Make in India, for India, for the world: PM Modi
Our endeavour is to increase the number of MSMEs in defence production to 15,000 in the next five years: PM Modi
Immense potential for defence manufacturing in India; there is demand, democracy & decisiveness: PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লক্ষ্ণৌত একাদশ ডিফএক্সপ’ মুকলি কৰে৷ ভাৰতৰ দ্বিবাৰ্ষিক মিলিটেৰী প্ৰদৰ্শনীখনত দেশক বিশ্বজনীন প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণৰ হাব হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে৷ ডিফএক্সপ’ ২০২০ ভাৰতৰ সৰ্ববৃহৎ প্ৰতিৰক্ষা প্ৰদৰ্শনী হিচাপে পৰিগণিত হোৱাৰ লগতে বিশ্বৰ শীৰ্ষৰ অন্যতম ডিফএক্সপ’ হিচাপেও বিবেচিত হৈছে৷ এইবাৰৰ প্ৰদৰ্শনীখনত বিশ্বৰ সহস্ৰাধিক প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণকাৰী আৰু ১৫০টা উদ্যোগে অংশগ্ৰহণ কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ একাদশ ডিফএক্সপ’লৈ সকলোকে কেৱল ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে নহয় বৰঞ্চ উত্তৰ প্ৰদেশৰ সাংসদ হিচাপেও আদৰণি জনাবলৈ পাই সুখী অনুভৱ কৰিছে৷ ‘‘এয়া ভাৰতৰ জনসাধাৰণৰ বিশেষকৈ যুৱচামৰ বাবে এক বৃহৎ অৱকাশ৷ মেক ইন ইণ্ডিয়াই কেৱল ভাৰতৰ নিৰাপত্তা নিশ্চিত কৰাই নহয় বৰঞ্চ প্ৰতিৰক্ষা খণ্ডত নিয়োজনৰ সুবিধাও বিকশিত কৰিব৷ ই ভৱিষ্যতে প্ৰতিৰক্ষা সামগ্ৰী ৰপ্তানিৰ সুবিধাও সম্প্ৰসাৰিত কৰিব’’, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

ভাৰত কেৱল এক বজাৰেই নহয় বৰঞ্চ ই সমগ্ৰ বিশ্বৰ বাবে এক আকৰ্ষণীয় সুযোগো

আজিৰ ডিফএক্সপ’ ভাৰতৰ বিস্তৃতি, ব্যাপকতা, বৈচিত্ৰতা আৰু বিশ্বত বিস্তৃত অংশগ্ৰহণৰ এক জীৱন্ত প্ৰমাণ৷ ইয়াৰ জৰিয়তে ভাৰতে নিৰাপত্তা আৰু প্ৰতিৰক্ষা ক্ষেত্ৰত শক্তিশালী ভূমিকাৰে অগ্ৰসৰ হোৱাটো প্ৰমাণিত হৈছে৷ এই প্ৰদৰ্শনীত কেৱল উদ্যোগসম্বন্ধীয় প্ৰতিৰক্ষাই নহয়, ভাৰতৰ প্ৰতি বিশ্বৰ বিশ্বাসযোগ্যতাও প্ৰতিফলিত হৈছে৷ যিসকলে প্ৰতিৰক্ষা আৰু অৰ্থনীতিৰ বিষয়ে জানে তেওঁলোকে নিশ্চিতভাৱে জানে যে ভাৰত কেৱল এখন বজাৰ নহয়; ভাৰত সমগ্ৰ বিশ্বৰ বাবে এক আকৰ্ষণীয় সুযোগৰ সম্ভাৰো৷

‘প্ৰতিৰক্ষাৰ ডিজিটেল পৰিৱৰ্তন’ত ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহ প্ৰতিফলিত হৈছে

প্ৰধানমন্ত্ৰীয়ে কয় যে ডিফএক্সপ’ৰ উপ বিষয় ‘প্ৰতিৰক্ষাৰ ডিজিটেল পৰিৱৰ্তন’ত ভৱিষ্যতৰ উদ্বিগ্নতা তথা প্ৰত্যাহ্বানসমূহ প্ৰতিফলিত হৈছে৷ জীৱন প্ৰযুক্তিচালিত হৈ পৰাৰ লগে লগে নিৰাপত্তাৰ চিন্তা আৰু প্ৰত্যাহ্বানসমূহো ক্ৰমাগতভাৱে গুৰুতৰ হ’বলৈ ধৰিছে৷ ই কেৱল বৰ্তমানৰ বাবেই প্ৰয়োজনীয় নহয় বৰঞ্চ ভৱিষ্যতৰ বাবেও সমানেও প্ৰয়োজনীয়৷ বিশ্বজনীনভাৱে প্ৰতিৰক্ষা শক্তিত ন ন প্ৰযুক্তিৰ সমাহাৰ হ’বলৈ ধৰিছে৷ ভাৰতেও বিশ্বৰ সৈতে এই ধাৰা অব্যাহত ৰাখিছে৷ বিভিন্ন প্ৰট’টাইপ বিকশিত হ’বলৈ ধৰিছে৷ আমাৰ লক্ষ্য হ’ল আগন্তুক পাঁচ বছৰত প্ৰতিৰক্ষা ক্ষেত্ৰত অতিকমেও ২৫টা কৃত্ৰিম বুদ্ধিমত্তাসম্পন্ন সামগ্ৰী নিৰ্মাণ কৰা৷

অটল বিহাৰী বাজপেয়ীৰ সপোনৰ বাস্তৱায়ন

প্ৰধানমন্ত্ৰীয়ে কয় যে লক্ষ্ণৌত অনুষ্ঠিত এই প্ৰদৰ্শনীখনৰ আন এক মহত্বও আছে৷ ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে প্ৰতিৰক্ষা সামগ্ৰীৰ স্থানীয়কৰণত গুৰুত্ব প্ৰদান কৰিছিল আৰু ইয়াৰ বাবে বিভিন্ন পদক্ষেপো গ্ৰহণ কৰিছিল৷

‘‘তেওঁৰ বীক্ষণ অনুসৰণ কৰি আমি বিভিন্ন প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণৰ দিশত অগ্ৰসৰ হৈছো৷ আমি ২০১৪ত ২১৭খন প্ৰতিৰক্ষা অনুজ্ঞাপত্ৰ প্ৰদান কৰিছো৷ যোৱা পাঁচ বছৰত এই সংখ্যা ৪৬০লৈ বৃদ্ধি পাইছে৷ ভাৰতে আজি আৰ্টিলেৰী গান, এয়াৰক্ৰাফ্ট কেৰিয়াৰৰ পৰা আৰম্ভ কৰি ফ্ৰাইগেট ছাবমেৰিনলৈকে নিৰ্মাণ কৰিছে৷ বিশ্বজনীন প্ৰতিৰক্ষা ৰপ্তানিকাৰীসকলৰ ভিতৰত ভাৰতৰ অংশীদাৰীত্বও ক্ৰমাগতভাৱে বৃদ্ধি পাইছে৷ যোৱা দুবছৰত ভাৰতে ১৭ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা সামগ্ৰী ৰপ্তানি কৰিছে৷ এতিয়া আমাৰ লক্ষ্য হ’ল প্ৰতিৰক্ষা সামগ্ৰীৰ ৰপ্তানি পাঁচ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰা’’, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

প্ৰতিৰক্ষাত গৱেষণা আৰু বিকাশ হ’ল ৰাষ্ট্ৰীয় নীতিৰ এক গুৰুত্বপূৰ্ণ অংশ

‘‘যোৱা পাঁচ-ছয় বছৰত আমাৰ চৰকাৰে ৰাষ্ট্ৰীয় নীতিত গৱেষণা আৰু বিকাশক এক গুৰুত্বপূৰ্ণ অংশ হিচাপে বিবেচনা কৰি আহিছে৷ দেশৰ প্ৰতিৰক্ষা সামগ্ৰীৰ গৱেষণা আৰু বিকাশ তথা নিৰ্মাণৰ বাবে প্ৰয়োজনীয় আন্তঃগাঁথনি প্ৰস্তুত কৰা হৈছে৷ এই ক্ষেত্ৰত নিৰ্ধাৰিত লক্ষ্যৰ সৈতে বিভিন্ন প্ৰতিৰোধকসমূহ নোহোৱা কৰাৰ প্ৰয়াস কৰা হৈছে৷ বিনিয়োগ আৰু উদ্ভাৱন বৃদ্ধিৰ বাবে ভাৰতে পৰিবেশতন্ত্ৰৰ সৃষ্টি কৰিছে’’, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

ব্যৱহাৰকাৰী আৰু নিৰ্মাতাৰ মাজত সহযোগিতা

প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাষ্ট্ৰীয় নিৰাপত্তা ব্যৱহাৰকাৰী আৰু নিৰ্মাতাৰ সহযোগিতাৰ দ্বাৰা শক্তিশালী কৰিব পাৰি৷ ‘‘প্ৰতিৰক্ষা সামগ্ৰীৰ নিৰ্মাণ কেৱল চৰকাৰী অনুষ্ঠানতে সীমাৱদ্ধ থকাটো উচিত নহয়, ইয়াত ব্যক্তিগত খণ্ডৰো সমানে অংশীদাৰীত্ব থকা উচিত’’, তেওঁ এইদৰে কয়৷

নতুন ভাৰতৰ বাবে নতুন নক্ষ্য

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতত দুটা বৃহৎ প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণ কৰিডৰ নিৰ্মাণ হ’বলৈ ধৰিছে৷ এটা তামিলনাডুত আৰু আনটো উত্তৰ প্ৰদেশত৷ উত্তৰ প্ৰদেশৰ প্ৰতিৰক্ষা কৰিডৰৰ অধীনত আলিগড়, আগ্ৰা, ঝাঁচী, চিত্ৰকূট, কানপুৰ আৰু লক্ষ্ণৌত নোডসমূহ স্থাপন কৰা হ’ব৷ ভাৰতত প্ৰতিৰক্ষা সামগ্ৰীৰ নিৰ্মাণক উদগনি দিবলৈ নতুন লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷
‘‘আমাৰ লক্ষ্য হ’ল আগন্তুক পাঁচ বছৰৰ ভিতৰত প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণৰ খণ্ডত ১৫ হাজাৰতকৈও অধিক এমএছএমইক সন্নিৱিষ্ট কৰা৷ আই-ডিইএক্সৰ ধাৰণাক সম্প্ৰসাৰিত কৰাৰ পৰিক্ষেত্ৰত ২০০টা নতুন প্ৰতিৰক্ষা ষ্টাৰ্ট-আপ আৰম্ভ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷ মই দেশৰ প্ৰধান ঔদ্যোগিক খণ্ডক আহ্বান জনাইছো, তেওঁলোকে যাতে প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণৰ এক সদৃশ প্লেটফ’ৰ্মৰ সৃষ্টি কৰে আৰু ইয়াৰ জৰিয়তে যাতে প্ৰতিৰক্ষাখণ্ডত প্ৰযুক্তিৰ বিকাশ আৰু উদ্ভাৱন, দুয়োটাই সম্পন্ন হয়’’, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়৷

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
On Puri’s Grand Road, a devotee’s submission

Media Coverage

On Puri’s Grand Road, a devotee’s submission
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister speaks with the Amir of Qatar
July 16, 2026
PM conveys heartfelt condolences on the passing of the Father Amir of Qatar
PM recalls the Father Amir’s visionary leadership and his contribution to strengthening India-Qatar relations
The two leaders reaffirm their resolve to carry forward the Father Amir’s legacy

Prime Minister Shri Narendra Modi had a telephone conversation today with the Amir of the State of Qatar, H.H. Sheikh Tamim bin Hamad Al Thani.

Prime Minister conveyed his heartfelt condolences on the passing of H.H. Sheikh Hamad bin Khalifa Al Thani, the Father Amir of Qatar.

Recalling the Father Amir’s significant contributions as the chief architect of modern Qatar, Prime Minister paid tribute to his visionary leadership, and recalled his pivotal role in strengthening India-Qatar relations over the years as well as his deep affection for India and the Indian community in Qatar.

The Amir of Qatar thanked Prime Minister for his call and conveyed his appreciation for the words of support in this difficult hour.

The two leaders reaffirmed their resolve to carry forward the Father Amir’s legacy and further strengthen the India-Qatar Strategic Partnership and people-to-people ties.

They agreed to remain in close touch.