১৬ টা এআই আৰু ডিপটেক ষ্টাৰ্টআপৰ চি ই অ’ আৰু প্ৰতিষ্ঠাপকসকলৰ নিজৰ নিজৰ ধাৰণা আৰু কাম উপস্থাপন
এই ষ্টাৰ্টআপসমূহে জনসংখ্যাভিত্তিক প্ৰভাৱ সৃষ্টি কৰিবলৈ স্বাস্থ্যসেৱা, কৃষি, চাইবাৰ সুৰক্ষা, মহাকাশ আৰু সামাজিক সবলীকৰণৰ দৰে বিভিন্ন খণ্ডত কাম কৰি আছে
প্ৰভাৱশালী সমাধান উদ্ভাৱনৰ বাবে উদ্ভাৱকসকলক প্ৰশংসা আৰু ভাৰতৰ প্ৰয়োজনীয়তা অনুসৰি সমাধানৰ বিকাশৰ আহ্বান প্ৰধানমন্ত্ৰীৰ
কৃষি, পৰিবেশ সুৰক্ষা, মাতৃভাষাত উচ্চ শিক্ষাৰ প্ৰচাৰৰ দৰে বিভিন্ন খণ্ডত এআই প্ৰযুক্তিৰ ব্যৱহাৰৰ সম্ভাৱনাৰ বিষয়ে আলোচনা প্ৰধানমন্ত্ৰীৰ
ষ্টাৰ্টআপসমূহে ভাৰত এআই ইম্পেক্ট সন্মিলনক প্ৰশংসা কৰি ইয়াক এআইক লৈ বিশ্বব্যাপী ভাবৰ আদান-প্ৰদানত দেশৰ বৰ্ধিত উচ্চতাৰ প্ৰতিফলন বুলি বৰ্ণনা কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱাৰ ভাগত সেৱা তীৰ্থত এআই আৰু ডিপটেক ষ্টাৰ্টআপৰ চিইঅ’সকলৰ সৈতে এক ঘূৰণীয়া মেজমেলত মিলিত হয়।

ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰা ষ্টাৰ্টআপসমূহে মূল খণ্ডসমূহত জনসংখ্যাভিত্তিক প্ৰত্যাহ্বানৰ মোকাবিলা কৰি আছে। স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত তেওঁলোকে উন্নত নিদান, জিন থেৰাপি আৰু ৰোগীৰ নথিভুক্তিৰ উন্নত ব্যৱস্থাপনাৰ বাবে এআই ব্যৱহাৰ কৰি অন্তিমলৈকে গুণগত যত্ন সম্প্ৰসাৰিত কৰে। কৃষিক্ষেত্ৰত তেওঁলোকে উৎপাদনশীলতা বৃদ্ধি কৰিবলৈ আৰু জলবায়ুৰ বিপদাশংকা ব্যৱস্থাপনাত সহায় কৰিবলৈ ভূ-স্থানিক আৰু পানীৰ তলৰ বুদ্ধিমত্তা ব্যৱহাৰ কৰে। এই গোটটোত চাইবাৰ সুৰক্ষা, নীতিসন্মত এআই, মহাকাশ, ন্যায় আৰু শিক্ষাৰ স্থানীয় প্ৰৱেশাধিকাৰৰ জৰিয়তে সামাজিক সবলীকৰণ আৰু উদ্যোগৰ উৎপাদনশীলতা শক্তিশালী কৰাৰ বাবে উত্তৰাধিকাৰ প্ৰণালীৰ আধুনিকীকৰণৰ ওপৰত গুৰুত্ব দিয়া উদ্যোগসমূহ অন্তৰ্ভুক্ত হৈ আছে। একেলগে তেওঁলোকে এআই-চালিত উদ্ভাৱনত গোলকীয় নেতৃত্ব গঢ়ি তোলাৰ সময়ত স্থানীয় প্ৰয়োজনীয়তা পূৰণ কৰা এক পৰিবেশতন্ত্ৰ প্ৰতিফলিত কৰে।

এআই ষ্টাৰ্টআপসমূহে ইয়াৰ কৃত্ৰিম বুদ্ধিমত্তা পৰিবেশতন্ত্ৰ শক্তিশালী কৰাৰ বাবে ভাৰতৰ ধাৰাবাহিক প্ৰচেষ্টাৰ প্ৰশংসা কৰে। তেওঁলোকে খণ্ডটোৰ দ্ৰুত সম্প্ৰসাৰণ আৰু অপৰিসীম অব্যৱহৃত সম্ভাৱনাৰ ওপৰত আলোকপাত কৰি উল্লেখ কৰে যে এআই উদ্ভাৱন আৰু প্ৰয়োগৰ গোলকীয় গতি ক্ৰমান্বয়ে ভাৰতৰ ফালে ধাৱমান হৈছে। তেওঁলোকে কয় যে দেশখনে এতিয়া এআইৰ অগ্ৰগতিৰ বাবে এক সহায়ক আৰু গতিশীল পৰিবেশ আগবঢ়াই গোলকীয় এআই দৃশ্যপটত ইয়াৰ উপস্থিতি দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিছে। তেওঁলোকে ভাৰত এআই ইম্পেক্ট সন্মিলনৰো প্ৰশংসা কৰি ইয়াক এআইৰ ওপৰত গোলকীয় ভাব বিনিময়ৰ ক্ষেত্ৰত দেশৰ বৰ্ধিত গুৰুত্বৰ প্ৰতিফলন বুলি বৰ্ণনা কৰে।

 

প্ৰধানমন্ত্ৰীয়ে উদ্ভাৱকসকলক সাহসী বিপদাশংকা গ্ৰহণ কৰা আৰু ফলপ্ৰসূ সমাধান গঢ়ি তোলাৰ বাবে অভিনন্দন জনায়। তেওঁ কৃষি আৰু পৰিবেশ সুৰক্ষাৰ দৰে বিভিন্ন খণ্ডত এআই প্ৰযুক্তিৰ ব্যৱহাৰৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰে, যাৰ ভিতৰত আছে শস্যৰ উৎপাদনশীলতা নিৰীক্ষণ আৰু মাটিৰ স্বাস্থ্য সুৰক্ষিত কৰাৰ বাবে সাৰৰ ব্যৱহাৰ। ভাৰতীয় ভাষা আৰু সংস্কৃতিৰ প্ৰচাৰত গুৰুত্ব আৰোপ কৰি তেওঁ মাতৃভাষাত উচ্চ শিক্ষাৰ বাবে আমাৰ এআই সঁজুলি সম্প্ৰসাৰণ কৰিবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে শক্তিশালী তথ্য প্ৰশাসনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে, ভুল তথ্যৰ বিৰুদ্ধে সতৰ্ক কৰি দিয়ে আৰু ভাৰতৰ প্ৰয়োজনীয়তা অনুসৰি সমাধানৰ বিকাশৰ বাবে আহ্বান জনায়। ইউপিআইক সৰল আৰু পৰিমাপযোগ্য ডিজিটেল উদ্ভাৱনৰ আৰ্হি হিচাপে উল্লেখ কৰি তেওঁ ভাৰতীয় কোম্পানীসমূহৰ ওপৰত আস্থা প্ৰকাশ কৰে আৰু ঘৰুৱা সামগ্ৰীৰ ওপৰত বিশ্বাসক উৎসাহিত কৰে। তেওঁ মহাকাশ খণ্ডত ব্যক্তিগত অংশগ্ৰহণ সম্প্ৰসাৰণৰ কথাও উল্লেখ কৰে আৰু ভাৰতীয় ষ্টাৰ্টআপৰ প্ৰতি শক্তিশালী বিনিয়োগকাৰীৰ আগ্ৰহৰ কথা উল্লেখ কৰে।

 

এই বৈঠকত এব্ৰিজ, আদালত এআই, ব্ৰেইনছাইট এআই, ক্ৰেডো এআই, একা কেয়াৰ, গ্লিন, ইনোগল, ইনভিডিঅ’, মিকো, অৰিজিন, প্ৰফেজ, ৰেছেন, ৰুব্ৰিক, চেটছিয়’ৰ, ছুপাৰনোভা আৰু ছাইফা এআইৰ চিইঅ’ আৰু প্ৰতিষ্ঠাপকসকলে অংশগ্ৰহণ কৰে। বৈঠকত প্ৰধান সচিব শ্ৰী পি কে মিশ্ৰ, প্ৰধান সচিব-২ শ্ৰী শক্তিকান্ত দাস আৰু ৰাজ্য মন্ত্ৰী শ্ৰী জিতিন প্ৰসাদ উপস্থিত আছিল।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'More strict actions to come against paper leaks': PM Modi announces new Bill push in video message

Media Coverage

'More strict actions to come against paper leaks': PM Modi announces new Bill push in video message
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlights the importance of fostering beneficial thoughts, words, and actions
July 24, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting how continuous practice in thought, word, and action shapes one's character and direction in life.

The Prime Minister wrote on X;

"कर्मणा मनसा वाचा यदभीक्ष्णं निषेवते।

तदेवापहरत्येनं तस्मात् कल्याणमाचरेत्॥"

Whatever a person continuously practices through their actions, thoughts, and words ultimately shapes their personality and draws them in that very direction; therefore, one should always give space only to beneficial subjects in one's thoughts and conversations.