অসমৰ গতিশীল কৰ্মশক্তি আৰু দ্ৰুত বিকাশে ইয়াক এক আগশাৰীৰ বিনিয়োগৰ গন্তব্যস্থানলৈ ৰূপান্তৰিত কৰিছেঃ প্ৰধানমন্ত্ৰী
বিশ্বৰ অনিশ্চয়তাৰ মাজতো এটা কথা নিশ্চিত– ভাৰত দ্ৰুতগতিত বিকশিত হৈছেঃ প্ৰধানমন্ত্ৰী
আমি উদ্যোগ, উদ্ভাৱনচালিত সংস্কৃতি আৰু ব্যৱসায়ৰ সহজতাৰ বাবে এটা সম্পূৰ্ণ পৰিস্থিতিতন্ত্ৰ গঢ়ি তুলিছোঃ প্ৰধানমন্ত্ৰী
ভাৰতে মিছন মোডত নিজৰ উৎপাদন খণ্ড সম্প্ৰসাৰণ কৰি আছে, আমি মেক ইন ইণ্ডিয়াৰ অধীনত কম খৰচী উৎপাদনক প্ৰচাৰ কৰিছোঃ প্ৰধানমন্ত্ৰী
বিশ্বৰ অগ্ৰগতি ডিজিটেল বিপ্লৱ, উদ্ভাৱন আৰু প্ৰযুক্তিচালিত প্ৰগতিৰ ওপৰত নিৰ্ভৰশীলঃ প্ৰধানমন্ত্ৰী
ভাৰতত অৰ্ধপৰিবাহী নিৰ্মাণৰ বাবে অসম এক গুৰুত্বপূৰ্ণ কেন্দ্ৰত পৰিণত হৈছেঃ প্ৰধানমন্ত্ৰী
তেওঁ ২০১৩ চনৰ বক্তব্য স্মৰণ কৰে, যেতিয়া তেওঁ কৈছিল যে ‘এ ফৰ আছাম’-এ মান্যতাৰ পোৱাৰ সেই দিন বেছি দূৰত নহয়৷

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ গুৱাহাটীত এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন-২০২৫ উদ্বোধন কৰে। অনুষ্ঠানত উপস্থিত সকলো গণ্যমান্য ব্যক্তিক আদৰণি জনাই শ্ৰী মোদীয়ে কয়, “পূব ভাৰত আৰু উত্তৰ-পূব ভাৰতে আজি ভৱিষ্যতৰ এক নতুন যাত্ৰাত অগ্ৰসৰ হৈছে আৰু এডভাণ্টেজ আছাম হৈছে অসমৰ অবিশ্বাস্য সম্ভাৱনা আৰু প্ৰগতি বিশ্বৰ সৈতে সংযোগ কৰাৰ এক বৃহৎ পদক্ষেপ।” তেওঁ লগতে কয় যে ভাৰতৰ সমৃদ্ধিৰ ক্ষেত্ৰত পূব ভাৰতৰ মূল ভূমিকা সম্পৰ্কে ইতিহাস সাক্ষী। প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে, “আজি আমি উন্নত ভাৰতৰ দিশে আগবাঢ়ি যোৱাৰ লগে লগে পূব ভাৰত আৰু উত্তৰ-পূবৰ দেশসমূহে নিজৰ প্ৰকৃত সম্ভাৱনা প্ৰদৰ্শন কৰিব।” এডভাণ্টেজ আছামে একে মনোভাৱক প্ৰতিনিধিত্ব কৰে বুলি উল্লেখ কৰি এই বৃহৎ অনুষ্ঠান আয়োজন কৰাৰ বাবে ­অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰীক অভিনন্দন জ্ঞাপন কৰে। তেওঁ ২০১৩ চনৰ বক্তব্য স্মৰণ কৰে, যেতিয়া তেওঁ কৈছিল যে ‘এ ফৰ আছাম’-এ মান্যতাৰ পোৱাৰ সেই দিন বেছি দূৰত নহয়৷

 

প্ৰধানমন্ত্ৰীয়ে কয়, “বিশ্বৰ অনিশ্চয়তাৰ মাজতো বিশেষজ্ঞসকলে সৰ্বসন্মতিক্ৰমে এটা কথাত একমত হৈছে। ভাৰতৰ দ্ৰুত বৃদ্ধি।” তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে আজিৰ ভাৰতে এই শতিকাৰ আগন্তুক ২৫ বছৰৰ বাবে দীৰ্ঘম্যাদী দৃষ্টিভংগীৰে কাম কৰি আছে। তেওঁ আলোকপাত কৰে যে ভাৰতৰ যুৱ প্ৰজন্মৰ ওপৰত বিশ্বৰ অত্যন্ত আস্থা আছে, যিসকল ক্ৰমান্বয়ে দক্ষ আৰু উদ্ভাৱনীমূলক হৈ পৰিছে। নতুন আকাংক্ষাৰে দৰিদ্ৰতাৰ পৰা ওলাই অহা ভাৰতৰ নব্য মধ্যবিত্ত শ্ৰেণীৰ প্ৰতি ক্ৰমাৎ বৃদ্ধি পোৱা আস্থাৰ কথাও তেওঁ উল্লেখ কৰে। ৰাজনৈতিক সুস্থিৰতা আৰু নীতিৰ ধাৰাবাহিকতাক সমৰ্থন কৰা ভাৰতৰ ১৪০ কোটি লোকৰ ওপৰত বিশ্বৰ আস্থাক আলোকপাত কৰি মোদীয়ে বিগত সময়ত সাধন কৰা সংস্কাৰ অব্যাহত ৰখা ভাৰতৰ শাসন ব্যৱস্থাৰ ওপৰত আলোকপাত কৰে। তদুপৰি ভাৰতে নিজৰ স্থানীয় যোগান শৃংখল শক্তিশালী কৰাৰ লগতে বিশ্বৰ বিভিন্ন অঞ্চলৰ সৈতে মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰা বুলিও তেওঁ উনুকিয়ায়। তেওঁ পূব এছিয়াৰ সৈতে অধিক শক্তিশালী সংযোগ আৰু নতুন ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰৰ কথাও উল্লেখ কৰে, যিয়ে নতুন সুযোগ কঢ়িয়াই আনিছে।

 

অসমত হোৱা সমাৱেশৰ দ্বাৰা প্ৰতিফলিত ভাৰতৰ ক্ৰমবৰ্ধমান বৈশ্বিক আস্থাৰ ওপৰত আলোকপাত কৰি মোদীয়ে কয়, “ভাৰতৰ উন্নয়নত অসমৰ অৱদান অহৰহ বৃদ্ধি পাইছে”। তেওঁ কয় যে এডভাণ্টেজ আছাম সন্মিলনৰ প্ৰথম সংস্কৰণ ২০১৮ চনত অনুষ্ঠিত হৈছিল, সেই সময়ত অসমৰ অৰ্থনীতিৰ মূল্য আছিল ২.৭৫ লাখ কোটি টকা। আজি অসম প্ৰায় ৬ লাখ কোটি টকাৰ অৰ্থনীতিৰ ৰাজ্যত পৰিণত হৈছে। তেওঁ কয় যে তেওঁৰ চৰকাৰৰ দিনত মাত্ৰ ছয় বছৰতে অসমৰ অৰ্থনীতি দুগুণ বৃদ্ধি পাইছে। তেওঁ লগতে কয় যে কেন্দ্ৰ আৰু ৰাজ্যত তেওঁৰ চৰকাৰসমূহৰ দ্বৈত প্ৰভাৱ পৰিছে। তেওঁ কয় যে অসমত বহু বিনিয়োগে ইয়াক সীমাহীন সম্ভাৱনা থকা ৰাজ্যলৈ ৰূপান্তৰিত কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে অসম চৰকাৰে শিক্ষা, দক্ষতা বিকাশ আৰু উন্নত বিনিয়োগৰ পৰিৱেশ সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁ কয় যে তেওঁৰ চৰকাৰে যোৱা কিছু বছৰত সংযোগ সম্পৰ্কীয় আন্তঃগাঁথনিৰ ক্ষেত্ৰত ব্যাপক কাম কৰিছে। উদাহৰণস্বৰূপে তেওঁ কয় যে ২০১৪ চনৰ পূৰ্বে ৭০ বছৰত ব্ৰহ্মপুত্ৰ নদীত মাত্ৰ তিনিখন দলং নিৰ্মাণ কৰা হৈছিল। ইয়াৰ বিপৰীতে বিগত ১০ বছৰত চাৰিখন নতুন দলং নিৰ্মাণ কৰা হৈছে। ইয়াৰে এখন দলংৰ নাম ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ নামেৰে নামকৰণ কৰা হৈছে। মোদীয়ে কয় যে ২০০৯ চনৰ পৰা ২০১৪ চনৰ ভিতৰত অসমে গড় ৰে’ল বাজেট ২,১০০ কোটি টকা লাভ কৰিছিল যদিও তেওঁৰ চৰকাৰে অসমৰ ৰে’ল বাজেট চাৰিগুণতকৈ অধিক বৃদ্ধি কৰি ১০,০০০ কোটি টকা কৰিছে। অসমৰ ৬০টাৰো অধিক ৰে’ল ষ্টেচন আধুনিকীকৰণ কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে উত্তৰ-পূবৰ প্ৰথমখন ছেমি হাইস্পীড ৰে’ল এতিয়া গুৱাহাটী আৰু নতুন জলপাইগুৰিৰ মাজত চলি আছে।

অসমত বিমান সংযোগৰ দ্ৰুত সম্প্ৰসাৰণৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ২০১৪ চনলৈকে মাত্ৰ ৭টা পথতহে বিমান সেৱা চলি আছিল, কিন্তু এতিয়া প্ৰায় ৩০টা পথত বিমান সেৱা চলি আছে। তেওঁ কয় যে এই সম্প্ৰসাৰণে স্থানীয় অৰ্থনীতিক যথেষ্ট উত্থান দিয়াৰ লগতে যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিছে। মোদীয়ে দৃঢ়তাৰে কয় যে এই পৰিৱৰ্তন কেৱল আন্তঃগাঁথনিৰ মাজতে সীমাবদ্ধ নহয়, আইন-শৃংখলাৰ ক্ষেত্ৰতো অভূতপূৰ্ব উন্নতি হৈছে, যোৱা দশকত কেইবাখনো শান্তি চুক্তি স্বাক্ষৰিত হৈছে আৰু দীৰ্ঘদিনীয়া সীমান্তৰ সমস্যা সমাধান হৈছে। তেওঁ দৃঢ়তাৰে কয় যে অসমৰ প্ৰতিটো অঞ্চল, প্ৰতিজন নাগৰিক আৰু প্ৰতিজন যুৱকে ৰাজ্যখনৰ উন্নয়নৰ বাবে অক্লান্তভাৱে কাম কৰি আছে।

 

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “ভাৰত অৰ্থনীতিৰ সকলো খণ্ড আৰু স্তৰতে উল্লেখযোগ্য সংস্কাৰ সাধন কৰি থকা হৈছে আৰু ব্যৱসায়ৰ সহজতা বৃদ্ধি আৰু উদ্যোগ আৰু উদ্ভাৱন সংস্কৃতিৰ যত্ন ল’বলৈ এক ব্যাপক পৰিস্থিতিতন্ত্ৰ স্থাপনৰ বাবে স্থায়ী প্ৰচেষ্টা চলোৱা হৈছে।” তেওঁ আলোকপাত কৰে যে ষ্টাৰ্টআপ, পিএলআই আঁচনিৰ জৰিয়তে উৎপাদন আৰু নতুন উৎপাদন কোম্পানীৰ লগতে এমএছএমইৰ বাবে কৰ ৰেহাইৰ বাবে উৎকৃষ্ট নীতি নিৰ্ধাৰণ কৰা হৈছে। তেওঁ লগতে দেশৰ আন্তঃগাঁথনিত চৰকাৰে কৰা যথেষ্ট পৰিমাণৰ বিনিয়োগৰ কথাও উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে এই কথাত গুৰুত্ব আৰোপ কৰে যে প্ৰতিষ্ঠানিক সংস্কাৰ, উদ্যোগ, আন্তঃগাঁথনি আৰু উদ্ভাৱনৰ সমন্বয় ভাৰতৰ প্ৰগতিৰ ভেটি। ডাবল ইঞ্জিনৰ গতিৰে আগবাঢ়ি যোৱা অসমতো এই প্ৰগতি দেখা গৈছে বুলি তেওঁ কয়। তেওঁ লগতে কয় যে ২০৩০ চনৰ ভিতৰত অসমে ১৫০ বিলিয়ন মাৰ্কিন ডলাৰৰ অৰ্থনীতি লাভৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। অসমৰ সক্ষম আৰু প্ৰতিভাশালী জনসাধাৰণ আৰু তেওঁৰ চৰকাৰৰ দায়বদ্ধতাৰ বাবে অসমে এই লক্ষ্যত উপনীত হ’ব পাৰিব বুলি তেওঁ আস্থা প্ৰকাশ কৰে। দক্ষিণ-পূব এছিয়া আৰু ভাৰতৰ মাজত অসম এখন দুৱাৰমুখ হিচাপে আত্মপ্ৰকাশ কৰা বুলি উল্লেখ কৰি মোদীয়ে কয় যে এই সম্ভাৱনাক অধিক ব্যৱহাৰ কৰিবলৈ চৰকাৰে উত্তৰ-পূব পৰিৱৰ্তনশীল ঔদ্যোগীকৰণ আঁচনি ‘উন্নতি’ আৰম্ভ কৰিছে। তেওঁ আলোকপাত কৰে যে ‘উন্নতি’ আঁচনিৰ জৰিয়তে অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ উদ্যোগ, বিনিয়োগ আৰু পৰ্যটনে উত্থান লাভ কৰিব। তেওঁ উদ্যোগৰ অংশীদাৰসকলক এই আঁচনিৰ লগতে অসমৰ সীমাহীন সম্ভাৱনাৰ সম্পূৰ্ণ সুবিধা ল’বলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে কয় যে অসমৰ প্ৰাকৃতিক সম্পদ আৰু কৌশলগত অৱস্থানে ইয়াক বিনিয়োগৰ বাবে এক পছন্দৰ গন্তব্যস্থান কৰি তুলিছে। অসম চাহক অসমৰ সম্ভাৱনাৰ ক্ষেত্ৰ হিচাপে উল্লেখ কৰি তেওঁ কয় যে বিগত ২০০ বছৰত ই এক বৈশ্বিক ব্ৰেণ্ডত পৰিণত হৈছে, আন খণ্ডতো অগ্ৰগতিৰ প্ৰেৰণা যোগাইছে।

সমগ্ৰ বিশ্বতে সুস্থিৰ যোগান শৃংখলৰ চাহিদা বৃদ্ধিৰ লগে লগে বিশ্ব অৰ্থনীতিত ঘটি থকা উল্লেখযোগ্য পৰিৱৰ্তনসমূহৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “ভাৰতে নিজৰ উৎপাদন খণ্ডক আগুৱাই নিয়াৰ বাবে মিছন-মোড প্ৰচেষ্টা আৰম্ভ কৰিছে”। তেওঁ দৃঢ়তাৰে কয় যে মেক ইন ইণ্ডিয়া পদক্ষেপৰ অধীনত ঔষধ, ইলেক্ট্ৰনিকছ আৰু অটোম’বাইলৰ দৰে খণ্ডত কম খৰচী উৎপাদনক প্ৰসাৰিত কৰাত গুৰুত্ব দিয়া হৈছে। তেওঁ কয় যে ভাৰতৰ উদ্যোগটোৱে কেৱল ঘৰুৱা চাহিদা পূৰণ কৰাই নহয়, আন্তঃৰাষ্ট্ৰীয় বজাৰত উৎপাদনৰ উৎকৰ্ষতাৰ বাবেও নতুন মানদণ্ড নিৰ্ধাৰণ কৰিছে। তেওঁ কয় যে এই উৎপাদন বিপ্লৱত অসমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে।

বিশ্ব বাণিজ্যত অসমৰ অংশীদাৰিত্ব সদায় থকা বুলি দৃঢ়তাৰে উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে আজি ভাৰতৰ স্থলভাগত প্ৰাকৃতিক গেছ উৎপাদনৰ ৫০ শতাংশতকৈ অধিক অসমৰ পৰা আহে আৰু যোৱা কিছু বছৰত অসমৰ শোধনাগাৰৰ ক্ষমতা যথেষ্ট বৃদ্ধি পাইছে। ইলেক্ট্ৰনিকছ, অৰ্ধপৰিবাহী আৰু সেউজ শক্তিৰ দৰে খণ্ডত অসমৰ দ্ৰুতগতিত উত্থান হৈছে বুলিও তেওঁ কয়। তেওঁ দৃঢ়তাৰে কয় যে চৰকাৰী নীতিৰ বাবে অসম হাইটেক উদ্যোগৰ লগতে ষ্টাৰ্টআপৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। 

 

শেহতীয়া বাজেটত কেন্দ্ৰীয় চৰকাৰে নামৰূপ-৪ প্লাণ্টৰ অনুমোদনৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই ইউৰিয়া উৎপাদন প্লাণ্টে ভৱিষ্যতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশৰ চাহিদা পূৰণ কৰিব। তেওঁ কয়, “সেই দিনটো বেছি দূৰত নাই যেতিয়া অসম পূব ভাৰতৰ এক প্ৰধান উৎপাদন কেন্দ্ৰ হিচাপে পৰিগণিত হ’ব”। এই লক্ষ্যত উপনীত হোৱাত কেন্দ্ৰীয় চৰকাৰে অসম ৰাজ্য চৰকাৰক সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে বুলি তেওঁ গুৰুত্ব আৰোপ কৰে।

একবিংশ শতিকাৰ বিশ্বৰ অগ্ৰগতি ডিজিটেল বিপ্লৱ, উদ্ভাৱন আৰু প্ৰযুক্তিগত উন্নতিৰ ওপৰত নিৰ্ভৰশীল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আমি যিমানেই ভালদৰে সাজু হ’ম সিমানেই বিশ্বৰ মঞ্চত শক্তিশালী হ’ব পাৰিম”। তেওঁ কয় যে চৰকাৰে একবিংশ শতিকাৰ নীতি-কৌশল লৈ আগবাঢ়িছে। তেওঁ বিগত দশকত ইলেক্ট্ৰনিকছ আৰু মোবাইল নিৰ্মাণৰ ক্ষেত্ৰত ভাৰতৰ উল্লেখযোগ্য উত্থানক আলোকপাত কৰি অৰ্ধপৰিবাহী উৎপাদনত এই সফলতাৰ কাহিনী পুনৰ লিখাৰ ইচ্ছা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে গৌৰৱেৰে উল্লেখ কৰে যে ভাৰতবৰ্ষত অসম অৰ্ধপৰিবাহী নিৰ্মাণৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। তেওঁ শেহতীয়াকৈ অসমৰ জাগীৰোডত টাটা অৰ্ধপৰিবাহী প্লাণ্ট আৰু পৰীক্ষাৰ সুবিধা উদ্বোধন হোৱাৰ কথাও উল্লেখ কৰে, যিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰযুক্তিগত বিকাশত সহায় কৰিব। তেওঁ অৰ্ধপৰিবাহী খণ্ডত উদ্ভাৱনৰ বাবে আইআইটিৰ সৈতে সহযোগিতা আৰু দেশৰ অৰ্ধপৰিবাহী গৱেষণা কেন্দ্ৰৰ ওপৰত চলি থকা কামৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। এই দশকৰ শেষৰ ফালে ইলেক্ট্ৰনিকছ খণ্ডৰ মূল্য ৫০০ বিলিয়ন মাৰ্কিন ডলাৰ হ’ব বুলি প্ৰধানমন্ত্ৰীয়ে অনুমান কৰে। তেওঁ আত্মবিশ্বাসেৰে কয়, “ভাৰতৰ গতি আৰু পৰিসৰৰ লগে লগে দেশখনে অৰ্ধপৰিবাহী উৎপাদনৰ ক্ষেত্ৰত আগশাৰীৰ শক্তি হিচাপে আত্মপ্ৰকাশ কৰিব, লাখ লাখ লোকৰ বাবে চাকৰিৰ সৃষ্টি কৰিব আৰু অসমৰ অৰ্থনীতি উপকৃত হ’ব”।

প্ৰধানমন্ত্ৰীয়ে কয়, “ভাৰতে ভাৰতৰ পৰিৱেশৰ দায়িত্ব বুজি বিগত দশকত নীতিগত সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু বিশ্বই ভাৰতৰ নবীকৰণযোগ্য শক্তি অভিযানক আৰ্হি প্ৰথা হিচাপে স্বীকৃতি দিছে।” তেওঁ আলোকপাত কৰে যে ভাৰতে বিগত দহ বছৰত সৌৰ, বতাহ আৰু বহনক্ষম শক্তি সম্পদৰ ক্ষেত্ৰত যথেষ্ট বিনিয়োগ কৰিছে। তেওঁ কয় যে ইয়াৰ দ্বাৰা কেৱল পৰিৱেশগত প্ৰতিশ্ৰুতি পূৰণ হোৱাই নহয়, দেশৰ নবীকৰণযোগ্য শক্তি উৎপাদন ক্ষমতাও বহুগুণে বৃদ্ধি পাইছে। মোদীয়ে কয় যে ২০৩০ চনৰ ভিতৰত দেশখনে ৫০০ গিগাৱাট নবীকৰণযোগ্য শক্তিৰ ক্ষমতা সংযোজনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। তেওঁ কয়, ‘২০৩০ চনৰ ভিতৰত বাৰ্ষিক ৫ নিযুত মেট্ৰিক টন সেউজ হাইড্ৰ’জেন উৎপাদন লাভৰ বাবে চৰকাৰে এক অভিযানত কাম কৰি আছে। দেশত গেছ আন্তঃগাঁথনি বৃদ্ধিৰ ফলত চাহিদা বৃদ্ধি পাইছে আৰু সমগ্ৰ গেছ ভিত্তিক অৰ্থনীতি খণ্ডই দ্ৰুতগতিত সম্প্ৰসাৰিত হৈছে বুলি আঙুলিয়াই দি শ্ৰী মোদীয়ে মন্তব্য কৰে যে এই যাত্ৰাত অসমৰ এক উল্লেখযোগ্য সুবিধা আছে। তেওঁ দৃঢ়তাৰে কয় যে চৰকাৰে উদ্যোগসমূহৰ বাবে কেইবাটাও পথ সৃষ্টি কৰিছে, য’ত পিএলআই আঁচনি আৰু সেউজ পদক্ষেপৰ নীতিও আছে। নবীকৰণযোগ্য শক্তি খণ্ডত অসমক আগশাৰীৰ ৰাজ্য হিচাপে আত্মপ্ৰকাশ কৰাৰ ইচ্ছা প্ৰকাশ কৰি উদ্যোগৰ নেতাসকলক অসমৰ সম্ভাৱনা সৰ্বাধিক কৰিবলৈ আহ্বান জনায়।

 

২০৪৭ চনৰ ভিতৰত ভাৰতক উন্নত দেশ হিচাপে গঢ়ি তোলাত পূব ভাৰতে মূল ভূমিকা গ্ৰহণ কৰিব বুলি দৃঢ়তাৰে মোদীয়ে কয়, “আজি উত্তৰ-পূব আৰু পূব ভাৰতে আন্তঃগাঁথনি, লজিষ্টিক, কৃষি, পৰ্যটন আৰু উদ্যোগৰ ক্ষেত্ৰত দ্ৰুতগতিত আগবাঢ়িছে”। তেওঁ আস্থা প্ৰকাশ কৰে যে সেই দিনটো বহু দূৰত নহয় যেতিয়া বিশ্বই এই অঞ্চলটোৱে ভাৰতৰ উন্নয়ন যাত্ৰাৰ নেতৃত্ব প্ৰদান কৰিব। অসমৰ সৈতে এই যাত্ৰাত সকলোকে অংশীদাৰ আৰু সংগী হ’বলৈ আমন্ত্ৰণ জনাই ভাষণৰ সামৰণিত অসমক গ্ল’বেল ছাউথত ভাৰতৰ সামৰ্থ্যক নতুন উচ্চতালৈ লৈ যোৱা ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে সামূহিক প্ৰচেষ্টাৰ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে বিনিয়োগকাৰী আৰু উদ্যোগৰ নেতাসকলৰ মাজত আস্থা প্ৰকাশ কৰি কয় যে তেওঁলোকৰ অৱদানক সম্পূৰ্ণৰূপে সমৰ্থন কৰি উন্নত ভাৰতৰ দিশত তেওঁলোকৰ যাত্ৰাত তেওঁলোকৰ সৈতে থিয় দিছে।

 

এই উপলক্ষে অনুষ্ঠানত অসমৰ ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী ড° এছ জয়শংকৰ, শ্ৰী সৰ্বানন্দ সোণোৱাল, শ্ৰীযুত জ্যোতিৰাদিত্য সিন্ধিয়া, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড° মাণিক সাহা, ৰাজ্যিক মন্ত্ৰী শ্ৰী পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

পটভূমিঃ

প্ৰধানমন্ত্ৰীয়ে ২৫ ফেব্ৰুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এডভান্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন-২০২৫ উদ্বোধন কৰে। এই কাৰ্যসূচীত উদ্বোধনী অধিবেশন, ৭টা মন্ত্ৰী পৰ্যায় অধিবেশন আৰু ১৪টা বিষয়ভিত্তিক অধিবেশন থাকিব। তদুপৰি ৰাজ্যখনৰ অৰ্থনৈতিক পৰিৱেশৰ আভাস প্ৰদান কৰা এক বিস্তৃত প্ৰদৰ্শনী প্ৰদৰ্শিত হ’ব। প্ৰদৰ্শনীত ঔদ্যোগিক বিকাশ, বিশ্ব বাণিজ্যিক অংশীদাৰিত্ব, দ্ৰুতগতিত বৃদ্ধি পোৱা উদ্যোগ আৰু সজীৱ এমএছএমই খণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব, য’ত ২৪০জনতকৈ অধিক প্ৰদৰ্শক থাকিব।

বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থা, বিশ্বৰ নেতা আৰু বিনিয়োগকাৰী, নীতি নিৰ্ধাৰক, উদ্যোগ বিশেষজ্ঞ, ষ্টাৰ্টআপ আৰু ছাত্ৰ ইত্যাদিয়ে এই সন্মিলনত অংশগ্ৰহণ কৰিব।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Modiji, Aap Ka Aura Hi Alag Hai’: Gen Z ‘Friends’ Click With PM At Vadodara Event

Media Coverage

‘Modiji, Aap Ka Aura Hi Alag Hai’: Gen Z ‘Friends’ Click With PM At Vadodara Event
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the value and transformative power of knowledge
September 09, 2026

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam highlighting that wisdom teaches the art of living in harmony with society. He said that knowledge imparts wisdom and prosperity, fills the heart with joy and enhances one’s dignity.

The Prime Minister shared a Sanskrit Subhashitam-

“उपदिशति लोकवृत्तं वितरति वित्तं विनोदयति चित्तम्।

उत्तम्भयति महत्त्वं विद्या हृद्या सुराजसेवेव॥”

The Subhashitam conveys that wisdom teaches the art of living in harmony with society. It grants knowledge and prosperity, fills the heart with joy, and raises one's dignity. Thus, wisdom is as precious as service to righteous governance, beloved by the heart, and a force that uplifts life.

The Prime Minister wrote on X;

“उपदिशति लोकवृत्तं वितरति वित्तं विनोदयति चित्तम्।

उत्तम्भयति महत्त्वं विद्या हृद्या सुराजसेवेव॥”