নতুন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু আণ্ডাৰগ্ৰাউণ্ড মেট্ৰ’য়ে মুম্বাইৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থাক ৰূপান্তৰিত কৰিবঃ প্ৰধানমন্ত্ৰী
বিকশিত ভাৰতত গতি আৰু প্ৰগতি উভয়ে বিদ্যমান, ইয়াত লোককল্যাণ সৰ্বোচ্চ আৰু চৰকাৰী আঁচনিসমূহে প্ৰতিগৰাকী নাগৰিকৰে জীৱনযাত্ৰা সহজ কৰি তুলিছেঃ প্ৰধানমন্ত্ৰী
উড়ান যোজনাৰ ফলশ্ৰুতিত বিগত দশকটোত পোন-প্ৰথমবাৰৰ বাবে লক্ষ-লক্ষ লোকে নিজৰ সপোন পৰিপূৰণেৰে আকাশলৈ উৰা মাৰিছেঃ প্ৰধানমন্ত্ৰী
নতুন বিমানবন্দৰ আৰু উড়ান যোজনাই বিমান যাত্ৰা সহজ কৰি তোলাৰ লগতে ভাৰতক বিশ্বৰ তৃতীয়-সৰ্ববৃহৎ ঘৰুৱা বিমান বজাৰ হিচাপে পৰিগণিত কৰিছেঃ প্ৰধানমন্ত্ৰী
তেখেতে শেহতীয়াকৈ বিজয়াদশমী আৰু শাৰদ পূৰ্ণিমা উদযাপনৰ কথা উল্লেখ কৰে তথা আগন্তুক দীপাৱলী উৎসৱ উপলক্ষে শুভেচ্ছা জনায়।
শ্ৰী মোদীয়ে আণ্ডাৰগ্ৰাউণ্ড মেট্ৰ’ক উন্নয়নশীল ভাৰতৰ জীৱন্ত প্ৰতীক বুলি অভিহিতকৰণেৰে উল্লেখ কৰে যে মুম্বাইৰ দৰে এখন ব্যস্ত চহৰত এই উল্লেখযোগ্য মেট্ৰ’ ঐতিহাসিক অট্টালিকা সংৰক্ষণেৰে মাটিৰ তলত নিৰ্মাণ কৰা হৈছে। তেখেতে এই প্ৰকল্পৰ সৈতে জড়িত শ্ৰমিক আৰু অভিযন্তাসকলক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদ্বোধনৰ লগতে মহাৰাষ্ট্ৰৰ মুম্বাইত ভিন্ন উন্নয়নমূলক প্ৰকল্প শুভাৰম্ভ আৰু উৎসৰ্গা কৰে। ইয়াত সমবেত সকলো বিশিষ্ট ব্যক্তিকে আদৰণি জনাই শ্ৰী মোদীয়ে উপস্থিত থকা সকলোলৈকে উষ্ম শুভেচ্ছা জ্ঞাপন কৰে। তেখেতে শেহতীয়াকৈ বিজয়াদশমী আৰু শাৰদ পূৰ্ণিমা উদযাপনৰ কথা উল্লেখ কৰে তথা আগন্তুক দীপাৱলী উৎসৱ উপলক্ষে শুভেচ্ছা জনায়।

মুম্বাইয়ে এতিয়া দ্বিতীয়টো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ লাভৰ লগে-লগে চহৰখনৰ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পৰিছে বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই বিমানবন্দৰে অঞ্চলটোক এছিয়াৰ অন্যতম বৃহৎ সংযোগ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠাত এটি মুখ্য ভূমিকা পালন কৰিব। তেখেতে লগতে কয় যে মুম্বাইত এতিয়া সম্পূৰ্ণ আণ্ডাৰগ্ৰাউণ্ড মেট্ৰ’ৰ চলাচল আৰম্ভ হৈছে, ইয়াৰ ফলশ্ৰুতিত যাতায়াত সহজ হ’ব আৰু যাতায়াতৰ সময় ৰাহি হ’ব। শ্ৰী মোদীয়ে আণ্ডাৰগ্ৰাউণ্ড মেট্ৰ’ক উন্নয়নশীল ভাৰতৰ জীৱন্ত প্ৰতীক বুলি অভিহিতকৰণেৰে উল্লেখ কৰে যে মুম্বাইৰ দৰে এখন ব্যস্ত চহৰত এই উল্লেখযোগ্য মেট্ৰ’ ঐতিহাসিক অট্টালিকা সংৰক্ষণেৰে মাটিৰ তলত নিৰ্মাণ কৰা হৈছে। তেখেতে এই প্ৰকল্পৰ সৈতে জড়িত শ্ৰমিক আৰু অভিযন্তাসকলক অভিনন্দন জ্ঞাপন কৰে।

 

ভাৰতে ইয়াৰ যুৱক-যুৱতীসকলৰ বাবে অগণন সুযোগ আগবঢ়াইছে বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে সমগ্ৰ দেশৰ অগণন আইটিআইক উদ্যোগৰ সৈতে সংযুক্তকৰণৰ লক্ষ্যৰে শেহতীয়াকৈ ৬০,০০০ কোটি টকাৰ পিএম সেতু আঁচনি মুকলি কৰা সন্দৰ্ভত আলোকপাত কৰে। তেখেতে উল্লেখ কৰে যে আজিৰ পৰা মহাৰাষ্ট্ৰ চৰকাৰে শ-শ আইটিআই আৰু কাৰিকৰী বিদ্যালয়ত এই নতুন কাৰ্য্যসূচী ৰূপায়ণ কৰিছে। এই পদক্ষেপসমূহৰ জৰিয়তে শ্ৰী মোদীয়ে কয় যে ছাত্ৰ-ছাত্ৰীসকলে উদীয়মান প্ৰযুক্তি যেনে ড্ৰোন, ৰবটিক্স, বৈদ্যুতিক বাহন, সৌৰশক্তি আৰু সেউজ হাইড্ৰ’জেন সন্দৰ্ভত প্ৰশিক্ষণ লাভ কৰিব। তেখেতে ইয়াৰ বাবে মহাৰাষ্ট্ৰৰ যুৱক-যুৱতীসকললৈ শুভেচ্ছা জ্ঞাপন কৰে।

শ্ৰী মোদীয়ে মহাৰাষ্ট্ৰৰ সু-পুত্ৰ, লোকনেতা শ্ৰী ডি.বি. পাটিললৈ শ্ৰদ্ধা নিবেদনেৰে তেওঁৰ সমাজ আৰু কৃষক ৰাইজৰ প্ৰতি সমৰ্পিত সেৱাৰ মনোভাৱক স্মৰণ কৰে। তেওঁ কয় যে শ্ৰী পাটিলৰ সেৱাৰ মনোভাৱ সকলোৰে বাবে প্ৰেৰণাৰ উৎস আৰু তেওঁৰ জীৱন-পৰিক্ৰমাই ৰাজহুৱা জীৱনত কাম কৰাসকলক প্ৰেৰণা যোগাই থাকিব।

“আজি সমগ্ৰ ৰাষ্ট্ৰ এখনি বিকশিত ভাৰতৰ সংকল্প পৰিপূৰণৰ বাবে সংকল্পবদ্ধ— বিকশিত ভাৰতত গতি আৰু প্ৰগতি উভয়ে বিদ্যমান, ইয়াত লোককল্যাণ সৰ্বোচ্চ আৰু চৰকাৰী আঁচনিসমূহে প্ৰতিগৰাকী নাগৰিকৰে জীৱনযাত্ৰা সহজ কৰি তুলিছে” বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে বিগত এঘাৰ বছৰে এই মনোভাৱেই দেশৰ প্ৰতিটো প্ৰান্তত উন্নয়নমূলক প্ৰচেষ্টাৰাজি গ্ৰহণৰ ক্ষেত্ৰত পথ-প্ৰদৰ্শন কৰি আহিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয় যে বন্দে ভাৰত ছেমি হাই-স্পীড ৰেল ট্ৰেকত চলি থকাৰ সময়তে, বুলেট ট্ৰেইন প্ৰকল্পই গতি লাভ কৰাৰ সময়তে, বহল ঘাইপথ আৰু এক্সপ্ৰেছৱে’-এ নতুন চহৰক সংযোগ কৰাৰ সময়তে, পাহাৰৰ মাজেৰে দীঘলীয়া সুৰংগ স্থাপনৰ সময়তে আৰু ওখ সমুদ্ৰ দলঙে দূৰৈৰ পাৰক সংযোগ কৰাৰ সময়তে ভাৰতৰ গতি আৰু প্ৰগতি উভয়েই দৃশ্যমান হৈছে। তেখেতে দৃঢ়তাৰে কয় যে এনে অগ্ৰগতি কাৰ্য্যই ভাৰতৰ যুৱক-যুৱতীসকলৰ আকাংক্ষাক উদ্দীপনা যোগাইছে।

 

শ্ৰী মোদীয়ে উল্লেখ কৰে যে আজিৰ এই কাৰ্য্যসূচীয়ে ভাৰতৰ উন্নয়ন যাত্ৰাৰ গতি অক্ষুণ্ণ ৰাখিছে। তেখেতে কয় যে নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হৈছে এখনি উন্নত ভাৰতৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰা এটা প্ৰকল্প। ছত্ৰপতি শিৱাজী মহাৰাজৰ ভূমিত নিৰ্মিত বিমানবন্দৰটো পদুম ফুলৰ আকৃতিৰ, যি আমাৰ সংস্কৃতি আৰু সমৃদ্ধিৰ প্ৰতীক। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই নতুন বিমানবন্দৰটোৱে মহাৰাষ্ট্ৰৰ কৃষকসকলক ইউৰোপ আৰু মধ্যপ্ৰাচ্যৰ চুপাৰ মাৰ্কেটৰ সৈতে সংযোগ কৰিব, ইয়াৰ ফলত সতেজ উৎপাদিত সামগ্ৰী, ফল-মূল, শাক-পাচলি আৰু মীনজাত সামগ্ৰী বিশ্বৰ বজাৰত দ্ৰুতগতিত উপনীত হ’ব। তেখেতে উল্লেখ কৰে যে বিমানবন্দৰটোৱে ওচৰৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ বাবে ৰপ্তানি ব্যয় হ্ৰাস কৰিব, বিনিয়োগ বৃদ্ধি কৰিব আৰু নতুন উদ্যোগ স্থাপনৰ সূচনা কৰিব। নতুন বিমানবন্দৰৰ বাবে মহাৰাষ্ট্ৰ আৰু মুম্বাইবাসীলৈ তেখেতে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

সপোন পূৰণৰ সংকল্প গ্ৰহণ আৰু নাগৰিকৰ দ্ৰুত উন্নয়ন সাধনৰ দৃঢ় ইচ্ছাশক্তি থকা মাত্ৰেকে ফলাফল অনিবাৰ্য্য বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ বিমান পৰিবহণ খণ্ড এই অগ্ৰগতিৰ এক গুৰুত্বপূৰ্ণ প্ৰমাণ হিচাপে প্ৰতিপন্ন হৈছে। ২০১৪-ত কাৰ্য্যভাৰ গ্ৰহণৰ সময়ত প্ৰদান কৰা ভাষণৰ কথা স্মৰণেৰে শ্ৰী মোদীয়ে স্বকীয় দৃষ্টিভংগী সম্পৰ্কে পুনৰবাৰ উল্লেখেৰে কয় যে হাৱাই চপল পিন্ধাসকলেও হাৱাই জাহাজ যোগে যাত্ৰা কৰিব পাৰিব লাগে। এই সপোন বাস্তৱায়িত কৰিবলৈ সমগ্ৰ দেশতে নতুন বিমানবন্দৰ স্থাপন কৰাটো অতিশয় প্ৰয়োজনীয় আছিল। তেখেতে দৃঢ়তাৰে কয় যে চৰকাৰে এই অভিযানক গুৰুত্বসহকাৰে লৈছিল আৰু যোৱা এঘাৰ বছৰত ইটোৰ পিছত সিটোকৈ নতুন বিমানবন্দৰ নিৰ্মাণ কৰা হৈছে। ২০১৪-ত ভাৰতত মাত্ৰ ৭৪ টা বিমানবন্দৰ আছিল; আজি এই সংখ্যাই ১৬০ টা অতিক্ৰম কৰিছে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে সৰু চহৰসমূহত বিমানবন্দৰ স্থাপনৰ ফলশ্ৰুতিত বাসিন্দাসকলে বিমান যাত্ৰাৰ বাবে নতুন বিকল্প লাভ কৰিছে। আৰ্থিক অসুবিধা দূৰ কৰিবলৈ চৰকাৰে উড়ান আঁচনি আৰম্ভ কৰিছিল, ইয়াৰ লক্ষ্য আছিল সাধাৰণ নাগৰিকৰ বাবে বিমানৰ টিকট সুলভ কৰি তোলা। তেখেতে কয় যে বিগত দশকটোত পোন-প্ৰথমবাৰৰ বাবে লক্ষ-লক্ষ লোকে নিজৰ সপোন পৰিপূৰণেৰে আকাশলৈ উৰা মাৰিছে।

 

নতুন বিমানবন্দৰ নিৰ্মাণ আৰু উড়ান আঁচনিয়ে নাগৰিকসকলক সুবিধা প্ৰদান কৰিছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে ভাৰত এতিয়া বিশ্বৰ তৃতীয়-সৰ্ববৃহৎ ঘৰুৱা বিমান বজাৰত পৰিণত হৈছে। তেখেতে কয় যে ভাৰতীয় বিমান সংস্থাসমূহৰ অহৰহভাৱে সম্প্ৰসাৰণ ঘটিছে আৰু শ-শ নতুন বিমানৰ অৰ্ডাৰ দিছে। এই বৃদ্ধিয়ে পাইলট, কেবিন ক্ৰু, অভিযন্তা আৰু গ্ৰাউণ্ড কৰ্মীৰ বাবে নতুন সুযোগৰ সৃষ্টি কৰিছে।

বিমানৰ সংখ্যা বৃদ্ধিৰ লগে-লগে ৰক্ষণাবেক্ষণ আৰু মেৰামতিৰ কামৰ চাহিদাও বৃদ্ধি পাইছে বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই প্ৰয়োজনীয়তা পূৰণৰ বাবে ভাৰতে ঘৰুৱাভাৱে নতুন সা-সুবিধা বিকশিত কৰি আছে বুলি কয়। তেখেতে দৃঢ়তাৰে কয় যে এই দশকৰ শেষৰ ফালে ভাৰতক এক বৃহৎ এমআৰঅ’ (ৰক্ষণাবেক্ষণ, মেৰামতি আৰু অভাৰহ’ল) হাব হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। তেখেতে উল্লেখ কৰে যে এই পদক্ষেপে ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে অসংখ্য নতুন কৰ্মসংস্থাপনৰ সুযোগো সৃষ্টি কৰিছে।

“আজি ভাৰত বিশ্বৰ সৰ্বাধিক যুৱ-প্ৰধান দেশ, আমাৰ যুৱক-যুৱতীসকলৰ মাজত আমাৰ শক্তি নিহিত হৈ আছে” বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিটো চৰকাৰী নীতিয়ে যুৱক-যুৱতীসকলৰ বাবে সৰ্বাধিক নিয়োগৰ সুযোগ সৃষ্টিত গুৰুত্ব আৰোপ কৰিছে। তেখেতে কয় যে আন্তঃগাঁথনিত বিনিয়োগ বৃদ্ধিয়ে নিয়োগ সৃষ্টিৰ সূচনা কৰিছে, ৭৬,০০০ কোটি টকাৰ বাধৱন বন্দৰ প্ৰকল্পক ইয়াৰ উদাহৰণ হিচাপে উল্লেখ কৰে। তেখেতে লগতে কয় যে বাণিজ্যৰ সম্প্ৰসাৰণ আৰু লজিষ্টিক খণ্ডই গতি লাভ কৰা মাত্ৰেকে কৰ্মসংস্থাপনৰ সৃষ্টি হয়।

 

শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে ভাৰত এখনি এনে প্ৰমূল্যবোধ সম্পন্ন দেশ, য’ত ৰাষ্ট্ৰীয় নীতিয়ে ৰাজনীতিৰ ভিত্তি গঠন কৰে। চৰকাৰৰ বাবে আন্তঃগাঁথনিৰ ক্ষেত্ৰত ব্যয় কৰা প্ৰতিটো টকা হৈছে নাগৰিকৰ সুবিধা আৰু সামৰ্থ্য বৃদ্ধিৰ এক মাধ্যম। তেখেতে ইয়াৰ বিপৰীতে দেশৰ এক ৰাজনৈতিক ধাৰা যিয়ে জনকল্যাণৰ বিপৰীতে ক্ষমতাক অগ্ৰাধিকাৰ প্ৰদান কৰে বুলি কয়। তেখেতে কয় যে এনে ধাৰাত বিশ্বাসী ব্যক্তিয়ে কেলেংকাৰি আৰু দুৰ্নীতিৰ জৰিয়তে উন্নয়নমূলক কামত বাধাৰ সৃষ্টি কৰে আৰু প্ৰকল্পসমূহক পথৰ পৰা নমাই আনে। ৰাষ্ট্ৰখন দশক-দশক ধৰি এনে অপশাসনৰ বলি হৈছিল।

আজি উদ্বোধন কৰা মেট্ৰ’ লাইনে পূৰ্বৰ প্ৰশাসনৰ কেতবোৰ কাৰ্য্যকলাপৰ কথা মনত পেলাই দিছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে ইয়াৰ আধাৰশিলা অনুষ্ঠানত অংশগ্ৰহণৰ কথা স্মৰণ কৰে, যি কাৰ্য্যই মুম্বাইৰ লক্ষ-লক্ষ পৰিয়ালৰ কষ্ট লাঘৱৰ ক্ষেত্ৰত আশাৰ সঞ্চাৰ কৰিছিল। কিন্তু তেখেতে কয় যে পৰৱৰ্তী চৰকাৰে এই প্ৰকল্পটো বন্ধ কৰি দিয়াৰ পৰিণতিত ৰাষ্ট্ৰৰ হাজাৰ-হাজাৰ কোটি লোকচান হোৱাৰ লগতে কেইবাবছৰ ধৰি দীৰ্ঘদিনীয়া অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই মেট্ৰ’ লাইন সম্পূৰ্ণ হোৱাৰ লগে-লগে দুঘন্টাৰ পৰা আঢ়ৈ ঘন্টাৰ যাত্ৰাত এতিয়া মাত্ৰ ৩০-ৰ পৰা ৪০ মিনিট সময় লাগিব। মুম্বাইৰ দৰে চহৰত প্ৰতিটো মিনিটৰে গুৰুত্ব আছে বুলি উল্লেখেৰে তেখেতে কয় যে নাগৰিকসকল তিনি-চাৰি বছৰ ধৰি এই সুবিধাৰ পৰা বঞ্চিত হৈ আহিছিল, এই কাৰ্য্যক তেখেতে এক গুৰুতৰ অন্যায় বুলি অভিহিত কৰে।

“যোৱা এঘাৰ বছৰে চৰকাৰে নাগৰিকসকলৰ জীৱন-যাত্ৰাৰ অগ্ৰগতি সাধনত অধিক গুৰুত্ব আৰোপ কৰিছে”, ৰেলৱে, পথ, বিমানবন্দৰ, মেট্ৰ’ আৰু ইলেক্ট্ৰিক বাছৰ দৰে সুবিধাসমূহত অভূতপূৰ্ব বিনিয়োগ কৰা হৈছে বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। এই উন্নয়নৰ উদাহৰণ হিচাপে তেখেতে অটল সেতু আৰু উপকূলীয় পথৰ দৰে প্ৰকল্পৰ উদাহৰণ দাঙি ধৰে।

শ্ৰী মোদীয়ে কয় যে যাতায়াতকাৰীসকলে অসুবিধাৰ বাবে পদ্ধতি সলনি কৰাৰ প্ৰয়োজনীয়তা নোহোৱা কৰি নিৰৱচ্ছিন্ন যাত্ৰা নিশ্চিত কৰিবলৈ সকলো পৰিবহণ পদ্ধতিক একত্ৰিতকৰণৰ প্ৰচেষ্টা অব্যাহত আছে। তেখেতে দৃঢ়তাৰে কয় যে ভাৰত এক ৰাষ্ট্ৰ, এক ম’বিলিটি দৃষ্টিভংগীৰ দিশত আগবাঢ়িছে। তেখেতে উল্লেখ কৰে যে মুম্বাই ওৱান এপ এই দিশত আন এক পদক্ষেপ, ইয়াৰ জৰিয়তে নাগৰিকসকল টিকটৰ বাবে দীঘলীয়া শাৰীৰ পৰা হাত সাৰিব পাৰিব। এই এপটোৰ জৰিয়তে স্থানীয় ৰেল, বাছ, মেট্ৰ’ আৰু টেক্সিৰ টিকট সংগ্ৰহ কৰিব পাৰিব।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ বিত্তীয় ৰাজধানী আৰু ইয়াৰ অন্যতম স্পন্দনশীল মহানগৰ হোৱাৰ বাবে ২০০৮-ত সন্ত্ৰাসবাদীয়ে মুম্বাইক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল । তেখেতে কয় যে সেই সময়ত ক্ষমতাত থকা চৰকাৰখনে দুৰ্বলতাৰ বাৰ্তা প্ৰেৰণ কৰিছিল আৰু সন্ত্ৰাসবাদৰ আগত আত্মসমৰ্পণ কৰা যেন দেখা গৈছিল। শ্ৰী মোদীয়ে শেহতীয়াকৈ বিৰোধী দলৰ এজন জ্যেষ্ঠ নেতা তথা প্ৰাক্তন গৃহমন্ত্ৰীয়ে কোৱা এটা কথা উল্লেখেৰে কয় যে মুম্বাই আক্ৰমণৰ পিছত ভাৰতৰ সশস্ত্ৰ বাহিনী পাকিস্তানত আক্ৰমণ কৰিবলৈ সাজু হৈছে। তেখেতে উল্লেখ কৰে যে সমগ্ৰ ৰাষ্ট্ৰই এনে কাৰ্যক সমৰ্থন কৰে। কিন্তু বিৰোধী নেতাগৰাকীৰ মতে বিদেশী দেশৰ হেঁচাত চৰকাৰে সামৰিক সঁহাৰি বন্ধ কৰিছে। প্ৰধানমন্ত্ৰীয়ে বিৰোধী দলৰ এই সিদ্ধান্তক কোনে প্ৰভাৱিত কৰিলে সেয়া স্পষ্ট কৰিবলৈ দাবী জনায়, যিয়ে মুম্বাই আৰু ৰাষ্ট্ৰৰ আৱেগক ভেঙুচালি কৰিছে বুলি তেখেতে কয়। তেখেতে দৃঢ়তাৰে কয় যে বিৰোধী দলৰ দুৰ্বলতাই সন্ত্ৰাসবাদীক সাহসী কৰি তুলিছে আৰু বিৰোধীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগত আপোচ কৰিছে, ইয়াৰ পৰিণতিত দেশৰ নিৰীহ লোকৰ অপমৃত্যু হৈছে।

“আমাৰ বাবে আমাৰ ৰাষ্ট্ৰখন আৰু ইয়াৰ নাগৰিকৰ সুৰক্ষা আৰু নিৰাপত্তা সৰ্বাধিক গুৰুত্বপূৰ্ণ” বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয় যে আজিৰ ভাৰতে শক্তিৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আৰু শত্ৰুৰ ভূখণ্ডৰ ভিতৰলৈ গৈ প্ৰত্যুত্তৰ দিয়ে। এই কাৰ্য্য অপাৰেচন সিন্দূৰৰ সময়ত বিশ্বজুৰি প্ৰত্যক্ষ হৈছে আৰু ইয়াক স্বীকাৰ কৰিছে।

শ্ৰী মোদীয়ে কয় যে দৰিদ্ৰ, নব্য-মধ্যবিত্ত আৰু মধ্যবিত্ত শ্ৰেণীক সবলীকৰণ কৰাটো ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰৰ বিষয়। তেখেতে কয় যে এই পৰিয়ালসমূহে সুবিধা আৰু সন্মান লাভ কৰা মাত্ৰেকে তেওঁলোকৰ সামৰ্থ্য বৃদ্ধি পায়। নাগৰিকৰ সামূহিক শক্তিয়ে ৰাষ্ট্ৰখনক শক্তিশালী কৰি তোলে। তেখেতে কয় যে শেহতীয়াকৈ জিএছটিৰ পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰ সাধন কাৰ্য্যই একাধিক সামগ্ৰীক অধিক সুলভ কৰি তুলিছে, ইয়াৰ ফলত জনসাধাৰণৰ ক্ৰয় ক্ষমতা অধিক বৃদ্ধি পাইছে। বজাৰৰ তথ্যৰ উদ্ধৃতি দি তেখেতে উল্লেখ কৰে যে এই নৱৰাত্ৰিৰ বতৰত বহু বছৰীয়া বিক্ৰীৰ অভিলেখ ভংগ হৈছে, অভিলেখ সংখ্যক লোকে স্কুটাৰ, বাইক, টেলিভিছন, ফ্ৰীজ, ৱাশ্বিং মেচিন ক্ৰয় কৰিছিল।

চৰকাৰে নাগৰিকৰ জীৱন-যাত্ৰাৰ অগ্ৰগতি সাধনৰ লগতে ৰাষ্ট্ৰখনক সবল কৰি তোলা পদক্ষেপ গ্ৰহণ কাৰ্য্য অব্যাহত ৰাখিব বুলি দৃঢ়তাৰে উল্লেখেৰে শ্ৰী মোদীয়ে সকলোকে স্বদেশীক আকোৱালি ল’বলৈ আহ্বান জনায় আৰু গৌৰৱেৰে “এইটো স্বদেশী” বুলি ক’বলৈ কয়। এই মন্ত্ৰ প্ৰতিঘৰ গৃহস্থী আৰু বজাৰতে প্ৰতিধ্বনিত হ’ব লাগে। তেখেতে কয় যে প্ৰতিজন নাগৰিকে স্বদেশী কাপোৰ আৰু জোতা ক্ৰয়, স্বদেশী সামগ্ৰী ঘৰলৈ অনা আৰু স্বদেশী সামগ্ৰীক উপহাৰ হিচাপে প্ৰদান কৰা মাত্ৰেকে ৰাষ্ট্ৰৰ ধন দেশৰ ভিতৰতে থাকে। ইয়াৰ ফলশ্ৰুতিত ভাৰতীয় শ্ৰমিকসকলৰ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব আৰু যুৱক-যুৱতীসকলৰ বাবে নিয়োগৰ সুযোগ সৃষ্টি হ’ব বুলি তেখেতে কয়। সমগ্ৰ ৰাষ্ট্ৰই স্বদেশী সামগ্ৰী গ্ৰহণ কৰিলে ভাৰতে কিমান অপৰিসীম শক্তি লাভ কৰিব, সেই কথা কল্পনা কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণক উৎসাহিত কৰে।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে সামৰণিত কয় যে ভাৰতৰ উন্নয়নক ত্বৰান্বিতকৰণৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰই সদায় অগ্ৰণী ভূমিকা পালন কৰি আহিছে। তেখেতে দৃঢ়তাৰে কয় যে কেন্দ্ৰ আৰু ৰাজ্যৰ তেওঁলোকৰ চৰকাৰসমূহে মহাৰাষ্ট্ৰৰ প্ৰতিখন চহৰ আৰু গাঁৱৰ সামৰ্থ্য বৃদ্ধিৰ বাবে অক্লান্তভাৱে কাম কৰি যাব। প্ৰধানমন্ত্ৰীগৰাকীয়ে উন্নয়নমূলক পদক্ষেপসমূহৰ বাবে সকলোকে অভিনন্দন তথা শুভেচ্ছা জ্ঞাপনেৰে তেখেতৰ ভাষণৰ সামৰণি মাৰে।

এই কাৰ্য্যসূচীত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী আচাৰ্য্য দেৱব্ৰত, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাড়নবিছ, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ৰামদাস আঠৱালে, শ্ৰী ৰামমোহন নাইডু কিঞ্জাৰাপু, শ্ৰী মুৰলীধৰ মহল, ভাৰতস্থিত জাপানৰ ৰাষ্ট্ৰদূত শ্ৰী কেইচি অনোকে প্ৰমুখ্য কৰি বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।

পটভূমি

ভাৰতক বিশ্ব বিমান পৰিবহণ কেন্দ্ৰলৈ ৰূপান্তৰিতকৰণৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১৯,৬৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ (NMIA) ১ম পৰ্য্যায় উদ্বোধন কৰে।

 

নৱী মুম্বাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হৈছে ভাৰতৰ সৰ্ববৃহৎ গ্ৰীনফিল্ড বিমানবন্দৰ প্ৰকল্প। ৰাজহুৱা–ব্যক্তিগত অংশীদাৰিত্ব (PPP)-ৰে ইয়াক নিৰ্মাণ কৰা হৈছে। মুম্বাই মহানগৰ অঞ্চলৰ বাবে দ্বিতীয়টো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ হিচাপে এনএমআইএ-এ ছত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ (CSMIA) সৈতে মিলি ভিৰ লাঘৱৰ লগতে মুম্বাইক বিশ্বজোৰা বহু-বিমানবন্দৰ ব্যৱস্থাৰ লীগলৈ উন্নীত কৰিব। ১১৬০ হেক্টৰ এলেকাৰে বিশ্বৰ আটাইতকৈ কাৰ্য্যক্ষম বিমানবন্দৰসমূহৰ ভিতৰত স্থান লাভ কৰিবলৈ ডিজাইন কৰা বিমানবন্দৰটোৱে অৱশেষত বছৰি ৯০ নিযুত যাত্ৰী (MPPA) আৰু ৩.২৫ নিযুত মেট্ৰিক টন কাৰ্গ’ পৰিচালনা কৰিব।

ইয়াৰ অনন্য সা-সুবিধাসমূহৰ ভিতৰত আছে এটা অট’মেটেড পিপুল মুভাৰ (APM)। উক্ত ট্ৰেনজিট ব্যৱস্থাই মসৃণ আন্তঃটাৰ্মিনেল স্থানান্তৰৰ বাবে চাৰিওটা যাত্ৰী টাৰ্মিনেল সংযোগ কৰিব। লগতে চহৰৰ-ফালৰ আন্তঃগাঁথনিক সংযোগ কৰা এটা লেণ্ডছাইড এপিএম হিচাপে কাম কৰিব। বহনক্ষম পদ্ধতিৰ সৈতে সংগতি ৰাখি বিমানবন্দৰটোত বহনক্ষম বিমান ইন্ধনৰ (SAF) সমৰ্পিত ভঁড়াল, প্ৰায় ৪৭ মেগাৱাটৰ সৌৰ শক্তি উৎপাদন আৰু সমগ্ৰ চহৰখনতে ৰাজহুৱা যোগাযোগৰ বাবে ইভি বাছ সেৱাৰ বাবে ব্যৱস্থা থাকিব। ইয়াৰ উপৰিও এনএমআইএ হ’ব ৱাটাৰ টেক্সিৰে সংযোগ কৰা দেশৰ প্ৰথমটো বিমানবন্দৰ।

প্ৰধানমন্ত্ৰীয়ে আচাৰ্য্য আত্ৰে চ’কৰ পৰা কফে পেৰেডলৈকে বিস্তৃত মুম্বাই মেট্ৰ’ লাইন-৩ ৰ পৰ্য্যায় ২বি উদ্বোধন কৰে। আনুমানিক প্ৰায় ১২,২০০ কোটি টকা ব্যয় সাপেক্ষে ইয়াৰ নিৰ্মাণ কৰা হৈছে। ইয়াৰ লগতে তেখেতে সমগ্ৰ মুম্বাই মেট্ৰ’ লাইন ৩ (একুৱা লাইন) — ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। মুঠ ৩৭,২৭০ কোটি টকা ব্যয় সাপেক্ষে ৰূপায়ণ কৰা এই প্ৰকল্পই চহৰখনৰ নগৰীয়া পৰিবহণ ব্যৱস্থাৰ ৰূপান্তৰ সাধনৰ ক্ষেত্ৰত এক বৃহৎ মাইলৰ খুঁটি স্থাপন কৰিব।

 

মুম্বাইৰ প্ৰথম আৰু একমাত্ৰ সম্পূৰ্ণ মাটিৰ তলৰ মেট্ৰ’ লাইন হিচাপে এই প্ৰকল্পই সমগ্ৰ মুম্বাই মহানগৰ অঞ্চল (MMR)-ৰ যাতায়াত ব্যৱস্থাক পুনৰ সংজ্ঞায়িত কৰিব। ই লাখ-লাখ বাসিন্দালৈ দ্ৰুত, অধিক কাৰ্য্যক্ষম আৰু আধুনিক ট্ৰেনজিট সমাধান আগবঢ়াব।

কফে পেৰেডৰ পৰা ২৭ টা ষ্টেচনেৰে ৩৩.৫ কিমি দৈৰ্ঘ্যৰ মুম্বাই মেট্ৰ’ লাইন–৩ এ দৈনিক ১৩ লাখ যাত্ৰীক সেৱা আগবঢ়াব। প্ৰকল্পটোৰ চূড়ান্ত পৰ্য্যায় ২বি-এ দক্ষিণ মুম্বাইৰ ঐতিহ্য আৰু সাংস্কৃতিক গৰিমা সম্পন্ন জিলা যেনেঃ ফ’ৰ্ট, কালা ঘোডা আৰু মেৰিন ড্ৰাইভৰ সৈতে নিৰৱচ্ছিন্ন যোগাযোগ ব্যৱস্থা প্ৰশস্তৰ লগতে বম্বে উচ্চ ন্যায়ালয়, মন্ত্ৰালয়, ভাৰতীয় ৰিজাৰ্ভ বেংক (RBI), বম্বে ষ্টক এক্সচেঞ্জ (BSE) আৰু নাৰিমান পইন্টকে প্ৰমুখ্য কৰি মূল প্ৰশাসনিক আৰু বিত্তীয় কেন্দ্ৰসমূহলৈ প্ৰত্যক্ষ যোগাযোগৰ সুবিধা প্ৰদান কৰিব।

মেট্ৰ’ লাইন-৩ ক ৰেলৱে, বিমানবন্দৰ, আন-আন মেট্ৰ’ লাইন আৰু মন’ৰেল সেৱাকে প্ৰমুখ্য কৰি অন্যান্য পৰিবহণ মাধ্যমৰ সৈতে দক্ষ সংহতি নিশ্চিত কৰিবলৈ ডিজাইন কৰা হৈছে। ইয়াৰ ফলশ্ৰুতিত অন্তিম প্ৰান্ততো যোগাযোগ ব্যৱস্থা প্ৰশস্ত হ’ব আৰু সমগ্ৰ মহানগৰ অঞ্চলত যানজঁট হ্ৰাস পাব।

প্ৰধানমন্ত্ৰীয়ে মেট্ৰ’, মন’ৰেল, উপনগৰ ৰেলৱে আৰু বাছ পিটিঅ’-ৰ ১১ ৰাজহুৱা পৰিবহণ অপাৰেটৰ (PTO)-ৰ বাবে সংহত কমন মবিলিটি এপ “মুম্বাই ওৱান” মুকলি কৰে। ইয়াৰ ভিতৰত আছে মুম্বাই মেট্ৰ' লাইন ২এ আৰু ৭, মুম্বাই মেট্ৰ' লাইন ৩, মুম্বাই মেট্ৰ' লাইন ১, মুম্বাই মন’ৰেল, নৱী মুম্বাই মেট্ৰ', মুম্বাই উপনগৰ ৰেলৱে, বৃহৎমুম্বাই ইলেক্ট্ৰিক চাপ্লাই এণ্ড ট্ৰেন্সপ'ৰ্ট (BEST), থানে পৌৰ পৰিবহণ, মীৰা ভয়ান্দৰ পৌৰ পৰিবহণ, কল্যাণ ডম্বিৱলি পৌৰ পৰিবহণ আৰু নৱী মুম্বাই পৌৰ পৰিবহণ।

মুম্বাই ওৱান এপে যাত্ৰীসকলক একাধিক ৰাজহুৱা পৰিবহণ অপাৰেটৰৰ সৈতে সংহত ম’বাইল টিকটিং, ডিজিটেল লেনদেনৰ প্ৰসাৰেৰে শাৰীপতাৰ ব্যৱস্থা দূৰ কৰি নিৰৱচ্ছিন্ন মাল্টি মডেল সংযোগকে প্ৰমুখ্য কৰি একাধিক সুবিধা প্ৰদান কৰিব। ইয়াৰ উপৰিও ই পলম, বিকল্প পথ আৰু আনুমানিক আগমনৰ সময় সন্দৰ্ভত বাস্তৱ-সময়ৰ যাত্ৰা আপডেট প্ৰদান কৰিব, লগতে ওচৰৰ ষ্টেচন, আকৰ্ষণ আৰু আগ্ৰহৰ স্থানসমূহৰ মেপ-ভিত্তিক তথ্য আৰু যাতায়াতৰ সুৰক্ষা নিশ্চিত কৰিবলৈ এটা এছঅ’এছ ফিছাৰ আগবঢ়াব। এই বৈশিষ্ট্যসমূহে একেলগে সুবিধা, দক্ষতা আৰু সুৰক্ষা বৃদ্ধিৰে সমগ্ৰ মুম্বাইৰ ৰাজহুৱা পৰিবহণৰ অভিজ্ঞতাক ৰূপান্তৰিত কৰিব।

প্ৰধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰৰ দক্ষতা, নিয়োগ, উদ্যমিতা আৰু উদ্ভাৱন বিভাগৰ অগ্ৰণী পদক্ষেপ হ্ৰস্ব-ম্যাদী নিয়োগযোগ্যতা কাৰ্য্যসূচী (STEP)-ও উদ্বোধন কৰে। ৪০০ খন চৰকাৰী আইটিআই আৰু ১৫০ খন চৰকাৰী কাৰিকৰী হাইস্কুলত এই কাৰ্য্যসূচী ৰূপায়ণ কৰা হ’ব। এই প্ৰচেষ্টা নিয়োগযোগ্যতা বৃদ্ধিৰ বাবে উদ্যোগৰ প্ৰয়োজনীয়তাৰ সৈতে দক্ষতা বিকাশক সংপৃক্তকৰণৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হ’ব। এছটিইপি-এ মহিলাৰ বাবে ৩৬৪ টা একচেটিয়া বেচ আৰু কৃত্ৰিম বুদ্ধিমত্তা (AI), ইন্টাৰনেট অৱ থিংছ (IoT), ইলেক্ট্ৰিক বাহন (EV), সৌৰ তথা এডিটিভ মেনুফেকচাৰিং আদিৰ দৰে উদীয়মান প্ৰযুক্তি পাঠ্যক্ৰমৰ ৪০৮ টা বেচকে প্ৰমুখ্য কৰি ২,৫০০ টা নতুন প্ৰশিক্ষণ বেচ প্ৰতিষ্ঠা কৰিব।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Cabinet approves Rs 4,415 crore upgrade of 233 km NH-347B in Madhya Pradesh

Media Coverage

Cabinet approves Rs 4,415 crore upgrade of 233 km NH-347B in Madhya Pradesh
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
UK Foreign Secretary meets Prime Minister
June 04, 2026

UK Foreign Secretary Yvette Cooper today met Prime Minister Shri Narendra Modi.

The Prime Minister expressed his pleasure upon the meeting and appreciated the deepening of the India-UK partnership in recent times which has unlocked unprecedented growth opportunities for both countries.

The Prime Minister affirmed that the India-UK Vision 2035 will continue to guide the partnership and strengthen joint efforts for the global good.

The Prime Minister posted on X:

"Pleased to meet UK Foreign Secretary Yvette Cooper. Appreciated the deepening of the India-UK partnership in recent times that has unlocked unprecedented growth opportunities for both our countries.

India-UK Vision 2035 will continue to guide our partnership and strengthen our joint efforts for global good.@YvetteCooperMP"