ভাৰতৰ উন্নয়নৰ কাহিনী আৰু ভলীবলৰ মাজত একাধিক সাদৃশ্য আছে; ভলীবলে আমাক শিকাইছে যে কেতিয়াও কোনো জয় অকলে লাভ কৰিব নোৱাৰি, বৰঞ্চ আমাৰ সমন্বয়, আমাৰ আস্থা আৰু আমাৰ টীমৰ প্ৰস্তুতিৰ ওপৰত আমাৰ সফলতা নিৰ্ভৰ কৰেঃ প্ৰধানমন্ত্ৰী
প্ৰত্যেকৰে নিজ-নিজ ভূমিকা, নিজ-নিজ দায়িত্ব আছে আৰু প্ৰতিজন ব্যক্তিয়ে নিজৰ দায়িত্ব গুৰুত্বসহকাৰে পালন কৰা মাত্ৰেকেহে আমি সফল হওঁ; আমাৰ ৰাষ্ট্ৰও এনেদৰেই অগ্ৰসৰ হৈছেঃ প্ৰধানমন্ত্ৰী
২০১৪-ৰ পৰা ভিন্ন ক্ৰীড়াত ভাৰতৰ প্ৰদৰ্শন ক্ৰমাগতভাৱে উন্নত হৈছে আৰু আমি জেন-জেডে খেলপথাৰত ত্ৰিৰংগা উত্তোলন কৰা দেখিলে অসীম গৌৰৱ অনুভৱ কৰোঃ প্ৰধানমন্ত্ৰী
ভাৰতত ২০৩০-ৰ কমনৱেলথ গেমছ অনুষ্ঠিত হ’ব আৰু ৰাষ্ট্ৰই ২০৩৬-ৰ অলিম্পিক আয়োজনৰ বাবেও ব্যাপক প্ৰচেষ্টা গ্ৰহণ কৰিছেঃ প্ৰধানমন্ত্ৰী

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে উত্তৰ প্ৰদেশৰ বাৰাণসীত আয়োজিত ৭২ সংখ্যক ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতা উদ্বোধন কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে শ্ৰী মোদীয়ে কয় যে বাৰাণসীৰ সাংসদ হিচাপে সকলো খেলুৱৈক আদৰণি আৰু অভিনন্দন জনাই তেওঁ সন্তোষ পাইছে। তেওঁ কয় যে আজিৰে পৰা বাৰাণসীত ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতা আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে খেলুৱৈসকল অসীম কষ্টৰ অন্তত এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত উপনীত হৈছে আৰু অনাগত দিনত বাৰাণসীৰ খেলপথাৰত তেওঁলোকৰ প্ৰচেষ্টাৰ পৰীক্ষা হ’ব। তেওঁ উল্লেখ কৰে যে দেশৰ ২৮ খন ৰাজ্যৰ টীমসমূহ ইয়াত সমবেত হৈছে। এইদৰে এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ এখন সুন্দৰ ছবি প্ৰতিফলিত হৈছে। প্ৰধানমন্ত্ৰীয়ে ইয়াত ভাগ লোৱা সকলো অংশগ্ৰহণকাৰীলৈ শুভেচ্ছা জ্ঞাপন কৰে।

বানাৰসীৰ কথা উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে খেলুৱৈসকল এতিয়া বাৰাণসীত উপস্থিত হৈছে আৰু ইয়াৰ জৰিয়তে তেওঁলোকে চহৰখন সম্পৰ্কেও জানিব পাৰিব। তেওঁ কয় যে বাৰাণসী এখন ক্ৰীড়াপ্ৰেমী চহৰ। ইয়াত মল্লযুঁজ, বক্সিং, নৌকা চালনা আৰু কাবাডী আদি অতিশয় জনপ্ৰিয়। তেওঁ কয় যে বাৰাণসীয়ে একাধিক ৰাষ্ট্ৰীয়-পৰ্য্যায়ৰ খেলুৱৈৰ জন্ম দিছে আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়, ইউপি কলেজ তথা কাশী বিদ্যাপীঠৰ দৰে শিক্ষানুষ্ঠানসমূহৰ খেলুৱৈসকলে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়ত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছে। শ্ৰী মোদীয়ে কয় যে হাজাৰ-হাজাৰ বছৰ ধৰি বাৰাণসীয়ে ইয়ালৈ জ্ঞান আৰু শিল্পৰ সন্ধানত অহা সকলোকে আদৰণি জনাই আহিছে। তেওঁ আস্থা প্ৰকাশেৰে কয় যে ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাৰ সময়ছোৱাতো বাৰাণসীৰ উৎসাহ অটুত থাকিব, খেলুৱৈসকলে তেওঁলোকক উৎসাহিত কৰা দৰ্শক বিচাৰি পাব আৰু বাৰাণসীৰ স্বভাৱজাত আতিথ্যৰ চহকী পৰম্পৰাও তেওঁলোকে অনুভৱ কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে ভলীবল সাধাৰণ খেল নহয়, কিয়নো ইয়াত ভাৰসাম্য আৰু সহযোগিতা অক্ষুণ্ণ ৰাখিব লাগে। সকলো সময়তে বলটো পৰিবলৈ নিদিয়াৰ প্ৰচেষ্টাতো দৃঢ়তা প্ৰতিফলিত হয়। তেওঁ কয় যে ভলীবলে খেলুৱৈসকলক দলীয় মনোভাৱৰ সৈতে সংযোগ কৰে, প্ৰতিজন খেলুৱৈ ‘টীম প্ৰথম’ মন্ত্ৰৰ দ্বাৰা পৰিচালিত হয়। তেওঁ কয় যে প্ৰতিজন খেলুৱৈৰ দক্ষতা পৃথক-পৃথক হ’ব পাৰে যদিও সকলোৱে নিজৰ টীমৰ জয়ৰ বাবে খেলে। শ্ৰী মোদীয়ে কয় যে ভাৰতৰ উন্নয়নৰ কাহিনী আৰু ভলীবলৰ মাজত একাধিক সাদৃশ্য আছে; ভলীবলে আমাক শিকাইছে যে কেতিয়াও কোনো জয় অকলে লাভ কৰিব নোৱাৰি, বৰঞ্চ আমাৰ সমন্বয়, আমাৰ আস্থা আৰু আমাৰ টীমৰ প্ৰস্তুতিৰ ওপৰত আমাৰ সফলতা নিৰ্ভৰ কৰে। তেওঁ কয় যে প্ৰত্যেকৰে নিজ-নিজ ভূমিকা, নিজ-নিজ দায়িত্ব আছে আৰু প্ৰতিজন ব্যক্তিয়ে নিজৰ দায়িত্ব গুৰুত্বসহকাৰে পালন কৰা মাত্ৰেকেহে আমি সফল হওঁ; আমাৰ ৰাষ্ট্ৰও এনেদৰেই অগ্ৰসৰ হৈছে। স্বচ্ছতাৰ পৰা ডিজিটেল পেমেন্টলৈকে, এক পেড় মা কে নামৰ পৰা এখনি উন্নত ভাৰতৰ অভিযানলৈকে প্ৰতিজন নাগৰিক, প্ৰতিটো শ্ৰেণী আৰু প্ৰতিখন প্ৰদেশে সামূহিক চেতনা আৰু ভাৰত প্ৰথম মনোভাৱেৰে কাম কৰি আছে।

আজি বিশ্বই ভাৰতৰ বিকাশ আৰু অৰ্থনীতিক প্ৰশংসা কৰিছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে এই অগ্ৰগতি কেৱল অৰ্থনৈতিক মঞ্চতে সীমাবদ্ধ নহয়, বৰঞ্চ ক্ৰীড়াক্ষেত্ৰত দেখা পোৱা আত্মবিশ্বাসতো ইয়াৰ প্ৰতিফলন ঘটিছে। তেওঁ কয় যে ২০১৪-ৰ পৰা ভিন্ন ক্ৰীড়াত ভাৰতৰ প্ৰদৰ্শন ক্ৰমাগতভাৱে উন্নত হৈছে আৰু আমি জেন-জেডে খেলপথাৰত ত্ৰিৰংগা উত্তোলন কৰা দেখিলে অসীম গৌৰৱ অনুভৱ কৰো।

প্ৰধানমন্ত্ৰীয়ে কয় যে এসময়ত চৰকাৰ আৰু সমাজ উভয়ে ক্ৰীড়াৰ প্ৰতি উদাসীন আছিল, ইয়াৰ পৰিণতিত খেলুৱৈসকলৰ মাজত তেওঁলোকৰ ভৱিষ্যতক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছিল আৰু অতিশয় কম সংখ্যক যুৱক-যুৱতীয়েহে ক্ৰীড়াক কেৰিয়াৰ হিচাপে গ্ৰহণ কৰিছিল। তেওঁ কয় যে কিন্তু বিগত দশকত ক্ৰীড়াৰ প্ৰতি চৰকাৰ আৰু সমাজ উভয়ৰে মানসিকতাৰ পৰিৱৰ্তন ঘটিছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে চৰকাৰে ক্ৰীড়াৰ বাজেট যথেষ্ট বৃদ্ধি কৰিছে আৰু আজি ভাৰতৰ ক্ৰীড়া আৰ্হি ‘ক্ৰীড়াবিদ-কেন্দ্ৰিক’ হৈ পৰিছে। প্ৰতিভাৰ চিনাক্তকৰণ, বিজ্ঞানসন্মত প্ৰশিক্ষণ, পুষ্টি, আৰু স্বচ্ছ বাছনিৰ ওপৰত গুৰুত্ব আৰোপেৰে প্ৰতিটো স্তৰতে খেলুৱৈৰ স্বাৰ্থক অগ্ৰাধিকাৰ প্ৰদান কৰাটো নিশ্চিত কৰা হৈছে।

 

“আজি ৰাষ্ট্ৰই ৰিফৰ্ম এক্সপ্ৰেছত উঠি যাত্ৰা কৰিছে। প্ৰতিটো খণ্ড আৰু প্ৰতিটো উন্নয়নৰ গন্তব্যস্থান সংস্কাৰ সাধনেৰে সংযুক্ত হৈ পৰিছে। ক্ৰীড়া হৈছে ইয়াৰ অন্যতম”, প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ কয় যে চৰকাৰে ৰাষ্ট্ৰীয় ক্ৰীড়া শাসন আইন আৰু খেল’ ভাৰত নীতি, ২০২৫-কে প্ৰমুখ্য কৰি ক্ৰীড়া খণ্ডত বৃহৎ সংস্কাৰ সাধন কৰিছে। এইদৰে সাধন কৰা সংস্কাৰৰাজিয়ে সঠিক প্ৰতিভাক সুযোগ প্ৰদান কৰিব আৰু ক্ৰীড়া সংস্থাসমূহৰ স্বচ্ছতা বৃদ্ধি কৰিব। তেওঁ কয় যে উক্ত ব্যৱস্থাসমূহে যুৱক-যুৱতীসকলক ক্ৰীড়া আৰু শিক্ষা উভয় দিশতে সমানে আগবাঢ়ি যাবলৈ সুবিধা প্ৰদান কৰিব।

টপ (TOP)-ৰ দৰে পদক্ষেপে ভাৰতৰ ক্ৰীড়া বাতাবৰণৰ ৰূপান্তৰ ঘটাইছে। ব্যাপক আন্তঃগাঁথনি নিৰ্মাণ, পুঁজিৰ ব্যৱস্থা আৰু যুৱ খেলুৱৈসকলক বিশ্বব্যাপী পৰিচয় প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপকাৰী প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। শ্ৰী মোদীয়ে কয় যে বিগত দশকত ভাৰতে ফিফা ১৭-অনূৰ্ধ্ব বিশ্বকাপ, হকী বিশ্বকাপ আৰু গুৰুত্বপূৰ্ণ দবা প্ৰতিযোগিতাকে প্ৰমুখ্য কৰি কেইবাখনো চহৰত ২০-ৰো অধিক বৃহৎ আন্তঃৰাষ্ট্ৰীয় ইভেন্ট অনুষ্ঠিত কৰিছে। “ভাৰতত ২০৩০-ৰ কমনৱেলথ গেমছ অনুষ্ঠিত হ’ব আৰু ৰাষ্ট্ৰই ২০৩৬-ৰ অলিম্পিক আয়োজনৰ বাবেও ব্যাপক প্ৰচেষ্টা গ্ৰহণ কৰিছে। ইয়াৰ লক্ষ্য হৈছে অধিক সংখ্যক খেলুৱৈক প্ৰতিযোগিতাত অংশগ্ৰহণৰ অধিক সুযোগ প্ৰদান কৰা”, প্ৰধানমন্ত্ৰীয়ে কয়।

বিদ্যালয় পৰ্য্যায়তো যুৱ খেলুৱৈসকলক অলিম্পিক ক্ৰীড়াৰ সৈতে পৰিচিত কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে খেল’ ইণ্ডিয়া অভিযানৰ জৰিয়তে শ-শ যুৱক-যুৱতীয়ে ৰাষ্ট্ৰীয় পৰ্য্যায়লৈ আগবাঢ়ি যোৱাৰ সুযোগ লাভ কৰিছে। তেওঁ লগতে কয় যে মাত্ৰ কেইদিনমান পূৰ্বে সাংসদ খেল মহোৎসৱৰ সামৰণি পৰিছিল, ইয়াত প্ৰায় এক কোটি যুৱক-যুৱতীয়ে নিজ-নিজ প্ৰতিভা প্ৰদৰ্শন কৰিছিল। বাৰাণসীৰ সাংসদ হিচাপে তেওঁ পৰম সন্তোষেৰে ব্যক্ত কৰে যে সাংসদ খেল মহোৎসৱত বাৰাণসীৰ প্ৰায় তিনি লাখ যুৱক-যুৱতীয়ে খেলপথাৰত নিজ-নিজ সামৰ্থ্য আৰু দক্ষতা প্ৰদৰ্শন কৰিছিল।

ক্ৰীড়া আন্তঃগাঁথনিৰ ৰূপান্তৰ সাধনৰ পদক্ষেপে বাৰাণসীকো উপকৃত কৰিছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে আধুনিক ক্ৰীড়াৰ সুবিধাসমূহ বিকশিত কৰা হৈছে আৰু ভিন্ন খেলৰ বাবে নতুন ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছে। তেওঁ কয় যে নতুন ক্ৰীড়া কমপ্লেক্সে সংশ্লিষ্ট জিলাৰ খেলুৱৈসকলক প্ৰশিক্ষণ গ্ৰহণৰ সুযোগ প্ৰদান কৰিছে। তেওঁ উল্লেখ কৰে যে এই প্ৰতিযোগিতা অনুষ্ঠিত হোৱা চিগ্ৰা ষ্টেডিয়ামখন এতিয়া একাধিক আধুনিক সা-সুবিধাৰে সজ্জিত।

ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাৰ জৰিয়তে দেশৰ ক্ৰীড়া মানচিত্ৰত স্থান নিশ্চিত কৰাটো বাৰাণসীৰ বাবে অত্যন্ত তাৎপৰ্য্যপূৰ্ণ কথা বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীয়ে বাৰাণসীয়ে এনে বৃহৎ অনুষ্ঠান আয়োজনৰ বাবে নিজকে সাজু কৰি তোলাত সন্তোষ প্ৰকাশ কৰে। তেওঁ কয় যে এই প্ৰতিযোগিতাৰ পূৰ্বে বাৰাণসীয়ে স্থানীয় লোকসকলৰ বাবে সুযোগৰ সঞ্চাৰ কৰা আৰু স্থানীয় অৰ্থনীতিক সমৃদ্ধ কৰা একাধিক গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰিছিল। ইয়াত জি-২০ ৰ বৈঠক, কাশী তামিল সংগমম আৰু কাশী তেলেগু সংগমমৰ দৰে সাংস্কৃতিক উৎসৱ, প্ৰৱাসী ভাৰতীয় সন্মিলন অনুষ্ঠিত হৈছিল। বাৰাণসীয়ে চাংহাই সহযোগিতা সংস্থাৰ সাংস্কৃতিক ৰাজধানী হিচাপেও আত্মপ্ৰকাশ কৰিছিল। তেওঁ কয় যে এই প্ৰতিযোগিতা এতিয়া উল্লেখিত কৃতিত্বসমূহৰ তালিকাত সংযুক্ত হৈছে। তেওঁ লগতে কয় যে এনে অনুষ্ঠানসমূহে বাৰাণসীক বৃহৎ মঞ্চৰ বাবে এক প্ৰধান গন্তব্যস্থান হিচাপে প্ৰতিষ্ঠা কৰিছে।

 

প্ৰধানমন্ত্ৰীয়ে এই সময়ছোৱাত বাৰাণসীত শীতৰ সমৃদ্ধ অভিজ্ঞতা লাভ কৰিব পাৰি বুলি উল্লেখেৰে খেলুৱৈসকলক ইয়াৰ সুস্বাদু খাদ্যসম্ভাৰৰ লগতে মলাই গ্ৰহণৰ পৰামৰ্শ আগবঢ়ায়। তেওঁ এই প্ৰতিযোগিতাত অংশগ্ৰহণকাৰীসকলক বাবা বিশ্বনাথ ভ্ৰমণ, গংগাত নৌকা বিহাৰ, চহৰখনৰ ঐতিহ্যৰাজি দৰ্শনৰ অভিজ্ঞতাও আহৰণ কৰিবলৈ কয়। ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে খেলুৱৈসকলক প্ৰতিযোগিতাখনত ভাল প্ৰদৰ্শন কৰিবলৈ উৎসাহিত কৰি বাৰাণসীৰ ভূমিৰ প্ৰতিটো স্পাইক, ব্লক আৰু পইন্টে ভাৰতৰ ক্ৰীড়া আকাংক্ষাৰ বৰ্ধন ঘটাব বুলি আশা প্ৰকাশ কৰে। তেওঁ পুনৰবাৰ সকলোকে শুভেচ্ছা জনায়।

এই কাৰ্য্যসূচীত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথকে প্ৰমুখ্য কৰি বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।

পটভূমি

৪ জানুৱাৰীৰ পৰা ১১ জানুৱাৰীলৈ অনুষ্ঠিতব্য ৭২ সংখ্যক ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাত সমগ্ৰ ভাৰতৰ ভিন্ন ৰাজ্য আৰু প্ৰতিষ্ঠানক প্ৰতিনিধিত্ব কৰা ৫৮ টা টীমৰ লগতে ১,০০০-ৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। ইয়াত ভাৰতীয় ভলীবলৰ উচ্চ মানদণ্ডৰ প্ৰতিযোগিতা, ক্ৰীড়াসূলভ মনোভাৱ আৰু প্ৰতিভা প্ৰদৰ্শিত হ’ব।

বাৰাণসীত ৭২ সংখ্যক ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাৰ আয়োজন কাৰ্য্যই চহৰখনৰ ক্ৰীড়া আন্তঃগাঁথনিক সুদৃঢ় আৰু ক্ৰীড়াৰ বিকাশক প্ৰসাৰৰ অৰ্থে ক্ৰমবৰ্ধমান গুৰুত্বতে আলোকপাত কৰিছে। ইয়াৰ উপৰিও এই প্ৰতিযোগিতাই সাংস্কৃতিক আৰু ক্ৰীড়া অনুষ্ঠান আয়োজনৰ ক্ষেত্ৰত সম্প্ৰসাৰিত ভূমিকাৰ সৈতে সংগতি ৰাখি চহৰখনৰ সুনাম অধিক বৃদ্ধি কৰিছে।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Railways to operate over 300 special trains for Jagannath Rath Yatra, 100 for Onam: Ashwini Vaishnaw

Media Coverage

Railways to operate over 300 special trains for Jagannath Rath Yatra, 100 for Onam: Ashwini Vaishnaw
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the strength of courage and resilience
July 08, 2026

The Prime Minister, Shri Narendra Modi said that courage is the greatest strength of a nation. He noted that it inspires the country to remain united even in the face of difficult challenges and to move steadily towards progress, prosperity and self-reliance.

The Prime Minister shared a Sanskrit Subhashitam-

“चलन्ति गिरयः कामं युगान्तपवनाहताः।

कृच्छ्रेऽपि न चलत्येव धीराणां निश्चलं मनः।। ”

The Subhashitam conveys that even mountains, lashed by tempestuous winds, are shaken and set in motion at the time of dissolution; yet amid the gravest trials, the mind of the steadfast remains unwavering and undisturbed.

The Prime Minister wrote on X;

“धैर्य किसी राष्ट्र की सबसे बड़ी शक्ति है। इससे कठिन चुनौतियों के बीच भी देश को एकजुट रहने के साथ ही प्रगति, समृद्धि और आत्मनिर्भरता की दिशा में निरंतर आगे बढ़ने की प्रेरणा मिलती है।

चलन्ति गिरयः कामं युगान्तपवनाहताः।

कृच्छ्रेऽपि न चलत्येव धीराणां निश्चलं मनः।।”