“ভাৰতে ১৫০ কোটি টিকাৰ ড’জ দিয়াৰ ঐতিহাসিক মাইলৰ খুঁটি অতিক্রম কৰাৰ দিশে অগ্ৰসৰ হৈছে—১৫০ কোটি টিকাৰ ড’জ বছৰৰ প্রথম মাহৰ প্রথম সপ্তাহত”
“এবছৰতকৈ কম সময়ৰ ভিতৰত ১৫০ কোটি ড’জ প্রদান এক উল্লেখযোগ্য সাফল্য আৰু দেশৰ ইচ্ছাশক্তিৰ নতুন প্রতীক”
“কম ব্যয় আৰু সর্বাত্মক স্বাস্থ্য সেৱাৰ ক্ষেত্রত আয়ুষ্মান ভাৰত প্রকল্প আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গুৰুত্ব লাভ কৰিছে”
“পিএম-জেএৱাইৰ অধীনত ২ কোটি ৬০লাখকৈও অধিক ৰোগীয়ে দেশৰ বিভিন্ন প্রান্তৰ হাস্পতালত বিনামূলীয়াকৈ চিকিৎসা সেৱা লাভ কৰিছে”

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিংযোগে কলকাতাত চিত্তৰঞ্জন ৰাষ্ট্ৰীয় কৰ্কট প্ৰতিষ্ঠানৰ দ্বিতীয়টো চৌহদ উদ্বোধন কৰে৷ এই উপলক্ষে পশ্চিমবংগৰ মুখ্যমন্ত্রী শ্রীমতী মমতা বেনার্জী, কেন্দ্রীয় মন্ত্রী ডাঃ মনসুখ মান্দভিয়া, ডাঃ সুভাষ চৰকাৰ, শ্রী শান্তনু ঠাকুৰ, শ্রী জন বার্লা আৰু শ্রী নিশিথ প্রামাণিক অনুষ্ঠানত উপস্থিত থাকে৷

 

এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে কয় যে নতুন চৌহদটোৱে অনাগত দিনত পশ্চিমবংগৰ দৰিদ্র আৰু মধ্যবিত্ত লোকসকলক কম মূল্যত উন্নত চিকিৎসা সেৱা প্ৰদান কৰিব৷ দেশৰ প্রতিগৰাকী নাগৰিকক “আটাইতকৈ ভাল চিকিৎসা সেৱা প্ৰদানৰ যি প্ৰতিশ্ৰুতি লোৱা হৈছে, সেই দিশত আৰু এখোজ আমি আগুৱালো৷”

 

প্রধানমন্ত্রীয়ে কয় যে চলিত বৰ্ষত ১৫-১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীসকলৰ টিকাকৰণ আৰম্ভ কৰা হৈছে। একে সময়তে ভাৰতে ১৫০ কোটি টিকাৰ ড’জ বছৰৰ প্রথম মাহৰ প্রথম সপ্তাহত প্ৰদানৰ লক্ষ্য পূৰণৰ জৰিয়তে আন এক ঐতিহাসিক মাইলৰ খুঁটি অতিক্রম কৰাৰ দিশে অগ্ৰসৰ হৈছে। এবছৰতকৈ কম সময়তে ১৫০ কোটি টিকাৰ ড’জ প্ৰদান এক উল্লেখযোগ্য সাফল্য, যি দেশৰ ইচ্ছাশক্তিৰ প্রতীক। দেশৰ নতুন আস্থা, আত্মনির্ভৰতা আৰু গৌৰৱ ইয়াৰ জৰিয়তে প্রতিফলিত হ’ব। অমিক্রন ভেৰিয়েণ্টৰ বাবে সংক্রমণ হাৰ বৃদ্ধি পালেও ১৫০ কোটি টিকাৰ ড’জ প্রদান অত্যন্ত গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে আজি দেশৰ প্রাপ্তবয়স্ক জনসংখ্যাৰ ৯০ শতাংশতকৈ অধিক টিকাৰ অন্ততঃ এটাকৈ ড’জ লাভ কৰিছে। মাত্র ৫ দিনতে ডেৰ কোটি কিশোৰ-কিশোৰীক টিকাকৰণ কৰা হৈছে। তেওঁ এই সাফল্যক সমগ্ৰ দেশ আৰু প্রতিখন ৰাজ্য চৰকাৰৰ প্রতি উৎসৰ্গা কৰে৷ প্রধানমন্ত্রীয়ে এই সাফল্যৰ বাবে দেশৰ বৈজ্ঞানিক, টিকা প্রস্তুতকাৰক আৰু স্বাস্থ্য খণ্ডৰ সৈতে জড়িত ব্যক্তিসকলক ধন্যবাদ জনায়৷

 

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কেন্দ্রীয় চৰকাৰে এই পর্যন্ত পশ্চিমবংগক বিনামূলীয়া প্রায় ১১ কোটি ক’ৰোনা টিকাৰ ড’জ প্ৰেৰণ কৰিছে। ডেৰ সহস্ৰাধিক ভেণ্টিলেটৰ, ৯সহস্ৰাধিক নতুন অক্সিজেন চিলিণ্ডাৰ পশ্চিমবংগক প্ৰদান কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ৪৯টা নতুন পিএছএ অক্সিজেন প্লাণ্টে ৰাজ্যখনত উৎপাদন আৰম্ভ কৰিছে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে দেশত স্বাস্থ্য খণ্ডই পৰিৱর্তন আনিবলৈ ৰোগ-প্রতিৰোধী ব্যৱস্থাপনা, সুলভ মূল্যত চিকিৎসাৰ ব্যৱস্থা আৰু বিভিন্ন চিকিৎসা সৰঞ্জাম ক্ষিপ্ৰতাৰে পোৱাৰ দিশত গুৰুত্ব দিয়া হৈছে। ৰোগ-প্রতিৰোধী ব্যৱস্থাৰ অংশ হিচাপে যোগ, আয়ুর্বেদ, ফিট ইণ্ডিয়া মুভমেণ্ট, সার্বজনীন টিকাকৰণক শক্তিশালী কৰা হৈছে। একেদৰে স্বচ্ছ ভাৰত অভিযান আৰু ঘৰে ঘৰে পানী কাৰ্যসূচীৰ জৰিয়তে সু-স্বাস্থ্য নিশ্চিত কৰা হৈছে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে দৰিদ্র আৰু মধ্যবিত্ত শ্রেণীৰ লোকসকলৰ বাবে আর্থিক কাৰণত কৰ্কট এক আতংক৷ এই আতংকৰ পৰা মুক্ত কৰাৰ বাবে বিভিন্ন পদক্ষেপ লোৱা হৈছে। বর্তমান কম মূল্যত চিকিৎসা ব্যৱস্থাৰ লগতে কৰ্কটৰ চিকিৎসাত ব্যৱহৃত ঔষধৰ দাম বিগত বছৰসমূহত উল্লেখযোগ্যভাৱে হ্ৰাস কৰা হৈছে। ৮,০০০ জনঔষধি কেন্দ্রত সুলভ মূল্যত ঔষধ আৰু চিকিৎসা সৰঞ্জাম পোৱা গৈছে৷ এই কেন্দ্রসমূহৰ পৰা অৰ্ধশতাধিক কৰ্কট ৰোগৰ ঔষধ সুলভ মূল্যত পোৱা যায়।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে ৰোগীসকলৰ চাহিদাৰ কথা চৰকাৰে সকলো সময়তে গুৰুত্ব সহকাৰে বিবেচনা কৰি আহিছে৷ পাঁচ শতাধিক ঔষধৰ দাম নিয়ন্ত্রণ কৰাৰ ফলত বছৰি ৩হাজাৰ কোটি টকাতকৈও অধিক ৰাহি হৈছে। হৃদৰোগীসকলে ক’ৰোনাৰি ষ্টেণ্টৰ দাম কমাৰ ফলত উপকৃত হৈছে৷ ইয়াৰ ফলত বছৰি ৪,৫০০ কোটি টকা ৰাহি হৈছে। আঁঠু সংৰোপণৰ খৰছো হ্ৰাস পাইছে। জ্যেষ্ঠ নাগৰিকসকলে ইয়াৰ সুফল লাভ কৰিছে৷ বর্তমান বছৰি ১,৫০০ কোটি টকা ৰাহি হৈছে। প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় ডায়েলিচিচ কাৰ্যসূচীৰ অধীনত বছৰৰ ১২ লাখ দৰিদ্র ৰোগীক বিনামূল্যে ডায়েলিচিচ কৰাব পাৰিছে৷

প্রধানমন্ত্রীয়ে কয় যে ৰাহি ব্যয় আৰু সর্বাত্মক চিকিৎসা সেৱা প্রদানৰ বাবে আয়ুষ্মান ভাৰত প্রকল্পৰ সন্দৰ্ভত বৰ্তমান আন্তঃৰাষ্ট্ৰীয় ক্ষেত্রতো আলোচিত হৈছে। পিএমজেএৱাইৰ অধীনত দেশজুৰি বিভিন্ন হাস্পতালত ২.৬০ কোটিতকৈও অধিক ৰোগীয়ে বিনামূল্যে চিকিৎসা সেৱা লাভ কৰিছে। এই প্রকল্প নাথাকিলে ৰোগীসকলে ৫০-৬০ হাজাৰ কোটি টকা ব্যয় কৰিবলগীয়া হ’লহেতেন৷ ১৭লাখ কৰ্কট ৰোগী আয়ুষ্মান ভাৰত আঁচনিৰ জৰিয়তে উপকৃত হৈছে৷ কৰ্কট, মধুমেহ আৰু উচ্চ ৰক্তচাপৰ দৰে জটিল ৰোগ এই প্রকল্পৰ আওতাত দ্রুতগতিত চিনাক্ত হোৱাৰ ফলত চিকিৎসা কৰাত সুবিধা হৈছে। এই প্রকল্পৰ অধীনত দেশত বিভিন্ন স্থানত স্বাস্থ্য কেন্দ্র গঢ় লৈ উঠিছে। পশ্চিমবংগত এনে ৫ হাজাৰ কেন্দ্র গঢ় লৈ উঠিছে। মুখ, মেৰুদণ্ড আৰু স্তন কৰ্কটত আক্রান্ত ১৫ কোটি লোকে এই প্রকল্পৰ জৰিয়তে চিকিৎসা লাভ কৰিব৷

 

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ২০১৪চনলৈকে দেশত স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত চিকিৎসা পাঠক্রমৰ আসনৰ সংখ্যা আছিল ৯০ হাজাৰ। মাত্র ৭ বছৰতে ৬০ হাজাৰ নতুন আসন বৃদ্ধি কৰা হৈছে। ২০১৪ চনত দেশত মাত্র ৬খন এইমছ হাস্পতাল আছিল। আজি সেই সংখ্যা ২২খনলৈ বৃদ্ধি পালে৷ দেশৰ প্রতিখন জিলাত অতি কমেও এখনকৈ চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ কাম চলি আছে। ৰাজ্যিক পৰ্যায়ত ১৯খন কৰ্কট প্ৰতিষ্ঠানৰ আন্তঃগাঁথনিৰ মান উন্নয়নৰ লক্ষ্যৰে কাম চলি আছে। ৩০খন প্রতিষ্ঠানত কৰ্কটৰ বাবে ২০টা সেৱা কেন্দ্র গঢ়ি তোলাৰ প্রস্তাৱত অনুমোদন জনোৱা হৈছে। একেদৰে, দেশত স্বাস্থ্য আন্তঃগাঁথনিৰ আধুনিকীকৰণৰ বাবে আয়ুষ্মান ভাৰত ডিজিটেল স্বাস্থ্য অভিযান আৰু আয়ুষ্মান ভাৰত আন্তঃগাঁথনি অভিযানত সহায়ক হ’ব।

 

প্রধানমন্ত্রীয়ে তেওঁৰ ভাষণৰ শেষত ক’ৰোনাৰ বিৰুদ্ধে যুঁজ দিবলৈ সকলো ধৰণৰ সতর্কতামূলক ব্যৱস্থা মানি চলাৰ আহ্বান জনায়৷

 

প্রধানমন্ত্রীয়ে দেশজুৰি উন্নত চিকিৎসা আন্তঃগাঁথনি নিৰ্মাণৰ বাবে যি প্ৰচেষ্টা হাতত লৈছে, তাৰ অংশ হিচাপে চিএনচিআইৰ দ্বিতীয় চৌহদ নিৰ্মাণ কৰা হৈছে বুলি কয়৷ চিএনচিআইৰ পুৰণি চৌহদত ৰোগীৰ যথেষ্ট ভিৰ আছিল৷ সেয়েহে, এই কেন্দ্রৰ সম্প্রসাৰণৰ প্রয়োজনীয়তাক লৈ আলোচনা হৈছিল৷ দ্বিতীয় চৌহদে সেই চাহিদা পুৰণ কৰিব৷

 

৫৪০কোটি টকা ব্যয়েৰে নির্মিত দ্বিতীয় চৌহদটো নির্মাণত কেন্দ্রই ৪০০ কোটি টকা প্ৰদান কৰিছে৷ সমগ্ৰ চৌহদ নির্মাণত কেন্দ্র আৰু ৰাজ্যৰ ব্যয়ৰ অনুপাত আছিল ৭৫:২৫। ৪৬০খন বিচনাযুক্ত এই চৌহদত ৰোগ নির্ণয়, চিকিৎসা আৰু ৰোগীসকলৰ শুশ্রুষাৰ বাবে অত্যাধুনিক সৰঞ্জামৰ ব্যৱস্থা কৰা হৈছে। এই চৌহদত নিউক্লিয়াৰ মেডিচিন (পিইটি), ৩.০ টেলছা এমআৰআই, ১২৮ শ্লাইচ চিটী স্কেনাৰ, ৰেডিঅ’ নিউক্লাইড থেৰাপী ইউনিট, এণ্ডোস্কপী ছ্যুট, আধুনিক ৰেডিঅ’ নিউক্লাইড থেৰাপী ইউনিটৰ দৰে আধুনিক সা-সুবিধা আছে৷ এই চৌহদটো এক উন্নত কৰ্কট গৱেষণা সুবিধা কেন্দ্র হিচাপেও কাম কৰিব আৰু দেশৰ, বিশেষকৈ পূব আৰু উত্তৰ-পূর্বাঞ্চলত কৰ্কট ৰোগীসকলক সর্বাঙ্গীণ চিকিৎসা সুবিধা প্রদান কৰিব৷

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India launches ORV Sagar Manthan, boosting ocean research fleet

Media Coverage

India launches ORV Sagar Manthan, boosting ocean research fleet
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses grief over loss of lives in mishap in Nanded
September 11, 2026
Prime Minister announces ex-gratia from PMNRF

The Prime Minister, Shri Narendra Modi has expressed grief over the loss of lives due to a mishap in Nanded, Maharashtra.

The Prime Minister conveyed his thoughts to the bereaved families in this hour of grief and prayed for the speedy recovery of the injured.

Shri Modi announced that an ex-gratia of Rs. 2 lakh from the Prime Minister’s National Relief Fund (PMNRF) would be given to the next of kin of each deceased. The injured would be given Rs. 50,000.

In a post on X, the Prime Minister’s Office said;

“Saddened by the loss of lives due to a mishap in Nanded, Maharashtra. My thoughts are with the bereaved families in this hour of grief. Praying for the speedy recovery of the injured.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi”