দ্বাৰকা এক্সপ্ৰেছৱেৰ ১৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ হাৰিয়ানা অংশ উদ্বোধন
“২০২৪ চনৰ তিনিমাহ নৌহওঁতেই ১০ লাখ কোটিতকৈ অধিক মূল্যৰ প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰাৰ লগতে আধাৰশিলাও স্থাপন কৰা হৈছে”
“সমস্যাক সম্ভাৱনালৈ ৰূপান্তৰ কৰাটো মোদীৰ গেৰাণ্টি হৈ পৰিছে”
“একবিংশ শতিকাৰ ভাৰত হৈছে বৃহৎ দৃষ্টিভংগী আৰু ডাঙৰ লক্ষ্যৰ ভাৰত”
‘পূৰ্বতে পলম হৈছিল, এতিয়া সময়মতে প্ৰদান কৰা হৈছে। আগতে পলম হৈছিল, এতিয়া উন্নয়ন হৈছে”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ গুৰুগ্ৰামত সমগ্ৰ দেশজুৰি এক লাখ কোটি টকা ব্যয় সাপেক্ষ ১১২টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা লক্ষাধিক লোকে প্ৰযুক্তিৰ জৰিয়তে এই অনুষ্ঠানৰ সৈতে সংযোগ স্থাপন কৰে।

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে দিল্লীত অনুষ্ঠান অনুষ্ঠিত কৰাৰ সংস্কৃতিৰ পৰা দেশৰ অন্যান্য প্ৰান্তত বৃহৎ অনুষ্ঠান অনুষ্ঠিত কৰালৈ পৰিৱৰ্তন হোৱা কথাটো উল্লেখ কৰে। তেওঁ কয় যে আজি দেশে আধুনিক সংযোগৰ দিশত আন এক বৃহৎ আৰু গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। মাইলৰ খুঁটিসদৃশ দ্বাৰকা এক্সপ্ৰেছৱেৰ হাৰিয়ানা অংশ উচৰ্গা কৰি আনন্দিত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ইয়াৰ দ্বাৰা দিল্লী আৰু হাৰিয়ানাৰ মাজৰ ভ্ৰমণ অভিজ্ঞতা চিৰদিনৰ বাবে সলনি হ’ব আৰু “কেৱল বাহনতে নহয়, অঞ্চলটোৰ জনসাধাৰণৰ জীৱনৰ গতিও সলনি হ’ব”। .

 

প্ৰকল্প ৰূপায়ণৰ গতি পৰিৱৰ্তনৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ২০২৪ চনৰ তিনিমাহতকৈও কম সময়ৰ ভিতৰত ১০ লাখ কোটিতকৈ অধিক মূল্যৰ প্ৰকল্প হয় ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰা হৈছে নহয় আধাৰশিলা স্থাপন কৰা হৈছে। আজিৰ এক লাখ কোটিতকৈ অধিক মূল্যৰ শতাধিক প্ৰকল্পৰ ভিতৰত দক্ষিণৰ কৰ্ণাটক, কেৰালা আৰু অন্ধ্ৰ প্ৰদেশ, উত্তৰৰ উত্তৰ প্ৰদেশ আৰু হাৰিয়ানা, পূবৰ বংগ আৰু বিহাৰৰ উন্নয়নমূলক প্ৰকল্প আছে৷ আনহাতে, পশ্চিমৰ মহাৰাষ্ট্ৰ, পঞ্জাৱ আৰু ৰাজস্থানৰ পৰা ডাঙৰ ডাঙৰ প্ৰকল্প আছে৷ আজিৰ প্ৰকল্পসমূহৰ ভিতৰত অমৃতসৰ ভাটিণ্ডা জামনগৰ কৰিড’ৰত ৫৪০ কিলোমিটাৰ বৃদ্ধি আৰু বেংগালুৰু ৰিং ৰোডৰ উন্নয়ন প্ৰকল্পও আছে বুলি কয় প্ৰধানমন্ত্ৰীয়ে৷

শ্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তঃগাঁথনি উন্নয়নৰ পৰিৱৰ্তনশীল প্ৰভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰি সমস্যাৰ পৰা সম্ভাৱনালৈ পৰিৱৰ্তনৰ ওপৰত আলোকপাত কৰে। তেওঁ প্ৰত্যাহ্বানসমূহক সুযোগলৈ ৰূপান্তৰিত কৰাৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰে, যিটো তেওঁৰ শাসন ব্যৱস্থাৰ এক চিহ্ন।

প্ৰধানমন্ত্ৰী মোদীয়ে দ্বাৰকা এক্সপ্ৰেছৱেৰ উদাহৰণ দি তেওঁৰ চৰকাৰে বাধাসমূহক বিকাশৰ পথলৈ ৰূপান্তৰিত কৰাৰ দায়বদ্ধতাৰ প্ৰমাণ দিয়ে। তেওঁ অতীতত অসুৰক্ষিত বুলি গণ্য কৰা অঞ্চল, যিবোৰলৈ সুৰ্যাস্তৰ পাছত কোনো লোক যোৱা নাছিল, সেইবোৰত এতিয়া এক্সপ্ৰেছৱে নিৰ্মাণ কৰা কথাটো উল্লেখ কৰে৷ কিন্তু আজি ই ডাঙৰ নিগমসমূহৰ বাবে কেন্দ্ৰ হিচাপে কাম কৰি ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ (এনচিআৰ) দ্ৰুত উন্নয়নত অৰিহণা যোগায়।

 

 

প্ৰধানমন্ত্ৰীয়ে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সৈতে সংযোগ কৰি দ্বাৰকা এক্সপ্ৰেছৱেৰ কৌশলগত গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ দৃঢ়তাৰে কয় যে এনে আন্তঃগাঁথনি প্ৰকল্পই সংযোগ বৃদ্ধি কৰে, যাৰ ফলত অৰ্থনৈতিক কাৰ্যকলাপ ত্বৰান্বিত হয় আৰু এনচিআৰৰ সংহতি উন্নত হয়।

তদুপৰি, প্ৰধানমন্ত্ৰী মোদীয়ে আন্তঃগাঁথনি প্ৰকল্পসমূহ সময়মতে সম্পূৰ্ণ হোৱাটো নিশ্চিত কৰাৰ ক্ষেত্ৰত হাৰিয়ানা চৰকাৰ বিশেষকৈ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰৰ প্ৰচেষ্টাক প্ৰশংসা কৰে। তেওঁ ৰাজ্যখনৰ আন্তঃগাঁথনি আধুনিকীকৰণৰ বাবে তেওঁলোকৰ নিষ্ঠাক প্ৰশংসা কৰে, যিটো বিকশিত হাৰিয়ানা আৰু বিকশিত ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ।

প্ৰধানমন্ত্ৰীয়ে দিল্লী-এনচিআৰ অঞ্চলৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে তেওঁৰ চৰকাৰৰ সামগ্ৰিক দৃষ্টিভংগী পুনৰবাৰ উল্লেখ কৰে। তেওঁ দ্বাৰকা এক্সপ্ৰেছৱে, পেৰিফেৰেল এক্সপ্ৰেছৱে, দিল্লী-মীৰাট এক্সপ্ৰেছৱে আদি বৃহৎ প্ৰকল্পসমূহ সময়মতে সম্পূৰ্ণ কৰাত গুৰুত্ব আৰোপ কৰে। এই প্ৰকল্পসমূহৰ লগতে মেট্ৰ’ লাইন সম্প্ৰসাৰণ আৰু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ নিৰ্মাণৰ লক্ষ্য হৈছে অঞ্চলটোত যান-জঁটৰ সমস্যা লাঘৱ কৰা আৰু প্ৰদূষণ হ্ৰাস কৰা। “একবিংশ শতিকাৰ ভাৰত হৈছে ডাঙৰ দৃষ্টিভংগী আৰু ডাঙৰ লক্ষ্যৰ ভাৰত”, প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয়।

 

প্ৰধানমন্ত্ৰী মোদীয়ে আন্তঃগাঁথনি উন্নয়ন আৰু দৰিদ্ৰতা নিৰাময়ৰ মাজৰ সংযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰি গ্ৰামাঞ্চলত উন্নত পথ আৰু ডিজিটেল সংযোগে গাঁওবাসীৰ বাবে কেনেদৰে নতুন সুযোগ সৃষ্টি কৰে তাৰ ওপৰত আলোকপাত কৰে। ডিজিটেল আন্তঃগাঁথনি আৰু স্বাস্থ্যসেৱা আৰু শিক্ষাৰ দৰে অত্যাৱশ্যকীয় সেৱাৰ সুবিধাৰ দ্বাৰা পৰিচালিত ভাৰতৰ গ্ৰামাঞ্চলত নতুন সম্ভাৱনাৰ উত্থানৰ কথা উল্লেখ কৰে। “এই ধৰণৰ পদক্ষেপে বিগত ১০ বছৰত ২৫ কোটি ভাৰতীয়ক দৰিদ্ৰতাৰ পৰা মুক্ত কৰাত সহায় কৰিছে আৰু ভাৰতক পঞ্চম বৃহত্তম বিশ্ব অৰ্থনীতিত পৰিণত কৰিছে” বুলি উল্লেখ কৰি তেওঁ লগতে কয় “দেশৰ এই দ্ৰুত আন্তঃগাঁথনি নিৰ্মাণৰ কামে ভাৰতক বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনৈতিক শক্তি হিচাপে গঢ়ি তুলিব৷” প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ ভাৰতৰ আন্তঃগাঁথনি উন্নয়ন ত্বৰান্বিত কৰাৰ বাবে চৰকাৰৰ দায়বদ্ধতা পুনৰবাৰ উল্লেখ কৰে। তেওঁ দৃঢ়তাৰে কয় যে এনে পদক্ষেপে দেশৰ অৰ্থনীতি শক্তিশালী কৰাই নহয়, বিশেষকৈ যুৱক-যুৱতীসকলৰ বাবে অসংখ্য কৰ্মসংস্থাপনৰ সুযোগো সৃষ্টি কৰে।

প্ৰধানমন্ত্ৰীয়ে বৰ্তমান চৰকাৰে সম্পূৰ্ণ কৰা বহু দীৰ্ঘদিনীয়া প্ৰকল্প, যেনে—ইষ্টাৰ্ণ পেৰিফেৰেল এক্সপ্ৰেছৱে (২০০৮ চনত ঘোষণা কৰা ২০১৮ চনত সম্পূৰ্ণ হোৱা), দ্বাৰকা এক্সপ্ৰেছৰ কথা উল্লেখ কৰে, যিবোৰ বিগত ২০ বছৰ ধৰি অসম্পূৰ্ণ হৈ আছিল। ‘আজি আমাৰ চৰকাৰে যি কামৰ আধাৰশিলা স্থাপন কৰে, সময়মতে সম্পূৰ্ণ কৰিবলৈ সমানেই কষ্ট কৰে। আৰু তাৰ পিছত নিৰ্বাচন হয় নে নহয় আমি নাচাও”, তেওঁ কয়। গাঁৱত লাখ লাখ কিলোমিটাৰ অপ্টিক ফাইবাৰ, সৰু চহৰৰ বিমানবন্দৰ, ৰুলাৰ ৰোডৰ দৰে প্ৰকল্প নিৰ্বাচনৰ সময় নিৰ্বিশেষে সম্পূৰ্ণ হয় বুলিও তেওঁ কয়।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে “আগতে পলম হৈছিল, এতিয়া সময়মতে প্ৰদান কৰা হৈছে। আগতে পলম হৈছিল, এতিয়া সঠিকভাৱে উন্নয়ন হৈছে।” তেওঁ কয় যে ৯ হাজাৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্ৰুতবেগী কৰিডৰ নিৰ্মাণত গুৰুত্ব দিয়া হৈছে যাৰ ভিতৰত ৪ হাজাৰ কিলোমিটাৰ ইতিমধ্যে নিৰ্মাণ কৰা হৈছে। ২০১৪ চনত ৫খন চহৰৰ বিপৰীতে মেট্ৰ’ সেৱাই ইতিমধ্যে ২১খন চহৰত উপনীত হৈছে।“এই কাম উন্নয়নৰ দৃষ্টিভংগীৰে কৰা হৈছে। এইবোৰ কথা তেতিয়াহে সম্ভৱ, যেতিয়া উদ্দেশ্য সঠিক হয়। আগন্তুক ৫ বছৰত উন্নয়নৰ এই গতি বহুগুণে বৃদ্ধি পাব”, এই মন্তব্যৰে প্ৰধানমন্ত্ৰীয়ে ভাষণ সামৰে৷

এই উপলক্ষে অনুষ্ঠানত হাৰিয়ানাৰ ৰাজ্যপাল শ্ৰী বন্দাৰু দত্তাত্ৰেয়, মুখ্যমন্ত্ৰী শ্ৰী মনোহৰ লাল খট্টৰ, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী নীতিন গাডকাৰী, শ্ৰী ৰাও ইন্দৰজিৎ সিং, শ্ৰী কৃষণ পাল, হাৰিয়ানাৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী দুষ্যন্ত চৌটালাকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

 

পটভূমিঃ

৪৮নং ৰাষ্ট্ৰীয় ঘাইপথত দিল্লী আৰু গুৰুগ্ৰামৰ মাজত যান-বাহনৰ চলাচল উন্নত কৰাত সহায় কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰীয়ে দ্বাৰকা এক্সপ্ৰেছৱেৰ হাৰিয়ানা অংশ উদ্বোধন কৰে৷ আঠ লেনযুক্ত দ্বাৰকা এক্সপ্ৰেছৱেৰ ১৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ হাৰিয়ানা অংশত প্ৰায় ৪,১০০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে আৰু ইয়াত ১০.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ দিল্লী-হাৰিয়ানা সীমান্তৰ পৰা বাসাই ৰে’ল-অভাৰব্ৰিজ (আৰঅ’ বি) আৰু ৮.৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ বাছাই আৰঅ’বিৰ পৰা খেৰকী দৌলালৈ দুটা পেকেজ অন্তৰ্ভুক্ত কৰা হৈছে। তদুপৰি, এই ঘাইপথে দিল্লীৰ আইজিআই বিমানবন্দৰ আৰু গুৰুগ্ৰাম বাইপাছৰ সৈতে প্ৰত্যক্ষ সংযোগ প্ৰদান কৰিব।

প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰা আন আন বৃহৎ প্ৰকল্পসমূহৰ ভিতৰত ৯.৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ছয় লেনযুক্ত নগৰ সম্প্ৰসাৰণ পথ-II (UER-II)- পেকেজ ৩ৰ পৰা নাংলয়-নাজাফগড় পথৰ পৰা দিল্লীৰ ২৪নং ছেক্টৰ দ্বাৰকা অংশলৈকে; উত্তৰপ্ৰদেশৰ লক্ষ্ণৌত ৰিং ৰোডৰ তিনিটা পেকেজ ৪,৬০০ কোটি টকা ব্যয়েৰে বিকশিত কৰা হয়। অন্ধ্ৰ প্ৰদেশত প্ৰায় ২,৯৫০ কোটি টকা ব্যয় সাপেক্ষে ১৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ আনন্দপুৰম-পেণ্ডুৰথী-অনাকাপল্লী অংশৰ উন্নয়ন। হিমাচল প্ৰদেশত ৩৪০০ কোটি টকা ব্যয় সাপেক্ষ ২১নং ৰাষ্ট্ৰীয় ঘাইপথৰ কিৰাটপুৰৰ পৰা নেৰচৌক অংশ (দুটা পেকেজ); কৰ্ণাটকত ২,৭৫০ কোটি টকা ব্যয় সাপেক্ষ ডোবাস্পেট-হেস্কোটে ছেকচন (দুটা পেকেজ)ৰ লগতে দেশৰ বিভিন্ন ৰাজ্যত ২০,৫০০ কোটি টকা ব্যয়েৰে আন ৪২টা প্ৰকল্প আছে৷

 

প্ৰধানমন্ত্ৰীয়েসমগ্ৰ দেশজুৰি বিভিন্ন ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে৷ আধাৰশিলা স্থাপন কৰা বৃহৎ প্ৰকল্পসমূহৰ ভিতৰত অন্ধ্ৰ প্ৰদেশত ১৪ হাজাৰ কোটি টকা ব্যয় সাপেক্ষ বেংগালুৰু-কদাপ্পা-বিজয়াৱাডা এক্সপ্ৰেছৱেৰ ১৪টা পেকেজ, কৰ্ণাটকত ৮ হাজাৰ কোটি টকা ব্যয় সাপেক্ষ ৭৪৮এনং ৰাষ্ট্ৰীয় ঘাইপথৰ বেলগাম-হুংগুণ্ড-ৰাইচুৰ ছেকচনৰ ছটা পেকেজ; হাৰিয়ানাত ৪,৯০০ কোটি টকা ব্যয় সাপেক্ষ শামলী-আম্বালা ঘাইপথৰ তিনিটা পেকেজ; পঞ্জাৱত ৩৮০০ কোটি টকা ব্যয় সাপেক্ষ অমৃতসৰ-ভাটিণ্ডা কৰিডৰৰ দুটা পেকেজ আৰু দেশৰ বিভিন্ন ৰাজ্যত ৩২,৭০০ কোটি টকা ব্যয় সাপেক্ষ আন ৩৯টা প্ৰকল্প আছে।

এই প্ৰকল্পসমূহে ৰাষ্ট্ৰীয় ঘাইপথ নেটৱৰ্কৰ বৃদ্ধিত যথেষ্ট অৰিহণা যোগোৱাৰ লগতে আৰ্থ-সামাজিক দিশৰ বিকাশত উদ্গনি যোগাব, চাকৰিৰ সুযোগ বৃদ্ধি আৰু দেশৰ বিভিন্ন অঞ্চলত বাণিজ্য আৰু বাণিজ্যক প্ৰসাৰিত কৰাত সহায় কৰিব।

 

 

 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
UPI — an eventful journey

Media Coverage

UPI — an eventful journey
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM chairs 53rd PRAGATI Meeting
August 25, 2026
PM reviews six key infrastructure projects across the Railway, Road and Power sectors
Projects reviewed span across 9 States with cumulative investment of more than ₹30,000 crore
PM says Infrastructure projects should be viewed as an integrated whole, rather than as individual sections or packages
PM calls for continuous reforms across all stages of project implementation and a proactive work culture across Ministries and States
PM says Speed must go hand-in-hand with quality
While reviewing AgriStack, PM emphasises the need to leverage the latest digital technologies including AI to derive greater value from agricultural data
On cyber fraud and ‘digital arrest’, PM stresses training, public awareness, cyber-safety education and coordinated action

Prime Minister Shri Narendra Modi chaired the 53rd meeting of PRAGATI, the ICT-enabled, multi-modal platform for Pro-Active Governance and Timely Implementation, at Seva Teerth earlier today.

During the meeting, Prime Minister reviewed six key infrastructure projects across the Railway, Road and Power sectors, spanning nine States with a cumulative cost of more than ₹30,000 crore. The projects, significant for strengthening connectivity, supporting industrial and economic activity and improving public services, were reviewed with particular emphasis on adherence to timelines, inter-agency coordination, resolution of pending issues and expeditious completion.

Prime Minister emphasised that delays in infrastructure projects have consequences beyond cost escalation, as they also postpone the benefits intended for citizens, businesses and the economy. He said that infrastructure projects should be viewed and monitored as an integrated whole, rather than as isolated sections, stretches or packages. He noted that progress in individual packages should ultimately translate into timely completion and operationalisation of the entire project. Ministries and States were therefore asked to adopt an end-to-end approach, and address critical gaps that could delay the overall commissioning and delivery of benefits. He called for fostering a proactive work culture across Ministries and State Governments, with greater ownership at every level of project implementation.

Prime Minister stressed the need to explore common utility corridors for infrastructure services, wherever feasible, particularly while planning major transport and infrastructure projects. He called upon Ministries and States to examine such integrated approaches at the planning stage itself, keeping in view their technical and economic feasibility.

Prime Minister said that speed of execution must be accompanied by uncompromising quality. He called upon Ministries, States and implementing agencies to adopt modern technologies and strengthen quality assurance and supervision at every stage.

While reviewing AgriStack under the Digital Agriculture Mission, Prime Minister emphasised the need to leverage the latest digital technologies, including Artificial Intelligence, to derive greater value from agricultural data. He stressed that the data ecosystem should be effectively utilised across the agricultural value chain, from input planning to processing, enabling more informed interventions, better targeting and data-driven decision-making. He appreciated the efforts of the States and the Central Government in building the AgriStack ecosystem and called for further strengthening its use for delivering better outcomes for farmers.

During the review of cyber fraud cases, including incidents of digital arrest, Prime Minister said that prevention must be strengthened through a sustained focus on training, awareness and education. He stressed the need for continuous and targeted public-awareness campaigns, particularly for senior citizens, youth and other vulnerable sections, to familiarise them with common fraud techniques, warning signs and safe digital practices. He also called for regular capacity-building of personnel involved so that emerging modes of cyber fraud are identified and acted upon swiftly.