Several projects in Delhi which were incomplete for many years were taken up by our government and finished before the scheduled time: PM
All MPs have taken care of both the products and the process in the productivity of Parliament and have attained a new height in this direction: PM
Parliament proceedings continued even during the pandemic: PM Modi

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আজি সংসদসকলৰ বাবে নিৰ্মাণ কৰা এলানি বহু মহলীয়া ফ্লেটৰ ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে শুভৰম্ভ ঘোষণা কৰে। নতুন দিল্লীৰ ‘ড০ বি ডি মাৰ্গ’ত এইলানি আবসগৃহ নিৰ্মাণ কৰা হৈছে। প্ৰণিধানযোগ্য যে এই স্থানত থকা প্ৰায় ৮০ বছৰ পুৰণি আঠোটা অট্টালিকাৰ পুনৰ বিকাশ কৰি সেই স্থানত ৭৮টা ফ্লেটৰ নিৰ্মাণ কৰা হৈছে।

সাংসদসকলৰ বাবে নিৰ্মাণ কৰা এই লানি আবসগৃহত  ‘সেউজ ভৱন নিৰ্মাণ’ৰ সকলোবোৰ বিধি নিয়ম মানি চলা হৈছে বুলি ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। এই লানি আবাসে আবাসী সাংসদসকলক নিৰাপদে আৰু সুস্থ ভাবে থকাৰ সুবিধা প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে। সাংসদসকলৰ থকা-মেলাৰ সমস্যা দীৰ্ঘ দিন ধৰি অব্যাহত আছিল যদিও এইলানি ফ্লেটে সেই সমস্যা বহু পৰিমাণে নোহোৱা কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। দশকজোৰা সমস্যাক উপেক্ষা কৰি থাকিলে সমাধান উলিয়াব নোৱাৰি, বৰঞ্চ ইয়াক বিচাৰিব লাগিব বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। দিল্লীত এনে বহুবোৰ প্ৰকল্প দীৰ্ঘদিনে আধৰুৱা হৈ পৰি ৰৈছিল যদিও বৰ্তমানৰ চৰকাৰে সেইবোৰ বিচাৰি উলিয়াই নিৰ্দ্ধাৰিত সময়ৰ আগতেই সেয়া সম্পূৰ্ণ কৰি উলিয়ালে বুলিও তেওঁ উল্লেখ কৰে। প্ৰসংগ ক্ৰমে তেওঁ ‘আম্বেডকাৰ ৰাষ্ট্ৰীয় স্মাৰক’ নিৰ্মাণৰ প্ৰসংগ উল্লেখ কৰি কয় যে এই প্ৰকল্পৰ সিদ্ধান্ত অটল বিহাৰী বাজপেয়ীৰ দিনতে হৈছিল যদিও ২৩টা বছৰৰ পিচত এইখন চৰকাৰেহে এই প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰিলে। ‘কেন্দ্ৰীয় তথ্য আয়োগৰ কাৰ্যালয় ভৱন’ৰ নিৰ্মাণ, ‘ইণ্ডিয়া গেট’ৰ সমীপৰ ‘সমৰ স্মাৰক’ আৰু ‘ৰাষ্ট্ৰীয় আৰক্ষী স্মাৰক’ আদিৰ দৰে দীৰ্ঘ দিনী্য়া প্ৰকল্পৰ সপোন এইখন চৰকাৰে বাস্তৱায়িত কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে কয় যে সকলো সাংসদেই সংসদৰ উত্পাদনশীলতাৰ ক্ষেত্ৰত উত্পাদন আৰু প্ৰক্ৰিয়াৰ ৰক্ষণা-বেক্ষণ কৰিছে আৰু এই ক্ষেত্ৰত এক এক নতুন শিখৰ স্পৰ্শ কৰিব পাৰিছে। সদন পৰিচালনাৰ ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শীতাৰ বাবে তেওঁ লোকসভাৰ অধ্যক্ষগৰাকীক প্ৰশংসা কৰে। লোকসভাৰ কাম-কাজ সুচাৰুৰাপে চলাত, আনকি মহামাৰীৰ সময়তো অব্যাহত থকাত সন্তুষ্টি প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে।

তেওঁ কয়, ‘যুৱ-প্ৰজন্মৰ বাবে যেনেকৈ ১৬-১৮ বছৰীয়া বয়সকালছোৱা গুৰুত্বপূৰ্ণ হয়, ঠিক তেনেকৈ ২০১৯চনৰ নিৰ্বাচনৰ জৰিয়তে ষোড়শটা কাৰ্যকাল সম্পূৰ্ণ কৰাতো আমাৰ সংসদৰ বাবেও গুৰুত্বপূৰ্ণ আৰু এয়া দেশৰ প্ৰগতি আৰু বিকাশৰ ক্ষেত্ৰত নিতান্তই গুৰুত্বপূৰ্ণ’। ২০১৯ চনত সপ্তদশ লোকসভাৰ কাৰ্যকাল আৰম্ভ হৈছিল আৰু এই লোকসভাত কেতবোৰ ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰা প্ৰধানমন্ত্ৰীয়ে নতুন দশকটোত দেশক বিকাশৰ দিশৰে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সেই দশকটোত আহিবলগীয়া পৰৱৰ্তি লোকসভা(অষ্টাদশ)য়ো অতিকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি দৃঢ়তা প্ৰকাশ কৰে।

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi hails India’s ‘Mission Drishti’ launch as ‘world’s first OptoSAR satellite’ enters orbit

Media Coverage

PM Modi hails India’s ‘Mission Drishti’ launch as ‘world’s first OptoSAR satellite’ enters orbit
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 4 মে’ 2026
May 04, 2026

Green Roads, Smart Tolls, Trillion-Dollar Dreams: How PM Modi's Policies are Supercharging a Modern India