মই ইয়াত প্ৰধানমন্ত্ৰী হিচাপে নহয়, বৰঞ্চ চাৰিটা প্ৰজন্মৰ পৰা এই পৰিয়ালৰ সৈতে জড়িত পৰিয়ালৰ সদস্য হিচাপে উপস্থিত আছো
“পৰিৱৰ্তিত সময় আৰু উন্নয়নৰ সৈতে খাপ খুৱাই লোৱাৰ মাপকাঠিসমূহৰ ক্ষেত্ৰত ডাউদী বহৰা সম্প্ৰদায়ে নিজকে প্ৰমাণ কৰিছে। আলজামিয়া-টুছ-ছৈফিয়াৰ দৰে প্ৰতিষ্ঠান ইয়াৰ এক জীৱন্ত উদাহৰণ”
“নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ দৰে সংস্কাৰেৰে অমৃত কালৰ সংকল্পসমূহ দেশে আগুৱাই লৈ গৈছে”
“ভাৰতীয় প্ৰথাৰ সৈতে আধুনিক শিক্ষা ব্যৱস্থাত দেশে অগ্ৰাধিকাৰ দিছে”
“শৈক্ষিক আন্তঃগাঁথনিৰ গতি আৰু পৰিসৰ এই কথাৰ সাক্ষী যে ভাৰত সেই যুৱ প্ৰতিভাৰ কাৰক হ’বলৈ গৈ আছে যিয়ে বিশ্বক গঢ় দিবলৈ গৈ আছে।”
“আমাৰ যুৱক-যুৱতীসকল বাস্তৱ জগতৰ সমস্যাৰ প্ৰাৰম্ভিক আৰু সক্ৰিয়ভাৱে সমাধান বিচাৰিছে”
“আজি দেশখনে চাকৰি সৃষ্টিকৰ্তাৰ সৈতে থিয় দি বিশ্বাসৰ ব্যৱস্থা গঢ়ি তুলিছে”
“ভাৰতৰ দৰে দেশৰ বাবে উন্নয়ন আৰু ঐতিহ্য সমানেই গুৰুত্বপূৰ্ণ”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মুম্বাইৰ মাৰোলত আলজামিয়া-টুছ-ছৈফিয়া (দ্য ছৈফী একাডেমী)ৰ নতুন চৌহদ উদ্বোধন কৰে। আলজামিয়া-টুছ-ছৈফিয়া হৈছে ডাউদী বহৰা সম্প্ৰদায়ৰ প্ৰধান শিক্ষা প্ৰতিষ্ঠান। পৰম পূজনীয় চৈয়দনা মুফাদ্দাল ছাইফুদ্দিনৰ নিৰ্দেশনাত প্ৰতিষ্ঠানটোৱে সমাজৰ শিক্ষণ পৰম্পৰা আৰু সাহিত্য সংস্কৃতিক সুৰক্ষিত কৰাৰ বাবে কাম কৰি আছে।

এই উপলক্ষে আয়োজিত সভাত ভাষণ আগবঢ়াই প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ ইয়াত প্ৰধানমন্ত্ৰী হিচাপে নহয় বৰঞ্চ চাৰিটা প্ৰজন্মৰ পৰা এই পৰিয়ালৰ সৈতে জড়িত পৰিয়ালৰ সদস্য হিচাপে উপস্থিত আছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিটো সম্প্ৰদায়, গোট বা সংগঠনে পৰিৱৰ্তিত সময়ৰ লগে লগে নিজৰ প্ৰাসংগিকতাক অক্ষুণ্ণ ৰখাৰ ক্ষমতাৰ দ্বাৰা স্বীকৃতি লাভ কৰে। “পৰিৱৰ্তিত সময় আৰু উন্নয়নৰ সৈতে খাপ খুৱাই লোৱাৰ মাপকাঠিসমূহৰ ক্ষেত্ৰত ডাউদী বহৰা সম্প্ৰদায়ে নিজকে প্ৰমাণ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে, “আলজামিয়া-টুছ-ছৈফিয়াৰ দৰে প্ৰতিষ্ঠান ইয়াৰ এক জীৱন্ত উদাহৰণ”।

প্ৰধানমন্ত্ৰীয়ে ডাউদী বহৰা সম্প্ৰদায়ৰ সৈতে দীৰ্ঘদিনীয়া সম্পৰ্কৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি কয় যে তেওঁ য’তেই যায় তাতেই সম্প্ৰদায়টোৱে মৰমেৰে উপচাই পেলায়। ৯৯ বছৰ বয়সত ড° ছৈয়দনাই শিক্ষকতা কৰাৰ দৃষ্টান্ত সুঁৱৰি গুজৰাটৰ সমাজৰ সৈতে তেওঁৰ ঘনিষ্ঠ সম্পৰ্কৰ কথা কয়। ছুৰাটত ড০ ছৈয়দনাৰ শতবাৰ্ষিকী উদযাপনৰ কথা সোঁৱৰাই প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ জল পৰিস্থিতি সন্দৰ্ভত আধ্যাত্মিক নেতাগৰাকীৰ দায়বদ্ধতাক দোঁহাৰে আৰু পানীৰ কামত তেওঁলোকৰ অবিৰত দায়বদ্ধতাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। শ্ৰী মোদীয়ে ইয়াক অপুষ্টি আৰু পানীৰ অভাৱৰ সৈতে মোকাবিলা কৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন কাৰণত সমাজ আৰু চৰকাৰৰ পৰিপূৰকতাৰ উদাহৰণ হিচাপে উল্লেখ কৰে।

“যেতিয়া মই কেৱল দেশতে নহয়, বিদেশতো ক’ৰবালৈ যাওঁ, তেতিয়া মোৰ ব’হৰা ভাই-ভনীসকলে নিশ্চয় মোক লগ কৰিবলৈ আহে”, ভাৰতৰ প্ৰতি বহৰা সম্প্ৰদায়ৰ মৰম আৰু চিন্তাৰ ওপৰত আলোকপাত কৰি এইদৰে কয় প্ৰধানমন্ত্ৰীয়ে।

সঠিক উদ্দেশ্যৰে সপোন সদায় বাস্তৱায়িত হয় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে মুম্বাইৰ আলজামিয়া-টুছ-ছৈফিয়াৰ সপোন স্বাধীনতাৰ আগতেই দেখা গৈছিল। শ্ৰী মোদীয়ে লগতে স্মৰণ কৰে যে দাণ্ডি অনুষ্ঠানৰ পূৰ্বে মহাত্মা গান্ধীয়ে ডাউদী বহৰা সম্প্ৰদায়ৰ নেতাৰ ঘৰত থাকিছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ অনুৰোধত এই ঘৰটো সংগ্ৰহালয় হিচাপে ৰাখিবলৈ চৰকাৰক দিয়া হৈছে। প্ৰধানমন্ত্ৰীয়ে সকলোকে ঘৰটোলৈ যাবলৈ আহ্বান জনায়।

“নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ দৰে সংস্কাৰৰ সৈতে দেশে অমৃত কালৰ সংকল্পসমূহ আগুৱাই লৈ গৈছে”, মহিলা আৰু ছোৱালীৰ আধুনিক শিক্ষাৰ বাবে উপলব্ধ কৰা নতুন সুযোগসমূহৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ কয় যে আলজামিয়া-টুছ-ছৈফিয়াও এই প্ৰচেষ্টাত আগবাঢ়িছে। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে দেশৰ অগ্ৰাধিকাৰ হৈছে ভাৰতীয় নীতি-নিয়মত গঢ় দিয়া আধুনিক শিক্ষা ব্যৱস্থা। তেওঁ সেই সময়ৰ কথা মনত পেলায় যেতিয়া ভাৰত আগতে নালন্দা আৰু তক্ষশিলাৰ দৰে প্ৰতিষ্ঠানৰ সৈতে শিক্ষাৰ কেন্দ্ৰ আছিল যিয়ে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীৰ দৃষ্টি আকৰ্ষণ কৰিছিল। ভাৰতৰ গৌৰৱ পুনৰ ঘূৰাই আনিব বিচাৰিলে শিক্ষাৰ গৌৰৱময় বছৰবোৰ পুনৰ সজীৱ কৰিব লাগিব বুলি তেওঁ উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত ৮ বছৰত অভিলেখসংখ্যক বিশ্ববিদ্যালয় আহিছে আৰু প্ৰতিখন জিলাতে চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছে। তেওঁ জনায় যে ২০০৪-২০১৪ চনৰ ভিতৰত ১৪৫খন মহাবিদ্যালয় স্থাপন কৰা হৈছিল, ইয়াৰ বিপৰীতে ২০১৪-২২ চনৰ ভিতৰত ২৬০খনতকৈও অধিক চিকিৎসা মহাবিদ্যালয়ৰ স্থাপন কৰা হৈছে৷ “বিগত ৮ বছৰত প্ৰতি সপ্তাহত এখন বিশ্ববিদ্যালয় আৰু দুখন মহাবিদ্যালয় খোলা হৈছিল”, প্ৰধানমন্ত্ৰীয়ে কয়৷ “এই গতি আৰু পৰিসৰ এই কথাৰ সাক্ষী যে ভাৰত সেই যুৱ প্ৰতিভাৰ কাৰক হ’বলৈ গৈ আছে যিয়ে বিশ্বক গঢ় দিবলৈ ওলাইছে।”

ভাৰতৰ শিক্ষা ব্যৱস্থাৰ উল্লেখযোগ্য পৰিৱৰ্তনৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে শিক্ষা ব্যৱস্থাত আঞ্চলিক ভাষাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে এতিয়া আঞ্চলিক ভাষাত অভিযান্ত্ৰিক আৰু চিকিৎসা শিক্ষা গ্ৰহণ কৰিব পৰা যাব। প্ৰধানমন্ত্ৰীয়ে পেটেণ্ট প্ৰক্ৰিয়াৰ সৰলীকৰণৰ বিষয়েও অৱগত কৰে যিয়ে পেটেণ্ট ব্যৱস্থাত বহুখিনি সহায় কৰিছে। প্ৰধানমন্ত্ৰীয়ে শিক্ষা ব্যৱস্থাত প্ৰযুক্তিৰ ক্ৰমৱৰ্ধমান ব্যৱহাৰৰ কথা উল্লেখ কৰি কয় যে আজিৰ যুৱক-যুৱতীসকলক প্ৰযুক্তি আৰু উদ্ভাৱনৰ সৈতে মোকাবিলা কৰিব পৰাকৈ দক্ষতাৰে সজ্জিত কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ যুৱক-যুৱতীসকল বাস্তৱ জগতৰ সমস্যাৰ বাবে প্ৰধান আৰু সক্ৰিয়ভাৱে সমাধান বিচাৰিছে।

যিকোনো দেশৰ বাবে শক্তিশালী শিক্ষা ব্যৱস্থা আৰু শক্তিশালী ঔদ্যোগিক পৰিস্থিততন্ত্ৰ দুয়োটা সমানেই গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই দুয়োটাই যুৱক-যুৱতীসকলৰ ভৱিষ্যতৰ ভেটি স্থাপন কৰে। তেওঁ বিগত ৮-৯ বছৰত ‘ব্যৱসায়ৰ সহজ পৰিৱেশ’ৰ ঐতিহাসিক উন্নতিৰ কথা উল্লেখ কৰি দেশত ৪০ হাজাৰ বাধ্যবাধকতা বিলুপ্ত কৰাৰ লগতে শ শ বিধানক অপৰাধমুক্ত কৰা বুলি অৱগত কৰে। তেওঁ স্মৰণ কৰে যে উদ্যোগীসকলক এই আইনসমূহ ব্যৱহাৰ কৰি কেনেদৰে হাৰাশাস্তি কৰা হৈছিল যিয়ে তেওঁলোকৰ ব্যৱসায়ত প্ৰভাৱ পেলাইছিল। “আজি দেশখন চাকৰি সৃষ্টিকাৰীৰ সৈতে থিয় দিছে”, ব্যৱসায়ীসকলৰ মাজত আস্থা জগাই তুলিবলৈ ৪২খন কেন্দ্ৰীয় আইন আৰু বিবাদ ছে বিশ্বাস আঁচনিৰ সংস্কাৰৰ বাবে উত্থাপন কৰা জন বিশ্বাস বিধেয়কখন স্পৰ্শ কৰা বুলি প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ লগতে উল্লেখ কৰে যে এইবাৰৰ বাজেটত কৰ হাৰ সংস্কাৰ কৰা হৈছে যাৰ ফলত কৰ্মচাৰী আৰু উদ্যোগীসকলৰ হাতলৈ অধিক ধন আহিব।

 “ভাৰতৰ দৰে দেশৰ বাবে উন্নয়ন আৰু ঐতিহ্য সমানেই গুৰুত্বপূৰ্ণ”, দেশৰ প্ৰতিটো সম্প্ৰদায় আৰু মতাদৰ্শৰ স্বকীয়তাক আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয়। শ্ৰী মোদীয়ে ভাৰতৰ ঐতিহ্য আৰু আধুনিকতাৰ বিকাশৰ সমৃদ্ধিশালী পথৰ বাবে এই স্বকীয়তাৰ কৃতিত্ব দিয়ে। তেওঁ আলোকপাত কৰে যে দেশখনে ভৌতিক আন্তঃগাঁথনি আৰু সামাজিক আন্তঃগাঁথনি দুয়োটা দিশতে কাম কৰি আছে। তেওঁ উল্লেখ কৰে যে আমি প্ৰাচীন পৰম্পৰাগত উৎসৱ উদযাপন কৰিছো, একে সময়তে ডিজিটেল পেমেণ্টৰ ব্যৱহাৰ কৰিছো। এইবাৰৰ বাজেট সন্দৰ্ভত চিন্তা কৰি প্ৰধানমন্ত্ৰীয়ে জনাইছে যে প্ৰাচীন অভিলেখসমূহ নতুন কৌশলৰ সহায়ত ডিজিটেলাইজ কৰাৰ ঘোষণা কৰা হৈছে কাৰণ তেওঁ সকলো সমাজ আৰু পন্থাৰ সদস্যসকলক আগবাঢ়ি আহি ইয়াৰ সৈতে জড়িত যিকোনো প্ৰাচীন গ্ৰন্থ ডিজিটেলাইজ কৰিবলৈ আহ্বান জনাইছে। তেওঁ এই অভিযানৰ সৈতে যুৱক-যুৱতীসকলক জড়িত কৰি বহৰা সমাজে যি অৱদান আগবঢ়াব পাৰে তাৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে পৰিৱেশ সুৰক্ষা, বাজৰাৰ প্ৰসাৰ আৰু ভাৰতৰ জি-২০ অধ্যক্ষতাৰ দৰে কাৰ্যসূচীৰ উদাহৰণো দাঙি ধৰে য’ত বহৰা সম্প্ৰদায়ে জনসাধাৰণৰ অংশগ্ৰহণক উৎসাহিত কৰিব পাৰে।

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে কয় “বিদেশৰ বহৰা সম্প্ৰদায়ৰ জনসাধাৰণে উজ্জ্বল ভাৰতৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে কাম কৰিব পাৰে। উন্নত ভাৰতৰ লক্ষ্যত উপনীত হোৱাত ডাউদী বহৰা সম্প্ৰদায়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি যাব।"

এই উপলক্ষে অনুষ্ঠানত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী একনাথ সিন্দে, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাডনাভিছ, প্ৰধানমন্ত্ৰী চৈয়দনা মুফাদ্দল ছৈফুদ্দিন আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ মন্ত্ৰীবৰ্গ আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
E-Samudra: India’s digital push to reshape maritime governance

Media Coverage

E-Samudra: India’s digital push to reshape maritime governance
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM to release the Autobiography of Former President Shri Ram Nath Kovind on 12 August
August 11, 2026
Title of the Autobiography: “Triumph of the Indian Republic: My Life, My Struggles”

Prime Minister Shri Narendra Modi will release the autobiography of former President of India, Shri Ram Nath Kovind, titled “Triumph of the Indian Republic: My Life, My Struggles”, on 12 August, 2026, at 9:30 AM at Vigyan Bhavan, New Delhi. Prime Minister will also address the gathering on the occasion.

The release of the autobiography by the Prime Minister will mark a significant occasion celebrating the life and contributions of one of India’s most distinguished public figures. The autobiography offers a deeply personal account of Shri Ram Nath Kovind’s remarkable life journey, tracing his experiences, struggles and achievements from his early years to his distinguished public life and eventual service as the 14th President of India. The book provides insights into the values, experiences and circumstances that shaped his journey and public service.