ভাৰতৰ প্ৰচীন গৌৰৱ-গাঁথাৰ পুনৰুদ্ধাৰ বাবে অদমনীয় ইচ্ছা শক্তি প্ৰদৰ্শন কৰা চৰ্দাৰ পেটেলক প্ৰণিপাত
বিশ্বনাথৰ পৰা সোমনাথলৈ বহু সংখ্যক মন্দিৰৰ পুনৰ্নিৰ্মাণ কৰা ‘লোকমাতা’ অহিল্যাবাঈ হোলকাৰক স্মৰণ
ধৰ্মীয় পৰ্যটনৰ নতুন সম্ভাৱনীয়তাসমূহ আৰু তীৰ্থভ্ৰমণ আৰু স্থানীয় অৰ্থনীতিৰ মাজৰ সম্পৰ্ক শক্তিশালীকৰণত আমি মনোনিৱেশ কৰাটো প্ৰত্যেকটো কালখণ্ডৰে আহ্বান : প্ৰধানমন্ত্ৰী
ধ্বংসাত্মক শক্তি, সন্ত্ৰাসৰ ভিত্তিত সাম্ৰাজ্য স্থাপন কৰিব খোজা মনোবৃত্তিয়ে হয়তো কিছু সময়ৰ বাবে প্ৰভুত্ব বিস্তাৰ কৰিব পাৰে, পিচে এনে শক্তিৰ প্ৰভাৱ কেতিয়াও চিৰস্থায়ী হ’ব নোৱাৰে; ই দীৰ্ঘ সময়ৰ বাবে মানৱীয়তাক পৰাভূত কৰিব নোৱাৰে। এই কথা সত্য যে কেতবোৰ আক্ৰমণকাৰীয়ে সোমনাথ ধ্বংস কৰিছিল, এনে শক্তিক লৈ আজিৰ তাৰিখতো পৃথিৱী যে শংকিত সেই কথাও সমানেই সত্য : প্ৰধানমন্ত্ৰী
আমাৰ বাবে ইতিহাস আৰু বিশ্বাসৰ সৌৰভৱেই হৈছে সকলোৰে সৈতে, সকলোৰে বিকাশ, সকলোৰে বিশ্বাস আৰু সকলোৰে প্ৰয়াস : প্ৰধানমন্ত
ধৰ্মীয় পৰ্যটনৰ নতুন সম্ভাৱনীয়তাসমূহ আৰু তীৰ্থভ্ৰমণ আৰু স্থানীয় অৰ্থনীতিৰ মাজৰ সম্পৰ্ক শক্তিশালীকৰণত আমি মনোনিৱেশ কৰাটো প্ৰত্যেকটো কালখণ্ডৰে আহ্বান : প্ৰধানমন্ত্ৰী
আমাৰ বাবে ইতিহাস আৰু বিশ্বাসৰ সৌৰভৱেই হৈছে সকলোৰে সৈতে, সকলোৰে বিকাশ, সকলোৰে বিশ্বাস আৰু সকলোৰে প্ৰয়াস : প্ৰধানমন্ত

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে গুজৰাটৰ সোমনাথত এলানি বহুমুখী প্ৰকল্পৰ শুভ উদ্বোধন কৰাৰ লগতে আন একাংশ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। উদ্বোধন কৰা প্ৰকল্পসমূহৰ মাজত আছে ‘সোমনাথ পৰ্যটন চক্ৰ’, ‘সোমনাথ প্ৰদৰ্শনী কেন্দ্ৰ’ আৰু ‘পুৰণি(জুনা)সোমনাথৰ চৌহদ’ৰ পুনৰ্নিৰ্মাণ। প্ৰধানমন্ত্ৰীয়ে একেটা অনুষ্ঠানতে পাৰবতী মন্দিৰৰ আধাৰশিলাও স্থাপন কৰে। অনুষ্ঠানত শ্ৰী লালকৃষ্ণ আদৱানী, কেন্দ্ৰীয় গৃহমন্ত্ৰী, গুজৰাটৰ মুখ্য মন্ত্ৰী আৰু উপ মুখ্য মন্ত্ৰীৰ লগতে অন্যান্যসকল উপস্থিত থাকে।

পৃথিৱীৰ ধৰ্মপ্ৰাণসকলক অভিনন্দন জনোৱাৰ লগতে প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ পুৰাতন ঐতিহ্যৰ পুনৰুদ্ধাৰৰ বাবে অদমনীয় ইচ্ছাশক্তিৰ নিদৰ্শন দাঙি ধৰা চৰ্দাৰ পেটেলৰৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য নিৱেদন কৰে। চৰ্দাৰ পেটেলে স্বাধীন ভাৰতৰ স্বাধীন চেতনাক সোমনাথ মন্দিৰৰে  সংযোজিত কৰিছিল। শ্ৰী মোদীয়ে কয় যে ‘স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষত আমি চৰ্দাৰ চাহাবৰ প্ৰয়াসক আগুৱাই নিয়াৰ লগতে সোমনাথ মন্দিৰক নতুন ৰূপত গঢ়ি তুলিবলৈ পোৱাটো আমাৰে সৌভাগ্য বুলি ভাবিছো’। প্ৰধানমন্ত্ৰীয়ে বিশ্বনাথৰ পৰা সোমনাথ মন্দিৰলৈ বহুবোৰ মন্দিৰৰ পুনৰ্নিৰ্মাণ কৰা ‘লোকমাতা’ অহিল্যাবাঈ হোলকাৰৰো স্মৃতিচাৰণ কৰে। ‘আজি দেশে পৰম্পৰা আৰু আধুনিকতাৰ সমন্বয় সাধনৰে অনুপ্ৰাণিত হৈ আগবাঢ়ি যোৱাৰ প্ৰয়াস কৰিছে’ বুলিও প্ৰধানমন্ত্ৰীয়ে অভিমত ব্যক্ত কৰে।

প্ৰসংগক্ৰমে তেওঁ কয় য়ে ‘ষ্টেচ্যু অব ইউনিটী’ আৰু কচ্ছৰ ৰূপান্তৰণৰ দৰে পদক্ষেপসমূহেৰে গুজৰাটত আধুনিকতাৰ সৈতে পৰ্যটনক সংযোজিত কৰাৰ পৰণতি আজি সকলোৱে প্ৰত্যক্ষ কৰিব পাৰিছে। ‘ধৰ্মীয় পৰ্যটনৰ নতুন সম্ভাৱনীয়তাসমূহ আৰু তীৰ্থভ্ৰমণ আৰু স্থানীয় অৰ্থনীতিৰ মাজৰ সম্পৰ্ক শক্তিশালীকৰণত আমি মনোনিৱেশ কৰাটো প্ৰত্যেকটো কালখণ্ডৰে আহ্বান’ বুলিও প্ৰসংগক্ৰমে মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰীয়ে কয় যে “ভগবান শিৱই ধ্বংস-স্তুপৰ ওপৰত বিকাশৰ আৰু সৃষ্টিশীলতাৰ সৌধ নিৰ্মাণ কৰে। শিৱ অনন্ত, সৰ্ববিদ্যমান আৰু চিৰন্তন। আমাৰ আস্থাত শিৱই আমাক সময়ৰ সীমাৰ সিপাৰত আমাৰ অস্তিত্বৰ সন্ধান দিয়ে, সময়ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সামৰ্থ্য প্ৰদান কৰে”।

শ্ৰদ্ধেয় মন্দিৰৰ ইতিহাসক প্ৰতিবিম্বিত কৰি প্ৰধানমন্ত্ৰীয়ে মন্দিৰসমূহত হোৱা বাৰম্বাৰ আক্ৰমণৰ কথা সোঁৱৰাৰ লগতে কেনেকৈ প্ৰতিটো আক্ৰমণৰ পিচত আকৌ মন্দিৰসমূহে মূৰ দাঙি উঠিছিল সেই কথাও স্মৰণ কৰে। তেওঁ কয়, “ভুৱা কথাৰে সত্যক আৰু আস্থাক সন্ত্ৰাসৰে যে পৰাভূত কৰিব নোৱাৰি সেয়াই হৈছে আস্থাৰ নিদৰ্শন। ধ্বংসাত্মক শক্তি, সন্ত্ৰাসৰ ভিত্তিত সাম্ৰাজ্য স্থাপন কৰিব খোজা মনোবৃত্তিয়ে হয়তো কিছু সময়ৰ বাবে প্ৰভুত্ব বিস্তাৰ কৰিব পাৰে, পিচে এনে শক্তিৰ প্ৰভাৱ কেতিয়াও চিৰস্থায়ী হব নোৱাৰে, ই দীৰ্ঘ সময়ৰ বাবে মানৱীয়তাক পৰাভূত কৰিব নোৱাৰে। এই কথা সত্য যে কেতবোৰ আক্ৰমণকাৰীয়ে সোমনাথ ধ্বংস কৰিছিল, এনে শক্তিক লৈ আজিৰ তাৰিখতো পৃথিৱী যে শংকিত সেই কথাও সমানেই সত্য” বুলিও প্ৰধানমন্ত্ৰীয়ে অভিমত ব্যক্ত কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে “দেশৰ প্ৰবল ইচ্ছা আৰু আদৰ্শৰ বাবেই সোমনাথ মন্দিৰৰ পুনৰ্নিৰ্মাণ সম্ভৱ হৈছিল। ৰাজেন্দ্ৰ প্ৰসাদ জী, চৰ্দাৰ পেটেল আৰু কে এম মুন্সীৰ দৰে মহান পুৰুষে এই অভিযানৰ বাবে আনকি স্বাধীনতাৰ পিচতো কঠিন পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছিল। ইমানৰ পিচতো, আধুনিক ভাৰতৰ স্বৰ্গীয় স্তম্ভ ৰূপত সোমনাথ মন্দিৰৰ নিৰ্মাণ সম্পূৰ্ণ হৈছিল ১৯৫০চনত”। তেওঁ প্ৰসংগক্ৰমে কয়, “জটিল সমস্যাৱলীৰ সৰ্বজনগ্ৰাহ্য সমাধানৰ বাবে দেশে আগবাঢ়িব খুজিছে। ৰাম মন্দিৰৰ ৰূপত আধুনিক ভাৰতৰ গৌৰৱগাঁথাৰ এক উজ্জ্বল স্তম্ভই থিয়দঙা দি উঠিছে”।

প্ৰধানমন্ত্ৰীয়ে কয়, “বৰ্তমানক অধিক উন্নত কৰি গঢ়ি তোলাৰ লগতে নতুন ভৱিষ্যত সৃষ্টিৰ বাবেই আমি ইতিহাসৰ পৰা শিক্ষা গ্ৰহণৰ মানসিকতা গঢ়িব লাগিব। তেওঁ আৰু কয় যে আমাৰ বাবে ইতিহাস আৰু বিশ্বাসৰ সৌৰভৱেই হৈছে সকলোৰে সৈতে, সকলোৰে বিকাশ, সকলোৰে বিশ্বাস আৰু সকলোৰে প্ৰয়াস”।

“আমাৰ চাৰি ধৰ্মৰ শৃংখলা, আমাৰ শক্তিপীঠসমূহৰ ধাৰণা, আমাৰ দেশৰ বিভিন্ন প্ৰান্তত বিভিন্ন তীৰ্থস্থানসমূহৰ প্ৰতিস্থায়েই আমাৰ আস্থাও যে দৰাচলতে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ চেতনাৰেই মূৰ্ত প্ৰকাশ সেই কথাকে প্ৰতীয়মান কৰে” বুলিও তেওঁ উল্লেখ কৰে।

“আধুনিক আন্তঃগাঁথনিৰ নিৰ্মাণৰে দেশে পূৰাতন শৌৰ্যৰ পুনৰুদ্ধাৰ কৰিছে” বুলিও প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে।

‘প্ৰসাদ’(পিলগ্ৰিমেজ ৰিজুভেনেশ্যন এণ্ড স্পিৰিচুৱেল, হেৰিটেজ অ’গমেণ্টেশ্যন ড্ৰাইভ)ৰ অধীনত ৪৭কোটিৰো অধিক টকা ব্যয়ৰে সোমনাথ পৰ্যটন চক্ৰৰ নিৰ্মাণ আৰু বিকাশ সাধন কৰা হৈছে। ইয়াত পৰ্যটক সেৱা কেন্দ্ৰ, প্ৰদৰ্শনী কেন্দ্ৰ আদিৰো ব্যৱস্থা কৰা হৈছে।

আনহাতে, ৩.৫ কোটি টকাৰে সোমনাথ মন্দিৰৰ পুৰণি চৌহদ(জুনা)ৰ পুনৰ্নিৰ্মাণ কৰা হৈছে। ইফালে, ৩০কোটি টকাৰ পুঁজিৰে শ্ৰী পাৰ্ৱতী মন্দিৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ উদ্যোগ গ্ৰহণ কৰা হৈছে।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Gyan Bharatam Portal Houses Over 88,800 Manuscripts, Government Informs Lok Sabha

Media Coverage

Gyan Bharatam Portal Houses Over 88,800 Manuscripts, Government Informs Lok Sabha
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 25 জুলাই 2026
July 25, 2026

Make in India Goes Global: How PM Modi’s Vision is Turning Trust into Trade & Investment