‘‘দেশৰ অধিকতকৈ অধিক সংখ্যক যুৱ প্ৰজন্মই বিজ্ঞানৰ প্ৰতি আগ্ৰহী হোৱাৰ এয়াই সঠিক সময়’’, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰবাসী আৰু ভাৰতীয় গৱেষক তথা শিক্ষাবিদসকলৰ বাবে ‘বৈশ্বিক ভাৰতীয় বৈজ্ঞানিক (বৈভৱ)’’ শীৰ্ষক এক বিশ্বজনীন ভাৰ্চুৱেল সন্মিলনৰ মুকলি ভাষণত এইদৰে মন্তব্য কৰে৷

‘‘বৈভৱ সন্মিলন ২০২০ত ভাৰত আৰু বিশ্বৰ পৰা বিজ্ঞান আৰু উদ্ভাৱনক উদযাপন কৰা হৈছে৷ মই ইয়াক মহান চিন্তাধাৰাৰ প্ৰকৃত সংগম বুলি অভিহিত কৰিম, ইয়াৰ জৰিয়তে ভাৰত আৰু ধৰিত্ৰীক সৱলীকৃত কৰিব পৰা আমাৰ দীৰ্ঘম্যাদী সহযোগিতা লাভ কৰিম’’, তেওঁ এইদৰে কয়৷

শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, ভাৰত চৰকাৰে বৈজ্ঞানিক গৱেষণা আৰু উদ্ভাৱনৰ প্ৰসাৰণৰ উদ্দেশ্যে বহুতো পদক্ষেপ গ্ৰহণ কৰিছে৷ এই প্ৰসংগত তেওঁ প্ৰতিষেধকৰ বিকাশ আৰু ভেকচিনেচন কাৰ্যসূচীৰ প্ৰণয়নৰ প্ৰয়াস সম্পৰ্কেও আলোকপাত কৰে৷

তেওঁ কয় যে প্ৰতিষেধক নিৰ্মাণৰ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পৰিছে৷ ২০১৪ চনত চাৰিটা নতুন প্ৰতিষেধক মুকলি কৰা হৈছিল৷ তেওঁ কয় যে ২০২৫ চনৰ ভিতৰত ভাৰতে বিশ্বজনীন লক্ষ্যৰ পাঁচ বছৰ পূৰ্বেই টিউবাৰকুলছিছ নিৰ্মূল কৰাৰ পৰিকল্পনা কৰিছে৷

শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে তিনিটা দশকৰ পিছত ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ৰ প্ৰণয়ন কৰা হৈছে৷ এই নীতিৰ জৰিয়তে বিজ্ঞানৰ প্ৰতি কৌতুহলতা বৃদ্ধিত গুৰুত্ব প্ৰদান কৰা হৈছে৷ প্ৰধানমন্ত্ৰীয়ে ভাৰতত মহাকাশ খণ্ডৰ সংস্কাৰ সাধনৰ ফলত উদ্যোগ আৰু শৈক্ষিক প্ৰতিষ্ঠানসমূহত সৃষ্টি হ’ব প্ৰভূত সুযোগৰ বিষয়ে উল্লেখ কৰে৷

লেজাৰ ইণ্টাৰফেৰ’মিটাৰ গ্ৰেভিটেচনেল-ৱেভ অবজাৰভেটৰী, চিইআৰএন আৰু ইণ্টাৰনেচনেল থাৰ্মনিউক্লিয়েৰ এক্সপেৰিমেণ্টেল ৰিয়েক্টৰত ভাৰতৰ সহযোগিতাৰ বিষয়ে উল্লেখ কৰি তেওঁ বৈজ্ঞানিক গৱেষণা আৰু বিশ্বজনীন পৰ্যায়ত ইয়াৰ বিকাশৰ বিষয়ে আলোকপাত কৰে৷

ছুপাৰ কম্পিউটিং আৰু চাইবাৰ ফিজিকেল প্ৰণালীত ভাৰতৰ প্ৰধান অভিযানসমূহৰ বিষয়েও তেওঁ উল্লেখ কৰে৷ কৃত্ৰিম বুদ্ধিমত্তা, ৰবটিকছ, ছেন্সৰ আৰু বিগ ডাটা এনালাইছিছৰ ক্ষেত্ৰত মৌলিক গৱেষণা আৰু প্ৰণয়নৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ জৰিয়তে ভাৰতত ষ্টাৰ্ট-আপ খণ্ড তথা নিৰ্মাণখণ্ড প্ৰসাৰিত হ’ব৷

তেওঁ কয় যে ভাৰতত ইতিমধ্যেই ২৫টা উদ্ভাৱনী প্ৰযুক্তিগত কেন্দ্ৰ মুকলি কৰা হৈছে৷

তেওঁ কয়, ভাৰতে কৃষকসকলৰ সহায়ক হোৱাকৈ উন্নত গুণগতমানৰ গৱেষণা বিচাৰে৷ দাইল আৰু খাদ্য-শস্যৰ উৎপাদনৰ ক্ষেত্ৰত ভাৰতীয় বিজ্ঞানীসকলে আগবঢ়োৱা সহায়ক তেওঁ প্ৰশংসা কৰে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে যেতিয়া ভাৰতে উন্নতি কৰে তেতিয়া বিশ্বইও উন্নতি কৰে৷

তেওঁ কয় যে বৈভৱ সংযোগ আৰু অৱদানৰ বাবে এক বৃহৎ অৱকাশ হিচাপে বিবেচিত হৈছে৷ বৈভৱক মহান চিন্তাধাৰাৰ সংগম বুলি উল্লেখ কৰি তেওঁ কয় যে এই প্ৰয়াসসমূহে এক আদৰ্শমূলক গৱেষণাতন্ত্ৰৰ সৃষ্টি কৰিব আৰু পৰম্পৰাক আধুনিকতালৈ প্ৰক্ষেপ কৰি বিকাশৰো সৃষ্টি কৰিব৷

প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় প্ৰবাসীসকলে বিশ্ব দৰবাৰত ভাৰতৰ ৰাষ্ট্ৰদূতৰ ভূমিকা পালন কৰিছে বুলি মন্তব্য কৰে৷ এই সন্মিলনখনে শিক্ষণ আৰু গৱেষণাখণ্ডত উপযোগী সহযোগিতাক নেতৃত্ব প্ৰদান কৰিব বুলি তেওঁ উল্লেখ কৰে৷ ভাৰতীয় প্ৰবাসীসকলৰ প্ৰয়াসেও এক আদৰ্শ গৱেষণাতন্ত্ৰৰ সৃষ্টি কৰিব বুলি তেওঁ উল্লেখ কৰে৷

বৈভৱ সন্মিলনত ৩০০০ত কৈও অধিক ভাৰতীয় মূলৰ শিক্ষাবিদ আৰু বিজ্ঞানীয়ে অংশগ্ৰহণ কৰাৰ লগতে ভাৰতৰ পৰাও ১০,০০০ শিক্ষাবিদ আৰু বিজ্ঞানীয়ে অংশগ্ৰহণ কৰে৷ ২০০খন ভাৰতীয় শৈক্ষিক প্ৰতিষ্ঠানৰ সহযোগত ইয়াক অনুষ্ঠিত কৰা হয়৷

৩ অক্টোবৰৰ পৰা ২৫ অক্টোবৰ ২০২০ তাৰিখলৈ  এই সন্মিলনত আলোচনাচক্ৰ অনুষ্ঠিত হ’ব আৰু ৩১ অক্টোবৰ তাৰিখে চৰ্দাৰ বল্লভ ভাই জয়ন্তীৰ দিনা ইয়াৰ সামৰণি পৰিব৷ গোটেই মাহটোত বিভিন্ন ৱেবিনাৰ আৰু ভিডিঅ’ কনফাৰেন্সযোগে আলোচনাচক্ৰ অনুষ্ঠিত হ’ব৷

সন্মিলনৰ সময়ছোৱাত কম্পিউটেচনেল বিজ্ঞান, বৈদ্যুতিক  আৰু যোগাযোগ, কোৱাণ্টাম প্ৰযুক্তি, ফট’নিকছ, মহাকাশ প্ৰযুক্তি, চিকিৎসা বিজ্ঞান, জৈৱ প্ৰযুক্তি, কৃষি, পদাৰ্থ আৰু প্ৰক্ৰিয়াকৰণ প্ৰযুক্তি, অত্যাধুনিক নিৰ্মাণ, ভূ-বিজ্ঞান, শক্তি, পৰিবেশ বিজ্ঞান আৰু ব্যৱস্থাপনা সন্দৰ্ভত আলোচনা কৰা হ’ব৷

এই সন্মিলনখনৰ উদ্দেশ্য হ’ল বিশ্বজনীন বিকাশৰ ক্ষেত্ৰত সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাৰ বাবে ভাৰতীয় গৱেষকসকলৰ বাবে এক ৰোডমেপ প্ৰস্তুত কৰা৷

মুখ্য বৈজ্ঞানিক উপদেষ্টা অধ্যাপক কে বিজয়াৰাঘৱমকে ধৰি আমেৰিকা, জাপান, অষ্ট্ৰেলিয়া, ব্ৰিটেইন, ফ্ৰান্স, ছিংগাপুৰ, কোৰিয়া গণৰাজ্য, ব্ৰাজিল আৰু ছুইজাৰলেণ্ডৰ ১৬ জন প্ৰবাসী পেনেলিষ্টে কম্পিউটিং আৰু যোগাযোগ, ছ’ন’-ৰসায়ন, উচ্চ শক্তিৰ পদাৰ্থ বিজ্ঞান, নিৰ্মাণ প্ৰযুক্তি, ব্যৱস্থাপনা, ভূ-বিজ্ঞান, জলবায়ু পৰিৱৰ্তন, মাইক্ৰ’বায়ল’জী, তথ্য-প্ৰযুক্তি সুৰক্ষা, নেন’ মেটেৰিয়েল, স্মাৰ্ট ভিলেজ আৰু গাণিতিক বিজ্ঞান বিষয়ত কাম কৰি আছে আৰু তেওঁলোকে মুকলি অধিৱেশনত প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপো কৰে৷

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Inspiring India: Gujarat Woman's Solar Mission Earns PM Modi’s Praise, Invitation to I-Day Ceremony

Media Coverage

Inspiring India: Gujarat Woman's Solar Mission Earns PM Modi’s Praise, Invitation to I-Day Ceremony
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM Modi calls upon people to celebrate National Handloom Day by showcasing India's rich handloom heritage
August 06, 2026

The Prime Minister, Shri Narendra Modi, has called upon citizens to celebrate National Handloom Day on 7th August by promoting India's rich and diverse handloom traditions.

“Share your videos with your favourite handloom products, including GRWM videos on social media”, Shri Modi said.

Shri Modi posted on X;

Tomorrow, 7th August is National Handloom Day. Let’s make India’s handloom diversity popular.

Share your videos with your favourite handloom products, including GRWM videos on social media.

Don’t forget to use #NationalHandloomDay.