“যি পৰিস্থিতিত সোমনাথ মন্দিৰ ধ্বংস কৰা হৈছিল আৰু যি পৰিস্থিতিত চৰ্দাৰ পেটেলৰ উদ্যোগত মন্দিৰৰ সংস্কাৰ হৈছিল–এই দুয়োটা পৰিস্থিতিৰ মাজতে এক ডাঙৰ বার্তা আছে”
“বর্তমান পর্যটন কেন্দ্রসমূহৰ মান উন্নয়ন কেৱল চৰকাৰী কাৰ্যসূচীৰ অংগ নহয় বৰঞ্চ জনগণৰ অংশগ্রহণত এক অভিযান হৈ পৰিছে; দেশৰ ঐতিহ্যপূৰ্ণ স্থান আৰু আমাৰ সাংস্কৃতিক পৰম্পৰাৰ পুনৰুজ্জীৱিতকৰণ এই অভিযানৰ এক উজ্জ্বল নিদৰ্শন”
দেশত এতিয়া পর্যটন ক্ষেত্রক এক উৎকৰ্ষমূলক দৃষ্টিভংগীৰে চোৱা হৈছে; পর্যটনৰ পৰিকল্পনাৰ লগতে স্বচ্ছতা, সময় আৰু সঠিক চিন্তাভাৱনাৰ দৰে বিষয়সমূহত গুৰুত্ব দিয়া হৈছে
“আমাৰ চিন্তাভাৱনা উদ্ভাৱনী আৰু আধুনিক হোৱা দৰকাৰ; একেসময়তে আমি প্রাচীন ঐতিহ্যক লৈও গৌৰৱবোধ কৰা উচিৎ”


প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সযোগে গুজৰাটৰ সোমনাথত নতুন চাৰ্কিত ভৱন উদ্বোধন কৰে৷ এই উপলক্ষে ৰাজ্যখনৰ মুখ্যমন্ত্রী শ্রী ভূপেন্দ্রভাই পেটেল, ৰাজ্যৰ একাধিক মন্ত্রী, সাংসদ আৰু মন্দিৰ পৰিচালনা পৰিষদৰ সদস্যসকল উপস্থিত থাকে৷

অনুষ্ঠানত সমবেত লোকসকলক উদ্দেশ্যি আগবঢ়োৱা ভাষণত প্রধানমন্ত্রীয়ে সোমনাথ চাৰ্কিত ভৱন উদ্বোধনৰ বাবে গুজৰাট চৰকাৰ, সোমনাথ মন্দিৰ পৰিচালনা কর্তৃপক্ষ আৰু তীৰ্থযাত্ৰীসকলক অভিনন্দন জনায়৷ তেওঁ কয় যে এই মন্দিৰ প্ৰাংগনত তীৰ্থযাত্ৰীসকলে যেতিয়া উপস্থিত হয়, তেতিয়া তেওঁলোকে এইটো ভাৱি গৌৰৱবোধ কৰে যে কালৰ আহ্বানত বহুবাৰ ভঙা-গঢ়া সত্ত্বেও এতিয়া তেওঁলোকে আধ্যাত্মিকতাৰ শিখৰত অৱস্থান কৰিছে৷ ভাৰতীয় সভ্যতাৰ বিভিন্ন প্ৰত্যাহ্বানপূৰ্ণ যাত্রাপথ আৰু কেইবাশ বছৰৰ দাসত্বৰ পৰিস্থিতি সম্পর্কে উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে যি পৰিস্থিতিত সোমনাথ মন্দিৰ ধ্বংস কৰা হৈছিল আৰু যি পৰিস্থিতিত চৰ্দাৰ পেটেলৰ উদ্যোগত মন্দিৰৰ সংস্কাৰ হৈছিল–এই দুয়োটাৰ মাজত ডাঙৰ বার্তা আছে। আজি ‘স্বাধীনতাৰ অমৃত মহোৎসৱ’ৰ এই সময়ত আমি ইতিহাস আৰু সোমনাথ মন্দিৰৰ দৰে সাংস্কৃতিক কেন্দ্রসমূহৰ পৰা আৰু অধিক অভিজ্ঞতা অর্জন কৰিব পাৰো৷

 

তেওঁ কয় যে বিশ্বৰ বহু দেশৰ অর্থনীতিত পর্যটনে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। আমাৰ প্রতিখন ৰাজ্যত পর্যটনৰ ক্ষেত্রত অপৰিসীম সম্ভাৱনা আছে। এই প্রসংগত তেওঁ ভাৰ্চুৱেল পদ্ধতিৰে ভাৰত দর্শন আৰু সোমনাথ, দ্বাৰকা, কচ্ছৰ ৰন, গুজৰাটত ষ্টেছ্যু অফ ইউনিটীকে ধৰি অযোধ্যা, মথুৰা, কাশী, প্রয়াগ, কুশীনগৰ আৰু বিন্ধ্যাচলৰ দৰে আধ্যাত্মিক কেন্দ্রসমূহৰ কথা উল্লেখ কৰে৷ তেওঁ কয় যে দেৱভূমি উত্তৰাখণ্ডত আছে বদ্রীনাথ আৰু কেদাৰনাথ; হিমাচল প্রদেশত আছে জোৱালা দেৱী, নয়না দেৱী; সমগ্র উত্তৰ-পূব ভাৰত প্রাকৃতিক সৌন্দর্য আৰু আধ্যাত্মিকতাৰে সমৃদ্ধ। একেদৰে তামিলনাডুৰ ৰামেশ্বৰম, ওড়িশাৰ পুৰী, অন্ধ্রপ্রদেশৰ তিৰুপতি বালাজী, মহাৰাষ্ট্রৰ সিদ্ধিবিনায়ক আৰু কেৰালাত সৱৰীমালাও আছে। এই প্রসিদ্ধ স্থানসমূহৰ প্রত্যেকেই আমাৰ ৰাষ্ট্ৰীয় একতা আৰু ‘এক ভাৰত শ্রেষ্ঠ ভাৰত’ৰ আদর্শকে প্রতিফলিত কৰে। আজি সমগ্র দেশে এই পবিত্র স্থানসমূহক সমৃদ্ধিৰ উৎস হিচাপে গণ্য কৰিছে। সেয়েহে, এই স্থানসমূহৰ উন্নয়ন হ’লে, সি এক ডাঙৰ এলেকাৰ উন্নয়নৰ অনুঘটক হয়।

প্রধানমন্ত্রীয়ে কয় যে বিগত সাত বছৰত দেশত পর্যটনৰ সম্ভাৱনাক বাস্তবায়িত কৰিবলৈ নিৰন্তৰ কাম কৰা হৈছে। বৰ্তমান পর্যটন কেন্দ্রসমূহৰ উন্নয়ন কেৱল চৰকাৰী কর্মসূচীৰ অংগ নহয়, বৰঞ্চ জনগণৰ অংশগ্রহণৰ অভিযান হৈ পৰিছে। দেশৰ ঐতিহ্যপূৰ্ণ স্থান আৰু সাংস্কৃতিক ঐতিহ্যসমূহৰ পুনৰুজ্জীৱিতকৰণ এই গণ-আন্দোলনৰে উজ্জ্বল নিদৰ্শন। এই প্রসংগত তেওঁ ১৫টা সুনির্দিষ্ট বিষয়ভিত্তিক পর্যটন ভৱনৰ কথা উল্লেখ কৰে। উদাহৰণস্বৰূপে প্রধানমন্ত্রীয়ে কয় যে ৰামায়ণ চার্কিটত পর্যটক আৰু তীৰ্থযাত্ৰীসকলে ভগৱান ৰামৰ স্মৃতি বিজড়িত বিভিন্ন স্থান চাব পাৰে৷ এই লক্ষ্যৰে এক বিশেষ ৰে’ল সেৱাও আৰম্ভ হৈছে। তেওঁ জনায় যে কাইলৈ দিল্লীৰ পৰা দিব্য কাশী যাত্রাৰ বাবে এক বিশেষ ৰে’লৰ যাত্রাৰ শুভাৰম্ভ কৰা হৈছে। একেদৰে, বুদ্ধ চাৰ্কিতে পর্যটক আৰু অনুগামীসকলৰ ভগৱান বুদ্ধৰ স্মৃতি বিজড়িত স্থানসমূহত যাতায়াত সহজ কৰি তুলিছে। বিদেশী পর্যটকসকলৰ বাবে ভিছাবিধি শিথিল কৰা হৈছে। আনকি, টিকাকৰণ অভিযানত পর্যটন কেন্দ্রসমূহত বিশেষ দৃষ্টি দিয়া হৈছে।

 

প্রধানমন্ত্রীয়ে লগতে কয় যে বৰ্তমান সমগ্র দেশত পর্যটন ক্ষেত্রক এক ভিন্ন দৃষ্টিভংগীৰে চোৱা হৈছে। বর্তমান সময়ত পর্যটন ক্ষেত্রৰ উন্নয়নত চাৰিটা বিষয় অত্যন্ত গুৰুত্বপূর্ণ। প্রথমতে, পৰিষ্কাৰ-পৰিচ্ছন্নতা। আগতে আমাৰ পর্যটন কেন্দ্র, পূণ্যভূমিসমূহ লেতেৰা আৰু অপৰিষ্কাৰ আছিল। আজি ‘স্বচ্ছ ভাৰত অভিযান’ৰ জৰিয়তে সমগ্র ছবিৰ আমূল পৰিৱর্তন হৈছে। পর্যটনৰ ক্ষেত্রত আন এক গুৰুত্বপূর্ণ বিষয় হ’ল স্বাচ্ছন্দ্য। এই প্রসংগত প্রধানমন্ত্রীয়ে কয় যে স্বাচ্ছন্দ্যৰ বিষয়টো কেৱল পর্যটনকেন্দ্রিক হোৱা অনুচিত৷ তাৰ লগতে পৰিবহণ তথা ইণ্টাৰনেট, সঠিক তথ্য প্রচাৰ আৰু চিকিৎসা সেৱাৰ মতো বিষয়সমূহতো সমানে অগ্রাধিকাৰ দিয়া প্রয়োজন। এই লক্ষ্যৰে সমগ্ৰ দেশত নিৰন্তৰ কাম চলিছে। পর্যটন ক্ষেত্রৰ বিকাশত তৃতীয় গুৰুত্বপূর্ণ বিষয় হ’ল সময়। সেয়েহে, বর্তমান সময়ত পর্যটকসকলে ন্যূনতম সময়ত অধিক দর্শনীয় স্থান চাব বিচাৰে। চতুর্থ বিষয়টো হ’ল পর্যটনৰ বিকাশত আমাৰ চিন্তাভাৱনাত পৰিৱর্তন অনা। এই লক্ষ্যৰে আমাৰ চিন্তাভাৱনাক আৰু অধিক সৃজনশীল আৰু আধুনিক কৰি তুলিব লাগিব৷ একেদৰে, আমি আমাৰ প্রাচীন ঐতিহ্যক লৈ কিমান গৌৰৱ কৰো, সেয়াও যথেষ্ট তাৎপর্যপূৰ্ণ৷

 প্রধানমন্ত্রীয়ে কয় যে স্বাধীনতাৰ পাছত উন্নয়নমূলক কাম-কাজ দিল্লীত কেইটামান পৰিয়ালৰ মাজতে সীমাবদ্ধ আছিল। কিন্তু আজি দেশে এই সংকীর্ণ মানসিকতা দূৰ কৰি এক নতুন আৰু গৌৰৱপূৰ্ণ তথা মহান ভাৰত গঢ় দিছে। আমাৰ চৰকাৰে এই মানসিকতাক অনুসৰণ কৰি দিল্লীত বাবাচাহেব স্মাৰক, ৰামেশ্বৰমত এ.পি.জে. আব্দুল কালাম স্মাৰক নিৰ্মাণ কৰিছে। একেদৰে, নেতাজী সুভাষ চন্দ্র বসু আৰু শ্যামজী কৃষ্ণবার্মাৰ স্মৃতি বিজড়িত স্থানসমূহক উপযুক্ত গুৰুত্ব দিয়া হৈছে। আমাৰ জনজাতি সমাজৰ গৌৰৱময় ইতিহাসক জনচক্ষুৰ আগত তুলি ধৰিবলৈ সমগ্ৰ দেশৰ বিভিন্ন স্থানত জনজাতি সংগ্রহালয় নিৰ্মাণ কৰা হৈছে। ন-ৰূপত সজ্জিত পর্যটন আৰু ঐতিহ্যপূৰ্ণ স্থানসমূহৰ সম্ভাৱনাৰ কথা উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে মহামাৰী সত্ত্বেও ৭৫ লাখ আগ্রহী লোকে ষ্টেছ্যু অফ ইউনিটী প্ৰত্যক্ষ কৰিছে৷ এই ধৰণৰ নিদর্শনসমূহে বিশ্বত আমাৰ মর্যাদাক এক নতুন উচ্চতাত উপনীত কৰিব৷

প্রধানমন্ত্রীয়ে ‘ভোকেল ফৰ লোকেল’ সম্পর্কে সংকীর্ণ মানসিকতা এৰাৰ পৰামর্শ দি কয় যে তেওঁৰ এই প্রচেষ্টাৰ সৈতে স্থানীয় পর্যটনৰ বিষয়টোও জড়িত আছে। শেষত প্রধানমন্ত্রীয়ে পর্যটকসকলে বিদেশ ভ্ৰমণৰ পূর্বে দেশৰ অন্তত ১৫ৰ পৰা ২০টা স্থান পৰিদৰ্শন কৰাৰ অনুৰোধ জনায়৷

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'Strategic partnership' to 'Cooperation in AI': Six major outcomes of PM Modi's historic Sweden visit - Check

Media Coverage

'Strategic partnership' to 'Cooperation in AI': Six major outcomes of PM Modi's historic Sweden visit - Check
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Shri VD Satheesan Ji on taking oath as the Chief Minister of Keralam
May 18, 2026

The Prime Minister, Shri Narendra Modi, congratulated Shri VD Satheesan Ji on taking oath as the Chief Minister of Keralam.

Shri Modi remarked that the Central Government assures all possible support for the newly formed Keralam Government in fulfilling the aspirations of the people.

Shri Modi posted on X:

“Congratulations to Shri VD Satheesan Ji on taking oath as the Chief Minister of Keralam. My best wishes for his tenure. The Central Government assures all possible support for the newly formed Keralam Government in fulfilling the aspirations of the people.”

“കേരളത്തിന്റെ മുഖ്യമന്ത്രിയായി സത്യപ്രതിജ്ഞ ചെയ്ത വി ഡി സതീശൻ ജി ക്ക് ഹൃദയം നിറഞ്ഞ അഭിനന്ദനങ്ങൾ. അദ്ദേഹത്തിന്റെ ഭരണകാലത്തിന് എൻ്റെ എല്ലാ ആശംസകളും നേരുന്നു. ജനങ്ങളുടെ ആഗ്രഹങ്ങൾ സഫലീകരിക്കുന്നതിനായി, പുതുതായി രൂപീകൃതമായ കേരള ഗവൺമെൻ്റിന് കേന്ദ്ര ഗവൺമെൻറ് എല്ലാ വിധ പിന്തുണയും ഉറപ്പുനൽകുന്നു.”

@vdsatheesan