মাইক্ৰনৰ অৰ্ধপৰিবাহী সুবিধা উদ্বোধন কৰাটো ভাৰতৰ প্ৰযুক্তি নেতৃত্বৰ দিশত এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে: প্ৰধানমন্ত্ৰী
দীৰ্ঘদিন ধৰি চফট্ ৱেৰ শক্তিৰ বাবে পৰিচিত ভাৰতে এতিয়া হাৰ্ডৱেৰ খণ্ডতো নিজৰ পৰিচয় দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিছে: প্ৰধানমন্ত্ৰী
আজি ভাৰত দ্ৰুতগতিত বিশ্বৰ অৰ্ধপৰিবাহী মূল্য শৃংখলৰ অবিচ্ছেদ্য অংগ হৈ পৰিছেঃ প্ৰধানমন্ত্ৰী
এই শতিকাটো এ আই বিপ্লৱৰ শতিকা: প্ৰধানমন্ত্ৰী
যদি তেল যোৱা শতিকাটোৰ নিয়ন্ত্ৰক আছিল, তেন্তে মাইক্ৰ’চিপ এই শতিকাৰ নিয়ন্ত্ৰক হ’ব: প্ৰধানমন্ত্ৰী
বিশ্বৰ বিনিয়োগকাৰীসকলৰ বাবে ভাৰতৰ মাত্ৰ এটা বাৰ্তা আছে, ভাৰত সাজু, ভাৰত নিৰ্ভৰযোগ্য, ভাৰতে যোগান ধৰে : প্ৰধানমন্ত্ৰী
এই বাৰ্তাটো বিশ্ববাসীৰ কাষত উচ্চস্বৰে আৰু স্পষ্টভাৱে উপনীত হৈছে- ভাৰত সক্ষম, ভাৰত প্ৰতিযোগিতামূলক,ভাৰত প্ৰতিশ্ৰুতিবদ্ধ: প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ সানন্দত মাইক্ৰন এ টি এম পি (এছেম্বলি, টেষ্ট, মাৰ্কিং, এণ্ড পেকেজিং) সুবিধা উদ্বোধন কৰে। বাণিজ্যিক উৎপাদন আৰম্ভ হোৱা এই উল্লেখনীয় অনুষ্ঠানটোৱে ভাৰতৰ বিশ্ব প্ৰযুক্তিৰ নেতৃত্বৰ দিশত যাত্ৰাৰ এক ঐতিহাসিক মাইলৰ খুঁটি হিচাবে পৰিগণিত হৈছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বিশ্বৰ সৰ্ববৃহৎ আৰু সফল এআই সন্মিলনৰ পিছত আজি আমি আন এক ঐতিহাসিক মাইলৰ খুঁটিৰ সাক্ষী হৈছো। “এআই শীৰ্ষ সন্মিলনে বিশ্বক ভাৰতৰ এআইৰ দক্ষতাৰ সৈতে পৰিচয় কৰাই দিলে, এয়া  প্ৰযুক্তিৰ নেতৃত্বৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাৰ প্ৰমাণ”, শ্ৰী মোদীয়ে মন্তব্য কৰে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰত এসময়ত মূলতঃ চফটৱেৰ আৰু আই টি সেৱাৰ বাবে পৰিচিত আছিল যদিও এতিয়া ই হাৰ্ডৱেৰ খণ্ডত দ্ৰুতগতিত নিজৰ পৰিচয় শক্তিশালী কৰি তুলিছে। “আজি সানন্দত আমি নতুন ভৱিষ্যত উদয় হোৱা দেখিবলৈ পাইছো।মাইক্ৰনৰ এ টি এম পি সুবিধাত বাণিজ্যিক উৎপাদন আৰম্ভ হোৱাটোৱে বিশ্ব প্ৰযুক্তি মূল্য শৃংখলত ভাৰতৰ ভূমিকাক শক্তিশালী কৰিবলৈ সাজু হৈছে”, শ্ৰী মোদীয়ে জোৰ দি কয়। প্ৰধানমন্ত্ৰীয়ে "নতুন ভাৰত" মানসিকতাৰ বিষয়তো আলোকপাত কৰে, য'ত নীতিৰ পৰা উৎপাদনলৈ পৰিৱৰ্তন অভূতপূৰ্ব গতিৰে ঘটি আছে। প্ৰধানমন্ত্ৰীয়ে প্ৰকল্পটোৰ দ্ৰুত অগ্ৰগতিৰ বিষয়ত  গুৰুত্ব আৰোপ কৰি উল্লেখ কৰে যে ২০২৩ চনৰ জুন মাহত এই বিষয়ত  বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিল, তাৰ পিছত ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত সানন্দত আৰম্ভ  কৰা হৈছিল।“২০২৪ চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত  মেচিন স্থাপন আৰম্ভ হৈছিল। ইয়াৰ  ফলত ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত বাণিজ্যিক উৎপাদন আৰম্ভ  হৈছে”, শ্ৰী মোদীয়ে লগতে কয়।শ্ৰী মোদীয়ে কয় যে ভাৰতে জটিল নিয়ন্ত্ৰণ প্ৰক্ৰিয়াসমূহ যথেষ্ট সুশৃংখলিত কৰিছে, মাত্ৰ কেইমাহমানৰ ভিতৰতে উন্নত মূল্য নিৰ্ধাৰণ চুক্তি (এপিএ)সমূহ সফলতাৰে গ্ৰহণ কৰিছে। তেওঁ উল্লেখ কৰে যে এই একেটা পদ্ধতিৰ বাবে  সাধাৰণতে তিনিৰ পৰা পাঁচ বছৰৰ ভিতৰত সময় লাগে, আনকি উন্নত দেশসমূহতো তেনে হয় । প্ৰধানমন্ত্ৰীয়ে কয় যে যেতিয়া উদ্দেশ্য স্পষ্ট হয় আৰু দেশৰ দ্ৰুত বিকাশৰ দিশত সমৰ্পিত  হয়, তেতিয়া নীতিসমূহ স্বচ্ছ হৈ পৰে আৰু সিদ্ধান্তসমূহে গতি লাভ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে এই সুবিধা ভাৰত আৰু আমেৰিকাৰ মাজত বিশেষকৈ এআই আৰু চিপ প্ৰযুক্তিৰ ক্ষেত্ৰত শক্তিশালী অংশীদাৰিত্বৰ প্ৰমাণ। তেওঁ উল্লেখ কৰে যে বিশ্বৰ দুখন বৃহৎ গণতন্ত্ৰ ভাৰত আৰু আমেৰিকাই বিশ্বৰ যোগান শৃংখল সুৰক্ষিত কৰাৰ বাবে অবিৰতভাৱে কাম কৰি আছে। তেওঁ লগতে  এআই শীৰ্ষ সন্মিলনৰ সময়ত স্বাক্ষৰিত পেক্স চিলিকা চুক্তিক জটিল খনিজ পদাৰ্থৰ যোগান শৃংখলক অধিক নিৰ্ভৰযোগ্য কৰি তোলাৰ এক বিশেষ  পদক্ষেপ  হিচাপে উল্লেখ কৰে। এই শতিকাক এ আই বিপ্লৱৰ শতিকা বুলি উল্লেখ  কৰি প্ৰধানমন্ত্ৰীয়ে অৰ্ধপৰিবাহীক এই পৰিৱৰ্তনৰ সেতু বুলি কয় । ঐতিহাসিক পৰিৱৰ্তনৰ বিষয়ে  তুলনা কৰি শ্ৰী মোদীয়ে কয় যে যদি তেল ২০ শতিকাৰ নিয়ন্ত্ৰক আছিল, তেন্তে মাইক্ৰ’ চিপ একবিংশ শতিকাৰ নিয়ন্ত্ৰক হৈ পৰিছে। এটা সৰু চিপ হৈছে ঔদ্যোগিক বিপ্লৱক এআই বিপ্লৱৰ সৈতে সংযোগ কৰাৰ  মাধ্যম। ‘এই দৃষ্টিভংগীৰে ভাৰতে অৰ্ধপৰিবাহী খণ্ডত দ্ৰুতভাবে  আগবাঢ়ি যোৱাৰ সিদ্ধান্ত লৈছিল।মনত ৰাখিব,  যেতিয়া বিশ্বই কোভিডৰ বিধ্বংসী লীলাৰ সৈতে যুঁজি আছিল, তেতিয়াই ভাৰতে নিজৰ অৰ্ধপৰিবাহী অভিযান ঘোষণা কৰিছিল।মহামাৰীৰ সময়ত যেতিয়া সকলো ছিন্নভিন্ন হৈ পৰা যেন লাগিছিল, তেতিয়া আমি দৃঢ়তাৰে ৰোপণ কৰা বীজবোৰৰ পৰা গজা গছবোৰ  এতিয়া বাঢ়িছে আৰু ফল দিছে।” শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে অৰ্ধপৰিবাহী খণ্ডৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাৰ কথা  পুনৰবাৰ উল্লেখ কৰি কয় যে ছেমিকন ইণ্ডিয়া কাৰ্যসূচীৰ অধীনত ১০টা প্ৰকল্প অনুমোদন হৈছে যদিও উত্তৰ প্ৰদেশ, অসম, ওড়িশা, পঞ্জাৱকে ধৰি বিভিন্ন ৰাজ্যত অতি সোনকালে আৰু তিনিটা প্ৰকল্পৰ উৎপাদন আৰম্ভ হ’ব। “আমি গঢ়ি তোলা এই পৰিৱেশ তন্ত্ৰটো কেৱল এটা অঞ্চলতে সীমাবদ্ধ নহয়, ই হৈছে সমগ্ৰ ভাৰততে।দেশৰ প্ৰতিটো কোণতে ‘বিকশিত ভাৰত’ৰ বাবে নতুন টেক হাব গঢ়ি তোলা হৈছে- শ্ৰী মোদীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়েলগতে কয় যে অৰ্ধপৰিবাহী পৰিৱেশ তন্ত্ৰ  একোটা  এটা কাৰখানাতকৈও বহু বেছি; ই এটা বহুস্তৰীয় ব্যৱস্থা য'ত মেচিন নিৰ্মাতা, ডিজাইন অভিযন্তা, গৱেষণা প্ৰতিষ্ঠান, লজিষ্টিক নেটৱৰ্ক আৰু দক্ষ কাৰিকৰী লোক জড়িত হৈ থাকে। এই সকলোবোৰ  উপাদানৰ নিৰৱচ্ছিন্ন সমন্বয়ৰ জৰিয়তে এটা চিপ উৎপন্ন হয়। প্ৰধানমন্ত্ৰীয়ে কয় যে, "ভাৰতে সমগ্ৰ মূল্য শৃংখলৰ ক্ষেত্ৰত  গুৰুত্ব আৰোপ কৰিছে। এই বছৰৰ বাজেটত আমি এই উদ্দেশ্যেৰেই 'ভাৰত অৰ্ধপৰিবাহী অভিযান ২.০' ঘোষণা কৰিছিলো।" এই বৃদ্ধিৰ পৰিসৰৰ বিষয়ত  আলোকপাত কৰি প্ৰধানমন্ত্ৰী  মোদীয়ে লগতে কয়, “উৎপাদন বৃদ্ধিৰ লগে লগে ভাৰতৰ ভিতৰতো সামগ্ৰী, উপাদান  আৰু সেৱাৰ চাহিদা বৃদ্ধি পাব।এয়াই আটাইতকৈ ডাঙৰ সুযোগ।”শ্ৰী মোদীয়ে লগতে এইবুলি  আলোকপাত কৰে, “ ভাৰতৰ জনসংখ্যাৰ এক বৃহৎ অংশই প্ৰথমবাৰৰ বাবে গেজেট ব্যৱহাৰকাৰী হৈ পৰিছে। সেয়া ইলেক্ট্ৰনিকছেই  হওক, অটোম’বাইলেই  হওক, বা অন্যান্য প্ৰযুক্তিয়েই হওক, চাহিদা অহৰহ বৃদ্ধি পাইছে। "মেক ইন ইণ্ডিয়া" এতিয়া পূৰ্ণ গতিত চলি আছে।” বিগত ১১ বছৰত ইলেক্ট্ৰনিকছ খণ্ডৰ উৎপাদন আৰু ৰপ্তানি বহুগুণে বৃদ্ধি পোৱাৰ  কথা উল্লেখ কৰি শ্ৰী মোদীয়ে আঙুলিয়াই দিয়ে যে, “ বিনিয়োগকাৰীৰ বাবে ঘৰুৱা বজাৰ আৰু বিশ্বজুৰি  চাহিদা, দুয়োটা সুযোগেই সাজু হৈ আছে।”সানন্দ অটোম’বাইল হাবলৈ ৰূপান্তৰিত হোৱাৰ  কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে আত্মবিশ্বাস প্ৰকাশ কৰে যে মাইক্ৰনৰ সুবিধাই নতুন অৰ্ধপৰিবাহী পৰিৱেশ তন্ত্ৰক গতি দিব । এই উদ্যোগটোৱে গ্লোবেল ডাটা চেণ্টাৰ, এআই এপ্লিকেচন, আৰু মোবাইল ডিভাইচসমূহক শক্তি প্ৰদান কৰিবলৈ ডি-ৰেম আৰু নেণ্ড (NAND) ছলিউছন   উৎপাদন কৰিব। তেওঁ ইয়াত বিশ্বৰ অন্যতম বৃহৎ এ টি এম পি ক্লীনৰুম স্থাপনৰ সুবিধা আৰু নূন্যতম পানীৰ ব্যৱহাৰৰ জৰিয়তে পৰিৱেশ বহনক্ষমতাৰ বিষয়তো  গুৰুত্ব আৰোপ কৰা কাৰ্যক  প্ৰশংসা কৰে। গুজৰাট চৰকাৰৰ নীতিৰ প্ৰশংসা কৰি শ্ৰী মোদীয়ে কয় যে অৰ্ধপৰিবাহী খণ্ডৰ বাবে গ্ৰহণ কৰা নীতিয়ে এতিয়া সঠিক ফল দিছে। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে গুজৰাটে প্ৰযুক্তিৰ ক্ষেত্ৰত দ্ৰুতগতিত আগবাঢ়িছে। "অনুমোদন, ভূমি আবণ্টন আৰু উপযোগীতাৰ দৰে প্ৰক্ৰিয়াসমূহৰ সৰলীকৰণে বিনিয়োগকাৰীৰ আস্থা শক্তিশালী কৰিছে। ধোলেৰা আৰু সানন্দ পশ্চিম ভাৰতৰ অৰ্ধপৰিবাহী ক্লাষ্টাৰ হিচাপে বিকশিত হৈছে", শ্ৰী মোদীয়ে কয় । প্ৰধানমন্ত্ৰীয়ে লগতে  কয় যে অৰ্ধপৰিবাহী খণ্ডৰ বাবে প্ৰয়োজনীয় ইনপুট,যেনে ৰাসায়নিক আৰু পেট্ৰ’কেমিকেলৰ সৈতে জড়িত উদ্যোগসমূহৰ উপৰি  দক্ষতা কেন্দ্ৰ আৰু প্ৰশিক্ষণৰ পদক্ষেপসমূহো একেলগে গ্ৰহণ কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে বিশ্বৰ  বিনিয়োগকাৰীসকললৈ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰি ভাষণৰ  সামৰণি মাৰে। তেওঁ দৃঢ়তাৰে কয়, “ভাৰত সাজু, ভাৰত নিৰ্ভৰযোগ্য, ভাৰত যোগান ধৰে ।” তেওঁ বিশ্বৰ অংশীদাৰ আৰু বিনিয়োগকাৰীসকলক কেন্দ্ৰ তথা  ৰাজ্য চৰকাৰ উভয়ৰে পৰা অটল সমৰ্থনৰ আশ্বাস দিয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে  এই দশকটোক ভাৰতৰ প্ৰযুক্তিগত কাহিনীৰ বাবে এক ঐতিহাসিক টাৰ্নিং পইণ্ট হিচাপে চিহ্নিত কৰে। তেওঁৰ এই বাৰ্তাই বিশ্বজুৰি এক স্পষ্ট, দৃঢ় প্ৰতিশ্ৰুতিৰে অনুৰণন ঘটায়: “ভাৰত সক্ষম, ভাৰত প্ৰতিযোগিতামূলক, ভাৰত প্ৰতিশ্ৰুতিবদ্ধ।”

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
In 2019, India launched its first Vande Bharat Express; seven years later came the sleeper version, and Railways now plans 260 Vande sleeper rakes with world-class features

Media Coverage

NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 3 ছেপ্টেম্বৰ 2026
September 03, 2026

A- Rating to Third-Largest Wind Producer: How Modi’s Policies Are Rewriting India’s Global Rank