Kisan Suryodaya Yojana will be a new dawn for farmers in Gujarat: PM Modi
In the last two decades, Gujarat has done unprecedented work in the field of health, says PM Modi
PM Modi inaugurates ropeway service at Girnar, says more and more devotees and tourists will now visit the destination

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আজি গুজৰাটত তিনিটা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ শুভাৰম্ভ ঘোষণা কৰে। ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে সম্পন্ন হোৱা এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ কৃষকসমাজৰ বাবে দিনৰ ১৬ ঘণ্টা ধৰি পানী যোগান ধৰিব পৰা ‘কিষাণ সূৰ্যোদয় যোজনা’ শীৰ্ষক আঁচনিখনো মুকলি কৰে। একেটা অনুষ্ঠানতে তেওঁ ‘ইউ এন মেহতা ইনষ্টিটিউট অব কাৰ্ডিঅ’লজী এণ্ড ৰিছাৰ্চ চেণ্টাৰ’ৰ সৈতে সংলগ্ন কৰি নিৰ্মাণ কৰা ‘শিশু হৃদৰোগ হাস্পটাল’ এখন মুকলি কৰাৰ লগতে ‘আহমেদাবাদ অসামৰিক চিকিত্সালয়’ত ‘টেলি-কাৰ্ডিঅ’লজী সেৱা’ আগবঢ়াব পৰা এটা ‘মোবাইল এপ্’-ৰো শুভাৰম্ভ ঘোষণা কৰে।

 

ইয়াৰ পিচতে তেওঁ গিৰ্ণাৰত ইতিমধ্যে সম্পূৰ্ণ কৰি তোলা এটা ৰোপৱে’ আনুষ্ঠানিক ভাবে মুকলি কৰে।

 

অনুষ্ঠানত ভাষণ প্ৰদান কৰি তেওঁ কয়, গুজৰাট সদায় সৰ্ব সাধাৰণ জনতাৰ সিদ্ধান্ত আৰু আত্মোত্সৰ্গাৰ উত্কৃষ্ট নিদৰ্শন হিচাপে পৰিগণিত হৈ আহিছে। তেওঁ, ‘কিষাণ সূৰ্যোদয় যোজনা’ৰ জৰিয়তে গুজৰাটে পুনৰ এক নতুন উদ্যমৰে আগুৱাই যাব বুলি আশা প্ৰাকাশ কৰি ‘সুজলাম-সুফলম’ আৰু ‘সৌনী প্ৰকল্প’ৰ পাছত এতিয়া ‘সূৰ্যোদয় যোজনা’ গুজৰাটৰ কৃষকৰ বাবে সাফল্যৰ মাইলৰ খুঁটি হিচাপে বিবেচিত হ’ব বুলি মন্তব্য কৰে৷

তেওঁ কয়, বিদ্যুৎ ক্ষেত্ৰত বছৰ বছৰ ধৰি গুজৰাটত কাম চলি আছে, সেইটোৱে এই যোজনাৰ আধাৰ হিচাপে কাম কৰিব৷ এটা সময় আছিল গুজৰাটত বিদ্যুতৰ বাৰুকৈয়ে নাটনি আছিল, সেয়ে, বিদ্যুতৰ উৎপাদনৰ পৰা আৰম্ভ কৰি ট্ৰান্সমিশ্যনলৈকে, প্ৰতিটো ক্ষেত্ৰত সক্ষমতা সৃষ্টি কৰাৰ বাবে অভিযানৰ ৰূপত প্ৰকল্পসমূহৰ ৰূপায়ণ কৰা হ’ল। ২০১০ চনত যেতিয়া পাটনত সৌৰ শক্তি প্ৰকল্পৰ উদ্বোধন কৰা হৈছিল, তেতিয়া কোনেও কল্পনাই কৰা নাছিল যে এদিন ভাৰতে বিশ্বক ‘এক সূৰ্য, এক বিশ্ব, এক গ্ৰিড’ৰ মাৰ্গদৰ্শন কৰিব৷ বৰ্তমান উৎপাদন আৰু ব্যৱহাৰ দুয়োটা দিশতে ভাৰতে বিশ্বৰ অগ্ৰণী দেশসমূহৰ অন্যতম হিচাপে পৰিচিতি লাভ কৰিছে৷ বিগত ৬টা বছৰত সৌৰ শক্তিৰ উৎপাদনৰ দিশত ভাৰত বিশ্বৰ পঞ্চম স্থানত উপনীত হৈছে আৰু এই দিশত দ্ৰুতগতিৰে অগ্ৰগতি লাভ কৰি আছে।

‘কিষাণ সূৰ্যোদয় যোজনা’ সন্দৰ্ভত মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে কয়, আগতে কৃষকসকলে জলসিঞ্চনৰ বাবে বেছিভাগ সময়তে ৰাতিহে বিদ্যুৎ লাভ কৰিছিল৷ তেনে ক্ষেত্ৰত কৃষকসকলে জলসিঞ্চনৰ সময়ত উজাগৰী নিশা পাৰ কৰিব লাগিছিল৷ জুনাগড় আৰু গিৰ্ণাৰ দৰে অঞ্চলৰ ৰাইজে বনৰীয়া জীৱ-জন্তুৰ আক্ৰমণৰ দৰে সমস্যাৰ সন্মুখীন হৈ আহিছিল। এতিয়া, ‘কিষাণ সূৰ্যোদয় যোজনা’ৰ জৰিয়তে পুৱা ৫ বজাৰ পৰা নিশা ৯ বজা পৰ্যন্ত ৩টা ‘ফে’জ’ৰ বিদ্যুতৰ যোগান লাভ কৰি এইসমূহ অঞ্চলে তেওঁলোকৰ জীৱনৰ নতুন সূৰ্যোদয় হোৱা দৃশ্য প্ৰত্যক্ষ কৰিব পাৰিব।

বাকী ব্যৱস্থাসমূহক প্ৰভাৱিত নকৰাকৈ, ট্ৰেন্সমিশ্যনৰ সম্পূৰ্ণ নতুন সক্ষমতা সৃষ্টি কৰি এই কাম কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে গুজৰাট চৰকাৰৰ শলাগ লয়। এই যোজনাৰ অধীনত অহা ২-৩ বছৰত প্ৰায় ৩৫০০ চাৰ্কিট কিলোমিটাৰ নতুন ট্ৰেন্সমিশ্যন লাইন সংস্থাপনৰ কাম কৰা হ’ব৷ অহা কেইটামান দিনৰ ভিতৰতে সহস্ৰাধিক গাঁৱত এই যোজনা ৰূপায়ণ কৰা হ’ব৷ ইয়াৰে অধিকাংশ গাঁও আদিবাসী বসতি প্ৰধান এলেকা৷ যেতিয়া সম্পূৰ্ণ গুজৰাটলৈ এই যোজনা সম্প্ৰসাৰণ কৰা হ’ব, তেতিয়া লাখ লাখ কৃষকৰ জীৱনলৈ পৰিৱৰ্তন আহিব বুলি তেওঁ মন্তব্য কৰে৷

কৃষকৰ আয় দুগুন কৰাৰ বাবে, ব্যয় কম কৰাৰ বাবে, তেওঁলোকৰ অসুবিধা দূৰ কৰাৰ বাবে পৰিৱৰ্তিত সময়ৰ লগে লগে  নিজৰ প্ৰয়াস বৃদ্ধি কৰাৰ বাবে সকলোকে অহোপুৰুষাৰ্থ কৰাৰ আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে। তেওঁ, কৃষকসকলক তেওঁলোকৰ উৎপাদিত সামগ্ৰী যিকোনো স্থানত বিক্ৰীৰ স্বাধীনতা প্ৰদান কৰাই হওক বা হাজাৰ হাজাৰ ‘কৃষক-উৎপাদক সংস্থা’ গঠন কৰাই হওক অথবা জলসিঞ্চনৰ অসম্পূৰ্ণ প্ৰকল্প সম্পূৰ্ণ কৰাৰ কামেই হওক বা দেশজুৰি কোটি কোটি কৃষকক ‘ভূমি স্বাস্থ্য পত্ৰ’ প্ৰদান কৰাই হওক, সকলোবোৰে দেশৰ কৃষি খণ্ডক শক্তিশালী কৰাৰ লগতে কৃষকৰ সুবিধাৰ বাবে কৰা হৈছে বুলি উল্লেখ কৰি ইয়াৰ বাবে একেৰাহে নতুন নতুন আঁচনি লৈ অহা হৈছে বুলি মন্তব্য কৰে৷ তেওঁ কয়, ‘কুসুম যোজনা’ৰ অধীনত কৃষকসকল, ‘কৃষক-উৎপাদক সংস্থা’, সমবায়, পঞ্চায়তকে ধৰি এনে প্ৰতিটো সংস্থাৰ পৰিত্যক্ত ভূমিত সৰু সৰু সৌৰ প্ৰকল্প স্থাপনত সহায় কৰা হৈছে৷ দেশজুৰি লাখ লাখ কৃষকৰ সৌৰ পাম্প গ্ৰীডৰ জৰিয়তে সংযোজিত কৰা হৈছে৷ ইয়াৰ পৰা যি বিদ্যুৎ উৎপাদন হ’ব, সেয়া কৃষকৰ প্ৰয়োজনীয়তাৰ ভিত্তিত নিজৰ জলসিঞ্চনৰ বাবে ব্যৱহাৰ কৰিব পাৰিব আৰু অতিৰিক্ত বিদ্যুৎ বিক্ৰী কৰিব পাৰিব বুলি উল্লেখ কৰে৷

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰি কয় যে গুজৰাটে বিজুলীৰ সমান্তৰালভাৱে জলসিঞ্চন আৰু খোৱা পানীৰ ক্ষেত্ৰতো সুন্দৰ কাম কৰিছে৷ গুজৰাটত খোৱা পানীৰ অৱস্থা কেনে আছিল সেয়া কোৱা বাহুল্য মাত্ৰ।  বছৰ বছৰ ধৰি বাজেটৰ অধিকাংশ ধন খোৱা পানীৰ বাবেই ব্যয় কৰা হৈছিল৷ বহু লোকে নাজানে যে গুজৰাটৰ খোৱা পানীৰ ক্ষেত্ৰত আৰ্থিক বোজা অধিক আছিল৷ বিগত দুই দশকৰ প্ৰচেষ্টাৰ পিচত আজি গুজৰাটৰ সেই জিলাসমূহত, সেই গাঁওসমূহতো পানীৰ যোগান ধৰা হৈছে, য’ত আগতে কোনেও এনে কথা সম্ভৱ হব বুলিও ভাবিব পৰা নাছিল৷

গুজৰাটৰ খৰাং পীড়িত অঞ্চলসমূহলৈ পানীৰ প্ৰবহণ সম্ভৱ কৰা ‘চৰ্দাৰ সৰোবৰ’, ‘জল গ্ৰীড’ৰ দৰে প্ৰকল্পসমূহৰ ৰূপায়ণক লৈ গৌৰৱ অনুভৱ কৰে প্ৰধানমন্ত্ৰীয়ে৷ প্ৰসংগ ক্ৰমে তেওঁ, গুজৰাটৰ প্ৰায় ৮০শতাংশ ঘৰত আজি নল-সংযোগী পানীৰ যোগান সম্ভৱ কৰাৰ কথা উল্লেখ কৰি অচিৰেই গুজৰাট প্ৰতিঘৰতে নলযোগে পানীৰ যোগান সম্ভৱ কৰা ৰাজ্যসমূহৰ অন্যতম হ’ব বুলি মন্তব্য কৰে। তেওঁ, গুজৰাটত ‘কিষাণ সূৰ্যোদয় যোজনা’ আৰম্ভ কৰাৰ মুহূৰ্তত সকলোকে ‘প্ৰতিটোপাল পানী, অধিক শস্য’ৰ মন্ত্ৰ আওৰাবলৈ আহ্বান জনায় ৷  ইফালে, দিনতে বিদ্যুৎ লাভৰ ফলত কৃষকসকলৰ বাব ক্ষুদ্ৰ জলসিঞ্চনৰ ব্যৱস্থা কৰাটো সহজ হ’ব বুলি উল্লেখ কৰি গুজৰাটত ক্ষুদ্ৰ জলসিঞ্চনৰ ক্ষেত্ৰত যথেষ্ট প্ৰগতি হৈছে, ‘কিষাণ সূযোদয় যোজনা’ই ইয়াক আৰু অধিক সম্প্ৰসাৰিত কৰিব বুলিও প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে৷

ইফালে, ‘ইউএন মেহতা ইনষ্টিটিউট অৱ কাৰ্ডিঅ’লজি এণ্ড ৰিছাৰ্চ চেণ্টাৰ’ৰে সংলগ্ন কৰি নিৰ্মাণ কৰা ‘শিশু হৃদৰোগ হাস্পটাল’খন উদ্বোধন কৰি তেওঁ কয়,  এইখন চিকিত্সা প্ৰতিষ্ঠান দেশত থকা বিশ্বমানৰ আন্তঃগাঁথনিৰে সুসজ্জিত  অতিবিশিষ্ট চিকিৎসালয়কেইখনৰ অন্তৰ্গততো হ’বই বৰং হৃদৰোগৰ আধুনিক চিকিত্সা সা-সুবিধাযুক্ত ভাৰতৰ বৃহত্তম চিকিত্সা প্ৰতিষ্ঠান হিচাপেও পৰিগণিত হ’ব।

প্ৰসংগক্ৰমে প্ৰধানমন্ত্ৰীয়ে কয় যে, বিগত দুটা দশকত গুজৰাটে চিকিত্সা সেৱাৰ ক্ষেত্ৰত অভূতপূৰ্ব কাম কৰিছে৷ সেয়া লাগিলে আধুনিক হাস্পতালৰ নেটৱৰ্কেই হওক বা, মেডিকেল কলেজ বা স্বাস্থ্য কেন্দ্ৰই হওক, গাঁৱে-গাঁৱে উন্নত স্বাস্থ্য-সুবিধাৰ সৈতে জড়িত বহু কাম কৰা হৈছে৷ বিগত ৬ বছৰত দেশত স্বাস্থ্য সেৱাৰ সৈতে জড়িত বহু আঁচনি আৰম্ভ কৰা হৈছে, তাৰ লাভো গুজৰাটে পাবলৈ সক্ষম হৈছে৷ ‘আয়ুষ্মান ভাৰত যোজনা’ৰ অধীনত গুজৰাটৰ ২১লাখ লোকে বিনামূলীয়া চিকিৎসা লাভ কৰিছে৷ সুলভ মূল্যৰ ঔষধ প্ৰদানৰ বাবে ৫২৫টা ‘জনঔষধি কেন্দ্ৰ’ গুজৰাটত খোলা হৈছে৷ ইয়াৰ জৰিয়তে গুজৰাট সাধাৰণ ৰোগীৰ প্ৰায় ১০০ কোটি টকা ৰাহি হৈছে৷

গিৰ্ণাৰত নিৰ্মাণ কৰা বিশ্বমানৰ ৰোপৱে’টোৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, গিৰ্ণাৰ পৰ্বতত মা অম্বে বিৰাজমান হৈ আছে, আছে গোৰক্ষনাথ শিখৰ, গুৰু দত্তাত্ৰেয়ৰ শিখৰ  আৰু জৈন মন্দিৰ৷ নৱ নিৰ্মিত ৰোপৱে’টোৰ ফলত সকলোৰে সুবিধা হ’ব, সকলোৱে এই মন্দিৰ দৰ্শনৰ সুবিধা লাভ কৰিব৷ এই মন্দিৰ দৰ্শনৰ বাবে ৫-৭ ঘণ্টাৰ প্ৰয়োজন হৈছিল আৰু এই ৰোপৱেৰ ফলত ৭-৮ মিনিটতে যাব পাৰিব৷ ৰোপৱেৰ যাত্ৰাই এডভেন্সাৰৰ প্ৰতি উৎসাহিত কৰিব, উৎসুকতাও বৃদ্ধি কৰিব৷ এই নতুন সুবিধাৰ বাবে তালৈ অধিক ভক্তৰ আগমণ হ’ব, অধিক পৰ্যটকো আহিব বুলি তেওঁ আশা প্ৰকাশ কৰে৷

বনাছকণ্ঠ, পাৱাগঢ় আৰু সৎপুৰাৰ পিচত এইটো গুজৰাটৰ চতুৰ্থটো ৰোপৱে’ বুলি তেওঁ উল্লেখ কৰ। এই ৰোপৱে’ৰ জৰিয়তে স্থানীয় যুৱক-যুৱতীসকলে যথেষ্ট কৰ্ম-সংস্থাপন লাভ কৰিব বলি অভিমত প্ৰকাশ কৰে৷

পটভূমি:

কিষাণ সূৰ্যোদয় যোজনা

জলসিঞ্চনৰ সুবিধা হোৱাকৈ দিনৰ বেলা বিদ্যুতৰ যোগান নিশ্চিত কৰি গুজৰাটৰ মুখ্য মন্ত্ৰী শ্ৰী বিজয় ৰূপানীয়ে অলপতে ‘কিষাণ সূৰ্যোদয় যোজনা’ৰ ঘোষণা কৰিছিল। এই আঁচনিৰ জৰিয়তে ৰাজ্যখনৰ কৃষকসকলে পূৱা ৫ বজাৰ পৰা নিশা ৯ বজা পৰ্যন্ত বিদ্যুতৰ যোগান উপলব্ধ কৰিব পাৰিব। এই আঁচনি ৰূপায়ণৰ বাবে ২০২৩ চনৰ ভিতৰত শক্তি-সংপ্ৰেৰণ আন্তঃগাঁথনি সংস্থাপিত কৰাৰ বাবে গুজৰাট চৰকাৰে ৩৫০০ কোটি টকাৰ বাজেট আৱণ্টন দিছে। এই প্ৰকল্পৰ অধীনত ৩৪৯০ চাৰ্কিট কিলোমিটাৰ দীঘল ২৩৪ ‘৬৬-কিলোৱাট’ শক্তি প্ৰবহণক্ষম সংপ্ৰেৰণ লাইন সংস্থাপিত কৰা হ’ব।

২০২০-২১ বিত্তীয় বৰ্ষত দাহোদ, পটান, মহীসাগৰ, পঞ্চমহল, ছোটা, উদেৰপুৰ, খেড়া, টাপী, ৱালছাড়, আনন্দ আৰু গীৰ-সোমনাথক এই আঁচনিৰ অন্তৰ্ভুক্ত কৰা হৈছে। বাকী জিলাসমূহক ২০২২-২৩ বিত্তীয় বৰ্ষৰ ভিতৰত পৰ্যায়ক্ৰমে এই আঁচনিৰে সামৰি লোৱা হ’ব।

 

‘ইউ এন মেহতা ইনষ্টিটিউট অব কাৰ্ডিঅ’লজী এণ্ড ৰিছাৰ্চ চেণ্টাৰ’ৰ সৈতে সংলগ্ন কৰি নিৰ্মাণ কৰা ‘শিশু হৃদৰোগ হাস্পটাল’

প্ৰধানমন্ত্ৰীয়ে ‘ইউ এন মেহতা ইনষ্টিটিউট অব কাৰ্ডিঅলজী এণ্ড ৰিছাৰ্চ চেণ্টাৰ’ৰ সৈতে সংলগ্ন কৰি নিৰ্মাণ কৰা ‘শিশু হৃদৰোগ হাস্পটাল’খন মুকলি কৰাৰ লগতে ‘আহমেদাবাদ অসামৰিক চিকিত্সালয়’ত ‘টেলি-কাৰ্ডিঅ’লজী সেৱা’ আগবঢ়াব পৰা এটা ‘মোবাইল এপ্’-ৰো শুভাৰম্ভ ঘোষণা কৰিব। ‘ইউ এন মেহতা ইনষ্টিটিউট অব কাৰ্ডিঅ’লজী এণ্ড ৰিছাৰ্চ চেণ্টাৰ’ৰ সম্প্ৰসাৰণৰ কাম চলি আছে। ৪৭০ কোটি টকা ব্যয় সাপেক্ষে অব্যাহত থকা এই প্ৰকল্পৰ জৰিয়তে হাস্পটালখনৰ বিচনাৰ সংখ্যা ৪৫০ৰ পৰা ১২৫১খনলৈ বৃদ্ধি কৰা হ’ব। এই সম্প্ৰসাৰণৰ জৰিয়তে এই চিকিত্সা প্ৰতিষ্ঠান দেশৰ সবাতোকৈ বৃহত্তম ‘ছুপাৰ স্পেচিয়েলিটী কাৰ্ডিয়াক হাস্পটাল’ হিচাপে পৰিগণিত হোৱাৰ উপৰি পৃথিৱীৰ ভিতৰতো অন্যতম বৃহত্ ‘ছুপাৰ স্পেচিয়েলিটী কাৰ্ডিয়াক হাস্পটাল’ হিচাপে চিহ্নিত হ’ব।

 

গিৰ্ণাৰ ৰোপৱে

প্ৰধানমন্ত্ৰীয়ে গিৰ্ণাৰত ৰোপৱে’ মুকলি কৰাৰ লগে লগে গুজৰাট পুনৰ বাৰ পৃথিৱীৰ পৰ্যটন মানচিত্ৰত জিলিকি উঠিব। প্ৰথম পৰ্যায়ত এই ৰোপৱে’ত ৮জন যাত্ৰী যাব পৰা ২৫ৰ পৰা ৩০টা কেবিন থাকিব। ২.৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দূৰত্ব ৰোপৱে’-ৰ জৰিয়তে মাত্ৰ ৭.৫ মিনিটত অতিক্ৰম কৰিব পৰা যাব। তদুপৰি এই ৰোপৱে’ৰে যাত্ৰা কৰাৰ সময়ত যাত্ৰীসকলে গিৰ্ণাৰ পৰ্বতমালাৰ সেউজ-সৌন্দৰ্যৰ মনোমোহা ৰূপো অৱলেহন কৰাৰ সুযোগ লাভ কৰিব।

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India Semiconductor Mission 2.0 to boost domestic chip manufacturing

Media Coverage

India Semiconductor Mission 2.0 to boost domestic chip manufacturing
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Text of Prime Minister addressing the joint press meet with President Dr. Patrick Herminie of the Republic of Seychelles
February 09, 2026

Your Excellency, डॉक्टर पैट्रिक अर्मिनी,
दोनों देशों के delegates,
मीडिया के साथियों,
नमस्कार,

राष्ट्रपति अर्मिनी और उनके delegation का भारत में स्वागत करते हुए मुझे अत्यंत प्रसन्नता हो रही है।

सेशेल्स के राष्ट्रपति के रूप में चुने जाने पर मैं उन्हें 140 करोड़ भारतवासियों की ओर से हार्दिक बधाई और शुभकामनाएं देता हूँ।

राष्ट्रपति के रूप में यह उनकी पहली भारत यात्रा है। उनकी यह यात्रा ऐसे शुभ वर्ष में हो रही है जब सेशेल्स का पचासवां स्वतंत्रता दिवस और हमारे राजनयिक संबंधों की पचासवीं वर्षगांठ मनाई जा रही है। मुझे विश्वास है कि ये milestones हमें निरंतर नई ऊंचाइयों को छूने के लिए प्रेरित करते रहेंगे।

Friends,

भारत और सेशेल्स के संबंध केवल राजनयिक संपर्क तक सीमित नहीं है। हिंद महासागर की लहरें सदियों से हमारे लोगों को जोड़ती आई हैं। इसके तटों पर दोनों देशों के बीच व्यापार बढ़ा, संस्कृतियाँ मिलीं और विश्वास की परंपराएँ मजबूत होती गईं।

India and Seychelles are connected not just by geography, but by history, trust and a shared vision for the future.

हमारा नाता कल, आज, और आने वाले कल का है। एक maritime neighbour और विश्वसनीय साझेदार के रूप में सेशेल्स भारत के MAHASAGAR Vision का अभिन्न अंग है। हमारा सहयोग जल, थल और नभ को समाहित करता है।

आज की चर्चाओं में हमने इस साझेदारी को और अधिक सशक्त बनाने का मार्ग प्रशस्त किया। अपने आर्थिक सहयोग को और सुदृढ़ बनाने के लिए नए अवसरों की तलाश जारी रखने पर हम सहमत हैं।

Local Currencies में व्यापार बढ़ाने के साथ साथ हम FinTech और Digital Solutions में भी आगे बढ़ेंगे।

विकास साझेदारी भारत–सेशेल्स संबंधों की मजबूत नींव रही है। हमारे सभी प्रयास सेशेल्स की प्राथमिकताओं और आवश्यकताओं पर आधारित रहे हैं। इस दिशा में आगे बढ़ते हुए आज हम 175 मिलियन डॉलर के Special Economic Package की घोषणा करने जा रहे हैं। यह पैकेज social housing, e-mobility, vocational training, स्वास्थ्य, रक्षा, और maritime security जैसे क्षेत्रों में ठोस परियोजनाओं को सपोर्ट देगा। इन पहलों से सेशेल्स के लोगों, विशेषकर युवाओं, के लिए रोज़गार और कौशल के नए अवसर सृजित होंगे।

सेशेल्स की capacity building में भारत के ITEC प्रोग्राम की महत्वपूर्ण भूमिका रही है। मुझे खुशी है कि सेशेल्स के civil servants की भारत में ट्रेनिंग के लिए आज MOU किया जा रहा है।

टेक्नॉलजी के क्षेत्र में करीबी सहयोग से हम अपने सहयोग को एक futuristic दिशा दे रहे हैं। आज Digital Transformation पर MOU हो रहा है। इसके तहत हम भारत का सफल अनुभव सेशेल्स के साथ साझा करेंगे।

स्वास्थ्य क्षेत्र में सेशेल्स के लिए भारत एक स्थिर और भरोसेमंद साझेदार रहा है। किफायती और quality medicines की supply, मेडिकल टूरिज़्म, और health infrastructure के विकास में हम सेशेल्स के साथ मिलकर आगे बढ़ेंगे। ऊर्जा और जलवायु के क्षेत्र में हमारा सहयोग sustainable development की साझा प्रतिबद्धता से प्रेरित है। हम renewable energy, resilience और climate-adaptive solutions पर अपने सहयोग को और विस्तार देंगे।

Friends,

Maritime neighbours के रूप में Blue Economy हमारे लिए स्वाभाविक सहयोग का क्षेत्र है। हम, Marine Research, Capacity Building, Data Sharing जैसे क्षेत्रों में भारत की विशेषज्ञता सेशेल्स के साथ साझा करेंगे।

रक्षा सहयोग और maritime सुरक्षा हमारी साझेदारी के महत्वपूर्ण स्तंभ हैं। Colombo Security Conclave से full member के तौर पर हम सेशेल्स का स्वागत करते हैं। इससे हमारा आपसी समन्वय सुदृढ़ होगा, और हिन्द महासागर में शांति और स्थिरता सुनिश्चित करने के प्रयासों को बल मिलेगा।

Together, we will shape not just bilateral cooperation, but a shared future for the Indian Ocean.

Friends,

भारत–सेशेल्स संबंधों की सबसे बड़ी शक्ति हमारे people-to-people ties हैं। सेशेल्स में बसे भारतीय समुदाय ने सेशेल्स के सामाजिक और आर्थिक जीवन में उल्लेखनीय योगदान दिया है। साथ साथ उन्होंने हमारी मित्रता को पीढ़ी दर पीढ़ी मजबूत भी किया है।

आज हमने पर्यटन, शिक्षा, संस्कृति और खेल के माध्यम इन संबंधों को और सशक्त बनाने पर विचार विमर्श किया। हम दोनों देशों के युवाओं के बीच आदान प्रदान बढ़ाने पर विशेष बल देंगे।

Friends,

आज की बैठक से यह स्पष्ट है कि भारत और सेशेल्स की साझेदारी एक नए चरण में प्रवेश कर रही है। सभी क्षेत्रों में आगे बढ़ने के लिए आज हम India-Seychelles Joint Vision जारी करने जा रहे हैं। यह Vision आने वाले वर्षों में हमारे सहयोग का roadmap बनेगा।

Excellency,

मैं एक बार फिर आपकी भारत यात्रा और भारत के प्रति आपकी अटूट मित्रता और प्रतिबद्धता के लिए आपका हृदय से आभार व्यक्त करता हूँ।