চিকিৎসালয়খনে বাৰাণসী আৰু অঞ্চলটোৰ বহু লোকৰ জীৱনৰপৰা আন্ধাৰ আঁতৰাই তেওঁলোকক পোহৰৰ দিশে ধাৱমান কৰিবঃ প্ৰধানমন্ত্ৰী
কাশী এতিয়া উত্তৰ প্ৰদেশৰ পূৰ্বাঞ্চলৰ এক বৃহৎ স্বাস্থ্য কেন্দ্ৰ আৰু স্বাস্থ্যসেৱা কেন্দ্ৰ হিচাপেও বিখ্যাত হৈ পৰিছেঃ প্ৰধানমন্ত্ৰী
আজি ভাৰতৰ স্বাস্থ্য কৌশলৰ পাঁচটা স্তম্ভ আছে – যথাঃ প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা, সময়োচিত ৰোগ নিৰ্ণয়, বিনামূলীয়া আৰু কম-খৰচী চিকিৎসা, সৰু চহৰত উন্নত চিকিৎসা আৰু স্বাস্থ্যসেৱাত প্ৰযুক্তিৰ সম্প্ৰসাৰণঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীত আৰজে শংকৰা নেত্ৰ চিকিৎসালয় উদ্বোধন কৰে। চিকিৎসালয়খনত চকুৰ ভিন্ন অৱস্থাৰ বাবে বিস্তৃত পৰামৰ্শ আৰু চিকিৎসাৰ ব্যৱস্থা আছে। শ্ৰী মোদীয়ে এই উপলক্ষে আয়োজিত প্ৰদৰ্শনীখনো দৰ্শন কৰে।

 

ইয়াত ভাষণ প্ৰদানেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই শুভ সময়ছোৱাত কাশী ভ্ৰমণ কৰাটো সদাচাৰৰ অভিজ্ঞতা লাভৰ এক সুযোগ। তেখেতে কাশীবাসী, সন্ত আৰু দানবীৰসকলৰ উপস্থিতিৰ কথা উল্লেখ্যেৰে পৰম পূজ্য শংকৰাচাৰ্য্য জীক দৰ্শন আৰু প্ৰসাদ তথা আশীৰ্বাদ লাভৰ কথা ব্যক্ত কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কাশী আৰু উত্তৰাঞ্চলে আজি আন এখন আধুনিক চিকিৎসালয় লাভ কৰা বুলি উল্লেখেৰে ভগৱান শংকৰৰ ভূমিত আৰজে শংকৰা চকু চিকিৎসালয় উৎসৰ্গা কৰা হয় বুলি কয়। এই উপলক্ষে শ্ৰী মোদীয়ে কাশী আৰু উত্তৰাঞ্চলবাসীক অভিনন্দন জ্ঞাপন কৰে।

ভাৰতৰ প্ৰাচীন শাস্ত্ৰৰ উক্তি এটাৰ উপমা দাঙি ধৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আৰজে শংকৰা চকু চিকিৎসালয়ে আন্ধাৰ নোহোৱা কৰিব আৰু বহু লোকক পোহৰৰ দিশে ধাৱমান কৰাব। শ্ৰী মোদীয়ে কয় যে এয়া আধ্যাত্মিকতা আৰু আধুনিকতাৰ সংমিশ্ৰণ তথা চিকিৎসালয়খনে দৃষ্টিশক্তি প্ৰদানৰ ক্ষেত্ৰত সকলো বয়সৰ লোককে সেৱা আগবঢ়াব। তেখেতে লগতে কয় যে দৰিদ্ৰ লোকসকলে ইয়াত বিনামূলীয়া চিকিৎসা লাভ কৰিব। শ্ৰী মোদীয়ে উল্লেখ কৰে যে চকু চিকিৎসালয়খনে একাধিক যুৱক-যুৱতীৰ বাবে নতুন নিয়োগৰ পথো সৃষ্টিৰ লগতে চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে নিয়োগ আৰু ইন্টাৰ্ণশ্বিপৰ সুযোগ তথা সহায়ক কৰ্মচাৰীসকলৰ বাবেও চাকৰিৰ সৃষ্টি কৰিব।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্য্যনিৰ্বাহৰ সময়ছোৱাত শংকৰা চকু ফাউণ্ডেচনেৰে থকা সম্পৰ্কৰ কথা স্মৰণেৰে শ্ৰীশংকৰা বিজয়েন্দ্ৰ সৰস্বতী গুৰুৰ উপস্থিতিত শংকৰ চকু চিকিৎসালয় উদ্বোধনৰ কথা উল্লেখ কৰে। শ্ৰীকাঞ্চী কামাকোটি পীঠাদিপাঠী, জগতগুৰু শংকৰাচাৰ্য্য চন্দ্ৰশেখৰেন্দ্ৰ সৰস্বতী স্বামীগলৰ আশীৰ্বাদ লাভ কৰাটো পৰম সন্তোষৰ বিষয় বুলি উল্লেখেৰে পৰম পূজ্য জগতগুৰু শ্ৰী জয়েন্দ্ৰ সৰস্বতীৰ নিৰ্দেশনাত কেইবাটাও কাম সম্পন্ন কৰাৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে গুৰুসকলৰ তিনিটা ভিন্ন পৰম্পৰাৰে জড়িত হোৱাটো ব্যক্তিগত সন্তুষ্টিৰ বিষয়। প্ৰধানমন্ত্ৰীয়ে শ্ৰীশংকৰা বিজয়েন্দ্ৰ সৰস্বতীক আশীৰ্বাদ প্ৰদানৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

শ্ৰী মোদীয়ে বিশিষ্ট উদ্যোগী প্ৰয়াত শ্ৰী ৰাকেশ ঝুনঝুনৱালাৰ সেৱা আৰু কৰ্মৰাজি সম্পৰ্কেও স্মৰণ কৰে। শ্ৰী ঝুনঝুনৱালাৰ ঐতিহ্য আৰু উত্তৰাধিকাৰ অব্যাহত ৰখাৰ বাবে পত্নী শ্ৰীমতী ৰেখা ঝুনঝুনৱালাকো তেখেতে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে শংকৰা চকু চিকিৎসালয় আৰু চিত্ৰকূট চকু চিকিৎসালয় উভয়কে বাৰাণসীত প্ৰতিষ্ঠাৰ বাবে অনুৰোধ জনোৱাৰ কথা স্মৰণ কৰে আৰু উভয় সংস্থাই কাশীবাসীৰ অনুৰোধক সন্মান জনোৱাৰ বাবে দুয়োটা সংগঠনৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। তেখেতে উল্লেখ কৰে যে পূৰ্বতে তেখেতৰ সংসদীয় সমষ্টিৰ হাজাৰ-হাজাৰ লোকক চিত্ৰকূট চকু চিকিৎসালয়ত চিকিৎসা কৰা হৈছিল আৰু এতিয়া বাৰাণসীতে দুখন নতুন অত্যাধুনিক চকু চিকিৎসালয় আছে।

অনাদি কালৰেপৰা বাৰাণসী ধৰ্মীয় আৰু সাংস্কৃতিক ৰাজধানী হিচাপে পৰিগণিত হৈ আহিছে বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এতিয়া বাৰাণসী উত্তৰ প্ৰদেশ আৰু পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱা কেন্দ্ৰ হিচাপেও বিখ্যাত হৈ পৰিছে। বিএইচইউ ট্ৰমা চেন্টাৰেই হওঁক বা ছুপাৰ স্পেচিয়েলিটি হাস্পতালেই হওঁক বা দীন দয়াল উপাধ্যায় হাস্পতালেই হওঁক বা কবীৰ চৌৰা হাস্পতালৰ সুবিধাৰ বৰ্ধনেই হওঁক বা জ্যেষ্ঠ নাগৰিক আৰু চৰকাৰী চাকৰিয়ালৰ বাবে বিশেষ চিকিৎসালয়েই হওঁক, স্বাস্থ্যসেৱাত বহু কাম কৰা হৈছে বুলি শ্ৰী মোদীয়ে কয়। তেখেতে লগতে কয় যে বাৰাণসীত কৰ্কট ৰোগীসকলৰ চিকিৎসাৰ বাবেও আধুনিক স্বাস্থ্য সুবিধা আছে। শ্ৰী মোদীয়ে কয় যে পূৰ্বে দিল্লী বা মুম্বাইলৈ যোৱাৰ বিপৰীতে আজি খোদ বাৰাণসীতে ৰোগীসকলে উন্নত চিকিৎসা লাভ কৰি আছে। তেখেতে লগতে কয় যে বিহাৰ, ঝাৰখণ্ড আদি ঠাইৰপৰা হাজাৰ-হাজাৰ লোক চিকিৎসাৰ বাবে বাৰাণসীলৈ আহে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে পূৰ্বৰ “মোক্ষদায়িনী” (মোক্ষদাতা) বাৰাণসী আজি নতুন শক্তি আৰু সম্পদেৰে “নৱজীৱনদায়িনী” (নতুন জীৱন প্ৰদানকাৰী) বাৰাণসীলৈ পৰিৱৰ্তিত হৈছে।

 

পূৰ্বৰ চৰকাৰসমূহৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে বাৰাণসীকে প্ৰমুখ্য কৰি পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাৰ সুবিধাসমূহ অৱহেলিত হৈ আহিছে বুলি মন্তব্য প্ৰদান কৰে। তেখেতে লগতে কয় যে পৰিস্থিতি এনেকুৱা আছিল যে ১০ বছৰ পূৰ্বে পূৰ্বাঞ্চলত ব্ৰেইন ফিভাৰৰ চিকিৎসা কেন্দ্ৰ নাছিল। শ্ৰী মোদীয়ে সন্তুষ্টি প্ৰকাশেৰে কয় যে যোৱা দশকত কেৱল কাশীতেই নহয়, বৰঞ্চ সমগ্ৰ পূৰ্বাঞ্চলতে স্বাস্থ্য সুবিধাসমূহৰ অভূতপূৰ্ব সম্প্ৰসাৰণ ঘটিছে। তেখেতে উল্লেখ কৰে যে আজি পূৰ্বাঞ্চলত এনেধৰণৰ ১০০ৰো অধিক কেন্দ্ৰই ব্ৰেইন ফিভাৰৰ চিকিৎসা কৰি আছে আৰু বিগত দশকত পূৰ্বাঞ্চলৰ প্ৰাথমিক আৰু সামূহিক কেন্দ্ৰসমূহত ১০ হাজাৰৰো অধিক নতুন বিচনা সংযোজন কৰা হৈছে। তেখেতে আৰু উল্লেখ কৰে যে ১০ বছৰত পূৰ্বাঞ্চলৰ গাঁৱসমূহত চাৰে পাঁচ হাজাৰৰো অধিক আয়ুষ্মান আৰোগ্য মন্দিৰ স্থাপন কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ১০ বছৰ পূৰ্বে পূৰ্বাঞ্চলৰ জিলা চিকিৎসালয়ত ডায়েলাইছিছৰ সুবিধা নথকাৰ বিপৰীতে আজি ২০ৰো অধিক ডায়েলাইছিছ ইউনিটে ৰোগীসকলক বিনামূলীয়া চিকিৎসা প্ৰদান কৰি আছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপেৰে কয় যে একবিংশ শতিকাৰ ভাৰতে স্বাস্থ্যসেৱাৰে জড়িত পুৰণি মানসিকতা আৰু দৃষ্টিভংগীক পৰিহাৰে কৰিছে। তেখেতে ভাৰতৰ স্বাস্থ্যসেৱা কৌশলৰ পাঁচটা স্তম্ভ যথাঃ প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা, সময়োচিত ৰোগ নিৰ্ণয়, বিনামূলীয়া ঔষধ আৰু চিকিৎসা, সৰু চহৰত উন্নত স্বাস্থ্যসেৱাৰ সুবিধা আৰু পৰ্য্যাপ্ত চিকিৎসক আৰু শেষত স্বাস্থ্যসেৱাত প্ৰযুক্তিৰ বিস্তৃত ব্যৱহাৰত আলোকপাত কৰে।

অসুস্থতাৰপৰা লোকক প্ৰতিৰোধ কৰাটো সৰ্বোচ্চ অগ্ৰাধিকাৰৰ বিষয় আৰু ভাৰতৰ স্বাস্থ্যসেৱা নীতিৰ প্ৰথম স্তম্ভ বুলি আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে আঙুলিয়াই দিয়ে যে ৰোগে জনতাক অধিক দৰিদ্ৰ কৰি তোলাৰ সম্ভাৱনা থাকে। যোৱা ১০ বছৰত ২৫ কোটি লোক দৰিদ্ৰতাৰ গ্ৰাসৰপৰা ওলাই অহাৰ কথা উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে এটা গুৰুতৰ ৰোগে তেওঁলোকক দৰিদ্ৰতাৰ দিশে লৈ যাব পাৰে। সেয়েহে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে পৰিষ্কাৰ-পৰিচ্ছন্নতা, যোগ, আয়ুৰ্বেদ আৰু পুষ্টিৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰিছে। টীকাকৰণ অভিযানৰ বিস্তৃত পৰিসৰত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে আঙুলিয়াই দিয়ে যে কোটি-কোটি শিশুক বাহিৰত ৰখাৰ সময়ত দহ বছৰ পূৰ্বে টীকাকৰণৰ ক’ভাৰেজ প্ৰায় ৬০ শতাংশহে আছিল। প্ৰতি বছৰে মাত্ৰ একৰপৰা ডেৰ শতাংশ হাৰত টীকাকৰণৰ পৰিসৰ বৃদ্ধিৰ বাবে তেখেতে দুখ প্ৰকাশেৰে কয় যে প্ৰতিটো অঞ্চল আৰু প্ৰতিটো শিশুক টীকাকৰণৰ ক’ভাৰেজৰ অধীনলৈ আনিবলৈ আৰু ৪০-৫০ বছৰ সময় লাগিলহেঁতেন। তেখেতে বৰ্তমানৰ চৰকাৰখনে শিশুসকলৰ মাজত টীকাকৰণৰ ক’ভাৰেজ বৃদ্ধিত অগ্ৰাধিকাৰ প্ৰদানেৰে মিছন ইন্দ্ৰধনুষ ৰূপায়ণৰ কথা উল্লেখ কৰে যাৰ অধীনত বহু মন্ত্ৰালয়ে একেলগে কাম কৰাৰ ফলশ্ৰুতিত টীকাকৰণৰ ক’ভাৰেজৰ হাৰ বৃদ্ধিৰ লগতে কোটি-কোটি গৰ্ভৱতী মহিলা আৰু শিশুৱে সেৱা লাভ কৰে। তেখেতে কয় যে ক’ভিড মহামাৰীৰ সময়ত চৰকাৰে টীকাকৰণত গুৰুত্ব আৰোপৰ সুফল দেখা গৈছিল আৰু আজিও সমগ্ৰ দেশতে এই টীকাকৰণ অভিযান দ্ৰুতগতিত অব্যাহত আছে।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰোগ আগতীয়াকৈ ধৰা পেলোৱাৰ গুৰুত্বত আলোকপাতেৰে দেশজুৰি লাখ-লাখ আয়ুষমান আৰোগ্য মন্দিৰ স্থাপনৰ কথা উল্লেখেৰে কৰ্কট আৰু ডায়েবেটিছৰ দৰে বহু ৰোগ ধৰা পেলোৱাৰ কথা কয়। তেখেতে কয় যে আজি দেশত ক্ৰিটিকেল কেয়াৰ ব্লক আৰু আধুনিক লেবৰ নেটৱৰ্কো নিৰ্মাণ কৰা হৈছে। “স্বাস্থ্য খণ্ডৰ এই দ্বিতীয় স্তম্ভটোৱে লাখ-লাখ লোকৰ জীৱন ৰক্ষা কৰিছে”, তেখেতে লগতে কয়।

স্বাস্থ্যৰ তৃতীয়টো স্তম্ভ যথাঃ কম খৰচী চিকিৎসা আৰু সুলভ ঔষধ বুলি ব্যাখ্যাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰোগৰ চিকিৎসাৰ গড় ব্যয় ২৫ শতাংশ হ্ৰাসৰ কথাত আলোকপাতৰ লগতে ৮০ শতাংশ ৰেহাইত ঔষধ উপলব্ধ কৰোঁৱা পিএম জন ঔষধি কেন্দ্ৰৰ কথাও উল্লেখ কৰে। তেখেতে জনায় যে হাৰ্ট ষ্টেন্ট, আঁঠু ইমপ্লান্ট আৰু কেন্সাৰ ঔষধৰ মূল্য যথেষ্ট হ্ৰাসৰ সমান্তৰালকৈ আয়ুষ্মান যোজনা দৰিদ্ৰ লোকৰ বাবে ৫ লাখ টকা পৰ্য্যন্ত বিনামূলীয়া চিকিৎসা প্ৰদানেৰে জীৱন ৰক্ষাকাৰী বুলি প্ৰমাণিত হৈছে। তেখেতে অৱগত কৰে যে আয়ুষ্মান যোজনাৰ অধীনত এই পৰ্য্যন্ত ৭.৫ কোটিৰো অধিক ৰোগীয়ে বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰিছে।

 

স্বাস্থ্য খণ্ডৰ চতুৰ্থটো স্তম্ভ সন্দৰ্ভত বিশদ বিৱৰণেৰে শ্ৰী মোদীয়ে উল্লেখ কৰে যে ইয়াৰদ্বাৰা চিকিৎসাৰ বাবে দিল্লী-মুম্বাইৰ দৰে বৃহৎ চহৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাব। তেখেতে লগতে কয় যে যোৱা দশকত চৰকাৰে সৰু চহৰত এইমছ, মেডিকেল কলেজ আৰু ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ দৰে চিকিৎসালয় স্থাপন কৰিছে। দেশত চিকিৎসকৰ অভাৱ দূৰ কৰিবলৈ যোৱা দশকত হাজাৰ-হাজাৰ নতুন চিকিৎসা পাঠ্যক্ৰমৰ আসন সংযোজন হোৱা বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেখেতে লগতে কয় যে চৰকাৰে আগন্তুক ৫ বছৰত আৰু ৭৫ হাজাৰ আসন সংযোজনৰ সিদ্ধান্ত লৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে স্বাস্থ্য খণ্ডৰ পঞ্চম স্তম্ভটোৰ কথা উল্লেখেৰে কয় যে প্ৰযুক্তিৰ জৰিয়তে স্বাস্থ্য সুবিধাসমূহ অধিক সুলভ কৰি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। তেখেতে লগতে কয় যে আজি ডিজিটেল স্বাস্থ্য আইডি তৈয়াৰ কৰা হৈছে আৰু ই-সঞ্জীৱনী এপৰ দৰে মাধ্যমেৰে ৰোগীসকলক ঘৰতে পৰামৰ্শৰ সুবিধা প্ৰদান কৰা হৈছে। শ্ৰী মোদীয়ে কয় যে এতিয়ালৈকে ই-সঞ্জীৱনী এপৰ সহায়ত ৩০ কোটিৰো অধিক লোকে পৰামৰ্শ লাভ কৰিছে। তেখেতে লগতে কয় যে ভাৰতো ড্ৰোন প্ৰযুক্তিৰ সৈতে স্বাস্থ্য সেৱাক সংযোগৰ দিশত আগবাঢ়িছে।

 

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীগৰাকীয়ে আস্থা প্ৰকাশেৰে কয় যে এটি সুস্থ আৰু সক্ষম যুৱ প্ৰজন্মই এখনি বিকশিত ভাৰতৰ সংকল্প পূৰণ কৰিব। শ্ৰী মোদীয়ে বিশেষকৈ ভাৰতৰ চিকিৎসক, পেৰামেডিকেল আৰু আন-আন কৰ্মচাৰীসকলক শুভেচ্ছা জ্ঞাপন কৰে।

এই কাৰ্য্যসূচীত উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দিবেন পেটেল আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ আৰু কাঞ্চিপুৰমৰ কাঞ্চি কামাকোটি পীঠামৰ জগতগুৰু পীঠাদিপাঠী, শ্ৰীশংকৰ বিজয়েন্দ্ৰ সৰস্বতীকে প্ৰমুখ্য কৰি আন-আন বিশিষ্ট লোকসকলে অংশগ্ৰহণ কৰে।

 

Click here to read full text speech

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian scientists break a century-old limit on turning heat into electricity

Media Coverage

Indian scientists break a century-old limit on turning heat into electricity
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Italian PM Giorgia Meloni on becoming the longest continuously serving Prime Minister in Italy's postwar history
September 04, 2026

Prime Minister Shri Narendra Modi today congratulated Italian Prime Minister Giorgia Meloni on becoming the longest continuously serving Prime Minister in Italy's postwar history.

The Prime Minister stated that this milestone is a reflection of the trust and confidence of the Italian people in her leadership. He further noted that her friendship has been instrumental in strengthening the India-Italy Special Strategic Partnership, adding that he looks forward to continuing their close cooperation to build a prosperous future for the people of both countries. He extended his best wishes for her continued success in the years ahead.

In a post on X, the Prime Minister shared:

"Congratulations to my friend Prime Minister Meloni on becoming the longest continuously serving Prime Minister in Italy's postwar history. This milestone is a reflection of the trust and confidence of the Italian people in her leadership.

Her friendship has also been instrumental in strengthening the India-Italy Special Strategic
Partnership and I look forward to continuing our close cooperation to build a prosperous future for the people of our countries.

My best wishes for her continued success in the years ahead.

@GiorgiaMeloni"