশনাত গুজৰাট ভাৰতৰ অন্যতম ঔদ্যোগিকভাৱে উন্নত আৰু বিশ্বৰে সংযুক্ত ৰাজ্য হিচাপে পৰিগণিত হৈছে, যিয়ে দেশৰ জিডিপি, ঔদ্যোগিক উৎপাদন, মাল পৰিচালনা, আৰু নবীকৰণযোগ্য শক্তিত যথেষ্ট অৰিহণা যোগাইছে। শ্ৰী আদানীয়ে স্মৰণ কৰে যে মুখ্যমন্ত্ৰী হিচাপে মোদীয়ে "ব্যৱসায়ত সহজতা" ৰাষ্ট্ৰীয় ধাৰণা হোৱাৰ বহু আগতেই প্ৰদৰ্শন কৰিছিল যে সুশাসন আৰু কাৰ্যকৰীকৰণৰ গতিবেগে এখন ৰাজ্যক ৰূপান্তৰিত কৰিব পাৰে। প্ৰধানমন্ত্ৰী হিচাপে তেওঁ সমগ্ৰ ভাৰততে এই দৰ্শন সম্প্ৰসাৰণ কৰি সমবায় আৰু প্ৰতিযোগিতামূলক যুক্তৰাষ্ট্ৰবাদৰ জৰিয়তে ৰাজ্যসমূহক বিকাশৰ ইঞ্জিন হিচাপে গঢ়ি তুলিছে, নীতিৰ সামঞ্জস্যতা আৰু বৃহৎ পৰিসৰৰ আন্তঃগাঁথনি নিৰ্মাণ নিশ্চিত কৰিছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰতে খণ্ডিত বিশ্ব অৰ্থনীতিৰ মাজত জিলিকি উঠিছে, প্ৰায় ৮ শতাংশ বৃদ্ধিৰ হাৰেৰে নিজৰ উৎপাদনৰ ভিত্তি সম্প্ৰসাৰণ কৰি আত্মবিশ্বাসেৰে ৫ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি আৰু বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনৈতিক শক্তি হোৱাৰ দিশত আগবাঢ়িছে। শ্ৰী আদানীয়ে ইয়াৰ শক্তিশালী উদাহৰণ হিচাপে কুচ্ছ আৰু মুন্দ্ৰাক উল্লেখ কৰে, খাভদাত ৩৭ গিগাৱাটৰ নবীকৰণযোগ্য শক্তি উদ্যানৰ দৰে প্ৰকল্প চলি আছে। চাকৰি সৃষ্টি, ঔদ্যোগিক প্ৰতিযোগিতামূলক ক্ষমতা, আৰু বহনক্ষমতাৰ ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰৰ সৈতে সংগতি ৰাখি তেওঁ অহা পাঁচ বছৰত কুচ্ছত ১.৫ লাখ কোটি টকাৰ বিনিয়োগৰ কথা ঘোষণা কৰে। বিকশিত ভাৰত ২০৪৭ৰ দিশত ভাৰতৰ যাত্ৰাত গুজৰাটৰ গুৰুত্বপূৰ্ণ ভূমিকাও তেওঁ দৃঢ়তাৰে উল্লেখ কৰে।

নিজৰ চিন্তাধাৰা সন্দৰ্ভত ৱেলছপুন গ্ৰুপৰ অধ্যক্ষ শ্ৰী বি.কে. গোৱেংকাই গুজৰাট বিশেষকৈ কুচ্ছ আৰু সৌৰাষ্ট্ৰক ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এসময়ত অভাৱ আৰু দুৰ্যোগৰ বাবে পৰিচিত এই অঞ্চলসমূহ আজি বিশ্বমানৰ শোধনাগাৰ, বন্দৰ, বস্ত্ৰশিল্প আৰু নবীকৰণযোগ্য শক্তিৰ প্ৰতীক। তেওঁ এই ৰূপান্তৰৰ কৃতিত্ব সম্পূৰ্ণৰূপে প্ৰধানমন্ত্ৰী মোদীৰ দূৰদৰ্শিতা আৰু দৃঢ়তাৰ বাবে বুলি কয়, যিয়ে গুজৰাটক এক নতুন পৰিচয় প্ৰদান কৰে। তেওঁ স্মৰণ কৰে যে কেনেকৈ ২০০৩ চনত প্ৰথম ভাইব্ৰেণ্ট গুজৰাট শীৰ্ষ সন্মিলনৰ সময়ত শ্ৰী মোদীয়ে ৱেলছপুনক ভূমিকম্পত আক্ৰান্ত কুচ্ছত নিজৰ সম্প্ৰসাৰণ উদ্যোগ স্থাপন কৰিবলৈ আহ্বান জনাইছিল, বিনিয়োগ কৰা প্ৰতিটো টকাৰ বহুগুণ লাভ হ’ব বুলি আশ্বাস দিছিল। সেই দূৰদৰ্শিতাই ৱেলছপুনৰ গুজৰাটৰ প্ৰকল্পক বিশ্বৰ আগশাৰীৰ ঘৰুৱা বস্ত্ৰ কোম্পানীলৈ ৰূপান্তৰিত কৰিলে, য’ত এক লাখৰো অধিক লোক নিয়োজিত হৈছিল আৰু আমেৰিকা তথা ব্ৰিটেইনত ২৫%তকৈ অধিক বজাৰ অংশীদাৰিত্ব লাভ কৰিছিল, আনকি উইম্বলডনলৈও সামগ্ৰীসমূহ ৰপ্তানি কৰা হৈছিল। শ্ৰী গোৱেংকাই ৱেলছপুনৰ ব্যৱসায়ৰ ওপৰত আলোকপাত কৰি কয় যে ৫,০০০ কোটি টকা বিনিয়োগ কৰি বিশ্বৰ সৰ্ববৃহৎ নিৰ্মাতা হিচাপে পৰিগণিত হৈছে। তেওঁ শ্ৰী মোদীৰ সংকল্পক প্ৰশংসা কৰে— “আপোনাৰ সপোন যিমান ডাঙৰ, সিমান ডাঙৰ মোৰ প্ৰতিশ্ৰুতি”। তেওঁ সামৰণি মাৰে প্ৰধানমন্ত্ৰীৰ নতুন সপোন, নতুন সংকল্প, আৰু নিৰন্তৰ সাফল্যৰ আহ্বানৰ প্ৰতিধ্বনি দি। তেওঁ কয় যে আজি আমাৰ সকলোৰে সন্মুখত প্ৰত্যাহ্বান কেৱল ভাৰতক স্বাৱলম্বী কৰাই নহয়, ২০৪৭ চনৰ ভিতৰত ইয়াক উন্নত ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰাও।

 

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানীয়ে তেওঁৰ চিন্তাধাৰা ব্যক্ত কৰি কয় যে ভাইব্ৰেণ্ট গুজৰাট আঞ্চলিক সন্মিলনখন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্ব আৰু দৃষ্টিভংগীৰ উদযাপন। ভাৰতৰ সভ্যতাবাদী আত্মবিশ্বাস পুনৰুজ্জীৱিত কৰাৰ লগতে দেশত অভূতপূৰ্ব আত্মবিশ্বাস আৰু সজীৱতাৰ যুগৰ সূচনা কৰাৰ বাবে তেওঁ প্ৰধানমন্ত্ৰী মোদীক কৃতিত্ব দিয়ে। শ্ৰী আম্বানীয়ে এই কথাত গুৰুত্ব আৰোপ কৰে যে ইতিহাসে মোদীৰ যুগক সেই সময় হিচাপে মনত ৰাখিব যেতিয়া ভাৰতে সম্ভাৱনাৰ পৰা কৰ্মক্ষমতালৈ, আকাংক্ষাৰ পৰা কাৰ্যকৰীকৰণলৈ, আৰু অনুগামীৰ পৰা বিশ্ব শক্তিলৈ গতি কৰিছিল। তেওঁ ৰিলায়েন্সৰ বাবে গুজৰাট বিশেষ স্থান বুলি মন্তব্য কৰি কোম্পানীটোৰ শৰীৰ, হৃদয় আৰু আত্মা বুলি কয়। ইয়াৰ সমান্তৰালকৈ তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ দৃষ্টিভংগীৰ লগত সংগতি ৰাখি পাঁচটা দৃঢ় প্ৰতিশ্ৰুতিও ঘোষণা কৰে।

প্ৰথমতে, ৰিলায়েন্সে অহা পাঁচ বছৰত গুজৰাটত বিনিয়োগ দুগুণ কৰি ৭ লাখ কোটি টকালৈ বৃদ্ধি কৰি কৰ্মসংস্থাপন আৰু সমৃদ্ধিৰ সৃষ্টি কৰিব। দ্বিতীয়তে, জামনগৰত কোম্পানীটোৱে সৌৰশক্তি, বেটাৰী সংৰক্ষণ, সেউজ হাইড্ৰজেন, সাৰ, বহনক্ষম ইন্ধন আৰু উন্নত সামগ্ৰীক সামৰি বিশ্বৰ সৰ্ববৃহৎ সংহত স্বচ্ছ শক্তি পৰিৱেশতন্ত্ৰ নিৰ্মাণ কৰি আছে। তৃতীয়তে, ৰিলায়েন্সে গুজৰাটৰ পৰা আৰম্ভ কৰি প্ৰতিজন নাগৰিকৰ বাবে সুলভ মূল্যৰ এ আই সেৱা প্ৰদান কৰিবলৈ ভাৰতৰ সৰ্ববৃহৎ এআই-প্ৰস্তুত ডাটা চেণ্টাৰ গঢ়ি তুলিছে। চতুৰ্থতে, ৰিলায়েন্স ফাউণ্ডেচনে ভাৰতৰ অলিম্পিকৰ উচ্চাকাংক্ষাক সমৰ্থন কৰিব, গুজৰাট চৰকাৰৰ সৈতে অংশীদাৰিত্বৰে বীৰ সাবৰকাৰ মাল্টি স্প’ৰ্টছ কমপ্লেক্স পৰিচালনা কৰিব আৰু ভৱিষ্যতৰ চেম্পিয়নসকলক প্ৰশিক্ষণ দিব। পঞ্চমতে, ৰিলায়েন্সে জামনগৰত এখন বিশ্বমানৰ চিকিৎসালয় স্থাপনকে ধৰি স্বাস্থ্যসেৱা আৰু শিক্ষাৰ সুবিধা সম্প্ৰসাৰণ কৰিব।

ভাষণৰ সামৰণিত আম্বানীয়ে কয় যে বিশ্বৰ অনিশ্চয়তাৰ মাজতো শ্ৰী মোদীৰ নেতৃত্বত ভাৰত সুৰক্ষিত। তেওঁ প্ৰধানমন্ত্ৰীক ৰাষ্ট্ৰৰ “অজেয় নিৰাপত্তা দেৱাল” বুলি অভিহিত কৰে। তেওঁ ঘোষণা কৰে যে ভাৰতৰ বাবে এইটো এটা নিৰ্ণায়ক দশক, য’ত শ্ৰী মোদীয়ে কেৱল ভৱিষ্যতৰ বাবে দেশখনক প্ৰস্তুত কৰাই নহয়, সক্ৰিয়ভাৱে দেশখনক গঢ় দিছে। শেষত তেওঁ গুজৰাটৰ প্ৰতি ৰিলায়েন্সৰ অদম্য দায়বদ্ধতা আৰু বিকশিত ভাৰত ২০৪৭ৰ দৃষ্টিভংগী পুনৰবাৰ উল্লেখ কৰে।

এই উপলক্ষে ভাষণ দি ভাৰতত থকা ৰুৱাণ্ডাৰ উচ্চায়ুক্ত মহামহিম শ্ৰীমতী জেকলিন মুকাংগিৰাই গুজৰাটৰ মুখ্যমন্ত্ৰীক গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ ৰুৱাণ্ডাক ভাইব্ৰেণ্ট গুজৰাট আঞ্চলিক সন্মিলনত দেশৰ অংশীদাৰ হিচাপে আমন্ত্ৰণ জনাইছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ভাষণ দিয়াৰ সুযোগ পাই তেওঁ আনন্দ প্ৰকাশ কৰে। এই সন্মিলনখন সফলতাৰে আয়োজন কৰাৰ বাবে গুজৰাট চৰকাৰক অভিনন্দন জনোৱাৰ লগতে ৰুৱাণ্ডা আৰু ভাৰতৰ মাজত থকা শক্তিশালী দ্বিপাক্ষিক সম্পৰ্কৰ ওপৰত আলোকপাত কৰে। ২০১৮ চনত প্ৰধানমন্ত্ৰী মোদীৰ ৰুৱাণ্ডা ভ্ৰমণৰ ঐতিহাসিক ভ্ৰমণৰ কথা স্মৰণ কৰে, য’ত ছয়খন বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছিল আৰু ২০০টা গৰু আৰ্তজনৰ পৰিয়ালক দান কৰা হৈছিল। এই মানৱীয় ইংগিতক প্ৰশংসা কৰি তেওঁৰ উদাৰতা আৰু নেতৃত্বৰ এক অনন্য উদাহৰণ বুলি অভিহিত কৰে। তেওঁ লগতে উল্লেখ কৰে যে ৰাষ্ট্ৰপতি পল কাগামে ২০১৭ চনত ভাইব্ৰেণ্ট গুজৰাট শীৰ্ষ সন্মিলনত অংশগ্ৰহণকে ধৰি পাঁচবাৰ ভাৰত ভ্ৰমণ কৰিছে। শ্ৰীমতী মুকাংগিৰাই এই কথাত গুৰুত্ব আৰোপ কৰে যে দুয়োগৰাকী নেতাৰ যৌথ প্ৰচেষ্টাই ৰুৱাণ্ডা-ভাৰতৰ সম্পৰ্কক কৌশলগত স্তৰলৈ উন্নীত কৰিছে।

 

শ্ৰীমতী মুকাংগিৰাই ৰুৱাণ্ডাক দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীলতা নীতিৰে দ্ৰুতগতিত বিকশিত আৰু সুস্থিৰ ৰাষ্ট্ৰ বুলি অভিহিত কৰে। তেওঁ উল্লেখ কৰে যে শাসনৰ স্বচ্ছতা আৰু ব্যৱসায় কৰাত সহজতাৰ ক্ষেত্ৰত ৰুৱাণ্ডাই আফ্ৰিকাৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিছে, আৰু ২০২৫ চনৰ তৃতীয় ত্ৰৈমাসিকত দেশখনে ১১.৮ শতাংশ অৰ্থনৈতিক বৃদ্ধিৰ হাৰ ৰেকৰ্ড কৰিছে। তেওঁ ভাৰতীয় বিনিয়োগকাৰীসকলক উৎপাদন, আন্তঃগাঁথনি, আইচিটি, কৃষি, খনি, পৰ্যটন, স্বাস্থ্য, আৰু শিক্ষাৰ দৰে খণ্ডত বিনিয়োগ কৰিবলৈ আমন্ত্ৰণ জনায় আৰু তেওঁলোকক বৰ্ধিত প্ৰৰোচনাৰ আশ্বাস দিয়ে। ভাষণৰ সামৰণিত তেওঁ প্ৰতিনিধিসকলক বিখ্যাত পাহাৰীয়া গৰিলা আৰু বিগ ফাইভৰ ঘৰ ৰুৱাণ্ডা ভ্ৰমণ কৰিবলৈ আমন্ত্ৰণ জনায়। প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰতৰ সৈতে সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ বাবে ৰুৱাণ্ডাৰ প্ৰতিশ্ৰুতিও তেওঁ পুনৰবাৰ উল্লেখ কৰে।

ভাৰতত থকা ইউক্ৰেইনৰ ৰাষ্ট্ৰদূত মহামহিম ড° অলেক্সেণ্ড্ৰ পলিছচুকে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। শ্ৰী মোদীৰ উন্নয়ন যাত্ৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে  শান্তি প্ৰতিষ্ঠাৰ বাবে তেওঁৰ গোলকীয় প্ৰচেষ্টাকে ধৰি আঞ্চলিক নেতাৰ পৰা জাতীয় ব্যক্তিত্বলৈ আৰু এতিয়া বিশ্বৰ ৰাষ্ট্ৰনেতালৈ তেওঁৰ যাত্ৰা অনন্য। তেওঁ কয় যে শ্ৰী মোদীৰ দৃষ্টিভংগীৰ অধীনত গুজৰাটে উন্নয়নৰ আৰ্হিৰ বাবে গোলকীয় স্বীকৃতি লাভ কৰিছে। তেওঁ কয় যে এই আৰ্হিটোৱে এতিয়া সমগ্ৰ ভাৰতত সম্প্ৰসাৰিত হৈছে আৰু ৰাষ্ট্ৰখনক বিশ্ব শক্তি হোৱাৰ দিশত আৰু বিকশিত ভাৰত ২০৪৭ৰ লক্ষ্যত উপনীত হোৱাৰ দিশত পথ প্ৰদৰ্শন কৰি আছে।

 

গুজৰাট চৰকাৰ আৰু মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেলৰ সহায়-সহযোগিতাৰ বাবে তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ বিশেষকৈ শিক্ষা, প্ৰতিষ্ঠানিক অংশীদাৰিত্ব, দক্ষতা বিকাশৰ দৰে ক্ষেত্ৰত সহযোগিতাৰ ওপৰত আলোকপাত কৰে, যিয়ে দুয়োখন দেশৰ মাজত জনসাধাৰণৰ মাজত আৰু জ্ঞানভিত্তিক সম্পৰ্ক শক্তিশালী কৰে। ড০ পলিচচুকে স্মৰণ কৰি কয় যে ইউক্ৰেইনে ২০২৩ চনৰ ভাইব্ৰেণ্ট গুজৰাট শীৰ্ষ সন্মিলনত অংশীদাৰ দেশ হিচাপে গৌৰৱেৰে অংশগ্ৰহণ কৰিছিল আৰু ইয়াক অৰ্থনৈতিক সহযোগিতা গভীৰ কৰাৰ কৌশলগত সুযোগ হিচাপে লয়। তেওঁ উল্লেখ কৰে যে ইউক্ৰেইনৰ উদ্যোগে বৰ্তমান ভাৰতৰ সৈতে কৃষি, অভিযান্ত্ৰিক, তথ্য-প্ৰযুক্তি, শক্তি, আৰু লজিষ্টিক আদি খণ্ডত সক্ৰিয়ভাৱে জড়িত হৈ আছে আৰু দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্য ইতিমধ্যে ৪ বিলিয়ন ডলাৰ হৈছেগৈ।

ড০ পলিছচুকে পোলেণ্ডত অনুষ্ঠিত হ’বলগীয়া ইউক্ৰেইন পুনৰুদ্ধাৰ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ভাৰতীয় কোম্পানীসমূহক আমন্ত্ৰণ জনাই মেক ইন ইণ্ডিয়াৰ কাঠামোৰ অধীনত প্ৰতিৰক্ষাকে ধৰি সম্প্ৰসাৰিত ঔদ্যোগিক আৰু প্ৰযুক্তিগত সহযোগিতাৰ সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ উল্লেখ কৰে যে যুদ্ধকালীন সময়ত গ্ৰহণ কৰা প্ৰধানমন্ত্ৰী মোদীৰ ২০২৪ চনৰ ঐতিহাসিক ইউক্ৰেইন ভ্ৰমণে ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰাৰ উদ্দেশ্যক পুনৰ দৃঢ় কৰে।

তেওঁ আত্মবিশ্বাসেৰে নিজৰ মন্তব্যৰ সামৰণি মাৰি কয় যে ইউক্ৰেইনত স্থায়ী শান্তি প্ৰতিষ্ঠা কৰিলে গুজৰাটৰ সৈতে অংশীদাৰিত্বকে ধৰি ভাৰত-ইউক্ৰেইনৰ সম্পৰ্ক আৰু অধিক শক্তিশালী হ’ব। শেষত তেওঁ অৰ্থপূৰ্ণ আলোচনা আৰু শক্তিশালী নতুন অংশীদাৰিত্ব গঢ়ি তোলাৰ ক্ষেত্ৰত ভাইব্ৰেণ্ট গুজৰাট শীৰ্ষ সন্মিলনৰ ​​সফলতা কামনা কৰে।

এই অনুষ্ঠানত আন আন বিশিষ্ট ব্যক্তিসকলৰ লগতে গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল উপস্থিত থাকে।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi completes 12 years in office; BJP, Union ministers hail his leadership

Media Coverage

PM Modi completes 12 years in office; BJP, Union ministers hail his leadership
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister urges citizens to take precautions amid soaring temperatures across India
May 27, 2026
Prime Minister calls for vigilance, hydration and care for vulnerable people during heatwave
Prime Minister appeals to citizens to help birds, animals and those affected by extreme heat

The Prime Minister, Shri Narendra Modi has urged citizens across the country to take all possible precautions amid soaring temperatures being witnessed in different parts of India.

Shri Modi urged people to stay hydrated, carry water while stepping out and extend help to others by offering them water during the harsh weather conditions.

The Prime Minister also advised people to remain alert to signs of heat exhaustion such as dizziness, nausea and extreme fatigue. He urged citizens to immediately help anyone feeling unwell, weak or suffering from headaches by moving them to a cool and shaded place and ensuring availability of water and ORS.

Shri Modi noted that children, elderly people and those working outdoors are especially vulnerable during extreme heat and cautioned that ignoring warning signs may lead to heatstroke.

Shri Modi also called upon people to regularly check on elderly parents, grandparents and loved ones during the heatwave and remind them to stay hydrated, avoid stepping out during peak afternoon hours and take adequate rest.

Emphasising compassion during extreme weather conditions, the Prime Minister appealed to citizens to keep bowls of water outside homes, balconies, terraces, shops and offices for birds and animals.

In a series of X posts, Shri Modi said;

“Different parts of India are witnessing soaring temperatures and the challenges that come with it. This heat is harsh on all of us and I urge you all to take as many precautions as possible. Please stay hydrated, keep water with you when stepping out. Offer a glass of water to others. In weather like this, such kindness goes a long way.”

“Watch for signs of heat exhaustion like dizziness, nausea or extreme fatigue. If someone around you feels unusually unwell, weak or develops a headache, it is best to help move them to a cool and shaded place immediately. Ensure they get water, ORS etc. that helps them. Children, the elderly and those working outdoors are especially vulnerable during extreme heat. Ignoring these warning signs can quickly turn dangerous and may even lead to heatstroke. In such weather, timely care and attention go a long way.”

“Whenever possible, call and check on elderly parents, grandparents and loved ones during this heatwave. Remind them to stay hydrated, avoid stepping out in peak afternoon hours and take rest whenever possible.”

“In this extreme heat, let us also remember the birds and animals around us. A small bowl of water kept outside your home, balconies, terraces, shops or offices can become a lifeline for a thirsty bird. May compassion guide us in these difficult days.”

“देश के अलग-अलग हिस्सों में तापमान लगातार बढ़ रहा है और इसके साथ ही दैनिक जीवन में गर्मी से होने वाली कई कठिनाइयां भी बढ़ रही हैं। मैं सभी देशवासियों से आग्रह करता हूं कि जितनी अधिक सावधानी बरत सकें, अवश्य बरतें। कृपया स्वयं को हाइड्रेटेड रखें, घर से बाहर निकलते समय पानी साथ रखें। ऐसे मौसम में आपकी संवेदनशीलता भी बहुत बड़ा सहारा बन जाती है। यदि संभव हो, तो किसी प्यासे व्यक्ति को एक गिलास पानी अवश्य दें। मैं ऐसे लोगों की सराहना भी करूँगा जो अपने घरों के और दुकानों के बाहर मटके में जल रखते हैं ताकि कोई भी उनसे पानी पी सके।”

“अत्यधिक गर्मी से होने वाली परेशानी, जैसे चक्कर आना, मतली या ज्यादा थकान लगे तो उसे बिल्कुल भी नजरअंदाज न करें। यदि आपके आसपास किसी व्यक्ति को अचानक बेहोशी जैसा लगे, कमजोरी महसूस करे या फिर अस्वस्थ दिखाई दे, तो उसे तुरंत किसी ठंडी और छायादार जगह पर ले जाएं। उसे पानी, ORS या अन्य तरल पदार्थ दें, जिससे शरीर को राहत मिल सके। बच्चे, बुज़ुर्ग और धूप में काम करने वाले लोग इस भीषण गर्मी में सबसे अधिक प्रभावित होते हैं। समय रहते ध्यान न देने पर यह स्थिति हीटस्ट्रोक जैसी गंभीर समस्या का रूप ले सकती है। ऐसे समय में आपकी सतर्कता और देखभाल किसी का जीवन बचा सकती है।”

“जब भी संभव हो, अपने माता-पिता, दादा-दादी, नाना-नानी और अन्य प्रियजनों को फोन कर उनका हालचाल अवश्य पूछें। उन्हें पर्याप्त पानी पीने, दोपहर की तेज धूप में बाहर न निकलने और जितना हो सके, आराम करने की सलाह दें।”

“इस प्रचंड गर्मी में हमें अपने आसपास के पशु-पक्षियों को भी नहीं भूलना चाहिए। अपने घर, बालकनी, छत, दुकान या ऑफिस के बाहर पानी से भरा एक छोटा-सा बर्तन रखना भी किसी प्यासे पक्षी के लिए जीवनदान बन सकता है। आइए, इन कठिन दिनों में पूरी संवेदनशीलता और करुणा के साथ एक-दूसरे का ध्यान रखें।”