Lays Foundation Stone for various projects under Integrated Development of Kevadia
Flags-off Ekta Cruise Service to the Statue of Unity

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেভাড়িয়াত চৰ্দাৰ পেটেল জুলজিকেল পাৰ্ক আৰু জিওডেছিক এভিয়েৰী ডম উদ্বোধন কৰে। তেওঁ কেভাড়িয়াত সমন্বিত উন্নয়ন আঁচনিৰ অধীনত ১৭ টা প্ৰকল্প দেশবাসীলৈ উৎসৰ্গা কৰে আৰু ৪ টা নতুন প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে। এই আঁচনিবোৰৰ ভিতৰত আছে নেভিগেচন চেনেল, নতুন ব'ল্ড ব্ৰীজ, গৰুড়েশ্বৰ বান্ধ, চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কোৱাৰ্টাৰ, বাছ বে টাৰ্মিনাছ, একতা নাৰ্চাৰী, ভৱানী ইকো-ট্যুৰিজম আৰু জনজাতীয় আবাসস্থান বা হোমষ্টে। তেওঁ এই অনুষ্ঠানত ষ্টেছ্যু অৱ ইউনিটি-ৰ বাবে একতা ক্ৰুজ সেৱাও মুকলি কৰে।

 

জাংগল ছাফাৰী আৰু জিঅ’ডেছিক এভিয়েৰী ডোম

প্ৰধানমন্ত্ৰীয়ে কয় যে যথেষ্ট ওপৰলৈ উৰা ভাৰতীয় এভিয়েৰীয়ে বিভিন্ন পক্ষী চোৱাৰ প্ৰতি আগ্ৰহীসকলক ৰোমাঞ্চিত অনুভৱ প্ৰদান কৰিব। তেওঁ লগতে কয় যে কেভাড়িয়ালৈ আহক আৰু এই এভিয়েৰীটো এবাৰলৈ চাই যাওঁক, যিটো জাংগল ছাফাৰী চৌহদৰেই এটা অংশ। ই এক অনবদ্য শিকন অভিজ্ঞতা হ'ব।”

জাংগল ছাফাৰী হৈছে সাগৰপৃষ্ঠৰ পৰা ২৯ মিটাৰৰ পৰা ১৮০ মিটাৰ উচ্চতাত অৱস্থিত এক অত্যাধুনিক চিৰিয়াখানা উদ্যান বা জুলজিকেল পাৰ্ক। ই ৩৭৫ একৰ অঞ্চলত বিস্তৃত। ইয়াত ১১০০ ৰো অধিক পশু পক্ষী আৰু প্ৰায় ৫ লাখৰো অধিক উদ্ভিদ আছে। এই জাংগল ছাফাৰী হৈছে অতি দ্ৰুতগতিত নিৰ্মাণ কৰা জাংগল ছাফাৰীবোৰৰ ভিতৰত অন্যতম। এই চিৰিয়াখানা উদ্যানত দুখন পৃথক পক্ষী উদ্যান আছে, এটা ঘৰুৱা পক্ষীবোৰৰ বাবে, আনটো বিদেশৰ পৰা অহা পক্ষীবোৰৰ বাবে। ই হৈছে বিশ্বৰ সৰ্ববৃহৎ পক্ষী উদ্যান। এই চিৰিয়াখানাখন নিজেই এক অতুলনীয়। ইয়ালৈ অহা দৰ্শনাৰ্থীসকলে এক পৃথক প্ৰকাৰৰ অভিজ্ঞতা পাব। ইয়াৰ মাজতে আপুনি মাকাও, কোক্টু, শহাপহু আৰু গাহৰি আদিও দেখিবলৈ পাব।

 

একতা ক্ৰুজ সেৱা

একতা ক্ৰুজ সেৱাৰ যোগেদি শ্ৰেষ্ঠ ভাৰত ভৱনৰ পৰা ষ্টেছ্যু অৱ ইউনিটিৰ মাজৰ ৬ কিলোমিটাৰ দূৰত্বত অৱবদ্য অভিজ্ঞতা আহৰণ কৰিব পাৰিব। এই জাহাজৰ দ্বাৰা যাত্ৰা কৰাৰ সময়ত বিশ্বৰ আটাইতকৈ ওখ মূৰ্তি ষ্টেছ্যু অৱ ইউনিটি দেখিবলৈ পোৱা যাব। এবাৰত ২০০ গৰাকী যাত্ৰী কঢ়িয়াই নিব পৰা একোখন নাওৱে ৪০ মিনিটৰ এক ভ্ৰমণ প্ৰদান কৰে। এই ফেৰী সেৱাৰ কামৰ বাবে নতুনকৈ সেঁতু নিৰ্মাণ কৰা হৈছে আৰু ষ্টেছ্যু অৱ ইউনিটি ভ্ৰমণ কৰা পৰ্যটকসকলক নাও সেৱা প্ৰদান কৰাৰ বাবে বোটিং চেনেলো নিৰ্মাণ কৰা হৈছে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Manufacturing to hit 25% of GDP as India builds toward $25 trillion industrial vision: BCG report

Media Coverage

Manufacturing to hit 25% of GDP as India builds toward $25 trillion industrial vision: BCG report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 ডিচেম্বৰ 2025
December 12, 2025

Citizens Celebrate Achievements Under PM Modi's Helm: From Manufacturing Might to Green Innovations – India's Unstoppable Surge