“ভাৰত বৈশ্বিক সহযোগিতাক প্ৰোৎসাহন আৰু ঐতিহ্য সংৰক্ষণৰ প্ৰচেষ্টাত স্থানীয় সমাজক জড়িতকৰণৰ বাবে অংগীকাৰবদ্ধ”
“ভাৰতৰঐতিহ্য ইমানেই প্ৰাচীন যে ইয়াত বৰ্তমানৰ প্ৰতিটো বিন্দুৱে গৌৰৱময় অতীতৰ সাক্ষ্য বহন কৰে”
“প্ৰাচীন ঐতিহ্য সামগ্ৰী উভতি অহা কাৰ্য্যই বৈশ্বিক উদাৰতা আৰু ইতিহাসৰ প্ৰতি সন্মানক প্ৰদৰ্শন কৰিছে”
“ইউনেস্ক’ৰবিশ্ব ঐতিহ্য তালিকাতউত্তৰ-পূৰ্বাঞ্চলৰপ্ৰথমস্বৰূপে মৈদামৰ প্ৰৱেশ অঞ্চলটোৰ স্বকীয়তাৰ বাবেই বিশেষ”
“ভাৰতৰ ঐতিহ্য কেৱল ইতিহাসেই নহয়। ভাৰতৰ ঐতিহ্য এক বিজ্ঞানো”
“ইতিহাসৰ সাধাৰণ ধাৰণাতকৈ ভাৰত আৰু ভাৰতীয় সভ্যতাৰ ইতিহাস বহু পুৰণি আৰু বিস্তৃত”
“পাৰস্পৰিক ঐতিহ্যক প্ৰোৎসাহন আৰু মানৱ কল্যাণৰ মনোভাৱৰবৰ্ধনৰ বাবে একত্ৰিত হ’বলৈ বিশ্বক ভাৰতে আহ্বান জনাইছে”
তেখেতে প্ৰযুক্তিৰ অগ্ৰগতিৰ লগে-লগে এই ক্ষেত্ৰখনত ক্ৰমাৎ বৃদ্ধি পোৱা গৱেষণা আৰু পৰ্যটনৰ সুযোগসমূহো আঙুলিয়াই দিয়ে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়েআজি নতুন দিল্লীস্থিত ভাৰত মণ্ডপমত বিশ্ব ঐতিহ্য কমিটিৰ ৪৬ সংখ্যক অধিৱেশন উদ্বোধন কৰে। বিশ্ব ঐতিহ্য কমিটিৰ বৈঠক বছৰি অনুষ্ঠিত হয় আৰু কমিটিখনৰ ওপৰত বিশ্ব ঐতিহ্যৰ সকলো বিষয় পৰিচালনা তথা বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’বলগীয়া স্থানসমূহৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণৰ দায়িত্ব ন্যস্ত কৰা হৈছে। ভাৰতত পোন-প্ৰথমবাৰৰ বাবে বিশ্ব ঐতিহ্য কমিটিৰ বৈঠক অনুষ্ঠিত কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই উপলক্ষে আয়োজিত ভিন্ন প্ৰদৰ্শনীওদৰ্শন কৰে।

এই কাৰ্য্যসূচীসম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি গুৰু পূৰ্ণিমাৰ শুভ দিন উপলক্ষে সকলো নাগৰিককে শুভেচ্ছা জ্ঞাপন কৰে। তেখেতে আনন্দ প্ৰকাশেৰে কয় যে এনে এটি শুভ দিনত বিশ্ব ঐতিহ্য কমিটিৰ বৈঠক আৰম্ভ হৈছে আৰু ভাৰতে পোন-প্ৰথমবাৰৰ বাবে এই অনুষ্ঠানৰ আয়োজন কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ইউনেস্ক’ৰ সঞ্চালক প্ৰধান শ্ৰীমতী অড্ৰে আজৌলেকে প্ৰমুখ্য কৰিবিশ্বৰ সকলো গণ্যমান্য ব্যক্তি আৰু অতিথিক উষ্ম আদৰণি জনাই বিশ্ব ঐতিহ্য কমিটিৰ এই বৈঠকে ভাৰতত অনুষ্ঠিত আন-আন বিশ্ব পৰ্য্যায়ৰ বৈঠকৰ দৰেই ইতিহাসত নতুন অভিলেখ ৰচনা কৰিব বুলি বিশ্বাস প্ৰকাশ কৰে।

 

বিদেশৰপৰা উভতি অহা শিল্পকৰ্ম-কৃতিৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে শেহতীয়াকৈ ৩৫০ৰো অধিক ঐতিহ্য সামগ্ৰী ঘূৰাই অনা হৈছে। “প্ৰাচীন ঐতিহ্য সামগ্ৰীৰাজি উভতি অহা কাৰ্য্যই বৈশ্বিক উদাৰতা আৰু ইতিহাসৰ প্ৰতি সন্মানক প্ৰদৰ্শন কৰিছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে প্ৰযুক্তিৰ অগ্ৰগতিৰ লগে-লগে এই ক্ষেত্ৰখনত ক্ৰমাৎ বৃদ্ধি পোৱা গৱেষণা আৰু পৰ্যটনৰ সুযোগসমূহো আঙুলিয়াই দিয়ে।

বিশ্ব ঐতিহ্য কমিটিৰশলাগ লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই কাৰ্য্যসূচীৰ আয়োজন কৰাটো ভাৰতৰ বাবে একগৌৰৱৰ বিষয়। তেখেতেউল্লেখ কৰে যে উত্তৰ-পূব ভাৰতৰ ঐতিহাসিক মৈদামক ইউনেস্ক’ৰ জনপ্ৰিয় বিশ্ব ঐতিহ্য তালিকালৈ মনোনীত কৰা হৈছে। “এয়া ভাৰতৰ ৪৩ সংখ্যক বিশ্ব ঐতিহ্য ক্ষেত্ৰ আৰু উত্তৰ-পূব ভাৰতৰ প্ৰথম ঐতিহ্য যিয়ে সাংস্কৃতিক বিশ্ব ঐতিহ্যৰ মৰ্য্যাদা লাভ কৰিছে“, শ্ৰী মোদীয়ে কয়।তেখেতে বিশ্বাস প্ৰকাশেৰে কয় যে স্বকীয় সাংস্কৃতিক ঐতিহ্যৰে সমৃদ্ধ মৈদামেএই তালিকাত স্থান লাভৰ পিছত এই ঐতিহ্য অধিক জনপ্ৰিয় হৈ উঠিব আৰু অধিক দৰ্শনাৰ্থীক আকৰ্ষণ কৰিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিশ্বৰ ভিন্ন প্ৰান্তৰপৰা বিশেষজ্ঞসকলৰ উপস্থিতিয়ে এই সন্মিলনৰ পৰিসৰ আৰু সামৰ্থ্যক প্ৰদৰ্শন কৰিছে। তেখেতেদৃঢ়তাৰে কয় যে এই সংগঠনটোক বিশ্বৰ অন্যতম পুৰণি প্ৰাণৱন্ত সভ্যতাৰ ভূমিত আতিথ্য প্ৰদান কৰা হৈছে। বিশ্বই ঐতিহ্যৰ ভিন্ন কেন্দ্ৰ ধাৰণ কৰা বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ প্ৰাচীন যুগ সম্পৰ্কে আলোকপাতেৰে কয়, “ভাৰতৰঐতিহ্য ইমানেই প্ৰাচীন যে ইয়াত বৰ্তমানৰ প্ৰতিটো বিন্দুৱে গৌৰৱময় অতীতৰ সাক্ষ্য বহন কৰে।” ভাৰতৰ ৰাজধানী নতুন দিল্লীৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এয়া হাজাৰ-হাজাৰ বছৰ পুৰণি ঐতিহ্যৰ কেন্দ্ৰ আৰু ইয়াৰ প্ৰতিটো কোণতে ঐতিহ্য তথা ইতিহাসৰঅনুৰণন ঘটে। তেখেতে ২০০০ বছৰীয়া লৌহ স্তম্ভ (Iron Pillar)ৰ উদাহৰণ দাঙি ধৰি কয় যেএই ঐতিহ্যইভাৰতৰ বিগত সময়ৰ মামৰ-প্ৰতিৰোধী আৰু ধাতুবিদ্যাৰ দক্ষতাৰ আভাস দাঙি ধৰিছে। “ভাৰতৰ ঐতিহ্য কেৱল ইতিহাসেই নহয়। ভাৰতৰ ঐতিহ্য এক বিজ্ঞানো”, তেখেতে কয়। তেখেতে লগতে উল্লেখ কৰে যে ভাৰতৰ ঐতিহ্য শীৰ্ষ মানৰ অভিযান্ত্ৰিকতাৰ পৰিক্ৰমাৰ এক সাক্ষী। তেখেতে ৩৫০০ মিটাৰ উচ্চতাত অৱস্থিত ৮ম শতিকাৰ কেদাৰনাথ মন্দিৰৰ কথা উল্লেখেৰে কয় যে শীতকালত অবিৰত বৰফ পৰা বাবে আজিও এই মন্দিৰৰআন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে। তেখেতে ৰাজা চোলে নিৰ্মাণ কৰা দক্ষিণ ভাৰতৰ বৃহদীশ্বৰ মন্দিৰ আৰু ইয়াৰ আশ্চৰ্য্যকৰ স্থাপত্য বিন্যাস আৰু মূৰ্তিৰাজিৰ কথাও উল্লেখ কৰে।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে গুজৰাটৰ ধোলাভিৰা আৰু লোথালৰ কথাও উল্লেখ কৰে। খ্ৰীষ্টপূৰ্ব ৩০০০ৰ পৰা খ্ৰীষ্টপূৰ্ব ১৫০০লৈকে প্ৰাচীন নগৰ পৰিকল্পনা আৰু জল ব্যৱস্থাপনা প্ৰণালীৰ বাবে বিখ্যাত ধোলাভিৰা। একেদৰে লোথালৰ দুৰ্গটোৰ বাবে আশ্চৰ্য্যকৰ পৰিকল্পনা কৰা হৈছিল বুলি তেখেতে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয়,“ভাৰতৰ ইতিহাস আৰু ইতিহাসৰ ধাৰণা স্বাভাৱিকতকৈ পুৰণি আৰু অধিক বিশদ, যাৰ বাবে প্ৰযুক্তিগত বিকাশ আৰু নতুন আৱিষ্কাৰেৰে অতীতৰ আভাস পাবলৈ এক নতুন দৃষ্টিভংগীৰ প্ৰয়োজন হৈছে।” তেখেতে উত্তৰ প্ৰদেশৰ চিনাউলীৰ অৱশেষৰাজিৰ কথা উল্লেখ কৰে।ইয়াৰ তাম্ৰ যুগৰ তথ্য সিন্ধু উপত্যকা সভ্যতাতকৈ বৈদিক যুগৰেহেমিল থকা। তেখেতে ৪০০০ বছৰ পুৰণি ঘোঁৰাচালিত ৰথ আৱিষ্কাৰৰ কথা উল্লেখ কৰে। এনে আৱিষ্কাৰে এটাকথাত গুৰুত্ব আৰোপ কৰে যে ভাৰতক চিনি পাবলৈ হ’লে পক্ষপাতিত্বমুক্ত নতুন ধাৰণাৰ প্ৰয়োজন আছে, প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে সদৰী কৰি উপস্থিতসকলক এই নতুন ধাৰাটোৰ অংশ হ’বলৈ আমন্ত্ৰণ জনায়।

 

ঐতিহ্যৰ তাৎপৰ্য্যৰ সম্পৰ্কে আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “ঐতিহ্য কেৱল ইতিহাস নহয়। বৰঞ্চ এয়া মানৱতাৰ এক সহভাজিত চেতনা। আমি ঐতিহাসিক স্থানসমূহলৈচোৱা মাত্ৰেকে ই আমাৰ মনটোক বৰ্তমানৰ ভূ-ৰাজনৈতিক কাৰকৰপৰা আঁতৰাই নিয়ে।” তেখেতে ঐতিহ্যৰ এনে সম্ভাৱনাক বিশ্বৰ উন্নতিৰ বাবে ব্যৱহাৰ কৰিবলৈ উৎসাহিতকৰণেৰেইয়াক হৃদয়েৰে সংযোগ কৰিবলৈ আহ্বান জনায়। শ্ৰী মোদীয়ে লগতে কয়, “৪৬ সংখ্যক বিশ্ব ঐতিহ্য কমিটিৰ বৈঠকৰ জৰিয়তে পাৰস্পৰিক ঐতিহ্যক প্ৰোৎসাহন আৰু মানৱ কল্যাণৰ মনোভাৱৰবৰ্ধনৰ বাবে একত্ৰিত হ’বলৈ বিশ্বক ভাৰতে আহ্বান জনাইছে।“

উন্নয়নৰ বাবে ঐতিহ্যক আওকাণ কৰা এচোৱা সময়ৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি কয় যে ভাৰতৰ দৃষ্টিভংগী উন্নয়নৰ লগতে ঐতিহ্য- বিকাশ ভী বিৰাসত ভী। বিগত ১০ বছৰত ঐতিহ্যৰক্ষাৰ গৌৰৱৰ বিষয়ে বিশদভাৱে উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কাশী বিশ্বনাথ কৰিডৰ, শ্ৰী ৰাম মন্দিৰ, প্ৰাচীন নালন্দা বিশ্ববিদ্যালয়ৰ আধুনিক চৌহদৰ দৰে গ্ৰহণ কৰা অভূতপূৰ্ব পদক্ষেপৰাজিৰ কথা উল্লেখ কৰে। “ঐতিহ্য সন্দৰ্ভত ভাৰতৰ এই সংকল্প সমগ্ৰ মানৱ জাতিক সেৱা কৰাৰ অনুভূতিৰেসংপৃক্ত। ভাৰতীয় সংস্কৃতিয়ে আমাৰ কথা কয়, ইয়াৰ নিজৰ কথা নহয়”, তেখেতে লগতে কয়।

 

বিশ্ব কল্যাণৰ অংশীদাৰ হ’বলৈ ভাৰতৰ প্ৰচেষ্টাত গুৰুত্ব আৰোপেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ বৈজ্ঞানিক ঐতিহ্য যোগ আৰু আয়ুৰ্বেদকবিশ্বজুৰিগ্ৰহণৰ কথা উল্লেখ কৰে। ভাৰতে আয়োজন কৰা জি-২০ সন্মিলনৰ বিষয়বস্তু- এক বিশ্ব, এক পৰিয়াল, এক ভৱিষ্যতৰ কথাও তেখেতে স্মৰণ কৰে। ভাৰতৰ ‘বসুধৈৱ কুটুম্বকম’ৰ দৃষ্টিভংগীৰে সংগতি ৰাখি প্ৰধানমন্ত্ৰীগৰাকীয়ে বাজৰা আৰু আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁট তথা মিছন লাইফৰ দৰে পদক্ষেপক প্ৰোৎসাহৰ কথা উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে ভাৰতে বিশ্ব ঐতিহ্য সংৰক্ষণক নিজৰ দায়িত্ব বুলি গণ্য কৰে। সেইবাবেই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ভাৰতীয় ঐতিহ্যৰ লগতে গ্ল’বেল চাউথৰ দেশসমূহৰ ঐতিহ্যৰাজি সংৰক্ষণৰ বাবে আমি সহযোগিতা আগবঢ়াইছোঁ। তেখেতে কম্বোডিয়াৰ অংকোৰ ৱাট, ভিয়েটনামৰ চাম মন্দিৰ, ম্যানমাৰৰ বাগানৰ ষ্টুপাৰ দৰে ঐতিহ্য ক্ষেত্ৰৰ কথা উল্লেখৰে ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য কেন্দ্ৰলৈ ভাৰতে ১ নিযুত ডলাৰৰ বৰঙণি আগবঢ়াব বুলি ঘোষণা কৰে যাতে এই ধনৰাশি বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহৰসামৰ্থ্য বিকাশ, কাৰিকৰী সাহায্য আৰু সংৰক্ষণৰ বাবে ব্যৱহাৰ কৰিব পৰা যায়। তেখেতেউল্লেখ কৰে যে এই ধনৰাশি গ্ল’বেল চাউথৰ দেশসমূহৰ বাবে উপযোগী হ’ব। ভাৰতৰ যুৱ পেছাদাৰীসকলৰ বাবেও বিশ্ব ঐতিহ্য ব্যৱস্থাপনাত চাৰ্টিফিকেটকাৰ্য্যক্ৰমো আৰম্ভ কৰা হৈছে বুলি তেখেতে অৱগত কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আস্থা প্ৰকাশেৰে কয় যে ভাৰতৰ সাংস্কৃতিক আৰু সৃষ্টিশীল উদ্যোগ বিশ্বৰ বিকাশৰ এক পৰম কাৰক হৈ পৰিব।

 

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলো বিদেশী অতিথি আৰু গণ্যমান্য ব্যক্তিক ভাৰতখনিক অন্বেষণ কৰিবলৈ আহ্বান জনায় আৰু তেওঁলোকৰ সুবিধাৰ্থে বিশিষ্ট ঐতিহ্য ক্ষেত্ৰসমূহলৈ এলানি ভ্ৰমণৰ ব্যৱস্থা কৰা হৈছে বুলি অৱগত কৰে। ভাৰতত তেওঁলোকে লাভ কৰা অভিজ্ঞতাই ইয়াক এক স্মৰণীয় ভ্ৰমণ কৰি তুলিব বুলি তেখেতে আত্মবিশ্বাস প্ৰকাশ কৰে।

এই কাৰ্য্যসূচীত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ জয়শংকৰ, কেন্দ্ৰীয় সাংস্কৃতিকআৰু পৰ্যটন দপ্তৰৰ মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাট, ইউনেস্ক’ৰ সঞ্চালক প্ৰধানশ্ৰীমতী অড্ৰে আজৌলেআৰু বিশ্ব ঐতিহ্য কমিটিৰ অধ্যক্ষ শ্ৰী বিশাল শৰ্মাই অংশগ্ৰহণ কৰে।

পটভূমি

ভাৰতত এইদৰে পোন-প্ৰথমবাৰৰ বাবে বিশ্ব ঐতিহ্য কমিটিৰ বৈঠক অনুষ্ঠিত হয়। ২১ জুলাইৰপৰা ৩১ জুলাইলৈকেনতুন দিল্লীৰ ভাৰত মণ্ডপমত এই অধিৱেশন অনুষ্ঠিত হ’ব। বিশ্ব ঐতিহ্য কমিটিৰ বৈঠক বছৰি অনুষ্ঠিত হয় আৰু কমিটিখনৰ ওপৰত বিশ্ব ঐতিহ্যৰ সকলো বিষয় পৰিচালনা আৰু বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’বলগীয়া স্থানসমূহৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণৰ দায়িত্ব ন্যস্ত কৰা হৈছে। এই বৈঠকত বিশ্ব ঐতিহ্য তালিকাত নতুন স্থান মনোনীতকৰণৰ প্ৰস্তাৱ, বৰ্তমানৰ ১২৪ বিশ্ব ঐতিহ্য সম্পত্তিৰ সংৰক্ষণ অৱস্থাৰ প্ৰতিবেদন, আন্তঃৰাষ্ট্ৰীয় সাহায্য আৰু বিশ্ব ঐতিহ্য পুঁজিৰ ব্যৱহাৰ আদি বিষয়ত আলোচনা কৰা হ’ব। এই বৈঠকত ১৫০ খনৰো অধিক দেশৰ ২০০০ৰো অধিক আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে।

 

বিশ্ব ঐতিহ্য কমিটিৰ বৈঠকৰ সমান্তৰালকৈ বিশ্ব ঐতিহ্য যুৱ পেছাদাৰী মঞ্চ আৰু বিশ্ব ঐতিহ্য ক্ষেত্ৰ পৰিচালক মঞ্চৰো আয়োজন কৰা হৈছে।

ইয়াৰ উপৰিও ভাৰতৰ সংস্কৃতি প্ৰদৰ্শনৰ বাবে ভাৰত মণ্ডপমত ভিন্ন প্ৰদৰ্শনীও অনুষ্ঠিত হৈছে। ৰিটাৰ্ণ অৱ ট্ৰেজাৰ্ছ প্ৰদৰ্শনীত দেশলৈ ঘূৰাই অনা কেতবোৰঐতিহ্য সামগ্ৰী প্ৰদৰ্শন কৰা হৈছে। এতিয়ালৈকে ৩৫০ ৰো অধিক শিল্পকৰ্ম দেশলৈ ঘূৰাই অনা হৈছে। ভাৰতৰ ৩ বিশ্ব ঐতিহ্য ক্ষেত্ৰ সম্পৰ্কে এক গভীৰ অভিজ্ঞতা প্ৰদানৰঅৰ্থে এআৰ আৰু ভিআৰ প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে।সেয়া হৈছেঃ গুজৰাটৰ পাটনৰ ৰাণী কী ভাভ, মহাৰাষ্ট্ৰৰ কৈলাশ মন্দিৰ আৰুইলোৰা গুহা তথাকৰ্ণাটকৰ হালেবিডুৰ হয়শালা মন্দিৰ। ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য, যুগ-যুগ ধৰি অব্যাহত সভ্যতা, ভৌগোলিক বৈচিত্ৰ্যআৰু পৰ্যটন থলীসমূহৰ লগতে তথ্য-প্ৰযুক্তি আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰখনৰ আধুনিক উন্নয়নক আলোকপাতকৰিবলৈ ‘অবিশ্বাস্য ভাৰত’ শীৰ্ষক প্ৰদৰ্শনীও স্থাপন কৰা হৈছে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
On Puri’s Grand Road, a devotee’s submission

Media Coverage

On Puri’s Grand Road, a devotee’s submission
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister speaks with the Amir of Qatar
July 16, 2026
PM conveys heartfelt condolences on the passing of the Father Amir of Qatar
PM recalls the Father Amir’s visionary leadership and his contribution to strengthening India-Qatar relations
The two leaders reaffirm their resolve to carry forward the Father Amir’s legacy

Prime Minister Shri Narendra Modi had a telephone conversation today with the Amir of the State of Qatar, H.H. Sheikh Tamim bin Hamad Al Thani.

Prime Minister conveyed his heartfelt condolences on the passing of H.H. Sheikh Hamad bin Khalifa Al Thani, the Father Amir of Qatar.

Recalling the Father Amir’s significant contributions as the chief architect of modern Qatar, Prime Minister paid tribute to his visionary leadership, and recalled his pivotal role in strengthening India-Qatar relations over the years as well as his deep affection for India and the Indian community in Qatar.

The Amir of Qatar thanked Prime Minister for his call and conveyed his appreciation for the words of support in this difficult hour.

The two leaders reaffirmed their resolve to carry forward the Father Amir’s legacy and further strengthen the India-Qatar Strategic Partnership and people-to-people ties.

They agreed to remain in close touch.