ভাৰতৰ উন্নয়নৰ কাহিনী আৰু ভলীবলৰ মাজত একাধিক সাদৃশ্য আছে; ভলীবলে আমাক শিকাইছে যে কেতিয়াও কোনো জয় অকলে লাভ কৰিব নোৱাৰি, বৰঞ্চ আমাৰ সমন্বয়, আমাৰ আস্থা আৰু আমাৰ টীমৰ প্ৰস্তুতিৰ ওপৰত আমাৰ সফলতা নিৰ্ভৰ কৰেঃ প্ৰধানমন্ত্ৰী
প্ৰত্যেকৰে নিজ-নিজ ভূমিকা, নিজ-নিজ দায়িত্ব আছে আৰু প্ৰতিজন ব্যক্তিয়ে নিজৰ দায়িত্ব গুৰুত্বসহকাৰে পালন কৰা মাত্ৰেকেহে আমি সফল হওঁ; আমাৰ ৰাষ্ট্ৰও এনেদৰেই অগ্ৰসৰ হৈছেঃ প্ৰধানমন্ত্ৰী
২০১৪-ৰ পৰা ভিন্ন ক্ৰীড়াত ভাৰতৰ প্ৰদৰ্শন ক্ৰমাগতভাৱে উন্নত হৈছে আৰু আমি জেন-জেডে খেলপথাৰত ত্ৰিৰংগা উত্তোলন কৰা দেখিলে অসীম গৌৰৱ অনুভৱ কৰোঃ প্ৰধানমন্ত্ৰী
ভাৰতত ২০৩০-ৰ কমনৱেলথ গেমছ অনুষ্ঠিত হ’ব আৰু ৰাষ্ট্ৰই ২০৩৬-ৰ অলিম্পিক আয়োজনৰ বাবেও ব্যাপক প্ৰচেষ্টা গ্ৰহণ কৰিছেঃ প্ৰধানমন্ত্ৰী

 

হৰ হৰ মহাদেৱ!

উত্তৰ প্ৰদেশৰ মাননীয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী, উপ-মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠক জী, উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰীসকল— ভাই ৰবীন্দ্ৰ জয়ছোৱাল জী, দয়াশংকৰ জী, গিৰীশ যাদৱ জী, বাৰাণসীৰ মেয়ৰ ভাই অশোক তিৱাৰী জী, আন-আন জনপ্ৰতিনিধি সকল, ভলীবল সন্থাৰ সকলো বিষয় ববীয়া, দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা খেলুৱৈ আৰু কাশীৰ মোৰ পৰিয়ালৰ সদস্য সকল— নমস্কাৰ।

কাশীৰ সাংসদ হিচাপে সকলো খেলুৱৈক আদৰণি আৰু অভিনন্দন জনাই মই পৰম সন্তোষ পাইছো। আজিৰে পৰা কাশীত ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতা আৰম্ভ হৈছে। আপোনালোকে অসীম কষ্টৰ অন্তত এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত উপনীত হৈছে আৰু অনাগত দিনত কাশীৰ খেলপথাৰত আপোনা সৱৰ প্ৰচেষ্টাৰ পৰীক্ষা হ’ব। দেশৰ ২৮ খন ৰাজ্যৰ টীম সমূহ ইয়াত সমবেত হৈছে। এইদৰে এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ এখন সুন্দৰ ছবি প্ৰতিফলিত হৈছে। মই ইয়াত ভাগ লোৱা সকলো অংশগ্ৰহণ কাৰীলৈ শুভেচ্ছা জ্ঞাপন কৰিছো।

বন্ধুসকল,

বাৰাণসীত কোৱা হয়- “আপুনি সঁচাকৈ বাৰাণসীক চিনি পাব খুজিলে বাৰাণসীলৈ আহিব লাগিব।” আপোনালোক সকলো ইয়ালৈ আহিছে যেতিয়া এতিয়া আপোনাসৱে বাৰাণসীক চিনি পাব। বাৰাণসী এখন ক্ৰীড়াপ্ৰেমী চহৰ। ইয়াত মল্লযুঁজ, বক্সিং, নৌকা চালনা আৰু কাবাডী আদি অতিশয় জনপ্ৰিয়। বাৰাণসীয়ে একাধিক ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ খেলুৱৈৰ জন্ম দিছে আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়, ইউপি কলেজ তথা কাশী বিদ্যাপীঠৰ দৰে শিক্ষানুষ্ঠান সমূহৰ খেলুৱৈ সকলে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়ত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছে। হাজাৰ হাজাৰ বছৰ ধৰি বাৰাণসীয়ে ইয়ালৈ জ্ঞান আৰু শিল্পৰ সন্ধানত অহা সকলোকে আদৰণি জনাই আহিছে। ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাৰ সময়ছোৱাতো বাৰাণসীৰ উৎসাহ অটুত থাকিব, আপোনালোকে আপোনালোকক উৎসাহিত কৰা দৰ্শক বিচাৰি পাব আৰু বাৰাণসীৰ স্বভাৱজাত আতিথ্যৰ চহকী পৰম্পৰাও আপোনাসৱে অনুভৱ কৰিব বুলি মই বিশ্বাসী।

 

বন্ধুসকল,

ভলীবল সাধাৰণ খেল নহয়, কিয়নো ইয়াত ভাৰসাম্য আৰু সহযোগিতা অক্ষুণ্ণ ৰাখিব লাগে। সকলো সময়তে বলটো পৰিবলৈ নিদিয়াৰ প্ৰচেষ্টাতো দৃঢ়তা প্ৰতিফলিত হয়। ভলীবলে খেলুৱৈ সকলক দলীয় মনোভাৱৰ সৈতে সংযোগ কৰে, প্ৰতিজন খেলুৱৈ ‘টীম প্ৰথম’ মন্ত্ৰৰ দ্বাৰা পৰিচালিত হয়। প্ৰতিজন খেলুৱৈৰ দক্ষতা পৃথক পৃথক হ’ব পাৰে যদিও সকলোৱে নিজৰ টীমৰ জয়ৰ বাবে খেলে। ভাৰতৰ উন্নয়নৰ কাহিনী আৰু ভলীবলৰ মাজত একাধিক সাদৃশ্য আছে; ভলীবলে আমাক শিকাইছে যে কেতিয়াও কোনো জয় অকলে লাভ কৰিব নোৱাৰি, বৰঞ্চ আমাৰ সমন্বয়, আমাৰ আস্থা আৰু আমাৰ টীমৰ প্ৰস্তুতিৰ ওপৰত আমাৰ সফলতা নিৰ্ভৰ কৰে। প্ৰত্যেকৰে নিজ নিজ ভূমিকা, নিজ নিজ দায়িত্ব আছে আৰু প্ৰতিজন ব্যক্তিয়ে নিজৰ দায়িত্ব গুৰুত্ব সহকাৰে পালন কৰা মাত্ৰেকেহে আমি সফল হওঁ; আমাৰ ৰাষ্ট্ৰও এনেদৰেই অগ্ৰসৰ হৈছে। স্বচ্ছতাৰ পৰা ডিজিটেল পেমেন্টলৈকে, এক পেড় মা কে নামৰ পৰা এখনি উন্নত ভাৰতৰ অভিযানলৈকে প্ৰতিজন নাগৰিক, প্ৰতিটো শ্ৰেণী আৰু প্ৰতিখন প্ৰদেশে সামূহিক চেতনা আৰু ভাৰত প্ৰথম মনোভাৱেৰে কাম কৰি আছে।

বন্ধুসকল,

আজি বিশ্বই ভাৰতৰ বিকাশ আৰু অৰ্থনীতিক প্ৰশংসা কৰিছে। এই অগ্ৰগতি কেৱল অৰ্থনৈতিক মঞ্চতে সীমাবদ্ধ নহয়, বৰঞ্চ ক্ৰীড়াক্ষেত্ৰত দেখা পোৱা আত্মবিশ্বাসতো ইয়াৰ প্ৰতিফলন ঘটিছে। ২০১৪-ৰ পৰা ভিন্ন ক্ৰীড়াত ভাৰতৰ প্ৰদৰ্শন ক্ৰমাগত ভাৱে উন্নত হৈছে আৰু আমি জেন-জেডে খেলপথাৰত ত্ৰিৰংগা উত্তোলন কৰা দেখিলে অসীম গৌৰৱ অনুভৱ কৰো।

বন্ধুসকল,

এসময়ত চৰকাৰ আৰু সমাজ উভয়ে ক্ৰীড়াৰ প্ৰতি উদাসীন আছিল, ইয়াৰ পৰিণতিত খেলুৱৈ সকলৰ মাজত তেওঁলোকৰ ভৱিষ্যতক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছিল আৰু অতিশয় কম সংখ্যক যুৱক-যুৱতীয়েহে ক্ৰীড়াক কেৰিয়াৰ হিচাপে গ্ৰহণ কৰিছিল। কিন্তু বিগত দশকত ক্ৰীড়াৰ প্ৰতি চৰকাৰ আৰু সমাজ উভয়ৰে মানসিকতাৰ পৰিৱৰ্তন ঘটিছে। চৰকাৰে ক্ৰীড়াৰ বাজেট যথেষ্ট বৃদ্ধি কৰিছে আৰু আজি ভাৰতৰ ক্ৰীড়া আৰ্হি ‘ক্ৰীড়াবিদ কেন্দ্ৰিক’ হৈ পৰিছে। প্ৰতিভাৰ চিনাক্তকৰণ, বিজ্ঞানসন্মত প্ৰশিক্ষণ, পুষ্টি আৰু স্বচ্ছ বাছনিৰ ওপৰত গুৰুত্ব আৰোপেৰে প্ৰতিটো স্তৰতে খেলুৱৈৰ স্বাৰ্থক অগ্ৰাধিকাৰ প্ৰদান কৰাটো নিশ্চিত কৰা হৈছে।

বন্ধুসকল,

আজি ৰাষ্ট্ৰই ৰিফৰ্ম এক্সপ্ৰেছত উঠি যাত্ৰা কৰিছে। প্ৰতিটো খণ্ড আৰু প্ৰতিটো উন্নয়নৰ গন্তব্যস্থান সংস্কাৰ সাধনেৰে সংযুক্ত হৈ পৰিছে। ক্ৰীড়া হৈছে ইয়াৰ অন্যতম। চৰকাৰে ৰাষ্ট্ৰীয় ক্ৰীড়া শাসন আইন আৰু খেল’ ভাৰত নীতি, ২০২৫-কে প্ৰমুখ্য কৰি ক্ৰীড়া খণ্ডত বৃহৎ সংস্কাৰ সাধন কৰিছে। এইদৰে সাধন কৰা সংস্কাৰ ৰাজিয়ে সঠিক প্ৰতিভাক সুযোগ প্ৰদান কৰিব আৰু ক্ৰীড়া সংস্থাসমূহৰ স্বচ্ছতা বৃদ্ধি কৰিব। উক্ত ব্যৱস্থা সমূহে যুৱক-যুৱতীসকলক ক্ৰীড়া আৰু শিক্ষা উভয় দিশতে সমানে আগবাঢ়ি যাবলৈ সুবিধা প্ৰদান কৰিব।

 

বন্ধুসকল,

টপ (TOP-Target Olympic Podium Scheme)-ৰ দৰে পদক্ষেপে ভাৰতৰ ক্ৰীড়া বাতাবৰণৰ ৰূপান্তৰ ঘটাইছে। ব্যাপক আন্তঃগাঁথনি নিৰ্মাণ, পুঁজিৰ ব্যৱস্থা আৰু যুৱ খেলুৱৈ সকলক বিশ্বব্যাপী পৰিচয় প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপকাৰী প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। বিগত দশকত ভাৰতে ফিফা ১৭-অনূৰ্ধ্ব বিশ্বকাপ, হকী বিশ্বকাপ আৰু গুৰুত্বপূৰ্ণ দবা প্ৰতিযোগিতাকে প্ৰমুখ্য কৰি কেইবাখনো চহৰত ২০-ৰো অধিক বৃহৎ আন্তঃৰাষ্ট্ৰীয় ইভেন্ট অনুষ্ঠিত কৰিছে। ভাৰতত ২০৩০-ৰ কমনৱেলথ গেমছ অনুষ্ঠিত হ’ব আৰু ৰাষ্ট্ৰই ২০৩৬-ৰ অলিম্পিক আয়োজনৰ বাবেও ব্যাপক প্ৰচেষ্টা গ্ৰহণ কৰিছে। ইয়াৰ লক্ষ্য হৈছে অধিক সংখ্যক খেলুৱৈক প্ৰতিযোগিতাত অংশগ্ৰহণৰ অধিক সুযোগ প্ৰদান কৰা।

বন্ধুসকল,

বিদ্যালয় পৰ্য্যায়তো যুৱ খেলুৱৈ সকলক অলিম্পিক ক্ৰীড়াৰ সৈতে পৰিচিত কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। খেল’ ইণ্ডিয়া অভিযানৰ জৰিয়তে শ-শ যুৱক-যুৱতীয়ে ৰাষ্ট্ৰীয় পৰ্য্যায়লৈ আগবাঢ়ি যোৱাৰ সুযোগ লাভ কৰিছে। মাত্ৰ কেই দিনমান পূৰ্বে সাংসদ খেল মহোৎসৱৰ সামৰণি পৰিছিল, ইয়াত প্ৰায় এক কোটি যুৱক-যুৱতীয়ে নিজ-নিজ প্ৰতিভা প্ৰদৰ্শন কৰিছিল। বাৰাণসীৰ সাংসদ হিচাপে মই পৰম সন্তোষেৰে ব্যক্ত কৰিব খুজিছো যে সাংসদ খেল মহোৎসৱত বাৰাণসীৰ প্ৰায় তিনি লাখ যুৱক-যুৱতীয়ে খেলপথাৰত নিজ-নিজ সামৰ্থ্য আৰু দক্ষতা প্ৰদৰ্শন কৰিছিল।

বন্ধুসকল,

ক্ৰীড়া আন্তঃগাঁথনিৰ ৰূপান্তৰ সাধনৰ পদক্ষেপে বাৰাণসীকো উপকৃত কৰিছে। আধুনিক ক্ৰীড়াৰ সুবিধাসমূহ বিকশিত কৰা হৈছে আৰু ভিন্ন খেলৰ বাবে নতুন ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছে। নতুন ক্ৰীড়া কমপ্লেক্সে সংশ্লিষ্ট জিলাৰ খেলুৱৈসকলক প্ৰশিক্ষণ গ্ৰহণৰ সুযোগ প্ৰদান কৰিছে। এই প্ৰতিযোগিতা অনুষ্ঠিত হোৱা চিগ্ৰা ষ্টেডিয়ামখন এতিয়া একাধিক আধুনিক সা-সুবিধাৰে সজ্জিত।

বন্ধুসকল,

গুৰুত্বপূৰ্ণ কাৰ্য্যসূচী আয়োজনৰ বাবে কাশীয়ে নিজকে সাজু কৰি তোলাত মই সন্তোষ পাইছো। ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাৰ জৰিয়তে দেশৰ ক্ৰীড়া মানচিত্ৰত স্থান নিশ্চিত কৰাটো বাৰাণসীৰ বাবে অত্যন্ত তাৎপৰ্য্যপূৰ্ণ কথা। এই প্ৰতিযোগিতাৰ পূৰ্বে বাৰাণসীয়ে স্থানীয় লোকসকলৰ বাবে সুযোগৰ সঞ্চাৰ কৰা আৰু স্থানীয় অৰ্থনীতিক সমৃদ্ধ কৰা একাধিক গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰিছিল। ইয়াত জি-২০ ৰ বৈঠক, কাশী তামিল সংগমম আৰু কাশী তেলেগু সংগমমৰ দৰে সাংস্কৃতিক উৎসৱ, প্ৰৱাসী ভাৰতীয় সন্মিলন অনুষ্ঠিত হৈছিল। বাৰাণসীয়ে চাংহাই সহযোগিতা সংস্থাৰ সাংস্কৃতিক ৰাজধানী হিচাপেও আত্মপ্ৰকাশ কৰিছিল। এই প্ৰতিযোগিতা এতিয়া উল্লেখিত কৃতিত্বসমূহৰ তালিকাত সংযুক্ত হৈছে। এনে অনুষ্ঠানসমূহে বাৰাণসীক বৃহৎ মঞ্চৰ বাবে এক প্ৰধান গন্তব্যস্থান হিচাপে প্ৰতিষ্ঠা কৰিছে।

 

বন্ধুসকল,

এই সময়ছোৱাত বাৰাণসীত শীতৰ সমৃদ্ধ অভিজ্ঞতা লাভ কৰিব পাৰি। মই আপোনাসৱক ইয়াৰ সুস্বাদু খাদ্যসম্ভাৰৰ লগতে মলাই গ্ৰহণৰ পৰামৰ্শ আগবঢ়াব খুজিছো। মই আপোনাসৱক বাবা বিশ্বনাথ ভ্ৰমণ, গংগাত নৌকা বিহাৰ, চহৰখনৰ ঐতিহ্যৰাজি দৰ্শনৰ অভিজ্ঞতাও আহৰণ কৰিবলৈ আহ্বান জনালো। বাৰাণসীৰ ভূমিৰ প্ৰতিটো স্পাইক, ব্লক আৰু পইন্টে ভাৰতৰ ক্ৰীড়া আকাংক্ষাৰ বৰ্ধন ঘটাব বুলি মই আশাবাদী। মই পুনৰবাৰ সকলোকে শুভেচ্ছা জনালো।

অশেষ ধন্যবাদ। বন্দে মাতৰম!

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Kamal Haasan Backs PM Modi's Call To Save Energy Amid US-Iran War: 'India Will Emerge Stronger'

Media Coverage

Kamal Haasan Backs PM Modi's Call To Save Energy Amid US-Iran War: 'India Will Emerge Stronger'
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the loss of lives in China mining accident
May 23, 2026

Prime Minister Shri Narendra Modi today expressed deep sadness over the tragic loss of lives resulting from a mining accident in the Shanxi Province of China.

On behalf of the people of India, the Prime Minister extended his heartfelt condolences to President Xi Jinping and the people of China. Shri Modi prayed that the bereaved families find strength in this tragic hour, while also wishing for the early and safe recovery of all remaining missing persons.

The Prime Minister posted on X:

"Saddened by the loss of lives in a mining accident in Shanxi Province in China. On behalf of the people of India, my condolences to President Xi Jinping and the people of China. May the bereaved families find strength in this tragic hour. Praying for the early and safe recovery of all remaining missing persons."