ওখা মূল ভূখণ্ড আৰু বেইট দ্বাৰকা সংযোগী সুদৰ্শন সেতু ৰাষ্ট্ৰলৈ উচৰ্গা কৰে
ভাদিনাৰ আৰু ৰাজকোট-ওখাত পাইপলাইন প্ৰকল্প উচৰ্গা কৰে
ৰাজকোট-জেটালচাৰ-সোমনাথ আৰু জেটালচাৰ-ৱানজালিয়া ৰে’ল বৈদ্যুতিকৰণ প্ৰকল্প উচৰ্গা কৰে
ৰাষ্ট্ৰীয় ঘাইপথ-৯২৭ -ৰ ধোৰাজি-জামকান্দোৰনা-কালাভাদ শাখা সম্প্ৰসাৰিতকৰণৰ আধাৰশিলা স্থাপন কৰে
জামনগৰত আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে
চিক্কা থাৰ্মাল পাৱাৰ ষ্টেচনত ফ্লু গেছ ডিছালফিউৰাইজেচন (এফজিডি) প্ৰণালী স্থাপনৰ আধাৰশিলা স্থাপন কৰে
"কেন্দ্ৰ আৰু গুজৰাটৰ দ্বৈত ইঞ্জিন চৰকাৰে ৰাজ্যখনৰ উন্নয়নক অগ্ৰাধিকাৰ দিছে"
একবিংশ শতিকাত ভাৰতৰ সম্ভাৱনাৰ দৃশ্যসমূহ চকুৰ সন্মুখত ধৰা দিয়াৰ বিষয়ত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই বিকশিত ভাৰত গঢ়াৰ বাবে তেওঁৰ সংকল্পক অধিক শক্তিশালী কৰি তুলিছে।
তেওঁ বৰ্তমানৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেলে আৰম্ভ কৰা কাম সম্পূৰ্ণ হোৱাত আনন্দ প্ৰকাশ কৰে আৰু তেওঁৰ সংকল্পক প্ৰশংসা কৰে।
তেওঁ পূৰ্বৰ চৰকাৰৰ শাসনকালত সংঘটিত হোৱা কেলেংকাৰীসমূহৰো সমালোচনা কৰে।
তেওঁ লগতে কয়, "এনে ধৰণৰ আধুনিক সংযোগ হৈছে এক সমৃদ্ধ আৰু শক্তিশালী ৰাষ্ট্ৰ গঢ়ি তোলাৰ শক্তিশালী উপায়"
আমি একেলগে বিকশিত সৌৰাষ্ট্ৰ আৰু বিকশিত গুজৰাট গঢ়ি তুলিম"।গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল আৰু সংসদ সদস্য শ্ৰী চি আৰ পাটিলো এই অনুষ্ঠানত উপস্থিত আছিল।
ইয়াৰ লগতে জামনগৰৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰ; ছিক্কা থাৰ্মেল পাৱাৰ ষ্টেচন, জামনগৰত ফ্লু গেছ ডিছালফাৰাইজেচন (এফজিডি) ব্যৱস্থা স্থাপন কৰাৰ প্ৰক্লপৰ আধাৰশিলা স্থাপনৰ কাৰ্যসূচীও অন্তৰ্ভুক্ত হৈ আছে।
প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথ-৯২৭ডিৰ ধোৰাজী-জামকাদোৰ্না-কালাভাদ অংশ সম্প্ৰসাৰণ কৰাৰ আধাৰশিলা স্থাপন কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ দ্বাৰকাত ৪১৫০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু বহু কেইটা প্ৰকল্প  দেশবাসীক উচৰ্গা কৰে। প্ৰধানমন্ত্ৰীয়ে ওখা মূল ভূখণ্ড আৰু বেইট দ্বাৰকাক সংযোগ কৰা সুদৰ্শন সেতু, ভাদিনাৰ আৰু ৰাজকোট-ওখা, ৰাজকোট-জেটালচাৰ-সোমনাথ আৰু জেটালচাৰ-ৱানজালিয়া ৰে'ল বৈদ্যুতিকৰণ প্ৰকল্পৰ পাইপলাইন প্ৰকল্প দেশবাসীক উচৰ্গা কৰে। তেওঁ ৰাষ্ট্ৰীয় ঘাইপথ-৯২৭ৰ ধোৰাজি-জামকান্দোৰনা-কালাভাদ শাখা, জামনগৰৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰ আৰু জামনগৰৰ চিক্কা তাপ বিদ্যুৎ কেন্দ্ৰত ফ্লু গেছ ডিছালফিউৰাইজেচন (এফজিডি) প্ৰণালী স্থাপনৰ আধাৰশিলাও স্থাপন কৰে।

 

সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে ভগৱান কৃষ্ণৰ দ্বাৰকা মাতৃৰ ভূমিক উদ্দেশ্যি  প্ৰণিপাত জনায়, য'ত ভগৱান কৃষ্ণক দ্বাৰকাধিশ বুলি কোৱা হয়। মোদীয়ে আজি  পুৱা মন্দিৰত আগবঢ়োৱা প্ৰাৰ্থনাৰ কথা স্মৰণ কৰে আৰু  মানুহৰ  ধৰ্মীয় জীৱনত তীৰ্থৰ গভীৰ গুৰুত্বৰ কথা উল্লেখ কৰে।   মোদীয়ে কয় যে আদি শংকৰাচাৰ্যই চাৰিটা 'পীঠ'ৰ এটা প্ৰতিষ্ঠা কৰিছিল অৰ্থাৎ শাৰদা পীঠ। তেওঁ নাগেশ্বৰ জ্যোতিৰ্লিংগ, ৰুক্মিনী  দেৱী মন্দিৰৰ গৌৰৱৰ কথাও উল্লেখ কৰে। তেওঁ 'ৰাষ্ট্ৰ কাম'ৰ বাবে ধৰ্মীয় বিশ্বাসৰ বহু ঠাই ভ্ৰমণ কৰাৰ  শেহতীয়া সুযোগ বোৰৰ কথাও স্মৰণ কৰে  । প্ৰধানমন্ত্ৰীয়ে আজি পানীৰে পৰিপূৰ্ণ দ্বাৰকা চহৰত প্ৰাৰ্থনা কৰিবলৈ সাগৰৰ গভীৰতালৈ নামি যোৱাৰ পাহৰিব নোৱাৰা মুহূৰ্তটোৰ বিষয়েও  কয়। প্ৰধানমন্ত্ৰীয়ে প্ৰাচীন চহৰ খনৰ  পুৰাতাত্ত্বিক আৰু শাস্ত্ৰীয় গুৰুত্বৰ বিষয়ত  গুৰুত্ব আৰোপ কৰে। তেওঁ  উল্লেখ কৰে যে দ্বাৰকা খন ভগৱান বিশ্বকৰ্মাই নিজেই নিৰ্মাণ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে দ্বাৰকা চহৰ খন উৎকৃষ্ট  নগৰ পৰিকল্পনাৰ এক বিশেষ উদাহৰণ। "মই পানীৰে পৰিপূৰ্ণ  চহৰ খনলৈ  অহাৰ লগে লগে এক  দৈৱত্বৰ অনুভূতিয়ে  মোক আৱৰি ধৰিছিল। মই  প্ৰাৰ্থনা কৰিছিলো আৰু  ময়ূৰৰ  পাখি  আগবঢ়াইছিলো,  সেয়া মই মোৰ লগত লৈ গৈছিলো। এয়া মোৰ বাবে  বহু বছৰ ধৰি থকা মনতে পুহি ৰখা  আকাংক্ষাৰ সম্পূৰ্ণ ৰূপ আছিল। যেতিয়াৰ পৰা মই জলেৰে পৰিপূৰ্ণ  দ্বাৰকা চহৰৰ বিষয়ে শুনিছিলো, মই সদায় চহৰ খন  দৰ্শন কৰিব বিচাৰিছিলো"।  প্ৰধানমন্ত্ৰীয়ে ঐশ্বৰিক অভিজ্ঞতাত অভিভূত হৈ  এনেদৰে কয়। একবিংশ শতিকাত ভাৰতৰ সম্ভাৱনাৰ দৃশ্যসমূহ  চকুৰ  সন্মুখত ধৰা দিয়াৰ  বিষয়ত  গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই বিকশিত ভাৰত গঢ়াৰ বাবে তেওঁৰ সংকল্পক অধিক শক্তিশালী কৰি তুলিছে।

প্ৰধানমন্ত্ৰীয়ে দিনটোৰ আৰম্ভণিতে সুদৰ্শন সেতু উদ্বোধন কৰাৰ কথা উল্লেখ কৰে আৰু ৬ বছৰ পূৰ্বে ইয়াৰ আধাৰশিলা স্থাপনৰ কথাও স্মৰণ কৰে। তেওঁ জানিবলৈ দিয়ে যে দলংখনে ওখা মূল ভূখণ্ড আৰু বেইট দ্বাৰকা দ্বীপক সংযোগ কৰিব।  ফলত দ্বাৰকাধিশৰ দৰ্শনৰ বাবে সংযোগ বৃদ্ধি পাব আৰু লগতে অঞ্চলটোৰ দৈৱত্বৰ মহিমা প্ৰচাৰতো সহায় হ’ব।প্ৰধানমন্ত্ৰীয়ে নিজে যিবোৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল সেই প্ৰকল্পসমূহ উদ্বোধন কৰাৰ সৌভাগ্যৰ কথা উল্লেখ কৰি তেওঁ কয়, "এয়া মোদীৰ গেৰাণ্টি।" সুদৰ্শন সেতুক এক অভিযান্ত্ৰিক আশ্চৰ্য বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে উদ্বোধনী অনুষ্ঠানত নাগৰিকসকলক অভিনন্দন জনোৱাৰ সময়ত দলংখন আৰু ইয়াৰ কাৰিকৰী বিষয়সমূহ বিশ্লেষণ কৰিবলৈ অভিযান্ত্ৰিক জগতৰ সৈতে জড়িতসকলক আহ্বান জনায়।

 

ইমান দিনে ফেৰী আৰু স্থল  পথেৰে কৰিবলগীয়া  ভ্ৰমণৰ ওপৰতে নিৰ্ভৰশীল হৈ থাকিবলগীয়া হোৱা বাবে দ্বাৰকা আৰু বেইট দ্বাৰকাৰ নাগৰিকসকলে সন্মুখীন হোৱা অসুবিধাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে থকাৰ সময়ছোৱাত দলং এখনৰ বাবে জনসাধাৰণে জনোৱা  অনুৰোধৰ কথা স্মৰণ কৰে। তেওঁ বৰ্তমানৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেলে আৰম্ভ  কৰা কাম সম্পূৰ্ণ হোৱাত আনন্দ প্ৰকাশ কৰে আৰু তেওঁৰ সংকল্পক প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে আঙুলিয়াই দিয়ে  যে তেতিয়া তেওঁ কেন্দ্ৰীয় চৰকাৰক দলংখন নিৰ্মাণত  অনুমোদন জনোৱাৰ  বাবে  নিৰন্তৰ অনুৰোধ জনাইছিল , কিন্তু চৰকাৰে সেয়া অস্বীকাৰ কৰিছিল।   অৱশেষত আজি কামটো সম্পন্ন হোৱাৰ বাবে তেওঁ তেওঁৰ সৌভাগ্যক ধন্যবাদ জনায় । উৎফুল্লিত হৈ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে কয় "ভগৱান শ্ৰী কৃষ্ণৰ আশীৰ্বাদত মই তেওঁৰ নিৰ্দেশনা অনুসৰণ কৰি মোৰ দায়িত্ব পালন কৰিছো"। তেওঁ এই কথাৰ প্ৰতি জনতাৰ মনোযোগ আকৰ্ষণ কৰে  যে দলংখন পোহৰাই ৰাখিবৰ  বাবে প্ৰয়োজন হোৱা বিদ্যুৎ দলং খনত লগোৱা সৌৰ পেনেলৰ পৰা উৎপন্ন হ'ব। তেওঁ লগতে উল্লেখ কৰে  যে সুদৰ্শন সেতুত মুঠ ১২ টা পৰ্যটন গেলেৰী  আছে, যিবোৰে পৰ্যটকসকলক বিভিন্ন কোণৰ পৰা সাগৰৰ মনোৰম দৃশ্য উপভোগ কৰাত সহায় কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়, "মই আজি এই গেলেৰীসমূহ পৰিদৰ্শন কৰিছো আৰু এয়া সঁচাকৈয়ে আকৰ্ষণীয়"।

 

 প্ৰধানমন্ত্ৰীয়ে স্বচ্ছতা মিছনৰ প্ৰতি দ্বাৰকাৰ জনসাধাৰণৰ প্ৰতিশ্ৰুতিকো প্ৰশংসা কৰে আৰু তেওঁলোকক বিশ্বজুৰি মনোযোগ আকৰ্ষণ কৰা দ্বাৰকাৰ পৰিচ্ছন্নতা  বজাই ৰাখিবলৈ আহ্বান জনায়।

বিৰোধীয়ে নতুন ভাৰতৰ গেৰাণ্টিৰ বিৰোধিতাৰ কৰাৰ  কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে মানুহে তেওঁলোকৰ চকুৰ সন্মুখতে নতুন ভাৰতৰ উত্থান দেখিছে।  তেওঁ কয়  যে ৰাজনৈতিক ইচ্ছাশক্তিৰ অভাৱ আৰু পৰিয়ালতান্ত্ৰিক ৰাজনীতিৰ  মনোভাৱ,   দৰিদ্ৰ লোকসকলক সহায় কৰিবলৈ অনিচ্ছাৰ  আদিৰ বাবেই পূৰ্বে এনে এটা কাম  সম্পূৰ্ণ হোৱা নাছিল। ইয়াৰ ফলত বিকশিত ভাৰতৰ বৃহৎ লক্ষ্যত উপনীত হ’বলৈ  অৰ্থনীতিৰ আকাৰ সৰু হৈ পৰিছিল। তেওঁ পূৰ্বৰ চৰকাৰৰ  শাসনকালত সংঘটিত হোৱা কেলেংকাৰীসমূহৰো সমালোচনা কৰে।

প্ৰধানমন্ত্ৰীয়ে ২০১৪ চনত ক্ষমতালৈ অহাৰ পিছত  কাকো দেশ লুটিবলৈ নিদিয়াৰ প্ৰতিশ্ৰুতিৰ কথা স্মৰণ কৰে। মোদীয়ে কয় "পূৰ্বৰ চৰকাৰসমূহৰ সময়ত সংঘটিত হোৱা হাজাৰ হাজাৰ কোটি টকাৰ কেলেংকাৰী এতিয়া বন্ধ কৰা হৈছে"।  তেওঁ লগতে  কয় যে ৰাষ্ট্ৰখন ১০ বছৰৰ ভিতৰত পঞ্চম  সৰ্ববৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হৈছে।  প্ৰধানমন্ত্ৰীয়ে কয়, দেশে এফালে ঐশ্বৰিক বিশ্বাস আৰু তীৰ্থস্থানৰ পুনৰ উদ্ধাৰ  হোৱাৰ সাক্ষী  হ’ব পাৰিছে, আনহাতে বৃহৎ প্ৰকল্পৰ জৰিয়তে নতুন ভাৰতৰ বিকাশ হ'ব পাৰিছে। তেওঁ গুজৰাটত ভাৰতৰ আটাইতকৈ দীঘল কেবল-আধাৰিত সুদৰ্শন সেতু, মুম্বাইত দেশৰ আটাইতকৈ দীঘল সাগৰীয় দলং, জম্মু-কাশ্মীৰৰ চেনাবৰ ওপৰত নিৰ্মিত আটকধুনীয়া দলং, নিৰ্মাণাধীন নতুন পাম্বান দলং, যি হৈছে তামিলনাডুত ভাৰতৰ প্ৰথম উলম্ব উত্তোলিত দলং আৰু অসমৰ ভাৰতৰ আটাইতকৈ দীঘল নদী দলং আদিৰ কথাও উল্লেখ কৰে। তেওঁ লগতে কয়, "এনে ধৰণৰ আধুনিক সংযোগ হৈছে এক সমৃদ্ধ আৰু শক্তিশালী ৰাষ্ট্ৰ গঢ়ি তোলাৰ শক্তিশালী উপায়"।

 

দেশত পৰ্যটনৰ বিকাশৰ বাবে যোগাযোগৰ গুৰুত্বৰ বিষয়ত  আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে উন্নত যোগাযোগ ব্যৱস্থাৰ  বাবেই গুজৰাট পৰ্যটনৰ কেন্দ্ৰবিন্দুত  পৰিণত হোৱাৰ উদাহৰণ দাঙি ধৰে। গুজৰাটৰ পৰ্যটনৰ নতুন আকৰ্ষণৰ বিষয়ে উল্লেখ কৰি  প্ৰধানমন্ত্ৰীয়ে কয় যে আজি গুজৰাটত ২২ খন অভয়াৰণ্য আৰু ৪খন ৰাষ্ট্ৰীয় উদ্যান আছে। হাজাৰ হাজাৰ বছৰ পুৰণি বন্দৰ চহৰ লোথালৰ বিষয়ে সমগ্ৰ বিশ্বতে আলোচনা হৈ আছে। আজি আহমেদাবাদ চহৰ, ৰাণী কি ভাব, চম্পানেৰ আৰু ঢোলাভিৰা বিশ্ব ঐতিহ্যত পৰিণত হৈছে বুলিও মোদীয়ে কয়। তেওঁ লগতে কয় যে দ্বাৰকাৰ  শিৱৰাজপুৰী এক উল্লেখনীয়  সমুদ্ৰতীৰ। এছিয়াৰ আটাইতকৈ দীঘল ৰ’পৱে গিৰনাৰত আছে। গিৰ অৰণ্য হৈছে এছিয়াটিক সিংহৰ একমাত্ৰ বাসস্থান। বিশ্বৰ আটাইতকৈ ওখ প্ৰতিমূৰ্তি চৰ্দাৰ চাহেবৰ ষ্টেচু অফ ইউনিটি একতা নগৰত আছে। ৰানোৎসৱৰ সময়ত সমগ্ৰ বিশ্বৰ পৰা  আহি পৰ্যটকে ভিৰ কৰা এখন মেলা আয়োজন কৰা হৈ আহিছে। কচ্ছৰ ধোৰ্ডো গাওঁখন বিশ্বৰ সৰ্বশ্ৰেষ্ঠ পৰ্যটন গাওঁসমূহৰ ভিতৰৰে এখন হিচাবে পৰিগণিত হৈছে।   নাডাবেট হৈ পৰিছে দেশপ্ৰেম আৰু পৰ্যটনৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ।

 

তেওঁ উল্লেখ কৰে যে 'বিকাশ ভি বিৰাসাত ভি' মন্ত্ৰৰ সৈতে সংগতি ৰাখি ধৰ্মীয় বিশ্বাসৰ কেন্দ্ৰসমূহ উন্নীত কৰা হৈছে। দ্বাৰকা, সোমনাথ, পৱাগড়, মোধেৰা আৰু অম্বাজীৰ দৰে সকলো গুৰুত্বপূৰ্ণ তীৰ্থস্থানৰ সুবিধা বিকশিত কৰা হৈছে। তেওঁ কয়  যে ভাৰত ভ্ৰমণ কৰা প্ৰতিজন পৰ্যটকৰ মাজৰে প্ৰতি পঞ্চমগৰাকী পৰ্যটক গুজৰাট ভ্ৰমণ কৰিছে।  যোৱা বছৰ আগষ্ট মাহলৈকে প্ৰায় ১৫.৫ লাখ পৰ্যটক গুজৰাটলৈ আহিছিল। ই-ভিছাৰ সুবিধাসমূহেও পৰ্যটকসকলক গুজৰাটলৈ আহিবলৈ উৎসাহিত কৰিছে বুলি তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে কয়  "সৌৰাষ্ট্ৰৰ ভূমি সংকল্পৰ জৰিয়তে প্ৰাপ্তিৰ এক বৃহৎ উদাহৰণ"।  অঞ্চলটোলৈ কৰা  প্ৰতিটো ভ্ৰমণে কেনেদৰে নতুন শক্তি প্ৰদান কৰিব পাৰে সেই বিষয়ত  তেওঁ গুৰুত্ব আৰোপ কৰে। সৌৰাষ্ট্ৰৰ লোকসকলে প্ৰতিটো টোপাল পানীৰ বাবে ব্যাকুল হৈ পৰা  আৰু প্ৰব্ৰজন কৰিবলৈ বাধ্য হোৱাৰ কঠিন সময়ৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে সৌনি যোজনাৰ বিষয়ত  আলোকপাত কৰে । যিয়ে সৌৰাষ্ট্ৰৰ শ শ গাওঁলৈ জলসিঞ্চন আৰু খোৱাপানী যোগানৰ বাবে ১৩০০ কিলোমিটাৰ জোৰা পাইপলাইন স্থাপনৰ কাম আৰম্ভ কৰিছে। ভাষণৰ সামৰণিত  প্ৰধানমন্ত্ৰী মোদীয়ে  এই বিষয়ত  বিশ্বাস ব্যক্ত কৰে যে গুজৰাটৰ লগতে সৌৰাষ্ট্ৰৰ সমগ্ৰ অঞ্চলটোৱে অনাগত বছৰসমূহত সফলতাৰ নতুন শিখৰত উপনীত হ'ব।মোদীয়ে কয় "দ্বাৰকাধিশৰ আশীৰ্বাদ আমাৰ ওপৰত আছে। আমি একেলগে বিকশিত সৌৰাষ্ট্ৰ আৰু বিকশিত গুজৰাট গঢ়ি তুলিম"।গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল আৰু সংসদ সদস্য শ্ৰী চি আৰ পাটিলো এই অনুষ্ঠানত উপস্থিত আছিল।

 

পৃষ্ঠভূমি

প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৯৮০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা ওখা মূল ভূখণ্ড আৰু বেইট দ্বাৰকা দ্বীপক সংযোগ কৰা সুদৰ্শন সেতু দেশবাসীক উচৰ্গা কৰে।  ই হৈছে দেশৰ আটাইতকৈ দীঘল কেবল-ষ্টেড দলং আৰু দূৃঘলে প্ৰায় ২.৩২ কিলোমিটাৰ।

সুদৰ্শন সেতুৱে এক অনন্য ডিজাইন প্ৰদৰ্শন কৰিছে, য'ত দুয়োফালে শ্ৰীমদ্ভাগৱত গীতাৰ শ্লোক আৰু ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতিমূৰ্তিৰে সজাই তোলা পদপথ আছে। ইয়াত পদপথৰ ওপৰৰ অংশত সৌৰ পেনেলো স্থাপন কৰা হৈছে, য’ৰ পৰা এক মেগাৱাট বিদ্যুৎ উৎপাদন হয়। এই দলংখনে যাতায়ত সহজ কৰি তুলিব আৰু দ্বাৰকা আৰু বেইট-দ্বাৰকা পথৰ মাজত ভক্তৰ যাত্ৰাৰ সময় যথেষ্ট হ্ৰাস কৰিব। দলং নিৰ্মাণৰ পূৰ্বে তীৰ্থযাত্ৰীসকলে বেয়াত দ্বাৰকালৈ যাবলৈ নাও পৰিবহণৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল। এই আইকনিক দলংখনে দেৱভূমি দ্বাৰকাৰ এক প্ৰধান পৰ্যটনস্থলী হিচাপেও কাম কৰিব।

 

প্ৰধানমন্ত্ৰী  মোদীয়ে ভাদিনাৰত পাইপলাইন প্ৰকল্প দেশবাসীক উচৰ্গা কৰে, য’ত বৰ্তমানৰ অফশ্ব’ৰ লাইন সলনি কৰা, বৰ্তমানৰ পাইপলাইন এণ্ড মেনিফল্ড (পিএলইএম) প্ৰত্যাহাৰ  কৰা আৰু সমগ্ৰ ব্যৱস্থাটো (পাইপলাইন, পিএলইএম আৰু আন্তঃসংযোগী লুপ লাইন) ওচৰৰ নতুন স্থানলৈ স্থানান্তৰ কৰা আদি বিষয়সমূহ অন্তৰ্ভুক্ত আছে। তেওঁ ৰাজকোট-ওখা, ৰাজকোট-জেতালসৰ-সোমনাথ আৰু জেতলসৰ-ৱান্সজলিয়া ৰে'লৱে বিদ্যুতীকৰণ প্ৰকল্প ৰাষ্ট্ৰক সমৰ্পিত কৰে।

প্ৰধানমন্ত্ৰীয়ে  ৰাষ্ট্ৰীয় ঘাইপথ-৯২৭ডিৰ ধোৰাজী-জামকাদোৰ্না-কালাভাদ অংশ সম্প্ৰসাৰণ কৰাৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ লগতে জামনগৰৰ আঞ্চলিক বিজ্ঞান কেন্দ্ৰ; ছিক্কা থাৰ্মেল পাৱাৰ ষ্টেচন, জামনগৰত ফ্লু গেছ ডিছালফাৰাইজেচন (এফজিডি) ব্যৱস্থা স্থাপন কৰাৰ প্ৰক্লপৰ আধাৰশিলা স্থাপনৰ কাৰ্যসূচীও  অন্তৰ্ভুক্ত হৈ  আছে।

 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s power sector set for strong FY27 growth on rising demand, capacity additions: Report

Media Coverage

India’s power sector set for strong FY27 growth on rising demand, capacity additions: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Mr. Andy Burnham on assuming office as Prime Minister of the United Kingdom
July 21, 2026

Prime Minister Shri Narendra Modi today extended congratulations to Mr. Andy Burnham on assuming office as Prime Minister of the United Kingdom.

Shri Modi noted that India and the UK are bound by shared democratic values and enjoy wide-ranging cooperation across trade, investment, technology, defence, and people-to-people relations. With CETA entering into force this month, the Prime Minister pointed out that the bilateral partnership is poised to grow even stronger.

The Prime Minister stated that he looks forward to working closely with him to further deepen the India-UK Comprehensive Strategic Partnership and advance their shared Vision 2035.

In a post on X, the Prime Minister shared:

"Warmest congratulations to Mr. Andy Burnham on assuming office as Prime Minister of the United Kingdom.

India and the UK are bound by shared democratic values and enjoy wide-ranging cooperation across trade, investment, technology, defence and people-to-people relations. With CETA entering into force this month, our bilateral partnership is poised to grow even stronger.

I look forward to working closely with you to further deepen the India-UK Comprehensive Strategic Partnership and advance our shared Vision 2035.

@andyburnham"