মাইক্ৰনৰ অৰ্ধপৰিবাহী সুবিধা উদ্বোধন কৰাটো ভাৰতৰ প্ৰযুক্তি নেতৃত্বৰ দিশত এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে: প্ৰধানমন্ত্ৰী
দীৰ্ঘদিন ধৰি চফট্ ৱেৰ শক্তিৰ বাবে পৰিচিত ভাৰতে এতিয়া হাৰ্ডৱেৰ খণ্ডতো নিজৰ পৰিচয় দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিছে: প্ৰধানমন্ত্ৰী
আজি ভাৰত দ্ৰুতগতিত বিশ্বৰ অৰ্ধপৰিবাহী মূল্য শৃংখলৰ অবিচ্ছেদ্য অংগ হৈ পৰিছেঃ প্ৰধানমন্ত্ৰী
এই শতিকাটো এ আই বিপ্লৱৰ শতিকা: প্ৰধানমন্ত্ৰী
যদি তেল যোৱা শতিকাটোৰ নিয়ন্ত্ৰক আছিল, তেন্তে মাইক্ৰ’চিপ এই শতিকাৰ নিয়ন্ত্ৰক হ’ব: প্ৰধানমন্ত্ৰী
বিশ্বৰ বিনিয়োগকাৰীসকলৰ বাবে ভাৰতৰ মাত্ৰ এটা বাৰ্তা আছে, ভাৰত সাজু, ভাৰত নিৰ্ভৰযোগ্য, ভাৰতে যোগান ধৰে : প্ৰধানমন্ত্ৰী
এই বাৰ্তাটো বিশ্ববাসীৰ কাষত উচ্চস্বৰে আৰু স্পষ্টভাৱে উপনীত হৈছে- ভাৰত সক্ষম, ভাৰত প্ৰতিযোগিতামূলক,ভাৰত প্ৰতিশ্ৰুতিবদ্ধ: প্ৰধানমন্ত্ৰী

গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীযুত ভূপেন্দ্ৰ ভাই পেটেল, কেন্দ্ৰত মোৰ সহকৰ্মী অশ্বিনী বৈষ্ণৱ, মাইক্ৰন টেকন'লজিৰ চিইঅ' সঞ্জয় মেহৰোত্ৰা জী, ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ' গোৰো, উপ-মুখ্যমন্ত্ৰী হৰ্ষ সাংভী জী, অন্যান্য বিশিষ্ট ব্যক্তি, ভদ্ৰলোক আৰু ভদ্ৰমহিলাসকল।

বিশ্বৰ সৰ্ববৃহৎ আৰু সফল এআই সন্মিলনৰ পিছত আজি আমি ইয়াত আন এক ঐতিহাসিক মাইলৰ খুঁটিৰ সাক্ষী হৈছো। এআই সন্মিলনে ভাৰতৰ এআই সম্ভাৱনাৰ সৈতে বিশ্বৰ সৈতে পৰিচয় কৰাই দিয়াৰ বিপৰীতে আজি প্ৰযুক্তিৰ নেতৃত্বৰ বিষয়ত  ভাৰতৰ দায়বদ্ধতাৰ আন এক প্ৰমাণ দাঙি ধৰিছে।

বন্ধুসকল,

বহু আগৰ কথা নহয়; ১০-১১ বছৰ আগলৈকে ভাৰতত ডাটা আৰু চিপৰ বিষয়ে আলোচনা অতি কম পৰিসৰত হৈছিল। প্ৰযুক্তিৰ কথা আহিলে আমাৰ আলোচনা প্ৰায়ে আই টি সেৱাৰ বিষয়তে  বহুলাংশে আবদ্ধ আছিল। আৰু চাওক আজি, চফটৱেৰৰ বাবে পৰিচিত ভাৰতে এতিয়া হাৰ্ডৱেৰৰ ক্ষেত্ৰতো নিজৰ পৰিচয় শক্তিশালী কৰি তুলিছে। আজি সানন্দত আমি দেখিবলৈ পাইছো এক নতুন ভৱিষ্যতৰ উত্থান। মাইক্ৰনৰ এই এ টি এম পি সুবিধাত বাণিজ্যিক উৎপাদন আৰম্ভ হোৱাটোৱে বিশ্ব প্ৰযুক্তি মূল্য শৃংখলত ভাৰতৰ ভূমিকা শক্তিশালী কৰিবলৈ গৈ আছে।

 

 

বন্ধুসকল,

আজি ভাৰত অতি দ্ৰুতগতিত বিশ্বৰ অৰ্ধপৰিবাহী মূল্য শৃংখলৰ অংশ হিচাপে পৰিগণিত হৈছে। মাইক্ৰনৰ সমগ্ৰ দলটোলৈ, ভূপেন্দ্ৰ ভাইৰ নেতৃত্বত পৰিচালিত  গুজৰাট চৰকাৰলৈ আৰু সকলো অভিযন্তা, কাৰিকৰীবিদ আৰু শ্ৰমিকলৈ অশেষ অভিনন্দন জ্ঞাপন কৰিলোঁ।

বন্ধুসকল,

মাইক্ৰনৰ এই সুবিধা ভাৰতৰ নতুন  গতিৰ এক সুন্দৰ উদাহৰণ। আজিৰ ভাৰতবৰ্ষই নীতিৰ পৰা উৎপাদনলৈ যি দৃষ্টিভংগীৰে আগবাঢ়িছে, সেয়া ইয়াত প্ৰতিফলিত হৈছে। আপোনালোকৰ মনত হয়তো  আছে, ২০২৩ চনৰ জুন মাহত এই সুবিধাৰ বাবে বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছিল। ইয়াৰ পিছত ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত এই সুবিধাৰ ভূমি পূজন সানন্দত কৰা হৈছিল। তাৰ পিছত ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত ইয়াৰ পাইলট ফেচিলিটিত মেচিন স্থাপন কৰিবলৈ আৰম্ভ কৰা হৈছিল। আৰু আজি ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত এই সুবিধাত বাণিজ্যিক উৎপাদন আৰম্ভ হৈছে।

বন্ধুসকল,

যিয়ে এই খণ্ডটোলৈ চাব বা বুজিব তেওঁ  এই গতিৰ অৰ্থ জানিব পাৰিব। আনকি বিশ্বৰ উন্নত দেশসমূহতো এডভান্সড প্ৰাইচিং এগ্ৰিমেণ্টৰ দৰে চুক্তিৰ ক্ষেত্ৰত  ৩ৰ পৰা ৫ বছৰ সময় লাগে। এয়া  এটা অতি জটিল প্ৰক্ৰিয়া। কিন্তু ভাৰতে মাত্ৰ কেইমাহমানৰ ভিতৰতে সেয়া সম্পূৰ্ণ  কৰিছে। যেতিয়া উদ্দেশ্য স্পষ্ট হয় আৰু সমৰ্পণ দেশৰ দ্ৰুত উন্নয়নৰ দিশত হয়, তেতিয়া নীতিও স্পষ্ট হৈ পৰে আৰু সিদ্ধান্ততো গতি অনিবাৰ্যভাৱে আহি পৰে।

বন্ধুসকল,

মাইক্ৰনৰ নেতৃত্বৰ প্ৰতিও কৃতজ্ঞতা প্ৰকাশ কৰিছো; বন্ধু সঞ্জয়ক যিমানেই অভিনন্দন নজনাও কিয়, সেয়া যথেষ্ট নহয়। আজি সঞ্জয়ে মোক আচৰিত কৰিলে, কাৰণ সঞ্জয়ক লগ পালে খুব কম কথা কয়; আজি তেওঁৰ ভাষণ শুনাৰ পিছত আন এজন সঞ্জয়ৰ লগত চিনাকি হ’লোঁ৷ তেওঁ ভাৰতৰ প্ৰতি অহৰহ আস্থা বজাই ৰাখিছে। ভাই সঞ্জয় জীক বিশেষ প্ৰশংসা কৰিম; মোৰ মনত আছে যে বিগত বছৰবোৰত আমি যেতিয়াই লগ পাইছিলো তেতিয়াই তেওঁ ভাৰতৰ অৰ্ধপৰিবাহী পৰিৱেশ তন্ত্ৰৰ সন্দৰ্ভত অতি উৎসাহ প্ৰদৰ্শন কৰিছিল। আজি তেওঁৰ নেতৃত্ব, ভাৰতৰ প্ৰতি তেওঁৰ আস্থাই যেন ভাৰতক  এক নতুন উচ্চতাত উপনীত কৰোৱাইছে। ভাৰতত নিযুক্তি পোৱাৰ পিছত ৰাষ্ট্ৰদূত গোৰোৱেও হয়তো প্ৰথমবাৰৰ বাবে গুজৰাটলৈ আহিছে। আৰু তেওঁ আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰদূত হোৱাৰ পিছত আজি তেওঁৰ সৈতে মোৰ প্ৰথম সাক্ষাৎ হৈছে।   আমাৰ আতিথ্য আপোনালোকে সম্পূৰ্ণৰূপে উপভোগ কৰিব বুলি মোৰ বিশ্বাস।

 

 

বন্ধুসকল,

মাইক্ৰনৰ এই সুবিধা, আজিৰ কাৰ্যসূচী ভাৰত আৰু আমেৰিকাৰ মাজত শক্তিশালী সহযোগিতা আৰু অংশীদাৰিত্বৰ প্ৰমাণ। বিশেষকৈ এআই আৰু চিপছৰ দৰে প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰত আৰু আমেৰিকাৰ অংশীদাৰিত্ব অতি গুৰুত্বপূৰ্ণ। আজি সমগ্ৰ বিশ্বই মানৱতাৰ উন্নত ভৱিষ্যতৰ সৈতে জড়িত এই দুটা প্ৰযুক্তিৰ যোগান শৃংখল সুৰক্ষিত কৰিব বিচাৰিছে আৰু বিশ্বৰ দুখন বৃহৎ গণতন্ত্ৰ ভাৰত তথা  আমেৰিকাই ইয়াৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আছে। এ আই সন্মিলনৰ সময়ত ভাৰত আৰু আমেৰিকাৰ মাজত পেক্স চিলিকাৰ সৈতে জড়িত চুক্তিখন এই দিশত গ্ৰহণ  কৰা আন এক পদক্ষেপ । আমাৰ ভাগ-বাটোৱাৰা কৰা প্ৰচেষ্টাই জটিল খনিজ পদাৰ্থৰ বিশ্বব্যাপী যোগান শৃংখলক অধিক সুৰক্ষিত ইয়াক আৰু অধিক নিৰ্ভৰযোগ্য কৰি তুলিব।

 

বন্ধুসকল,

২০ শতিকালৈকে বিশ্বই ঔদ্যোগিক বিপ্লৱৰ যুগ দেখিছিল। সেই সময়ত কাৰখানা, মেচিন আৰু  উৎপাদনত আগবাঢ়ি থকা দেশবোৰে দ্ৰুতগতিত অগ্ৰগতি লাভ কৰিছিল। কিন্তু এই শতিকাটো হৈছে এ আই বিপ্লৱৰ শতিকা। অৰ্ধপৰিবাহী এই পৰিৱৰ্তনৰ ডাঙৰ দলং। সৰু চিপ হৈছে ঔদ্যোগিক বিপ্লৱ আৰু এআই বিপ্লৱ দুয়োটাকে সংযোগ কৰা মাধ্যম। যদি যোৱা শতিকাৰ নিয়ন্ত্ৰক আছিল তেল, তেন্তে এই শতিকাৰ নিয়ন্ত্ৰক হ’বলৈ গৈ আছে মাইক্ৰ’ চিপ।

বন্ধুসকল,

এই চিন্তাৰে ভাৰতে অৰ্ধপৰিবাহী খণ্ডত দ্ৰুতগতিত আগবাঢ়ি যোৱাৰ সিদ্ধান্ত ল’লে। আপোনালোকৰ হয়তো  মনত আছে, যেতিয়া বিশ্বই কোভিডৰ বিধ্বংসী লীলাৰ  সৈতে যুঁজি আছিল, তেতিয়া ভাৰতে ছেমিকণ্ডাক্টৰ অভিযান ঘোষণা কৰিছিল। সেই সময়ছোৱাত ইয়াত বহি থকা বহু সহকৰ্মীয়ে, বিভিন্ন দলে, ইখনৰ পিছত সিখনকৈ  সভা পৰিচালনা কৰি আছিল। মহামাৰীৰ সময়ত সকলো ছিন্নভিন্ন হৈ পৰা যেন লাগিছিল। কিন্তু আমি দৃঢ়তাৰে ৰোপণ কৰা বীজবোৰ এতিয়া গছ হৈ  বাঢ়িছে আৰু ফল দিছে।

বন্ধুসকল,

এতিয়ালৈকে ছেমিকন ইণ্ডিয়া কাৰ্যসূচীৰ অধীনত মুঠ ১০টা প্ৰকল্প অনুমোদন  হৈছে। ইয়াৰে মাইক্ৰনৰ উপৰি আৰু তিনিটা প্ৰকল্পটো অতি সোনকালে উৎপাদন আৰম্ভ হ’ব। আমি গঢ়ি তোলা অৰ্ধপৰিবাহী পৰিৱেশ তন্ত্ৰটো এটা অঞ্চলতে সীমাবদ্ধ নহয়; ই হৈছে সমগ্ৰ ভাৰতত । অৰ্থাৎ দেশৰ প্ৰতিটো প্ৰান্ততে উন্নত ভাৰতৰ নতুন টেক হাব গঢ়ি তোলা হৈছে। ইয়াত সানন্দৰ বাহিৰেও ঢোলেৰাতো এই বিষয়ত অতি বৃহৎ পৰিসৰত কাম চলি আছে। মাত্ৰ কেইদিনমানৰ আগতে উত্তৰ প্ৰদেশৰ নয়ডাতো এটা নতুন সুবিধাৰ কাম আৰম্ভ হৈছিল। অসম, ওড়িশা, পঞ্জাৱতো অৰ্ধপৰিবাহী গোটৰ কাম চলি আছে।

 

 

বন্ধুসকল,

আজি ভাৰতৰ পৰা সমগ্ৰ বিশ্বৰ বিনিয়োগকাৰীৰ বাবে এটাই বাৰ্তা আছে যে ভাৰত সাজু,  ভাৰত নিৰ্ভৰযোগ্য আৰু ভাৰতে যোগান ধৰে ।

বন্ধুসকল,

আপোনালোকে  জানে যে অৰ্ধপৰিবাহী পৰিৱেশ তন্ত্ৰৰ অৰ্থ কেৱল এটা কাৰখানাই নহয়। এই পৰিৱেশ তন্ত্ৰটো মেচিন নিৰ্মাতা, ডিজাইন অভিযন্তা, গৱেষণা প্ৰতিষ্ঠান, লজিষ্টিক নেটৱৰ্ক আৰু দক্ষ কাৰিকৰীবিদৰ দৰে বহু স্তৰেৰে গঠিত। সকলোৰে সমন্বয়ত এটা চিপ প্ৰস্তুত কৰা হয়। ভাৰতেও অৰ্ধপৰিবাহী পৰিৱেশ তন্ত্ৰৰ সমগ্ৰ মূল্য শৃংখলৰ ক্ষেত্ৰত  গুৰুত্ব আৰোপ কৰিছে। এইবাৰৰ বাজেটত আমি ভাৰত অৰ্ধপৰিবাহী অভিযান ২.০ ঘোষণা কৰিছো। ইয়াৰ উদ্দেশ্যও এয়াই । উৎপাদন বৃদ্ধিৰ লগে লগে ভাৰতৰ ভিতৰতে সামগ্ৰী, উপাদান আৰু সেৱাৰ চাহিদা বৃদ্ধি পাব। এয়াই  আটাইতকৈ ডাঙৰ সুযোগ।

বন্ধুসকল,

ভাৰতৰ আন এটা ডাঙৰ সুবিধা হ’ল আমাৰ উৎপাদনৰ উচ্চাকাংক্ষা। ভাৰতৰ জনসংখ্যা অতি বৃহৎ,  যিয়ে প্ৰথমবাৰৰ বাবে গেজেট ব্যৱহাৰকাৰী হৈ পৰিছে। ইলেক্ট্ৰনিকছেই  হওক, অটোম’বাইলেই  হওক, বা আন প্ৰযুক্তিয়েই হওক, ভাৰতত চাহিদা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। অৰ্থাৎ মেক ইন ইণ্ডিয়া এতিয়া পূৰ্ণগতিত আগবাঢ়িছে। আমাৰ ইলেক্ট্ৰনিকছ খণ্ডলৈ নিজেই চাওক; যোৱা ১১ বছৰত ইলেক্ট্ৰনিকছৰ উৎপাদন আৰু ৰপ্তানি বহুগুণ বৃদ্ধি পাইছে। এতিয়া ভাৰতে দেশৰ ভিতৰতে উপাদানৰ পৰা আৰম্ভ কৰি সম্পূৰ্ণ সামগ্ৰীলৈকে সকলো নিৰ্মাণৰ কামত ব্যস্ত হৈ পৰিছে। ইলেক্ট্ৰনিকছৰ উপাদান নিৰ্মাণৰ পৰিসৰ বৃদ্ধি হোৱাৰ লগে লগে অৰ্ধপৰিবাহীৰ ঘৰুৱা চাহিদাও সেই অনুসৰি বৃদ্ধি পাব। অৰ্থাৎ ভাৰতত বিনিয়োগ কৰাসকলৰ বাবে ঘৰুৱা বজাৰ আৰু বিশ্বৰ বজাৰ,  দুয়োটা সুযোগেই আছে ।

সানন্দৰ এই সমগ্ৰ অঞ্চলটোৰ প্ৰতি মোৰ এক বিশেষ মোহ আছে। সানন্দ হৈছে সেই ভূমি যিয়ে আনকি মাটিকো সোণলৈ ৰূপান্তৰিত কৰে। এই কথা মই মোৰ অভিজ্ঞতাৰ পৰা কৈছোঁ। যদি ইয়াত সানন্দৰ দুই এজন মানুহ বহি আছে - এটা সময় আছিল যেতিয়া মই ইয়ালৈ বাছেৰে আহিছিলো আৰু  চাইকেলেৰে ইয়াৰ গলিবোৰত   ঘূৰি ফুৰিছিলো; ই এখন সৰু চহৰ আছিল, মই ইয়াৰ পৰাই চাইকেলত উঠিছিলোঁ, অৰ্থাৎ এক প্ৰকাৰে এইটোৱেই মোৰ বহুদিনৰ পৰা কামৰ ক্ষেত্ৰ আছিল ।  চকুৰ সন্মুখতে সানন্দক সলনি হোৱা দেখিছোঁ। কোনোবা যুগৰ এখন সৰু চহৰ আজি অতি ডাঙৰ চহৰলৈ ৰূপান্তৰিত হৈছে। আৰু ক’ৰ পৰা আৰম্ভ হ’ল—এটকীয়া এছএমএছ, এক টকীয়া। মই ৰতন টাটা জীলৈ এটা এছএমএছ পঠিয়াইছিলোঁ: স্বাগতম স্বাগতম, স্বাগতম লিখিছিলোঁ। এক টকাৰ বিনিয়োগ - চাওক এই বাৰ্তাটোৱেই  কি কৰিব পাৰিলে।

 

 

বন্ধুসকল,

এটা গাড়ীৰ কাৰখানাৰ পৰা দেশৰ এটা ডাঙৰ অটোম’বাইল হাবলৈ পৰিণত হোৱা সানন্দৰ পৰিৱৰ্তন  নিজৰ চকুৰে দেখিছোঁ৷  মোৰ মনত আছে, যেতিয়া ইয়ালৈ এটা ডাঙৰ অটোম’বাইল কোম্পানী আহিছিল, তেতিয়া ইয়াৰ লগে লগে সমগ্ৰ পৰিৱেশ তন্ত্ৰটোও বিকশিত হৈছিল। এটা কোম্পানী অহাৰ লগে লগে বহু আনুষংগিক গোট  ইয়ালৈ আহিল। যোগানকাৰীৰ নেটৱৰ্ক স্থাপন  হ’ল, স্থানীয় উদ্যোগ শক্তিশালী হ’ল আৰু নিয়োগ  তথা  বিনিয়োগ দুয়োটা বৃদ্ধি পালে। মই, দেশ আৰু বিশ্বৰ পৰা ইয়াত কাম কৰিবলৈ অহা সহকৰ্মীসকলক কওঁ  - এয়া  সঁচা যে এখন সৰু চহৰে হঠাতে বিশ্বৰ মানচিত্ৰত নিজৰ স্থান দখল কৰিছে।

বন্ধুসকল,

আপোনালোকে  বিচৰা জীৱনশৈলী, বিচৰা সামাজিক জীৱন, জীৱন যাপন কৰিব বিচৰাৰ ধৰণ - সেয়াও যোগান ধৰিব, কাৰণ এইখন গুজৰাট । আমি আপোনালোকক কোনো অভাৱ অনুভৱ কৰিবলৈ নিদিওঁ। এতিয়া একেদৰেই মাইক্ৰনৰ এই অগ্ৰণী সুবিধাটোৱেও নতুন পৰিৱেশ তন্ত্ৰৰ সম্প্ৰসাৰণ ঘটাবলৈ  ওলাইছে। আগন্তুক সময়ত সানন্দে অৰ্ধপৰিবাহী খণ্ডতো নিজৰ সফলতাৰ এক নতুন অধ্যায় লিখিব পাৰিব  বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছে।

 

বন্ধুসকল,

মাইক্ৰনৰ ডি-ৰাম আৰু নণ্ড (NAND)চলিউছনসমূহে সমগ্ৰ বিশ্বৰ ডাটা চেণ্টাৰ, এআই  এপ্লিকেচন, মোবাইল ডিভাইচ, আৰু উন্নত কম্পিউটিং চিষ্টেমসমূহক শক্তি প্ৰদান কৰে। এতিয়া এইবোৰ , ঠিক ইয়াতেই, এই সানন্দৰ ভূমিত তৈয়াৰ কৰা হ’ব। ইয়াত উন্নত ৱেফাৰক উচ্চমানৰ মেম’ৰী আৰু ষ্ট’ৰেজ প্ৰডাক্টলৈ ৰূপান্তৰিত কৰা হ’ব। এই উদ্যোগটোত বৰ্তমান শ শ লোকে কৰ্মসংস্থাপন লাভ কৰিছে। আগন্তুক সময়ত ইয়াৰ আৰু অধিক সম্প্ৰসাৰণ হ’ব।

বন্ধুসকল,

আপোনালোকে  ইয়াত নিৰ্মাণ কৰা ক্লীনৰুমৰ স্থান হ’ব বিশ্বৰ ভিতৰতে আটাইতকৈ ডাঙৰ এ.টি.এম.পি. । ই প্ৰগতি আৰু প্ৰকৃতিৰ মাজৰ সমন্বয়ৰ এক উত্তম উদাহৰণ। নূন্যতম পানী খৰচ হ’ব পৰাকৈ আপোনালোকে  যি ব্যৱস্থা কৰিছে সেয়াও প্ৰশংসনীয়।

বন্ধুসকল,

গুজৰাট চৰকাৰৰ নীতিৰো প্ৰশংসা কৰিম। গুজৰাটে অৰ্ধপৰিবাহী খণ্ডৰ বাবে যিবোৰ নীতি গ্ৰহণ কৰিছিল, সেইবোৰৰ লাভ এতিয়া দেখা গৈছে। ভূপেন্দ্ৰ ভাইৰ চৰকাৰৰ সক্ৰিয় পদক্ষেপৰ  বাবে গুজৰাট প্ৰযুক্তিৰ ক্ষেত্ৰত দ্ৰুতগতিত আগবাঢ়িছে। অনুমোদনেই হওক, ভূমি আবণ্টনৰ কথাই হওক, উপযোগীতাৰ দৰে প্ৰক্ৰিয়াক সহজ কৰি তোলাই হওক, ইয়াৰ ফলত গুজৰাটত বিনিয়োগকাৰীৰ আস্থা অধিক শক্তিশালী হৈছে। ঢোলেৰা আৰু সানন্দ আজি পশ্চিম ভাৰতৰ অৰ্ধপৰিবাহীৰ কেন্দ্ৰ  হিচাপে বিকশিত হৈছে। কেৱল এয়াই নহয়, অৰ্ধপৰিবাহী খণ্ডৰ বাবে প্ৰয়োজনীয় ইনপুটৰ সৈতে জড়িত উদ্যোগসমূহো গুজৰাটত গঢ় লৈ উঠিছে। যেনে ৰাসায়নিক আৰু পেট্ৰ’কেমিকেল উদ্যোগ, দক্ষতা কেন্দ্ৰ আৰু প্ৰশিক্ষণৰ পদক্ষেপ - এই সকলোবোৰে একেলগে গুজৰাটত কাম চলি আছে।

বন্ধুসকল,

ইয়াৰ দ্বাৰা ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে এক নতুন সুযোগৰ দুৱাৰ মুকলি হৈছে। আজি আমি প্ৰথম পদক্ষেপ গ্ৰহণ কৰিছো।  ভাৰতৰ ১০টা অৰ্ধপৰিবাহী উদ্যোগৰ উৎপাদন আৰম্ভ হোৱাৰ  লগে লগে এই বহুগুণক প্ৰভাৱ এমএছএমই, ষ্টাৰ্টআপ আৰু ইলেক্ট্ৰনিক্স উদ্যোগৰ সমগ্ৰ মূল্য শৃংখলৰ ওচৰলৈ যাব। ভাৰত সক্ষম, ভাৰত প্ৰতিযোগিতামূলক, ভাৰত প্ৰতিশ্ৰুতিবদ্ধ বুলি  এতিয়া  বিশ্ববাসীলৈ বাৰ্তা গৈছে। ভাৰতৰ অংশীদাৰ আৰু বিশ্ব বিনিয়োগকাৰীসকলক আশ্বস্ত কৰিছো যে ভাৰত চৰকাৰেই হওক বা ৰাজ্য চৰকাৰেই হওক, আমি সকলোৱে আপোনালোকৰ লগত আছো।

বন্ধুসকল,

ভৱিষ্যত প্ৰজন্মই যেতিয়া এই দশকলৈ উভতি চাব, তেতিয়া তেওঁলোকে গৌৰৱেৰে ক’ব যে ভাৰতে এই দশকত কিমান অগ্ৰগতি লাভ কৰিছিল। এই দশকটোৱেই ভাৰতৰ টেক ভৱিষ্যতৰ বাবে টাৰ্নিং পইণ্ট হিচাপে প্ৰমাণিত হ’ব। আকৌ এবাৰ মাইক্ৰনৰ  দল, গুজৰাট চৰকাৰ আৰু আপোনালোকক বহুত বহুত অভিনন্দন জনাইছো। ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Cabinet approves Rs 4,415 crore upgrade of 233 km NH-347B in Madhya Pradesh

Media Coverage

Cabinet approves Rs 4,415 crore upgrade of 233 km NH-347B in Madhya Pradesh
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM to visit Surat and Daman on 5th June
June 04, 2026
PM to inaugurate, dedicate to the nation and lay the foundation stone of various development projects worth around ₹18,800 Crore in Surat
PM to dedicate key packages of the 8-Lane Access-Controlled Vadodara-Mumbai Expressway to the nation
PM to lay foundation stone for four-laning of critical sections on NH-56; project to enhance connectivity across tribal regions and boost access to the Statue of Unity
PM to inaugurate, dedicate to the nation and lay the foundation stone of development projects worth around ₹2,970 Crore in Daman
PM to dedicate New Terminal Building of NAMO Airport in Daman
PM to lay foundation stones of port projects worth ₹885 Crore for the UT of Lakshadweep

Prime Minister Shri Narendra Modi will visit Gujarat and Daman on 5th June, 2026. At around 2:30 PM, Prime Minister will visit Hazira in Surat district and review ongoing industrial operations and infrastructure projects. At around 4:15 PM, Prime Minister will inaugurate, dedicate to the nation and lay the foundation stone of various development projects worth around ₹18,800 crore in Surat. He will also address the gathering on the occasion.

Prime Minister will then travel to Daman, where at around 6:15 PM, he will inaugurate the New Terminal Building of NAMO Airport in Daman. This will be followed by the dedication of NAMO Hospital in Daman to the nation. Thereafter, at around 7:15 PM, Prime Minister will inaugurate, dedicate and lay the foundation stone of various development projects worth around ₹2,970 crores in Daman. He will also lay the foundation stone of four important projects for the Union Territory of Lakshadweep worth around ₹885 crore. He will also address the gathering on the occasion.

PM in Surat

Prime Minister will inaugurate, dedicate to the nation and lay the foundation stone of multiple development projects worth over ₹18,800 crore in Surat across the road, power and industrial sectors.

Prime Minister will dedicate Packages VI and VII of the Vadodara-Mumbai Expressway to the nation, enhancing high-speed transportation, logistics efficiency and economic connectivity between Gujarat and Maharashtra. Prime Minister will lay the foundation stone for key infrastructure projects which includes the four-laning of critical sections on NH-56 to enhance connectivity across tribal regions and boost access to the Statue of Unity.

Prime Minister will also inaugurate a 200 bedded ESIC Hospital in Surat, providing modern secondary healthcare across key specialties, backed by a central laboratory and essential ancillary services. It also features 24/7 emergency and trauma care to ensure the timely management of occupational injuries and medical emergencies. Prime Minister will inaugurate critical utility and industrial infrastructure projects, including the Transmission Network Expansion in Gujarat to enhance power evacuation capacity under the Inter-State Transmission System. Prime Minister will also inaugurate several important initiatives of Government of Gujarat, including modern power distribution upgrades under the Revamped Reforms-Based Distribution Sector Scheme in Valsad, advanced effluent disposal and treatment infrastructure at Dahej Petroleum, Chemicals and Petrochemical Investment Region (PCPIR) and Sarigam Gujarat Industrial Development Corporation (GIDC), and essential layout utilities at the Jambusar Bulk Drug Park.

PM in Daman

Prime Minister will inaugurate, dedicate to the nation and lay the foundation stone of development projects worth around ₹2,970 crore in Daman. These projects span various sectors including healthcare, civil aviation, tourism, infrastructure, connectivity and public welfare and are expected to provide a major boost to the overall development of the Union Territory of Dadra and Nagar Haveli and Daman and Diu.

Prime Minister will inaugurate and dedicate projects worth around ₹1,340 crore, including the New Terminal Building of NAMO Airport and NAMO Hospital, among others in Daman. The new airport terminal will significantly enhance regional air connectivity and facilitate economic growth in the region. NAMO Hospital, the district hospital in Daman district, has been developed to cater to nearly 1,500 OPD patients per day and will strengthen access to quality healthcare services for the people.

Prime Minister will also lay the foundation stone of projects worth around ₹1,630 crore. Major projects include the Iconic Bridge, the Daman Convention Centre and the NIFT Campus at Daman, among others. These projects are expected to strengthen modern infrastructure, boost tourism, promote investment, generate employment opportunities and improve the quality of life of the people.

Prime Minister will also lay the foundation stone of important projects for the Union Territory of Lakshadweep worth around ₹885 crore. These projects include Development of Port Facilities on the Eastern and Western Sides of both Kalpeni Island and Kadmat Island. The development of these multipurpose jetties will facilitate year-round berthing of large passenger vessels, including cruise vessels of up to 300 metres in length. The projects will enable safe and efficient passenger and cargo handling and provide integrated facilities for fish handling, fuel distribution, ice supply and boat repair. These initiatives will strengthen maritime connectivity, support the livelihoods of local fishermen, promote tourism and contribute to the socio-economic development of the islands.